Ads banner

JE Banner Ads
Image 2

বিদ্যুৎ - অধ্যায় ১২ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 12
বিদ্যুৎ
(Electricity)

অতিৰিক্ত প্ৰশ্নাৱলী :

বিদ্যুৎ বর্তনী কাক বোলে?
উত্তৰ : বিদ্যুৎ প্রবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বর্তনী বোলে।

বিদ্যুৎ প্রবাহ কাক বোলে?
উত্তৰ : একক সময়ত কোনো বিশেষ ক্ষেত্রফলৰ মাজৰে চালিত আধানৰ পৰিমাণক বিদ্যুৎ প্রবাহ বুজায়।

N.B :
যদি কোনো পৰিবাহীৰ যিকোনো প্রস্থচ্ছেদৰ মাজেৰে (t) সময়ত মুঠ (Q) আধান চালিত হয় তেতিয়া প্রস্থচ্ছেদটোৰ মাজেৰে বিদ্যুৎ (I) প্রবাহ হ'ব :
I = Q/t
ইয়াত,
I = প্রবাহ
Q = আধান
t = সময়

প্রবাহৰ এছ. আই একক কি?
OR

প্রবাহৰ S.I একক কি?

উত্তৰ : প্রবাহৰ S.I একক হ'ল- A (এম্পিয়াৰ)।

S.I ৰ সম্পূৰ্ণ নাম লিখা।
উত্তৰ : International System of Units.


📍Also Read : 10,000+ full form lists.


আধানৰ S.I একক কি?
উত্তৰ : আধানৰ S.I একক হ'ল- C (কুলম্ব)।

সময়ৰ S.I একক কি?
উত্তৰ : সময়ৰ S.I একক হ'ল- s (ছেকেণ্ড)।

এটা ইলেকট্রনৰ মান কিমান?
উত্তৰ : এটা ইলেকট্রনৰ মান হ'ল- 1.6×10⁻¹⁹

একক কুলম্বৰ মান কিমান?
OR

1(C) ৰ মান কিমান?

উত্তৰ : একক আধানৰ মান- 6×10¹⁸


এক এম্পিয়াৰৰ সংজ্ঞা দিয়া।
OR

এক এম্পিয়াৰ প্রবাহ কাক বোলে?

উত্তৰ : প্রতি ছেকেণ্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ বুলি প্রবাহ কোৱা হয়।

এম্পিয়াৰ কোনটো শব্দৰ পৰা আহিছে?
উত্তৰ : Andre-Marie Ampere নামৰ পৰা।

1 mA (মিলিএম্পিয়াৰ) -ৰ মান লিখা।
উত্তৰ : 10⁻³ A

1 μA (মাইক্ৰ'এম্পিয়াৰ) -ৰ মান লিখা।
উত্তৰ : 10⁻⁶ A

বৰ্তনী এটাৰ বিদ্যুৎ প্রবাহ জোখা সঁজুলিটোৰ নাম কি?
উত্তৰ : এমিটাৰ।

বৰ্তনী এটাৰ বিদ্যুৎ প্রবাহ জোখা সঁজুলিটো কেনেদৰে সংযোগ কৰা হয়?
উত্তৰ : শ্রেণীবদ্ধভাৱে।

এটা কোষ, এটা বাল্ব, এটা প্লাগ চাবি আৰু এটা এমিটাৰৰ সৈতে গতানুগতিক বৈদ্যুতিক বর্তনী এটাৰ নক্সা চিত্র অংকন কৰা।
উত্তৰ :
চিত্ৰ :


উদাহৰণ : 12.1 - পৃষ্ঠা-200

এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে (filament) 10 মিনিট সময় 0.5A প্রবাহ লয়। বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা।
সমাধান :
দিয়া আছে,
I= 0.5A
t = 10 min = 600s.
Q = ?
আমি জানো,
I = Q/t
⇒Q = It
⇒Q = 0.5 x 600
⇒Q = 300.0
⇒Q = 300C.

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 200

1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ? [HSLC.'22]
উত্তৰ : বিদ্যুৎ প্রবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বর্তনী বোলে।
OR

বিদ্যুৎ প্ৰৱাহৰ সোঁত বব পৰা বন্ধ পথক বৈদ্যুতিক বৰ্তনী বোলে।

2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। [HSLC.'18]
উত্তৰ : প্রতি ছেকেণ্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ প্রবাহ বুলি কোৱা হয়।

3. এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা গণনা কৰা।
উত্তৰ :
ইয়াত,
Q=1(C)
1(e⁻) = 1.6×10⁻¹⁹

আমি জানো,
n= Q/1(e⁻)
⇒n=1/(1.6×10⁻¹⁹)
⇒n=(1×10¹⁹) /1.6
⇒n=(10×10¹⁹) /16
⇒n=0.625×10¹⁹
⇒n=6.25×10¹⁸
∴ এক কুলম্ব আধান = 6.25×10¹⁸ বা 6×10¹⁸

অতিৰিক্ত প্ৰশ্নাৱলী :

বিভৱভেদ কাক বোলে?
OR

দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ কাক বোলে?
OR

বৈদ্যুতিক বিভৱভেদ কাক বোলে?

উত্তৰ : প্রবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে।

বিভৱ ভেদৰ গাণিতিক প্ৰকাশ ৰাশিটো লিখা।
উত্তৰ :
V = W / Q

ইয়াত,
V = বিভৱ ভেদ
W = সম্পন্ন কৰা কাৰ্য
Q = আধান

বিভৱভেদৰ S.I একক কি?
উত্তৰ : ভল্ট (V)

কাৰ্যৰ S.I একক কি?
উত্তৰ : জুল (J)

ভল্ট কোনটো শব্দৰ পৰা আহিছে?
উত্তৰ : A Lessandro Volta নামৰ পৰা আহিছে।

1 ভল্ট বিভৱভেদৰ সংজ্ঞা দিয়া।
OR

1 ভল্ট কাক বোলে?
উত্তৰ : প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ, যদি 1 কুলম্ব আধান চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হয়, তাক 1 ভল্ট বোলে।

বিভৱভেদ জোখা সঁজুলিটোৰ নাম লিখা।
উত্তৰ : ভল্টমিটাৰ।

বৰ্তনী এটাৰ বিভৱভেদ জোখা সঁজুলিটো কেনেদৰে সংযোগ কৰা হয়?
উত্তৰ : সমান্তৰালভাৱে।

উদাহৰণ 12.2 - পৃষ্ঠা-202

12V বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোঁতে কিমান কাৰ্য কৰিব লাগিব?
সমাধান :
দিয়া আছে,
V=12V
Q=2C
W=?

আমি জানো,
V=W/Q
⇒W= V×Q
⇒W= 12 × 2
⇒W= 24 J.

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 200

1. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা ।
উত্তৰ : বৈদ্যুতিক কোষ বা বেটেৰী ।

2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক’লে কি বুজায় ?
উত্তৰ : প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ, যদি 1 কুলম্ব আধান চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হয়, তাক 1 ভল্ট বোলে।

3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ? [HSLC.'19]
উত্তৰ :
দিয়া আছে,
V=6V
Q=1C
W=?

আমি জানো,
V=W/Q
⇒W=V×Q
⇒W=6×1
⇒W=6 J.

অধিক জানি লওঁ আহা :
প্ৰতি কুলম্ব আধানক দিয়া শক্তিৰ পৰিমাণ ইয়াক চালিত কৰোঁতে সম্পাদন কৰা কাৰ্যৰ সমান ।
সেয়ে, শক্তি=কাৰ্য

অতিৰিক্ত প্ৰশ্নাৱলী :

চিত্ৰ :
বৈদ্যুতিক বর্তনীত সাধাৰণতে ব্যৱহৃত হোৱা উপাদান কিছুমানৰ প্ৰতীক।



ওমৰ সূত্ৰটো লিখা।
উত্তৰ : উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্রদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক। ইয়াকে ওমৰ সূত্ৰ বোলে।

ওমৰ সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশিটো লিখা।
উত্তৰ :
V∝U
⇒V=RI
⇒V=IR

ইয়াত, R= সমানুপাতিক ধ্ৰুৱক, ইয়াক ৰোধ বুলি কোৱা হয়।

ৰোধৰ ধৰ্ম লিখা।
OR

ৰোধ কি?

উত্তৰ : পৰিবাহীৰ আধানৰ গতিক বাধা দিয়ে। ইয়াকে ৰোধ বোলে।

ৰোধৰ S.I একক কি?
উত্তৰ : ওম(Ω)

1Ω ৰোধৰ সংজ্ঞা দিয়া।
উত্তৰ : যদি পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ (1V) আৰু ইয়াৰ মাজেৰে (1A) প্রবাহ চালিত হয় তেনেহ'লে পৰিবাহীডালৰ ৰোধ (1Ω) হ'ব।

পৰিবৰ্তনশীল ৰোধ (rheostat) কাক বোলে?
উত্তৰ : বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্রবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোক পৰিবৰ্তনশীল ৰোধ বোলে।


এটা বৰ্তনীত ৰোধৰ মান পৰিবৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম লিখা।
উত্তৰ : পৰিবৰ্তনশীল ৰোধ (rheostat)

ৰোধক কাক বোলে?
উত্তৰ : যথেষ্ট পৰিমাণৰ ৰোধযুক্ত পৰিবাহীক ৰোধক বোলে।

সু-পৰিবাহী কাক বোলে?
উত্তৰ : প্ৰদত্ত আকাৰৰ উপাদান এটাৰ ৰোধ কম হ'লে তাক সু-পৰিবাহী বুলি কোৱা হয়।

কু- পৰিবাহী কাক বোলে?
উত্তৰ : প্ৰদত্ত আকাৰৰ উপাদান এটাৰ ৰোধ বেছি হ'লে তাক কু- পৰিবাহী বুলি কোৱা হয়।

পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰক কেইটা আৰু কি কি?
উত্তৰ : পৰিবাহী ৰোধ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে,
(i) দৈৰ্ঘ্য,
(ii) প্রস্থচ্ছেদৰ কালি
(iii) পদাৰ্থৰ প্ৰকৃতিৰ।

Note :
সুষম ধাতুৰ তাঁৰৰ ৰোধ ইয়াৰ দৈৰ্ঘৰ (I) সামানুপাতিক আৰু প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। অর্থাৎ
R ∝ l/A
⇒R=ρ(l/A)

ইয়াত,

R= ৰোধ
l= দৈৰ্ঘ
A= প্ৰস্থচ্ছেদৰ কালি (A=πr²)
ρ= সমানুপাতিক ধ্ৰুৱক / ৰ' / ৰোধকতা বুলি
কোৱা হয়।

ৰোধকতাৰ S.I একক কি?
উত্তৰ : ওম মিটাৰ Ωm।

বৈদ্যুতিক ইস্ত্রি, পাউ ৰুটি সেকা যন্ত্র (Toaster) আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত সংকৰ ধাতুৰ ব্যৱহাৰ কৰা হয়।
উত্তৰ : কাৰণ - উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে (জ্বলি নাযায়)।

বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা পদাৰ্থৰ নাম লিখা।
উত্তৰ : টাংষ্টন

উদাহৰণ 12.3 পৃষ্ঠা-208

(a) 220V উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্রবাহ ল'ব যদি বাল্বৰ তাঁৰৰ ৰোধ 1200Ω হয়? (b) যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰোধ 100Ω হয় তেন্তে ই 220V উৎসৰ পৰা কিমান প্রবাহ ল'ব?
সমাধান :
(a)
দিয়া আছে,
V = 220V,
R = 1200Ω
I=?

আমি জানো,
V=IR
⇒IR=V
⇒I=V/R
⇒I=220/1200
⇒I=0.18A

(b)
দিয়া আছে,
V = 220V,
R = 100Ω
I=?


আমি জানো,
V=IR
⇒IR=V
⇒I=V/R
⇒I=220/100
⇒I=2.2A

উদাহৰণ 12.4

এটা বৈদ্যুতিক হিটাৰৰ দুই প্রান্তৰ বিভৱভেদ 60 V আৰু ই উৎসৰ পৰা 4 A প্রবাহ আহৰণ কৰে। বিভৱভেদ 120 V লৈ বঢ়ালে হিটাৰটোৱে কিমান প্রবাহ ল'ব?
সমাধান :
দিয়া আছে,
V = 60 V,
I = 4 A

আমি জানো,
V=IR
⇒IR=V
⇒R=V/I
⇒R=60/4
⇒R=15Ω

∵ বিভৱভেদ 120V লৈ বৃদ্ধি কৰা হ' ল।
∴ V=120V
R=15Ω
I=?

আমি জানো,
V=IR
⇒IR=V
⇒I=V/R
⇒I=120/15
⇒I= 8A

উদাহৰণ 12.5

20°C উষ্ণতাত 1m দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26Ω । যদি তাঁৰডালৰ ব্যাস 0.3mm হয়, তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব? তালিকা 12.2 ৰ পৰা পদার্থবিধ কি হ'ব পাৰে উলিওৱা।
সমাধান :
দিয়া আছে,
R = 26Ω
d = 0.3 mm
⇒d= 0.3/1000 m (∵1m=1000mm)
⇒d= 0.0003m
⇒d= 3 x 10⁻⁴ m
∵r=d/2
⇒d=(3 x 10⁻⁴)/2
⇒d=1.5x10⁻⁴
l = 1m

আমি জানো,
R=ρ(l/A)
⇒R=ρl/A
⇒ρl=RA
⇒ρ=RA/l
⇒ρ= Rπr²/1
⇒ρ= Rπr²
⇒ρ=26×(22/7)×(1.5x10⁻⁴)²
⇒ρ=(572×2.25×10⁻⁸)/7
⇒ρ=(1287×10⁻⁸)/7
⇒ρ=183.8×10⁻⁸
⇒ρ=1.838×10⁻⁶
⇒ρ=1.84×10⁻⁶Ωm

তালিকা 12.2 ৰ পৰা পদার্থবিধ হ'ব : মেংগানিজ।


উদাহৰণ 12.6

l দৈৰ্ঘ্যৰ আৰু A কালিৰ প্ৰস্থচ্ছেদৰ তাঁৰ এডালৰ ৰোধ 4Ω। একে পদাৰ্থৰ অন্য এডাল l/2 দৈৰ্ঘ্যৰ আৰু 2A কালিৰ প্ৰস্থচ্ছেদৰ তাঁৰৰ ৰোধ কি হ'ব?
সমাধান :
দিয়া আছে,
R₁=4Ω
l=l/2
A=2A
R₂=?

আমি জানো,
R₁=ρ(l/A)
⇒4Ω=ρ(l/A) ____ (i)

এতিয়া,
R₂=ρ(l/A)
⇒R₂=ρ×(l/2)/(2A)
⇒R₂=ρ×(l/2)×(1/2A)
⇒R₂=ρ×(l/4A)
⇒R₂=ρ(l/A)×(1/4)
⇒R₂=4×(1/4) [(i) ৰ পৰা]
⇒R₂=4/4
⇒R₂=1Ω

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 209

1. পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ? [HSLC.'23]
উত্তৰ : পৰিবাহী ৰোধ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে,
(i) দৈৰ্ঘ্য,
(ii) প্রস্থচ্ছেদৰ কালি
(iii) পদাৰ্থৰ প্ৰকৃতিৰ।

2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোণডালত বেছি সহজে প্ৰৱাহ চলিত হয় ? আৰু কিয় ?
উত্তৰ : শকত তাঁৰত বেছি সহজে প্ৰৱাহ চলিত হয়।
কাৰণ :
এডাল তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক ।

অৰ্থাৎ, এডাল তাঁৰ যিমানে শকত হ’ব ৰোধ সিমানেই কম হ’ব আৰু বেছি সহজে প্ৰৱাহ চলিত হ'ব।

3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ’ব ?
উত্তৰ : প্ৰবাহৰ মানো আগৰ মানৰ আধা হ'ব।
(ওমৰ সুত্ৰৰ বাবে )

4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?
উত্তৰ : কাৰণ - উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে (জ্বলি নাযায়)।

5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী ?

উত্তৰ : লো।
(b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ?
উত্তৰ : ৰূপ।

অতিৰিক্ত প্ৰশ্নাৱলী :

বৈদ্যুতিক বর্তনী কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ : দুই প্ৰকাৰৰ।
ক) শ্ৰেণী বদ্ধ সজ্জা
খ) সমান্তৰাল সজ্জা

শ্ৰেণী বদ্ধ সজ্জা কাক বোলে?
উত্তৰ : বৰ্তনী এটাত সমান প্ৰবাহ চালিত কেইবাটাও ৰোধ এটাৰ পাছত এটাকৈ সংযোগ কৰিলে, তাক শ্ৰেণী বদ্ধ সজ্জা বোলে।
OR

যদি কেইবাটাও ৰোধ এটাৰ পাছত এটাকৈ সংযোগ কৰা হয়, যাতে প্ৰত্যেকটো ৰোধৰ মাজেৰে সমান প্ৰবাহ চালিত হয়, সিহঁতক শ্ৰেণী বদ্ধ সজ্জাত থকা বুলি কোৱা হয়।

শ্ৰেণী বদ্ধ সজ্জাৰ সমতুল্য ৰোধ, Rs নিৰ্ণয় কৰা।
OR

শ্রেণীৱদ্ধ সজ্জাত সংযোজিত তিনিটা ৰোধকৰ ৰোধ R₁ , R₂ , R₃ হ'লে সজ্জাটোৰ সমতুল্য ৰোধ Rs = R₁+R₂+R₃ হ'ব বুলি দেখুওৱা ।

উত্তৰ :
ধৰা হ'ল,
R₁ , R₂ , R₃ তিনিটা ৰোধ শ্ৰেণীবদ্ধভাৱে (V) বিভৱৰ লগত সংযোগ কৰা হ' ল আৰু (I) প্ৰবাহ চালিত কৰা হ'ল।
∴ ওমৰ সূত্ৰৰ পৰা,
V₁=IR₁ ____(i)
V₂=IR₂ ____ (ii)
V₃=IR₃ ____(iii)

যদি ৰোধকেইটাৰ সমতুল্য ৰোধ, Rs হয়।
∴ V=IRs ____(iv)

∵ বিভৱভেদ V ৰ মান V₁ , V₂ , V₃ ৰ যোগফলৰ সমান।
∴ V=V₁+V₂+V₃
⇒IRs=IR₁+IR₂+IR₃ [(i), (ii), (iii), (iv) -ৰ পৰা]
⇒IRs=I(R₁+R₂+R₃)
⇒(IRs)/I=R₁+R₂+R₃
⇒Rs=R₁+R₂+R₃

সমান্তৰাল সজ্জা কাক বোলে?
উত্তৰ : বৰ্তনী এটাত বেলেগ বেলেগ প্ৰবাহ চালিত কেইবাটাও ৰোধ দুটা বিন্দুৰ মাজত সংযোগ কৰিলে, তাক সমান্তৰাল সজ্জা বোলে।
OR

যেতিয়া কেইবাটাও ৰোধ দুটা সাধাৰণ বিন্দুৰ মাজত সংযোগ কৰা হয় যাতে প্রত্যেকটোৰ মাজেৰে বেলেগ বেলেগ প্রবাহ চালিত হয়। তেন্তে সিহঁতক সমান্তৰাল সজ্জাত থকা বুলি কোৱা হয়।

উদাহৰণ 12.7 - পৃষ্ঠা-212

20Ω ৰোধৰ এটা বৈদ্যুতিক বাল্ব আৰু 4Ω ৰোধৰ এডাল পৰিবাহী 6V ৰ বেটেৰী এটাৰ সৈতে সংযোগ কৰা হৈছে, চিত্ৰ 12.9 :


(a) বৰ্তনীৰ মুঠ ৰোধ উলিওৱা, (b) বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ আৰু (c) বৈদ্যুতিক বাল্ব আৰু পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ উলিওৱা ।
সমাধান :
দিয়া আছে,
R₁=20Ω
R₂=4Ω
V=6V

(a) বৰ্তনীৰ মুঠ ৰোধ,
Rs=R₁+R₂
⇒Rs=20+4
⇒Rs=24Ω

(b) বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ,
V=IRs
⇒IRs=V
⇒I=V/Rs
⇒I=6/24
⇒I=0.25A

(c) বৈদ্যুতিক বাল্ব আৰু পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ :
বৈদ্যুতিক বাল্বৰ দুই মূৰৰ মাজৰ বিভৱভেদ,
V=IR
⇒V=0.25×20
⇒V=5V

পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ,
V=IR
⇒V=0.25×4
⇒V=1V

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 213

1. প্ৰতিটোৰে 2 V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকণ কৰা।
উত্তৰ :
চিত্ৰ :


2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকণ কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব ?
উত্তৰ :
চিত্ৰ :


এমিটাৰৰ পাঠ,
দিয়া আছে,
R₁=5Ω
R₂=8Ω
R₃=12Ω
V=2V+2V+2V=6V
I=?
∴ Rs=R₁+R₂+R₃
⇒Rs=5+8+12
⇒Rs=25Ω

আমি জানো,
V=IRs
⇒IRs=V
⇒I=V/Rs
⇒I=6/25
⇒I=0.24A

ভল্টমিটাৰৰ পাঠ,
ইয়াত,
R=12Ω
I=0.24A
V=?

আমি জানো,
V=IR
⇒V=0.24×12
⇒V=2.88V

অতিৰিক্ত প্ৰশ্নাৱলী :

সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ, Rp নিৰ্ণয় কৰা।
উত্তৰ : This solutions will be published soon.....






উদাহৰণ 12.8


12.10 নং চিত্ৰত দেখুওৱা বৰ্তনীটোত ধৰা হওঁক R₁ , R₂ , R₃ ৰোধকৰ মান যথাক্রমে 5Ω, 10Ω আৰু 30Ω যিটো 12 V ৰ বেটেৰী এটাৰ লগত সংযোগ কৰা হৈছে। (a) প্ৰতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান উলিওৱা, (b) বৰ্তনীটোৰ মুঠ প্ৰবাহৰ মান আৰু (c) বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা।
সমাধান :
দিয়া আছে,
R₁=5Ω
R₂=10Ω
R₃=30Ω
V=12V

(a) ওমৰ সুত্ৰৰ পৰা,
∵ V=IR
⇒IR=V
⇒I=V/R
∴ প্ৰতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান,
I₁=V/R₁=12/5=2.4A
I₂=V/R₂=12/10=1.2A
I₃=V/R₃=12/30=0.4A

(b) বৰ্তনীটোৰ মুঠ প্ৰবাহৰ মান,
I=I₁+I₂+I₃=2.4+1.2+0.4=4A

(c) বৰ্তনীটোৰ মুঠ ৰোধ,
1/Rp=1/R₁+1/R₂+1/R₃
⇒1/Rp=1/5+1/10+1/30
⇒1/Rp=(6+3+1)/30
⇒1/Rp=10/30
⇒1/Rp=1/3
⇒Rp=3Ω

উদাহৰণ 12.9



12.12 নং চিত্ৰত যদি R₁ = 10Ω, R₂ = 40Ω, R₃ =30Ω, R₄ = 20Ω, R₅ = 60Ω হয় আৰু 12V ৰ বেটাৰী এটা যদি সজ্জাটোৰ লগত সংযোগ কৰা হয়, তেনেহ’লে
(a) বৰ্তনীটোৰ মুঠ ৰোধ আৰু (b) বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ মান উলিওৱা ৷

সমাধান :
দিয়া আছে,
R₁ = 10Ω,
R₂ = 40Ω,
R₃ =30Ω,
R₄ = 20Ω,
R₅ = 60Ω
V=12V


(a) চিত্ৰৰ পৰা,
1/R'=1/R₁+1/R₂=
⇒1/R'=1/10+1/40
⇒1/R'=(4+1)/40
⇒1/R'=5/40
⇒1/R'=1/8
⇒R'=8Ω0

এতিয়া,
1/R"=1/R₃+1/R₄+1/R₅
⇒1/R"=1/30+1/20+1/60
⇒1/R"=(2+3+1)/60
⇒1/R"=6/60
⇒1/R"=1/10
⇒R"=10Ω

∴ বৰ্তনীটোৰ মুঠ ৰোধ,
Rp=R'+R"
⇒Rp=8+10
⇒Rp=18Ω

(b) বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ মান,
V=IRp
⇒IRp=V
⇒I=V/Rp
⇒I=12/18
⇒I=0.67A

অতিৰিক্ত প্ৰশ্নাৱলী :

শ্রেণীবদ্ধ সজ্জাৰ সীমাবদ্ধতাবোৰ লিখা।
উত্তৰ :
ক) প্ৰবাহৰ মান গোটেই বর্তনীটোতে একে থাকে।
খ) কোনো এটা উপাদান বিকল/নষ্ট হ’লে বর্তনীটো মুক্ত হৈ যায়।

এটা বৈদ্যুতিক বাল্ব আৰু এটা বৈদ্যুতিক হিটাৰ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰাটো স্বাভাৱিকতে অবাস্তৱ কিয়?
উত্তৰ : কাৰণ সিহঁতক সঠিকভাৱে চলাবলৈ যথেষ্ট পৃথক মানৰ প্ৰবাহৰ প্ৰয়োজন।

শ্রেণীবদ্ধ সজ্জাতকৈ সমান্তৰাল সজ্জা অতিকৈ সুবিধাজনক কিয়?
উত্তৰ : বৰ্তনীটোৰ কোনো এটা উপাদান বিকল হ'লে বর্তনীটো মুক্ত হৈ যায় আৰু ফলত শ্রেণীবদ্ধ সজ্জাৰ বাকী উপাদানবোৰে কাম নকৰে। কিন্তু, বৰ্তনীটোৰ কোনো এটা উপাদান বিকল হলে সমান্তৰাল সজ্জাটো মুক্ত হৈ নাযায় ।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 216

1. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা।-
(a) 1Ω আৰু 10⁶Ω, (b) 1Ω, 10³Ω আৰু 10⁶Ω

উত্তৰ :
(a) দিয়া আছে,
R₁=1Ω
R₂=10⁶Ω

আমি জানো,
1/Rp=1/R₁+1/R₂
⇒1/Rp=1/1+1/10⁶
⇒1/Rp=(10⁶+1)/10⁶
⇒1/Rp=(100000+1)/1000000
⇒1/Rp=1000001/1000000
⇒Rp=1000000/1000001
⇒Rp=0.999Ω

(b) দিয়া আছে,
R₁=1Ω
R₂=10³Ω
R₃=10⁶Ω

আমি জানো,
1/Rp=1/R₁+1/R₂+1/R₃
⇒1/Rp=1/1+1/10³+1/10⁶
⇒1/Rp=(10⁶+10³+1)/10⁶
⇒1/Rp=(1000000+1000+1)/1000000
⇒1/Rp=(1001001)/1000000
⇒Rp=1000000/1001001
⇒Rp=0.999

2. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব ?
উত্তৰ :
দিয়া আছে,
R₁=100Ω,
R₂=50Ω,
R₃=500Ω,
V=220V
Rp=?
I=?

আমি জানো,
1/Rp=1/R₁+1/R₂+1/R₃
⇒1/Rp=1/100+1/50+1/500
⇒1/Rp=(5+10+1)/500
⇒1/Rp=16/500
⇒Rp=500/16
⇒Rp=31.25Ω

এতিয়া,
V=IRp
⇒IRp=V
⇒I=V/Rp
⇒I=220/31.25
⇒I=7.04A

3. এটা বেটেৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ?
OR

সমান্তৰাল সজ্জাৰ সুবিধাসমূহ লিখা।

উত্তৰ :
(i) মুঠ কাৰ্যকৰী ৰোধৰ মান হ্ৰাস পায় ।
(ii) বৰ্তনীটোৰ উপাদান এটা বিকল হলে বৰ্তনীটো মুক্ত হৈ নাযায় ।
(iii) ভিন্ন প্ৰবাহৰ মানৰ প্ৰয়োজন হোৱা সঁজুলিবোৰ সমান্তৰালভাৱে সংযোগ কৰাটো সুবিধাজনক ।

4. 2Ω, 3 Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ :
(a) 4Ω আৰু (b) 1 Ω পোৱা যাব ?

উত্তৰ :
দিয়া আছে,
R₁=2Ω
R₂=3Ω
R₃=6Ω

আমি জানো,
1/Rp=1/R₂+1/R₃
⇒1/Rp=1/3+1/6
⇒1/Rp=(2+1)/6
⇒1/Rp=3/6
⇒Rp=6/3
⇒Rp=2

∴ Rp+R₁=2+2=4Ω (a)

∴ R₂ আৰু R₃ ৰোধ সমান্তৰাল সজ্জাত আৰু R₁ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে মুঠ ৰোধ 4Ω হয়।

অৰ্থাৎ, R₂ আৰু R₃ -ৰ সমতুল্য ৰোধ (Rp) -ৰ লগত R₁ যোগ কৰিলে মুঠ ৰোধ 4Ω হয়।

আকৌ,
1/Rp=1/R₁+1/R₂+1/R₃
⇒1/Rp=1/2+1/3+1/6
⇒1/Rp=(3+2+1)/6
⇒1/Rp=6/6
⇒1/Rp=1
⇒Rp=1Ω (b)

∴ R₁ , R₂ , R₃ ৰ তিনিটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 1Ω হয়।

5. 4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব ?
উত্তৰ :
দিয়া আছে,
R₁=4Ω
R₂=8Ω
R₃=12Ω
R₄=24Ω

(a)
∵ Rs=R₁+R₂+R₃+R₄
⇒Rs=4+8+12+24
⇒Rs=48Ω

∴ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে সর্বোচ্চ ৰোধৰ মান পোৱা যায়।

(b)
∵ 1/Rp=1/R₁+1/R₂+1/R₃
⇒1/Rp=1/4+1/8+1/12+1/24
⇒1/Rp=(6+3+2+1)/24
⇒1/Rp=12/24
⇒Rp=24/12
⇒Rp=2Ω

∴ সমান্তৰাল সজ্জাত সংযোগ কৰিলে সর্বনিম্ন মুঠ ৰোধৰ মান পোৱা যায়।

অতিৰিক্ত প্ৰশ্নাৱলী :

বেটাৰী বা কোষ কি?
উত্তৰ : বেটাৰী বা কোষ হৈছে বৈদ্যুতিক শক্তিৰ এটা উৎস।

তাপীয় ক্ৰিয়া কাক বোলে?
উত্তৰ : যদি বৈদ্যুতিক বর্তনী এটা সম্পূৰ্ণৰূপে ৰোধকীয় হয়, তেন্তে উৎসৰ শক্তিৰ গোটেইখিনিয়েই কেৱল তাপ হিচাপে অপচয় হয়। ইয়াকে বৈদ্যুতিক প্ৰৱাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় ।

তাপীয় ক্ৰিয়া প্ৰয়োগ কৰা দুবিধ সঁজুলিৰ নাম লিখা।
OR

তাপীয় ক্ৰিয়া প্ৰয়োগ কৰা সঁজুলিসমূহৰ নাম লিখা নাম লিখা।

উত্তৰ :
ক) বৈদ্যুতিক হিটাৰ,
খ) বৈদ্যুতিক ইস্ত্রি।
গ) পাউৰুটি সেকা সঁজুলি,
ঘ) বৈদ্যুতিক অ’ভেন (oven),
ঙ) বৈদ্যুতিক কেটলি (kettle)
চ) বৈদ্যুতিক হিটাৰ


বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ সূত্ৰ 1 :
P=VQ/t
⇒P=VI [∵ I=Q/t]

ইয়াত,
P= ক্ষমতা
V= বিভৱভেদ
Q= আধান
I= প্ৰবাহ
t= সময়

বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ সূত্ৰ 2 :
H=P×t
⇒H=VQ [∵P=VQ/t]
⇒H=VIt [∵P=VI]
⇒H=I²Rt [∵V=IR] (ইয়াক বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বোলে)

ইয়াত,
H=শক্তি/তাপ

বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা। [HSLC.'18]
উত্তৰ : H=I²Rt

OR
R ৰোধৰ ৰোধক এটাৰ মাজেৰে (t) সময়ত (I) স্থিৰ প্ৰবাহ চালিত হলে, ৰোধকটোৱে উৎপন্ন কৰা তাপৰ পৰিমাণ হ'ব—
H=I²Rt

উদাহৰণ 12.10

এটা বৈদ্যুতিক ইস্ত্রিয়ে তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হৈ থকা অৱস্থাত 840 W হাৰত আৰু তাপ উৎপাদনৰ হাৰ সৰ্বনিম্ন হৈ থকা সময়ত 360W হাৰত শক্তি খৰচ কৰে। বিভৱৰ মান 220 V। প্রতি ক্ষেত্ৰতে প্ৰবাহ আৰু ৰোধৰ মান কি হ'ব?
সমাধান :
দিয়া আছে,
P₁=840W
P₂=360W
V=220V
R₁=?
R₂=?

∵ P₁=VI
⇒VI=P₁
⇒I=P₁/V
⇒I=840/220
⇒I=3.82A

∴ V=IR₁
⇒IR₁=V
⇒R₁=V/I
⇒R₁=220/3.82
⇒R₁=57.59Ω

∵ P₂=VI
⇒VI=P₂
⇒I=P₂/V
⇒I=360/220
⇒I=1.64A

∴ V=IR₂
IR₂=V
⇒R₂=V/I
⇒R₂=220/1.64
⇒R₂=134.15Ω

উদাহৰণ 12.11

4Ω ৰ ৰোধক এটাত প্ৰতি ছেকেণ্ডত উৎপন্ন হোৱা তাপ 100 J। ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ উলিওৱা।
সমাধান :
দিয়া আছে,
R=4Ω
t=1s
H=100J
V=?

∵ H=I²Rt
⇒I²Rt=H
⇒I²=H/Rt
⇒I=√(H/Rt)
⇒I=√(100/4×1)
⇒I=√25
⇒I=5A

∵ V=IR
⇒V=5×4
⇒V=20V

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 218

1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয় ?
উত্তৰ : কাৰণ -
বৈদ্যুতিক হিটাৰ উচ্চ ৰোধকতাবিশিষ্ট পদাৰ্থৰে নিৰ্মিত।

2. 96000কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
উত্তৰ :
দিয়া আছে,
Q=96000C
t=1hour=60×60=3600s
V=50V

আমি জানো,
H=VQ
⇒H=96000×50
⇒H=4800000J

⚠️ Warning :
অসমীয়া মাধ্যমৰ কিতাপৰ এই প্ৰশ্নটোত ভুল আছে।

3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50 A প্ৰবাহ লয় । 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।
উত্তৰ :
দিয়া আছে,
R=20Ω
I=50A
t=30s
H=?

আমি জানো,
H=I²Rt
H=50²×20×30
H=2500×600
H=1500000J

অতিৰিক্ত প্ৰশ্নাৱলী :

বাল্বৰ ফিলামেণ্টত ব্যৱহাৰ কৰা ধাতুৰ নাম কি?
উত্তৰ : টাংষ্টেন।

বৈদ্যুতিক বাল্বত কিয় টাংষ্টেন ব্যৱহাৰ কৰা হয়?
উত্তৰ : কাৰণ - টাংষ্টেনৰ গলনাংক উচ্চ (3380°C)।

বৈদ্যুতিক ফিউজ কি?
OR

বৈদ্যুতিক ফিউজৰ কাম কি?
উত্তৰ : অবাঞ্চিত উচ্চ প্রবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি ৰাখে।

ঘৰত ব্যৱহৃত ফিউজবোৰ কিমান এম্পিয়াৰৰ হয়?
উত্তৰ : ঘৰত ব্যৱহৃত ফিউজবোৰ 1A, 2A, 3A, 5A, 10A আদি নিৰিখৰ হয়।

বৈদ্যুতিক ক্ষমতা কি?
উত্তৰ : কাৰ্য কৰাৰ হাৰকেই ক্ষমতা বোলে। ই শক্তি খৰচৰ হাৰো বুজায়।

বৈদ্যুতিক ক্ষমতাৰ S.I একক কি?
উত্তৰ : বৈদ্যুতিক ক্ষমতাৰ এচ. আই একক হৈছে - ৱাট্‌ (W)।

Note :
ৱাট্‌ (W) ক J/s বুলিও লিখা হয়।

বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক (unit) মানে কিমান?
উত্তৰ : 1KWh

1KWh মানে কিমান W?
উত্তৰ : 1KWh=1000W

উদাহৰণ 12.12

এটা বৈদ্যুতিক বাল্ব 220 V ৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে। প্রবাহৰ মান 0.50 A। বাল্বটোৰ ক্ষমতা কি হ'ব?
সমাধান :
দিয়া আছে,
V=220V
I=0.50A
P=?

আমি জানো,
P = VI
⇒P = 220 V x 0.50 A
⇒P = 110 J/s
⇒P = 110 W.

উদাহৰণ 12.13

400W নিৰিখৰ বৈদ্যুতিক ৰেফ্ৰিজাৰ্টেৰ এটা ৪ ঘণ্টা/দিন চলে। প্রতি KWhত 3.00 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান হ'ব?
উত্তৰ :
দিয়া আছে,
P=400W = 400/1000 = 0.4KW
t=8×30=240hour

∵ H=P×t
H=0.4×240
H=96KWh

∴ খৰচ হোৱা শক্তিৰ মূল্য = 3×96 = 288 টকা।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 220

1. এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ? [HSLC.'20]
উত্তৰ : বৈদ্যুতিক ক্ষমতা।

2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা। [HSLC.'20,'23]
উত্তৰ :
দিয়া আছে,
V=220V
I=5A
t=2hour = 2×60×60= 7200s
H=?

∵ V=IR
⇒IR=V
⇒R=V/I
⇒R=220/5
⇒R=44

∵ H=I²Rt
⇒H=5²×44×7200
⇒H=7920000
⇒H=7.9×10⁶J

OR
দিয়া আছে,
V=220V
I=5A
t=2hour = 2×60×60= 7200s
H=?

∵ P=VI
⇒P=220×5
⇒P=1100

∵ H=P×t
⇒H=1100×7200
⇒H=7920000
⇒H=7.9×10⁶J

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 222

1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব-
(a) 1/25
(b) 1/5
(c) 5
(d) 25

উত্তৰ : (d) 25

অধিক জানি লওঁ আহা :
∵ R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল।
∴ R/5
এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল।
∴ 1/R'=1/(R/5)+1/(R/5)+1/(R/5)+1/(R/5)+1/(R/5)
⇒1/R'=1×(5/R)+1×(5/R)+1×(5/R)+1×(5/R)+1×(5/R)
⇒1/R'=5/R+5/R+5/R+5/R+5/R+
⇒1/R'=25/R
⇒R'=R/25
এতিয়া,
R/R'=R/(R/25)=R×(25/R)=25

2. তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ? [HSLC.'20]
(a) I²R
(b) IR²
(c) VI
(d) V²/R
উত্তৰ : (b) IR²

3. এটা বৈদ্যুতিক বাব্লৰ 220 V আৰু 100 W চিহ্নিত কৰা আছে যেতিয়া 110 V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব-
(a) 100 W
(b) 75 W
(c) 50 W
(d) 25 W

উত্তৰ : (d) 25 W

অধিক জানি লওঁ আহা :
ইয়াত,
V₁=220V
P₁=100W
V₂=110
P₂=?

∴ বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰৰ পৰা,
V=IR
⇒V=(P/V)×R [∵ P=VI or I=P/V]
⇒V²=PR
⇒PR=V²
⇒R=V²/P
বা,

⇒R=(V₁)²/P₁
⇒R=(220)²/100
⇒R=484

এতিয়া,
R=(V₂)²/P₂
⇒P₂R=(V₂)²
⇒P₂=(V₂)²/R
⇒P₂=(110)²/484
⇒P₂=12100/484
⇒P₂=25W

4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত- [HSLC.'18]
(a) 1:2
(b) 2:1
(c) 1:4
(d) 4:1

উত্তৰ : (c) 1:4

অধিক জানি লওঁ আহা :
শ্ৰেণীবদ্ধ সজ্জাত,
Rs=R+R
⇒Rs=2R

সমান্তৰাল সজ্জাত,
1/Rp=1/R+1/R
⇒1/Rp=2/R
⇒Rp=R/2

বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰৰ পৰা,
∵ H=I²Rt
⇒H=(V/R)²Rt [∵V=IR or I=V/R]
⇒H=(V²/R²)×Rt
⇒H=(V²t)/R

∴ Rs ৰ মান লৈ,
H=(V²t)/R
⇒H=(V²t)/2R ____(i)

∴ Rp ৰ মান লৈ,
H=(V²t)/R
⇒H=(V²t)/(R/2)
⇒H=(V²t)2/R
⇒H=(2V²t)/R ____ (ii)

∴ (i) / (ii)
⇒{(V²t) / (2R)} / {(2V²t) / (R)}
⇒{(V²t) / (2R)} / {(R) / (2V²t)}
⇒1/(2×2)
⇒1/4
⇒1:4

5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?
উত্তৰ : সমান্তৰালভাৱে।

6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5mm আৰু ৰোধকতা 1.6×10⁻⁸ Ω m । 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ’ব লাগিব । যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হল ৰোধৰ পৰিৱৰ্তন কিমান হ’ব ।
উত্তৰ :
দিয়া আছে,
d=0.5mm
⇒d=0.5/1000 [∵1m=1000mm]
⇒d=0.0005
⇒d=0.5×10⁻³m

∴ r=d/2
⇒r=(0.5×10⁻³)/2
⇒r=0.25×10⁻³m

ρ=1.6×10⁻⁸ Ω m
R=10Ω
l=?

∵ A=πr²
⇒A=3.14×(0.25×10⁻³)²
⇒A=3.14×0.0625×10⁻⁶
⇒A=0.19625×10⁻⁶
⇒A=19.625×10⁻⁸

আমি জানো,
R=ρ(l/A)
⇒RA=ρl
⇒ρl=RA
⇒l=RA/ρ
⇒I=(10×19.625×10⁻⁸)/1.6×10⁻⁸
⇒l=196.25/1.6
⇒l=122.65625
⇒l=122.7m

∴ তাঁৰডালৰ দৈৰ্ঘ্য, l=122.7m

∵ তাঁৰডালৰ ব্যাস দুগুণ কৰা হল,
d=(0.5×2)mm
⇒d=1.0
⇒d=1mm
⇒d=1/1000 [∵1m=1000mm]
⇒d=0.001
d=1×10⁻³m
R=?
∴ r=d/2
r=(1×10⁻³)/2
r=0.5×10⁻³

∵ A=πr²
⇒A=3.14×(0.5×10⁻³)²
⇒A=3.14×0.25×10⁻⁶
⇒A=0.785×10⁻⁶
⇒A=7.85×10⁻⁷

আমি জানো,
R=ρ(l/A)
⇒R=(1.6×10⁻⁸×122.7)/(7.85×10⁻⁷)
⇒R=(196.32×10⁻⁸×10⁷) / 7.85
⇒R=25.0×10⁻¹
⇒R=2.5Ω

∴ ৰোধৰ পৰিৱৰ্তন
=10-2.5
=7.5Ω

7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল-

I (এম্পিয়াৰ) 0.5 1.0 2.0 3.0 4.0

V (ভল্ট) 1.6 3.4 6.7 10.2 13.2

V আৰু I ৰ মাজৰ লেখ অংকণ কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।

8. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা। [HSLC.'18]
উত্তৰ :
দিয়া আছে,
V=12V
I=2.5mA
⇒I= 2.5×10⁻³A [∵ 1mA=10⁻³A]
R=?

আমি জানো,
V=IR
⇒IR=V
⇒R=V/R
⇒R=12/2.5×10⁻³
⇒R=120/25×10⁻³
⇒R=(120×10³)/25
⇒R=4.8×10³
⇒R=4.8×1000
⇒R=4800Ω

9. এটা 9 V বেটাৰীৰ লগত 0.2Ω, 0.3Ω, 0.4Ω, 0.5Ω আৰু 12Ω, ৰোধক কেইটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে ?
উত্তৰ :
দিয়া আছে,
V=9V
R₁=0.2Ω
R₂=0.3Ω
R₃=0.4Ω
R₄=0.5Ω
R₅=12Ω
I=?

∵ Rs=R₁+R₂+R₃+R₄+R₅
Rs=0.2Ω+0.3Ω+0.4Ω+0.5Ω+12Ω
⇒Rs=13.4

আমি জানো,
V=IRs
⇒IRs=V
⇒I=V/Rs
⇒I=9/13.4
⇒I=0.67A


∴ 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে প্ৰবাহ চালিত হয় =0.67A

কাৰণ -
শ্ৰোণীবদ্ধ সজ্জাত সংযোগ কৰা বৰ্তনীৰ প্ৰত্যেক ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান একে ।

10. 176Ω ৰ কিমানটা ৰোধক (সমান্তৰাল সজ্জাত) হ’লে 220V ৰ লাইন এটাত 5 A প্ৰবাহ পোৱা যাব ?
উত্তৰ :
দিয়া আছে,
Rp=176Ω
V=220V
I=5A
R=?
n=?

∵ V=IR
⇒IR=V
⇒R=V/I
⇒R=220/5
⇒R=44Ω

∴ 1/Rp=n/R (∵ সমান্তৰাল সজ্জাত আছে)
⇒Rp=R/n
⇒R/n=Rp
⇒n=Rp/R
⇒n=176/44
⇒n=4 টা ৰোধক।

⚠️ Warning :
অসমীয়া মাধ্যমৰ কিতাপৰ এই প্ৰশ্নটোত ভুল আছে।

11. প্ৰতিটো 6Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 9Ω, আৰু (ii) 4Ω হ’ব ?
উত্তৰ :
দিয়া আছে,
R₁=6Ω
R₂=6Ω
R₃=6Ω

আমি জানো,
1/Rp=1/R₁+1/R₂
⇒1/Rp=1/6+1/6
⇒1/Rp=(1+1)/6
⇒1/Rp=2/6
⇒Rp=6/2
⇒Rp=3Ω

∴ Rp+R₃= 3+6 = 9Ω (i)

∴ R₁ আৰু R₂ ৰোধ সমান্তৰাল সজ্জাত আৰু R₃ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে মুঠ ৰোধ 9Ω হয়।

অৰ্থাৎ, R₁ আৰু R₂ -ৰ সমতুল্য ৰোধ (Rp) -ৰ লগত R₃ যোগ কৰিলে মুঠ ৰোধ 9Ω হয়।

আকৌ,
Rs=R₁+R₂
⇒Rs=6+6
⇒Rs=12Ω

∴ 1/Rp=1/Rs+1/R₃
⇒1/Rp=1/12+1/6
⇒1/Rp=(1+2)/12
⇒1/Rp=3/12
⇒Rp=12/3
⇒Rp=4Ω (ii)

∴ R₁ আৰু R₂ ৰোধ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি সমতুল্য ৰোধ (Rs) -ৰ লগত R₃ সমান্তৰাল সজ্জাত সংযোগ কৰিলে মুঠ ৰোধ 4Ω হয়।

12. বহুকেইটা বৈদ্যুতিক বাল্ব 220V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্ব্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰাল ভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?
উত্তৰ :
দিয়া আছে,
1 টা বাল্বৰ ক্ষমতা, P=10W
V=220V
I=5A

মুঠ ক্ষমতা,
P'=VI
⇒P'=5×220
⇒P'=1100W

∵ বৈদ্যুতিক বাল্বৰ সংখ্যা
= মুঠ ক্ষমতা/1 টা বাল্বৰ ক্ষমতা
=P'/P
= 1100/10
=110 টা

13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 Ω, যিকেইটা পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ’ব ?
উত্তৰ :
(i) কুণ্ডলী A আৰু B -ৰ বাবে,
দিয়া আছে,
V=220V
R=24Ω
I=?

∵ V=IR
⇒IR=V
⇒I=V/R
⇒I=220/24
⇒I=9.17A

(ii) শ্ৰেণীবদ্ধ সজ্জাৰ বাবে,
Rs=R+R
⇒Rs=24+24
⇒Rs=48Ω

∵ V=IRs
⇒IRs=V
⇒I=V/Rs
⇒I=220/48
⇒I=4.58A

(iii) সমান্তৰাল সজ্জাৰ বাবে,
1/Rp=1/R+1/R
⇒1/Rp=1/24+1/24
⇒1/Rp=(1+1)/24
⇒1/Rp=2/24
⇒Rp=24/2
⇒Rp=12Ω

∵ V=IRp
⇒IRp=V
⇒I=V/Rp
⇒I=220/12
⇒I=18.33A

14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা-
(i) 1 Ω আৰু 2 Ω ৰ দুটা ৰোধক 6V -ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু
(ii) 12 Ω আৰু 2 Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

উত্তৰ :
(i) শ্ৰেণীবদ্ধ সজ্জাৰ বাবে,
R₁=1Ω
R₂=2Ω
V=6V

∵Rs=R₁+R₂
⇒Rs=1+2
⇒Rs=3Ω

∴ V=IRs
⇒IRs=V
⇒I=V/Rs
⇒I=6/3
⇒I=2A

∴ 2 Ω ৰোধক এটাত ব্যৱহৃত বিভৱভেদ,
ইয়াত
R=2Ω
∴ V₂=IR
⇒V₂=2×2
⇒V₂=4V

∴ 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা,
ইয়াত,
R=2Ω
∴ P=VI
⇒P=(V×V)/R [∵ V=IR or I=V/R]
⇒P=(V₂)²/R
⇒P=4²/2
⇒P=16/2
⇒P=8W

OR

উত্তৰ :
(i) শ্ৰেণীবদ্ধ সজ্জাৰ বাবে,
R₁=1Ω
R₂=2Ω
V=6V

∵Rs=R₁+R₂
⇒Rs=1+2
⇒Rs=3Ω

∴ V=IRs
⇒IRs=V
⇒I=V/Rs
⇒I=6/3
⇒I=2A

∴ 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা,
ইয়াত,
R=2Ω
∴ P=VI
⇒P=I²R [∵ V=IR]
⇒P=2²×2
⇒P=4×2
⇒P=8W

(ii) সমান্তৰাল সজ্জাৰ বাবে,
R₁=12Ω
R₂=2Ω
V=4V

∴ 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা,
ইয়াত,
R=2Ω
∴ P=VI
⇒P=(V×V)/R [∵ V=IR or I=V/R]
⇒P=V²/R
⇒P=4²/2
⇒P=16/2
⇒P=8W

15. এটা 220 V ত 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220 V হয়, কিমান প্রবাহ ই ল’ব।
উত্তৰ :
দিয়া আছে,
P₁=100W
P₂=60W
V=220V
I=?

ইয়াত,
P=P₁+P₂
⇒P=100+60
⇒P=160W

∵ P=VI
⇒VI=P
⇒I=P/V
⇒I=160/220
⇒I=0.72A

16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটি সেকা সঁজুলি 10 মিনিটত চলিলে ? [HSLC.'18]
উত্তৰ :
দিয়া আছে,
TV চেটৰ :
P=250W
t=1hour
⇒t=60×60
⇒t=3600s
H=?

∵H=Pt
⇒H=250×3600
⇒H=900,000J

এতিয়া,
ৰুটি সেকা সঁজুলিৰ :
P=1200W
t=10min
⇒t=10×60
⇒t=600s
H=?

∵H=Pt
⇒H=1200×600
⇒H=720,000J

∴ TV চেটটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব।

17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা। [HSLC.'20]
উত্তৰ :
দিয়া আছে,
R=8Ω
t=2hour
⇒t=2×60×60
⇒t=7200s
I=15A
H=?

∵ P=VI
⇒P=I²R [∵ V=IR]
⇒P=15²×8
⇒P=225×8
⇒P=1800J/s

18. ব্যাখ্যা কৰা :

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?
উত্তৰ :
কাৰণ -
ক) টাংষ্টেনৰ গলনাংক উচ্চ (3380°C)।
খ) ৰোধকতা বেছি।

(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয়
ব্যৱহাৰ কৰা হয় ?

উত্তৰ :
কাৰণ -
ক) উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে আৰু জ্বলি নাযায়।
খ) ৰোধকতা যথেষ্ট বেছি।

(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰ :
কাৰণ -
ক) শ্ৰেণীবদ্ধ সজ্জাত গোটেই বৰ্তনীত একে প্ৰবাহ চালিত হয়।
খ) শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীত আটাইবোৰ সঁজুলি এটা চাবিৰ সৈতে সংযোজিত হয় । বিপদৰ পৰা ৰক্ষা পাব পাৰে।

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয় ?
উত্তৰ :
তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক।
অৰ্থাৎ, প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধৰ মান কমিব আৰু প্ৰস্থচ্ছেদৰ কালি কমিলে ৰোধৰ মান বঢ়িব।

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰ :
কাৰণ -
ক) অতি ভাল পৰিবাহী।
খ) নমনীয় গুণৰ (দীঘল তাঁৰ সাজিব পাৰি) বাবে।




Updated on 20th October 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments