Ads banner

JE Banner Ads
Image 2

পৰীক্ষা হলত মনকৰিবলগীয়া কথা

 

পৰীক্ষা হলত মনকৰিবলগীয়া কথা :

১। নিৰীক্ষকে উত্তৰ বহী দিয়াৰ পাছতে তুমি নিজৰ ADMIT CARD খন আগত ৰাখি নিজৰ ROLL আৰু NUMBER-টো উত্তৰ বহীখনৰ নিৰ্ধাৰিত স্থানত ঠিকমতে লিখিবা।


২। পৰীক্ষাৰ প্ৰশ্ন কাকত পোৱাৰ লগে লগে প্রশ্নকাকতখন ভালদৰে পঢ়ি ল’বা। পৰীক্ষাৰ প্রশ্ন টান বা সহজ লৈ কোনো চিন্তা নকৰিবা। কেতিয়াবা তুমি নপঢ়া এটা বা দুটা প্ৰশ্ন থাকিব পাৰে; সেই বুলি প্ৰশ্নখন টান নহয়; কাৰণ তুমি জনা প্রশ্নোত্তৰ এটাৰ প্ৰশ্নটো আন ধৰণেও কৰিব পাৰে। সেইকাৰণে ভালকৈ প্ৰশ্নখন চাইহে ধাৰণা এটা ল’ব পাৰি। কোনো প্রশ্নকে সম্পূর্ণ টান প্ৰশ্নৰে কৰা নহয়। শতকৰা ৫০ ভাগ প্রশ্নকে সাধাৰণ মেধাৰ ছাত্ৰৰ বাবে কৰা হয়, ২৫ ভাগ প্রশ্ন মজলীয়া আৰু আন ২৫ ভাগ প্রশ্ন মেধাৱী ছাত্ৰৰ বাবে কৰা হয়।


৩! উত্তৰ লিখাৰ আগতে প্ৰশ্নৰ নম্বৰটো সঠিক মতে কোন নম্বৰ প্ৰশ্নৰ উত্তৰ স্পষ্ট কৰি লিখিব লাগে। কাৰণ পৰীক্ষকে প্রথম লক্ষ্য কৰে প্ৰশ্নৰ নম্বৰৰ ওপৰতহে।


৪। আটাইতকৈ ভালদৰে মনত থকা, বা প্রস্তুতি থকা, স্পষ্ট পইণ্ট থকা প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিবা। বস্তুনিষ্ঠ প্রশ্ন প্রথমে, তাৰ পাছত প্ৰত্যক্ষভাৱে কৰা চমু প্রশ্নবোৰ, যিমান পাৰা যায় সোনকালে লিখি শেষ কৰিব লাগে।


৫! ৰচনাধৰ্মী প্রশ্ন লিখোঁতে যিবোৰ প্রশ্নোত্তৰত স্পষ্ট পইণ্ট কিছুমান থাকে সেইবোৰ লিখাটো ভাল, অস্পষ্ট (VAGUE) প্রশ্ন যেনে— কি জানা লিখা, আভাস দিয়া, আদি প্ৰশ্নতকৈ চাৰিটা ফলাফল লিখা, ঘটনাৱলী, কি কি বৈশিষ্ট্য, কার্যাবলী আলোচনা কৰা আদি প্রশ্ন লিখা ভাল।


৬৷ পৰীক্ষাৰ বহীখনেই পৰীক্ষাৰ্থীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰিচায়ক। সুন্দৰ আখৰ, পৰিপাটি লিখনি, পৰিষ্কাৰ-পৰিচ্ছন্নতাই পৰীক্ষকৰ মন আকর্ষণ কৰে।


৭। পৰীক্ষা হলত সময়ৰ প্ৰতিটো ছেকেণ্ডৰে মূল্য অপৰিসীম। প্ৰতিটো প্ৰশ্নৰ সময় নিৰ্ধাৰণ কৰিহে প্ৰশ্নৰ সংখ্যা সন্নিৱিষ্ট কৰা হয়। সেই সময় অপব্যয় কৰিলে প্ৰশ্ন ৰৈ যাব পাৰে নাইবা প্রশ্ন তুমি চুটিকে লিখিবলগীয়া হ’ব।


৮। প্রশ্নৰ বিচৰা মতেহে উত্তৰ লিখিব লাগে; প্ৰশ্নৰ নম্বৰ অনুযায়ী উত্তৰ দিব লাগে। বেছি কথা জানিলেও লিখাৰ আৱশ্যক নকৰে।


৯। সকলো প্রশ্নৰ উত্তৰ কৰাৰ পাছত, উত্তৰ-বহীখন পুনৰ নিৰীক্ষণ কৰিব লাগে। প্ৰতিটো প্ৰশ্নৰ নম্বৰ ঠিকমতে দিয়া হ’ল নে নাই, অতিৰিক্তভাৱে লোৱা পৃষ্ঠাবোৰ ঠিকমতে গঁথা হ’ল নে নাই আদি চাব লাগে।


১০। বহীখন নিৰীক্ষকৰ হাতত নিজে দিব লাগে, বহুতে কৰাৰ দৰে কাষৰ ল’ৰা বা ছোৱালীজনীৰ হাতত দি আহিব নালাগে।


-ভৱিষ্যৎ জীৱন সুন্দৰ হোৱাৰ সপোন কঢ়িয়াই আনক— এই আশা ৰাখি শেষত, প্রতিজন পৰীক্ষাৰ্থীৰে শ্ৰম সার্থক হওক আৰু পৰীক্ষাৰ আশাপ্রদ ফলাফলৰ প্ৰতিজন পৰীক্ষাৰ্থীলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

 

🙏 J.A.C -Founder & CEO of Jahan Education.