(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ৩
লগে ভাগে গাওঁ আহা (কুলি)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) কুলি চৰাইৰ মাত কেনেকুৱা?উত্তৰ : কুলি চৰাইৰ মাত ‘সুৱদি’ (মিঠা)।
খ) কেতিয়া কুলি চৰায়ে মতা শুনিবলৈ পোৱা যায়?
উত্তৰ : কুলি চৰায়ে বসন্ত ঋতুত মতা শুনিবলৈ পোৱা যায়।
গ) কুলি চৰাইৰ মাতে কিহৰ আগজাননী দিয়ে?
উত্তৰ : কুলি চৰাইৰ মাতে বসন্তৰ আগজাননী দিয়ে।
ঘ) কুলি চৰাইৰ গাৰ ৰং কেনেকুৱা?
উত্তৰ : কুলি চৰাইৰ ৰং ক’লা।
(২) ‘কুলি’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰ : কুলি চৰাইৰ মাত সুৱদি। ই বসন্ত ঋতুত দেখা দিয়ে। কিন্তু বসন্ত ঋতু শেষ হলেই ই আন্ কৰবালৈ গুচি যায়। ই যেতিয়া দেখা দিয়ে তেতিয়া গছ-গছনিত নতুন পাত মেলে। ইয়াৰ মাতত এক যাদু আছে। বহুতে ইয়াৰ গীতত মুগ্ধ হৈ ইয়াৰ মাত শুনিবলৈ হাবি বননিলৈয়ো যায়। কুলিৰ মাত শুনি কবিৰ হেঁপাহ নপলায়৷
(৩) চমুটোকা লিখা :
ক) কুলি চৰাইখ) কেতেকী চৰাই
উত্তৰ :
(ক) কুলি চৰাই :
কুলি কাউৰীৰ দৰে এবিধ চৰাই। ই কাউৰীতকৈ আকাৰত কিছু সৰু। ই বসন্ত ঋতুতহে দেখা দিয়ে। কুলিয়ে ‘কুউ-কুউ-কুউ’ বুলি মাতে। মতা চৰাইয়ে ‘কিক্ কিক্ ’ বুলিও মতা শুনা যায়। কুলি চৰায়ে বাহ সাজিব নাজানে। সেয়ে ই কাউৰীৰ বাহত কণী পাৰে।
(খ) কেতেকী চৰাই :
কেতেকী এবিধ গীত গোৱা সৰু চৰাই। ই গ্ৰীষ্মকালত দেখা যায়। কেতেকী চৰাইয়ে গভীৰ নিশা দীঘল সুৰত গীত গায়। ইয়াৰ গীতত এক মায়াময় কৰুণ সুৰৰ প্ৰতিধ্বনি হয়। কেতেকী চৰাইৰ গীতত মুগ্ধ হৈ বহু কবিয়ে কবিতা ৰচনা কৰিছে।
(৪) প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :
ক)যেতিয়াই তুমি ভুমুকি মাৰাহি
কোনোবা দেশৰ পৰা
গছ-লতিকাই উঠে সাজি-কাঁচি
নৱ সাজ ধৰে ধৰা।
উত্তৰ :
উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত সৰ্বেশ্বৰ কটকীয়ে ৰচনা কৰা ‘কুলি’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে কুলি চৰাইয়ে আৱিৰ্ভাৱৰ সময়ত প্ৰকৃতিৰ ৰূপ-সৌন্দৰ্যৰ বিষয়ে কৈছে। কুলি চৰাইয়ে সাধাৰণতে বসন্ত ঋতুতহে দেখা দিয়ে। এই সময়ত গছ-গছনিয়ে নৱ নৱ পল্লবেৰে জাতিষ্কাৰ হয়। প্ৰকৃতিত আনন্দময় পৰিবেশৰ সৃষ্টি হয়। কুলিৰ মাতে সেই আনন্দত নতুন ৰাগিনীৰ সংযোজন কৰে।
খ)
কোনে সোঁৱৰাই বছৰি বছৰি
আহিব তোমাক দিয়ে?
কাৰ কথামতে উৰি গুচি যোৱা
কোনেবা তোমাক নিয়ে?
উত্তৰ :
উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত সৰ্বেশ্বৰ কটকীয়ে ৰচনা কৰা ‘কুলি’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে কুলি চৰাইৰ আৱিৰ্ভাৱৰ বিষয়ে কৈছে।
কুলি বসন্ত কালৰ চৰাই। ইয়াক বসন্ত কাল চলি থকা অঞ্চলতহে দেখা যায়। কিন্তু বসন্ত কালত ই ক’ৰ পৰা হঠাৎ আৱিৰ্ভাৱ হয় সেয় কবিয়ে নাজানে। সেয়ে কবিয়ে প্রশ্ন কৰিছে যে ইয়াকনো কোনে বসন্ত অহাৰ বাতৰি দিয়ে। বসন্ত কাল শেষ হোৱাৰ লগে লগেই ই অন্তর্ধান হয়। কিন্তু ই ক'লৈনো যায় সেয়াও কবিয়ে নাজানে।
(৫) সমার্থক শব্দ লিখা :
ধৰা; ভূমি; পাহাৰ, ঘৰ
উত্তৰ :
শব্দ → সমার্থক শব্দ
ধৰা → বিশ্ব, মেদিনী
ভূমি → মাটি
পাহাৰ → পর্বত
ঘৰ → বাসস্থান
(৬) সমাস নির্ণয় কৰা :
ৰঙাফুল; চৰণকমল; পুণ্যভূমি; নীলাকাশ।
উত্তৰ :
ৰঙাফুল → বহুব্রীহি সমাস
চৰণকমল → দ্বন্দ্ব সমাস
পুণ্যভূমি → কর্মধাৰয় সমাস
নীলাকাশ → বহুব্রীহি সমাস
(৭) ভাব বহলাই লিখা :
ক) কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰ
(ক) কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।
টকা খৰচ কৰি ক্ৰয় কৰা বস্তুৰ সৰ্বোচ্চ সদ্ব্যৱহাৰৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাফাকি ব্যক্ত কৰা হয়। হাঁহ এবিধ চৰাই। ইয়াক মানুহে পালন কৰে। হাঁহৰ মঙহ বৰ উপাদেয়। মানুহে ইয়াক বিভিন্নভাৱে ৰন্ধন কৰি খায়। বিয়া-সবাহতো হাঁহৰ মঙহ খাদ্য সম্ভাৰত স্থান দিয়া হয়। ভৈয়ামৰ অসমীয়া মানুহে মঙহৰ বাবেই হাঁহ পোহে যদিও চহৰ অঞ্চলৰ মানুহে হাঁহ পোহা দেখা নাযায়। উপাদেয় গুণৰ বাবে মানুহে বজাৰৰ পৰা হাঁহ কিনি আনে। হাঁহৰ ঠোঁট মঙহ হিচাহে খাব নোৱাৰি; কিন্তু মানুহে ইয়াৰ উপাদেয় গুণৰ বাবে লগতে টকা খৰচ কৰি ক্ৰয় কৰাৰ বাবে ইয়াৰ ঠোটলৈকে মঙহ উলিয়াব বিচাৰে। অৰ্থাৎ টকাৰে কিনি অনা হাঁহৰ মঙহৰ সৰ্বোত্তম ব্যৱহাৰ হোৱাটো বিচাৰে। সেইদৰে মানুহে টকাৰে ক্ৰয় কৰা যিকোনো বস্তুৰ সৰ্বোত্তম সেৱা লাভ কৰিবলৈ চেষ্টা কৰে।
খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
মূল্যৱান বস্তুক ব্য়ৱহাৰ কৰিলেই যে তাৰ গুণ বা মূল্য নকমে তাকে ব্যক্ত কৰিবলৈ উক্ত কথাফাকি উদ্ধৃত কৰা হয়। সোণ এবিধ বহুমূলীয়া ধাতু। ইয়াৰ উজ্জ্বলতা আৰু দুষ্প্ৰপ্যতাৰ বাবে মানুহে ইয়াক বৰ মূল্যৱান ধাতু বুলি বিবেচনা কৰে। সোণক মূল্যৱান স্থাবৰ সম্পত্তি বুলিও ধৰা হয়। সোণৰ দ্বাৰা মানুহে মূল্যৱান আ-অলংকাৰ তৈয়াৰ কৰে৷ দেশ এখনৰ অৰ্থনৈতিক দিশটোও সোণৰ জৰিয়তে মূল্যায়ন কৰা হয়। আন্তর্জাতিক বিনিময়ৰ ক্ষেত্ৰতো সোণ ব্যৱহাৰ কৰা হয়। সেয়ে সোণৰ চাহিদা যথেষ্ট। এনেকুৱা মূল্যৱান ধাতু এবিধক কোনোবাই অমান্য কৰিলেও বা ইয়াৰ গুণক অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য নকমে। ঠিক সেইদৰে গুণবান মানুহৰ কোনো গুণক কোনোবাই অমান্য কৰিলেও বা অস্বীকাৰ কৰিলেও ব্যক্তিজনৰ গুণৰ কোনো ক্ষতি নহয় বা হ্রাস নাপায় । সেয়ে গুণৱান বস্তুৰ গুণক স্বীকাৰ কৰি লোৱাই জ্ঞানীৰ পৰিচায়ক।
(৮) বাক্য ৰচনা কৰা :
চকু মুদা কুলি; বিনামেঘে বজ্রপাত; হৰিভৰ দিয়া; আকাশত চাং পতা; গাখীৰতে ম'হৰ খুটি; চিলিম-ছিগা।
উত্তৰ :
চকু মুদা কুলি : নীলমৰ দৰে চকু মুচা কুলিৰ দ্বাৰা সমাজৰ কিনো লাভ হ’ব?
বিনামেঘে বজ্রপাত : ৰাজেনৰ গাইজনী মৰাত তেওঁৰ মূৰৰ ওপৰত বিনামেঘে বজ্ৰপাত পৰা দৰে হ’ল।
হৰিভৰ দিয়া : এইবাৰ ৰাস উৎসৱত জ্ঞানী-গুণী ব্যক্তিসকলক সম্বর্ধনা জনোৱা হ’ব বুলি ৰামৰ প্ৰস্তাৱত সকলোৱে হৰিভৰ দিলে।
আকাশত চাং পতা : মৃগেনৰ দৰে ছাল-ছিগা ভিকহু এজনে মহাবিদ্যালয় স্থাপন কৰিবলৈ যোৱাটো আকাশত চাং পতাৰ বাহিৰে আন একো নহয়।
গাখীৰতে ম'হৰ খুটি : এনেয়েই ৰমেন ধনী ঘৰৰ ল'ৰা, তাতে চাকৰিটো হোৱাত গাখীৰতে ম'হৰ খুটি যেন হ’ল।
চিলিম-ছিগা : দেউতাকৰ মৃত্যুত দিলীপৰ চিলিম ছিগিল।
জানি থওঁ আহা :
সমাস :
সমাস কাক বোলে?একাধিক শব্দ একেলগ হৈ একোটা বৃহৎ শব্দ সৃষ্টি কৰাকে সমাস বোলে।
সমস্তপদ কাক বোলে?
সমাসৰ দ্বাৰা সাধিত শব্দক সমস্তপদ বোলে।
সমস্যমান পদ কাক বোলে?
সমস্তপদৰ অংশীভূত পদবোৰক সমস্যমান পদ বোলে৷
সমাস-বাক্য কাক বোলে?
সমস্তপদৰ মাজত থকা পদবোৰৰ সৈতে সম্বন্ধ যিবোৰ বাক্যৰ সহায়ত বিশ্লেষণ কৰি দেখুৱা হয়, সেইবোৰ বাক্যক ব্যাসবাক্য বা বিগ্রহ-বাক্য বা সমাস-বাক্য বুলি কোৱা হয়৷
সমস্তপদ → ব্যাসবাক্য → সমাসৰ নাম
হৰিহৰ → হৰি আৰু হৰ → দ্বন্দ্ব
সুৰাসুৰ → সুৰ আৰু অসুৰ → দ্বন্দ্ব
লক্ষ্যভেদ → লক্ষ্যক ভেদ → তৎ পুৰুষ
জলচৰ → জলত যি চৰে → উপপদ তৎপুৰুষ
অলৌকিক → ন লৌকিক → নঞ তৎপুৰুষ
অহিত → ন হিত → নঞ তৎপুৰুষ
বেজীমুৱা → বেজীৰ দৰে মুখ যা → বহুব্রীহি
Updated on 11th February 2024
By :- J.A.C | B.Sc | Web/App Developer
0 Comments