Ads banner

JE Banner Ads
Image 2

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী - অধ্যায় ১১ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 11
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
(The Human Eye and Colourful World)


Note :

মানৱ চকু :

মানুহৰ চকুযোৰ হ'ল অমূল্য আৰু সংবেদনশীল অনুভূতি ইন্দ্ৰিয়। ই আমাক চৌপাশৰ মনোমোহা, বাৰেবৰণীয়া জগতখন প্ৰত্যেক্ষ কৰোৱায়। সেয়েহে, অনুভূতি ইন্দ্ৰিয় সমুহৰ ভিতৰত মানুহৰ চকুযোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ।


মানুহৰ চকুটো এটা কেমেৰাৰ দৰে। ইয়াৰ লেন্স প্ৰণালীয়ে অক্ষিপট/ৰেটিনা নামৰ পোহৰ সংবেদনশীল এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে। কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়। কৰ্ণিয়াৰ পিছফালে থকা পেশীবহুল পৰ্দাই চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। চকুত সোমোৱা পোহৰৰ পৰিমান নিয়মিয় আৰু নিয়ন্ত্ৰণ কৰে মণিয়ে। চকুৰ লেনছে্ অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। পোহৰ সংবেদনশীল কোষবোৰত পোহৰ পৰিলে এইবিলাক সক্ৰিয় হৈ উঠে আৰু উৎপন্ন হোৱা বৈদ্যুতিক সংকেত বোৰ নেত্ৰস্নায়ুৰ জৰিয়তে মগজুলৈ প্ৰেৰণ কৰে। মগজুৱে এই সংকেত বোৰৰ তাৎপৰ্যোদ্ধাৰ কৰে আৰু শেষত তথ্য বিশ্লেষণৰ দ্ধাৰা সঠিক ৰূপত দৃষ্টিৰ অনুভূতি জগায়।

অতিৰিক্ত প্ৰশ্নাৱলী :

চকুৰ নিকট বিন্দু কাক বোলে ? সুস্থ চকুৰ বাবে এই নিকট বিন্দু কিমান দূৰত্বৰ হয়?
উত্তৰ : চকুৰ পৰা যি নূন্যতম দূৰত্বত বস্তু এটা স্পষ্টকৈ দেখা পোৱা যায় স্পষ্ট দৃষ্টিৰ নূন্যতম দূৰত্ব বা চকুৰ নিকট বিন্দু বোলে। সুস্থ চকুৰ বাবে এই নিকট বিন্দু 25cm দূৰত্বৰ হয়।

কেটেৰেক্ট বা ছানি পৰা ৰোগ কি?
উত্তৰ : কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেনছখন দুগ্ধসদৃশ আৰু অস্পষ্ট হৈ যোৱাকেই চকুৰ কেটেৰেক্ট বা ছানি পৰা ৰোগ বোলে।

এনে ৰোগীক অস্ত্ৰোপচাৰ যোগে দৃষ্টি শক্তি পূনৰ ঘুৰাই অনা সম্ভৱ।

দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ কি?
উত্তৰ : চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য পৰিৱৰ্তনৰ সামর্থ কমি আহিলে বস্তুবোৰ স্পষ্টভাবে দেখা নাযায়। যাক দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ বুলি কোৱা হয়।

দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ কেইবিধ?
উত্তৰ :
দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ তিনিবিধ -
(i) মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা।
(ii) হাইপাৰ মেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা
(iii) প্ৰেছবায়’পিয়া বা জৰাদৃষ্টি।

এই বিকাৰসমূহ উপযুক্ত গোলাকাৰ লেন্‌ছ (অৱতল/উত্তল লেন্‌ছ) ৰ ব্যৱহাৰেৰে সংশোধন কৰিব পাৰি।

Note :

(i) মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) :
মায়’পিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ
দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়।
মায়’পিয়া থকা চকুৱে দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব অক্ষিপটত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত গঠন কৰে।

এই বিকাৰৰ কাৰণসমূহ হৈছে :
(i) চকুৰ লেন্‌ছৰ অত্যধিক বক্রতা
(ii) অক্ষিগোলকৰ দীঘল অৱস্থা।

উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি।
উপযুক্ত ক্ষমতাৰ অবতল লেন্‌ছৰ ব্যৱহাৰে প্ৰতিবিম্বটো পুনৰ ৰেটিনালৈ ঘূৰাই আনে আৰু এনেকৈ এই বিকাৰৰ প্ৰতিকাৰ হয়।

(ii) হাইপাৰমেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) :
হাইপাৰমেট্ৰ’পিয়া থকা ব্যক্তি এজনে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায়। বিকাৰগ্ৰস্ত চকুৰ লেন্‌ছে ওচৰৰ বস্তু এটাৰ পৰা অহা পোহৰ ৰশ্মিবোৰ অক্ষিপটৰ পিছফালে থকা এটা বিন্দুলৈ অভিসাৰী কৰে।

এই বিকাৰৰ কাৰণ হ'ল :
(i) চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য যথেষ্ট বেছি
(ii) অক্ষিগোলকটো যথেষ্ট সৰু।

উপযুক্ত ক্ষমতাৰ উত্তল লেন্‌ছৰ ব্যৱহাৰেৰে এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি।

(iii) প্ৰেছবায়'পিয়া (Presbyopia) :
চকুৰ উপযোজন ক্ষমতা কমি আহিলে নিকট বিন্দুটো ক্রমান্বয়ে দূৰলৈ আঁতৰি যায়৷ ইয়াকে প্ৰেছবায়’পিয়া বোলে। চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰিলে আৰু চকুৰ লেন্‌ছৰ নমনীয়তা কমি গ'লে এই বিকাৰ হয়।
এনে মানুহক সাধাৰণতে দ্বি-ফ’কছযুক্ত লেন্‌ছৰ আৱশ্যক হয়। সাধাৰণ দ্বি-ফ’কাছ লেন্‌ছত উত্তল আৰু অৱতল দুয়োবিধ লেন্‌ছেই থাকে। ইয়াৰ ওপৰৰ অংশটো অৱতল লেন্‌ছ। ইয়াৰ বাবে দূৰৰ চোৱাত সুবিধা হয়। তলৰ অংশটো এখন উত্তল লেন্‌ছ৷ ইয়াৰ বাবে ওচৰৰ বস্তু চোৱাত সুবিধা হয়।

অতিৰিক্ত প্ৰশ্নাৱলী :

মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা কাক বোলে?
উত্তৰ : যদি কোনো ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। তাক মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা বোলে।

মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা বিকাৰৰ কাৰণ কি?
উত্তৰ :
(i) চকুৰ লেন্‌ছৰ অত্যধিক বক্রতা
(ii) অক্ষিগোলকৰ দীঘল অৱস্থা।

মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততাৰ প্ৰতিকাৰ কি?
উত্তৰ : উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ।

হাইপাৰমেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা কাক বোলে?
উত্তৰ : যদি কোনো ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায়। তাক হাইপাৰমেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা বুলি কোৱা হয়।

হাইপাৰমেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা বিকাৰৰ কাৰণ কি?
উত্তৰ :
(i) চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য যথেষ্ট বেছি
(ii) অক্ষিগোলকটো যথেষ্ট সৰু।

হাইপাৰমেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা বিকাৰৰ প্ৰতিকাৰ কি?
উত্তৰ : উপযুক্ত ক্ষমতাৰ উত্তল লেন্‌ছৰ ব্যৱহাৰ।

প্ৰেছবায়'পিয়া কাক বোলে?
উত্তৰ : চকুৰ উপযোজন ক্ষমতা কমি আহিলে নিকট বিন্দুটো ক্রমান্বয়ে দূৰলৈ আঁতৰি যায়৷ ইয়াকে প্ৰেছবায়’পিয়া বোলে।

প্ৰেছবায়'পিয়া বিকাৰৰ কাৰণ কি?
উত্তৰ :
(i) চিলিয়াৰী পেশীবোৰ দুৰ্বল হোৱা
(ii) চকুৰ লেন্‌ছৰ নমনীয়তা কমি গ'লে।

প্ৰেছবায়'পিয়া বিকাৰৰ প্ৰতিকাৰ কি?
উত্তৰ : দ্বি-ফ’কাছযুক্ত লেন্‌ছৰ ব্যৱহাৰ।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 190

1. উপযোজন ক্ষমতা কাক বোলে?
OR
1. চকুৰ উপযোজন ক্ষমতা কি? [HSLC.'16,'19,'23]
উত্তৰ : চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য পৰিৱৰ্তন (সালসলনি) কৰিব পৰা সামর্থক চকুৰ উপযােজন ক্ষমতা বােলে।

2. মায়’পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 mতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব?
উত্তৰ : অৱতল লেন্‌ছ।

3. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকটবিন্দু কি? [HSLC.'15]
উত্তৰ :
দূৰ বিন্দু : চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ দূৰৰ বিন্দু। স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত দূৰবিন্দু অসীমত।

নিকটবিন্দু : চকুৱে স্পষ্টকৈ দেখিব পৰা আটাইতকৈ নূন্যতম বিন্দু। স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত নূন্যতম দূৰত্ব 25cm.।

4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভােগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশােধন কেনেকৈ কৰিব পাৰি?
উত্তৰ :
ল’ৰাজনে ভােগা বিকাৰটো - মায়’পিয়া দৃষ্টিগ্রস্ততাত।
সংশােধন - উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি।

অতিৰিক্ত প্ৰশ্নাৱলী :

বিচ্ছুৰণ কাক বোলে?
উত্তৰ : ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বুলি কোৱা হয়।

সূৰ্যৰ পোহৰ কেইটা ৰঙেৰে গঠিত?
উত্তৰ : সূৰ্যৰ পোহৰ সাতটা (VIBGYOR বোলে) ৰঙেৰে গঠিত।
যেনে - বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা।

Note :

ৰামধেনু :
ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্রাকৃতিক বর্ণালী। বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ইয়াৰ সৃষ্টি হয়। ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। পানীৰ টোপালবোৰে ক্ষুদ্ৰ প্রিজমৰ দৰে কাম কৰে। এইবিলাকে আপতিত সূৰ্যৰ পোহৰ প্ৰতিসৰিত আৰু বিচ্ছুৰিত কৰে, তাৰ পিছত আভ্যন্তৰীণ প্রতিফলন ঘটায় আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোতে পুনৰ প্ৰতিসৰিত কৰে। পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্রতিফলনৰ বাবে বিভিন্ন ৰংবোৰ পর্যবেক্ষকৰ চকুত সোমায়হি।

অতিৰিক্ত প্ৰশ্নাৱলী :

ৰামধেনু কি?
উত্তৰ : ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্রাকৃতিক বর্ণালী।

OR

ৰামধেনু হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা।

ৰামধেনু কেনেকৈ সৃষ্টি হয়?
উত্তৰ : বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ৰামধেনু সৃষ্টি হয়।

OR

বায়ুমণ্ডলত থকা পানীৰ টোপালবোৰে ক্ষুদ্ৰ প্রিজমৰ দৰে কাম কৰে। এইবিলাকে আপতিত সূৰ্যৰ পোহৰ প্ৰতিসৰিত আৰু বিচ্ছুৰিত কৰি আভ্যন্তৰীণ প্রতিফলন ঘটায় আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোতে পুনৰ প্ৰতিসৰিত কৰে। ফলত ৰামধেনু সৃষ্টি হয়।

তৰাই তিৰবিৰাই কিয়?
উত্তৰ : তৰাৰ তিৰবিৰণি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়।

OR

যিহেতু তৰাবোৰ অতি দূৰত থাকে। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্রতিসৰিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে তৰাটোৰ আপাত অৱস্থান, প্রকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। যাৰ বাবে তৰাৰ পৰা আহি চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়। তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান যেন লাগে। এইটোৱেই হৈছে তিৰ্বিৰণি।

গ্রহবোৰ তিৰবিৰাই নাথাকে কিয়?
উত্তৰ : গ্রহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত। যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবৰ্তনৰ গড় মান শূন্য হ’ব আৰু ইয়েই তিৰ্বিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে।


আকাশৰ ৰং নীলা কিয়?
OR
গভীৰ সমুদ্ৰৰ পানীৰ ৰং নীলা কিয়?
OR
সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ বেলিৰ ৰং ৰঙা কিয় হয়?
উত্তৰ : পোহৰৰ বিক্ষেপণৰ বাবে।

পোহৰৰ বিক্ষেপণ কাক বোলে?
উত্তৰ : প্রিজমৰ দ্বাৰা বগা পোহৰক সাতটা ভাগলৈ বিশ্লেষণ কৰাকে পোহৰৰ বিচ্ছুৰণ বা বিক্ষেপণ বোলা হয়।

Note :

বিক্ষিপ্ত পোহৰৰ ৰং, বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। অতি সুক্ষ্ম কণাবোৰে নীলা ৰং আৰু ডাঙৰ আকাৰৰ কণাবোৰে অধিক তৰংগ দৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত কৰে।

অতিৰিক্ত প্ৰশ্নাৱলী :

বিমান যাত্ৰীসকলৰ বাবে আকাশখন এন্ধাৰ যেন লাগে কিয়?
উত্তৰ : কাৰণ তেনে উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্ৰভাৱ কম।

বিপদ সংকেত দিয়া পোহৰৰ ৰং ৰঙা। কি কাৰণে জানানে?
উত্তৰ : কুঁৱলী বা ধোঁৱাই ৰঙা ৰঙ আটাইতকৈ কমকৈ বিক্ষিপ্ত কৰে।

দুপৰীয়া সূৰ্যৰ ৰং বগা দেখা যায় কিয়?
উত্তৰ : দুপৰীয়া সময়ত, নীলা আৰু বেঙুনীয়া ৰঙৰ কিঞ্চিৎহে (কমকৈ) বিক্ষিপ্ত হয়।

সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙচুৱা দেখি কিয়?
উত্তৰ : দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেইবাবে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ। ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে ৷

অনুশীলনীৰ প্ৰশ্নাৱলী : পৃষ্ঠা- 197

1. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল -
(a) প্ৰেছবায়পিয়া।
(b) উপযােজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্রস্ততা।

উত্তৰ : (b) উপযােজন ক্ষমতা।

2. মানুহৰ চকুৱে বস্তু এটা প্রতিবিম্ব গঠন কৰাৰ স্থান -
(a) কর্ণিয়া
(b) চকুৰ পতা
(c) চকুৰ মণি
(d) অক্ষিপট

উত্তৰ : (d) অক্ষিপট।

3. নিয়মীয় দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নুন্যতম দূৰত্ব - [HSLC.'19]
(a) 25 m (b) 2.5 cm (c) 25 cm (d) 2.5 m
উত্তৰ : (c) 25 cm.

4. চকুৰ কি অংগৰ বাবে চকুৰ লেছৰ ফ’কাছ দৈর্ঘ্যৰ পৰিৱৰ্তন হয়- [HSLC.'20]
(a) চকুৰ মণি (b) অক্ষিপট (c) চিলিয়াৰী (d) চকুৰ পতা
উত্তৰ : (c) চিলিয়াৰী।

5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্‌ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ক্ষমতা-1.5 ডায়প্টাৰ হ'লে (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য কিমান? [HSLC.'18]
উত্তৰ :
(i) দিয়া আছে,
∵ দূৰ দৃষ্টিগ্ৰস্ততা
∴ উত্তল লেন্‌ছ ব্যৱহাৰ হয়, ক্ষমতা ধনাত্মক হ' ব।
P=+5.5D ()
f=?
আমি জানো,
f=1/P
⇒f=1/5.5
⇒f=10/55
⇒f=0.18

(ii) দিয়া আছে,
∵ নিকট দৃষ্টিগ্ৰস্ততা
∴ অৱতল লেন্‌ছ ব্যৱহাৰ হয়, ক্ষমতা ঋনাত্মক হ' ব।
P=-1.5D
আমি জানো,
f=1/P
⇒f=1/-1.5
⇒f=10/-15
⇒f=-0.67

6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? [HSLC.'18]
উত্তৰ :
দিয়া আছে,
u= 0
v= - 80cm
P=?
আমি জানো,
1/v-1/u=1/f
⇒(1/-80) -(1/0) =1/f
⇒1/-80=1/f
⇒-80=f
⇒f=-80cm
⇒f=-80/100
⇒f=-0.08m

∴ P=1/f
⇒P=1/-0.08
⇒P=100/-8
⇒P=-12.5D

∵ P ঋনাত্মক।
∴ লেন্‌ছৰ প্ৰকৃতি - অৱতল লেন্‌ছ।

7. দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌ছৰ ক্ষমতা কিমান? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm। [HSLC.'16,'22]
উত্তৰ :
দিয়া আছে,
u=-25cm
v=-1m=-100cm
P=?

আমি জানো,
1/v-1/u=1/f
⇒(1/-100) - (1/-25)=1/f
⇒(-1+4)/100=1/f
⇒3/100=1/f
⇒100/3=f
⇒f=(100/3)cm
⇒f=(100/3)/100 m
⇒f=100/3×1/100
⇒f=1/3m

∴ P=1/f
⇒P=1/(1/3)
⇒P=1×3/1
⇒P=3/1
⇒P=+3D

∵ P ধনাত্মক।
∴ লেন্‌ছৰ প্ৰকৃতি - উত্তল লেন্‌ছ।

8. সাধাৰণ চকুৱে এটা 25 cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়? [HSLC.'18]
উত্তৰ : চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য পৰিৱৰ্তন (সালসলনি) কৰিব পৰা সামর্থক চকুৰ উপযােজন ক্ষমতা বােলে। এই দূৰত্ব অতি কম হ’লে চকুৰ উপযোজন ক্ষমতা কাৰ্য্যকৰী নহয়।

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?
উত্তৰ : চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কোনো সলনি নহয়।

10. তৰাই তিৰ্বিৰাই কিয়? [HSLC.'20]
উত্তৰ : তৰাৰ তিৰবিৰণি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়।

11. গ্রহই তিৰ্বিৰাই নাথাকে কিয়?
উত্তৰ : গ্রহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত। যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবৰ্তনৰ গড় মান শূন্য হ’ব আৰু ইয়েই তিৰ্বিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে।

12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? [HSLC.'19]
উত্তৰ : দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেইবাবে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ। ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে ৷

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে ক'লা দেখে কিয়? [HSLC.'17]
উত্তৰ : কাৰণ তেনে উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্ৰভাৱ কম।



Updated on 19th July 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments