Ads banner

JE Banner Ads
Image 2

অম্ল, ক্ষাৰক আৰু লৱণ - অধ্যায় ২ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 02
অম্ল, ক্ষাৰক আৰু লৱণ
(Acids, Bases and Salts)


অতিৰিক্ত প্ৰশ্নাৱলী :

এছিড/অম্ল/আম্লিক ৰ ধৰ্ম লিখা।
উত্তৰ :
ক) এছিডবোৰৰ সোৱাদ টেঙা।
খ) ইহঁতে নীলা লিটমাছক ৰঙা কৰে।

ক্ষাৰকৰ ধৰ্ম লিখা।
উত্তৰ :
ক) ক্ষাৰকবোৰ তিতা।
খ) ইহঁতে ৰঙা লিটমাছক নীলা কৰে।

প্রাকৃতিক সূচক (indicator) ৰ নাম লিখা।
উত্তৰ : লিটমাছ, হালধী এবিধ প্রাকৃতিক সূচক।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 18

প্রশ্ন 1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী, আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? [HSLC.19]
উত্তৰ : প্ৰথমতে ৰঙা লিটমাছ কাগজৰ টুকুৰাটো প্ৰতিটো পৰীক্ষানলৰ দ্ৰৱত ডুবাই দিম। পৰীক্ষানলত ইয়াৰ বৰণ নীলা হ'লে দ্ৰৱটো ক্ষাৰকীয় হ’ব।

এতিয়া এই নীলা লিটমাছ কাগজৰ টুকুৰাটো
আন দুটা পৰীক্ষানলৰ দ্ৰৱত ডুবাই দিম। পৰীক্ষানলত ইয়াৰ বৰণ পুনৰ ৰঙা হ'লে দ্ৰৱটো আম্লিক হ’ব।

আনহাতে পৰীক্ষানলত ইয়াৰ বৰণ সলনি নহলে, দ্ৰৱটো পাতিত পানী হ’ব।

অতিৰিক্ত প্ৰশ্নাৱলী :

প্রশমন বিক্রিয়া কাক বোলে?

বা

প্রশমন বিক্রিয়া মানে কি?

বা

প্রশমন বিক্রিয়া বুলিলে কি বুজাই?
উত্তৰ : এছিড আৰু ক্ষাৰকৰ বিক্রিয়াত লৱণ আৰু পানী উৎপন্ন হয়। তেনে বিক্রিয়াক প্রশমন বিক্রিয়া বোলে।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 22

1.দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰ : কাৰণ -
দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। পিতলৰ আৰু তামৰ পাত্ৰ হৈছে ধাতু। এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ফলত খাদ্যবস্তুৰ সোৱাদ বেয়া হয়।

2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়। এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? [HSLC.19]
উত্তৰ : H₂ গেছ নির্গত হয়।
উদাহৰণ -
i) Zn+H₂SO₄ → ZnSO₄+H₂
ii) Na+HCl → NaCl+H₂
পৰীক্ষা :
এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছক চাবোন পানীৰ মাজেৰে পাৰ হ’ব দিলে চাবোন পানীত বুৰবুৰণিৰ সৃষ্টি হয়। যিহেতু হাইড্ৰজেন গেছ জ্বলনশীল এডাল জ্বলি থকা ম’ম এই বুৰবুৰণিৰ ওচৰলৈ আনিলে হাইড্ৰজেন গেছ ফট্ ফট্ শব্দ কৰি জ্বলি উঠিব।

3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্ঠি কৰে । উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা। [HSLC.19,22]
উত্তৰ : বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো হৈছে :

CaCO₃+2HCl → CaCl₂+H₂O+CO₂

অতিৰিক্ত প্ৰশ্নাৱলী :

লঘুকৰণ কাক বোলে?
উত্তৰ : এছিড বা ক্ষাৰক পানীৰে সৈতে মিহলালে প্রতি একক আয়তনত হাইড্ৰনিয়াম আয়ন (H₃O⁺) বা হাইড্ৰ'ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা হ্রাস পায়। এনে প্রক্রিয়াক লঘুকৰণ (dilute) বোলা হয় আৰু এছিড বা ক্ষাৰকটো লঘু হোৱা বোলা হয়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 25

1. জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱাই কিন্তু এলক'হল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱাই?
উত্তৰ :
জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে আম্লিক ধৰ্ম দেখুৱাই কাৰণ -
জলীয় দ্ৰৱত HCl, HNO₃ য়ে H₃O⁺/H⁺ আয়ন উৎপন্ন কৰে।
কিন্তু এলক'হল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱাই কাৰণ -
জলীয় দ্ৰৱত এলক'হল আৰু গ্লুক'জে H₃O⁺/H⁺ আয়ন উৎপন্ন নকৰে।

2. এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিৱহণ কৰে? [HSLC.22]
উত্তৰ : কাৰণ -
এচিডে জলীয় দ্রৱৰ সৈতে বিক্ৰিয়া কৰি H₃O⁺/H⁺ আয়ন উৎপন্ন কৰে।

3. শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰ : ইয়াত HCl -হাইড্ৰক্লৰিক এছিড,
এচিডে কেৱল পানীৰ উপস্থিতিত H₃O⁺/H⁺ আয়ন উৎপন্ন কৰে। শুকান HCl গেছে কোনো আয়ন উৎপন্ন নকৰে। আয়নৰ অনুপস্থিতিৰ বাবে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটে।

4. এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰ : কাৰণ -
এচিড লঘূ কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত উৎপন্ন তাপৰ পৰিমাণ বহু বেছি বাবে জুই লাগিব পাৰে। পাত্ৰটো ভাগি মিশ্র বাহিৰলৈ উলাই আহিব পাৰে।

5. এচিডৰ দ্ৰৱ এটা লঘূ কৰোতে হাইড্ৰনিয়াম আয়ণৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়?
উত্তৰ : এচিডৰ দ্ৰৱ এটা লঘূ কৰোতে প্ৰতি একক আয়তনত H₃O⁺ আয়ণৰ গাঢ়তা কমে।

6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ৱ?

উত্তৰ : ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা বৃদ্ধি পাব। ফলত ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি পাব।


pᴴ স্কেল (pᴴ Scale) :

দ্ৰৱত (H⁺) আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে ব্যৱহাৰ হোৱা স্কেলক pᴴ স্কেল বোলা হয়। pᴴ স্কেলত "0" ৰ পৰা "14" লৈকে সংখ্যা থাকে। "0" -খুব বেছি এছিড আৰু "14" -খুব বেছি ক্ষাৰক । pᴴ স্কেলত মান 7তকৈ কম হোৱাটোৱে দ্রৱত H₃O⁺/H⁺ আয়নৰ গাঢ়তা বৃদ্ধি, এছিডৰ তীব্রতা বৃদ্ধি হোৱাটো বুজায়। pH স্কেলত মান 7ৰ পৰা 14 লৈ বৃদ্ধি হোৱাটোৱে দ্ৰৱত OH⁻ আয়নৰ গাঢ়তা বৃদ্ধি, ক্ষাৰকৰ তীব্রতা বৃদ্ধি হোৱাটো বুজায়। এটা প্ৰশম দ্ৰৱৰ pᴴ ৰ মান 7।


এছিড, আৰু ক্ষাৰকৰ তীব্রতা ক্রমে H⁺ আয়ন আৰু OH⁻ আয়নৰ সংখ্যাৰ ওপৰত নির্ভৰ কৰে। বেছি H⁺ আয়ন উৎপন্ন কৰা এছিডবোৰক তীব্র এছিড বোলা হয় আৰু কমকৈ H⁺ আয়ন উৎপন্ন কৰা এছিডবোৰক মৃদু এছিড বোলা হয়। বেছি OH⁻ আয়ন উৎপন্ন কৰা ক্ষাৰবোৰক তীব্র ক্ষাৰক বোলা হয় আৰু কমকৈ OH⁻ আয়ন উৎপন্ন কৰা ক্ষাৰবোৰক মৃদু ক্ষাৰক বোলা হয়।

অতিৰিক্ত প্ৰশ্নাৱলী :

pᴴ স্কেল কাক বোলে?
উত্তৰ : দ্ৰৱত (H⁺) আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে ব্যৱহাৰ হোৱা স্কেলক pᴴ স্কেল বোলা হয়।

প্ৰশম দ্ৰৱৰ pᴴ ৰ মান কিমান?

উত্তৰ : এটা প্ৰশম দ্ৰৱৰ pᴴ ৰ মান 7।

তীব্র এছিড আৰু মৃদু এছিড কাক বোলে?
উত্তৰ :
তীব্র এছিড :
বেছি H⁺ আয়ন উৎপন্ন কৰা এছিডবোৰক তীব্র এছিড বোলা হয়।

মৃদু এছিড :
কমকৈ H⁺ আয়ন উৎপন্ন কৰা এছিডবোৰক মৃদু এছিড বোলা হয়।

তীব্র ক্ষাৰক আৰু মৃদু ক্ষাৰক কাক বোলে?
উত্তৰ :
তীব্র ক্ষাৰক :
বেছি OH⁻ আয়ন উৎপন্ন কৰা ক্ষাৰবোৰক তীব্র ক্ষাৰক বোলা হয়।

মৃদু ক্ষাৰক :
কমকৈ OH⁻ আয়ন উৎপন্ন কৰা ক্ষাৰবোৰক মৃদু ক্ষাৰক বোলা হয়।

আমাৰ শৰীৰে কিমান pᴴ পৰিসৰৰ ভিতৰত কার্য কৰে।
উত্তৰ : আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 pᴴ পৰিসৰৰ ভিতৰত কার্য কৰে।

বৰষুণৰ পানীৰ pᴴ ৰ মান কিমান?

উত্তৰ : বৰষুণৰ পানীৰ pᴴ ৰ মান 5.6

এছিড বৰষুণ কাক বোলে?

উত্তৰ : বৰষুণৰ পানীৰ pᴴ ৰ মান 5.6 ৰ কম হ'লে তাক এছিড বৰষুণ বুলি কোৱা হয়।

N. B :
আমাৰ পেটে হাইড্ৰক্ল'ৰিক (HCl) এছিড উৎপন্ন
কৰে। পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমার খাদ্য বস্তু হজম হোৱাত সহায় কৰে। অজীর্ণ হ'লে পেটে- অত্যাধিক এছিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত জ্বলাপোৰা আৰু বিষ হয়। এই বেদনাৰ পৰা পৰিত্ৰান পাবলৈ মানুহে অম্লনাশক (antacids) হিচাপে ক্ষাৰক (মেগনেছিয়াম হাইড্র 'ক্সাইড) ব্যৱহাৰ কৰে।

মুখৰ ভিতৰৰ pᴴ ৰ মান কিমান?

উত্তৰ : মুখৰ ভিতৰৰ pH ৰ মান 5.5

N. B :

মুখৰ ভিতৰৰ pᴴ ৰ মান 5.5 তকৈ কম হ'লে দন্তক্ষয়ৰ সূচনা হয়। দাঁত পৰিদান কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰি এই এছিড প্রশমিত কৰি দন্তক্ষয় ৰোধ কৰিব পাৰি। টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 28

1. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ pᴴ ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 | কোনটো দ্ৰৱত হাইড্র’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? [HSLC.'15,'20]
উত্তৰ :
pᴴ -ৰ মান কমিলে হাইড্র’জেন আয়নৰ গাঢ়তা বেছি হয়। গতিকে A দ্ৰৱত হাইড্র’জেন আয়নৰ গাঢ়তা বেছি।

pᴴ -ৰ মান 7 তকে কম হ'লে ই আম্লিক ধৰ্ম দেখুৱাই আৰু 7 তকে বেছি হ'লে ই ক্ষাৰকীয় ধৰ্ম দেখুৱাই।
গতিকে দ্ৰৱ A আম্লিক আৰু দ্ৰৱ B ক্ষাৰকীয়।

2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে ?
উত্তৰ : যদি দ্ৰৱ এটাত প্রতি একক আয়তনত H⁺ আয়নৰ গাঢ়তা বৃদ্ধি পায় তেনেহ’লে দ্ৰৱটোৰ আম্লিক গুণ বৃদ্ধি পাব আৰু ক্ষাৰকীয় গুণ হ্ৰাস পাব।

আনহাতে যদি দ্ৰৱটোৰ প্ৰতি একক আয়তনত H⁺ আয়নৰ গাঢ়তা হ্ৰাস পায় তেনেহ’লে দ্ৰৱটোৰ আম্লিক গুণ হ্ৰাস পাব আৰু ক্ষাৰকীয় গুণ বৃদ্ধি পাব।

3. ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ? [HSLC.'19]
উত্তৰ : ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকে কিন্তু ইয়াৰ সংখ্যা OH⁻ আয়নৰ সংখ্যাতকৈ কম হোৱাৰ বাবে ইহঁত ক্ষাৰকীয়।

4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা? [HSLC.'18]
উত্তৰ : যদি মাটি অত্যধিক আম্লিক হয় তেন্তে এই অম্লতা প্ৰশমনৰ বাবে কৃষকে মাটিত পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) ৰ দৰে ক্ষাৰৰ প্ৰয়োগ কৰে।


পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 33

1. যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি?
উত্তৰ : ব্লিচিং পাউদাৰ।

2. ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।
উত্তৰ : কেলছিয়াম হাইড্ৰ’অক্সাইড

3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা। [HSLC.'16]
উত্তৰ : কাপোৰ ধোৱা চ’ডা।

4. ছ’ডিয়াম হাইড্র’জেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্রিয়াটোৰ সমীকৰণটো দিয়া। [HSLC.'16]
উত্তৰ : ছ’ডিয়াম হাইড্র’জেনকার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট, কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীৰ উৎপন্ন হয়।

বিক্রিয়াটোৰ সমীকৰণটো হৈছে :
NaHCO₃+তাপ → Na₂CO₃+H₂O+CO₂

5. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা । [HSLC.'19]
উত্তৰ : প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ সমীকৰণ :
CaSO₄.
¹/₂H₂O+1 .¹/₂H₂O → CaSO₄.2H₂O


অনুশীলনীৰ প্ৰশ্নাৱলী : পৃষ্ঠা- 34

1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে৷ ইয়াত pᴴ হ’ব পাৰে → [HSLC.'16,'18,'22]
(a) 1
(b) 4
(c) 5
(d) 10
উত্তৰ: (d) 10

2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে [HSLC.'15,'19]
(a) NaCl
(b) HCl
(c) LiCl
(d) KCl
উত্তৰ: (b) HCl

3. NaOH দ্ৰৱ এটাৰ 10ml এ HCI দ্ৰৱ 8ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব [HSLC.'20]
(a) 4ml
(b) 8ml
(c) 12ml
(d) 16ml
উত্তৰ: (d) 16ml

4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? [HSLC.'17]
(a) এন্টিবায়টিক
(b) বেদনানাশক (Analgesic)
(c) অম্লনাশক
(d) বীজাণুবাৰক (Antiseptic)
উত্তৰ: (c) অম্লনাশক

5. সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া -

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে
উত্তৰ:
শব্দ সমীকৰণ :
ছালফিউৰিক এছিড + যিংক → যিংক ছালফেট + হাইড্ৰজেন

সন্তুলিত সমীকৰণ :
H₂SO₄+ Zn → ZnSO₄+H₂

(b) লঘু হাইড্রক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।

উত্তৰ:
শব্দ সমীকৰণ :
হাইড্রক্ল’ৰিক এছিড + মেগনেছিয়াম → মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন

সন্তুলিত সমীকৰণ :
2HCl+Mg → MgCl₂+ H₂

(C) লঘূ ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে
উত্তৰ:
শব্দ সমীকৰণ :
ছালফিউৰিক এছিড + এলুমিনিয়াম → এলুমিনিয়াম ছালফেট + হাইড্ৰজেন

সন্তুলিত সমীকৰণ:
3H₂SO₄+ 2Al → Al2(SO₄)₃+ 3H₂

(d) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে
উত্তৰ:
শব্দ সমীকৰণ :
হাইড্ৰ’ক্ল’ৰিক এছিড + লো → আইৰণ ক্লৰাইড + হাইড্ৰজেন

সন্তুলিত সমীকৰণ :
HCl+ Fe → FeCl₂+ H₂

6. এলক’হল আৰু গ্লক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিঁহতক এছিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ বৰ্ণনা কৰা।
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।

7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?
উত্তৰ : পাতিত পানিত কোনো ধৰণৰ আয়ন নাথাকে। সেয়েহে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে।
আনহাতে, বৰষুণৰ পানী সামান্য এছিড ধৰ্মি বাবে H⁺ আয়ন থাকে, সেয়ে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ।কৰে।

8. পানীৰ অনুপস্থিতি এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় ?

উত্তৰ : পানীৰ অনুপস্থিতি এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কাৰণ- এছিডে কেৱল জলীয় দ্ৰৱত, অৰ্থাৎ পানীৰ উপস্থিতিতহে H⁺ আয়ন উৎপন্ন কৰে।

9. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত pᴴ ৰ মান ক্ৰমে 4,1,11,7, আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ
(a) প্রশম
(b) তীব্র ক্ষাৰকীয়
(c) তীব্র আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত pᴴ মানবােৰ সজোৱা।
উত্তৰ :
(a) প্রশম → D
(b) তীব্র ক্ষাৰকীয় → C
(c) তীব্র আম্লিক → B
(d) মৃদু আম্লিক → A
(e) মৃদু ক্ষাৰকীয় → E
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত pᴴ মানবােৰ : C<E<D<A<B

10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল পৰীক্ষানল A ত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল ৷ এছিড দুটাৰ গাঢ়তা একে একে পৰিমাণেই লোৱা হৈছে ৷ কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।

11. কেঁচা গাখীৰৰ pᴴ ৰ মান 6। ই দৈত পৰিণত হ’লে pᴴ সলনি হ’বনে? ব্যাখ্যা কৰা।

উত্তৰ: কেঁচা গাখীৰৰ pᴴ ৰ মান 6। ই দৈত পৰিণত হ’লে pᴴ সলনি হ’ব।

ব্যাখ্যা :
কেঁচা গাখীৰ দৈত পৰিণত হ'লে লেকটিক এচিড উৎপন্ন হয়। লেকটিক এচিড অম্লীয় প্ৰকৃতিৰ হোৱাৰ বাবে গাখীৰৰ তুলনাত দৈ অধিক আম্লিক হয় আৰু ইয়াৰ pᴴ ৰ মান হ্ৰাস পায়। অৰ্থাৎ pᴴ সলনি হয়।

12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে ।
a) কিয় তেওঁ কেঁচা গাখীৰত pᴴ ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।
b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয় ?

উত্তৰ :
a) তেওঁ কেঁচা গাখীৰত pᴴ ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে কাৰণ- যাতে সহজে টেঙা নহয় আৰু দীৰ্ঘ সময়ৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰে।
b) গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কাৰণ- প্ৰক্ৰিয়াটোত উৎপন্ন হোৱা লেক্টিক এছিডে প্ৰথমে গাখীৰত থকা ক্ষাৰ প্ৰশমিত কৰিব লাগিব। অধিক পৰিমাণে লেক্টিক এছিড উৎপন্ন হ’লেহে গাখীৰখিনি দৈত পৰিণত হয়।

13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

উত্তৰ : কাৰণ- প্লাষ্টাৰ অব পেৰিছত জলীয় বাষ্প সোমালে ই জিপছামলৈ ৰূপান্তৰিত হৈ গোটা আৰু কঠিন হৈ পৰে। ফলত ই ব্যৱহাৰৰ অনুপযুক্ত হয়।

14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূর্ণ ব্যৱহাৰ লিখা।
[HSLC.'19]
উত্তৰ :
প্রশমন বিক্রিয়া :
এছিড আৰু ক্ষাৰকৰ বিক্রিয়াত লৱণ আৰু পানী উৎপন্ন হয়। তেনে বিক্রিয়াক প্রশমন বিক্রিয়া বোলে।

প্রশমন বিক্রিয়াৰ উদাহৰণ :
ক) HCl+NaOH → NaCl+H₂O
খ) H₂SO₄+Mg → MgSO₄+2H₂O

কাপোৰ ধোৱা ছ’ডাৰ দুটা ব্যৱহাৰ :
ক) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।
খ) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ :
ক) বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ।
খ) পেটৰ অতিৰিক্ত এছিড প্রশমিত কৰি সকাহ দিয়ে।




Updated on 9th June 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments