Ads banner

JE Banner Ads
Image 2

ইংৰাজৰ আমোলত ভাৰতত হোৱা সংস্কাৰসমূহ (১৭৭২ চনৰ পৰা ১৮৫৭ চনলৈ) - অধ্যায় ১১ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১১

ইংৰাজৰ আমোলত ভাৰতত হোৱা সংস্কাৰসমূহ (১৭৭২ চনৰ পৰা ১৮৫৭ চনলৈ)


আদর্শ প্রশ্নমালা :

১। চমু উত্তৰ দিয়া :

(ক) চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰে?
উত্তৰ : ইংৰাজ গৱৰ্ণৰ লৰ্ড কৰ্ণৱালিছে।

(খ) ভাৰতৰ প্ৰথমে মেডিকেল কলেজ ক’ত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : লর্ড উইলিয়াম বেন্টিংকে ভাৰতত প্ৰথমে মেডিকেল কলেজ স্থাপন কৰে।

(গ) ব্রাহ্ম সমাজ কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰ : ৰাজা ৰামমোহন ৰায়ে।

(ঘ) আর্য সমাজ কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰ : স্বামী দয়ানন্দ সৰস্বতীয়ে।

(ঙ) প্ৰাৰ্থনা সমাজ ক’ত প্ৰতিষ্ঠিত হৈছিল?
উত্তৰ : মহাৰাষ্ট্ৰত।

(চ) স্বামী বিবেকানন্দই প্রতিষ্ঠা কৰা অনুষ্ঠানটোৰ নাম কি আছিল?

উত্তৰ : ‘ব্ৰাহ্ম সমাজ'।

(ছ) এনি বেচান্ত কোন আছিল?

উত্তৰ : এনি বেচান্ত ভাৰতৰ থিয়’ছফিকেল ছ'চাইটৰ এজনী অন্যতম নেত্ৰী আছিল ৷

(জ) ভাৰতত হ’ম ৰুল আন্দোলন গুৰি ধৰোঁতা কোন আছিল?

উত্তৰ : এনি বেচান্ত।

(ঝ) আলিগড় আন্দোলন’ৰ মুখ্য নেতা কোন আছিল?

উত্তৰ : ছাৰ চৈয়দ আহমদ খান।

২। চমু টোকা লিখা।

(ক) ইংৰাজৰ আমোলৰ ৰাজহ সংস্কাৰ
(খ) ব্রাহ্ম সমাজ
(গ) প্রার্থনা সমাজ
(ঘ) আর্য সমাজ
(ঙ) আলিগড় আন্দোলন

উত্তৰ :
(ক) ইংৰাজৰ আমোলৰ ৰাজহ সংস্কাৰ :
ইংৰাজসকলৰ পূৰ্বে ভাৰতত ‘ৰায়তৱাৰী’ ব্যৱস্থাৰ প্ৰচলন আছিল। ইংৰাজসকলে ভাৰতত সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে বহু সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ সেইবোৰৰ ভিতৰত উল্লেখযোগ্য এক সংস্কাৰ আছিল ৰাজহ সংস্কাৰ। ভাৰতত ইংৰাজ গৱৰ্ণৰ লৰ্ড কৰ্ণৱালিছ (১৭৮২-১৭৯৩) য়ে প্ৰথমতে ৰাজহ সংস্কাৰ আৰম্ভ কৰে। তেওঁ চৰকাৰী ৰাজহৰ পৰিমাণ নিশ্চিত কৰিবলৈ জমিদাৰসকলক লগত এক বন্দোৱস্তৰ ব্যৱস্থা কৰে। এই ব্যৱস্থাক ‘চিৰস্থায়ী বন্দোৱস্ত’ বুলি কোৱা হৈছিল। এই ব্যৱস্থা মতে জমিদাৰসকলে বছৰি এক নিৰ্ধাৰিত পৰিমাণৰ ৰাজহ কোম্পানীক আদায় দিব লাগিছিল। জমিদাৰ সকলে নিয়মিত ৰাজহ আদায় দিব নোৱাৰিলে কোম্পানীয়ে ভূমি কাঢ়ি ল’ব পাৰিছিল৷ ভোগ কৰি থকা জমিদাৰে ভূমি হস্তান্তৰ কৰা, বেচা-কিনা কৰা বা বন্ধকত থোৱা আদিৰ অধিকাৰ পাইছিল। লৰ্ড হেষ্টিংছৰ শাসন কালত পুনৰ ৰাজহ ব্যৱস্থাৰ কিছু সংস্কাৰ সাধন কৰা হৈছিল। তেওঁ সীমান্ত অঞ্চলসমূহত নতুন ৰাজহ বন্দোৱস্ত কৰি মাটিৰ পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল । ইয়াৰ পিছত লৰ্ড উইলিয়াম বেন্টিংকৰ শাসনকালত ভূমি ৰাজহ নীতি কিছু কঠোৰ কৰা হৈছিল। ভাৰতৰ উত্তৰ-পশ্চিম প্রদেশসমূহত নতুন জৰীপ কৰি সেই অঞ্চলসমূহত ত্ৰিশ বছৰীয়া বন্দোৱস্তীৰ প্ৰচলনেৰে ৰাজহ আদায়ৰ পৰিমাণ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছিল।

(খ) ব্রাহ্ম সমাজ :
ব্রাহ্ম সমাজ হৈছে সমাজ সংস্কাৰমূলক এক অনুষ্ঠান। জাতিভেদহীন এখন ভাৰতীয় সমাজ গঢ়াৰ উদ্দেশ্যে বংগদেশৰ ৰাজা ৰামমোহন ৰায় নামৰ এজন সংস্কাৰকামী ব্যক্তিৰ দ্বাৰা ১৮২৮ চনত ব্ৰাহ্ম সমাজ প্রতিষ্ঠিত হয়। ৰাজা ৰামমোহন ৰায়ে এই ব্ৰাহ্ম সমাজৰ যোগেদি সেই সময়ৰ ভাৰতৰ গৱৰ্ণ জেনেৰেল লর্ড বেংন্টিংকৰ সহযোগত ভাৰতীয় সমাজত চলি থকা নানা কু-সংস্কাৰ যেনে - সতী দাহ প্রথা, কন্যা শিশু হত্যা, বাল্য বিবাহ, আদি আঁতৰ কৰে । ইয়াৰ উপৰিও স্ত্রী শিক্ষাৰ প্ৰচলন, বিধৱাৰ পুনৰ বিবাহৰ প্ৰচলন আদিৰ বাবে প্ৰচাৰ অভিযান চলাইছিল। ব্রাহ্ম সমাজ এক ঈশ্বৰবাদত বিশ্বাসী আছিল। সেয়ে ই মূর্তি পূজাৰ ঘোৰ বিৰোধিতা কৰিছিল। সমাজত চলি থকা সকলো প্ৰকাৰৰ ধৰ্মীয় গোড়ামি আঁতৰ কৰিবলৈ চেষ্টা কৰিছিল। এই সমাজৰ অন্য এজন মুখ্য নেতা আছিল অক্ষয় কুমাৰ দত্ত। বংগদেশত সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰি এই সমাজখনে ভাৰতবাসীক আধুনিক বিশ্বৰ লগত পৰিচয় কৰাই দিয়াত এক প্রশংসনীয় ভূমিকা পালন কৰিছিল। ৰাজা ৰামমোহন ৰায়ৰ পিছত দেবেন্দ্ৰনাথ ঠাকুৰ কেশৱচন্দ্ৰ সেন, ৰবীন্দ্ৰনাথ আদি ব্যক্তিয়ে এই সমাজৰ সংস্কাৰমূলক কামৰ গুৰি ধৰিছিল।

(গ) প্রার্থনা সমাজ :
প্রার্থনা সমাজ হৈছে ভাৰতৰ মহাৰাষ্ট্ৰত ১৮৬৭ চনত প্ৰতিষ্ঠিত হোৱা এক সমাজ সংস্কাৰমূলক অনুষ্ঠান। এই সমাজখন মহাদেৱ ৰাণাডে নামৰ ব্যক্তি এজনে প্রতিষ্ঠা কৰিছিল ৷ এই সমাজৰ প্ৰধান উদ্দেশ্য আছিল -
(ক) নিৰক্ষৰ লোকৰ মাজত শিক্ষাৰ প্ৰসাৰ কৰা।
(খ) শিশুসকলৰ কল্যাণৰ উদ্দেশ্যে অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰা ।
(গ) সমাজৰ পৰা কুসংস্কাৰ আঁতৰ কৰা। এই সমাজৰ আন দুজন মুখ্য নেতা আছিল এন, জি, চণ্ডাৱকাৰ আৰু জি, ভাণ্ডাৰকাৰ। এই সমাজে দক্ষিণ ভাৰততো প্ৰভাৱ বিস্তাৰ কৰিছিল৷

(ঘ) আর্য সমাজ :
সমাজ সংস্কাৰৰ উদ্দেশ্য আগত ৰাখি ১৮৭৫ চনত স্বামী দয়ানন্দ সৰস্বতীয়ে বোম্বাইত আৰ্য সামজ প্ৰতিষ্ঠা কৰে ৷ এই সমাজে মূর্তি পূজাৰ বিৰোধিতা কৰিছিল আৰু সমাজৰ পৰা বাল্য বিবাহ, জাতিভেদ প্রথা, বহু বিবাহ আদি কু প্ৰথাবোৰ নিৰ্মূল কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত ফুৰি-ফুৰি এই সমাজৰ কাৰ্যসূচী আৰু লক্ষ্য প্ৰচাৰ কৰিছিল। ধৰ্মৰ ক্ষেত্ৰত এই সমাজে বেদক প্রাধান্য দিছিল এই সমাজৰ আন এক উল্লেখযোগ্য কার্যসূচী আছিল ‘শুদ্ধি’। শুদ্ধি ব্যৱস্থাৰে অন্য ধৰ্মৰ মানুহকো সনাতন হিন্দু ধৰ্মত দীক্ষা প্রদানৰ ব্যৱস্থা আছিল। লালা ৰাজপত ৰায়, লালা হংসৰাজ, গুৰুদত্ত ইত্যাদি এই সমাজৰ সভ্য আছিল।

(ঙ) আলিগড় আন্দোলন :
ইংৰাজসকলে ভাৰতত সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে ভাৰতত নানান সংস্কাৰমূলক কাৰ্যসূচী আৰম্ভ কৰিছিল। ইংৰাজসকলে প্ৰৱৰ্তন কৰা সংস্কাৰসমূহৰ ভিতৰত এক উল্লেখযোগ্য সংস্কাৰ আছিল শিক্ষা সংস্কাৰ আৰু ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰচলন। ইংৰাজসকলৰ শিক্ষা সংস্কাৰমূলক নীতিয়ে ভাৰতীয় মুছলমানসকলকো প্ৰভাৱিত কৰিছিল। উত্তৰ ভাৰতত কিছুমান মুছলমান নেতাই ইংৰাজী শিক্ষা প্ৰসাৰৰ বাবে যত্ন কৰিছিল। সেইসকলৰ ভিতৰত ছাৰ চৈয়দ আহম্মদ খান নামৰ এজন ব্যক্তিয়ে ভাৰতীয়সকলৰ মাজত বিজ্ঞান শিক্ষা বিস্তাৰৰ ওপৰত গুৰুত্ব দি ‘এংলো অৰিয়েন্টেল কলেজ’ নামৰ এখন কলেজ স্থাপন কৰিছিল। পিছলৈ এই কলেজখনেই আলিগড় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল। ছাৰ চৈয়দ আহম্মদ খানে মুছলমান সমাজৰ পৰা পৰ্দা প্রথা, বাল্য বিবাহ, বহু বিবাহ আদি প্ৰথা বিলুপ্ত কৰিবলৈ যত্নপৰ হৈছিল। উত্তৰ প্ৰদেশৰ আলিগড় চহৰখনক কেন্দ্ৰ কৰি এনে কাৰ্যসূচী গ্রহণ কৰা হৈছিল বাবে ইয়াক ‘আলিগড় আন্দোলন' বুলি কোৱা হয়। পাশ্চাত্য শিক্ষা সম্প্ৰসাৰণ আৰু সমাজ সংস্কাৰৰ প্ৰতি মুছলমানসকলৰ লগতে বহুত হিন্দুয়েও সহাঁৰি দিছিল।

৩। ভাৰতত ইংৰাজ গৱৰ্ণৰ জেনেৰেল সকলে কৰা প্ৰশাসনিক আৰু ৰাজহ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰ : ১৭৬৪ চনত বংগৰ নবাব মীৰজাফৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত বক্সাৰ যুদ্ধ সংঘটিত হয়। উক্ত যুদ্ধত কোম্পানীয়ে জয় লাভ কৰে ৷ এই যুদ্ধত জয় লাভ কৰি কোম্পানীয়ে ভাৰতত ব্যৱসায় কৰাতকৈ ৰাজনৈতিক ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে আৰু নানা উপায়ে ভাৰতত ইংৰাজ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। সিহঁতে সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে বহুতো প্রশাসনিক সংস্কাৰ সাধন কৰিছিল৷ ইংৰাজ শাসিত ভাৰতত প্ৰশাসনিক সংস্কাৰ আৰম্ভ কৰিছিল লৰ্ড ৱাৰেন হেষ্টিংছে। তেওঁ ৰাজহ সংগ্ৰহ আৰু শাসনৰ বাবে ‘সমাহর্তা’ আৰু ‘দেৱান’ নামৰ দুজন বিষয়া নিয়োগ কৰে। স্থানীয় বিচাৰৰ বাবে প্ৰতিখন জিলাতে ফৌজদাৰী আৰু নিজামত আদালত স্থাপন কৰে। উচ্চতম ন্যায়ালয়ৰ অধীনত এখন সৰ্ব্বোচ্চ সদৰ দেৱানী আদালতো স্থাপন কৰে। ইংৰাজ সমাহৰ্তাই দেৱানী আদালতৰ আৰু ভাৰতীয় কৰ্মচাৰীয়ে ফৌজদাৰী আদালতৰ বিচাৰ কৰিছিল। লৰ্ড ৱাৰেন হেষ্টিংছৰ পিছত লৰ্ড কৰ্ণৱালিছে কোম্পানীৰ কৰ্মচাৰীসকলক দুৰ্নীতিমুক্ত কৰিবলৈ সিহঁতক বৰ্ধিত হাৰত দৰ্মহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু যোগ্যতাৰ ভিত্তিত কৰ্মচাৰীসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰে। তেওঁ আৰক্ষীৰ দায়িত্ব জমিদাৰসকলৰ হাতৰ পৰা আনি ঠায়ে ঠায়ে আৰক্ষী থানা স্থাপন কৰি তাত এজন দাৰোগা আৰু কেইজনমান সশস্ত্ৰ চিপাহী নিয়োগ কৰাৰ ব্যৱস্থা কৰে। তেঁৱেই প্ৰথমে আৰক্ষী অধীক্ষকৰ পদৰ সৃষ্টি কৰে। লৰ্ড কৰ্ণৱালিছৰ পিছত লৰ্ড হেষ্টিংছে প্রশাসনত আৰু বিচাৰ বিভাগত ভাৰতীয়সকলকো উচ্চ পদত নিয়োগ কৰাৰ ব্যৱস্থা কৰে। তেওঁ প্ৰতিখন থানাত একোজন মুন্সিফ নিযুক্তি দিছিল আৰু প্ৰতিখন জিলাতে আমীন নিয়োগ, সদৰ দেৱানী আদালতৰ বিচাৰকৰ অৰ্হতা নিৰ্ধাৰণ, বিচাৰকৰ ক্ষমতা নিৰ্ধাৰণ, জিলা কালেক্টৰৰ ক্ষমতা বৃদ্ধি আদি নানান প্ৰশাসনীয় সংস্কাৰ সাধন কৰিছল। লৰ্ড হেষ্টিংছৰ পিছত লর্ড উইলিয়াম বেন্টিংকে বিচাৰ বিভাগ আৰু প্ৰশাসনত থকা কেতবোৰ অপ্ৰয়োজনীয় ব্যয়বহুল পদবী উঠাই দিছিল। তেওঁ মুন্সিফ আৰু সদৰ আমীন পদ দুটাৰ সৃষ্টি কৰি তাত ভাৰতীয় লোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল। তাৰোপৰি তেওঁ আদালতত পাৰ্চিয়ান ভাষাৰ সলনি প্রাদেশিক ভাষাৰ প্ৰচলন কৰিছিল৷ লর্ড হেষ্টিংছৰ পিছত লর্ড ডেলহাউছিয়ে জিলাক প্রশাসনিক গোট হিচাপে স্বীকৃতি দিছিল। জিলাৰ মুখ্য বিষয়াজনক জিলাৰ মুখ্য প্রশাসক, ৰাজহ সমাহর্তা, ভূমি অধিকাৰী আদিক ক্ষমতা প্রদান কৰিছিল।

৪। ইংৰাজৰ আমোলত হোৱা শিক্ষা সংস্কাৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰ : ইংৰাজসকলে ভাৰতত প্ৰৱৰ্তন কৰা সংস্কাৰসমূহৰ ভিতৰত উল্লেখযোগ্য এক সংস্কাৰ হৈছে শিক্ষা সংস্কাৰ। ইংৰাজসকলেই ভাৰতত আধুনিক বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থাৰ পাতনি মেলে। ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড ওৱাৰন হেষ্টিংছে ১৭৮১ চনত ভাৰতৰ কলিকতাত এখন মাদ্ৰাছা স্থাপন কৰে। ১৭৯২ চনত ডানকান নামৰ বিষয়া,এজনে বাৰানসীত এখন সংস্কৃত কলেজ স্থাপন কৰে। এনে শিক্ষানুষ্ঠানসমূহত প্রাচীন জ্যোতিষবিদ্যা, ব্যাকৰণ, সংস্কৃত আৰু ফাৰ্চী সাহিত্যৰ শিক্ষা প্ৰদান কৰা হৈছিল। কিন্তু পৰৱৰ্তীকালত ইংৰাজসকলে ভাৰতত আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰচলন আৰম্ভ কৰে ৷ লৰ্ড হেষ্টিংছে ভাৰতৰ বিভিন্ন স্থানত পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰে আধুনিক শিক্ষা প্ৰদানৰ বাবে শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিছিল৷ ১৮১৩ চনত ‘চাৰ্টাৰ এক্ট’ অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বছৰি এক লাখ টকাকৈ শিক্ষা বিভাগত খৰচ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। লর্ড আর্মহাষ্টৰ দিনত দিল্লী আৰু আগ্ৰাত একোখনকৈ কলেজ স্থাপন কৰা হৈছিল। ভাৰতত শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন হৈছিল লর্ড উইলিয়াম বেন্টিংকৰ শাসন কালছোৱাত। তেওঁ কলিকতা, মাদ্ৰাজ আৰু বোম্বাইত উচ্চ শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিছিল। ১৮৩৩ চনত লৰ্ড মেকলেৰ পৰামৰ্শ ক্রমে বেন্টিংকে ভাৰতীয় লোকসকলক ইংৰাজী শিক্ষা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। আকৌ ১৮৩৫ চনত এক ঘোষণাৰ জৰিয়তে ভাৰতত ইংৰাজী ভাষাৰ মাধ্যমেৰে ইংৰাজী সাহিত্য আৰু বিজ্ঞান শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়। লর্ড বেন্টিংকে কলিকতাত প্রথমে মেডিকেল কলেজ স্থাপন কৰে। লর্ড বেন্টিংকৰ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল লৰ্ড অকলেণ্ডে ভাৰতীয়সকলৰ মাজত ইংৰাজী শিক্ষাৰ প্ৰতি আগ্ৰহ জন্মাবৰ বাবে ছাত্ৰক জলপানি প্ৰদান কৰাৰ ব্যৱস্থা কৰে। তেওঁ ভাৰতীয় শাস্ত্ৰীয় ভাষাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়ে। তেওঁ মোম্বাই আৰু মাদ্রাজতো একোখনকৈ মেডিকেল কলেজ স্থাপন কৰে। লৰ্ড ডেলহাউচিৰ সময়ত চাৰ্লচ উডৰ বিখ্যাত ঘোষণাপত্র উচ্ ডেছ্‌পাছ’ প্রকাশিত হয়। ইয়াৰ যোগেদি প্রাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈ এক প্ৰণালীবদ্ধ শিক্ষা ব্যৱস্থাৰ গঢ় দিয়াৰ নির্দেশনা দিয়া হয়। এইদৰে ইংৰাজসকলে ভাৰতত আধুনিক প্রগতিশীল শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে।

৫। ইংৰাজ গৱৰ্ণৰ জেনেৰেল সকলৰ সময়ত হোৱা সমাজ সংস্কাৰ সম্পর্কে লিখা।
উত্তৰ : ইংৰাজৰ আমোলত ভাৰতত বহুত সমাজ সংস্কাৰমূলক কাৰ্যসূচী বাস্তবায়িত কৰা হৈছিল। এই ক্ষেত্ৰত লর্ড উইলিয়াম বেন্টিংকৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁ বহু অতীজৰে পৰা ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে চলি অহা বহু কু-সংস্কাৰ আঁতৰ কৰিছিল। তেওঁ সতীদাহ প্রথা, শিশু কন্যা সন্তান হত্যা, বাল্য বিবাহ, দাস প্রথা, আদি আইনৰ যোগেদি বন্ধ কৰিছিল লগতে বিধবা বিবাহ, প্রচলন কৰিছিল। এই ক্ষেত্ৰত বংগৰ ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়ে পূর্ণ সহোযোগিতা আগবঢ়াইছিল ।

৬। ভাৰতত পাশ্চাত্য শিক্ষাৰে শিক্ষিত লোকসকলে সমাজ সংস্কাৰৰ বাবে গঢ়া অনুষ্ঠানসমূহৰ বিষয়ে বহলাই লিখা।
উত্তৰ : ভাৰতত পাশ্চাত্য শিক্ষাৰে শিক্ষিত লোকসকলে সমাজ সংস্কাৰৰ বাবে কেইবাটাও অনুষ্ঠানৰ জন্ম দিছিল। সেইবোৰৰ ভিতৰত ব্ৰাহ্ম সমাজ, প্রার্থনা সমাজ, আর্য সমাজ, ৰামকৃষ্ণ মিছন, থিয়’ছফিকেল ছ’চাইটি, আলিগড় আন্দোলন আদি উল্লেখযোগ্য। তলত এইবোৰ অনুষ্ঠানৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল -
ব্রাহ্ম সমাজ :
ব্রাহ্ম সমাজ হৈছে সমাজ সংস্কাৰমূলক এক অনুষ্ঠান। জাতি-ভেদহীন এখন ভাৰতীয় সমাজ গঢ়াৰ উদ্দেশ্যে বংগদেশৰ ৰাজা ৰামমোহন ৰায় নামৰ এজন সংস্কাৰকামীব্যক্তিৰ দ্বাৰা ১৮২৮ চনত ব্ৰাহ্ম সমাজ প্রতিষ্ঠা কৰা হয়৷ ৰাজা ৰামমোহন ৰায়ে এই ব্রাহ্ম সমাজৰ যোগেদি সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড বেন্টিংকৰ সহযোগত ভাৰতীয় সমাজত চলি থকা নানা কুসংস্কাৰ যেনে - সতী দাহ প্রথা, কন্যা শিশু হত্যা, বাল্য বিবাহ, আদি আঁতৰ কৰে। ইয়াৰ উপৰিও স্ত্রী শিক্ষাৰ প্ৰচলন, বিধবাৰ পুনৰ বিবাহ প্ৰচনলৰ বাবেও চেষ্টা কৰিছিল। ব্রাহ্ম সমাজ এক ঈশ্বৰবাদত বিশ্বাসী আছিল। সেয়ে ই মূর্তি পূজাৰ ঘোৰ বিৰোধিতা কৰিছিল। সমাজত চলি থকা ধর্মীয় গোড়ামি আঁতৰ কৰিবলৈয়ো চেষ্টা কৰিছিল। এই সমাজৰ অন্য এজন মুখ্য নেতা আছিল অক্ষয় কুমাৰ দত্ত। বংগদেশত সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰি এই সমাজখনে ভাৰতবাসীক আধুনিক ‘বিশ্বৰ লগত পৰিচয় কৰাই দিয়াত এক প্ৰশংসনীয় ভূমিকা গ্রহণ কৰিছিল। ৰাজা ৰামমোহন ৰায়ৰ পিছত দেবেন্দ্ৰনাথ ঠাকুৰ, কেশৱচন্দ্ৰ সেন, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি ব্যক্তিয়ে এই সমাজৰ সংস্কাৰমূলক কামৰ গুৰি ধৰিছিল।
প্রার্থনা সমাজ :
প্ৰাৰ্থনা সমাজ হৈছে ভাৰতৰ মহাৰাষ্ট্ৰত ১৮৬৭ চনত প্ৰতিষ্ঠা হোৱা এক সমাজ সংস্কাৰমূলক অনুষ্ঠান। এই সমাজখন মহাদেৱ ৰাণাডে নামৰ ব্যক্তি এজনে প্রতিষ্ঠা কৰিছিল।
এই সমাজৰ প্ৰধান উদ্দেশ্য আছিল -
(ক) নিৰক্ষৰ লোকৰ মাজত শিক্ষাৰ প্ৰসাৰ কৰা।
(খ) শিশুসকলৰ কল্যাণৰ উদ্দেশ্যে অনাথ আশ্রম প্রতিষ্ঠা কৰা।
(গ) সমাজৰ পৰা কুসংস্কাৰ আঁতৰ কৰা।
এই সমাজৰ মুখ্য আন দুজন নেতা আছিল এন, জি, চণ্ডাৱকাৰ আৰু জি, ভাণ্ডাৰকাৰ। এই সমাজে দক্ষিণ ভাৰততো প্ৰভাৱ বিস্তাৰ কৰিছিল৷

আর্য সমাজ :
সমাজ সংস্কাৰৰ উদ্দেশ্য আগত ৰাখি ১৮৭৫ চনত স্বামী দয়ানন্দ সৰস্বতীয়ে বোম্বাইত আর্য সামজ প্রতিষ্ঠা কৰে৷ এই সমাজে মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল আৰু সমাজৰ পৰা বাল্য বিবাহ, জাতিভেদ প্রথা, বহু বিবাহ আদি কু প্ৰথাবোৰ নিৰ্মূল কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত ঘূৰি-ফুৰি এই সমাজৰ কাৰ্যসূচী আৰু লক্ষ্য প্ৰচাৰ কৰিছিল। ধৰ্মৰ ক্ষেত্ৰত এই সমাজে বেদক প্রাধান্য দিছিল। এই সমাজৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী আছিল ‘শুদ্ধি’ । শুদ্ধি ব্যৱস্থাৰে অন্য ধৰ্মৰ মানুহকো সনাতন হিন্দু ধৰ্মত দীক্ষা প্ৰদানৰ ব্যৱস্থা আছিল ৷ লালা ৰাজপত ৰায়, লালা হংসৰাজ, গুৰুদত্ত আদি এই সমাজৰ সভ্য আছিল ।

আলিগড় আন্দোলন :
ইংৰাজসকলে ভাৰতত সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে ভাৰতত নানান সংস্কাৰমূলক কাৰ্যসূচী আৰম্ভ কৰিছিল। ইংৰাজসকলে প্ৰৱৰ্তন কৰা সংস্কাৰসমূহৰ ভিতৰত এক উল্লেখযোগ্য সংস্কাৰ আছিল শিক্ষা সংস্কাৰ আৰু ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰচলন। ইংৰাজসকলৰ শিক্ষা সংস্কাৰমূলক নীতিয়ে ভাৰতীয় মুছলমানসকলকো প্ৰভাৱিত কৰিছিল। উত্তৰ ভাৰতত কিছুমান মুছলমান নেতাই ইংৰাজী শিক্ষা প্ৰসাৰৰ বাবে যত্ন কৰিছিল। সেইসকলৰ ভিতৰত ছাৰ চৈয়দ আহম্মদ খান নামৰ এজন ব্যক্তিয়ে ভাৰতীয়সকলৰ মাজত বিজ্ঞান শিক্ষা বিস্তাৰৰ ওপৰত গুৰুত্ব দি ‘এংলো অৰিয়েন্টেল কলেজ’ নামৰ এখন কলেজ স্থাপন কৰিছিল। পিছলৈ এই কলেজখনেই আলিগড় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল। ছাৰ চৈয়দ আহমদ খানে মুছলমান সমাজৰ পৰা পর্দাপ্রথা, বাল্য বিবাহ, বহু বিবাহ আদি প্ৰথা বিলুপ্ত কৰিবলৈ যত্নপৰ হৈছিল। উত্তৰ প্ৰদেশৰ আলিগড় চহৰখনক কেন্দ্ৰ কৰি এনে কাৰ্যসূচী গ্রহণ কৰা হৈছিল বাবে ইয়াক ‘আলিগড় আন্দোলন' বুলি কোৱা হয়। পাশ্চাত্য শিক্ষা সম্প্ৰসাৰণ আৰু সমাজ সংস্কাৰৰ প্ৰতি মুছলমানসকলৰ লগতে বহুত হিন্দুৱেও সহাঁৰি দিছিল।

ৰামকৃষ্ণ মিছন :
স্বামী বিবেকানন্দই ১৮৯৭ চনত তেওঁৰ গুৰু ৰামকৃষ্ণ পৰম হংসৰ ‘নাৰায়ণ সেৱাই পৰম ধৰ্ম’ বাণীক সাৰোগত কৰি ৰামকৃষ্ণ মিছন নামৰ অনুষ্ঠানটিৰ জন্ম দিয়ে। এই মিছনৰ উদ্দেশ্য আছিল মানৱ সেৱা। দৰিদ্ৰজনক সেৱা, চিকিৎসালয় স্থাপন, শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা, সমাজ সেৱা আদি কাৰ্যসূচী ৰামকৃষ্ণ মিছনে গ্ৰহণ কৰিছিল৷

থিয়’ছফিকেল ছ'চাইটি :
হিন্দু ধৰ্মৰ মূল বাণীৰে প্ৰভাৱিত হৈ আমেৰিকাত ১৮৭৫ চনত থিয়’ছফিকেল ছ'চাইটি গঠিত হৈছিল। ১৮৮৬ চনত ইয়াৰ এক শাখা ভাৰতৰ মাদ্ৰাজত প্ৰতিষ্ঠা কৰা হয়। আধ্যাত্মিক চিন্তা-চৰ্চাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত শিক্ষা বিস্তাৰ কৰাটো এই অনুষ্ঠানটোৰ উদ্দেশ্য আছিল। এই ছ'চাইটিৰ প্ৰচেষ্টাত ১৮৯৮ চনত বেনাৰসত চেণ্ট্ৰেল হিন্দু স্কুল প্রতিষ্ঠা কৰা হয়। পৰৱৰ্তী সময়ত ১৯১৫ চনত এই অনুষ্ঠানেই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়। এই অনুষ্ঠানৰ অন্যতম নেত্রী আছিল এনি বেচান্ত। এনি বেচান্তৰ উদ্যোগত ভাৰতত ‘হোমৰুল’আন্দোলন গঢ়ি উঠিছিল। এই অনুষ্ঠানৰ প্ৰচেষ্টাত মহাৰাষ্ট্ৰত কেইখনমান শিক্ষানুষ্ঠান গঢ়ি উঠিছিল।


৭। শুদ্ধ উত্তৰটো বাছ উলিওৱা :

(i) মুন্সিফ আৰু সদৰ আমীন পদৰ সৃষ্টি কৰিছিল-
ক) লর্ড হেষ্টিংছে
(খ) লর্ড কৰ্ণৱালিছে
(গ) লর্ড বেন্টিংকে

উত্তৰ : (ক) লর্ড হেষ্টিংছে

(ii) বাৰানসীত সংস্কৃত কলেজ স্থাপন কৰিছিল-
(ক) লর্ড বেন্টিংকে
(খ) থমাছ মুনৰোই
(গ) জনাথন ডানকানে

উত্তৰ : (গ) জনাথন ডানকানে

(iii) সতীদাহ প্রথা বে-আইনী বুলি ঘোষণা কৰিছিল-
(ক) ১৭২৯ চনত
(খ) ১৮২৯ চনত
(গ) ১৯২৯ চনত

উত্তৰ : (খ) ১৮২৯ চনত

(iv) থিয়’ছফিকেল ছ'চাইটি গঠন হৈছিল
(ক) ১৮৭৫ চনত
(খ) ১৮৮৭ চনত
(গ) ১৮৭৭ চনত

উত্তৰ : (গ) ১৮৭৭ চনত

(v) ‘এংলো অৰিয়েন্টেল কলেজ’ স্থাপন কৰিছিল-
(ক) ১৮৯৭ চনত
(খ) ১৮৮৫ চনত
(গ) ১৮৯৫ চনত

উত্তৰ : (ক) ১৮৭৫ চনত

৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।
‘ক’ অংশ                 ‘খ’ অংশ
বিবেকানন্দ             ব্রাহ্ম সমাজ
দয়ানন্দ সৰস্বতী     প্রার্থনা সমাজ
ৰাজা ৰামমোহন ৰায় হ'ম ৰুল আন্দোলন
গোবিন্দ ৰাণাডে     আর্য সমাজ
এনি বেচাত্ত             ৰামকৃষ্ণ মিছন

উত্তৰ :
‘ক’ অংশ                 ‘খ’ অংশ
বিবেকানন্দ             ৰামকৃষ্ণ মিছন
দয়ানন্দ সৰস্বতী         আর্য সমাজ
ৰাজা ৰামমোহন ৰায় ব্রাহ্ম সমাজ
গোবিন্দ ৰাণাডে         হ'ম ৰুল আন্দোলন
এনি বেচাত্ত                 প্রার্থনা সমাজ

Updated on 5th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments