Ads banner

JE Banner Ads
Image 2

নিয়ন্ত্ৰণ আৰু সমন্বয় - অধ্যায় ০৭ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 07
নিয়ন্ত্ৰণ আৰু সমন্বয়
(Control and Coordination)

অতিৰিক্ত প্ৰশ্নাৱলী :

প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা কৰা কলাবিধৰ নাম লিখা।
উত্তৰ : স্নায়ু কলা আৰু পেশী কলা।

আমাৰ দেহত থকা তিনিটা সংবেদনশীল অংগৰ নাম লিখা।
উত্তৰ : অন্তকৰ্ণ, নাক আৰু জিভা।

সংবেদী স্নায়ুকোষ কাক বোলে ? আৰু ক'ত থাকে ?
উত্তৰ : বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰা কোষক সংবেদী স্নায়ুকোষ বোলে।

এনেধৰণৰ সংগ্ৰাহী বিলাক আমাৰ দেহৰ সংবেদনশীল অংগত থাকে।

খাদ্যৰ স্বাদ অনুভৱ কৰা কোষবিধৰ নাম লিখা।
উত্তৰ : স্বাদ সংগ্ৰাহী কোষ।

খাদ্যৰ গোন্ধ অনুভৱ কৰা কোষবিধৰ নাম লিখা।
উত্তৰ : ঘ্ৰাণ সংগ্ৰাহী কোষ।

স্নায়ুকোষবােৰ কিহৰ দ্বাৰা গঠিত ?
উত্তৰ : স্নায়ুকোষবােৰ দেহকোষ আৰু স্নায়ু প্রৱর্ধৰে গঠিত।

স্নায়ু প্রবর্ধক কি কি ভাগত ভাগ কৰা হৈছে ?
OR

স্নায়ু প্ৰবৰ্ধ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ : স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ- এক্সন আৰু ডেনড্ৰাইট।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 119

1. প্রতীপ ক্রিয়া আৰু খােজকঢ়াৰ মাজত পার্থক্য কি?
উত্তৰ :
প্রতীপ ক্রিয়া :
i) প্রতীপ ক্রিয়া জন্মগত।
ii) প্রতীপ ক্রিয়া স্বতঃস্ফুর্ত, খৰতকীয়া।
iii) এক ছেকেণ্ডতকৈ কম সময়ত সংঘটিত হয়।
iv) প্ৰতীপ ক্ৰিয়া হ’ল শৰীৰৰ এটা অনৈচ্ছিক প্ৰক্ৰিয়া।
v) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰি।
vi) ই অকল স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

খােজকঢ়া :
i) খােজকঢ়া মানুহে শিকাৰ ফলত হয়।
ii) খােজকঢ়া স্বতঃস্ফুর্ত: নহয়।
iii) এই ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হয়।
iv) খোজ কঢ়াটো এটা ঐচ্ছিক প্ৰক্ৰিয়া।
v) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পাৰি।
vi) ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছত কি ঘটে ?
উত্তৰ : এটা নিউৰন (স্নায়ুকোষ) ৰ এক্সনৰ প্ৰন্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়। এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটবৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপ্ছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয়।

3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
OR

মস্তিষ্কৰ কোনটো অংশই শৰীৰৰ ভংগীমা (Posture) আৰু সন্তুলন (Balance) ৰক্ষা কৰে ?
[HSLC.'2016,'19]
উত্তৰ : চেৰিবেলাম।

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
OR

এডাল ধূপকাঠিৰ গোন্ধ আমি কিদৰে চিনাক্ত কৰো?
[HSLC.'22]
উত্তৰ : আমাৰ শৰীৰত বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয় থাকে৷ যেতিয়া ধূপকাঠি এডাল জ্বলে তেতিয়া তাৰ পৰা ওলোৱা গোন্ধ আমাৰ নাকত থকা ঘ্ৰাণ সংগ্ৰাহী ইন্দ্ৰিয়ই সংগ্ৰহ কৰি বৈদ্যুতিক প্ৰেৰণা হিচাপে স্নায়ুকোষৰ জৰিয়তে মস্তিস্কৰ নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰে। উক্ত স্থানত বাৰ্তাটো বিশ্লেষণ হয়। এইদৰে আমি ধূপকাঠিৰ গোন্ধ লওঁ।

5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি ?
উত্তৰ : প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুত থকা প্ৰতীপ ধনুৰ দ্বাৰা সংঘটিত হয়। মস্তিস্ক আৰু স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন হয়। মগজুৰ চিন্তা শক্তি অবিহনে প্ৰতীপ ধনুৰ বিকাশ নহয়।

অতিৰিক্ত প্ৰশ্নাৱলী :

প্রতীপ ক্রিয়া কি ?
উত্তৰ : কোনাে উদ্দীপনাৰ বিপৰীতে শৰীৰৰ স্বতঃস্ফুর্ত আৰু খৰতকীয়া অনৈচ্ছিক প্রতিক্রিয়াক প্রতীপ ক্রিয়া বােলে।

মানুহৰ মস্তিস্কৰ চিহ্নিত চিত্ৰ অংকন কৰা।
উত্তৰ :
চিত্ৰ :



আমাৰ মস্তিস্কৰ বিভিন্ন অংশসমূহ কি কি?
উত্তৰ :
ক) প্রমস্তিস্ক (fore brain),
খ) মধ্য মস্তিস্ক (mid brain) আৰু
গ) পশ্চাৎ মস্তিস্ক (hind brain)।

প্রমস্তিস্ক কি?
OR

প্রমস্তিস্কৰ কাম কি?
উত্তৰ : প্রমস্তিস্ক হ'ল মস্তিস্কৰ মুখ্য চিন্তা-ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে।

ভােক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো কি ?
উত্তৰ : প্রমস্তিস্ক।

খাদ্যৰ স্বাদ আৰু গোন্ধ অনুভৱ কৰা কোষৰ নাম লিখা।
উত্তৰ : স্বাদ সংগ্ৰাহী কোষৰ দ্বাৰা খাদ্যৰ স্বাদ আৰু ঘ্ৰাণ সংগ্ৰাহী কোষৰ দ্বাৰা খাদ্য বা কোনো বস্তুৰ গোন্ধ অনুভৱ কৰিব পাৰি।

Note :
অনৈচ্ছিক কাৰ্যৰ উদাহৰণ :-
আহাৰ দেখিলে আমাৰ লালটি ওলায়, উশাহ লোৱা, আহাৰ পাচন হোৱা, চকুমণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি।

ঐচ্ছিক কাৰ্যৰ উদাহৰণ :-
খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল ডাল ধৰা।

অনৈচ্ছিক কাৰ্য মস্তিস্কৰ কোন অংশই নিয়ন্ত্ৰণ কৰে?
উত্তৰ : অনৈচ্ছিক কার্য মধ্য মস্তিস্ক আৰু পশ্চাৎ মস্তিস্কই নিয়ন্ত্ৰণ কৰে ।

ঐচ্ছিক কাৰ্য মস্তিস্কৰ কোন অংশই নিয়ন্ত্ৰণ কৰে?
উত্তৰ : চেৰিবেলাম।

ৰাজহাড় কি?
উত্তৰ : আমাৰ পিঠিৰ মাজভাগলৈ এটা ওফন্দি উঠা অংশডালেই হৈছে ৰাজহাড় যি স্নায়ুৰজ্জুক সুৰক্ষিত কৰি ৰাখে ।

উদ্ভিদে কেই প্ৰকাৰৰ চলন দেখুৱাই ?
উত্তৰ : উদ্ভিদে দুই প্ৰকাৰৰ চলন দেখুৱাই -
i) বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন
ii) স্বতন্ত্ৰ চলন

হাইড্ৰ' আৰু কেম ৰ অৰ্থ কি ?
উত্তৰ : "হাইড্ৰ`" ("Hydro") ইয়াৰ অৰ্থ - পানী
"কেম" ("Chemo") ইয়াৰ অৰ্থ - ৰস বা ৰাসায়নিক।

জলানুবেগী (Hydrotropism) কাক বোলে?
উত্তৰ : উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানুবেগী বোলা হয়।

উদ্ভিদৰ কাণ্ডৰ অগ্র অংশত থকা সঞ্জীৱনী পদাৰ্থ / হৰমোন (hormone) -ৰ নাম কি?
OR

উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰা সঞ্জীৱনী পদাৰ্থৰ নাম কি?
উত্তৰ : অক্সিন (Auxin)

উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰা সঞ্জীৱনী পদাৰ্থৰ নাম কি?
উত্তৰ :অক্সিন (Auxin) আৰু জিবাৰেলিন (Gibberelin)

উদ্ভিদৰ কোষ বিভাজনত সহায় কৰা সঞ্জীৱনী পদাৰ্থৰ নাম কি?
OR

ফল, বীজ আদিত পোৱা সঞ্জীৱনী পদাৰ্থৰ নাম কি?
উত্তৰ : চাইট’কাইনিনে (Cytokinin)

উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া সঞ্জীৱনী পদাৰ্থৰ নাম কি?
উত্তৰ : এবচাইচিচ্ এচিড (Abscisic Acid)

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 122

1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি ?
OR

উদ্ভিদৰ হৰমোনবোৰ কি?
[HSLC.'19]
উত্তৰ : অক্সিন, জিবাৰেলিন, চাইট’কাইনিনে, এবচাইচিচ্ এচিড।

2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পােহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে ?
OR

সংবেদনশীল উদ্ভিদৰ পাতৰ চলাচল, পোহৰৰ দিশত কাণ্ডৰ চলাচলতকৈ কেনেদৰে পৃথক? [HSLC.'19, '22]
উত্তৰ :
নিলাজী বনৰ পাতৰ চলন :
i) নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটোত বিকাশ বা বৃদ্ধি জড়িত নহয়।
ii) নিলাজী বনৰ চলনত পাতৰ আকাৰৰ পৰিৱৰ্তন নহয়।

কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি :
i) কাণ্ডৰ কুমলীয়া আগে পােহৰৰ দিশত গতি কৰে আৰু এই গতি অতি মন্থৰ।
ii) কাণ্ডৰ পােহৰৰ দিশত হােৱা চলনত ইয়াৰ আকাৰ বৃদ্ধি হয়।

3. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
OR

বৃদ্ধিত অৰিহণা যোগোৱা এবিধ উদ্ভিদ হৰম'নৰ উদাহৰণ দিয়া।
[HSLC.'19]
উত্তৰ : অক্সিন ।

4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?
উত্তৰ : উদ্ভিদৰ আকৰ্ষই কোনো আধাৰত স্পৰ্শ কৰিলে, স্পৰ্শ নকৰা কোষবোৰত অক্সিন জমা হয়। সেয়ে, স্পৰ্শ কৰা কোষতকৈ খৰতকীয়াকৈ ইয়াৰ বিপৰীতফালৰ কোষৰ বৃদ্ধি ঘটে। যাৰ ফলত আকৰ্শডাল আধাৰত পাকখাই লাগি ধৰে।
OR

অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে । ইয়াৰ বাবে আকৰ্ষডাল বেকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে।

5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা। [HSLC.'19]
উত্তৰ :
পৰীক্ষা : বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপন কৰা হ’ল। বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পাত্ৰ ৰখা হ’ল। কিছুদিনৰ পাছত দেখা যাব যে পুলিটোৰ শিপাডাল পানীৰ উৎসৰ ফালে বেকা হৈছে। এই পৰীক্ষাটোৱে দেখুওৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে।

অতিৰিক্ত প্ৰশ্নাৱলী :

অধিবৃক্ক গ্রন্থি (adrinal gland) য়ে নিঃসৰন কৰা হৰম'নবিধৰ নাম কি?
উত্তৰ : এড্রিনেলিন।

এড্রিনেলিন হৰম'নৰ কাম কি?
উত্তৰ :
ক) হৃদযন্ত্ৰৰ ধপ ধপনি বাঢ়ে।
খ) পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়।

আমাৰ খাদ্য প্ৰণালীত আয়ডিনযুক্ত নিমখৰ প্ৰয়োজন কিয়?
OR

আয়ডিনযুক্ত নিমখ কিয় খাব লাগে?

উত্তৰ : থাইৰয়েড গ্রন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবৰ বাবে আয়ডিন প্রয়োজন হয়।

আমাৰ খাদ্যত আয়ডিনৰ পৰিমাণ হ্রাস হ'লে গৰল ৰোগ (goitre) হোৱাৰ সম্ভাৱনা হয়। গৰলৰোগত ভোগা ৰোগীৰ ডিঙিটো ওফণ্ডি ফুলি যায়।

গৰলৰোগ কেনেকৈ হয়?
উত্তৰ : থাইৰক্সিন হৰম'নৰ অভাৱত।

গৰলৰোগৰ লক্ষন কেনেকুৱা?
উত্তৰ : গৰলৰোগত ভোগা ৰোগীৰ ডিঙিটো ওফণ্ডি ফুলি যায়।

থাইৰয়েড গ্রন্থিয়ে নিঃসৰন কৰা হৰম'নবিধৰ নাম কি?
উত্তৰ : থাইৰক্সিন হৰম'ন।

থাইৰক্সিন হৰম'নৰ কাম ক?
উত্তৰ :
ক) কাৰ্বহাইড্রেট, প্ৰ'টিন আৰু চৰ্বীৰ বিপাকীয় ক্রিয়াসমূহ নিয়ন্ত্ৰণ কৰা।
খ) দেহৰ বৃদ্ধি সমতা ৰক্ষা কৰা।

দেহৰ বৃদ্ধি সমতা ৰক্ষা কৰা হৰম'নবিধৰ নাম কি?
উত্তৰ : থাইৰক্সিন হৰম'ন।

পিটুইটাৰী গ্রন্থিয়ে নিঃসৰন কৰা হৰম'নবিধৰ নাম কি?
উত্তৰ : দেহবৰ্ধনকাৰী হৰম'ন।

দেহবৰ্ধনকাৰী হৰম'নৰ কাম কি?
উত্তৰ : দেহৰ বৰ্ধন আৰু বিকাশত দেহবৰ্ধনকাৰী হৰম'নে সহায় কৰে।

বাল্যকালত কোনবিধ হৰম'নৰ নিঃসৰন কম হলে বাউনা হয়।
OR

বাউনা ৰোগ হোৱাৰ কাৰণ ক?
উত্তৰ : দেহবৰ্ধনকাৰী হৰম'নৰ নিঃসৰন কম হলে।


সচৰাচৰ কেতিয়াবা 10 – 12 বছৰ বয়সৰ শিশুৰ আকস্মিক কিছুমান পৰিৱৰ্তন দেখা যায় কিয়?
উত্তৰ : কৈশোৰ কালত :
ল'ৰাৰ টেষ্ট'টেৰন (testosteron) আৰু ছোৱালীৰ এষ্ট্ৰ'জেন (Oestrogen) নিঃসৰন হয়।

অগ্ন্যাশয় গ্রন্থিয়ে নিঃসৰন কৰা হৰম'নবিধৰ নাম কি?
উত্তৰ : ইনচুলিন হৰম'ন।

ডায়েবেটিছ ৰোগত আক্ৰান্ত ব্যক্তিক ডাক্তৰে ইনচুলিন বেজী দিয়ে কিয়?
উত্তৰ : ইনচুলিন হৰম'নৰ পৰিমাণ কমি গ'লে তেজত গ্লুক’জ (চেনি) -ৰ পৰিমাণ বৃদ্ধি পায়।

ইনচুলিন হৰম'নৰ অভাৱত কি ৰোগ হয়?
উত্তৰ : ডায়েবেটিছ।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 125

1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰ : প্ৰাণীদেহত হ’ৰমনৰ দ্বাৰা ৰায়ায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰম’ন নিঃসৰণ কৰে। এই গ্ৰন্থিবোৰে ক্ষৰণ কৰা হৰম’নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম’ন ক্ৰিয়া কৰা স্থান সমূহহলৈ পৰিৱাহিত হয় ।

2. আয়ডিনযুক্ত লৱণ খোৱাটো কিয় আৱশ্যক ?
OR

আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক ?
OR

আয়ডিনযুক্ত নিমখৰ ব্যৱহাৰ কিয় পৰামৰ্শযোগ্য ?
[HSLC.'16,'20]
উত্তৰ : থাইৰয়েড গ্রন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবৰ বাবে আয়ডিন প্রয়োজন হয়।

আমাৰ খাদ্যত আয়ডিনৰ পৰিমাণ হ্রাস হ'লে গৰল ৰোগ (goitre) হোৱাৰ সম্ভাৱনা হয়। গৰলৰোগত ভোগা ৰোগীৰ ডিঙিটো ওফণ্ডি ফুলি যায়।

3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় ?
OR

যেতিয়া আমাৰ তেজত এড্রিনেলিন ক্ষৰণ কৰা হয়, তেতিয়া আমাৰ শৰীৰে কেনেদৰে প্ৰতিক্ৰিয়া কৰে ?
[HSLC.'17]
উত্তৰ :
ক) হৃদযন্ত্ৰৰ ধপ ধপনি বাঢ়ে।
খ) পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়।

4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?
উত্তৰ : ইনচুলিন হৰম'নৰ পৰিমাণ কমি গ'লে তেজত গ্লুক’জ (চেনি) -ৰ পৰিমাণ বৃদ্ধি পায়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 125

1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ ?
a) ইনচুলিন।
(b) থাইৰ'ক্সিন।
(c) অ'ৱেষ্ট্ৰজেন।
(d) চাইট’কাইনিন।

উত্তৰ : (d) চাইট’কাইনিন।

2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয় -
(a) ডেনড্রাইট।
(b) চাইনেপচু।
(c) এক্সন।
(d) প্ৰেৰণা।

উত্তৰ : (b) চাইনেপচ্‌।

3. মগজুৱে কি কাম কৰে -
(a) ভাৱ আৰু চিন্তা কৰা।
(b) হৃদপিণ্ড স্পন্দন নিয়ন্ত্রণ।
(c) দেহৰ সমতা ৰক্ষা।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰ : (d) ওপৰৰ আটাইকেইটা |

4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্হিতি হ’ব ভাবাচোন ৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?
উত্তৰ :
কাম :
গ্ৰাহক অংগসমূহে স্নায়ুকোষৰ সহায়ত পৰিবেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ গ্ৰহণ কৰি মস্তিস্কলৈ প্ৰেৰণ কৰে।

কাম নকৰিলে :
আমি পৰিবেশৰ উত্তেজনাসমূহ অনুভৱ কৰিব নোৱাৰিম।

সমস্যা :
আমি স্বাদ অনুভৱ কৰিব নোৱাৰিম। ই শৰীৰৰ কাৰণে অপকাৰি হ’ব পাৰে।

5. নিউৰন (স্নায়ুকোষ) গঠনৰ এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা ৷
OR

আমাৰ দেহত স্নায়ুপ্ৰেৰণা কেনেদৰে প্ৰেৰিত হয় ?
উত্তৰ :
চিত্ৰ :


নিউৰন (স্নায়ুকোষ) ৰ কাৰ্য বৰ্ণনা :
স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত। স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ- এক্সন আৰু ডেনড্ৰাইট। ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে। স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে। এক্সনৰ প্ৰন্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়। এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটবৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপ্ছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয়। এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয়।

6. উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয় ?
উত্তৰ : দীপ্তিকাল হৈছে উদ্ভিদ দেহত পােহৰৰ বাবে সংঘটিত হােৱা এক বাহ্যিক প্রতীপক্রিয়া। অক্সিনে কাণ্ড আৰু অগ্ৰস্থ ভাজক কলাত সংশ্লেষিত হৈ সেই অংশত উদ্ভিদৰ দৈর্ঘ্য আৰু আকাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু কাণ্ডই সদায় পােহৰৰ অভিমুখে আগবাঢ়ে আনহাতে শিপা পােহৰৰ বিপৰীত দিশত গতি কৰে।

7. স্নায়ুৰজ্জুত আঘাত হ’লে কেনে বাৰ্তাত ব্যাঘাট জন্মে ?
উত্তৰ : স্নায়ুৰজ্জুৰ আঘাতে প্ৰতীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত ব্যাঘাট জন্মায়।

8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?
উত্তৰ : উদ্ভিদ দেহত সঞ্জীৱনী পদাৰ্থ বা হৰম’ণৰ সহায়ত ৰাসায়নিক সমন্বয় সাধিত হয়। উদ্ভিদ হৰম’ণসমূহে উদ্ভিদদেহৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে।

9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন ?
OR

জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ এক তন্ত্ৰৰ আৱশ্যকতা কি ?
উত্তৰ :
পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ ঠিকমতে সংঘটিত হ'বলৈ জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে এক তন্ত্ৰৰ প্ৰয়োজন হয় ৷
OR

জীৱৰ বাবে বিভিন্ন প্ৰকাৰৰ চলাচলসমূহ অতিকৈ আৱশ্যকীয়। এটা জীৱই খাদ্য সংগ্ৰহৰ বাবে অথবা আন জীৱৰ আক্ৰমণৰ পৰা বাচিবৰ বাবে চলাচল কৰিবলগীয়া হয়। জীৱৰ শৰীৰতো বিভিন্ন ক্রিয়া-কলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। এই ক্রিয়া-কলাপসমূহ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ। এই সকলো ধৰণৰ চলাচল ঠিকমতে সংঘটিত হ'বলৈ জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে এক তন্ত্ৰৰ প্ৰয়োজন হয় ৷

10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?
উত্তৰ :
ঐচ্ছিক ক্ৰিয়া :
i) এইবোৰ মগজুৰ চিন্তা শক্তিৰ দ্বাৰা সংঘটিত হয়
ii) এই ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হয়
iii) ঐচ্ছিক ক্ৰিয়া হ’ল ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পৰা ক্ৰিয়া
iv) ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়

প্ৰতীপ ক্ৰিয়া :
i) এইবোৰ বাহ্যিক উদ্দীপকৰ দ্বাৰা সংঘটিত হয়
ii) এক ছেকেণ্ডতকৈ কম সময়ত সংঘটিত হয়
iii) প্ৰতীপ ক্ৰিয়া হ’ল শৰীৰৰ এটা অনৈচ্ছিক স্বত স্ফূৰ্ত খৰতকীয়া প্ৰতিক্ৰিয়া
iv) ই অকল স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়

11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা ।
উত্তৰ :
নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ (স্নায়বিক সমন্বয়) :
(i) বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে।
(ii) স্নায়ু কলাৰ দৰকাৰ হয়।
(iii) ক্ষিপ্র গতিত সংঘটিত হয়।
(iv) কম প্রভাৱী।

হৰম'নৰ সমন্বয় :
(i) হৰম'নৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে।.
(ii) কোনো কলাৰ দৰকাৰ নহয়।
(iii) মন্থৰ গতিত সংঘটিত হয়।
(iv) অতিকৈ প্ৰভাৱী।

12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?
উত্তৰ :
নিলাজী বনৰ পাতৰ চলন :
i) নিলাজী বনৰ পাতৰ চলন হ’ল বাহ্যিক উত্তেজনাৰ প্ৰতি সহাৰি
ii) পানীৰ পৰিমানৰ উপৰত ভিত্তি কৰি উদ্ভিদ কোষে ইয়াৰ আকৃতিৰ পৰিৱৰ্ত্তন কৰে
iii) ইয়াত কোনো ধৰণৰ স্নায়ু জড়িত নহয়
iv) নিলাজী বনৰ চলনত প্ৰটিনৰ প্ৰয়ােজন নহয়

আমাৰ ভৰিৰ চলনৰ আচৰণ :
i) আমাৰ ভৰিৰ চলন কোনো উত্তিজনাৰ ফল নহয়
ii) ই এটা ঐচ্ছিক প্ৰক্ৰিয়া যি মস্তিস্কৰ দ্বাৰা নিয়ন্ত্ৰণ হয়
iii) ইয়াত স্নায়ু জড়িত হৈ থাকে
iv) ভৰিৰ চলনত প্ৰটিনৰ প্রয়ােজন




Updated on 16th October 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments