(SEBA)Secondary Education Board of AssamClass : XSubject : ScienceMedium : Assamese
Chapter : 05মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন(Periodic Classification Of Elements)
অতিৰিক্ত প্ৰশ্নাৱলী :
বৰ্তমানলৈকে আৱিস্কৃত মৌলৰ সংখ্যা কিমান?উত্তৰ : 118 টা
ড’বাৰেইনাৰৰ ট্রায়াড কাক বোলে?
উত্তৰ : ড’বাৰেইনাৰে একে ধর্মবিশিষ্ট তিনিটা তিনিটা মৌলক একো একোটা গোটত চিনাক্ত কৰিছিল। এইবোৰক ড’বাৰেইনাৰৰ ট্রায়াড বা ত্ৰিক বোলে।
ড’বাৰেইনাৰৰ সম্পুর্ণ নামটো কি আছিল?
উত্তৰ : জ'হান ওলফগেং ড’বাৰেইনাৰ।
নিউলেণ্ডছৰ অষ্টক সূত্রটো লিখা।
উত্তৰ : নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল। এইটোক তেওঁ সংগীতৰ অষ্টক (Octaves) ৰ সৈতে তুলনা কৰিছিল। ইয়াক ‘নিউলেণ্ডছৰ অষ্টক সূত্র’ নামেৰে জনা যায়।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 81
2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?OR
ড’বাৰেইনাৰৰ ট্রায়াডৰ সীমাবদ্ধতা লিখা।OR
ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা কি আছিল? উত্তৰ : ড’বাৰেইনাৰে সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্র তিনিটা ট্রায়াডহে চিনাক্ত কৰিব পাৰিছিল।
3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? [HSLC.'20,'22]
OR
নিউলেণ্ডছৰ অষ্টক সূত্রটোৰ ক্ৰুটিবোৰ লিখা।OR
নিউলেণ্ডছৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা কি আছিল?উত্তৰ :
ক) কেৱল কেলছিয়াম পর্যন্তহে প্রযোজ্য।
খ) প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল।
গ) ধর্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তর্ভুক্ত কৰিছে।
অতিৰিক্ত প্ৰশ্নাৱলী :
মেণ্ডেলিভৰ সম্পুর্ণ নামটো লিখা।উত্তৰ : ডিমিট্রি আইভানোভিচ্ মেণ্ডেলিভ।
মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্রটো কি?
উত্তৰ : “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ
পাৰমাণৱিক ভৰৰ পর্যায়ক্রমে সলনি হয়।”
মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সফলতাসমূহ লিখা।
উত্তৰ :
ক) বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ
সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল।
খ) তালিকাখনত কিছুমান খালি ঠাই এৰি গৈছিল। আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল।
গ) সম্ভ্রান্ত গেছবোৰ যেতিয়া আৱিষ্কৃত হ’ল তেতিয়া ইহঁতক তালিকাখনত ইতিপূর্বে থকা ক্ৰমৰ কোনো সাল-সলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল । ই তালিকাখনৰ অন্যতম সাফল্য আছিল।
মেণ্ডেলিভৰ শ্রেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি?
উত্তৰ :
ক) তালিকাখনত হাইড্ৰ'জেনৰ বাবে এটা সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল।
খ) এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাবে নঘটে।
আধুনিক পর্যাবৃত্ত তালিকাৰ প্ৰতিষ্ঠাপক/আৱিস্কাৰ কোন?
উত্তৰ : হেনৰী ম’জলে।
আধুনিক পর্যাবৃত্ত তালিকাৰ সূত্রটো কি?
উত্তৰ : “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পর্যায়ক্রমে সলনি হয়।"
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 85
1. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা। [HSLC.'18]K, C, Al, Si, Ba
উত্তৰ :
K → K₂0,
C → CO₂,
Al → AI₂O₃,
Si → SiO₂,
Ba → BaO
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? ( যিকোনো দুটা ) [HSLC.'18,'22]
উত্তৰ :
(i) স্কেণ্ডিয়াম (Sc) আৰু
(ii) জাৰ্মেনিয়াম (Ge) ।
3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ(Criteria) কি কি আছিল?
উত্তৰ :
(i) মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ যত্ন কৰিছিল।
(ii) একে ভৌতিক আৰু ৰাসায়নিক ধর্মবিশিষ্ট মৌলসমূহক একেটা স্তম্ভতে স্থান দিবলৈ যত্ন কৰিছিল।
4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? [HSLC.'18]
উত্তৰ : কাৰণ -সম্ভ্রান্ত গেছবোৰ অতিশয় নিষ্ক্রীয় আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ নিচেই কম মাত্রাত থাকে বাবে এইবোৰ আৱিষ্কৃত হওঁতে বহু পলম হৈছিল।
অতিৰিক্ত প্ৰশ্নাৱলী :
আধুনিক পর্যাবৃত্ত তালিকাখনত কিমানটা বৰ্গ আৰু পৰ্যায় আছে?উত্তৰ : আধুনিক পর্যাবৃত্ত তালিকাখনত 18 টা বৰ্গ আৰু 7 টা পৰ্যায় আছে।
বৰ্গ আৰু পৰ্যায় কাক বোলে?
উত্তৰ : আধুনিক পর্যাবৃত্ত তালিকাখনত থিয় স্তম্ভবোৰক বৰ্গ বোলে। আনহাতে, আনুভূমিক শাৰীবোৰক পৰ্যায় বোলে।
N. B :
আধুনিক পর্যাবৃত্ত তালিকাত মৌলবোৰৰ ধৰ্ম :- পর্যায় এটাত বাঁওফালৰপৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ/ব্যাসার্ধ কমে।
- আধুনিক পর্যাবৃত্ত তালিকাত (বৰ্গত) ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে।
- পর্যায় এটাত সোঁফালে ধাতৱীয় ধৰ্ম কমে।
- বৰ্গ এটাত তললৈ ধাতৱীয় ধৰ্ম বাঢ়ে।
- বৰ্গ এটাত তলৰ পৰা ওপৰলৈ বিদ্যুৎ ঋণাত্মকতা বাঢ়ে।
ধাতুকল্প কাক বোলে?
উত্তৰ : যিবোৰে ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে, তাক ধাতুকল্প বোলে।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 90
1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল? [HSLC.'20]উত্তৰ :
হাইড্রজেনৰ স্থান :
মেণ্ডেলিভে হাইড্ৰজেনক স্থান দিব পৰা নাছিল।
আধুনিক পর্যাবৃত্ত তালিকাত হাইড্ৰজেনক এক নির্দিষ্ট স্থান দিব পৰা গৈছিল।
সমস্থানিকৰ স্থান :
মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত সমস্থানিকক স্থান দিয়া নাছিল। আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিকবোৰক একেটা বৰ্গতে স্থান দিয়া হৈছিল।
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা । তোমাৰ এই বাচনিৰ ভিত্তি কি?
উত্তৰ :
দুটা মৌল - Be আৰু Ca
বাচনিৰ ভিত্তি : ইহঁতৰ বহি:কক্ষৰ ইলেকট্রন একে।
3. নাম লিখা ।
a) বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰ’ন থকা তিনিটা মৌলৰ ।
উত্তৰ :
i) Li
ii) Na,
iii) K
b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন থকা দুটা মৌল ।
উত্তৰ :
i) Be
ii) Mg
c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।
উত্তৰ :
i) He
ii) Ne
iii) Ar
4.
a) লিথিয়াম, ছডিয়াম, পটেছিয়াম – এই আটাইকেইটা ধাতু । ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে? [HSLC.'19]
উত্তৰ : সাদৃশ্য আছে। যেনে -
i) পৰ্যাবৃত্ততালিকাৰ একেখন বা 1 নং বৰ্গত আছে।
ii) বহি:কক্ষৰ ইলেকট্রন একে।
b) হিলিয়াম এটা নিষ্ক্ৰয় গেছ আৰু নিয়নো নিষ্ক্ৰয় গেছ । ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল দেখা যায় ।
উত্তৰ : পৰমাণুবোৰৰ বাহিৰতম কক্ষ পৰিপূৰ্ণ।
5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোন কেইটা ধাতু?
উত্তৰ : Li আৰু Be
6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা?
Ga, Ge, As, Se, Be
উত্তৰ : Be আটাইতকৈ বেছি ধাতৱধর্মী।
কাৰণ - Be আধুনিক পৰ্য্যাবৃত্ত তালিকাত বাওঁফালে আছে।
আমি জানো, আধুনিক পর্যাবৃত্ত তালিকাত সোঁফালৰ পৰা বাওঁফালে গ'লে ধাতৱধৰ্ম বাঢ়ে।
অনুশীলনীৰ প্ৰশ্নাৱলী : পৃষ্ঠা- 91
1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়? [HSLC.'18](a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়।
(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে।
উত্তৰ: (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়।
2. মৌল X য়ে XCl₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? [HSLC.'19]
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰঃ Mg
3. কোনটো মৌলৰ আছে -
(a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ? [HSLC.'17]
উত্তৰ : Ne₁₀ (নিয়ন)
(b) 2, 8, 2 ইলেকট্ৰনীয় বিন্যাস ?
উত্তৰ : Mg₁₂ (মেগনেছিয়াম)
(c) যোজক কক্ষত চাৰিটা ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ? [HSLC.'17]
উত্তৰ : Si₁₄ (ছিলিকন)
(d) যোজক কক্ষত তিনিটা ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ?
উত্তৰ : B₅ (ব'ৰ'ন)
(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন? [HSLC.'19]
উত্তৰ : C₆ (কাৰ্বন)
4.
a. পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰ : মৌলবোৰৰ যোজ্যতা 3
b.পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰ : মৌলবোৰৰ যোজ্যতা 1
5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7
a. এই মৌলটোৰ পৰমাণৱিক সংখ্যা কি ? [HSLC.'19]
উত্তৰ : পাৰমাণৱিক সংখ্যা হ'ল : 17
b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে) [HSLC.'17,'20]
N(7), F(9), P(15), Ar(18)
উত্তৰ : F(9) ৰ লগত সাদৃশ্য থাকিব।
N. B :
কাৰণ-ইলেকট্ৰনীয় বিন্যাস : 2, 8, 7 হলে। যোজ্যতা 1 হ'ব।
যিহেতু,
N(7) ৰ ইলেকট্ৰনীয় বিন্যাস : 2,5 যোজ্যতা : 3
F(9) ৰ ইলেকট্ৰনীয় বিন্যাস : 2,7 যোজ্যতা : 1
P(15) ৰ ইলেকট্ৰনীয় বিন্যাস : 2,8,5 যোজ্যতা : 3
Ar(18) ৰ ইলেকট্ৰনীয় বিন্যাস : 2,8,8 যোজ্যতা : 0
ইয়াত, কেৱল F(9) ৰ যোজ্যতা 1
সেয়ে, F(9) ৰ লগত সাদৃশ্য থাকিব।
6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।
16 বৰ্গ → 17 বৰ্গ
- -
- A
- -
B C
(a) মৌল A ধাতুনে অধাতু?
উত্তৰ : অধাতু
(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয়?
উত্তৰ : কম সক্ৰিয়
(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু?
উত্তৰ : সৰু
(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
উত্তৰ : এনায়ন
7. নাইট্ৰ’জেন (পৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয়?
উত্তৰ :
নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস : 2,5
ফছফ’ৰাছৰ ইলেকট্ৰনীয় বিন্যাস : 2,8,5
নাইট্রজেনৰ বিদ্যুৎ ঋণাত্মকতা বেছি।
কাৰণ - বৰ্গ এটাত তলৰ পৰা ওপৰলৈ বিদ্যুৎ ঋণাত্মকতা বাঢ়ে।
৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?
উত্তৰ :
(i) পৰ্যায় : এটা মৌলৰ পৰ্যায় স্থান মৌলটোৰ পৰমাণুত থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে । একে সংখ্যক কক্ষ থকা আটাইবোৰ মৌলৰ পৰমাণু একোটা পৰ্যায়ৰ অন্তৰ্ভুক্ত ।
(ii) বৰ্গ : বিভিন্ন মৌলৰ পৰমাণু যাৰ যোজক ক্ষমতা ইলেক্ট্ৰ’নৰ সংখ্যা একে হয় , তেনেবোৰ মৌল একেটা বৰ্গৰে অন্তৰ্ভুক্ত ।
9. আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল কেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
উত্তৰ :
∵ Ca₁₂ (পাৰমাণৱিক সংখ্যা 12) ৰ ইলেকট্ৰনিয় বিন্যাস → 2,8,8,2
∴ Ca₁₂ ৰ যোজ্যতা → 2
একেদৰে,
12 ৰ ইলেকট্ৰনিয় বিন্যাস → 2,8,2
∴ ইয়াৰ যোজ্যতা → 2
19 ৰ ইলেকট্ৰনিয় বিন্যাস → 2,8,8,1
∴ ইয়াৰ যোজ্যতা → 1
21 ৰ ইলেকট্ৰনিয় বিন্যাস → 2,8,8,3
∴ ইয়াৰ যোজ্যতা → 3
38 ৰ ইলেকট্ৰনিয় বিন্যাস → 2,8,18,8,2
∴ ইয়াৰ যোজ্যতা → 2
∴ এইকেইটাৰ 12 আৰু 38 ৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে।
10. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা।
উত্তৰ :
মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা :
(i) মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ
পাৰমাণৱিক ভৰৰ পর্যায়ক্রমে সলনি হয়।
(ii) 6টা পৰ্যায় আৰু 8টা বৰ্গ আছে।
(iii) সংক্রমণশীল মৌলসমূহক একে-লগে একেটা বৰ্গতে (VIII বর্গ) স্থান দিয়া হৈছে।
আধুনিক পর্যাবৃত্ত তালিকা :
(i) মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পর্যায়ক্রমে সলনি হয়।
(ii) 7টা পর্যায় আৰু 18টা বৰ্গ আছে।
(iii) সংক্রমণশীল মৌলবোৰক পৃথক পৃথক বর্গত স্থান দিয়া হৈছে।
0 Comments