(SCERT)
State Council of Educational Research and Training.
CLASS : V
SUBJECT : EVS (III)
Medium : Assamese
Chapter : 1
আমাৰ পৰিৱেশ
অনুশীলনীৰ প্ৰশ্নোত্তৰ (পৃষ্ঠা - ৮)
১। উত্তৰ লিখা -
প্ৰশ্ন (ক): পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি?
উত্তৰ: পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ'ল— উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ আৰু অণুজীৱ।
প্ৰশ্ন (খ): পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?
উত্তৰ: পেংগুইন এবিধ বৰফত থকা চৰাই। ইহঁতৰ গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। ডেউকা দুখন সৰু হোৱা বাবে ইহঁতে উৰিব নোৱাৰে, কিন্তু সাগৰত সুন্দৰকৈ সাঁতুৰিব আৰু মাটিত খোজকাঢ়িব পাৰে।
প্ৰশ্ন (গ): জলাহ অঞ্চল কাক বোলে?
উত্তৰ: সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন (পানীৰে বুৰ গৈ) হৈ থকা মাটিভাগকেই জলাহ অঞ্চল বা জলাহভূমি বোলে।
প্ৰশ্ন (ঘ): পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?
উত্তৰ: পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল— বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ আৰু সূৰ্যৰ পোহৰ আদি।
প্ৰশ্ন (ঙ): মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?
উত্তৰ: মানুহে নিজৰ প্ৰয়োজন অনুসৰি প্ৰাকৃতিক পৰিৱেশৰ উপাদান বা সম্পদসমূহ ব্যৱহাৰ কৰি নতুন কৌশল প্ৰয়োগেৰে যি পৰিৱেশ গঢ়ি তোলে, তাকে মানৱসৃষ্ট পৰিৱেশ বোলে। যেনে— ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, দলং আদি।
প্ৰশ্ন (চ): মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া।
উত্তৰ:
প্ৰাণীৰ উদাহৰণ: উট (মৰুভূমিৰ প্ৰধান প্ৰাণী)।
উদ্ভিদৰ উদাহৰণ: কেক্টাছ।
প্ৰশ্ন (ছ): পৰিৱেশত পোহৰৰ ভূমিকা কি?
উত্তৰ: পৰিৱেশত পোহৰ এবিধ অতি গুৰুত্বপূৰ্ণ অজৈৱিক উপাদান। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে সূৰ্যৰ পোহৰ এক মুখ্য উপাদান হিচাপে ব্যৱহাৰ কৰে। তদুপৰি, সূৰ্যৰ পোহৰক শক্তি (সৌৰশক্তি) হিচাপে কয়লা, খাৰুৱা তেল, খৰি আদিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি।
২। খালী ঠাই পূৰ কৰা -
(ক) _____ মৰুভূমিৰ প্ৰধান প্ৰাণী।
উত্তৰ : উট
(খ) বগা ভালুক _____ অঞ্চলত পোৱা যায়।
উত্তৰ : মেৰু
(গ) তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি _____ পোৱা যায়।
উত্তৰ : ঘাঁহনি দেখিবলৈ
(ঘ) মৰুভূমিত _____ জাতীয় উদ্ভিদ হয়।
উত্তৰ : কেক্টাছ
(ঙ) পোহৰ পৰিৱেশৰ এটা _____উপাদান।
উত্তৰ : অজৈৱিক
৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা -
(ক) বগা ভালুক/ হৰিণা/জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী।
উত্তৰ: বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী।
(খ) চীল/ বল্লা হৰিণৰ/ য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।
উত্তৰ : বল্লা হৰিণৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।
(গ) জিৰাফ/ সিংহ / বাঘ এবিধ তৃণভোজী প্ৰাণী।
উত্তৰ : জিৰাফ এবিধ তৃণভোজী প্ৰাণী।
Note :
(পাঠ্যপুথিৰ প্ৰশ্নটোত "শুদ্ধ কৰি লিখা" বুলি ক'লেও প্ৰকৃততে ইয়াত বন্ধনীৰ ভিতৰৰ পৰা শুদ্ধ শব্দটো বাছি উলিয়াব লাগে)
৪। চমুটোকা লিখা -
জলাহভূমি:
জলাহভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ, যি সাধাৰণতে সাময়িক বা স্থায়ীভাৱে পানীৰে বুৰ গৈ থাকে। পানী আৰু মাটি— এই দুই প্ৰধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ় লৈ উঠে। এই অনুকূল পৰিৱেশৰ বাবেই জলাহভূমি বিভিন্ন ধৰণৰ উদ্ভিদ (যেনে— মেটেকা, পুণী, নল-খাগৰি, ইকৰা) আৰু বিভিন্ন প্ৰাণী তথা চৰাই-চিৰিকটিৰ (যেনে— ভেকুলী, বগলী, মাছৰোকা) এক চহকী আৱাসভূমি।
অণুজীৱ:
আমাৰ পৰিৱেশত থকা বেক্টেৰিয়া, ভাইৰাছ আদি জীৱসমূহ ইমানেই ক্ষুদ্ৰ যে ইহঁতক খালী চকুৰে দেখা পোৱা নাযায়। কেৱল অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে ইহঁতক দেখা পোৱা যায় বাবে ইহঁতক অণুজীৱ বোলে। অণুজীৱসমূহ বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই প্ৰাকৃতিকভাৱে পচন সাৰ তৈয়াৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ইহঁত পৰিৱেশৰ জৈৱিক উপাদানৰ অন্তৰ্গত।
পানী:
পানী বা জলভাগ হৈছে পৰিৱেশৰ এক অতি প্ৰয়োজনীয় আৰু অপৰিহাৰ্য অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগ অংশই সাগৰ আৰু মহাসাগৰত আছে। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল-বিল, পুখুৰী, নদ-নদী, জান-জুৰি আৰু ভূ-গৰ্ভৰ পানী আদি হ'ল পানীৰ প্ৰধান উৎস। পানী অবিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
বায়ু:
আমাৰ পৃথিৱীখন চাৰিওফালৰ পৰা বায়ুৰ এক আৱৰণে আৱৰি ৰাখিছে। বায়ু থকাৰ বাবেই পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈ উঠিছে। বায়ু হ'ল পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অজৈৱিক উপাদান, যাৰ অবিহনে উশাহ-নিশাহ লোৱা অসম্ভৱ। বায়ু আচলতে কেইবাবিধো গেছৰ সমষ্টি, য'ত ঘাইকৈ নাইট্ৰ'জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, জলীয় বাষ্প আৰু আন আন গেছ কম পৰিমাণে মিহলি হৈ থাকে।
৫। এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা।
উত্তৰ :
(টোকা: ৫ নম্বৰ প্ৰশ্নটোত ছাত্ৰ-ছাত্ৰী নিজে এটা প্ৰাকৃতিক দৃশ্যৰ ছবি অংকন কৰিব লাগিব।)
পাঠৰ মাজৰ কাৰ্যকলাপ আৰু প্ৰশ্নোত্তৰ
চিন্তা কৰি কোৱা-
প্ৰশ্ন: আমাৰ পৰিৱেশত যদি গছ-গছনিবোৰ নোহোৱা হৈ যায়, তেতিয়া কি হ'ব? (পৃষ্ঠা - ৩)
উত্তৰ: আমাৰ পৰিৱেশত যদি গছ-গছনিবোৰ নোহোৱা হৈ যায়, তেন্তে প্ৰকৃতিৰ এক ডাঙৰ বিপৰ্যয় ঘটিব। উদ্ভিদ হ'ল প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান আৰু কেৱল উদ্ভিদেহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। গছ-গছনি নোহোৱা হ'লে মানুহকে ধৰি সকলো জীৱই খাদ্য আৰু অক্সিজেনৰ অভাৱত জীয়াই থাকিব নোৱাৰিব।
চিন্তা কৰি লিখা -
প্ৰশ্ন: তৃণভূমি অঞ্চলত তৃণভোজী প্ৰাণীসমূহে কিয় জাক পাতি থাকে? (পৃষ্ঠা - ৫)
উত্তৰ: তৃণভূমি অঞ্চলত বাঘ, সিংহ আদিৰ দৰে হিংস্ৰ মাংসভোজী প্ৰাণীসমূহ মুক্তভাৱে ঘূৰি ফুৰে। সেয়েহে হাতী, গঁড়, হৰিণা, জেব্ৰা আদি তৃণভোজী প্ৰাণীসমূহে নিজকে এই হিংস্ৰ চিকাৰী প্ৰাণীবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আৰু সুৰক্ষিত হৈ থাকিবলৈ সদায় জাক পাতি থাকে।
দলত আলোচনা কৰি লিখা-
প্ৰশ্ন: পানী, মাটি আৰু বায়ু আমাৰ কি কি কামত লাগে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। (পৃষ্ঠা - ৬)
উত্তৰ: পানী, মাটি আৰু বায়ু আমাৰ ব্যৱহাৰ হোৱা দুটাকৈ উদাহৰণ তলত দিয়া হ'ল:
পানী: সকলো জীৱ তথা মানুহে খোৱা পানী হিচাপে ব্যৱহাৰ কৰে।
খেতি-বাতি তথা কৃষিকাৰ্যত পানী অপৰিহাৰ্য।
মাটি: উদ্ভিদৰ বৃদ্ধি আৰু বিভিন্ন কৃষিকাৰ্য বা খেতি কৰিবলৈ মাটি লাগে।
মানুহে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰিবলৈ মাটি ব্যৱহাৰ কৰে।
বায়ু: মানুহ, উদ্ভিদ আৰু আন প্ৰাণীৰ উশাহ-নিশাহ বা শ্বসন কাৰ্যৰ বাবে বায়ু অপৰিহাৰ্য।
উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ কাৰ্বন-ডাই-অক্সাইড গেছ ব্যৱহাৰ কৰে।
প্ৰশ্ন: প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত কি কি পাৰ্থক্য দেখিছা লিখা। (পৃষ্ঠা - ৭)
উত্তৰ: প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজৰ পাৰ্থক্যসমূহ হ'ল:
প্ৰাকৃতিক পৰিৱেশ: এই পৰিৱেশ প্ৰকৃতিৰ নিয়ম অনুসৰি আপোনা-আপুনি গঢ় লৈ উঠে। যেনে— নৈ, জান-জুৰি, পৰ্বত-পাহাৰ, অৰণ্য আদি।
মানৱসৃষ্ট পৰিৱেশ: মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ নতুন কৌশল প্ৰয়োগ কৰি এই পৰিৱেশ নিৰ্মাণ কৰে。 যেনে— ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, স্কুল-কলেজ আদি।
0 Comments