Ads banner

JE Banner Ads
Image 2

বংশগতি আৰু ক্ৰমবিকাশ - অধ্যায় ০৯ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 09
বংশগতি আৰু ক্ৰমবিকাশ
(Heredity And Evolution)

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 143

1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল?
উত্তৰ : সম্ভৱতঃ "B" চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল।

কাৰণ অযৌন প্ৰজননত DNA ৰ প্ৰতিৰূপ প্ৰস্তুতকৰণত সাধাৰণভাৱে ত্রুটি থাকি যায়, যাৰ ফলত প্ৰজাতি এটাত সামান্য পৰিমাণত প্ৰকাৰণৰ সৃষ্টি হ'ব পাৰে, যিয়ে আবাদীটোৰ 10 শতাংশত লক্ষণ A টো প্ৰকাশ পোৱাত অৰিহণা যোগাইছিল।

2. এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱক বৰ্তি থকাত কেনেধৰণে সহায় কৰে ?

OR

বৈসাদৃশ্যতাই কেনেদৰে প্ৰজাতি এটাক বৰ্তি থকাত সহায় কৰে ?

OR

এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱক বৰ্তাই ৰাখে ?

উত্তৰ : প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈশাদৃশ্যতাসমূহৰ উপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণে সুবিধা লাভ কৰে। এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাকক পৰিবেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়।

উদাহৰণ স্বৰূপে - যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰেৰে গৰম বতাহ প্ৰবাহিত কৰি থাকিলেও জীয়াই থাকিবলৈ সক্ষম হয়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 147

1. বংশগতিৰ চৰিত্ৰসমূহ প্ৰভাৱী (Dominant) বা অপ্ৰভাৱী (Rocessive) হ'ব পাৰে এই কথা মেণ্ডেলৰ পৰীক্ষাই কিদৰে দেখুৱাই ?

OR

মেণ্ডেলৰ পৰীক্ষাই কেনেদৰে দেখুৱায় যে লক্ষণবোৰ প্ৰভাৱী বা অপ্ৰভাৱী হ'ব পাৰে ?

OR

মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰৱাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী (Dominant) আৰু কোনটো অপ্ৰভাৱী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰ : মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ বাবে ওখ (TT) আৰু চাপৰ(tt) মটৰমাহৰ গছ লৈছিল। এটা বিশুদ্ধ ওখ মটৰমাহৰ গছৰ সৈতে এটা বিশুদ্ধ চাপৰ মটৰমাহৰ গছৰ সংকৰণ হ’লে F₁ জনুত ওখ (Tt) সংকৰণ উৎপন্ন হয়। এইক্ষেত্ৰত T লক্ষণটো প্ৰভাৱী আৰু t লক্ষণটো অপ্ৰভাৱী।

2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?

OR

মেণ্ডেলৰ পৰীক্ষাই কেনেদৰে দেখুৱায় যে বংশানুক্রমিক লক্ষণবোৰ স্বাধীনভাৱে প্রবাহিত হয় ? [HSLC.'18]
উত্তৰ : যেতিয়া মেণ্ডেল এজোপা বিশুদ্ধ ওখ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰমাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল, তেতিয়া তেওঁ F₁ জনুত অকল ওখ মটৰ মাহ উদ্ভিদ পাইছিল। আকৌ, মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰ মাহ উদ্ভিদৰ লগত সংকৰণ ঘটোৱাৰ পিছত F₂ জনুত ওখ আৰু চাপৰ গছৰ অনুপাত 3 : 1 পাইছিল। এই পৰীক্ষাৰ পৰা দেখা যায় যে বিশেষ লক্ষণ বা বৈশিষ্ট্যবোৰ উত্তৰাধিকাৰ সূত্ৰে স্বতন্ত্রভাৱে প্রবাহিত হয়।

3. "A" গ্রুপৰ তেজৰ এজন মানুহে "O" গ্রুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্রুপ হ’ল "O"। এই তথ্যৰ পৰা তোমালোকে "A" আৰু "O" তেজৰ গ্ৰুপৰ কোনটো প্রভাবী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?
উত্তৰ : নোৱাৰি।
কাৰণ উপৰোক্ত তথ্যখিনি যথেষ্ট নহয়। এই ক্ষেত্ৰত পিতৃ আৰু মাতৃ দুয়োৱে ক্ৰমে অকল AA আৰু OO কাৰকযুক্ত বিশুদ্ধ বংশ নহ'বও পাৰে। সেয়ে O এটা প্রভাবী লক্ষণ হ'লেও তেওঁলোকৰ ছোৱালীজনীয়ে
লাভ কৰিব পাৰে, যদিহে তেওঁ পিতৃ-মাতৃ দুয়োটাৰে পৰা O লক্ষণযুক্ত কাৰক বা জিন লাভ কৰে।

4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ? [HSLC.'15,'17,'19,'22]
উত্তৰ : মানুহৰ ক্ষেত্ৰত, মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XX” আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XY”। অৰ্থাৎ পুৰুষৰ পৰা দুই ধৰণৰ জনন কোষ ‘X’ আৰু ‘Y’ পোৱা যাব। আনহাতে, মহিলাৰ পৰা অকল এক ধৰণৰ জনন কোষ ‘X’ পোৱা যাব। সেয়েহে সন্তানৰ লিংগ নিৰ্ধাৰণৰ বাবে প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। যদি পিতৃৰ ফালৰ পৰা ‘X’ ক্ৰ’ম’জ’ম প্ৰবাহ হৈ মাতৃৰ ‘X’ ক্ৰ’ম’জ’মৰ লগত “XX” যোজন কোষ গঠন হয় তেনেহ’লে সন্তানটো ছোৱালী হ’ব। একেদৰে পিতৃৰ ফালৰ পৰা ‘Y’ ক্ৰ’ম’জ’ম প্ৰবাহ হ’লে “XY” যোজন কোষ গঠন হৈ সন্তানটো ল’ৰা হ’ব।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 150

1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?
উত্তৰ :
ক) প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰত আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত ব্যক্তিৰ সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে।
খ) জিনীয় পথচ্যুত (Genetic drift), যিয়ে অভিযোজন অবিহনেই জীৱৰ মাজত বৈচিত্ৰৰ সৃষ্টি কৰে।

2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংসানুক্ৰমিক প্ৰবাহ নঘটে ? [HSLC.'20]
উত্তৰ : কাৰণ আৰ্জিত চৰিত্ৰবিলাকে জীৱবিলাকৰ জনন কোষত থকা জিনবিলাকৰ কোনো সাল-সলনি ঘটাব নোৱাৰে।

3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?
উত্তৰ : যদি বাঘৰ সংখ্যা এনেকৈ হ্ৰাস পাই থাকে, এটা সময়ত এই প্ৰজাতিৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব। এই জিনৰ অভাৱত এই প্ৰজাতিৰ প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্তি ঘটিব।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 151

1. নতুন এটা প্রজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ? [HSLC.'18,' 20,'23]
উত্তৰ :
i) ভৌগোলিক পৃথকীকৰণ।
ii) প্ৰাকৃতিক নিৰ্বাচন।
iii) জিনীয় পথচ্যুত।

2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ? [HSLC.'20]
উত্তৰ : নোৱাৰে।
কাৰণ - এই ধৰণৰ উদ্ভিদ পুনঃপ্রজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে।

3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?
উত্তৰ : নোৱাৰে।
কাৰণ - অযৌন প্রজননে নতুন জীৱত ভিন্নতাৰ সৃষ্টি নকৰে।

অতিৰিক্ত প্ৰশ্নাৱলী :

চাৰিত্ৰিক বৈশিষ্ট্য কাক বোলে ?
উত্তৰ : জীৱ এটাৰ বাহ্যিক অৱয়ব কেনেকুৱা বা ইয়াৰ আচৰণ বিধিক ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য বুলি কোৱা হয়।

কোষ কি ?
উত্তৰ : কোষ হৈছে সকলো জীৱৰে দেহ গঠনৰ মৌলিক একক।

সমসংস্থ অংগ কাক বোলে ?
উত্তৰ : যিবোৰ প্ৰাণীৰ অংগৰ গঠন একেধৰণৰ যদিও এইবোৰৰ দ্বাৰা বেলেগ বেলেগ কাম সমাধা কৰে ৷ তাক সমসংস্থ অংগ বোলে।

সমসংস্থ অংগৰ উদাহৰণ দিয়া।
উত্তৰ : জেঠী, ভেকুলী

সমবৃত্তিক অংগ কাক বোলে ?
উত্তৰ : যিবোৰ প্ৰাণীৰ অংগৰ গঠন বেলেগ বেলেগ যদিও এইবোৰৰ দ্বাৰা একেধৰণৰ কাম সমাধা কৰে ৷ তাক সমবৃত্তিক অংগ বোলে।

সমবৃত্তিক অংগৰ উদাহৰণ দিয়া।
উত্তৰ : চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা।

জীৱাশ্ম (Fossil) কাক বোলে ?
উত্তৰ : জীৱৰ মৃত্যু হলে ইহঁতৰ দেহ গেলি পচি নাইকিয়া হয়। কিন্তু কেতিয়াবা জীৱৰ কিছুমান অংগ পৰিবেশত সম্পূর্ণভাৱে গেলি-পচি নাইকিয়া হৈ নাযায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম বুলি কোৱা হয়।

ডাইন'চ'ৰ খোলাৰ জীৱাশ্মটো ক'ত উদ্ধাৰ কৰা হয় ?
উত্তৰ : ডাইন'চ'ৰ খোলাৰ জীৱাশ্মটো কিছু বছৰৰ আগতে নর্মদা উপত্যকাত উদ্ধাৰ কৰা হয়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 156

1. দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।
উত্তৰ :
উদাহৰণ - চৰাই আৰু মানুহৰ হাত সমসংস্থ অংগ। কাৰণ এই অংগসমূহ গঠনৰ ফালৰ পৰা একে কিন্তু কাৰ্যৰ ফালৰ পৰা ভিন্ন।

এনে অংগসমূহৰ মৌলিক গঠন একে হোৱাৰ পৰা ধাৰণা কৰিব পাৰি যে এই অংগবিশিষ্ট বিভিন্ন জীৱসমূহ ক্ৰমবিকাশৰ দ্বাৰা একে পূৰ্বপুৰুষৰ পৰাই সৃষ্টি হৈছে।

2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ? [HSLC.'18]
উত্তৰ : নোৱাৰি।
কাৰণ - পখিলাৰ ডেউকা আৰু বাদুলীৰ ডেউকা কাৰ্যৰ ফালৰ পৰা একে হ’লেও, গঠনৰ ফালৰ পৰা ভিন ভিন।

3. জীৱাশ্মসমূহ কি ? বিবর্তন সম্পর্কে জীৱাশ্মসমূহে আমাক কি কয় ? [HSLC.'16]
উত্তৰ :
জীৱাশ্ম : জীৱটোৱে এৰি যোৱা সাঁচক জীৱাশ্ম বোলা হয়।

জীৱাশ্মসমূহে আমাক বিৱৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে - জীৱাশ্মসমূহ পৰীক্ষা কৰি চালে দেখা যায় যে পৃথিৱীৰ গভীৰ স্তৰসমূহত পোৱা জীৱাশ্মসমূহৰ দৈহিক গঠন সৰল হোৱাৰ বিপৰীতে পৃথিৱীৰ ওপৰৰ স্তৰত পোৱা জীৱাশ্মসমূহৰ গঠন বেছি জটিল।

এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিৱৰ্তন ঘটিয়েই পৰবৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 158

1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয় ?
উত্তৰ : কাৰণ মানৱ বিৱৰ্তনৰ অধ্যয়নত ব্যৱহৃত কোনো বৈজ্ঞানিক পদ্ধতিয়ে মানৱৰ বিৱৰ্তনৰ প্ৰমাণ নিদিয়ে।

2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?
উত্তৰ :
আটাইকেইটাকে উচ্চস্তৰৰ বুলি আমি ক’ব পাৰো।
কাৰণ - বিৱর্তনে কেতিয়াও প্রগতি নুবুজায়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 159

1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব।
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw

উত্তৰ : (c)

2. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল 一
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা

উত্তৰ : (d) ওপৰৰ আটাইকেইটা।

3. বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত 一
(a) এজন চীনা স্কুলীয়া ছাত্র
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া

উত্তৰ : (a) এজন চীনা স্কুলীয়া ছাত্র।

4. এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ? [HSLC.'23]
উত্তৰ : চকুৰ পাতল বৰণ এক প্ৰভাৱী লক্ষণ।
কাৰণ - যদিও পিতৃ-মাতৃ প্ৰত্যেকৰে চকুৰ বৰণৰ বাবে দুটাকৈ কাৰক থাকে, তাৰে পাতল চকুৰ বৰণ কাৰকটোহে বেছিকৈ প্ৰকাশ পায়।

5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ? [HSLC.'16,'19]
উত্তৰ : প্ৰজাতি বোৰৰ শ্ৰেণী বিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিফলনহে মাথোন।
আমি প্ৰজাতিবোৰৰ নিচেই ওচৰৰ এক সাধাৰণ পূৰ্বপুৰুষৰ ভিত্তিত সিহঁতৰ কিছুমান সৰু সৰু গোষ্ঠীৰ সৃষ্টি কৰো। আকৌ দূৰৰ কোনো এক সাধাৰণ পূৰ্বপুৰুষক ভিত্তি কৰি এই সৰু সৰু গোষ্ঠীবোৰ অন্তৰ্ভুক্ত কৰি কেতবোৰ ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰো। এনেদৰে সময়ৰ হিচাপত আমি পিছুৱাই গৈ থাকিলে আমাৰ ধাৰণা হ'ব যে বিৱৰ্তনীয় সময়ৰ আৰম্ভণিতে কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই বৰ্তমানৰ সমস্ত জীৱজগতৰ সৃষ্টি হৈছিল।

6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। [HSLC.'18]
উত্তৰ :
সমসংস্থ অংগ :
যিবোৰ প্ৰাণীৰ অংগৰ গঠন একেধৰণৰ যদিও এইবোৰৰ দ্বাৰা বেলেগ বেলেগ কাম সমাধা কৰে ৷ তাক সমসংস্থ অংগ বোলে। যেনে - জেঠী, ভেকুলী।

সমবৃত্তিক অংগ :
যিবোৰ প্ৰাণীৰ অংগৰ গঠন বেলেগ বেলেগ যদিও এইবোৰৰ দ্বাৰা একেধৰণৰ কাম সমাধা কৰে ৷ তাক সমবৃত্তিক অংগ বোলে। যেনে - চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা।

7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।
উত্তৰ : প্ৰভাৱী সূত্র মতে, দুটা জীৱৰ মাজত সংকৰণ ঘটালে F₁ জনুত- পিতৃ-মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্রকাশ পায়। প্রকাশ পোৱা লক্ষণটোক প্রভাৱী আৰু অ-প্রকাশিত হৈ থকা লক্ষণটোক অপ্রভাৱী লক্ষণ বোলে।

সুতৰাং এটা কলা বৰণৰ কুকুৰৰ লগত বগা বৰণৰ কুকুৰৰ প্রজনন ঘটিলে যদি কলা কুকুৰ আদিপুৰুষ হয়। তেতিয়া কলাবৰণৰ কুকুৰটো প্ৰভাৱী হ’ব আৰু বগা বৰণৰ কুকুৰ হ’ব অপ্ৰভাবী।

8. জীৱৰ বিবৰ্তনৰ সম্পৰ্ক নিৰ্ণয়ত জীৱাশ্মৰ গুৰুত্ব ব্যাখ্যা কৰা।

OR

বিবৰ্তন প্ৰক্ৰিয়াত জীৱাস্মৰ গুৰত্ব সম্বন্ধে ব্যাখ্যা কৰা।
উত্তৰ :
জীৱাশ্মসমূহে আমাক বিৱৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে - জীৱাশ্মসমূহ পৰীক্ষা কৰি চালে দেখা যায় যে পৃথিৱীৰ গভীৰ স্তৰসমূহত পোৱা জীৱাশ্মসমূহৰ দৈহিক গঠন সৰল হোৱাৰ বিপৰীতে পৃথিৱীৰ ওপৰৰ স্তৰত পোৱা জীৱাশ্মসমূহৰ গঠন বেছি জটিল।

এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিৱৰ্তন ঘটিয়েই পৰবৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে।

9. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?

OR

অজৈৱিক পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি হোৱা কথাটোৰ বাবে আমাৰ হাতত কি সাক্ষ্য আছে ?

উত্তৰ :
প্ৰজাতি বোৰৰ শ্ৰেণী বিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিফলনহে মাথোন।
আমি প্ৰজাতিবোৰৰ নিচেই ওচৰৰ এক সাধাৰণ পূৰ্বপুৰুষৰ ভিত্তিত সিহঁতৰ কিছুমান সৰু সৰু গোষ্ঠীৰ সৃষ্টি কৰো। আকৌ দূৰৰ কোনো এক সাধাৰণ পূৰ্বপুৰুষক ভিত্তি কৰি এই সৰু সৰু গোষ্ঠীবোৰ অন্তৰ্ভুক্ত কৰি কেতবোৰ ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰো। এনেদৰে সময়ৰ হিচাপত আমি পিছুৱাই গৈ থাকিলে আমাৰ ধাৰণা হ'ব যে বিৱৰ্তনীয় সময়ৰ আৰম্ভণিতে কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই বৰ্তমানৰ সমস্ত জীৱজগতৰ সৃষ্টি হৈছিল।

যদি সেয়াই সত্য হয়, তেনেহলে পৃথিৱীৰ ইতিহাসৰ কোনো এক পৰ্যায়ত অজৈৱিক পদার্থই পৃথিৱীত জীৱৰ সৃষ্টি কৰিছিল বুলি আমি নিশ্চিত হ'ব পাৰো।

10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰ : যৌন প্ৰজননত দুজন ভিন্ন ব্যক্তি জড়িত হৈ থাকে। সেয়ে এনে দুজন ব্যক্তিৰ জননকোষ দুটা যেতিয়া যোজিত হয়, তেতিয়া দুটা ভিন্ন শৈলীৰ প্ৰকাৰণৰ সংমিশ্ৰণ ঘটে। এনেকৈ অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয়।


জীৱৰ বিৱৰ্তনত যৌন প্রজননে অপত্য জীৱত প্ৰকাৰণৰ সৃষ্টি কৰে। হেজাৰ হেজাৰ বছৰ ধৰি এই প্ৰকাৰণসমূহ সঞ্চিত হোৱাৰ ফলত জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিবৰ্তন হয় আৰু এসময়ত সিহঁতে এক নতুন প্রজাতি হিচাপে আত্মপ্ৰকাশ কৰে।

11. কেনেকৈ পিতৃ পুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে?
উত্তৰ : মানুহৰ ক্ষেত্ৰত, মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XX” আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XY”। যদি পিতৃৰ ফালৰ পৰা ‘X’ ক্ৰ’ম’জ’ম প্ৰবাহ হৈ মাতৃৰ ‘X’ ক্ৰ’ম’জ’মৰ লগত “XX” যোজন কোষ গঠন হয় তেনেহ’লে সন্তানটো ছোৱালী হ’ব। একেদৰে পিতৃৰ ফালৰ পৰা ‘Y’ ক্ৰ’ম’জ’ম প্ৰবাহ হ’লে “XY” যোজন কোষ গঠন হৈ সন্তানটো ল’ৰা হ’ব।

এনেদৰে অপত্য জীৱত পিতৃ আৰু মাতৃৰ সমান আণুবংশিক বৰঙণি নিশ্চিত হয়।

12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে।' এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?
উত্তৰ : এই উক্তিৰ সৈতে মই একমত।
কাৰণ - যিবিলাক প্ৰকৰণে কোনো এটা আবাদীৰ ব্যক্তিক বিবৰ্তনৰ ক্ষেত্ৰত বিশেষ সুবিধা দিয়ে, সেই প্ৰকৰণসমূহ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। এনে প্ৰকৰণসমূহে ব্যক্তি বিশেষক চাৰিওফালৰ পাৰিৱেশিক অৱস্থাটোৰ লগত নিজকে অভিযোজিত কৰি লোৱাত সহায় কৰে।



Updated on 4th August 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments