Ads banner

JE Banner Ads
Image 2

ভূগোল-বিজ্ঞান অধ্যয়নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ - অধ্যায় ১০ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১০

ভাৰতত ইংৰাজ শাসনৰ সম্প্ৰসাৰণ (১৭৭২-১৮৩৫)


আদর্শ প্রশ্নমালা :

১। চমু উত্তৰ লিখা :

(ক) ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : ৱাৰেণ হেষ্টিংছ ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল৷

(খ) ১৭৭৩ চনত প্ৰৱৰ্তিত আইনখনৰ নাম কি আছিল?

উত্তৰ : ১৭৭৩ চনত প্ৰৱৰ্তিত আইনখনৰ নাম আছিল ‘ৰেগুলেটিং এক্ট’।

(গ) লৰ্ড কৰ্ণৱালিছৰ সময়ত মহীশূৰৰ শাসক কোন আছিল?

উত্তৰ : লর্ড কৰ্ণৱালিছৰ সময়ত মহীশূৰৰ শাসক আছিল টিপু চুলতান।

(ঘ) ‘চিৰস্থায়ী বন্দোৱস্ত’ কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : লর্ড কৰ্ণৱালিছে ‘চিৰস্থায়ী বন্দোৱস্ত’ প্ৰৱৰ্তন কৰিছিল।

(ঙ) ‘কৰদ মৈত্ৰী নীতি’ কোনে প্রচলন কৰিছিল?
উত্তৰ : ইংৰাজ গৱৰ্ণৰ লৰ্ড ওৱেলেছলিয়ে ‘কৰদমৈত্ৰী নীতি’ প্ৰৱৰ্তন কৰিছিল৷

(চ) মহাৰাজা ৰণজিৎ সিংহ কোন আছিল?

উত্তৰ : মহাৰাজা ৰণজিৎ সিংহ আছিল পঞ্জাৱৰ শাসনকর্তা!

(ছ) লর্ড হেষ্টিংছক ‘মার্কুইছ অৱ হেষ্টিংছ’ কিয় বোলা হৈছিল?

উত্তৰ : লর্ড হেষ্টিংছে ইংগ-নেপাল যুদ্ধত বিশেষ পাৰদৰ্শিতা দেখুওৱা বাবে তেওঁক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ‘মার্কুইজ অৱ হেষ্টিংছ’ উপাধি প্ৰদান কৰে।

(জ) প্ৰথম ইংগ-বৰ্মা যুদ্ধৰ সময়ত ভাৰতত গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : প্ৰথম ইংগ-বৰ্মা যুদ্ধৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিললর্ড আর্মহাষ্ট।

(ঝ) লর্ড বেন্টিংকৰ কার্যকাল কি কাৰণত বিখ্যাত?
উত্তৰ : লর্ড বেন্টিংকৰ কাৰ্যকাল বিবিধ সামাজিক সংস্কাৰৰ বাবে বিখ্যাত আছিল।

(ঞ) কাৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ জয়ন্তীয়া আৰু কছাৰী ৰাজ্য ইংৰাজ প্ৰশাসনৰ দখললৈ যায়?

উত্তৰ : লর্ড উইলিয়াম বেন্টিংকৰ কাৰ্যকালত উত্তৰ-পূৰ্ৱাঞ্চলৰ জয়ন্তীয়া আৰু কছাৰী ৰাজ্য ইংৰাজৰ দখললৈ যায়।

২। চমু টোকা লিখা :

(ক) ৱাৰেন হেষ্টিংছ
(খ) লৰ্ড ৱেলেছ্‌লি
(গ) লর্ড হেষ্টিংছ
(ঘ) লর্ড আর্মহাষ্ট

উত্তৰ :
(ক) ৱাৰেন হেষ্টিংছ :
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৭৭২ চনত লর্ড ৱাৰেন হেষ্টিংছক বংগৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়ে। তেওঁৰ ৰাজত্বকাল নানান শাসন সংস্কাৰৰ বাবে বিখ্যাত। তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই বংগদেশৰ সকলো প্ৰশাসনীয় কাম-কাজ কোম্পানী চৰকাৰৰ প্ৰত্যক্ষ অধীনলৈ,আনে। ৰাজহ সংগ্ৰহ আৰু শাসনৰ বাবে তেওঁ ‘সমাহৰ্তা’ আৰু ‘দেৱান’ নামৰ দুজন বিষয়া নিয়োগ কৰে। স্থানীয় বিচাৰৰ বাবে প্ৰতিখন জিলাতে ফৌজদাৰী আৰু নিজামত আদালত স্থাপন কৰে। উচ্চতম ন্যায়লায়ৰ অধীনত এখন সৰ্ব্বোচ্চ সদৰ দেৱানী আদালতো স্থাপন কৰে। ইংৰাজ সমাহৰ্তাই দেৱানী আদালতৰ আৰু ভাৰতীয় কৰ্মচাৰীয়ে ফৌজদাৰী আদালতৰ বিচাৰ কৰিছিল৷ তেওঁৰ শাসনকালত ভাৰতত ইংৰাজ শাসন দৃঢ় কৰাৰ উদ্দেশ্যে বৃটিছ চৰকাৰে ‘ৰেগুলেটিং এক্ট’ নামৰ এখন আইন প্ৰৱৰ্তন কৰে। এই আইনৰ যোগেদি –বংগৰ গৱৰ্ণৰ পদটোক ‘গৱৰ্ণৰ জেনেৰেল’ পদলৈ উন্নীত কৰা হয়। আইন অনুসৰি ৱাৰেন হেষ্টিংছ বংগৰ গৱৰ্ণৰ পদৰ পৰিৱৰ্তে ইংৰাজ শাসিত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়। বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ জেনেৰেল দুজনক গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। গৱৰ্ণৰ জেনেৰেলক শাসন কার্যত সহায় কৰিবলৈ এখন চাৰিজনীয়া সদস্যৰ পৰিষদ গঠন কৰা হয়। ৰেগুলেটিং এক্টখনৰ দ্বাৰা ইংৰাজ চৰকাৰে ভাৰতত স্থায়ী শাসনৰ পাতনি মেলে।

(খ) লৰ্ড ৱেলেছলি :
লৰ্ডৱেলেছলি ১৭৯৮ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পদত নিযুক্তি পায়৷ তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই তেওঁৰ কাৰ্যকালৰ উদ্দেশ্য, নীতি আৰু আঁচনি স্থিৰ কৰিলয়। তেওঁৰ শাসন নীতি আছিল সম্পূৰ্ণৰূপেই সাম্রাজ্যবাদী। তেওঁ ভাৰতবৰ্ষত বৃটিছৰাজ্য বিস্তাৰ কৰাৰ উদ্দেশ্যে ভাৰতীয় সৰু-বৰ ৰাজ্যসমূহক ইংৰাজ কোম্পানীৰ অধীনলৈ অনাৰ সিদ্ধান্ত লৈছিল৷ লগতে সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য প্রতিদ্বন্দ্বী হিচাপে থকা ফৰাচীসকলৰ প্ৰভাৱ সম্পূর্ণ নির্মূল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই উদ্দেশ্যসমূহ পূৰণ কৰাৰ লক্ষ্যে তেওঁ যিকোনো উপায় গ্রহণ কৰিবলৈ সাজু আছিল ৷
ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ কৰাৰ বাবে প্ৰথমতে তেওঁ ‘কৰদ মৈত্ৰী’ নামৰ এক নতুন নীতি প্ৰস্তুত কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল -
(ক) যিসকল ভাৰতীয় ৰাজ্যই ইংৰাজৰ কৰদ মৈত্ৰী নীতি মানি ল’ব সেই ৰাজ্যক ইংৰাজে সৈন্য বাহিনী দি সুৰক্ষা প্ৰদান কৰিব৷
(খ) এনে ৰাজ্যসমূহে ইংৰাজ সৈন্য বাহিনীৰ খৰচৰ বাবদ কোম্পানীক ধন আদায় দিব লাগিব।
(গ) এই নীতি গ্রহণ কৰা ৰাজ্যই কোম্পানীৰ অনুমতি নোহোৱাকৈ কোনো বিদেশী শক্তিৰ লগত মিত্ৰতা কৰিব নোৱাৰি৷
(ঘ) কৰদ মৈত্ৰী নীতি মানি লোৱা প্ৰতিখন ৰাজ্যৰ ৰাজসভাত একোজন ইংৰাজ প্রতিনিধি থাকিব।
(ঙ) এই নীতি গ্ৰহণ কৰা ৰাজ্যৰ ৰজা অকর্মণ্য বুলি পৰিগণিত হ’লে ইংৰাজ কোম্পানীয়ে তেওঁক ক্ষমতাচ্যুত কৰিব পাৰিব।
লৰ্ড ৱেলেছলিয়ে প্ৰৱৰ্তন কৰা কৰদ মৈত্ৰী নীতিৰ ফলত ভাৰতৰ সৰু-ডাঙৰ ৰাজ্যসমূহ এক বান্ধোনত সোমাই পৰিছিল আৰু ক্রমাগতভাৱে ইংৰাজৰ সাম্ৰাজ্য বিস্তাৰ আৰম্ভ হৈছিল। তেওঁ ভাৰতীয় ৰাজ্যসমূহক এই নীতি গ্ৰহণ কৰিবলৈ আহ্বান কৰিছিল। প্ৰথম অৱস্থাত মহীশূৰৰ টিপু চুলতান আৰু মাৰাঠাসকলে এই নীতি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু চতুৰ্থ ইংগ-মহীশূৰ যুদ্ধত
টিপু চুলতানৰ পৰাজয় আৰু দ্বিতীয় ইংগ-মাৰাঠা যুদ্ধত মাৰাঠাসকলৰ পৰাজয় হোৱাত দুয়োখন ৰাজ্যকে এই নীতি গ্রহণ কৰিবলৈ বাধ্য কৰোৱা হয়। হায়দৰাবাদ আৰু অযোধ্যাৰ ৰজায়ো বাধ্যতামূলকভাৱে এই নীতি গ্ৰহণ কৰিবলগীয়া হয়। ৱেলেছলিৰ উগ্ৰ সাম্ৰাজ্যবাদী নীতিৰ বাবে তাঞ্জোৰ, চুৰাট আৰু কৰ্ণাটকত ৰাজশক্তি আঁতৰাই ইংৰাজৰ কৰ্তৃত্ব স্থাপন হৈছিল। লৰ্ড ৱেলেছলিৰ সময়ত ফৰাচীসকল পুনৰ ক্ষমতাশালী হ’বলৈ আৰম্ভ কৰাত ৱেলেছলিয়ে অতি কৌশলৰে ফৰাচীসকলৰ প্ৰভাৱ
প্রায় নির্মূল কৰিছিল ৷ এনেদৰে ভাৰতত ইংৰাজ সাম্ৰাজ্য স্থাপনত ৱেলেছলিৰ অৱদান যথেষ্ট। তেওঁ এজন বিদ্বানুৰাগী ব্যক্তিও আছিল৷ তেওঁ কলিকতাত 77% ফর্ট উইলিয়াম কলেজ স্থাপন কৰিছিল।

(গ) লর্ড হেষ্টিংছ :

১৮১৩ চনত লৰ্ড মিন্টোৰ পিছত লৰ্ড মায়ৰা ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে। ভাৰতলৈ আহি তেওঁ ইংগ- নেপাল যুদ্ধত বিশেষ পাৰদৰ্শিতা দেখুওৱা বাবে কোম্পানীয়ে লৰ্ড মায়ৰাক ‘মার্কুইজ অৱ হেষ্টিংছ’ উপাধি প্ৰদান কৰে। পিছলৈ তেওঁ এই নামৰেই জনাজাত হয়। লর্ড হেষ্টিংছে ভাৰতত আক্রমণাত্মক নীতি গ্ৰহণ কৰি ইংৰাজ সাম্ৰাজ্য বিস্তাৰত মন দিছিল। তেওঁৰ কাৰ্যকালছোৱাত তিনিখন গুৰুত্বপূৰ্ণ যুদ্ধ সংঘটিত হৈছিল। সেয়া আছিল ইংগ-নেপাল যুদ্ধ, পিণ্ডাৰীসকলৰ লগত যুদ্ধ আৰু ইংগ-মাৰাঠা যুদ্ধ ৷
লৰ্ড হেষ্টিংছে ইংগ-মৰাঠা যুদ্ধত জয় লাভ কৰি চিমলা, মুচৌৰী, আলামোৰা, নৈনিতাল আদি পার্বত্যাঞ্চলসমূহ লাভ কৰিছিল৷ তৃতীয় ইংগ-মাৰাঠা যুদ্ধত মাৰাঠাসকলক পৰাজিত কৰি মাৰাঠা শক্তিক দুর্বল কৰিছিল আৰু পৰৱৰ্তীকালত মাৰাঠাসকলৰ পতন সুনিশ্চিত হৈছিল। হেষ্টিংছৰ শাসন কালৰ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল পিণ্ডাৰীসকলক দমন ৷ পিণ্ডাৰীসকলে মধ্য ভাৰতৰ বিভিন্ন ঠাইত ডকাইতি, হত্যা, লুণ্ঠন আদি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি ফুৰিছিল। হেষ্টিংছে অতি সুপৰিকল্পিতভাৱে পিণ্ডাৰীসকলক দমন কৰি সন্ত্ৰাসৰ অন্ত পেলাইছিল। হেষ্টিংছে বিচাৰ বিভাগত কিছু সংস্কাৰ সাধন কৰিছিল। তেওঁ প্ৰতিখন জিলাতে আমীন নিয়োগ, সদৰ দেৱানী আদালতৰ বিচাৰকৰ অৰ্হতা নিৰ্ধাৰণ, বিচাৰকৰ ক্ষমতা নিৰ্ধাৰণ, জিলা কালেক্টৰৰ ক্ষমতা বৃদ্ধি আদি নানান প্রশাসনীয় সংস্কাৰ সাধন কৰিছল। তেওঁ কলিকতা, মাদ্রাজ, বোম্বাই আদি ঠাইত শিক্ষানুষ্ঠান স্থাপন কৰিছিল। তেওঁ ভাতৰীয় সমাজত প্ৰচলিত সতীদাহ প্রথা নিবাৰণ কৰাৰ বাবেও যত্নপৰ হৈছিল যদিও তেওঁৰ কাৰ্যকালত সেয়া সম্ভৱপৰ হৈ উঠা নাছিল।

(ঘ) লর্ড আর্মহাষ্ট :
লর্ড হেষ্টিংছৰ পিছত লৰ্ড আর্মহাষ্ট (১৮২৩-১৮২৮) ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পদত নিযুক্তি লাভ কৰে। তেওঁৰ শাসন কালৰ উল্লেখযোগ্য ঘটনা হ'ল ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইংৰাজৰ প্ৰভুত্ব স্থাপন। তেওঁৰ সময়ত প্রথম ইংগ-বার্মা যুদ্ধ সংঘটিত হয়। যুদ্ধত ব্ৰহ্মদেশৰ ৰজাই পৰাজয় বৰণ কৰে আৰু ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি মতে ইংৰাজসকলে অসমকে ধৰি ভাৰতৰ উত্তৰ-পূৱ ৰাজ্যসমূহৰ ওপৰত আধিপত্য লাভ কৰে। ১৮২৫ চনত ভাৰতৰ ভৰতপুৰৰ ৰজাৰ মৃত্যু হোৱাত ৰাজ্যখনৰ উত্তৰাধিকাৰক লৈ এক গৃহ বিবাদত লর্ড আর্মহাষ্টয়ে হস্তক্ষেপ কৰি ৰজাৰ নাবালক পুত্ৰক ৰজা পাতে আৰু বিনিময়ত ভৰতপুৰ দুৰ্গ লাভ কৰে। ইতিমধ্যে ভাৰতীয় হিন্দু সৈনিকসলক বাধ্যতামূলকভাৱে সাগৰ যাত্ৰা কৰি বিদেশত যুদ্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। উক্ত নির্দেশক অমান্য কৰি কলিকতাৰ বেৰেকপুৰৰ সেনা ছাউনীৰ সৈনিকসকলে বিদ্ৰোহৰ সূচনা কৰিছিল। কিন্তু আমহাষ্টে অতি কঠোৰভাবে এই বিদ্রোহ দমন কৰিছিল।

৩। লর্ড কৰ্ণৱালিছৰ কাৰ্যকালৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰ : ৱাৰেন হেষ্টিংছৰ পিছত লর্ড কর্ণবালিছ (১৭৮৬-১৭৯৩) ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হয়। তেওঁৰ শাসন কাল ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু শাসন সংস্কাৰৰ বাবে বিখ্যাত। তেওঁৰ কাৰ্যকালত তৃতীয় ইংগ-মহীশূৰ যুদ্ধ সংঘটিত হয়। যুদ্ধত মহীশুৰৰ শাসক টিপু চুলতান পৰাজিত হয় আৰু ১৭৯২ চনত শ্ৰীৰংগপট্টম সন্ধিয়ে এই যুদ্ধৰ অন্ত পেলায়। তেওঁ কোম্পানীৰ অপব্যয়ৰ মাত্ৰা সংকোচন কৰিবলৈ কৰ্মচাৰীসকলক নিৰ্ধাৰিত দৰ্মহা প্ৰদান কৰিবলৈ আৰম্ভ কৰে। তেওঁ আৰক্ষীৰ দায়িত্ব জমিদাৰসকলকৰ হাতৰ পৰা আনি ঠায়ে ঠায়ে আৰক্ষী থানা স্থাপন কৰি তাত এজন দাৰোগা আৰু কেইজনমান সশস্ত্ৰ চিপাহী নিয়োগ কৰাৰ ব্যৱস্থা কৰে। তেঁৱেই প্ৰথমে আৰক্ষী অধীক্ষকৰ পদৰ সৃষ্টি কৰে। লৰ্ড কৰ্ণৱালিছৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ আছিল ৰাজহ বিষয়ক সংস্কাৰ। এই সংস্কাৰক চিৰস্থায়ী বন্দোৱস্ত বুলি কোৱা হয়। এই ব্যৱস্থা মতে জমিদাৰসকলে বছৰি এক নিৰ্ধাৰিত পৰিমাণৰ ৰাজহ কোম্পানীক আদায় দিব লাগিছিল। জমিদাৰ সকলে নিয়মিত ৰাজহ আদায় দিব নোৱাৰিলে কোম্পানীয়ে ভূমি কাঢ়ি ল’ব পাৰিছিল। ভোগ কৰি থকা জমিদাৰে ভূমি হস্তান্তৰ কৰা, বেচা-কিনা কৰা বা বন্ধকত থোৱা আদিৰ অধিকাৰ পাইছিল।

৪। ‘কৰদ মৈত্রী নীতি’ৰ বিষয়ে বহলাই লিখা।
উত্তৰ : ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ কৰাৰ বাবে লৰ্ড ৱেলেছলিয়ে তেওঁ ‘কৰদ মৈত্রী’ নামৰ এক নতুন নীতি প্ৰস্তুত কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল -
(ক) যিসকল ভাৰতীয় ৰাজ্যই ইংৰাজৰ কৰদ মৈত্রী নীতি মানি ল’ব সেই ৰাজ্যক ইংৰাজে সৈন্য বাহিনী দি সুৰক্ষা প্ৰদান কৰিব।
(খ) এনে ৰাজ্যসমূহে ইংৰাজ সৈন্য বাহিনীৰ খৰচৰ বাবদ কোম্পানীক ধন আদায় দিব লাগিব।
(গ) এই নীতি গ্ৰহণ কৰা ৰাজ্যই কোম্পানীর অনুমতি নোহোৱাকৈ কোনো বিদেশী শক্তিৰ লগত মিত্ৰতা কৰিব নোৱাৰি।
(ঘ) কৰদ মৈত্ৰী নীতি মানি লোৱা প্ৰতিখন ৰাজ্যৰ ৰাজসভাত একোজন ইংৰাজ প্রতিনিধি থাকিব।
(ঙ) এই নীতি গ্ৰহণ কৰা ৰাজ্যৰ ৰজা অকর্মণ্য বুলি পৰিগণিত হ'লে ইংৰাজ কোম্পানীয়ে তেওঁক ক্ষমতাচ্যুত কৰিব পাৰিব।
লৰ্ড ৱেলেছলিয়ে প্ৰৱৰ্তন কৰা কৰদ-মৈত্রী নীতিৰ ফলত ভাৰতৰ সৰু-ডাঙৰ ৰাজ্যসমূহ এক বান্ধোনত সোমাই পৰিছিল আৰু ক্রমাগতভাৱে ইংৰাজৰ সাম্ৰাজ্য বিস্তাৰ আৰম্ভ হৈছিল। তেওঁ ভাৰতীয় ৰাজ্যসমূহক এই নীতি গ্ৰহণ কৰিবলৈ আহ্বান কৰিছিল। প্ৰথম অৱস্থাত মহীশূৰৰ টিপু চুলতান আৰু মাৰাঠাসকলে এই নীতি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু চতুৰ্থ ইংগ-মহীশূৰ যুদ্ধত টিপু চুলতানৰ পৰাজয় আৰু দ্বিতীয় ইংগ-মাৰাঠা যুদ্ধত মাৰাঠাসকলৰ পৰাজয় হোৱাত দুয়োখন ৰাজ্যকে এই নীতি গ্রহণ কৰিবলৈ বাধ্য কৰোৱা হয়। হায়দৰাবাদ আৰু অযোধ্যাৰ ৰজায়ো বাধ্যতামূলকভাৱে এই নীতি গ্ৰহণ কৰিবলগীয়া হয়।

৫। লর্ড আর্মহাষ্টৰ কাৰ্যকাল সম্পর্কে বিতংভাৱে আলোচনা কৰা।

উত্তৰ : লৰ্ড হেষ্টিংছৰ পিছত লৰ্ড আর্মহাষ্ট (১৮২৩-১৮২৮) ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পদত নিযুক্তি লাভ কৰে। তেওঁৰ শাসন কালৰ উল্লেখযোগ্য ঘটনা হ’ল ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইংৰাজৰ প্রভুত্ব স্থাপন। তেওঁৰ সময়ত প্ৰথম ইংগ-বাৰ্মা যুদ্ধ সংঘটিত হয়। যুদ্ধত ব্ৰহ্মদেশৰ ৰজাই পৰাজয় বৰণ কৰে আৰু ইয়াণ্ডাবু নামে ঠাইত,ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি মতে ইংৰাজসকলে অসমকে ধৰি ভাৰতৰ উত্তৰ-পূৱ ৰাজ্যসমূহৰ ওপৰত আধিপত্য লাভ কৰে। ১৮২৫ চনত ভাৰতৰ ভৰতপুৰৰ ৰজাৰ মৃত্যু হোৱাত ৰাজ্যখনৰ উত্তৰাধিকাৰক লৈ এক গৃহ বিবাদত লর্ড আর্মহাষ্টয়ে হস্তক্ষেপ কৰি ৰজাৰ নাবালক পুত্ৰক ৰজা পাতে আৰু বিনিময়ত ভৰতপুৰ দুৰ্গ লাভ কৰে৷ ইতিমধ্যে ভাৰতীয় হিন্দু সৈনিকসকলক বাধ্যতামূলকভাৱে সাগৰ যাত্ৰা কৰি বিদেশত যুদ্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। উক্ত নির্দেশক অমান্য কৰি কলিকতাৰ বেৰেকপুৰৰ সেনা ছাউনীৰ সৈনিকসকলে বিদ্ৰোহৰ সূচনা কৰিছিল। কিন্তু আৰ্মহাষ্টে অতি কঠোৰভাবে এই বিদ্রোহ দমন কৰিছিল।

৬। লর্ড উইলিয়াম বেন্টিংকৰ কাৰ্যকাল কিহৰ কাৰণে বিখ্যাত আলোচনা কৰা।

উত্তৰ : লর্ড আৰ্মহাষ্টৰ পিছত লর্ড উইলিয়াম বেন্টিংক.(১৮২৮-১৮৩৫) ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁৰ শাসনকাল বিবিধ সমাজ সংস্কাৰমূলক কাৰ্যৰ বাবে বিখ্যাত৷ ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ কাৰ্যকালৰ ভিতৰত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ জয়ন্তীয়া আৰু কছাৰী ৰাজ্য বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত হৈছিল। তেওঁ আইন প্রনয়ণ কৰি ভাৰতীয়সমাজত চলি থকা সতীদাহ প্ৰথা, শিশু কন্যা হত্যা, নৰবলি প্ৰথা, দাস প্রথা আদি বন্ধ কৰিছিল ৷ তেওঁ বিচাৰ, শিক্ষা আৰু অৰ্থনৈতিক দিশত কিছু সংস্কাৰ সাধন কৰিছিল।


৭। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) বক্সাৰৰ যুদ্ধ সংঘটিত হয় -
(ক) ১৭৬৪ চনত
(খ) ১৭৫৭ চনত
(গ) ১৭৫০ চনত

উত্তৰ : (ক) ১৭৬৪ চনত

(ii) ৰেগুলেটিং আইন প্ৰৱৰ্তন কৰা হয় -
(ক) ১৬৭৩ চনত
(খ) ১৭৭৩ চনত
(গ) ১৮৭৩ চনত

উত্তৰ : (খ) ১৭৭৩ চনত

(iii) ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল -
(ক) ৰবাৰ্ট ক্লাইব
(খ) ফ্রেনচিচ ডুপ্লে
(গ) ৱাৰেন হেষ্টিংছ

উত্তৰ : (গ) ৱাৰেন হেষ্টিংছ

(iv) কোনজন গৱৰ্ণৰ জেনেৰেল ‘সতীদাহ প্রথা দূৰ
কৰে?
(ক) উইলিয়াম বেন্টিংক
(খ) ৱাৰেৰ্ন হেষ্টিংছ
(গ) কর্ণবালিছে

উত্তৰ : (ক) উইলিয়াম বেন্টিংক

(v)পিণ্ডাৰীসকলক দমন কৰিছিল -
(ক) লর্ড হেষ্টিংছ
(গ) লর্ড কৰ্ণৱালিছে
(খ) লর্ড বেন্টিংকে

উত্তৰ : (ক) লর্ড হেষ্টিংছ

৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।
‘ক’ অংশ ‘খ’ অংশ
লর্ড হেষ্টিংছ → চিৰস্থায়ী বন্দবস্ত
লর্ড বেন্টিংক → স্বত্ব বিলোপ নীতি
লর্ড কৰ্ণৱালিছ → প্ৰথম গৱৰ্ণৰ জেনেৰেল
লর্ড ডেল হাউচী → পিণ্ডাৰী দমন
লর্ড ৱাৰেন হেষ্টিংছ → দাস প্রথা বিলুপ্ত

উত্তৰ :
‘ক’ অংশ ‘খ’ অংশ
লর্ড হেষ্টিংছ → পিণ্ডাৰী দমন
লর্ড বেন্টিংক → দাস প্রথা বিলুপ্ত
লর্ড কৰ্ণৱালিছ → চিৰস্থায়ী বন্দবস্ত
লর্ড ডেল হাউচী → স্বত্ব বিলোপ নীতি
লর্ড ৱাৰেন হেষ্টিংছ → প্ৰথম গৱৰ্ণৰ জেনেৰেল

Updated on 5th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments