(SEBA)Secondary Education Board of AssamClass : XSubject : ScienceMedium : Assamese
Chapter : 14শক্তিৰ উৎসসমূহ
(Sources of Energy)
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 243
1. শক্তিৰ ভাল উৎস কি ?উত্তৰ :
(i) যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে৷
(ii) যিটো সহজেই উপলব্ধ।
(iii) যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য।
(iv) যি মিতব্যয়ী।
2. ভাল ইন্ধন কি ?
উত্তৰ : ভাল ইন্দ্বন হ'বলৈ -
(i) ই জ্বলোতে বেছিকৈ তাপ উৎপন্ন কৰিব লাগিব।
(ii) ই কমকৈ ধোঁৱা উৎপন্ন কৰিব লাগিব।
(iii) ই সহজতে উপলব্ধ হ'ব লাগিব।
3.যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয় ?
উত্তৰ : মই তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰিম। কাৰণ -
(i) ই জ্বলোতে বেছিকৈ তাপ উৎপন্ন কৰে।
(ii) ই কমকৈ ধোঁৱা উৎপন্ন কৰে।
(iii) ই সহজতে উপলব্ধ।
Note :
⇒ভাৰতবৰ্ষ শক্তিৰ চাহিদা এক চতুৰ্থাংশ জল শক্তি প্ৰকল্পই পূৰণ কৰে।⇒জল শক্তি নবীকৰণ যোগ্য শক্তিৰ উৎস।
⇒এবিধ সেউজ গৃহ গেছৰ উদাহৰণ - মিথেন।
⇒জীৱভৰ নবীকৰণযোগ্য ইন্ধন।
অতিৰিক্ত প্ৰশ্নাৱলী :
বায়ু শক্তি পাম কাক বোলে ?উত্তৰ : বৃহৎ অঞ্চল এটাত অনেক বায়ুকল নিৰ্মাণ কৰা হয়; এনে অঞ্চলক বায়ু শক্তি পাম বুলি কোৱা হয়।
চমুকৈ লিখা।
ক) বায়ু শক্তি খ) জল শক্তি
উত্তৰ :
ক) বায়ু শক্তি : পূৰ্বতে বায়ুকলৰ যোগে বায়ু শক্তি আহৰণ কৰি যান্ত্ৰিক কাৰ্য সম্পাদন কৰা হৈছিল। বৰ্তমান বিদ্যুৎ উৎপাদনৰ বাবেও বায়ু শক্তি ব্যৱহাৰ কৰা হয়। বায়ু কল এটাৰ মুখ্য অংশ মাটিৰ পৰা কিছু উচ্চতাত সুদৃঢ় আলমত সংস্থাপন কৰা হয়। ইয়াৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যতিক জেনেৰেটৰৰ টাৰবাইন ঘুৰাই বিদ্যুৎ উৎপাদন কৰা হয়।
খ) জল শক্তি : পূৰ্বতে জলপ্ৰপাতসমূহক স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু, বৰ্তমান নদীবান্ধ তৈয়াৰ কৰি বোৱঁতী পানীৰ সোতক বেষ্টিত কৰি গতি শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয়। জলশক্তি প্রকল্পৰ জৰিয়তে আজিকালি বৃহৎ মাত্ৰাত বিদ্যুৎ উৎপাদন কৰা হয়।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 248
1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ? [HSLC.'17]উত্তৰ :
i) অনৱীকৰণযোগ্য। সেয়ে ইহঁতৰ ভাণ্ডাৰ সীমিত।
ii) প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই-অক্সাইড উৎপন্ন হয়, ই সেউজ গৃহ প্ৰভাৱৰ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে।
iii) নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড উৎপন্ন হয়, যি এছিড বৰষুণৰ সৃষ্টি কৰি জল আৰু স্থল সম্পদৰ ক্ষতিসাধন কৰে।
2. আমি শক্তিৰ বিকল্প উৎস বিচাৰাে কিয় ? [HSLC.'18]
উত্তৰ : ঔদ্যোগীকৰণৰ সম্প্ৰসাৰণে সমগ্ৰ বিশ্বতে জীৱন ধাৰণৰ মান উন্নত কৰিছে। লগে লগে শক্তিৰ চাহিদাও তীব্ৰ হাৰত বৃদ্ধি পাব ধৰিছে। শক্তিৰ উৎসসমূহৰ লগত সংগতি ৰাখি আমাৰ প্ৰযুক্তিবোৰৰো বিকাশ হৈছে। যিহেতু এই শক্তিৰ উৎসসমূহ অনৱীকৰণযোগ্য ইহঁত তীব্ৰ হাৰত শেষ হ’ব ধৰিছে সেয়েহে আমি শক্তিৰ বিকল্প উৎস বিচাৰাে।
3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে ?
উত্তৰ :
বায়ু শক্তি : পূৰ্বতে বায়ুকলৰ যোগে বায়ু শক্তি আহৰণ কৰি যান্ত্ৰিক কাৰ্য সম্পাদন কৰা হৈছিল। বৰ্তমান বিদ্যুৎ উৎপাদনৰ বাবেও বায়ু শক্তি ব্যৱহাৰ কৰা হয়। বায়ু কল এটাৰ মুখ্য অংশ মাটিৰ পৰা কিছু উচ্চতাত সুদৃঢ় আলমত সংস্থাপন কৰা হয়। ইয়াৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যতিক জেনেৰেটৰৰ টাৰবাইন ঘুৰাই বিদ্যুৎ উৎপাদন কৰা হয়।
জল শক্তি : পূৰ্বতে জলপ্ৰপাতসমূহক স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু, বৰ্তমান নদীবান্ধ তৈয়াৰ কৰি বোৱঁতী পানীৰ সোতক বেষ্টিত কৰি গতি শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয়। জলশক্তি প্রকল্পৰ জৰিয়তে আজিকালি বৃহৎ মাত্ৰাত বিদ্যুৎ উৎপাদন কৰা হয়।
অতিৰিক্ত প্ৰশ্নাৱলী :
সৌৰ কোষ ফলক কাক বোলে ?উত্তৰ : বহুসংখ্যক সৌৰ কোষ একত্ৰ কৰি নিৰ্মাণ কৰা ব্যৱস্থাক সৌৰ কোষ ফলক বোলে।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 253
1. কোন ধৰণৰ দাপোন- অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট কিয় ?উত্তৰ : অৱতল দাপোন- সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট।
কাৰণ : এনে দাপোনৰ ফ’কাছ অঞ্চলত অত্যধিক তাপ উৎপন্ন হয়।
2.মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ? [HSLC.'16,'20]
উত্তৰ :
(i) জোৱাৰ শক্তিৰ আহৰণৰ বাবে সমুদ্ৰ-তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান সীমিত।
(ii) যিবিলাক অঞ্চলত মহাসাগৰৰ ঢৌ বোৰ অতি শক্তিশালী তেনে অঞ্চলতহে তৰংগ শক্তি আহৰণ কৰিব পাৰি।
(iii) মহাসাগৰৰ পৃষ্ঠৰ আৰু 2km পৰ্যন্ত গভীৰতাৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য 293k বা বেছি হ’লেহে মহাসাগৰ তাপ শক্তি ৰূপান্তৰণ প্ৰকল্পসমূহে ঠিকমতে কাম কৰিব পাৰে।
3.ভূ-তাপীয় শক্তি কি ?
উত্তৰ : ভূ-পৃষ্ঠৰ অভ্যন্তৰ ভাগত থকা উচ্চ অঞ্চলৰ সংস্পৰ্শত অহা জলীয় বাষ্পৰে পোৱা শক্তিক ভূ-তাপীয় শক্তি বোলে।
4.নিউক্লীয় শক্তিৰ অসুবিধা সমূহ কি কি ?
উত্তৰ : ইউৰেনিয়ামৰ এটা নিউক্লিয়াচৰ নিউক্লীয় বিযোজনত, কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লিয়াচ এটাৰ দহনৰ তুলনাত 10 নিযুত গুণ শক্তি উৎপন্ন হয়। বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লীয় ৰিয়েক্টৰত নিয়ন্ত্রিত হাৰত শক্তি নির্গত কৰা স্বপোষী নিউক্লীয় বিযোজন শৃঙ্খল বিক্ৰিয়াত এনে নিউক্লীয় ‘ইন্ধন’ ব্যৱহাৰ হয়। নিৰ্গত শক্তিক বাষ্প উৎপাদন আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 253
1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ? [HSLC.'20]উত্তৰ : নোৱাৰে।
কাৰণ - শক্তিৰ যিকোনো উৎসই পৰিৱেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱ পেলায়।
2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG) তকৈ পৰিস্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?
উত্তৰ : ইয়াক চি এন জি (CNG) তকৈ পৰিস্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰিম।
কাৰণ - CNG ৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণে CO₂, গেছ উৎপন্ন হোৱাৰ ফলত ই গোলকীয় উত্তাপনত অৰিহণা যোগায়। ইয়াৰ বিপৰীতে হাইড্ৰ'জেনৰ দহনৰ ফলত কেৱল পানী উৎপন্ন হয় আৰু ই কোনো ধৰণৰ প্ৰদূষক বায়ুমণ্ডলত যোগ নিদিয়ে।
অতিৰিক্ত প্ৰশ্নাৱলী :
দুবিধ নবীকৰণযােগ্য শক্তিৰ উৎসৰ নাম লিখা।উত্তৰ :
(i) বায়ু শক্তি।
(ii) সৌৰ শক্তি।
দুবিধ অনবীকৰণযােগ্য শক্তিৰ উৎসৰ নাম লিখা।
উত্তৰ :
(i) কয়লা।
(ii) পেট্ৰলিয়াম।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 254
1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।উত্তৰ :
i) সৌৰ শক্তি :
ii) বায়ু শক্তি :
পছন্দৰ কাৰণ : এই শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰি থকাৰ ফলতো ইহঁত শেষ হৈ নাযায়, যিহেতু সূৰ্যই অনন্ত সময়ৰ বাবে সৌৰ শক্তি উৎপাদন কৰি থাকিব আৰু পৃথিৱী পৃষ্ঠতো চিৰদিনৰ বাবে বতাহ বলি থাকিব।
OR
2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
উত্তৰ :
i) নিউক্লীয় শক্তি
ii) জীৱাশ্ম ইন্ধন
পছন্দৰ কাৰণ :
এই শক্তিৰ উৎসসমূহ নিৰৱচ্ছিন্ন ব্যৱহাৰৰ ফলত এদিন ইহঁত পৃথিৱীৰ খোলাৰ পৰা শেষ হৈ যাব।
OR
পছন্দৰ কাৰণ : কয়লা আৰু পেট্ৰলিয়াম মিলিয়নতকৈও অধিক বছৰ ধৰি গঠিত যদিও ইয়াৰ মজুত সীমিত। যদি আমি বৰ্তমানৰ দৰে ব্যৱহাৰ কৰি যাওঁ তেন্তে এই ভাণ্ডাৰ অতি সোনকালে শেষ হৈ যাব।
অনুশীলনীৰ প্ৰশ্নাৱলী : পৃষ্ঠা- 254
1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-(a) ৰৌদ্ৰোজ্বল দিন
(b) ডাৱৰীয়া দিন
(c) গৰম দিন
(d) বতাহে কোবোৱা দিন।
উত্তৰ : b) ডাৱৰীয়া দিন।
2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(b) গোবৰ গেছ
(c) নিউক্লীয় শক্তি
(d) কয়লা
উত্তৰ : (c) নিউক্লীয় শক্তি।
3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান।
উত্তৰ : (c) নিউক্লীয় শক্তি।
4. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ।
উত্তৰ :
জীৱাশ্ম ইন্ধন :
ক) দিনৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি।
খ) অনৱীকৰণযোগ্য।
গ) প্ৰদূষণ হয়।
সৌৰশক্তি :
ক) কেৱল এটা গৰম আৰু ৰৌদ্ৰোজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি।
খ) নৱীকৰণযোগ্য।
গ) প্ৰদূষণ নহয়।
5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ৷
উত্তৰ :
জৈৱ উপাদান :
ক) উদ্ভিদ আৰু প্ৰাণীজাত ইন্ধনক জীৱভৰবোলে।
খ) তাপ উৎপাদন ক্ষমতা উচ্চ মানৰ।
গ) নৱীকৰনযোগ্য
জলবিদ্যুত :
ক) গতিশীল পানীৰ পৰা জলবিদ্যুত উৎপন্ন হয়।
খ) বান্ধ নিৰ্মাণ কৰিব লগা হয়।
গ) নৱীকৰনযোগ্য
6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি ?
(a) বতাহ
উত্তৰ : প্ৰাৰম্ভিক খৰচ অতি বেছি। সৰহভাগ সময়ত বতাহ বলি থাকিব লাগে আৰু বতাহৰ গতি 15km/h হ'ব লাগে।
(b) তৰংগ
উত্তৰ : যিবোৰ স্থানত তৰংগবোৰ অতিশয় শক্তিশালী তেনেবােৰ স্থানতহে তৰংগ শক্তি ব্যৱহাৰ ফলপ্রসূ।
(c)জোৱাৰ - ভাতা
উত্তৰ : উপযুক্ত স্থান সীমিত।
7. কি আধাৰত শক্তিৰ উৎসমূহ
(a) নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য (b) ক্ষয়িষ্ণু যােৱা আৰু অক্ষয়িষ্ণু বুলি শ্রেণীভুক্ত কৰিবা ?
(a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে?
উত্তৰ : (a)
নবীকৰণযােগ্য : যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে তেনেবোৰ শক্তিৰ উৎসক নবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয়। উদাহৰণ : সৌৰ শক্তি।
অনবীকৰণযােগ্য : যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ নাথাকে আৰু সীমিতভাৱে উপলব্ধ তেনেবোৰ শক্তিৰ উৎসক অনবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয়।
উদাহৰণ : জীৱাশ্মজাত ইন্ধন।
(b)
ক্ষয়িষ্ণু : যিবোৰ শক্তিৰ উৎস সীমিত আৰু অধিক ব্যৱহাৰ কৰিলে শেষ হোৱা সম্ভাৱনা থাকে তেনে শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তিৰ উৎস বোলে।
উদাহৰণ : কয়লা, পেট্ৰলিয়াম ইত্যাদি।
অক্ষয়িষ্ণু : যিবোৰ শক্তিৰ উৎস অসীম আৰু অধিক ব্যৱহাৰ কৰিলেও শেষ হোৱা সম্ভাৱনা নাথাকে তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলে। উদাহৰণ : বায়ু শক্তি, জলশক্তি ইত্যাদি।
(a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই।
8. এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি ?
উত্তৰ :
(i) যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে৷
(ii) যিটো সহজেই উপলব্ধ।
(iii) যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য।
(iv) যি মিতব্যয়ী।
9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? এনে স্থান আছেনে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ?
উত্তৰ :
সৌৰ চুলা ব্যৱহাৰৰ সুবিধা :
ক) কোনো গতিশীল উপাংশ নেথাকে।
খ) য'ত বিদ্যুত পৰিবাহী তাঁৰ টনাটো ব্যয়বহুল বাণিজ্যিকভাৱে অসূচল তাতো সৌৰ কোষৰ ব্যৱস্থা কৰিব পাৰি।
সৌৰ চুলা ব্যৱহাৰৰ অসুবিধা :
ক) ব্যয়বহুল বাবে সৌৰ কোষৰ ঘৰুৱা ব্যৱহাৰ সীমিত।
খ) দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে উপযোগী।
গ) অধিক খৰচ।
ঘ) প্ৰয়োজনীয় উচ্চমানৰ চিলিকনৰ যোগান
সীমিত।
এনে স্থান আছে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত যেনে - য’ত সূৰ্যৰ তীব্ৰতা কম বা য’ত দিনবোৰ অতিকৈ চুটি।
10. শক্তিৰ বৰ্দ্ধিত চাহিদাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ কি ? শক্তিৰ ব্যৱহাৰ কমাবলৈ তুমি কি কি পদক্ষেপৰ পৰামৰ্শ আগবঢ়োৱা ?
উত্তৰ : শক্তিৰ বৰ্দ্ধিত চাহিদাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ হ'ল—
(i) পৰিৱেশৰ সমতা বিনষ্ট হৈছে।
(ii) পৰিৱেশক অত্যধিক প্ৰদূষিত কৰিছো।
শক্তিৰ ব্যৱহাৰ কমাবলৈ গ্ৰহণ কৰিবলগীয়া কেইটামান পদক্ষেপ হ'ল—
(i) জনসংখ্যা নিয়ন্ত্রণ।
(ii) শক্তিৰ অপব্যৱহাৰ ৰোধ কৰা।
(iii) প্রতিজন ব্যক্তিয়ে শিক্ষিত, সচেতন আৰু সজাগ হোৱাটো দৰকাৰী যাতে আমাৰ প্ৰয়োজনতহে আমি শক্তিৰ ব্যৱহাৰ কৰা।
Updated on 4th August 2024By :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments