(SEBA)Secondary Education Board of AssamClass : XSubject : ScienceMedium : Assamese
Chapter : 01ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ(Chemical reactions and equations)
অতিৰিক্ত প্ৰশ্নাৱলী :
ভৰৰ নিত্যতা সূত্ৰটো লিখা।উত্তৰ : ভৰৰ নিত্যতা সূত্ৰ মতে - ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে।
অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমাণ হ’ব লাগিব।
সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে?
উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয়, তেনে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।
সন্তুলিত ৰাসায়নিক সমীকৰণৰ উদাহৰণ :
1) Mg + O₂ → MgO
⇒2Mg + O₂ → 2MgO
2) Fe + H₂O → Fe₃O₄ + H₂
⇒3Fe + 4H₂O → Fe₃O₄ + 4H₂
জঁকা ৰাসায়নিক সমীকৰণ কাক বোলে?
উত্তৰ : যি ৰাসায়নিক সমীকৰণৰ দুয়োফালৰ ভৰ একে নহয়, তেনে সমীকৰণক জঁকা ৰাসায়নিক সমীকৰণ বোলে।
OR
যি ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ বেলেগ বেলেগ, তেনে সমীকৰণক জঁকা ৰাসায়নিক সমীকৰণ বোলে।OR
অসন্তুলিত ৰাসায়নিক সমীকৰণক জঁকা ৰাসায়নিক সমীকৰণ বোলে।পদাৰ্থৰ ভৌতিক অৱস্থা আৰু চিহ্নবোৰ লিখা।
উত্তৰ :
গেছীয় → g (gas)
তৰল → l (liquid)
জলীয় → aq (aquas)
গোটা → s (solid)
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 6
1. বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয়? [HSLC.'19]উত্তৰ : মেগনেছিয়াম এটা অতি সক্ৰিয় ধাতু। ইয়াক জাৰণৰ পৰা ৰক্ষা কৰিবলৈ মেগনেছিয়াম অক্সাইডৰ তৰপ এটাৰ আৱৰণ থাকে। সেয়ে, বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা ডাল পৰিস্কাৰ কৰি ল’ব লাগে।
2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা | [HSLC.'22]
i) হাই’ড্ৰজেন+ ক্ল’ৰিন → হাই’ড্ৰজেন ক্ল’ৰাইড
উত্তৰ : H₂ + Cl₂ → 2HCl
ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড
উত্তৰ : 3BaCl₂ + Al2(SO₄)₃ → 3BaSO₄ + 2AlCl₃
iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাই’ড্ৰক্সাইড + হাই’ড্ৰজেন
উত্তৰ : 2Na + 2H₂O → 2NaOH + H₂
প্ৰশ্ন 3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা | [HSLC.'17]
i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডি্য়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়
উত্তৰ : BaCl₂ (aq) + Na₂SO₄ (aq) → BaSO₄ (s) + 2NaCl (aq)
ii) ছ’ডিয়াম হাই’ড্ৰক্সাইডৰ দ্ৰৱ(পানীত) হাই’ড্ৰক্ল’ৰিক এছিডৰ দ্ৰৱ(পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে
উত্তৰ : NaOH (aq) + HCl (aq) → NaCl (aq) + H2O (l)
অতিৰিক্ত প্ৰশ্নাৱলী :
সংযোজন বিক্রিয়া কাক বোলে?উত্তৰ : যি বিক্ৰিয়াত দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে সংযোজন বিক্রিয়া বোলে।
OR
যি বিক্ৰিয়াত দুটা বা ততোধিক পদার্থ/মৌল/যৌগ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ গঠন হয়, তেতিয়া তাক সংযোজন বিক্রিয়া বোলা হয়৷যেনে :-
(i) CaO+H₂O → Ca(OH)
(ii) C+O₂ → CO₂
(iii) H₂+O₂ → H₂O
Note :
CaO → পোৰা চূণ বোলে।
Ca(OH) → শিথিলিত চূণ বোলে।
পোৰা চূণৰ সংকেত লিখা।
উত্তৰ : CaO
পোৰা চূণৰ ব্যৱহাৰ লিখা।
উত্তৰ : চিমেন্ট উৎপাদনত পোৰা চূণৰ ব্যৱহাৰ কৰা হয়।
তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে?
উত্তৰ : যিবোৰ বিক্ৰিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয়।
যেনে :-
CH₄+2O₂ → CO₂+H₂O
বিযোজন বিক্রিয়া কাক বোলে?
উত্তৰ : যি বিক্ৰিয়াত এটা বিক্রিয়ক পদাৰ্থৰ পৰা একাধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে বিযোজন বিক্রিয়া বোলে।
যেনে :-
(i) 2FeSO₄ → Fe₂O₃+SO₂+SO₃
(ii) CaCo₃ → CaO+CO₂
তাপীয় বিযোজন কাক বোলে?
উত্তৰ : যেতিয়া এটা বিযোজন বিক্রিয়া তাপ প্রয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বোলা হয় ৷
যেনে :-
CaCo₃ (তাপ)→ CaO+CO₂
তাপগ্রাহী বিক্রিয়া কাক বোলে?
উত্তৰ : যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্রাহী বিক্রিয়া বোলে।
যেনে :-
CaCo₃ (তাপ)→ CaO+CO₂
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 10
প্ৰশ্ন 1. এটা পদাৰ্থ ‘X’ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ(White washing) ব্যৱহাৰ কৰা হয় |i) পদাৰ্থ ‘X’ৰ নাম আৰু সংকেত লিখা৷
উত্তৰ : পদাৰ্থ ‘X’ৰ নাম কেলছিয়াম অক্সাইড |
ইয়াৰ সংকেত হ’ল : CaO |
ii) পানীৰে সৈতে পদাৰ্থ ‘X’এ কৰা বিক্ৰিয়াটো লিখা | [HSLC.'20]
উত্তৰ : CaO + H₂O → Ca(OH)₂
প্ৰশ্ন 2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
অতিৰিক্ত প্ৰশ্নাৱলী :
অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া কাক বোলে?উত্তৰ : যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলটোক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে।
যেনে :-
(i) Fe+CuSO₄ → FeSO₄+Cu
(ii) Zn+CuSO₄ → ZnSO₄+Cu
(iii) Pb+CuCl₂ → PbCl₂+Cu
অধ:ক্ষেপ মানে কি?
উত্তৰ : ৰাসায়নিক বিক্ৰিয়া এটাত উৎপন্ন হোৱা অদ্রাব্য পদাৰ্থবোৰক অধ:ক্ষেপ বোলে।
অধ:ক্ষেপন বিক্রিয়া কাক বোলে?
উত্তৰ : অধ:ক্ষেপ উৎপন্ন হোৱা বিক্রিয়াক অধ:ক্ষেপন বিক্রিয়া বোলে ।
দ্বিঅপসৰণ বিক্রিয়া কাক বোলে?
উত্তৰ : যি বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপসৰণ বিক্রিয়া বোলা হয়।
যেনে :-
Na₂SO₄+BaCl₂ → BaSO₄+2NaCl
জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া কাক বোলে।
উত্তৰ : এটা বিক্রিয়ক পদার্থ জাৰিত হওঁতে আনটো বিজাৰিত হৈছে। এনেবোৰ বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া বোলা হয়।
যেনে :
(i) CuO+H₂ → Cu+H₂O
(ii) ZnO+C → Zn+CO
(iii) MnO₂+4HCl → MnCl₂+H₂O+Cl₂
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 13
প্ৰশ্ন 1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?উত্তৰ : লো (আইৰন) ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে আইৰনে ক’পাৰ ছালফেট দ্ৰৱটোৰ পৰা ক’পাৰ মৌলটোক অপসাৰিত কৰি আইৰন ছালফেট উৎপন্ন কৰে | সেয়ে, লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে |
প্ৰশ্ন 2. কার্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া।
উত্তৰ : এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ হ'ল :-
AgNO₃+NaCl → AgCl + NaNO₃
প্ৰশ্ন 3. তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা | [HSLC.'17,'20]
i) 4Na (s) + O₂ (g) → 2Na₂O (s)
উত্তৰ : ইয়াত,
Na জাৰিত হৈছে |
O₂ বিজাৰিত হৈছে |
ii) CuO (s) +H₂ (g) → Cu(s) + H₂O (l)
উত্তৰ : ইয়াত,
H₂ জাৰিত হৈছে |
CuO বিজাৰিত হৈছে |
অনুশীলনী প্ৰশ্নোত্তৰ : পৃষ্ঠা- 14
প্ৰশ্ন 1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?2PbO(s) + C(s) → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) সকলো
উত্তৰ : (i) (a) আৰু (b)
প্ৰশ্ন 2. Fe₂O₃ + 2Al → Al₂O₃ + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ [HSLC.'16,'18]
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্ৰিয়াৰ
উত্তৰ : (d) এটা অপসৰণ বিক্ৰিয়া
প্ৰশ্ন 3. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া। [HSLC.'17]
(a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰ : (a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
প্ৰশ্ন 4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণ সমূহ কিয় সন্তুলিত কৰিব লাগে ? [HSLC.'22]
উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয়, তেনে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে |
ৰাসায়নিক সমীকৰণ সমূহ ভৰৰ নিত্যতা সূত্ৰটো মানি চলিবলৈ সন্তুলিত কৰিব লাগে |
প্ৰশ্ন 5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা |
a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে | [HSLC.'16,'18]
উত্তৰ : 3H₂ + N₂ → 2NH₃
b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে | [HSLC.'15,'18,'20]
উত্তৰ : 2H₂S + 3O₂ → 2H₂O + 2SO₂
c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃহ্মেপ উৎপন্ন কৰে | [HSLC.'15]
উত্তৰ : 3BaCl₂ + Al₂(SO₄)₃ → 2AlCl₃ + 3BaSO₄
d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপণ্ন কৰে | [HSLC.'20]
উত্তৰ : 2K + 2H₂O → 2KOH + H₂
প্ৰশ্ন 6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা |
a)HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + H₂O
উত্তৰ : 2HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + 2H₂O
b) NaOH + H₂SO₄ → Na₂SO₄ + H₂O
উত্তৰ : 2NaOH + H₂SO₄ → Na₂SO₄ + 2H₂O
c) NaCl + AgNO₃ → AgCl + NaNO₃
উত্তৰ : NaCl + AgNO₃ → AgCl + NaNO₃
d) BaCl₂ + H₂SO₄ → BaSO₄ + HCl
উত্তৰ : BaCl₂ + H₂SO₄ → BaSO₄ + 2HCl
প্ৰশ্ন 7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা |
a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী |
উত্তৰ : Ca(OH)₂ + CO₂ → CaCO₃ + H₂O
b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ |
উত্তৰ : Zn + 2AgNO₃ → Zn(NO₃)₂ + 2Ag
c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ |
উত্তৰ : 2Al + 3CuCl₂ → 2AlCl₃ + 3Cu
d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড |
উত্তৰ : BaCl₂ + K₂SO₄ → BaSO₄ + 2KCl
প্ৰশ্ন 8. তলত দিয়াবোৰৰ বাবে সপ্তলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্র’মাহড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয় ‘ডাইড (aq) + বেৰিয়াম ব্ৰ ‘মাইড (s)
উত্তৰ : 2KBr (aq) + Bal₂ (aq) 2KI (aq) + BaBr₂ (s)
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g) [HSLC.'16]
উত্তৰ : ZnCO₃(s) → ZnO(S) + CO₂(g)
(c) হাইড্র’ জৈন (g) + ক্ল’ৰিন (g) → হাইড্ৰ’জেন ক্ল’ৰাইড (g) [HSLC.'22]
উত্তৰ : H₂(g) + Cl₂(g) → 2HCl(g)
(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্লৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন (g)
উত্তৰ : Mg(s) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g)
প্ৰশ্ন 9. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া | [HSLC.'16,'18]
উত্তৰ :
তাপবৰ্জী বিক্ৰিয়া :
যিবোৰ বিক্ৰিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয়।
উদাহৰণ :
CH₄+2O₂ → CO₂+H₂O
তাপগ্ৰাহী বিক্ৰিয়া :
যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্রাহী বিক্রিয়া বোলে।
উদাহৰণ :
CaCo₃ (তাপ)→ CaO+CO₂
প্ৰশ্ন 10. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা |
উত্তৰ : শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত গ্লু’কজৰ জাৰন ঘটি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় | যিহেতু এই প্ৰক্ৰিয়াত শক্তি উৎপন্ন হয় সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয় |
যেনে : C₆H₁₂O₆ + 6O₂ + 6H₂O → 6CO₂ + 12H₂O + শক্তি
প্ৰশ্ন 11. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা | [HSLC.'15]
উত্তৰ : বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কাৰণ :
বিযোজন বিক্ৰিয়া :
যি বিক্ৰিয়াত এটা বিক্রিয়ক
পদাৰ্থৰ পৰা একাধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে বিযোজন বিক্রিয়া বোলে।
সমীকৰণ:
2FeSO₄ → Fe₂O₃+SO₂+SO₃
সংযোজন বিক্ৰিয়া :
যি বিক্ৰিয়াত দুই বা ততোধিক বিক্রিয়ক
পদাৰ্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে সংযোজন বিক্রিয়া বোলে।
OR
যি বিক্ৰিয়াত দুটা বা ততোধিক পদার্থ/মৌল/যৌগ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ গঠন হয়, তেতিয়া তাক সংযোজন বিক্রিয়া বোলা হয়৷সমীকৰণ :
CaO+H₂O → Ca(OH)
প্ৰশ্ন 12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।
উত্তৰ : (i) তাপ :
CaCO₃ তাপ→ CaO + CO₂
(ii) পোহৰ :
2AgCl সূৰ্যৰ পোহৰ→ 2Ag + Cl₂
(iii) বিদ্যুৎ :
2H₂O বিদ্যুৎ→ 2H₂ + O₂
প্ৰশ্ন 13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা |
উত্তৰ :
অপসৰণ বিক্ৰিয়া :
যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলটোক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে।
অপসৰণ বিক্ৰিয়াৰ সমীকৰণ :
Fe+CuSO₄ → FeSO₄+Cu
দ্বিঅপসৰণ বিক্ৰিয়া :
যি বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপসৰণ
বিক্রিয়া বোলা হয়।
দ্বিঅপসৰণ বিক্ৰিয়াৰ সমীকৰণ :
Na₂SO₄+BaCl₂ → BaSO₄+2NaCl
প্ৰশ্ন 14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসৰণ সংঘটিত কৰা হয় | জড়িত বিক্ৰিয়াটো লিখা |
উত্তৰ : 2AgNO₃ + Cu → Cu(NO₃)₂ + 2Ag
প্ৰশ্ন 15. অধ:ক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা |
উত্তৰ : অধ:ক্ষেপ (অদ্ৰাৱ্য পদাৰ্থ) উৎপন্ন হোৱা বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বোলে |
যেনে : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট অধঃক্ষেপ হিচাপে উৎপন্ন হয় |
Na₂SO₄(aq) + BaCl₂(aq) → BaSO₄(s) + 2NaCl(aq)
প্ৰশ্ন 16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা |
a) জাৰণ
উত্তৰ : কোনো বিক্ৰিয়াত পদাৰ্থ এটাই যদি অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায় তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলে | [HSLC.'19]
উদাহৰণ :
i) 2Mg(s) + O₂(g) তাপ→ 2MgO(s)
ii) 2Cu(s) + O₂(g) তাপ→ 2CuO(s)
b) বিজাৰণ
উত্তৰ : কোনো বিক্ৰিয়াত পদাৰ্থ এটাই যদি অক্সিজেন হেৰুৱায় বা হাইড্ৰ’জেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে |
উদাহৰণ :
i) CuO(s) + H₂(g) তাপ→ Cu + H₂O
ii) ZnO(s) + C(s) তাপ→ Zn(s) + C0(g)
প্ৰশ্ন 17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল | মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা | [HSLC.'20]
উত্তৰ : উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড(CuO) |
প্ৰশ্ন 18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ? [HSLC.'18,'20]
উত্তৰ : মামৰ ধৰা ৰোধ কৰিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় |
প্ৰশ্ন 19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ? [HSLC.'18]
উত্তৰ : তেল আৰু চৰ্বি থকা খাদ্যবস্তু জাৰিত হ’লে ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় | সাধাৰণতে জাৰণ নঘটিবলৈ আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ তেল আৰু চৰ্বি থকা খাদ্যবস্তুত প্ৰতিজাৰক পদাৰ্থ অৰ্থাৎ নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় |
প্ৰশ্ন 20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা | [HSLC.'23]
a) ক্ষয়ীভৱন :
উত্তৰ :
যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলা হয় |
ক্ষয়ীভৱনৰ উদাহৰণ : লোত মামৰে ধৰা |
b) চৰ্বিৰ দুৰ্গন্ধিতা :
উত্তৰ :
যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধি হয় | ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় | ইয়াকে দুৰ্গন্ধিতা বোলে |
দুৰ্গন্ধিতাৰ উদাহৰণ : মাখন বেছি দিনলৈ ৰাখিলে তাৰ গোন্ধ আৰু স্বাদ সলনি হয় |
0 Comments