Ads banner

JE Banner Ads
Image 2

জীৱন প্ৰক্ৰিয়া - অধ্যায় ০৬ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 06
জীৱন প্ৰক্ৰিয়া
(Life Process)


অতিৰিক্ত প্ৰশ্নাৱলী :

জীৱন প্ৰক্ৰিয়া কাক বোলে?
উত্তৰ : জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বোলে।

আহাৰ কাক বোলে?
উত্তৰ : জীৱ দেহৰ বাহিৰৰ শক্তিৰ উৎসক আহাৰ বুলি কোৱা হয়।

পৰিপুষ্টি কাক বোলে?
উত্তৰ : জীৱ দেহৰ বাহিৰৰ শক্তিৰ উৎসৰ পৰা জীৱ দেহৰ ভিতৰলৈ শক্তিৰ স্থানান্তৰনৰ প্ৰক্ৰিয়াক পৰিপুষ্টি বুলি কোৱা হয়।

শ্বসন কাক বোলে?
উত্তৰ : জীৱই বহি পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰন কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰোপযোগী কৰি তোলাকে শ্বসন বুলি কোৱা হয়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 95

1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?
উত্তৰ : মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই। ব্যাপন হ’ল এটা ধীৰ গতিৰে হোৱা প্ৰক্ৰিয়া৷ ই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াবলৈ বহুত সময় ল’ব৷ গতিকে, ব্যাপন প্ৰক্ৰিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয়।

2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?
উত্তৰ : কোনো এটা জীৱ জীৱিত নে মৃত তাক তলত দিয়া চৰ্তসমূহ ব্যৱাহৰ কৰি ঠাৱৰ কৰিম-
(ii) খাদ্যগ্ৰহণ (ii) বৃদ্ধি (iii) শ্বসন (iv) চলালাচল (v) প্ৰজনন

3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰ : জীৱই বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বাহিৰৰ পৰিবেশৰ পৰা আহৰন কৰে। স্বপোষী জীৱই পানী, খনিজ পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড পৰিবৱশৰ পৰা গ্ৰহণ কৰে। পৰপোষী জীৱই অক্সিজেন, খাদ্য আদি বাহিৰৰ পৰা আহৰন কৰে।

4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰ :
জীৱৰ জীৱন বৰ্তি থাকিবলৈ অতি প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ হ’ল- পৰিপুষ্টি,শ্বসন,পৰিবহন আৰু ৰেচন।
OR

জীৱৰ জীৱন বৰ্তী থাকিবলৈ সকলোবিলাক জীৱন প্ৰক্ৰিয়াই প্ৰয়োজনীয় ৷ উদাহৰণ স্বৰূপে - জীৱ এটাৰ শৰীৰত পৰিপুষ্টি ভাল দৰে হৈ থাকিলেও যদি স্বসন প্ৰক্ৰিয়া নহয় তেনেহ’লে শক্তিৰ অভাৱত জীৱটোৰ জীৱন বৰ্তী নাথাকে ৷


অতিৰিক্ত প্ৰশ্নাৱলী :

উৎসেচক কাক বোলে?
উত্তৰ : খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে। এই জৈৱ অনুঘটকবোৰক উৎসেচক (enzyme) বুলি কোৱা হয়।

ভিলাই (Villi) কাক বোলে?
উত্তৰ : ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্রবর্ধক থাকে। এই প্রবর্ধবোৰক ভিলাই বুলি কোৱা হয়।

প্ৰশ্ন : ৰেচন ক্ৰিয়া কি ?
উত্তৰ : জীৱ দেহৰ অভ্যন্তৰত কাৰ্বন আৰু অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকোতে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হয়, জীৱ দেহৰ পৰা এই বৰ্জিত পদাৰ্থসমূহ নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন ক্ৰিয়া বোলে।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 101

1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰ : স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল -

স্বপোষিত পুষ্টি :
i) নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে।
ii) সালোক সংশ্লেষণ ঘটে।
iii) খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল নহয়।
iv) খাদ্য প্ৰস্তুতৰ বাবে পত্ৰহৰিৎৰ প্ৰয়োজন হয়।

পৰপোষিত পুষ্টি :
i) নিজৰ খাদ্য নিজে প্ৰস্তুত নকৰে।
ii) সালোক সংশ্লেষণ নঘটে।
iii) খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্ব-পোষী জীৱৰ ওপৰত নিৰ্ভৰশীল।
iv) খাদ্য প্ৰস্তুতৰ বাবে পত্ৰহৰিৎৰ প্ৰয়োজন নহয়।

2. সালোক সংশ্লেষণত প্রয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?
উত্তৰ :
(i) পানী : উদ্ভিেদ মাটিৰ পৰা মূলেৰে শোষণ কৰে।
(ii) কার্বন ডাই-অক্সাইড : বায়ুমণ্ডলৰ পৰা পায়।
(iii) সূৰ্যৰশ্মি : সূৰ্যৰ পৰা পায়।

3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি? [HSLC.'20]
উত্তৰ :
(i) আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰ'টিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে।
(ii) খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।

4. পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰ : পাচক উৎসেচকসমূহৰ মুখ্য কাৰ্য হ'ল- খাদ্যৰ জটিল অণুসমূহক সৰল অণুলৈ ৰূপান্তৰিত কৰা।

5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰ :
সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলি সদৃশ প্রবর্ধবোৰক ভিলাই বুলি কোৱা হয়। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে। কোষে ইয়াৰ পৰা শক্তি আহৰন কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰ মেৰামতি কৰে।

অতিৰিক্ত প্ৰশ্নাৱলী :

অবাত শ্বসন কাক বোলে?
উত্তৰ : অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱা শ্বসন প্ৰক্ৰিয়াক অবাত শ্বসন বোলা হয়।

সবাত শ্বসন কাক বোলে?
উত্তৰ : অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱা শ্বসন প্ৰক্ৰিয়াক সবাত শ্বসন বোলা হয়।

জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয় কিয়?
উত্তৰ : পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম।

মাছে কেনেদৰে অক্সিজেন গ্ৰহণ কৰে?
উত্তৰ : মাছে মুখেৰে লোৱা পানীভাগ ফুলৰ মাজেৰে জোৰকৈ এৰি দিয়ে। ফলত ফুলত বিয়পি থকা ৰক্ত নলীকাবোৰে ইয়াৰপৰা অক্সিজেন ভাগ ধৰি ৰাখে ।

তেজত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম কি?
উত্তৰ : হিম’গ্লবিন।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 105

1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি?
OR

শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?

OR

শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলজ জীৱ এটাতকৈ সুবিধা কি?
[HSLC.'17]

উত্তৰ : পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম। সেয়ে, জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ ল'ব লগা হয়।

2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়? [HSLC.'15,'22]
উত্তৰ : কিছুমান অনুজীৱই গ্লু’জৰ সম্পূর্ণ জাৰণ ঘটাই কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে। আকৌ কিছুমানে অক্সিজেন ব্যৱহাৰ নকৰে বা কম পৰিমাণে ব্যৱহাৰ কৰে।

3. মানুহৰ দেহত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয় ?
উত্তৰ :
মানুহৰ দেহত তেজৰ লোহিত ৰক্ত কণিকাত থকা (ৰঞ্জক পদাৰ্থ) হিম’গ্লবিনৰ দ্বাৰা অক্সিজেন পৰিবহন হয়।
আনহাতে, পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত, কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিৱাহিত হয়।

4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
OR

গেছৰ আদান-প্ৰদানৰ বাবে পৃষ্ঠকালি সর্বোচ্চ কৰাৰ স্বাৰ্থত মানুহৰ শৰীৰত হাওঁফাওঁ দুটা কেনেদৰে গঠিত হৈছে?

উত্তৰ : হাওঁফাওঁৰ ভিতৰত বায়ুনলী ডাল সৰু সৰু নলীকালৈ বিভাজিত হয়, যিবোৰে কিছুমান বেলুন সদৃশ অংগৰ সৃষ্টি কৰে। এই গঠনবোৰক বায়ুকুপ বোলা হয়। ই গেছৰ আদান-প্ৰদানৰ বাবে এখন পৃষ্ঠৰ যোগান ধৰে। ইয়াৰ বেৰবিলাকত ৰক্তনলীৰ এখন জালিকা থাকে, যাৰ সহায়ত বায়ুকোষ আৰু তেজৰ মাজত গেছৰ আদান-প্রদান ঘটে।

অতিৰিক্ত প্ৰশ্নাৱলী :

তেজত থকা তৰল পদাৰ্থবিধৰ নাম কি?
উত্তৰ : প্লাজমা।

পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক কিয়?
উত্তৰ : পক্ষী আৰু স্তন্যপায়ীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নির্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক।

মানুহৰ হৃদপিণ্ডৰ এটা চিহ্নিত চিত্ৰ আঁকা। [HSLC.'19,'22]
উত্তৰ :

দ্বৈত পৰিবহন কাক বোলে?
উত্তৰ : মেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে। তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে।

Additional important structure for BP :


ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ : ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম ‘স্ফাইগম’মেন’মিটাৰ' (Sphygmomanometer) ।

ৰক্তজালিকা কাক বোলে?
উত্তৰ : সৰু ৰক্ত নলীকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয় আৰু ইয়াক ৰক্তজালিকা বোলে।

সিৰা কি? আৰু ইয়াৰ কাম কি?
উত্তৰ :
সিৰা : ৰক্তজালিকাবোৰ পুনৰ লগ লাগি সিৰা গঠন হয়।
কাম : সিৰাবোৰে বিভিন্ন অংগ বা কলাবোৰৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়ে।

অণুচক্রিকাবোৰৰ কাম কি?
OR

তেজ গোট মৰাত কিহে সহায় কৰে?
উত্তৰ : অণুচক্রিকাবোৰে তেজ গোট মৰাত সহায় কৰে ।

লসিকা কি?
উত্তৰ :
তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হ'ল লসিকা।
OR

ৰক্ত কেশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজেদি কিছুমান প্লাজমা প্ৰ'টিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে। ইয়াকে লসিকা বোলে।

উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰ কি কি?
উত্তৰ : নাইট্ৰজেন, ফচফৰাচ্।

জাইলেম কলাৰ কাম কি?
উত্তৰ : উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱন মাটিৰ পৰা পৰিবহন কৰে ৷

ফ্ল’ৱেম কলাৰ কাম কি?
উত্তৰ : সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে ।

পত্রমোচন বা বাষ্পমোচন কাক বোলে?
উত্তৰ : উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোকে পত্রমোচন বা বাষ্পমোচন বোলে।

খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ কাক বোলে?
উত্তৰ : সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদার্থবিলাকৰ পৰিবহনক খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ বোলে।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 110

1. মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?
উত্তৰ :
মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা হ'ল :
(i) হৃদপিণ্ড
(ii) ৰক্ত
(iii) ধমনী আৰু সিৰা

ইয়াৰ কাৰ্যসমূহ :
(i) হৃদপিণ্ড : শৰীৰৰ বিভিন্ন অংগলৈ তেজৰ সঞ্চালন কৰে।
(ii) ৰক্ত : পাচিত খাদ্য, আক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্ৰ'জেনজাতীয় ৰেচন পদাৰ্থ, লৱণ আদিৰ পৰিবহণ কৰা।
(iii) ধমনী আৰু সিৰা : ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই আৰু সিৰাসমূহে শৰীৰ বিভিন্ন অংগৰ পৰা তেজ হৃদপিণ্ডলৈ ঘূৰাই আনে ৷

2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
OR

স্তন্যপায়ী প্রাণী আৰু চৰাইৰ ক্ষেত্ৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহী তেজক পৃথক কৰি ৰখাৰ প্ৰয়োজনীয়তা কি ?
উত্তৰ : কাৰণ - এনে প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক।

Note :
• অক্সিজেনযুক্ত তেজক বিশুদ্ধ তেজ বোলে।
• অক্সিজেনবিহীন তেজক অশুদ্ধ তেজ বোলে।

3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত থকা অংশসমূহ কি কি?
OR

সুসংগঠিত উদ্ভিদৰ শৰীৰত পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ কি কি ? [HSLC.'18]
উত্তৰ : দুটা -
(i) জাইলেম
(ii) ফ্লোৱেম।

4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়? [HSLC.'15,18]
উত্তৰ : উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ দুই ধৰণে পৰিবহন হয়। যেনে -
(i) জাইলেম : উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱন মাটিৰ পৰা পৰিবহন কৰে ৷
(ii) ফ্ল’ৱেম : সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে ।

5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে?
OR

উদ্ভিদ দেহত খাদ্য কিদৰে পৰিবাহিত হয়? [HSLC.'15,'20]
উত্তৰ : সালােক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত দ্রবণীয় পদার্থসমূহৰ পৰিবহণক খাদ্য সংক্রমণ বােলে। উদ্ভিদৰ ফ্ল’ৱেম কলাৰ যােগেদি খাদ্য সংবহন হয়। উদ্ভিদৰ খাদ্য সংবহন উর্ধমুখী আৰু অধােমুখী দুয়ােটা দিশত সংঘটিত হয়। উদ্ভিদে প্রস্তুত কৰা খাদ্য অর্থাৎ শৰ্কৰা ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে ATP ৰ পৰা শক্তি আহৰণ কৰে। ইয়াৰ ফলত ফ্ল’ৱেম কলাত আসৃতি চাপৰ বৃদ্ধি পায় আৰু পানী তাৰ ভিতৰলৈ গতি কৰে। ফলস্বৰূপে, উদ্ভিদ দেহৰ প্ৰয়ােজনীয় অংগলৈ খাদ্যৰ সংবহন ঘটে।

অতিৰিক্ত প্ৰশ্নাৱলী :

ৰেচন কাক বোলে ?
উত্তৰ : জৈৱ ৰাসায়নিক প্রক্রিয়াত উৎপন্ন হোৱা নাইট্ৰ'জেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা নিষ্কাশন (বৰ্জন) কৰা প্ৰক্ৰিয়াটোক ৰেচন বুলি কোৱা হয় ৷

Note :
মানুহৰ ৰেচন তন্ত্ৰটো এযোৰ বৃক্ক (kidney), এযোৰ মূত্ৰনলী (Ureters), এটা মূত্রথলী (Urinary bladder) আৰু এটা মুত্ৰ নিষ্কাশন নলীৰ (Urethra) দ্বাৰা গঠিত।

নেফ্রন কাক বোলে?
উত্তৰ : বৃক্কত অসংখ্য ৰক্তজালিকাবোৰলগ লাগি কাপ সদৃশ নলীকা গঠন হয়। এইবোৰক নেফ্রন বোলে।

নেফ্ৰনবোৰৰ কাম কি?
উত্তৰ : নেফ্ৰনবোৰে তেজ, গ্লুক’জ, এমিন' এছিড, লৱণ আৰু পানী চেকাত সহায় কৰে।

Note :
সাধাৰণতে এজন সুস্থ মানুহৰ বৃক্কই এদিনত 180L তেজ চেকীব পাৰে ।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 112

1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
উত্তৰ :

চিত্ৰ :


নেফ্ৰনৰ গঠন :
(a)বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে ।
(b) ৰক্ত জালিকাবোৰ লগ লাগি কাপ সদৃশ নলীকা গঠন হয় ।
(c) এনে নলীকাৰ এককবোৰকে নেফ্ৰন বোলে ।

নেফ্ৰনৰ কাৰ্য :
নেফ্ৰনবোৰে প্ৰাথিমক অৱস্থাত গ্লুক’জ, এমিন’এচিড, লৱন আৰু প্ৰচুৰ পৰিমানে পানী চেকি লোৱাৰ পাছত পাছৰ নলীকাত অধিশোষন কৰি লয় । তেজ দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানীভাগ অধিশোষন হয় । বাকী পদাৰ্থখিনি নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ ওলাই আহে ।


2. উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে ৷
OR

ৰেচনজাতীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে উদ্ভিদে ব্যৱহাৰ কৰা পদ্ধতিবোৰ কি কি ? [HSLC.'23]
উত্তৰ :
(ক) বাষ্পমোচনৰ সহায়ত অত্যধিক পানী ত্যাগ দিয়ে ।
(খ) সৰি পৰা পাততো বৰ্জিত পদাৰ্থ ত্যাগ কৰে ।
(গ) কিছুমান বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে।

3. কেনেকৈ মূত্র উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ : মূত্র উৎপন্ন হোৱাৰ পৰিমাণ নির্ভৰ কৰে কিমানখিনি পানী গ্ৰহণ কৰা হৈছে তাৰ ওপৰত। অধিক পৰিমাণে পানী গ্ৰহণ কৰিলে দেহত ৰেচনৰ মাত্রা বৃদ্ধি হয় ফলত অধিক মূত্র উৎপন্ন হয়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 113

1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন

উত্তৰ : (c) ৰেচন

2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল—
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন' এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন

উত্তৰ : (a) পানীৰ পৰিবহন

3. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয়—
(a) কার্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা ।

উত্তৰ : (d) ওপৰৰ আটাইকেইটা ।

4. পাইৰুভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় –
(a) চাইট'প্লাজমত
(b) মাইট’কন্ড্রিয়াত
(c) ক্ল'ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত

উত্তৰ : (b) মাইট’কন্ড্রিয়াত

5. আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় ?
উত্তৰ :
চৰ্বীৰ অনুসমূহ বৃহত আকাৰৰ। এনে বৃহত অনুৰ ওপৰত উৎসেচকৰ ক্ৰিয়া কাৰ্যক্ষম নহয়। যকৃত গ্ৰন্থিৰ দ্বাৰা নিসৰিত পিত্তৰসত থকা পিত্তলৱনে চৰ্বীৰ বৃহত অনুবোৰক সৰু সৰু কৰাৰ লগতে পিত্তৰসে ইহঁতক ক্ষাৰকীয় কৰে । ফলত অগ্নাশয় ৰসৰ লাইপেজ আৰু আন্ত্ৰিক ৰসৰ উৎসেচকে চৰ্বীৰ পাচন ঘটাই ফেটি এচিড আৰু গ্লিচাৰলত পৰিণত কৰে।

এই প্ৰক্ৰিয়াটো ক্ষুদ্ৰান্তত সংঘটিত হয়।

6. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ :
(i) লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে।
(ii) লালটিয়ে খাদ্যক পিছল কৰি তাক গ্ৰাহনলীয়ে পৰিবহন হোৱাত সহায় কৰে।

7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্রয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰ :
প্ৰয়োজনীয় কাৰক :
কাৰ্বনডাইঅক্সাইড, পানী, পত্ৰহৰিৎ, সূৰ্যৰ পোহৰ।

উপজাত পদাৰ্থবোৰ :
গ্লুক'জ, অক্সিজেন।

৪. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উত্তৰ :
সবাত শ্বসন :
(ক) অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱা শ্বসন প্ৰক্ৰিয়াক সবাত শ্বসন বোলা হয়।
(খ) উৎপাদিত শক্তিৰ পৰিমাণ বেছি।
(গ) মাইট’কন্ড্রিয়াত সংঘটিত হয়।

অবাত শ্বসন :
(ক) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱা শ্বসন প্ৰক্ৰিয়াক অবাত শ্বসন বোলা হয়।
(খ) উৎপাদিত শক্তিৰ পৰিমাণ কম।
(গ) কোষপ্ৰৰসত সংঘটিত হয়।

সবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম : মানুহ, মাছ ইত্যাদি।

অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম : বেক্টেৰিয়া, ইস্ট ইত্যাদি।

9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰ : বায়ুকোষবোৰে গেছৰ আদান-প্রদান সংঘটিত হ'বৰ বাবে এখন পৃষ্ঠৰ যোগান ধৰে। বায়ুকোষবোৰৰ বেৰত ৰক্তনলীৰ এখন জটিল জালিকা থাকে, যিয়ে বায়ুকোষ আৰু তেজৰ মাজত কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ আদান-প্ৰদান হোৱাত সুবিধা কৰি দিয়ে ।

Note :
বায়ুকোষ :
হাঁওফাওৰ ভিতৰত বায়ুনলীডাল সৰু সৰু কিছুমান নলীকালৈ বিভাজিত হৈ কিছুমান বেলুন সদৃশ গঠন কৰে। এই বেলুন সদৃশ গঠনবোৰক বায়ুকোষ বোলা হয়।

10. আমাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ কমি গ'লে কি হ'ব?
উত্তৰ : আমাৰ শৰীৰত হিমগ্লবিনৰ অভাৱ ঘটিলে, আমাৰ শৰীৰৰ কোষসমূহে :
ক) পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপাব।
খ) দৰকাৰ হোৱা শক্তি উৎপাদন কৰিবলৈ অক্ষম হ'ব।
গ) বিভিন্ন জৈৱ ৰাসায়নিক প্রক্রিয়া বাধাগ্ৰস্ত হ'ব ।

Note :
হিমগ্লবিন :
হিমগ্লবিন হ'ল আমাৰ তেজৰ লোহিত ৰক্ত কণিকাত থকা এবিধ শ্বাসৰঞ্জক, যিয়ে তেজত অক্সিজেন কঢ়িয়াই নিয়ে।

11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্রটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰ :
বৰ্ণনা :
মেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে। তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে।
আমাৰ শৰীৰৰ অশুদ্ধ তেজ সোঁ অলিন্দত প্ৰৱেশ কৰে, ইয়াৰ পৰা সোনিলয় হৈ হাওঁফাওলৈ যায়। হাওঁফাওঁৰ পৰিশোধিত তেজ বাওঁ অলিন্দলৈ আহে, ইয়াৰ পৰা বাওঁ নিলয়লৈ যায়। বাওঁনিলয়ৰ পৰা তেজ মহাধমনীৰে ওলাই গৈ প্ৰতিটো কলা কোষ পায়। এনেদৰে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ প্ৰবাহিত হৈ আমাৰ দেহত এটা চক্ৰ সম্পূৰ্ণ কৰে।

প্ৰয়োজন :
জীৱন প্ৰক্ৰিয়া চলিবৰ বাবে অধিক শক্তিৰ প্ৰয়োজন।
এই শক্তিৰ কাৰণে দ্বৈত ৰক্ত সংবহন দৰকাৰ।

12. জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ? [HSLC.'20]
উত্তৰ :
জাইলেম :
ক) উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱন মাটিৰ পৰা পৰিবহন কৰে ৷
খ) এই পৰিবহন মাথোঁ উৰ্দ্ধমুখী দিশত সম্পন্ন হয় ।

ফ্ল’ৱেম :
ক) সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে ।
খ) এই পৰিবহন উৰ্দ্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত সম্পন্ন হয় ।

13. হাঁও ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ।
উত্তৰ :
বায়ুকোষৰ গঠন আৰু কাৰ্য :
হাঁওফাওৰ ভিতৰত বায়ুনলীডাল সৰু সৰু কিছুমান নলীকালৈ বিভাজিত হৈ কিছুমান বেলুন সদৃশ গঠন কৰে। এই বেলুন সদৃশ গঠনবোৰক বায়ুকোষ বোলা হয়। বায়ুকোষবোৰে গেছৰ আদান-প্রদান সংঘটিত হ'বৰ বাবে এখন পৃষ্ঠৰ যোগান ধৰে। বায়ুকোষবোৰৰ বেৰত ৰক্তনলীৰ এখন জটিল জালিকা থাকে, যিয়ে বায়ুকোষ আৰু তেজৰ মাজত কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ আদান-প্ৰদান হোৱাত সুবিধা কৰি দিয়ে ।

বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্য :
নেফ্ৰনৰ গঠন :
(a)বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে ।
(b) ৰক্ত জালিকাবোৰ লগ লাগি কাপ সদৃশ নলীকা গঠন হয় ।
(c) এনে নলীকাৰ এককবোৰকে নেফ্ৰন বোলে ।

নেফ্ৰনৰ কাৰ্য :
নেফ্ৰনবোৰে প্ৰাথিমক অৱস্থাত গ্লুক’জ, এমিন’এচিড, লৱন আৰু প্ৰচুৰ পৰিমানে পানী চেকি লোৱাৰ পাছত পাছৰ নলীকাত অধিশোষন কৰি লয় । তেজ দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানীভাগ অধিশোষন হয় । বাকী পদাৰ্থখিনি নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ ওলাই আহে ।





Updated on 10th October 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments