Ads banner

JE Banner Ads
Image 2

অসমত ইংৰাজৰ শাসন প্রতিষ্ঠা - অধ্যায় ৯ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ৯

অসমত ইংৰাজৰ শাসন প্রতিষ্ঠা


আদর্শ প্রশ্নমালা :

১। চমু উত্তৰ লিখা :

(ক) কাৰ বাজত্বকালত প্রথম মোৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল?
উত্তৰ : লক্ষ্মীসিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল।

(খ) কাৰ আমন্ত্ৰণ মতে কেপ্তেইন ৱেল্‌ছ অসমলৈ আহিছিল?

উত্তৰ : আহোম ৰজা গৌৰীনাথ সিংহৰ আমন্ত্ৰণমতে কেপ্তেইন ৱেলেছ অসমলৈ আহিছিল৷

(গ) কেপ্তেইন ৱেল্‌ছে কেতিয়া অসমৰ পবা উভতি গৈছিল?

উত্তৰ : কেপ্তেইন ৱেলেছে ১৭৯৪ চনত অসমৰ পৰা উভতি গৈছিল।

(ঘ) মানৰ প্রথম অভিযান কিমান চনত হৈছিল?
উত্তৰ : মানৰ প্রথম অসম অভিযান হৈছিল ১৮১৭ চনত।

(ঙ) পূৰ্ণানন্দ বুঢ়াগোহাঁই কোন আছিল?
উত্তৰ : পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল মানৰ আক্ৰমণৰ সময়ছোৱাত আহোম ৰজাৰ এজন বিষয়া তথা মন্ত্রী।

(চ) মানৰ দ্বিতীয় অভিযানৰ সময়ত অসমৰ ৰজা কোন আছিল?
উত্তৰ : মানৰ দ্বিতীয় অভিযানৰ সময়ত অসমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ।

(ছ) বদৌপায়া কোন আছিল?
উত্তৰ : বদৌপায়া আছিল মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ছোৱাত ব্ৰহ্মদেশৰ ৰজা।

(জ) মানৰ তৃতীয় আক্রমণ কিমান চনত হৈছিল?

উত্তৰ : মানৰ তৃতীয় আক্ৰমণ হৈছিল ১৮২১ চনত।

(ঝ) যোগেশ্বৰ সিংহ কোন আছিল?
উত্তৰ : যোগেশ্বৰ সিংহ আছিল এজন আহোম ৰজা। মানসকলে ১৮২১ চনত অসম দখল কৰি তেওঁক অসমৰ ৰজা পাতে।

(ঞ) ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ : ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল।


২। চমুটোকা লিখা :

(ক) ঘিলাধাৰীৰ যুদ্ধ
(খ) বদনচন্দ্ৰ বৰফুকন
(গ) ৰুচিনাথ বুঢ়াগোহাঁই
(ঘ) চন্দ্ৰকান্ত সিংহ
(ঙ) ইংগ-বর্মী যুদ্ধ
(চ) ইয়াণ্ডাবু সন্ধি

উত্তৰ :
(ক) ঘিলাধাৰীৰ যুদ্ধ :
মানৰ প্ৰথম আক্ৰমণৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে হাও বৰা আৰু দামান গগৈৰ নেতৃত্বত এদল আহোম সেনা মানসকলৰ বিৰুদ্ধে পঠায় ৷ ঘিলাধাৰী নামে ঠাইত মান সৈন্য আৰু আহোম সেনাৰ মাজত তুমুল ৰণ হয়৷ এই ৰণত আহোম পৰাজয় হয়।

(খ) বদনচন্দ্ৰ বৰফুকন :
বদনচন্দ্ৰ বৰফুকন গুৱাহাটীৰ বৰফুকন আছিল। তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাক ভাল নাপাই আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ পক্ষত ব্ৰহ্মদেশৰ ১৮১৭ চনত ব্ৰহ্মদেশৰ পৰা মানসেনাক আমন্ত্রণ কৰি অসমলৈ আনে। মানসকলে পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত থকা আহোম সৈন্যক পৰাজিত কৰি ৰাজধানী দখল কৰে আৰু বদনচন্দ্ৰক বুঢ়াগোহাঁই পাতে। বদনচন্দ্ৰই ক্ষমতা পাই ক্ৰমাৎ স্বেচ্ছাচাৰী আৰু অত্যাচাৰী হৈ উঠে। অৱশেষত তেওঁৰ স্বেচ্ছাচাৰীতা আৰু অত্যাচাৰী কাৰ্যকলাপত অতিষ্ঠ হৈ ৰাজমাও নুমলী আইদেৱে বৰবৰুৱা আৰু বৰপাত্ৰ গোহাঁইৰ লগ লাগি গোপনে ষড়যন্ত্ৰ কৰি ৰূপসিং চুবেদাৰৰ হতুৱাই বদনচন্দ্ৰক হত্যা কৰে।

(গ) কচিনাথ বুঢ়াগোহাঁই :
মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম বুঢ়াগোহাঁই পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয় আৰু ৰুচিনাথ এই পদত অধিষ্ঠিত হয়। মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত তেওঁ আহোম ৰজা চন্দ্ৰকান্ত সিংহক বিশ্বাসঘাতকতা কৰি ৰুচিনাথে ৰাজধানী যোৰহাট দখল কৰে আৰু পুৰন্দৰ সিংহক ৰজা পাতে। কিন্তু মানসেনাৰ হাতত পৰাজিত হৈ পুৰন্দৰ সিংহৰ লগত গুৱাহাটীলৈ পলায়ন কৰে।

(ঘ) চন্দ্ৰকান্ত সিংহ :
চন্দ্ৰকান্ত সিংহ অসমৰ শেষ স্বাধীন ৰজা আছিল৷ তেওঁৰ দিনত মানসকলে অসম আক্ৰমণ কৰি অসমখনক সামাজিক, প্রশাসনিক দিশত বিপর্যস্ত কৰাত ইংৰাজে হস্তক্ষেপ কৰি অসমখন লাভ কৰে আৰু অসমৰ স্বাধীনতাৰ সূৰ্য চিৰদিনৰ বাবে মাৰ যায়।

(ঙ) ইংগ-বৰ্মী যুদ্ধ :
মানসকলে ১৮২১ চনত অসম আক্ৰমণ কৰি অসমত অৰাজক শাসন চলায়। পিছলৈ ইংৰাজ শাসিত অঞ্চলসমূহতো লুট-পাট কৰিবলৈ লোৱাত মানসকলক এশিকনি দিবলৈ সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইংৰাজ সৈন্য বাহিনীয়ে কেইবাটাও দিশৰ পৰা ব্ৰহ্মদেশ আক্ৰমণ কৰে। ১৮২৪ চনৰ ১৩, মাৰ্চৰ দিনা ইংৰাজ সেনাপতি মেকমোৰেইনৰ নেতৃত্বত এটা ইংৰাজ সৈন্যদল গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আহে। লগে লগে ইংৰাজ নৌবাহিনীও আগবাঢ়ি আহে। মানসকলে ইংৰাজ সৈন্যক বাধা দিবলৈ ব্যৰ্থ হৈ মৰামুখলৈ পিছ হুহকি আহে। ডেভিড স্কট নামৰ আন এজন ইংৰাজ-সেনাপতিৰ নেতৃত্বত এদল ইংৰাজ সৈন্য কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দখল কৰি ৰহা আৰু কলিয়াবৰ মানসকলৰ হাতৰ পৰা মুক্ত কৰি গুৱাহাটীত উপস্থিত হয়। ইয়াৰ পিছত ইংৰাজসকলে যোৰহাট আৰু ৰংপুৰ দখল কৰে আৰু মান সৈন্যক শোচনীয়ভাৱে পৰাজিত কৰে। আনহাতে চাৰ আৰ্চিবেল কেম্ববলৰ নেতৃত্বত ইংৰাজসকলৰ আন এটা সৈন্যদল সাগৰীয় পথেৰে ব্ৰহ্মদেশৰ ৰাজধানী আভালৈ অগ্ৰসৰ হয়। এইদলে ইংৰাজ সৈন্যই ১৮২৫ চনৰ এপ্ৰিল মাহত আৰাকান দখল কৰি ৰেংগুণ অধিকাৰ কৰে। মান ৰজাই অৱস্থা বিষম দেখি ইংৰাজসকলৰ লগত সন্ধি কৰিবলৈ বাধ্য হয়। দুয়োপক্ষৰ মাজত ব্ৰহ্মদেশৰ ৰাজধানী আভাৰ ওচৰত ইয়াণ্ডাবু নামে ঠাইত এক চুক্তি স্বাক্ষৰিত হয়। এই সন্ধিৰ চুক্তি অনুসাৰে মান ৰজাই অসম আৰু অন্য তলতীয়া ৰাজ্যসমূহৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰে আৰু ভৱিষ্যতেও কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

(চ) ইয়াণ্ডাবু সন্ধি :
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজৰ মাজত ইয়াণ্ডাবু সন্ধি হয়। এই সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ হ’ল -
(ক) মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণ বাবদ এক কোটি টকা ইংৰাজক দিব লগা হয়।
(খ) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিছসকলৰ হাতলৈ যায় ।
(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে হস্তক্ষেপ কৰিব নোৱাৰিব।
(ঘ) ব্ৰহ্মদেশৰ আভাত এজন ব্ৰিটিছ ৰেছিডেন্ট থাকিব।

৩। অহোমৰ ৰাজত্বকালত সংঘটিত মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ :
আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত, ওঠৰ শতিকাৰ মাজ ভাগত, অসমত হিন্দু ধৰ্মৰ শাক্তপন্থাৰ উত্থান হয়। বিশেষকৈ বৰ ৰজা ফুলেস্বৰীৰ শাসনকালত অসমৰ ৰাজতন্ত্ৰত শাক্ত পন্থাৰ প্ৰভাৱ পঁৰিবলৈ ধৰে। সেই সময়ৰ পৰা ধৰ্মক কেন্দ্ৰ কৰি অসমত মোৱামৰীয়া মহন্তসকলৰ মাজত তীব্র অসন্তোষৰ সৃষ্টি হয়। এনে পৰিস্থিতিত স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া গুৰু আৰু শিষ্যসকলৰ প্ৰতি অপমানসূচক আচৰণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে মোৱামৰীয়া সকলে আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰে। ১৭৬৯ চনৰ পৰা ১৭৯২ চনৰ ভিতৰত মোৱামৰীয়সকলে এৰা-ধৰাকৈ মুঠ ৩৬ বাৰ বিদ্রোহ কৰে। সেই বিদ্ৰোহৰসমূহৰ ভিতৰত ১৭৬৯, ১৭৮২ আৰু ১৭৯২ চনৰ বিদ্ৰোহ উল্লেখযোগ্য। তলত এই বিদ্রোহ তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল -
১৭৬৯ চনৰ বিদ্ৰোহ :
১৭৬৯ খ্ৰী:ৰ শেষ ভাগত মোৱামৰীয়া সত্ৰৰ মৰাণসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে প্রথম বিদ্ৰোহৰ পাতনি মেলে। সিহঁতে ৰাজধানী ৰংপুৰ অধিকাৰ কৰে আৰু আহোম ৰজা লক্ষ্মীসিংহক জয়দৌলত বন্দী কৰি থয় আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক পুত্ৰসহ হত্যা কৰি ৰমাকান্ত নামৰ এজন লোকক আহোম ৰাজ্যৰ ৰজা ঘোষণা কৰি ৰাজ্য শাসন কৰিবলৈ লয়। কিন্তু ইয়াৰ পাঁচমাহ পিছত আহোমসকলে গোপনে ষড়যন্ত্ৰ কৰি ৰমাকান্ত আৰু তেওঁৰ সমর্থকসকলক হত্যা কৰে। লক্ষ্মীসিংহ পুনৰ অসমৰ সিংহাসন অধিকাৰ কৰে। এনেদৰে প্রথম মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰে। ১৭৮২ চনৰ বিদ্রোহ মোৱামৰীয়াসকলে পূৰ্বৰ বিফলতাৰ প্ৰতিশোধ ল’বৰ কাৰণে সুযোগ বিচাৰি আছিল। এনেতে গৌৰীনাথ সিংহৰ ৰাজত্ব কালত ১৭৮২ চনত এদিন নিশা আকস্মিকভাৱে মোৱামৰীয়াসকলে অসমৰ ৰাজধানী আক্ৰমণ কৰে। আহোম ৰজা স্বৰ্গদেউ গৌৰীনাথ সিংহ ৰাজধানী এৰি কোনোমতে প্ৰাণলৈ পলাই সাৰে৷ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কৌশলেৰে এই বিদ্রোহ দমন কৰিবলৈ সক্ষম হয়।
১৭৯২ চনৰ বিদ্ৰোহ :
মোৱামৰীয়াসকলৰ দ্বিতীয় বিদ্রোহ দমন হোৱাৰ পিছতো অসন্তুষ্ট আহোম ৰজাই মোৱামৰীয়সকলৰ ওপৰত উৎপীড়ন চলাই থাকে। এনে পৰিস্থিতিত পুনৰ তৃতীয়বাৰৰ বাবে মোৱামৰীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু ৰাজধানী ৰংপুৰ দখল কৰে। স্বৰ্গদেউ গৌৰীনাথ সিংহই ভয় পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত বিদ্ৰোহ'দমনৰ দায়িত্ব অৰ্পণ কৰি গুৱাহাটীলৈ পলাই যায়। পূৰ্ণানন্দ বুঢ়াগোহাইয়ে বিদ্রোহীসকলৰ পৰা ৰাজধানী উদ্ধাৰ কৰিব নোৱাৰি যোৰহাটত ৰাজধানী স্থাপন কৰে আৰু তাৰ পৰাই বিদ্ৰোহীসকলক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে। আহোম ৰজাৰ এনে দুৰ্যোগৰ সময়ত মণিপুৰ, টিপাম আৰু নৰা ৰাজ্যৰ ৰজাসকলেও পূৰ্ণানন্দ বুঢ়াগোহাঁইক সৈন্য দি সহায় কৰিছিল। কিন্তু মোৱামৰীয়াসকলৰ হাতৰ পৰা পুৰণি ৰাজধানী উদ্ধাৰ কৰিব পৰা নাছিল।

মোৱামৰীয়া বিদ্ৰোহৰ সুযোগলৈ মধ্য আৰু নামনি অসমত কেইবাটাও বিদ্রোহ সংঘটিত হৈছিল। যেনে দৰঙত কৃষ্ণনাৰায়ণৰ বিদ্ৰোহ, কামৰূপত হৰদত্তৰ বিদ্ৰোহ। আহোমসকলে এই বিদ্ৰোহবোৰ দমন কৰিবলৈ ব্যৰ্থ হোৱাত গৌৰীনাথ সিংহই কলিকতাত থকা বৃটিছ ইষ্ট-ইণ্ডয়া কোম্পানীৰ প্ৰতিনিধিৰ ওচৰত সহায় বিচাৰে। সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে আহোম ৰজাক সহায় কৰিবলৈ ১৭৯২ চনত কেপ্তেইন ওৱেলছক অসমলৈ প্ৰেৰণ কৰে৷

কেপ্তেইন ওৱেলছে মধ্য আৰু নামনি অসমৰ বিদ্ৰোহসকলক দমন কৰি ১৭৯৪ চনত মোৱামৰীয়াসকলৰ মুখামুখি হয়। মোৱামৰীয়াসকল ইংৰাজৰ হাতত সম্পূৰ্ণৰূপে পৰাজিত হয়। ওৱেলছে গৌৰীনাথ সিংহক পুনৰ আহোম ৰাজপাটত বহুৱাই আহোম ৰজাৰ লগত বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰি কলিকতালৈ উভতি যায়৷

এনেদৰে বৃটিছৰ হস্তক্ষেপত অসমত মোৱামৰীয়া বিদ্ৰোহৰ যৱনিকা পৰে।

৪। পূৰ্ণানন্দ বুঢ়াগোহাইৰ স্বেচ্ছাচাৰিতাৰ বাবে সংঘটিত বিদ্ৰোহসমূহৰ বিষয়ে লিখা।
উত্তৰ :
১৭৯৪ খ্ৰী:ত ইংৰাজ প্রতিনিধি কেপ্তেইন ওৱেলছে মোৱামৰীসকলক দমন কৰি গৌৰীনাথ সিংহক পুনৰ অসমৰ সিংহাসনত বহুৱাই উভতি যায় ৷ কেপ্তেইন ওৱেলছে অসম এৰি যোৱাৰ পিছৰ পৰা সেই সময়ৰ
প্রধান আহোম বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই অসীম ক্ষমতাৰ অধিকাৰী হয় আৰু ক্ৰমে স্বেচ্ছাচাৰী হৈ উঠে৷ আহোম ৰজাৰ লগতে বহুত বিষয়াই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতা সহ্য কৰিব নোৱাৰি তেওঁৰ বিৰুদ্ধে ভিতৰি ভিতৰি ক্ষুন্ন হৈ থাকে। এনেতে গৌৰীনাথ সিংহৰ মৃত্যু হোৱাত কমলেশ্বৰ সিংহ অসমৰ সিংহাসনত বহে। এওঁৰ দিনত পানীমুৱা নামৰ এজন বিষয়াই বিদ্রোহ কৰে। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে এই বিদ্রোহ কঠোৰ হাতেৰে দমন কৰে। ইতিহাসত এই বিদ্ৰোহক ‘পানীমুৱাৰ বিদ্ৰোহ’ বুলি কোৱা হয়।

কমলেশ্বৰ সিংহৰ পিছত চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা হয়৷ তেওঁৰ দিনত সত্ৰাম চাৰিঙীয়া ফুকনে আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। পূৰ্ণানন্দই এই বিদ্রোহো অতি কঠোৰ হাতেৰে দমন কৰে৷ এই বিদ্ৰোহৰ অন্যতম এজন নেতা আছিল গুৱাহাটীৰ বদনচন্দ্ৰ বৰফুকন৷ তেওঁ পলাই গৈ কলিকতাত আশ্ৰয় লয় আৰু ইংৰাজৰ সহায় বিচাৰে।কিন্তু ইংৰাজে তেওঁক সহায় কৰিবলৈ অমান্তি হোৱাত বদনচন্দ্ৰই ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰ ওচৰলৈ যায়। অসমলৈ অভিযান কৰাৰ বাবে আগৰে পৰা হাবিয়াস কৰি থকা মান ৰজা বদৌপায়াই বদনচন্দ্ৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই ৬০০০ সেনাৰ এক সৈন্যদল দি ১৮১৭ চনত অসমলৈ পঠাই দিয়ে। বদনচন্দ্ৰই প্রায় ৮০০০ মান স্থানীয় সৈন্য সংগ্ৰহ কৰি ৰাজধানীলৈ আহে ইপিনে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে বদনক প্ৰতিৰোধ কৰিবলৈ সাজু হৈ থাকে। ঘিলাধাৰী নামে ঠাইত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈন্য আৰু বদনৰ নেতৃত্বত অহা সৈন্যসকলৰ মাজত এক ভয়ানক যুদ্ধ হয়। উক্ত যুদ্ধত আহোম সৈন্যৰ শোচনীয় পৰাজয় হয়। এই বিপৰ্যয়ৰ সংবাদ পাই পূৰ্ণানন্দ বুঢ়াগোহাঁই আকস্মিকভাৱে মৃত্যু মুখত পৰে। তেওঁৰ মৃত্যুৰ লগে লগে তেওঁৰ স্বেচ্ছাচাৰীতাৰ অন্ত পৰে যদিও অসমত আহোম শাসনৰ পতন দ্রুত গতিত আগবাঢ়ে।

৫। মানৰ প্ৰথম অসম অভিযানৰ বিষয়ে লিখা।
উত্তৰ : কমলেশ্বৰ সিংহৰ পিছত চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা হয়। তেওঁৰ দিনত সংগ্ৰাম চাৰিঙীয়া ফুকনে আহোম ৰজাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে। পূৰ্ণানন্দই এই বিদ্রোহো অতি কঠোৰ হাতেৰে দমন কৰে। এই বিদ্ৰোহৰ অন্যতম এজন নেতা আছিল বদনচন্দ্ৰ বৰফুকন। তেওঁ পলাই গৈ কলিকতাত আশ্রয় লয় আৰু ইংৰাজৰ সহায় বিচাৰে। কিন্তু ইংৰাজে তেওঁক সহায় কৰিবলৈ অমান্তি হোৱাত বদনচন্দ্ৰই ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰ ওচৰলৈ যায়। অসমলৈ অভিযান কৰাৰ বাবে আগৰে পৰা হাবিয়াস কৰি থকা মান ৰজা বদৌপায়াই বদনচন্দ্ৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই ৬০০০ সেনাৰ এক সৈন্যদল দি ১৮১৭ চনত অসমলৈ পঠাই দিয়ে। বদনচন্দ্ৰই প্রায় ৮০০০ মান স্থানীয় সৈন্য সংগ্ৰহ কৰি অসমলৈ আহে। ইপিনে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে বদনক প্ৰতিৰোধ কৰিবলৈ সাজু হৈ থাকে। ঘিলাধাৰী নামে ঠাইত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈন্য আৰু বদনৰ নেতৃত্বত অহা সৈন্যসকলৰ মাজত এক ভয়ানক যুদ্ধ হয়। উক্ত যুদ্ধত আহোম সৈন্যৰ শোচনীয় পৰাজয় হয়। এই বিপৰ্যয়ৰ সংবাদ পাই পূৰ্ণানন্দ বুঢ়াগোহাঁই আকস্মিকভাৱে মৃত্যু মুখত পৰে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত ৰুচিনাথ নামৰ এজন বিষয়াই বুঢ়াগোহাঁই পদ লাভ কৰে। তেওঁ কঁঠালবাৰী নামে ঠাইত বদনক প্রতিহত কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হৈ গুৱাহাটীলৈ পলাই যায় । ইপিনে আহোম স্বৰ্গদেউ চন্দ্রকান্ত সিংহই বদনচন্দ্ৰ বৰফুকনক উষ্ম আদৰণি জনায়৷ চন্দ্ৰকান্ত সিংহই বদনচন্দ্ৰক মন্ত্ৰী পাতি ৰাজ্য শাসন কৰিবলৈ লয়। মানসকলে প্ৰভূত পৰিমাণৰ উপঢৌকন লৈ দেশলৈ উভতি যায়৷

এয়াই মানৰ প্ৰথম অসম আক্রমণ।

৬। মান ৰজাৰ দ্বিতীয় আৰু তৃতীয় অসম আক্ৰমণৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰ :
মানৰ প্ৰথম আক্ৰমণৰ পিছত বদনচন্দ্ৰ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হয়। ক্ৰমাৎ তেওঁ স্বেচ্ছাচাৰী হৈ উঠে। প্রজাসাধাৰণক উৎপীড়ন কৰা আৰম্ভ কৰে। তেওঁৰ স্বেচ্ছাচাৰীতা আৰু অত্যাচাৰী কাৰ্যকলাপত অতিষ্ঠ হৈ ৰাজমাও নুমলী আইদেৱে বৰবৰুৱা আৰু বৰপাত্ৰ গোহাঁইৰ লগ লাগি গোপনে ষড়যন্ত্ৰ কৰি ৰূপসিং চুবেদাৰৰ হতুৱাই বদনচন্দ্ৰক হত্যা কৰে। আহোম ৰজা চন্দ্ৰকান্ত সিংহই ৰুচিনাথক বুঢ়াগোহাঁই পদত অধিষ্ঠিত হ’বলৈ আহ্বান কৰে। কিন্তু ৰুচিনাথে ৰজাক বিশ্বাস নকৰি এদল সৈন্য প্ৰেৰণ কৰে। চন্দ্ৰকান্ত সিংহ ভীতিগ্ৰস্ত হৈ ৰংপুৰলৈ পলাই যায়।

ৰুচিনাথে যোৰহাট দখল কৰি পুৰন্দৰ সিংহক ৰজা পাতে। অসমৰ ৰাজনৈতিক পথাৰত পুনৰ অস্থিৰতাই দেখা দিয়ে। বদনক হত্যা আৰু চন্দ্ৰকান্ত সিংহ সিংহাসনচ্যুৎ হোৱা কথাটো মান ৰজাই ভাল নাপাই ১৮১৯ চনত আলুমিংগি নামৰ এজন সেনাপতিৰ অধীনত অসমলৈ এদল সৈন্য প্ৰেৰণ কৰে। নাজিৰাৰ ওচৰত আহোম আৰু মানসেনাৰ মাজত ভেটা-ভেটি হয়। যুদ্ধত আহোম সৈন্য পৰাজিত হৈ পিছুৱাই আহে। আহোম ৰজা পুৰন্দৰ সিংহ সপৰিয়ালে গুৱাহাটীলৈ পলাই যায়। মানে ৰাজধানী দখল কৰি চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা পাতে আৰু মিঙ্গিমাহা তিলোৱা নামৰ সেনাপতিৰ নেতৃত্বত এদল মান সৈন্য অসমত ৰাখি মান সৈন্য উভতি যায়। মিঙ্গিমাহা তিলোৱাই ৰজাক অগ্রাহ্য কৰি অসমৰ গাঁৱে-ভূৱে লুটপাত আৰু প্ৰজা সাধাৰণক অত্যাচাৰ কৰা আৰম্ভ কৰে। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মান সেনাসকলৰ এনে কাৰ্য ভাল পোৱা নাছিল। সেয়ে মান সৈন্য যাতে পুনৰাই অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে জয়পুৰত এক বিশাল গড় নির্মাণ কৰা আৰম্ভ কৰে। এয়াই মানৰ দ্বিতীয় আক্রমণ।

মান ৰজাই আহোম ৰজাৰ কাৰ্যকালপৰ ভূ ৰাখিছিল। ইতিমধ্যে মান ৰজা বদৌপায়াৰ মৃত্যু হোৱাত তেওঁৰ নাতিয়েক ব্যাগীদোৱা ব্ৰহ্মদেশৰ ৰজা হয়। নতুন ৰজাই আহোম ৰজালৈ উপহাৰ পঠোৱাৰ ছলেৰে ১৮২১ চনত এদল সৈন্য প্ৰেৰণ কৰে। চন্দ্ৰকান্ত সিংহই ভীতিগ্ৰস্ত হৈ গুৱাহাটীলৈ পলায়ন কৰে। মানসকলে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা হ’বলৈ মাতে। কিন্তু চন্দ্ৰকান্ত সিংহ সহাঁৰি নিদিয়াত মানসকলে যোগেশ্বৰ সিংহক ৰজা পাতি অসম শাসন কৰিবলৈ ললে। মানসকলে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত আধিপত্য বিস্তাৰ কৰে।

ইপিনে চন্দ্ৰকান্ত সিংহই মানসকলৰ বিৰুদ্ধে সৈন্য সংগ্ৰহ কৰি যুদ্ধ ঘোষণা কৰে। আহোম সেনাই হাদিৰাচকীত মানসকলক পৰাভূত কৰি ৰাজধানী যোৰহাটত উপস্থিত হয়। কিন্তু যোৰহাটৰ ওচৰৰ মহগড় নামৰ ঠাইত মানসেনাৰ লগত আহোম সেনাৰ পুনৰ যুদ্ধ হয়। যুদ্ধত আহোম সেনাৰ পৰাজয় হয়। ইয়াৰ পিছত ১৮২২ হাদিৰাচকীত পুনৰ আহোম আৰু মানসেনাৰ মাজত যুদ্ধ হয়। যুদ্ধত আহোম সেনাৰ শোচনীয় পৰাজয় হোৱাত চন্দ্ৰকান্ত সিংহ গোৱালপাৰাত আশ্ৰয় লয়। মানসকলে যোগেশ্বৰ সিংহক নামত ৰজা ৰাখি স্বেচ্ছাচাৰীভাৱে অসম শাসন কৰি থাকিল৷ মানসকলৰ শাসন ১৮২১ চনৰ পৰা ১৮২৬ চনলৈ ফেব্ৰুৱাৰলৈ চলিছিল। মান শাসনৰ এই সময়ছোৱা অসমৰ ইতিহাসত কলংকিত অধ্যায় বুলি কোৱা হয়৷ কাৰণ মানসকলে অসমৰ জনসাধাৰণৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰিছিল। সিহঁতৰ অত্যাচাৰৰ পৰা বুঢ়া, শিশু, মহিলা কোনেও ৰক্ষা পোৱা নাছিল৷ কেঁচুৱাসকলক ফর্মুটিয়াই গছৰ পৰা ফল পাৰি খাইছিল। মঠ, মন্দিৰ, দেৱালয় আদি ধ্বংস কৰি লুট-পাট কৰিছিল। এনেদৰে মানসকলে গোটেই অসমত সন্ত্ৰাসৰ ৰাজত্ব চলাই অৱশেষত বৃটিছ শাসিত কেতবোৰ অঞ্চলতো উপদ্ৰৱ কৰিবলৈ ললে।

ইতিমধ্যে মান ৰজাই আৰাকান দখল কৰে আৰু আৰাকানৰ বহুত লোক ইংৰাজ শাসিত অঞ্চলত আশ্রয় গ্ৰহণ কৰে। মানৰ অত্যাচাৰত অতিষ্ঠ হৈ আহোম ৰজা চন্দ্ৰকান্ত আৰু পুৰন্দৰ সিংহয়ো ইংৰাজৰ আশ্ৰয় গ্ৰহণ কৰে।

৭। ব্ৰহ্মৰজা আৰু বৃটিছ কেম্পানীৰ মাজত হোৱা যুদ্ধৰ কাৰণ আৰু ফলাফল আলোচনা কৰা ।
উত্তৰ : ‘মানসকলে ১৮২১ চনত তৃতীয়বাৰৰ কাৰণে অসম আক্ৰমণ কৰি যোগেশ্বৰ সিংহক নাম মাত্ৰ ৰজা পাতি গোটেই অসমত সন্ত্ৰাসৰ ৰাজত্ব চলাই বৃটিছ শাসিত কেতবোৰ অঞ্চলতো উপদ্ৰৱ কৰিবলৈ ললে। ইতিমধ্যে মান ৰজাই আৰাকান দখল কৰে আৰু আৰাকানৰ বহুত লোক ইংৰাজ শাসিত অঞ্চলত আশ্রয় গ্রহণ কৰে। মানৰ অত্যাচাৰত অতিষ্ঠ হৈ আহোম ৰজা চন্দ্ৰকান্ত আৰু পুৰন্দ্ৰৰ সিংহয়ো ইংৰাজৰ আশ্ৰয় গ্ৰহণ কৰে।

মানসকলক এশিকনি দিবলৈ সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইংৰাজ সৈন্য বাহিনীয়ে কেইবাটাও দিশৰ পৰা ব্ৰহ্মদেশ আক্রমণ কৰে। ১৮২৪ চনৰ ১৩ মাৰ্চৰ দিনা ইংৰাজ সেনাপতি মেকমোৰেইনৰ নেতৃত্বত এটা ইংৰাজ সৈন্যদল গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আহে। লগে লগে ইংৰাজ নৌবাহিনীও আগবাঢ়ি আহে। মানসকলে ইংৰাজ সৈন্যক বাধা দিবলৈ ব্যৰ্থ হৈ মৰামুখলৈ পিছ হুহকি আহে। ডেভিড স্কট নামৰ আন এজন ইংৰাজ সেনাপতিৰ নেতৃত্বত এদল ইংৰাজ সৈন্য কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দখল কৰি ৰহা আৰু কলিয়াবৰ মানসকলৰ হাতৰ পৰা মুক্ত কৰি গুৱাহাটীত উপস্থিত হয়। ইয়াৰ পিছত ইংৰাজসকলে যোৰহাট আৰু ৰংপুৰ দখল কৰে আৰু মান সৈন্যক শোচনীয়ভাৱে পৰাজিত কৰে। আনহাতে চাৰ আৰ্চিবেল কেম্ববলৰ নেতৃত্বত ইংৰাজসকলৰ আন এটা সৈন্যদল সাগৰীয় পথেৰে ব্ৰহ্মদেশৰ ৰাজধানী আভালৈ অগ্ৰসৰ হয়। এইদলে ১৮২৫ চনৰ এপ্ৰিল মাহত আৰাকান দখল কৰি ৰেংগুন অধিকাৰ কৰে। মান ৰজাই অৱস্থা বিষম দেখি ইংৰাজসকলৰ লগত সন্ধি কৰিবলৈ বাধ্য হয়। দুয়োপক্ষৰ মাজত ব্ৰহ্মদেশৰ ৰাজধানী আভাৰ ওচৰত ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ আৰু মান ৰজাৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়। এই সন্ধিৰ চুক্তি অনুসাৰে মান ৰজাই অসম আৰু অন্য তলতীয়া ৰাজ্যসমূহৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰে আৰু ভৱিষ্যতেও কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। এনেদৰে ইয়াণ্ডাবু সন্ধিৰ চুক্তি মতে অসমত ইংৰাজৰ অধিকাৰ সাব্যস্ত হয় আৰু অসমত ছয়শ বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰে।

৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) কেপ্তেইন থমাছ ৱেল্‌ছে অসমলৈ আহিছিল -
(ক) ১৭৯২ চনত
(খ) ১৮৯২ চনত
(গ) ১৭২৯ চনত

উত্তৰ : (ক) ১৭৯২ চনত

(ii) তলৰ কোনটো আহোম ৰাজ্যৰ পতনৰ এটা কাৰণ?
(ক) শৰাইঘাটৰ যুদ্ধ
(খ) মানৰ আক্ৰমণ
(গ) ৰামসিংহৰ অসম অভিযান

উত্তৰ : (খ) মানৰ আক্রমণ

(iii) ইয়াণ্ডাবু স্বাক্ষৰিত হৈছিল -
(ক) ১৮২৮ চনত
(খ) ১৮২৬ চনত
(গ) ১৮২৪ চনত

উত্তৰ : (খ) ১৮২৬ চনত

(iv) ৰাজবিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল বৰ -
(ক) ধার্মিক
(খ) প্রজাহিতৈষী
(গ) স্বেচ্ছাচাৰী

উত্তৰ : (গ) স্বেচ্ছাচাৰী

(v) মোৱামৰীয়া বিদ্ৰোহৰ পাতনি মেলে -
(ক) ১৮৭০ চনত
(খ) ১৭৬৯ চনত
(গ) ১৬৬০ চনত

উত্তৰ : (খ) ১৭৬৯ চনত

(vi) তলৰ কোনখন আহোমৰ ৰাজধানী আছিল?
(ক) কোচবিহাৰ
(খ) দিছপুৰ
(গ) ৰংপুৰ

উত্তৰ : (গ) ৰংপুৰ

৯৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
'ক' অংশ                         'খ' অংশ
মোৱামৰীয়া                     ৫ মার্চ ১৮২৪ চন
`কৃষ্ণ নাৰায়ণৰ বিদ্রোহ     ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চন
ব্রহ্মদেশ                             মৰাণসকল
আলুমিংগি                         দৰং
ইয়াণ্ডাবু সন্ধি                     মানসকল
মানৰ বিৰুদ্ধে বৃটিছৰ যুদ্ধ ঘোষণা মান সেনাপতি

উত্তৰ :
'ক' অংশ 'খ' অংশ
মোৱামৰীয়া → মৰাণসকল
`কৃষ্ণ নাৰায়ণৰ বিদ্রোহ → দৰং
ব্রহ্মদেশ, → মানসকল
আলুমিংগি → মান সেনাপতি
ইয়াণ্ডাবু সন্ধি → ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চন
মানৰ বিৰুদ্ধে বৃটিছৰ যুদ্ধ ঘোষণা → ৫ মার্চ ১৮২৪ চন

Updated on 5th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments