Ads banner

JE Banner Ads
Image 2

কাৰ্বন আৰু তাৰ যৌগ - অধ্যায় ০৪ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 04
কাৰ্বন আৰু তাৰ যৌগ
(Carbon and its compounds)

কার্যকলাপ-4.1

• ৰাতিপুৱাৰ পৰা তুমি খোৱা বা ব্যৱহাৰ কৰা দহবিধ দ্ৰৱ্যৰ এখন তালিকা কৰা ।
উত্তৰ :
1. দাঁত ঘঁহা ব্ৰাছ
2. পানী
3. ঔষধ
4. গাখীৰ
5. চামুচ
6. ফোন
7. বেগ / পিঠিৰ বেগ
8. কিতাপ
9. কলম
10. কাপোৰ

অতিৰিক্ত প্ৰশ্নাৱলী :

কার্বনযুক্ত যৌগ দহন কৰিলে কি উৎপন্ন হয়?
উত্তৰ : কাৰ্বন ডাইঅক্সাইড (CO₂) আৰু পানী (H₂O) উৎপন্ন হয়।

পৃথিৱীৰ খোলাটোত কিমান শতাংশ কাৰ্বন আছে?
উত্তৰ : 0.2%

বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড আছে?
উত্তৰ : 0.03%

আয়নীয় যৌগৰ দুটা ধৰ্ম লিখা।
উত্তৰ :
ক) আয়নীয় যৌগবোৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট।
খ) গলিত বা দ্রবীভূত অৱস্থাত বিদ্যুৎ পৰিবহণ কৰে।

এক-বান্ধনি, দ্বি-বান্ধনি আৰু ত্ৰি-বান্ধনি কাক বোলে?
উত্তৰ :
এক-বান্ধনি : দুটা পৰমাণুৰ মাজত এযোৰ ইলেক্ট্রন ভাগ-বতৰা হৈ গঠন কৰা বান্ধনিক এক-বান্ধনি বোলে।

দ্বি-বান্ধনি : দুটা পৰমাণুৰ মাজত দুযোৰ ইলেক্ট্রন ভাগ-বতৰা হৈ গঠন কৰা বান্ধনিক দ্বি-বান্ধনি বোলে।

ত্ৰি-বান্ধনি : দুটা পৰমাণুৰ মাজত তিনিযোৰ ইলেক্ট্রন ভাগ-বতৰা হৈ গঠন কৰা বান্ধনিক ত্ৰি-বান্ধনি বোলে।

এক-বান্ধনি, দ্বি-বান্ধনি আৰু ত্ৰি-বান্ধনিবোৰৰ ইলেক্ট্ৰন বিন্দু গঠন দেখুওৱা।
উত্তৰ :
এক-বান্ধনিৰ ইলেক্ট্ৰন বিন্দু গঠন :


দ্বি-বান্ধনিৰ ইলেক্ট্ৰন বিন্দু গঠন :


ত্ৰি-বান্ধনিৰ ইলেক্ট্ৰন বিন্দু গঠন :


ক্ল'ৰিনৰ পৰমাণু ক্ৰমাংক 17। ইয়াৰ ইলেকট্ৰনীয় বিন্যাস কি হব? আৰু ইয়াৰ যোজ্যতা? ইয়াৰ ইলেকট্রন বিন্দু গঠন (electron dot structure) দেখুৱাব পাৰিবানে ?
উত্তৰ :
∵ ক্ল'ৰিনৰ পৰমাণু ক্ৰমাংক = 17
∴ ইলেকট্ৰনীয় বিন্যাস = 2,8,7
∴ যোজ্যতা = 1

ইয়াৰ ইলেকট্রন বিন্দু গঠন (electron dot structure) :


পানীৰ অণু (H₂O) -ৰ ইলেক্ট্ৰন বিন্দু গঠন দেখুওৱা। পানীৰ অণুত এক বান্ধনি নে দ্বি-বান্ধনি আছে?
উত্তৰ :
পানীৰ অণু (H₂O) -ৰ গঠন :


পানীৰ অণুত এক বান্ধনি আছে।

নাইট্ৰ'জেনৰ পৰমাণু ক্রমাংক 7 । ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস আৰু যোজন ক্ষমতা কি হ'ব? ইয়াৰ ইলেক্ট্রন বিন্দু গঠন দেখুৱা।
উত্তৰ :
∵ নাইট্ৰ'জেনৰ পৰমাণু ক্রমাংক = 7
∴ ইলেক্ট্ৰনীয় বিন্যাস = 2,5
∴ যোজন ক্ষমতা = 3

নাইট্ৰ'জেনৰ ইলেক্ট্রন বিন্দু গঠন :


এম’নিয়াৰ আনৱিক সংকেত লিখা। এম’নিয়া অণুত একবান্ধনি, দ্বিবান্ধনি নাইবা ত্রিবান্ধনিৰ কোনবিধ আছে?
উত্তৰ :
এম’নিয়াৰ আনৱিক সংকেত : NH₃
এম’নিয়া অণুত একবান্ধনি আছে।

CNG ৰ সম্পূর্ণ নাম লিখা।
OR

CNG ৰ full form লিখা।

উত্তৰ : Compressed Natural Gas.

📍Also read : 10000+ full forms.

সহযোজী বান্ধনি কাক বোলে?
উত্তৰ : দুটা পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগ-বতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলা হয়।

সহযোজী বান্ধনিৰ ধৰ্ম বোৰ লিখা।
OR

সহযোজী বান্ধনিৰ বৈশিষ্ট বোৰ লিখা।

উত্তৰ :
ক) সহযোজী অণুৰ বান্ধনিবিলাক দৃঢ়।
খ) ইহঁতৰ গলনাংক আৰু উতলাংক নিম্ন।
গ) সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী।

সহযোজী যৌগবোৰৰ গলনাংক আৰু উতলাংক নিম্ন কিয়?
উত্তৰ : অণুবিলাকৰ মাজৰ আন্তঃআণবিক বল কম।

সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী কিয়?
উত্তৰ : কাৰণ - সহযোজী যৌগবোৰ পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগ-বতৰাহে হয়, কিন্তু কোনো আহিত কণিকাৰ সৃষ্টি নহয়।

কাৰ্বনৰ বহুৰূপতা কি?
উত্তৰ : মৌল হিচাপে কাৰ্বন প্ৰকৃতিৰ বিভিন্ন ৰূপত থাকে। ইয়াক কাৰ্বনৰ বহুৰূপতা বোলে।

হীৰা আৰু গ্লেফাইটৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ :
হীৰা (diamond) :
i) হীৰা কঠিনতম পদার্থ।
ii) হীৰা বিদ্যুতৰ কুপৰিবাহী।
iii) হীৰাত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন চাৰিটা কার্বন পৰমাণুৰ লগত বান্ধনি গঠন কৰি দৃঢ় ত্রিমাত্রিক গঠন লাভ কৰে।

গ্লেফাইট (graphite) :
i) প্রেফাইট নিমজ আৰু পিছল।
ii) গ্রেফাইটত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন তিনিটা কাৰ্বন পরমাণুৰ লগত একেখন সমতলতে বান্ধনিযুক্ত হৈ ষড়ভূজী সৃষ্টি কৰে।
iii) গ্রেফাইট বিদ্যুতৰ সুপৰিবাহী।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 61

1. কার্বন ডাই অক্সাইড (CO₂) ৰ ইলেক্ট্রন বিন্দু গঠন কি হব?
উত্তৰ :
CO₂ -ৰ ইলেক্ট্রন বিন্দু গঠন :


2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব?
(ইঙ্গিত—আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

উত্তৰ :
S₈ -ৰ ইলেক্ট্রন বিন্দু গঠন :


অতিৰিক্ত প্ৰশ্নাৱলী :

এতিয়ালৈ আৱিষ্কৃত কাৰ্বন যৌগৰ সংখ্যা কিমান?
উত্তৰ : প্রায় তিনি নিযুত।

কেটিনেচন কাক বোলে?
OR

কার্বনৰ কেটিনেচন ধৰ্মটো লিখা।

উত্তৰ : কার্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। এই ধর্মকে কেটিনেচন বুলি কোৱা হয়।

সংপৃক্ত যৌগ কাক বোলে?
উত্তৰ : কার্বন পৰমাণুবোৰ এক বান্ধনিৰ সংযুক্ত হৈ
সৃষ্টি হোৱা যৌগবোৰক সংপৃক্ত যৌগ বোলে।

অসংপৃক্ত যৌগ কাক বোলে?
কার্বন পৰমাণুবোৰ দ্বিবান্ধনি বা ত্রিবান্ধনিযুক্ত যৌগবোৰক অসংপৃক্ত যৌগ বোলা হয়।

Important table:


Note :
Some numerical prefixes in Assamese :
Mono- (one)
Di/Bi- (two)
Tri- (three)
Tetra- (four)
Penta- (five)
Hexa- (six)
Hepta- (seven)
Octa- (eight)
Nona- (nine)
Deca- (ten)

ছাইক্ল'হেক্সেনৰ সংকেত আৰু গঠন লিখা।
উত্তৰ :
ছাইক্ল'হেক্সেনৰ সংকেত = C₆H₁₂

ছাইক্ল'হেক্সেনৰ গঠন :


বেনজিনৰ সংকেত আৰু গঠন লিখা।
উত্তৰ :
বেনজিনৰ সংকেত = C₆H₆

বেনজিনৰ গঠন :


সমযোজী যৌগ কাক বোলে?
উত্তৰ : যিবোৰ যৌগৰ আণৱিক সংকেট একে কিন্তু গঠন সংকেত বেলেগ বেলেগ সেইবিলাকক গঠন সমযোজী যৌগ বোলে। যেনে - বিউটেন (C₄H₁₀)

হাইড্ৰ'কাৰ্বন কাক বোলে?
উত্তৰ : কাৰ্বন আৰু হাইড্র'জেনক একেলগে হাইড্ৰ'কাৰ্বন বোলে।

OR

হাইড্ৰ'জেন আৰু কাৰ্বনৰ দ্বি-মৌলিক যৌগক হাইড্ৰ'কাৰ্বন বোলে

N. B :
• সংপৃক্ত হাইড্ৰ'কাৰ্বনক এলকেন(alkane) বোলে।
• অসংপৃক্ত হাইড্ৰ'কাৰ্বনক এলকিন(alkene)/এলকাইন(alkyne) বোলে।

Note :
সাধাৰণ সংকেত :
এলকেন → CₙH₂ₙ₊₂
এলকিন → CₙH₂ₙ
এলকাইন → CₙH₂ₙ₋₂

বিষম পৰমাণু কাক বোলে?
উত্তৰ : কাৰ্বন বান্ধনিযুক্ত হাইড্ৰ'জেনৰ ঠাইত প্ৰতিস্থাপিত কৰা মৌলটোক বিষম পৰমাণু (Heteroatom) বুলি গণ্য কৰা হয়।

OR

হেল'জেন, অক্সিজেন, ছালফাৰ আৰু নাইট্ৰজেনৰ সৈতে লগ লাগি বেলেগ বেলেগ যৌগ গঠন কৰে। এইবিলাক যৌগত হাইড্ৰ'জেনৰ ঠাইত প্ৰতিস্থাপিত কৰা মৌলটোক বিষম পৰমাণু বুলি গণ্য কৰা হয়।

কাৰ্যকৰী মূলক কাক বোলে?
উত্তৰ : কাৰ্বনে হাইড্ৰ'জেনৰ উপৰিও অন্য পৰমাণু যেনে- বিষম পৰমাণুৱে কাৰ্বন আৰু হাইড্ৰ'জেনৰ সৈতে লগ লাগি এটা পৰমাণু থূপ সৃষ্টি কৰে, যিয়ে যৌগটোক এটা বিশেষ ধৰ্ম প্ৰদান কৰে। এই পৰমাণু থূপকে কাৰ্যকৰী মূলক বুলি কোৱা হয়।

কাৰ্যকৰী মূলক তালিকা :


সমগণীয় শ্রেণী কাক বোলে?
উত্তৰ : যি শ্ৰেণীৰ যৌগত একে কাৰ্য কৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বোলে।

সমগণীয় শ্রেণীৰ উদাহৰণ দিয়া।
উত্তৰ : সমগণীয় শ্রেণীৰ উদাহৰণ
CH₃OH, C₂H₅OH, C₃H₇OH, C₄H₉OH

Note :
ওপৰত দিয়া মূলকৰ নাম :
মিথানল / মিথাইল এলকহল (CH₃OH)
ইথানল / ইথাইল এলকহল / এলকহল (C₂H₅OH)
প্ৰপানল / আইছ'প্ৰপিল এলকহল (C₃H₇OH)
1-বিউটানল (C₄H₉OH)

ইথিনৰ আনৱিক সংকেত লিখা।
উত্তৰ : C₂H₄

কার্বন যৌগৰ নামকৰণ পদ্ধতিটো লিখা।
উত্তৰ :
তলৰ পদ্ধতিৰে কাৰ্বন যৌগৰ নামকৰণ কৰা যায়—
(i) যৌগটোত থকা কাৰ্বন পৰমাণুৰ সংখ্যা নির্ণয় কৰিব লাগে।
(ii) কাৰ্যকৰী মূলক থাকিলে নামৰ উপসর্গ (prefix) বা অনুসর্গ (suffix) ত উল্লেখ কৰা হয়।
(iii) কার্য কাৰ্যকৰীমূলকৰ নামটো অনুসৰ্গত দিব লাগিলে কার্বন শৃংখলৰ নামৰ শেষৰ 'e' টোৰ ঠাইত উপযুক্ত অনুসর্গ বা প্রত্যয় লগোৱা হয়।
যেনে- কিট'ন মূলক থকা তিনিটা কাৰ্বনৰ যৌগৰ নাম হ'ব—
Propane – e = Propan + 'one' = Propanone
(iv) কার্বন শৃংখল অসংপৃক্ত হ'লে 'ane' ৰ ঠাইত 'ene' বা 'yne' যোগ দিয়া হয়।
দ্বিবান্ধনিযুক্ত যৌগটোক Propene আৰু ত্রিবান্ধনিযুক্ত যৌগক Propyne নাম দিয়া হয়।

কাৰ্যকৰীমূলকৰ নামাকৰণৰ তালিকা :


পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 68

1. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?
উত্তৰ : পেন্টেনৰ বাবে তিনিটা গঠন সমযোগী আঁকিব পাৰি।
যেনে-


2. কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন -যৌগ পাওঁ? [HSLC.'16,'22]
উত্তৰ :
ক) কেটিনেচন,
খ) চতুৰ্সহযোজ্যতা।

3. চাইক্ল'পেন্টেনৰ সংকেট আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা। [HSLC.'17]
উত্তৰ :
চাইক্ল'পেন্টেনৰ সংকেট = C₅H₁₀
চাইক্ল'পেন্টেনৰ ইলেক্ট্রনীয় বিন্দু গঠন :


4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা-
(i) ইথানয়িক এছিড [HSLC.'16]
(ii) ব্ৰ'ম'পেন্টেন [HSLC.'17]
(iii) বিউটান'ন [HSLC.'18,'22]
(iv) হেক্সানেল [HSLC.'19]
*ব্রম’পেন্টেনৰ সমযোগী সম্ভৱনে ?
উত্তৰ :
(i) ইথানয়িক এছিডৰ গঠন :


(ii) ব্ৰ'ম'পেন্টেনৰ গঠন :


(iii) বিউটান'নৰ গঠন :


(iv) হেক্সানেলৰ গঠন :


*ব্রম’পেন্টেনৰ সমযোগী সম্ভৱ।


5. তলৰ যৌগবোৰৰ নাম লিখা-


উত্তৰ :
(i) ব্ৰ'ম'ইথেন। [HSLC.'18]
(ii) মিথানেল। [HSLC.'18]
(iii) হেক্সাইন।

অতিৰিক্ত প্ৰশ্নাৱলী :

কয়লা আৰু পেট্ৰ'লিয়ামক কিয় জীৱাশ্ম ইন্ধন বোলে ?
উত্তৰ :
কাৰণ - জৈৱ-পদাৰ্থৰ ওপৰত জৈৱিক আৰু ভূতাত্বিক প্ৰভাৱত কয়লা আৰু পেট্ৰ'লিয়াম উৎপন্ন হয়।

হেজাৰ হেজাৰ বছৰ আগৰ গছ-গছনি, সৰু বৰ উদ্ভিদৰ অংশাৱশেষৰ পৰিবৰ্তনৰ ফলত এইবোৰ তেল আৰু গেছলৈ ৰূপান্তৰ হ'ল।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 71

1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? [HSLC.'15,'19,'22]
উত্তৰ :
কাৰণ - ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰোতে ইথানলে অক্সিজেন লাভ কৰে।

OR

ইথানলে ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট (KMnO₄) আৰু আম্লিক পটাছিয়াম ডাইক্ৰমেট (K₂Cr₂O₇) -ৰ লগত বিক্ৰিয়া কৰি অক্সিজেন লাভ কৰে।

সমীকৰণ :
CH₃CH₂OH + (KMnO₄)/(K₂Cr₂O₇)→ CH₃COOH

2. লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? [HSLC.'15,'19,'22]
উত্তৰ :
কাৰণ - অক্সিজেনৰ উপস্থিতিত ইথাইন দহন কৰিলে ইথাইনৰ সম্পূৰ্ণ দহন সংঘটিত হয় আৰু লোহা জোৰা দিবৰ বাবে আৱশ্যকীয় তাপ উৎপন্ন কৰিব পৰা যায় ৷

অতিৰিক্ত প্ৰশ্নাৱলী :

দুটা বাণিজ্যিক কার্বন যৌগৰ নাম লিখা।
উত্তৰ : ইথানল আৰু ইথানয়িক এছিড।

ইথানলৰ ধৰ্ম লিখা।
উত্তৰ :
ক) সাধাৰণ উষ্ণতাত ইথানল জুলীয়া।
খ) টিংচাৰ আয়'ডিন, কফ, চিৰাপ, টনিক আদি ঔষধ প্রস্তুতিত ব্যৱহাৰ কৰা হয়।
গ) ইথানল পানীৰ লগত যিকোনো অনুপাততে মিহলি হয়।
ঘ) কম পৰিমাণৰ পনীয়া এলক’হল সেৱনৰ ফলত নিচা হয়।
ঙ) বিশুদ্ধ এলক'হল সামান্য পৰিমাণে সেৱন কৰিলেও মৃত্যু হ’ব পাৰে।

Note :
• ইথানলকে সাধাৰণতে এলক’হল বুলি কোৱা হয়।

ইথানয়িক এছিডৰ আন এটা নাম কি?
উত্তৰ : এচেটিক এছিড।

ইথানয়িক এছিডৰ ধৰ্ম লিখা।
উত্তৰ :
ক) ঠাণ্ডা জলবায়ুৰ দেশত শীতকালত গোট মাৰে।
খ) আচাৰ সংৰক্ষণত ব্যৱহাৰ কৰা হয়।
গ) সম্পূৰ্ণৰূপে আয়নিত নহয়।

এষ্টাৰিভৱন বিক্রিয়া কি? [HSLC.'19]
উত্তৰ : এছিড আৰু এলক’হলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে এষ্টাৰ উৎপন্ন হয়। ইয়াক এষ্টাৰিভৱন বিক্রিয়া বোলে।

এষ্টাৰ কি? এষ্টাৰৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰ : এষ্টাৰ সুগন্ধি দ্ৰৱ্য।
ইয়াক,
ক) সুগন্ধি দ্ৰৱ্য হিচাপে ব্যৱহাৰ কৰা হয় ।
খ) খাদ্য সুস্বাদুকাৰক হিচাপে ব্যৱহাৰ কৰা হয় ।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 74

1. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পৰি ? [HSLC.'15,'17,'20]
উত্তৰ :
পৰীক্ষা : দুটা পৰীক্ষানলত, এলকহল আৰু কাৰ্বক্সিলিক এচিড লোৱা হ'ল। সম পৰিমাণৰ ছ'ডিয়াম কার্বনেট যোগ কৰা হ'ল। এলক’হল থকা পৰীক্ষানলত কোনো বিক্রিয়া নঘটে। আনহাতে, কার্বক্সিলিক এচিড থকা পৰীক্ষানলত বুৰবুৰণি দেখা যাব ৷

2. জাৰক দ্ৰৱ্য কি ?
উত্তৰ : এটা পদাৰ্থত অক্সিজেন যোগ বা পদাৰ্থটোৰ পৰা হাইড্ৰ'জেনক অপসাৰিত কৰিলে, তাক জাৰক দ্রব্য বোলে ।

অতিৰিক্ত প্ৰশ্নাৱলী :

চাবোন কি ?
উত্তৰ : চাবোন হ'ল দীঘল শৃংখলযুক্ত কার্বক্সিলিক এচিডৰ ছ’ডিয়াম বা পটেছিয়াম লৱণ ।

অপমাৰ্জক কি ?
উত্তৰ : অপমাৰ্জকবোৰ হ'ল দীঘল শৃংখলযুক্ত ছালফ’নিক এচিডৰ এমনিয়াম লৱণ ।

অপমাৰ্জকৰ দুটা ব্যৱহাৰ লিখা ।
উত্তৰ :
(i) চেম্পু প্ৰস্তুত কৰিবলৈ।
(ii) কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ।

চাবোন পানী ঘোলা কিয়?
উত্তৰ : চাবোনৰ মাইছেলবোৰ যথেষ্ট ডাঙৰ আকৃতিৰ বাবে ইহঁতে পোহৰ বিচ্ছুৰিত কৰিব পাৰে। সেইবাবেই চাবোন পানী ঘোলা।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 76

1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয়নে নহয় ক’ব পাৰিবানে ?
উত্তৰ : নোৱাৰি।

2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুচে বা ভৰিৰে গচকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰ (Washing Machine) ভৰাই জোকাৰি দিয়ে । কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?
উত্তৰ :
কাৰণ - চাবোনৰ অণুবোৰে কাপোৰত থকা মলিৰ চাৰিওফালে মাইচেলৰ সৃষ্টি কৰে। তেলেতীয়া মলিৰ কণিকাবোৰ মাইচেলত সংগৃহীত/জমা হয়। কাপোৰবোৰ জোকাৰিলে ই পানীৰ লগত মিহলি হৈ উটি যায়, ফলত কাপোৰখন পৰিষ্কাৰ হৈ পৰে।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা-77

1. ইথেন (C₂H₆) অণু এটাত—
(a) 6 টা সহযোজী বান্ধনি আছে।
(b) 7 টা সহযোজী বান্ধনি আছে।
(c) ৪ টা সহযোজী বান্ধনি আছে।
(d) 9 টা সহযোজী বান্ধনি আছে।

উত্তৰ : (b) 7 টা সহযোজী বান্ধনি আছে।

2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান'নত থকা কাৰ্য কৰী মূলক হ'ল—
(a) কার্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিট'ন
(d) এলকহল

উত্তৰ : (c) কিট'ন

3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো—
(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ৷
(c) ইন্ধনটো সিক্ত।
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় ।

উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ৷

4. CH₃Cl -ৰ উদাহৰণ লৈ সহযোজী বান্ধনীৰ স্বৰূপ ব্যাখ্যা কৰা।
উত্তৰ : ইয়াত কাৰ্বন পৰমাণু , তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিণ পৰমাণুৰ লগত এযোৰ ইলেকট্ৰ’নৰ ভাগ বতৰা হৈ এক বান্ধনি গঠন কৰি সহযোজী বান্ধনি তৈয়াৰ কৰে |


5. তলত দিয়াবিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা-
(a) ইথানয়িক এচিড (CH₃COOH)
(b) প্ৰপান’ন (C₃H₆O)
(c) H₂S
(d) F₂

উত্তৰ :


6. সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। [HSLC.'16,'19]
উত্তৰ : যি শ্ৰেণীৰ যৌগত একে কাৰ্য কৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বোলে।
উদাহৰণ : CH₃OH, C₂H₅OH, C₃H₇OH, C₄H₉OH

7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ।
উত্তৰ :
ভৌতিক ধৰ্ম :
ইথানল :
ক) প্ৰশম।
খ) উতলাংক আৰু গলনাংক কম।

ইথানয়িক এছিড :
ক) আম্লিক।
খ) উতলাংক আৰু গলনাংক বেছি।

ৰাসায়নিক ধৰ্ম :
ইথানল :
ক) লিটমাচৰ ৰং পৰিৱৰ্তন নহয়।
খ) ছডিয়াম কাৰ্বনেটৰ (Na₂CO₃) লগত বিক্রিয়া নকৰে।

ইথানয়িক এছিড :
ক) লিটমাচৰ ৰং ৰঙা কৰে।
খ) ছডিয়াম কাৰ্বনেটৰ লগত বিক্রিয়া কৰে।

8. পানীত চাবোন দিলে কিয় ফেন উঠে ? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ?
উত্তৰ :
কাৰণ - পানীত চাবোন দিলে মাইছেল সৃষ্টি হয়। মাইছেল গঠনৰ বাবে পানীত ফেন উঠা দেখা যায় ।
ইথানলত ফেন নুঠে।

9. প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগসমূহক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কিয় ?
উত্তৰ : কাৰণ— অক্সিজেনৰ উপস্থিতিত কাৰ্বন দহন কৰিলে কাৰ্বন ডাই-অক্সাইডৰ লগতে অধিক পৰিমাণৰ তাপ আৰু পোহৰ উৎপন্ন হয় ।

10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (Scum) কি দৰে সৃষ্টি হয় । ব্যাখ্যা কৰা ।
উত্তৰ : কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়াম আয়ন থাকে। চাবোনৰ অণুই কঠিন পানীত থকা এই আয়নবোৰৰ লগত ক্ৰিয়া কৰি এক অদ্ৰৱণীয় অধঃক্ষেপ বা গেদৰ সৃষ্টি কৰে ।

11. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?
উত্তৰ :
যিহেতু, চাবোন ক্ষাৰকীয়। সেয়ে, নীলা লিটমাছ কাগজৰ বৰণ সলনি নহয়; আনহাতে ৰঙা লিটমাছ কাগজৰ বৰণ নীলা হয় ।

12. হাইড্ৰ’জেনেচন মানে কি ? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা । [HSLC.'17]
উত্তৰ :
হাইড্ৰ’জেনেচন : পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত হাইড্ৰ'জেন যোগ কৰি সংপৃক্ত হাইড্ৰ'কাৰ্বন উৎপন্ন কৰাকেই হাইড্ৰ'জেনেচন বোলে ।

ঔদ্যোগিক প্রয়োগ : উদ্ভিদৰ তেল হাইড্ৰ'জেনযুক্ত কৰি বনস্পত্তি ঘি প্রস্তুত কৰা হয় ।

13. তলৰ কোনবিলাকৰ হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় ।
C₂H₆, C₃H₈, C₃H₆, C₂H₂, CH₄

উত্তৰ : C₂H₆, C₂H₂

14. মাখন (Butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰ : মাখন এটা সংপৃক্ত হাইড্ৰ’কাৰ্বন । আনহাতে, খোৱা তেল অসংপৃক্ত হাইড্ৰ’কাৰ্বন । অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ দ্ৰৱত ব্ৰমিণ যোগ কৰিলে, ব্ৰ’মিণৰ মুগা বৰণ অদৃশ্য হয়, কিন্তু সংপৃক্ত হাইড্ৰ’কাৰ্বনৰ আৰু ব্ৰ’মিণৰ কোনো বিক্ৰিয়া নহয় । যেতিয়া ব্ৰ’মিণ ৰন্ধন তেলত যোগ কৰা হয়, তেতিয়া ৰং অদৃশ্য হয়, কিন্তু মাখনত ব্ৰ’মিণ যোগ কৰিলে, ইয়াৰ ৰং মুগা বৰণ ধাৰণ কৰে ।

15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা।
উত্তৰ : This answer will be published soon...





Updated on 23rd October 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments