Ads banner

JE Banner Ads
Image 2

আমাৰ পৰিৱৰ্তনশীল পৃথিবী - অধ্যায় ২ সমাজ বিজ্ঞান অষ্টম শ্রেণি

 

 (আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : 

আমাৰ পৰিৱৰ্তনশীল পৃথিবী


আদর্শ প্রশ্নমালা :

১। তলৰ প্ৰশ্নবোৰ পঢ়া আৰু শুদ্ধটোত (√) চিন দিয়া :

(i) জলপ্রপাত দেখা যায়-
(ক) নদীৰ উচ্চ অংশত
(খ) নদীৰ মধ্য অংশত
(গ) নদীৰ নিম্ন অংশত
(ঘ) নদীৰ ব-দ্বীপ অঞ্চলত

উত্তৰ : (ক) নদীৰ উচ্চ অংশত

(ii) তলৰ কোনটো অন্তর্জাত শক্তিৰ উদাহৰণ?
(ক) বতাহ
(খ) সাগৰৰ ঢৌ
(গ) আগ্নেয়গিৰিৰ উদ্‌গীৰণ
(ঘ) নদী

উত্তৰ : (গ) আগ্নেয়গিৰিৰ উদ্‌গীৰণ

(iii) ছুনামিৰ সৃষ্টি হয় -
(ক) সাগৰতলিত সৃষ্টি হোৱা আগ্নেয়গিৰি
(খ) সাগৰতলিত উৎপত্তি হোৱা ভূমিকম্প
(গ) (ক) আৰু (খ) উভয়ে
(ঘ) তীব্রবেগী বতাহ

উত্তৰ : (গ) (ক) আৰু (খ) উভয়ে

(iv) তলৰ কোনটো বতাহৰ ক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়?
(ক) বালিয়ৰী
(খ) ইন্‌চেলবার্গ
(গ) ইয়াডাং
(ঘ) এস্কাৰ

উত্তৰ : (ক) বালিয়ৰী

(v) তলৰ কোনটো বাক্য সত্য?
(ক) অশ্বখুৰাকৃতি হ্রদ মৰুভূমিত দেখা যায়?

উত্তৰ : অসত্য

(খ) মৰূদ্যান মৰুভূমিত দেখা যায়৷
উত্তৰ : সত্য

(গ) বাৰখানবোৰ মৰুভূমিত দেখা যায়।
উত্তৰ : অসত্য

(ঘ) গ্ৰাৱসমূহ নদীৰ দ্বাৰা সৃষ্টি হয়৷
উত্তৰ : অসত্য

২। তলব প্রশ্নবোৰৰ উত্তৰ দিয়া :

(ক) অন্তর্জাত শক্তি কাক বোলে?
উত্তৰ : যিবোৰ শক্তিৰ উৎস পৃথিৱীৰ আভ্যন্তৰীণ ভাগ সেইবোৰ শক্তিক অন্তর্জাত শক্তি বোলে।
যেনে - ভূমিকম্প, আগ্নেয়গিৰি আদি।

(খ) বহির্জাত শক্তি কাক বোলে?
উত্তৰ : যিবোৰ শক্তি বা কাৰকে পৃথিৱীৰ উপৰিভাগত ক্রিয়া কবে সেইবোৰ শক্তিক বহিৰ্জাত শক্তি বোলে।
যেনে - বতাহ্, নদী, হিমবাহ আদি।

(গ) ভূমিকম্পৰ সংজ্ঞা দিয়া।
উঃ ভূ-ত্বকীয় ফলকবোৰৰ গতিৰ বাবে বা অন্য কিবা কাৰণত ভূপৃষ্ঠৰ কোনো অংশ হঠাৎ কঁপি উঠিলে বা জোঁকাৰি দিলে তাক ‘ভূমিকম্প’ বোলে৷

(ঘ) বহির্জাত শক্তিৰ চাৰিটা উদাহৰণ দিয়া।
উত্তৰ : বহিৰ্জাত শক্তিৰ চাৰিটি৷ উদাহৰণ হ’ল -
বতাহ, নদী হিমবাহ আৰু সাগৰ।

(ঙ) ভূ-আন্দোলন কি?
উত্তৰ : ভূত্বকীয় ফলকৰ বাবে পৃথিৱীৰ অন্তৰ্ভাগ বা উপৰিভাগত যি আন্দোলন বা জোঁকাৰণিৰ সৃষ্টি হয় তাকে ‘ভূ-আন্দোলন’ বোলে ৷

(চ) আগ্নেয়গিৰি কাক বোলে?
উত্তৰ : পৃথিৱীৰ অন্তৰ্ভাগত থকা গৰম জুলীয়া বা অৰ্ধৰ্জুলীয়া পদাৰ্থ কেতিয়াবা কেতিয়াবা পৃথিৱীৰ উপৰিভাগলৈ ওলাই আহে, তাকে ‘আগ্নেয়গিৰি’ বোলে।

(ছ) নদীৰ তিনিটা কার্য কি কি?
উত্তৰ : নদীৰ তিনিটা কাৰ্য হ’ল -
খনন, পৰিবহন আৰু অৱক্ষেপন৷

(জ) ব-দ্বীপৰ সংজ্ঞা দিয়া।
উত্তৰ : ব-দ্বীপ হ’ল নদীৰ মোহনাত সৃষ্টি হোৱা ত্ৰিভূজ আকৃতিৰ কেতবোৰ দ্বীপ।

(ঝ) মৰুভূমিত দেখা দুটা অৱয়বৰ নাম লিখা।
উত্তৰ : বালিয়ৰী আৰু ইনছেলবার্গ।

(ঞ) হিমবাহ কাক বোলে?
উত্তৰ : হিমবাহ হ’ল গতিশীল প্ৰকাণ্ড বৰফৰ খণ্ড বা টুকুৰা যিবোৰ প্ৰধানকৈ ঠাণ্ডা ঠাইত দেখা যায়।

৩। ভূমিকম্পৰ কেন্দ্র আৰু অভিকেন্দ্ৰ বুলিলে কি বুজা? ভূমিকম্পই আমাক কেনেদৰে ক্ষতিসাধন কৰে?
উত্তৰ : পৃথিৱীৰ অন্তৰ্ভাগৰ বা ভূপৃষ্ঠৰ যিটো অংশত ভূমিকম্পৰ সৃষ্টি হয় তাকে ‘ভূমিকম্পৰ কেন্দ্ৰ’ বোলে। আনহাতে ভূমিকম্প সৃষ্টিৰ উৎসৰ ঠিক ওপৰৰ অংশটোক ‘অভিকেন্দ্ৰ’ বুলি কোৱা হয়।
ভূমিকম্পই মাত্র কেইচেকেণ্ডমানৰ ভিতৰত বিস্তৰ ক্ষতি সাধন কৰিব পাৰে। বিল্ডিং, স্তম্ভ, দলং, গছ-গছনি, মানুহৰ ঘৰবাৰী আদি ভাঙি-ছিঙি ধ্বংস কৰিব পাৰে। মানুহ আৰু জীৱ-জন্তুও মৃত্যু মুখ পৰে।

৪। তিনি প্ৰকাৰৰ আগ্নেয়গিৰি কি কি ? আগ্নেয়গিৰিৰ এটা লাভানলী জ্বালামুখ আৰু উদ্‌গীৰণ হোৱা পদাৰ্থসমূহ দেখুৱাই এটা চিত্র আঁকা।
উত্তৰ :
তিনি প্ৰকাৰৰ আগ্নেয়গিৰি হ’ল -
(ক) জীৱন্ত আগ্নেয়গিৰি
(খ) সুপ্ত আগ্নেয়গিৰি আৰু
(গ) লুপ্ত আগ্নেয়গিৰি

চিত্র :

৫। ব-দ্বীপসমূহৰ কেনেদৰে সৃষ্টি হয়? পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব-দ্বীপটোৰ নাম লিখা।
উত্তৰ : ‘ব-দ্বীপ’হ’লনদীৰ মোহনাত সৃষ্টি হোৱা ত্ৰিভূজ আকৃতিৰ কেতবোৰ দ্বীপ । এইবোৰ হ’ল নদীৰ অৱক্ষেপনৰ কাৰ্য।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব-দ্বীপটো হ’ল ‘মাজুলী'।

৬। অশ্বখুড়াকৃতিৰ হ্রদ কাক বোলে? এইবোৰ কেনেদৰে সৃষ্টি হয়?
উত্তৰ : অশ্বখুড়াকৃতিৰ হ্রদ হ’ল নদীৰ মধ্য গতিত হোৱা এক U আকৃতিৰ জলভাগ। পৃথিৱীৰ বেছিভাগ নদীয়ে অশ্বখুড়াকৃতিৰ হ্ৰদৰ সৃষ্টি কৰে।
নদীয়ে গতি সলোৱা বাবে এনে হ্ৰদৰ সৃষ্টি হয়।

৭। তলত দিয়াবোৰৰ সংজ্ঞা দিয়া :
(ক) গ্ৰাৱ
(গ) বালিয়ৰী
(খ) ইন্‌চেলবার্গ
(ঘ) লাভানলী

উত্তৰ :
(ক) গ্ৰাৱ :
হিমবাহ এটা তললৈ নামি আহোতে ইয়াৰ লগত শিল, বালি আদি কঢ়িয়াই আনি এটা নিৰ্দিষ্ট ঠাইত জমা কৰে। জমা কৰা সেই পদাৰ্থবোৰক ‘গ্ৰাৱ’ বোলে।

(খ) ইন্‌চেলবার্গ :
‘ইনছেলবার্গ’ হৈছে মৰুভূমিত ক্ষয়ীভৱনৰ দ্বাৰা গঠিত হোৱা বালিময় পাহাৰ।

(গ) বালিয়ৰী :
বালিয়ৰীবোৰ হ’ল এক প্ৰকাৰৰ সৰু আৰু চুটি বালিৰ পাহাৰ৷ এইবোৰ মৰুভূমিত দেখা যায়।

(ঘ) লাভানলী :
আগ্নেয়গিৰি উদ্‌গীৰণৰ সময়ত ভূ-ত্বকৰ যিটো, পথেৰে গলিত লাভা, ছাই, ধোঁৱা আদি ওলাই আহে তাকে ‘লাভানলী’ বোলে।

Updated on 4th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments