(SEBA)Secondary Education Board of AssamClass : XSubject : ScienceMedium : Assamese
Chapter : 16প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা(Management Of Natural Resources)
অতিৰিক্ত প্ৰশ্নাৱলী :
গংগা নদীৰ কাৰ্যকৰী আঁচনী কিমান চনত স্থাপন কৰা হৈছিল?OR
'গংগা নদীৰ কাৰ্যকৰী আঁচনি' প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰ : 1985 চনত।
'গংগা নদীৰ কাৰ্যকৰী আঁচনি' কিয় স্থাপন কৰা হৈছিল ?
উত্তৰ : গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ কাৰণে।
গংগা নদীৰ কাৰ্যকৰী আঁচনি কি ?
উত্তৰ : গংগা নদীৰ পানীক প্ৰদূষণমুক্ত কৰিবলৈ ১৯৮৫ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা এটা প্ৰকল্প।
পানীত কোনবিধ বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত হোৱাটো সূচায় ?
উত্তৰ: কলিফর্ম।
ঘৰলৈ যোগান ধৰা পানীৰ pᴴ পৰীক্ষা কৰিবলৈ কি আহিলা ব্যৱহাৰ কৰিবা ?
উত্তৰ : লিটমাছ কাগজ।
তিনিটা 'R' য়ে কি সূচায়?
OR
পৰিৱেশৰ সুৰক্ষাৰ বাবে তিনিটা R ৰ নীতি কি ?
উত্তৰ : পৰিৱেশ ৰক্ষা কৰিবৰ বাবে তিনিটা 'R' ব্যৱহাৰ কৰা হয়—
i) হ্রাসকৰণ (R- Reduce)
ii) পুন:চক্ৰীয়কৰণ) (R- Recycle)
iii) পুন:ব্যৱহাৰ (R- Reuse)
তিনিটা 'R' মানে কি? বুজাই লিখা।
উত্তৰ :
i) R- Reduce (হ্রাসকৰণ) :
নূন্যতম পৰিমান ব্যৱহাৰ কৰা।
যেনে -
ক) ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ অফ্ কৰি।
খ) ফুটা পানী পাইপ মেৰামতি কৰি পানী সঞ্চয়।
গ) খাদ্যবস্তু অপচয় নকৰা।
ii) R- Recycle (পুন:চক্ৰীয়কৰণ) :
বিভিন্ন বস্তু সংগ্ৰহ কৰি, ব্যৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্তুত কৰা।
iii) R- Reuse (পুন:ব্যৱহাৰ) :
ব্যৱহৃত সামগ্রী প্রত্যক্ষভাৱে পুন:ব্যৱহাৰ কৰা।
Note :
পুন:ব্যৱহাৰ পুন:চক্ৰীয়কৰণতকৈ প্ৰকৃততে উত্তম কিয়নো পুন:চক্ৰীয়কৰণত শক্তিৰ অপচয় হয়।
সম্পদ কিয় সংৰক্ষণ কৰিব লাগে?
OR
সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে?
উত্তৰ : কাৰণ এই সম্পদৰাজি অসীমিত নহয়।
জনসংখ্যা বৃদ্ধিৰ বাবে সম্পদবোৰৰ চাহিদা পূর্নহাৰত বৃদ্ধি হ'ব ধৰিছে সেয়ে সম্পদসমূহ অপৰিকল্পিতভাৱে ব্যৱহাৰ নকৰি মানৱজাতিৰ বৰ্তমান তথা ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ অৰ্থে সম্পদৰাজি সযতনে ব্যৱহাৰ কৰিব লাগে।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 269
1. পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?OR
বেছি পৰিৱেশ-অনুকুল (Environment friendly) হ'বলৈ তুমি তোমাৰ অভ্যাসত কি কি পৰিবৰ্তন আনিব বিচাৰিবা ? [HSLC.'18]
উত্তৰ :
(i) সকলো সম্পদকেই কমকৈ ব্যৱহাৰ কৰিব লাগে।
(ii) ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰিব লাগে।
(iii) একেটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰিব লাগে।
(iv) বিভিন্ন বস্তু সংগ্ৰহ কৰি, ব্যৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্তুত কৰিব লাগে।
(v) য’তে ত’তে আৱর্জনা পেলাব নালাগে।
(vi) খাদ্য অপচয় কৰিব নালাগে।
2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে ?
হ্রস্বকালীন লক্ষ্যৰে সম্পদসমূহৰ ব্যৱহাৰৰ সুবিধা কি হ'ব পাৰে ?
উত্তৰ : হ্রস্বকালীন লক্ষ্যৰে সম্পদসমূহৰ ব্যৱহাৰৰ সুবিধা সমূহ হ'ল—
(i) দৈনন্দিন জীৱনৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰাত সহায় কৰিব।
(ii) বৃহৎ সংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হ’ব ।
3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?
এই সুবিধাবোৰ আমাৰ সম্পদৰ দীৰ্ঘকালীন দৃষ্টিভংগীৰে ব্যৱস্থাপনাৰ সুবিধাৰ সৈতে কেনেদৰে পৃথক হ'ব ?
উত্তৰ :
(i) বৰ্তমান প্ৰজন্মই এই সম্পদসমূহৰ ব্যৱহাৰ কৰাটো সুনিশ্চিত কৰাৰ লগতে যাতে ভৱিষ্যত প্ৰজন্মৰ ব্যৱহাৰৰ বাবে থাকি যায়, তাকো সুনিশ্চিত কৰে।
(ii) এই সম্পদৰ লাভ কেইজনমান ধনী আৰু ক্ষমতাশালী ব্যক্তিতেই সীমাবদ্ধ নাথাকি, সমাজৰ প্ৰতিজন ব্যক্তিয়েই লাভান্বিত হয়।
4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?
সম্পদসমূহৰ সমবিতৰণ (Equitable distribution) হোৱা উচিত বুলি তুমি কিয় ভাবা? আমাৰ সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি কি শক্তিয়ে কাম কৰিব ? [HSLC.'18]
উত্তৰ : কাৰণ—
এই সম্পদৰ লাভ কেইজনমান ধনী আৰু ক্ষমতাশালী ব্যক্তিতেই সীমাবদ্ধ নাথাকি, যাতে সমাজৰ প্ৰতিজন ব্যক্তিয়েই লাভান্বিত হয়।
সমাজৰ ধনী আৰু ক্ষমতাশালী ব্যক্তিসকলে সম্পদৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰিব ।
উত্তৰ : কোনো এডোখৰ ঠাইত থকা বিভিন্ন প্ৰজাতিৰ জীৱসমষ্টিক জৈৱ বৈচিত্র্য বুলি কোৱা হয়।
‘বিড়ি’ (bidis) কিহেৰে তৈয়াৰ কৰা হয়?
উত্তৰ : ‘টেণ্ডু’ পাতৰ পৰা ‘বিড়ি’ তৈয়াৰ কৰা হয়।
OR
হ্রস্বকালীন লক্ষ্যৰে সম্পদসমূহৰ ব্যৱহাৰৰ সুবিধা কি হ'ব পাৰে ?
উত্তৰ : হ্রস্বকালীন লক্ষ্যৰে সম্পদসমূহৰ ব্যৱহাৰৰ সুবিধা সমূহ হ'ল—
(i) দৈনন্দিন জীৱনৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰাত সহায় কৰিব।
(ii) বৃহৎ সংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হ’ব ।
3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?
OR
এই সুবিধাবোৰ আমাৰ সম্পদৰ দীৰ্ঘকালীন দৃষ্টিভংগীৰে ব্যৱস্থাপনাৰ সুবিধাৰ সৈতে কেনেদৰে পৃথক হ'ব ?
উত্তৰ :
(i) বৰ্তমান প্ৰজন্মই এই সম্পদসমূহৰ ব্যৱহাৰ কৰাটো সুনিশ্চিত কৰাৰ লগতে যাতে ভৱিষ্যত প্ৰজন্মৰ ব্যৱহাৰৰ বাবে থাকি যায়, তাকো সুনিশ্চিত কৰে।
(ii) এই সম্পদৰ লাভ কেইজনমান ধনী আৰু ক্ষমতাশালী ব্যক্তিতেই সীমাবদ্ধ নাথাকি, সমাজৰ প্ৰতিজন ব্যক্তিয়েই লাভান্বিত হয়।
4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?
OR
সম্পদসমূহৰ সমবিতৰণ (Equitable distribution) হোৱা উচিত বুলি তুমি কিয় ভাবা? আমাৰ সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি কি শক্তিয়ে কাম কৰিব ? [HSLC.'18]
উত্তৰ : কাৰণ—
এই সম্পদৰ লাভ কেইজনমান ধনী আৰু ক্ষমতাশালী ব্যক্তিতেই সীমাবদ্ধ নাথাকি, যাতে সমাজৰ প্ৰতিজন ব্যক্তিয়েই লাভান্বিত হয়।
সমাজৰ ধনী আৰু ক্ষমতাশালী ব্যক্তিসকলে সম্পদৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰিব ।
অতিৰিক্ত প্ৰশ্নাৱলী :
জৈৱ বৈচিত্র্য কাক বোলে?উত্তৰ : কোনো এডোখৰ ঠাইত থকা বিভিন্ন প্ৰজাতিৰ জীৱসমষ্টিক জৈৱ বৈচিত্র্য বুলি কোৱা হয়।
‘বিড়ি’ (bidis) কিহেৰে তৈয়াৰ কৰা হয়?
উত্তৰ : ‘টেণ্ডু’ পাতৰ পৰা ‘বিড়ি’ তৈয়াৰ কৰা হয়।
বনাঞ্চলৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ উদাহৰণ হিচাপে ‘বিষ্ণুই’ সম্প্ৰদায়ৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ : ৰাজস্থানৰ ‘বিষ্ণুই’ সম্প্ৰদায়ৰ লোকসকলে পৰস্পৰাগতভাৱে ধৰ্মীয় প্রথাত অৰণ্য আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰি আহিছে। ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ ‘খেজৰালি’ গাৱত খেৰি গছবিধক ৰক্ষাৰ কাৰণে 1731 চনত অমৃতাদেৱীয়ে আন 363 গৰাকী ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিছিল। ভাৰত চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে ‘অমৃতা দেৱী বিষ্ণু বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা অমৃতাদেৱী বিষ্ণুইৰ স্মৃতিত ঘোষণা কৰিছে।
বনাঞ্চলৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ উদাহৰণ হিচাপে চিপকো আন্দোলন (Chipko Andolan) ৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ : 1970 চনত গাৰোৱাল (Garhwal) পাহাৰৰ উচ্চ অঞ্চলৰ অতি ভিতৰুৱা গাঁও ‘ৰেনি’ (Reni) -ত প্ৰথমে চিপকো আন্দোলনৰ সূত্ৰপাত হৈছিল। গাঁৱৰ ওচৰত থকা এখন অৰণ্যৰপৰা কাঠৰ ঠিকাদাৰে গাঁওৰ পুৰুষসকল গাঁৱত নথকা দিন এটাত কাঠ কাটিবলৈ আহিছিল। সংকল্পবদ্ধ হৈ গাঁৱৰ মহিলাসকলে বনাঞ্চললৈ আহি গছবোৰক সাবতি ধৰি বনুৱাবোৰক গছ কটাৰ পৰা বাধা দিছিল। বিফল হৈ ঠিকাদাৰ আৰু বনুৱাসকল ঘূৰি যাবলগীয়া হৈছিল।
অতি কম সময়ৰ ভিতৰতে চিপকো আন্দোলন বিভিন্ন সম্প্ৰদায়ৰ মাজত বিয়পি পৰিছিল। মানুহবোৰে জানিছিল যে অৰণ্য ধ্বংসৰ ফলত আমাৰ সম্পদ অপচয় হোৱাই নহয় মাটিৰ গুণ আৰু পানীৰ উৎসবোৰো কমি যায়। এনেকৈ স্থানীয় মানুহবোৰে অৰণ্য ব্যৱস্থাপনাত অৰিহণা যোগাইছিল।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 273
1. বন আৰু বন্যপ্ৰাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে?OR
আমি বন আৰু বন্য প্রাণী কিয় সংৰক্ষণ কৰিব লাগে? [HSLC.'17,'19,'23]
উত্তৰ :
(ক) জীৱ বৈচিত্র অক্ষুণ্ণ ৰখাৰ বাবে।
(খ) অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে।
(গ) আমাৰ মৌলিক প্রয়োজনসমূহ পূৰাবৰ বাবে।
(ঘ) মাটিৰ খহনীয়া ৰোধ কৰিবৰ বাবে।
2. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
OR
বনাঞ্চলৰ সংৰক্ষণৰ বাবে কেইটামান পদক্ষেপৰ পৰামৰ্শ দিয়া । [HSLC.'18,'19]
উত্তৰ :
(i) বনাঞ্চলৰ ব্যৱস্থাপনাৰ লগত স্থানীয় মানুহসকলক অংশগ্ৰহণ কৰিবলৈ দিয়া।
(ii) উদ্যোগীকৰণ, বা বৃহৎ প্রকল্প (যেনে— অট্টালিকা, ৰাস্তা-ঘাট বা ‘বান্ধ’) নির্মাণ আদিৰ দ্বাৰা বনাঞ্চল ধ্বংস ৰোধ কৰা।
(iii) বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকলৰ সুবিধার্থে লোৱা ব্যৱস্থাপনাৰ বাবেও সংৰক্ষিত অঞ্চলসমূহৰ অৱক্ষয় ৰোধ কৰা ।
(iv) পৰিবেশৰ ক্ষতি নোহোৱাকৈ আৰু বিকাশ সাধিব পৰাকৈ আমি প্রাকৃতিক সম্পদসমূহ পৰিকল্পিতভাৱে ব্যৱহাৰ কৰা উচিত।
(v) আমি আমাৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ কাৰণে আমাৰ প্ৰয়োজন পূৰাব পৰাকৈ সাৱধানতাৰে ইয়াক ব্যৱহাৰ কৰিব লাগিব।
অতিৰিক্ত প্ৰশ্নাৱলী :
নদীবান্ধ (Dams ) কি?উত্তৰ : নদীৰ বুকুত নিৰ্মাণ কৰা কিছুমান সুউচ্চ গঠন, যাৰ দ্বাৰা নদীৰ পানী সঞ্চয় কৰা হয়।
OR
নদীবান্ধ হ'ল নদীৰ বুকুত নিৰ্মাণ কৰা কিছুমান সুউচ্চ গঠন, যাৰ দ্বাৰা নদীৰ বোৱতী পানীক ভেটা দি বৃহৎ জলাধাৰত পানী সঞ্চয় কৰা হয়।
নদীবান্ধৰ দুটা সুবিধা লিখা।
উত্তৰ :
ক) বৃহৎ নদীবান্ধবোৰে পানী সঞ্চিত কৰি জলসিঞ্চন যোগান ধৰিব পাৰে।
খ) বিদ্যুৎ উৎপাদন কৰিব পাৰি।
Indira Gandhi Cannal 'নদীবান্ধ' ক'ত অৱস্থিত?
উত্তৰ : ৰাজস্থান।
গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা নদীবান্ধটোৰ নাম কি?
উত্তৰ : টেহৰাই নদীবান্ধ (Tehri Dam)
নর্মদা নদীৰ ওপৰতনিৰ্মাণ কৰা নদীবান্ধটোৰ নাম কি?
উত্তৰ : ‘সৰোৱৰ বান্ধ'।
বৃহত নদীবান্ধ নিৰ্মাণৰ সমস্যাসমূহ লিখা।
OR
বৃহত নদীবান্ধৰ তিনিটা সমস্যা লিখা। [HSLC.'19]
উত্তৰ :
(i) সামাজিক সমস্যা :
কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰিত কৰা হয় আৰু যথোপযুক্ত ক্ষতিপূৰ্ণ নাইবা পুনঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে ।
(ii) অর্থনৈতিক সমস্যা :
যথেষ্ট অৰ্থৰ আৱশ্যক হয়। উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণৰ অৰ্থনৈতিকভাৱে ক্ষতি হয়।
(iii) পৰিবেশ সমস্যা :
যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে ইয়াৰ প্ৰচুৰ জৈৱবৈচিত্ৰ্যৰ জীৱনলৈ ভাবুকি নামি আহে ।
পানী সঞ্চয়ন কি ? [HSLC.'20]
উত্তৰ : পানী সঞ্চয়ন হ'ল এনে এক ব্যৱস্থা য'ত বৰষুণৰ পানী সংগ্ৰহ কৰি তাক ভূগর্ভস্থ পানীৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ তললৈ পঠাই দিয়া হয়।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 276
1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।উত্তৰ : পুখুৰী, সৰু সৰু খাল-বিল।
2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মজত তুলনা কৰা ।
উত্তৰ :
পাহাৰীয়া অঞ্চল :
পাইপৰ সহায়েৰে পানী সমতল অঞ্চললৈ নিয়া হয়।
পানী সংৰক্ষক বনাই বৰষুণৰ পানী সঞ্চয় কৰে।
সমতল বা মালভূমি অঞ্চল :
বৰষুণৰ পানী, নদী,কৃত্রিম হ্রদ, নিজৰা আদিৰ পৰা পানী ব্যৱহাৰ কৰে।
3. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা। সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পায়নে?
উত্তৰ :
আমাৰ অঞ্চলৰ পানীৰ উৎস : পুখুৰী, সৰু সৰু খাল-বিল, চৰকাৰী পানী যোগান বিভাগ।
সকলো মানুহ বাস কৰা আমাৰ অঞ্চলত পানী প্ৰচুৰ পৰিমাণে নাপায়।
অতিৰিক্ত প্ৰশ্নাৱলী :
দুবিধ জীৱাশ্ম ইন্ধন (Fossil Fuel) -ৰ নাম লিখা।উত্তৰ : কয়লা আৰু পেট্ৰ'লিয়াম।
এটা সেউজগৃহ গেছৰ নাম লিখা।
উত্তৰ : কাৰ্বন-ডাই-অক্সাইড (CO₂)
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 278
1. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা?উত্তৰ :
(i) সকলো সম্পদকেই কমকৈ ব্যৱহাৰ কৰা।
(ii) ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা।
(iii) একেটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰা
(iv) বিভিন্ন বস্তু সংগ্ৰহ কৰি, ব্যৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্তুত কৰা
(v) খাদ্য অপচয় নকৰা।
2. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তন পৰামৰ্শৰ দিবা।
উত্তৰ :
(a) বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব।
(b) পানী আৰু বিদ্যুতৰ অপচয় ৰোধ কৰা।
(c) সৌৰ শক্তিৰ ব্যৱহাৰ।
(d) বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ।
3. এই অধ্যায়নত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৃৰ্ত্তত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা ?
উত্তৰ : স্থানীয় লোকসকলক অংশীদাৰৰ বনসম্পদ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৃৰ্ত্তত্ব থাকিব লাগে। কাৰণ— স্থানীয় লোকসকল সেই অঞ্চলৰ হাবিত থকা জীৱ-জন্তুৰ আচৰণ আৰু অৱলম্বন, গছ-গছনিৰ অৱস্থানৰ বিষয়ে জ্ঞাত। গতিকে এইসকল লোকক বনাঞ্চল সুৰক্ষাৰ দায়িত্ব অর্পন কৰিলে এই সম্পদবোৰ সুৰক্ষিত হৈ থাকিব ।
4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব লবা- [HSLC.'20]
(a) বন আৰু বন্যপ্ৰাণী
(b) জলসম্পদ
(c) কয়লা আৰু পেট্ৰলিয়াম
উত্তৰ :
(a) বন আৰু বন্যপ্ৰাণী :
(i) জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি।
(ii) গছ-গছনি কটা ৰোধ কৰি।
(iii) উদ্ভিদ ৰোপন কৰি।
(b) জলসম্পদ :
(i) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি।
(ii) পানীৰ অপব্যৱহাৰ ৰোধ কৰি।
(iii) জল সম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা আনি।
(c) কয়লা আৰু পেট্ৰলিয়াম :
(i) পেট্ৰ'লৰ দ্বাৰা চলা যান-বাহনৰ ব্যৱস্থা কমাই।
(ii) বিদ্যুতৰ ব্যৱহাৰ কমাই,
(iii) সৌৰ শক্তি, বায়ু শক্তিৰ দৰে বিকল্প শক্তিৰ ব্যৱহাৰ কৰি।
5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
উত্তৰ :
(i) সকলো সম্পদকেই কমকৈ ব্যৱহাৰ কৰিব লাগে।
(ii) ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰিব লাগে।
(iii) একেটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰিব লাগে।
(iv) বিভিন্ন বস্তু সংগ্ৰহ কৰি, ব্যৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্তুত কৰিব লাগে।
(v) য’তে ত’তে আৱর্জনা পেলাব নালাগে।
(vi) খাদ্য অপচয় কৰিব নালাগে।
6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্রস্তুত কৰা (পাঁচটাকৈ)।
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিবৰ্তন কৰিবা?
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
0 Comments