Ads banner

JE Banner Ads
Image 2

ধূলি-কণা ম‍ই (লগে-ভাগে গাওঁ আহা) - অধ্যায় ৫ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ৫

ধূলি-কণা ম‍ই (লগে-ভাগে গাওঁ আহা)

আৰ্হি প্রশ্নমালা :

(1) চমুকৈ উত্তৰ দিয়া :

ক) কবি মৰি গ'লেও জগতৰ কি নহয় বুলি কৈছে?
উত্তৰ : কোনো হানি নহয় বুলি কৈছে।

খ) কবিৰ মৃত্যু হ'লে কি কাৰণে জগতখন সদায় নিয়ম মতে চলি থাকিব বুলি কৈছে?
উত্তৰ : কাৰণ- বিশ্ব জগতখন এক নিয়মৰ অধীন।

গ) এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা কি কাৰণে গম নাপায়?
উত্তৰ : কাৰণ- বিশ্বৰ সকলোৱে নিজৰ নিজৰ কামত মগ্ন৷

ঘ) কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে?
উত্তৰ : ধূলিকণাৰ লগত।

(২) কবিতাটিৰ মূলভাৱ তোমাৰ নিজৰ ভাষাৰে বুজাই লিখা।
উত্তৰ : কবিৰ মৃত্যুত কাৰো অকনো ক্ষতি নহয়৷ তেওঁৰ মৃত্যুৰ বাতিৰটো মাত্ৰ মুষ্ঠিমেয় কেইজনমানেহে জানিব। কবি মৰি গ'লেও জোন-বেলি ওলায়ে থাকিব। গছত ফুল ফুলিব, বতাহ বৈ থাকিব, নক্ষত্ৰবোৰে নিজ কক্ষপথত ঘূৰি থাকিব। অর্থাৎ বিশ্বজগত নিজ নিজ নিয়ম মতে চলি থাকিব। কবি নথকাৰ বাবে বিশ্বৰ কোনো কামো পৰি নাথাকিব। বিশ্বৰ সকলোৱে নিজ নিজ কামত ব্যস্ত। সেয়ে কবিৰ মৃত্যুৰ কথা বিশাল বিশ্বই গম নাপাব। বিশাল বিশ্বৰ মাজত কবি এটি ক্ষুদ্র ধূলিকণাৰ দৰে। তেওঁৰ অবিহনে বিপুল সৃষ্টি জগতৰ অকণো হানি নহ'ব।

(৩) প্রসঙ্গ-সঙ্গতি দর্শাই ব্যাখ্যা কৰা :
ক) আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে
লৰ-চৰ অলপো নহয়।

উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত কবি চন্দ্ৰধৰ বৰুৱাই ৰচনা কৰা ‘ধূলি কণা মই’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কাৰোবাৰ মৃত্যুত যে বিশ্ব জগতৰ নিয়মৰ কোনো লৰচৰ নহয় সেয়া প্ৰকাশ কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

কবি মৰি গ'লেও জোন-বেলি ওলায়ে থাকিব। গছত ফুল ফুলিব, বতাহ বৈ থাকিব, নক্ষত্ৰবোৰে নিজ কক্ষপথত ঘূৰি থাকিব। অর্থাৎ বিশ্বজগত নিজ নিজ নিয়ম মতে চলি থাকিব। কবি নথকাৰ বাবে বিশ্বৰ কোনো কামো পৰি নাথাকিব। বিশ্বৰ সকলোৱে নিজ নিজ কামত ব্যস্ত। সেয়ে কবিৰ মৃত্যুৰ কথা বিশাল বিশ্বই গম নাপাব। বিশাল বিশ্বৰ মাজত কবি এটি ক্ষুদ্র ধূলিকণাৰ দৰে। তেওঁৰ অবিহনে বিপুল সৃষ্টি জগতৰ অকণো হানি নহ'ব।

খ) অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্র ধূলি-কণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কোনেও অকণো হানি নাই।

উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত কবি চন্দ্ৰধৰ বৰুৱাই ৰচনা কৰা ‘ধূলি কণা মই’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

বিশাল বিশ্ব জগতত ব্যক্তি এজনৰ স্থান যে অতি নগন্য আৰু কোনো ব্যক্তিৰ অবিহনে যে বিশ্ব জগতৰ কোনো বিশেষ ক্ষতি নহয় সেই কথা ব্যক্ত কৰিবলৈ যাওঁতে কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

বিশাল বিশ্বৰ মাজত কবি এটি ক্ষুদ্র ধূলিকণাৰ দৰে। কবিৰ মৃত্যুত কাৰো অকনো ক্ষতি নহয়। বিশ্বৰ সকলোৱে নিজ নিজ কামত ব্যস্ত। সেয়ে কবিৰ মৃত্যুৰ কথা বিশাল বিশ্বই গম নাপাব। তেওঁৰ অবিহনে বিপুল সৃষ্টি জগতৰ অকণো হানি নহ'ব।

(৪) ভাব বহলাই লিখা :

ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

উত্তৰ :
(ক) ৰাইজে নখ জোকাৰিলে নৈ বয় :
উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা এটি প্রৱচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে বুজাবলৈ প্রৱচনটি মতা হয়। নদ-নদী সাধাৰণতে প্রাকৃতিক প্ৰক্ৰিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভৱ। কিয়নো নৈ বৈ যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অৰ্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম আছে যিবোৰ আমি কোনো ব্যক্তিয়ে অকলশৰীয়াভাৱে কৰিব নোৱাৰো কিন্তু সেই কাম যদি আমি সমাজৰ সকলোৱে মিলি-জুলি কৰো তেন্তে সি সহজ হৈ পৰে। সমাজৰ বহুত ডাঙৰ ডাঙৰ কাম যেনে ধৰ্মানুষ্ঠান, সাহায্য শিবিৰ আদি সমূহ ৰাইজৰ দান বৰঙণিত গঢ়ি উঠে।
শিক্ষানুষ্ঠান, সেয়ে কোৱা হয় ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিলে নৈ বোওৱাৰ দৰে টান বা অসম্ভৱ কাম এটিও সহজে সমাধান কৰিব পাৰি ৷


(খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন :
অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰাযোজনা৷ সৰু কালতে যে ডাঙৰ হৈ কি হ’ব তাৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়। মূলা এবিধ ভাল পাচলি। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গুঁজি উঠা মূলাৰ সকলোবোৰৰ চেহেৰা দেখাত একে নহয়। ইয়াৰ কিছুমান দুর্বল আৰু লেহুেকা হয়। কৃষকে ইয়াৰ দুপাত হোৱাৰ লগে লগেই পাত চাইয়েই বুজিব পাৰে কোনবোৰ মূলা ডাঙৰ হ'লে ভাল হ’ব আৰু কোনোবোৰ বেয়া হ’ব। সেয়ে বেয়া পুলিবোৰ উভালি পেলাই ভাল লক্ষণ থকা পুলিবোৰ ডাঙৰ হ’বলৈ দিয়ে ৷ দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল’ৰালি কালৰ আচাৰ-আচৰণ চাই শিশু এটা ডাঙৰ হ'লে কেনেকুৱা হ’ব সেয়া বুজিব পাৰি। আমি ইতিহাসত পাওঁ যে সিকল ব্যক্তিয়ে মানৱ সভ্যতালৈ মহৎ অৱদান আগবঢ়াইছে সেইসকল ব্যক্তি সৰুকালৰ পৰাই আচাৰ-আচৰণত ভাল আৰু কৰ্তব্যপৰায়ণ আছিল।

(৫) সমার্থক শব্দ লিখা :
জোন →
সংসাৰ →
অসংখ্য →
হানি →
গছ →
ফুল →
বিশাল →

উত্তৰ :
শব্দ → সমার্থক শব্দ
জোন → চন্দ্ৰ
সংসাৰ → জগত
অসংখ্য → বহুত
হানি → ক্ষতি
গছ → বৃক্ষ
ফুল → পুষ্প
বিশাল → বৃহৎ

(৬) বাক্য ৰচনা কৰা :

গম পা; ভাত ঘৰ; ভৰিৰ ধূলি; চকুত লগা; কাণ বাগৰা;
লৰচৰ কৰ্; হানি হ।
উত্তৰ : গম পা : ৰমেনৰ কামৰ বিষয়ে মই অকনো গম নাপাওঁ।

ভাত ঘৰ : তুমি ভাত ঘৰতনো কি কৰি আছা?

ভৰিৰ ধূলি : আমি শংকৰৰ ভৰিৰ ধূলিৰ সমানো হ’ব নোৱাৰিলো।

চকুত লগা : তেওঁৰ গাড়ীটো চকুত লগা।

কাণ বাগৰা : কাণ বাগৰা কথাত বিশ্বাস নাই।

লৰ-চৰ কৰ : কথা লৰ-চৰ কৰাটো মই ভাল নাপাওঁ।

হানি হ : মই মৰিলেও বিশাল বিশ্বৰ অকনো হানি নহয়।

(৭) খালী ঠাই পূৰ কৰা :

ক) গছত ফুলিব _____, _____ বলিব,
নিজ বাটে _____ ঘূৰিব।

উত্তৰ : গছত ফুলিব ফুল, বতাহ বলিব,
নিজ বাটে নক্ষত্ৰ ঘূৰিব৷

খ) এই _____ কোনো নিয়মৰে
লৰ-চৰ _____ নহয়।

উত্তৰ : এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে লৰ-চৰ অলপো নহয়।

গ) মোৰ অবিহনে এই _____ সৃষ্টিৰ,
কোনেও _____ হানি নহয়।

উত্তৰ : মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কোনেও অকণো হানি নহয়।

(৮) তলৰ অনুসর্গকেইটি প্রয়োগ কৰি একোঁটিকৈ বাক্য লিখা :


নো; চোন; গৈ; দেই; একা; হুঁক; তো

নো : তুমি কেতিয়ানো আহিবা?

চোন : তুমি আমাৰ ফালে এবাৰ আহিবাচোন।

গৈ : তেওঁ ঘৰ পায়গৈ মানে ৰাতি হ’ব।

দেই : তুমি কিন্তু আহিবাদেই।

একা : তুমি একা কিয়?

হুঁক : তোমোঁলোক যোৱাহঁক।

তো : তুমি আহিবাতো?

(৯) তোমাৰ জীৱনৰ লক্ষ্যৰ বিষয়ে এখন ৰচনা লিখা।
উওৰ :
আৰম্ভণি :
প্ৰতিজন মানুহেই সৰুতে জীৱনৰ এক লক্ষ্য বান্ধি লৈ সেই লক্ষ্যত উপনীত হ’বলৈ কৰা প্ৰয়াসে সংসাৰ-সমুদ্ৰৰ অন্তহীন ভয়াৱহতাক নোহোৱা কৰে, জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলে। আন বহুতো মানুহৰ দৰে ময়ো মোৰ জীৱনক সফল কৰি তুলিবলৈ এটি লক্ষ্য বুকুত বান্ধি লৈছো। সংস্কৃতত কোৱা হৈছে যে ‘মনসা চিন্তিতং কর্ম বসনা না প্রকাশয়েৎ, অন্য লক্ষিত কার্যচ যথা সিদ্ধি নযায়তে।' অর্থাৎ মনৰ কথা প্ৰকাশ কৰিব নালাগে। কিয়নো আনে লক্ষ্য কৰি থাকিলে সময়ত কৰ্মত সিদ্ধি লাভ নহ'বও পাৰে। সেয়েহে মোৰ লক্ষ্যক মই মনত বান্ধি নীৰৱে তাত উপনীত হ’বলৈ যত্ন কৰিছোঁ। মোৰ লক্ষ্য হৈছে— ভৱিষ্যৎ জীৱনত নিজকে এজন সমাজ জীৱনৰ সাহিত্যিক ৰূপে প্ৰতিষ্ঠা কৰা।

লক্ষ্য নিৰ্ধাৰণৰ কাৰণ :
সাহিত্য সাধনা এক জটিল কর্ম। সকলো মানুহেই ইচ্ছা কৰিলেই এজন সাহিত্যিক হ’ব নোৱাৰে কিন্তু ভগৱানে যেন মোক সাহিত্য ৰচনাৰ বাবে কিঞ্চিৎ গুণ প্ৰদান কৰিছে। মানুহৰ মনক উপলব্ধি কৰি, মানুহৰ সুখ-দুখ-বেদনা প্রতিফলিত হোৱাকৈ সাহিত্য ৰচনা কৰি মানুহক বিশেষভাৱে উপকৃত কৰিব পাৰি সমাজৰ কল্যাণ সাধনেই সাহিত্যৰ লক্ষ্য। সাহিত্যিকসকলে তেওঁলোকৰ সৃষ্টিত মানুহৰ জীৱন প্রতিফলিত কৰি নিজৰ জীৱনক উপলব্ধি কৰাৰ ক্ষমতা প্রদান কৰে। গতিকে সাহিত্যিক এজনে মানুহৰ অশেষ কল্যাণ সাধন কৰে। আনহাতে, একোটা জাতি তথা ভাষাৰ পৰিচয় সাহিত্যৰ দ্বাৰাহে প্রকাশ হয়। মই সাহিত্যিক হৈ বিশাল বিশ্বৰ এটি কোণত অৱস্থিত অসমৰ অসমীয়া জাতিক বিশ্বত জিলিকাই তুলিবলৈ প্ৰয়াস কৰিম। মোৰ জাতিৰ মানুহবোৰ, জাতীয় সংস্কৃতি তথা দেশখনৰ মাটিৰ প্ৰতি অঙ্কুৰিত হোৱা সুতীব্র মোহে মোক সাহিত্যিক হ’বলৈ অনুপ্ৰেৰণা যোগাইছে।

ভৱিষ্যতৰ পৰিকল্পনা :
ভৱিষ্যতে ভাষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি মই ভাষা-সাহিত্যৰ উচ্চস্তৰৰ অধ্যয়নৰ বাবে যত্নৱান হ'ম। সাহিত্য আৰু সমাজৰ আছে অংগাংগী সম্বন্ধ। সমাজ অবিহনে সাহিত্যৰ সৃষ্টি অসম্ভৱ।সাহিত্যিকে সাহিত্যক সমাজত প্রতিফলন কৰে। সেয়েহে মই প্রতিনিয়ত মোৰ চৌকাষৰ সমাজখনৰ বিভিন্ন দিশ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ। মোৰ বিশ্বাস, মোৰ লক্ষ্যত উপনীত হ'বলৈ মই ভগৱানৰ আশিস লাভ কৰি এজন সু-সাহিত্যিক হ’ব পাৰিম।

সামৰণি :
লক্ষ্য সাধনৰ বাবে প্ৰয়োজন অধ্যৱসায়ৰ। অধ্যৱসায়ৰ অন্য নাম সাধনা। মই সাহিত্য সাধনাৰ একান্ত সাধক। আশা কৰো উদ্ভিদ যেনেকৈ বীজৰ পৰা অংকুৰিত হৈ পত্রে-পুষ্পে বিকশিত হয়, সূর্য যেনেকৈ উদয় হৈ মধ্যাকাশত প্রকাশ হয়, ঠিক সেইদৰে ময়ো এদিন লক্ষ্যত উপনীত হৈ নিজক প্রতিষ্ঠা কৰাব লগতে পৃথিৱীবাসীক উপকৃত কৰিব পাৰিম।

জানি থওঁ আহা
সমার্থক শব্দ


শব্দ → সমার্থক শব্দ
পৃথিৱী → ধৰা/ধৰিত্ৰী
মেঘ → ডাৱৰ
ৰাতি → নিশা
নদী → নৈ/তটিনী
কপাল → ললাট
আকাশ → অম্বৰ
ৰজা → নৰপতি
ব্যথা → দুখ
কৰুণ → কাতৰ
হৃদয় → হিয়া
চকু → নয়ন
হাতী → গড়
অগ্নি → জুই
গছ → বৃক্ষ
ধৰা → পৃথিৱী
নৰ → মানুহ

Updated on 10th March 2024
Typed by Apsana Khatun, B.A
Spelling Checked by CEO


Post a Comment

0 Comments