Ads banner

JE Banner Ads
Image 2

পঢ়োঁ আহা, পুথি অধ্যয়ন - অধ্যায় ২ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ২

পঢ়োঁ আহা, পুথি অধ্যয়ন


আৰ্হি প্রশ্নমালা :

১। অতি চমুকৈ উত্তৰ দিয়া :

ক) বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায় কি?
উত্তৰ : বিদ্যা অৰ্জনৰ ঘাই উপায় হ’ল পুথি অধ্যয়ন।

খ) বিদ্যা অর্জন প্রণালীক কিহৰ সৈতে তুলনা কৰিব পাৰি?
উত্তৰ : বিদ্যা আর্জন প্রণালীক ধন অৰ্জন প্ৰণালীৰ গলত তুলনা কৰিব পাৰি।

গ) পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি আমি কিদৰে লাভ কৰিব পাৰোঁ?
উত্তৰ : পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি আমি সিহঁতে লিখি থৈ যোৱা পুথি অধ্যয়ন কৰি লাভ কৰিব পাৰোঁ।

ঘ) মানুহৰ সংগৰ নিচিনা আৰু কিহৰ সংগই আমাৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত কাৰ্য কৰে?
উত্তৰ : মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে।

২। চমুকৈ উত্তৰ দিয়া :

ক) পুথি একোখনক একোজন মানুহৰ থূপাই থোৱা বিদ্যাৰ ভঁৰাল বুলি কিয় ক’ব পাৰি?
উত্তৰ : কাৰণ লেখকে বহু যত্ন আৰু পুৰুষাৰ্থ কৰি থূপাই থোৱা বিদ্যাৰ সেই ভঁৰাল বান্ধি থয় আৰু আমি কেৱল পুথিখন পঁঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ।

বা

পুথিৰ বিদ্যা থূপাই থোৱা ধনৰ নিচিনা। আনে থূপাই থোৱা ধন-হাতত পৰিলে ধন অর্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থূপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অর্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি লেখকে বহু যত্ন আৰু পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঁঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ।

খ) আনৰ সঞ্চিত বিদ্যা পুথিৰ পাতত সঞ্চয় নকৰিলে মানৱ সমাজৰ কি কি অসুবিধা হ'লহেঁতেন?
উত্তৰ :
ক) সকলো কথা নতুনকৈ শিকিবলগীয়া হ'লহেঁতেন।
খ) মানুহে কেতিয়াও ইমানখিনি উদ্‌গতি কৰিব নোৱাৰিলেহেঁতেন।
যেনে - বৈদ্যুতিক বাল্ব পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল, কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক অনায়াসে শিকি ল’ব পাৰে।

গ) ‘পুথি পঢ়াৰ এটা বহুমুলীয়া গুণ আছে।’ এই গুণটোৰ বিষয়ে চমুকৈ বুজাই লিখা।
উত্তৰ : পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ আছে। সৎ সংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ ওপজে, এই কথা সকলোৱে স্বীকাৰ কৰে। যিসকল মানুহৰ লগত সদায় উঠা-বহা কৰা হয়, আমাৰ স্বভাৱ-চৰিত্ৰ সেইসকল মানুহৰ স্বভাৱ-চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়৷ মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। প্রত্যেক পুথিয়েই ৰচোঁতাজনৰ স্বভাৱ-চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লেখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় ভাল পুথি পঢ়িলে ভাল সংগত থকা
যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়।

৩। তাৎপর্য ব্যাখ্যা কৰা :

ক) পুথিৰ বিদ্যা থূপাই থোৱা ধনৰ নিচিনা।
উত্তৰ : “পুথিৰ বিদ্যা থূপাই থোৱা ধনৰ নিচিনা” কথাষাৰ বৰ তাৎপর্যপূর্ণ। কাৰণ আনে থূপাই থোৱা ধন হাতত পৰিলে ধন অর্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থূপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অর্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। লেখকে বহু যত্ন আৰু পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ।

খ) বিদ্যা অর্জন প্রণালী প্ৰায় ধন অর্জনৰ প্ৰণালীৰ নিচিনা ৷
উত্তৰ : পুথিৰ বিদ্যা থূপাই থোৱা ধনৰ নিচিনা৷ আনে থূপাই থোৱা ধন হাতত পৰিলে ধন অর্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থূপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অর্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। লেখকে বহু যত্ন আৰু পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। সেয়ে কথাষাৰ বৰ তাৎপর্যপূর্ণ।

গ) প্রত্যেক পুথি ৰচোঁতাজনৰ স্বভাৱ-চৰিত্ৰৰ ছাঁৰ নিচিনা।
উত্তৰ : পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ আছে। সৎ সংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ ওপজে, এই কথা সকলোৱে স্বীকাৰ কৰে। যিসকল মানুহৰ লগত সদায় উঠা-বহা কৰা হয়, আমাৰ স্বভাৱ-চৰিত্ৰ সেইসকল মানুহৰ স্বভাৱ-চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। প্ৰত্যেক পুথিয়েই ৰচোঁতাজনৰ স্বভাৱ-চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লেখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়।

৪। তোমাৰ প্ৰিয় গ্ৰন্থ বিষয়ক এখন ৰচনা লিখা।
উত্তৰ : published soon...

জানি থওঁ আহা :

ভাব সম্প্ৰসাৰণ :
পঢ়ায় পঢ়ে, ৰোৱে পাণ, এই তিনি নিচিন্তে আন।

কাৰ্যত সিদ্ধি লাভ কৰিবলৈ প্ৰয়োজন হোৱা একাগ্রতা গুণৰ কথা ক’বলৈ গৈ অসমীয়ালোকে সততে উক্ত প্ৰৱচনটো ব্যক্ত কৰে৷ পঢ়োৱা,পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ’ল গুৰুত্বপূৰ্ণ কাম৷ এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্রতা গুণটো হ'ল এটা প্ৰধান গুণ। একাগ্রচিত্তে কাম নকৰিলে কামকেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কার্যত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ গৈ সেই কার্যত মনটো সম্পূর্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা-দান কার্যত সিহঁতে সফল হ’ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলওে সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্রচিত্ত হ'ব লাগিব। তেহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানান জ্ঞানৰ গৰাকী হ’ব পাৰিব আৰু পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হ'ব। আকৌ যিসকলে পাণ খেতি কৰে সিহঁতে পাণ খেতিৰ নিয়মিত তদাৰক কৰি থাকিব লাগিব অর্থাৎ নিয়মিত সাৰ-পানীৰ যোগান ধৰি থাকিব লাগিব। ন'হলে পাণখেতিয়ে আশানুৰূপ ফল দিব নোৱাৰে। মুঠতে, মানুহৰ জীৱনৰ উন্নতিত একাগ্রতা গুণে মানুহক বিশেষভাৱে সহায় কৰে। আনকি, এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়৷

Updated on 10th February 2024
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments