Ads banner

JE Banner Ads
Image 2

প্ৰাকৃতিক সম্পদ - অধ্যায় ১ সমাজ বিজ্ঞান অষ্টম শ্রেণি

 (আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : 

প্ৰাকৃতিক সম্পদ


আদর্শ প্রশ্নমালা :

১। অতি চমু উত্তৰ লিখা :

(ক) প্রাকৃতিক সম্পদ কাক বোলে?
উত্তৰ :
মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানেই প্রাকৃতিক সম্পদ।
বা
প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰা সকলো প্ৰকাৰ সম্পদকে প্ৰাকৃতিক সম্পদ বোলা হয়।
বা
প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। যেনে - মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলোবোৰক প্ৰাকৃতিক সম্পদ বোলে।
বা
ৰাষ্ট্ৰসংঘৰ মতে প্ৰাকৃতিক পৰিবেশত বিদ্যমান আৰু সমাজৰ উপকাৰৰ বাবে ব্যৱহাৰ যোগ্য যিকোনো সামগ্ৰীয়েই প্ৰাকৃতিক সম্পদ।

(খ) পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি?
উত্তৰ : ২৯ শতাংশ।

(গ) ভূমি সম্পদ এটা গুৰুত্ব উল্লেখ কৰা৷
উত্তৰ : কৃষি কাৰ্য কৰোতে ভূমিৰ ব্যৱহাৰ হয়৷

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি পাতল কিয়?
উত্তৰ : পাহাৰীয়া অঞ্চল কৃষি, উদ্যোগ, যাতায়ত আদিৰ বাবে অসুবিধাজনক বাবে পাহাৰীয়া অঞ্চলত জনবসতি পাতল।

(ঙ) পৃথিৱীৰ কিমান শতাংশ পানী দৈনন্দিন কাম-কাজত ব্যৱহাৰ হয়?
উত্তৰ : ২.৫ শতাংশ।

(চ) ভূমি সংৰক্ষণৰ বাবে উপযোগী উপায় এটা উল্লেখ কৰা।
উত্তৰ :
১/ জধে-মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা।

(ছ) জল আয়োগ কি?
উত্তৰ : আঞ্চলিক, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা জলবিবাদ নিষ্পত্তিৰ বাবে গঠন কৰা আয়োগক ‘জল আয়োগ’ বুলি কোৱাশহয়।

(জ) এজন ভাৰতীয় মানুহে দৈনিক প্রায় কিমান লিটাৰ পানী ব্যৱহাৰসকৰে?
উত্তৰ : গড়ে ২৫ লিটাৰমান।

(ঝ) ধনী দেশৰ এজন নাগৰিকে গড় হিচাপত দৈনিক কিমান লিটাৰ পানী ব্যৱহাৰ কৰে?
উত্তৰ : গঢ় হিচাপত দৈনিক ৩০০ লিটাৰ পানী ব্যৱহাৰ কৰে৷

(ঞ) এবিধ অ-পৰম্পৰাগত শক্তি সম্পদৰ নাম লিখা।
উত্তৰ : পেট্‌’লিয়াম।

(ট) পনীয়া সোণ কি?
উত্তৰ : পেট্রলিয়ামক পনীয়া সোণ বুলি কোৱা হয়।

(ঠ) সৌৰ চৌকা কি?
উত্তৰ : সৌৰচৌকা হৈছে এনে এবিধ ৰন্ধন সঁজুলি যাৰ জৰিয়তে সৌৰশক্তি ব্যৱহাৰ কৰি ৰন্ধন কার্য কৰা হয়৷

(ড) জলবিদ্যুত উৎপাদনত কোনখন দেশৰ স্থান পৃথিৱীৰ ভিতৰত চতুর্থ?
উত্তৰ : জাপান।

২। চমু উত্তৰ লিখা :

(ক) ব্যৱহাৰযোগ্য ভূমি সম্পদ চাহিদা দিনক দিনে কিয় বাঢ়িছে?
উত্তৰ : কাৰণ -
(ক) জনসংখ্যা বৃদ্ধি।
(খ) কৃষি ভূমি, বন্যভূমি আদি নগৰলৈ ৰূপান্তৰ৷
(গ) ব্যৱসায়-বাণিজ্য, ৰাস্তা-ঘাট, কাৰ্যালয় আদিৰ সম্প্ৰসাৰণ।

(খ) পানীৰ প্ৰদূষণ কমাবৰ বাবে দুটা উপায় লিখা।
উত্তৰ : পানী প্ৰদূষণৰ কমাবৰ বাবে দুটা উপায় -
(ক) কীট নাশক দ্ৰৱ্যৰ ব্যৱহাৰ ৰোধ কৰা।
(খ) উদ্যোগৰ আৱৰ্জনা পানীৰ লগত মিশ্ৰণ হোৱা বন্ধ কৰা।

(গ) বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ : কাৰণ -
(ক) বনজ সম্পদে মাটি সংৰক্ষণত সহায় কৰে।
(খ) গোলকীয় উত্তাপ হ্রাস কৰে ৷
(গ) বন্য প্রাণীৰ আশ্রয় ।
(ঘ) মানুহৰ বাবে অক্সিজেন যোগান ধৰা।

(ঘ) দুবিধ অ-পৰম্পৰাগত শক্তি সম্পদ নাম লিখা।
উত্তৰ :
(ক) কয়লা (খ) পেট্ৰ'লিয়াম (গ) প্রাকৃতিক গেছ আদি।

(ঙ) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ লিখা।
উত্তৰ : মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ -
(ক) জনসংখ্যা বৃদ্ধি।
(খ) নগৰৰ সম্প্ৰসাৰণ।

(চ) পানীৰ সংকট হোৱাৰ দুটা কাৰণ লিখা।
উত্তৰ : পানীৰ সংকট হোৱাৰ দুটা কাৰণ -
(ক) ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি পানীত দ্ৰৱীভূত হৈ পানী দূষিত কৰিছে, ফলত পানীৰ সংকটে দেখা দিছে।
(খ) উদ্যোগজাত আবৰ্জনা পানীত মিহলি হোৱাৰ বাবে ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ বহু পৰিমাণে কমি গৈছে।

(ছ) জীৱাশ্ম ইন্ধন কি ?
উত্তৰ : মাটিৰ তলত পুত যোৱা জীৱৰ মৰাদেহ হাজাৰ হাজাৰ বছৰ জুৰি ৰাসায়নিক পৰিৱৰ্তনৰ ফলত যি ইন্ধনৰ সৃষ্টি হয় তাকে ‘জীৱাশ্ম ইন্ধন’ বোলে।
যেনে - কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ।
বা
কিছুমান প্রাকৃতিক সম্পদ মৃত জীৱৰ অৱশেষৰ পৰা অৰ্থাৎ জীৱাশ্মৰ পৰা উৎপন্ন হয়। সেয়েহে এইবোৰক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়।

(জ) পেট্ৰ'লিয়াম উৎপাদন কৰা পৃথিৱীৰ কেইখনমান প্রধান দেশৰ নাম লিখা।
উত্তৰ : চৌদি আৰব, ইৰাণ, ইৰাক, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি।

(ঝ) সৌৰ শক্তি কি?
উত্তৰ : সূৰ্যৰ পৰা পোৱা তাপ আৰু পোহৰেই হৈছে সৌৰ শক্তি।

৩। বহলাই আলোচনা কৰা :

(ক) ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা৷
উত্তৰ : পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি। ভূমিক আশ্রয় কৰিয়েই সকলো প্ৰাণী আৰু জীৱ জীয়াই আছে। ভূমি হ'ল জীৱ জগতৰ আধাৰ। মানুহৰ মৌলিক প্রয়োজন যেনে - অন্ন, বস্ত্ৰ, বাসস্থান ইত্যাদি ভূমিৰ পৰাই আহৰণ কৰা হয়। সেইদৰে ভূমি উদ্ভিদ আৰু প্ৰাণীৰ আবাসস্থল। মানুহৰ গুৰুত্বপূৰ্ণ কাম-কাজ ভূমিক কেন্দ্ৰ কৰিয়েই সম্পাদিত হয়। সেয়ে ভূমিৰ গুৰুত্ব অপৰিসীম। ভূমিৰ ব্যৱহাৰ বহুমূখী। যেনে -
(ক) ভূমিত কৃষি কাৰ্য কৰা হয়।
(খ) ভূমিত মানুহৰ যাতায়তৰ বাবে ৰাস্তা-ঘাট, নিৰ্মাণ কৰা হয়।
(গ) ভূমিত উদ্যোগ স্থাপন কৰা হয়।
(ঘ) উদ্যোগজাত সমাগ্ৰীসমূহ ভূমিৰ পৰা লাভ কৰা হয়৷

(খ) ভূমি সম্পদ সংৰক্ষণৰ বাবে পাঁচটা উপায় উল্লেখ কৰা।
উত্তৰ : ভূমি সংৰক্ষণৰ পাঁচটা উপায় হ’ল -
(ক) পৰিবেশ অনুকূল কৃষি পদ্ধতি অৱলম্বন কৰা।
(খ) জধে-মধে গছ কটা বন্ধ কৰা।
(গ) বৃক্ষ ৰোপণ কৰা।
(ঘ) ঝুম খেতিৰ প্ৰচলন বন্ধ কৰা।
(ঙ) এঢলীয়া ঠাইত ঘাঁহনি ৰোপণ কৰি ভূমি খনন ৰোধ কৰা।

(গ) জল সম্পদ সংৰক্ষণৰ বাবে থকা উপায়কেইটা বর্ণনা কৰা।
উত্তৰ :
জলসম্পদ সংৰক্ষণৰ বাবে থকা কেইটামান উপায় হ’ল -
(ক) বৰষুণৰ পানী সংগ্ৰহ কৰি নানা কামত ব্যৱহাৰ কৰা।
(খ) পাঁনী প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা।
(গ) ব্যৱহাৰ কৰা পানী পৰিশোধন কৰি পুনৰ ব্যৱহাৰ কৰা ।
(ঘ) মুকলি ঠাইত ঘাঁহনি আৰু বৃক্ষ ৰোপণ কৰি পানীৰ
বাষ্পীভৱনৰ মাত্রা হ্রাস কৰা ।
(ঙ) পানী সংৰক্ষণৰ বাবে জনসচেতনতা বৃদ্ধি কৰা।

(ঘ) শক্তি সম্পদৰ গুৰুত্ব আৰু সংৰক্ষণ সম্পর্কে বহলাই ব্যাখ্যা কৰা।
উত্তৰ :
শক্তি সম্পদ মানৱ উন্নয়নৰ বাবে অপৰিহাৰ্য। শিল্প-উদ্যোগ, কৃষি, পৰিবহন, যোগাযোগ ইত্যাদি বিভিন্ন ক্ষেত্ৰত শক্তি সম্পদৰ প্ৰয়োজনীয়তা অপৰিসীম। শক্তি সম্পদক প্ৰধানকৈ দুই ভাগত ভাগ কৰা হৈছে, যেনে-
(ক) পৰম্পৰাগত শক্তি আৰু
(খ) অপৰম্পৰাগত শক্তি।
সূৰ্যৰ ৰশ্মি, খৰি আদি পৰম্পৰাগত শক্তি আৰু জীৱাশ্ম ইন্ধনবোৰ অপৰম্পৰাগত শক্তিৰ উদাহৰণ ৷ জীৱাশ্ম ইন্ধন বুলিলে কয়লা, পেট্ৰ'লিয়াম, প্রাকৃতিক গেছ আদিক বুজোৱা হয়। কয়লাক ঘৰুৱা কাম-কাজৰ উপৰিও লো-তীখা উদ্যোগ, ভাপ ইঞ্জিন, তাপ বিদ্যুত কেন্দ্ৰ আদিত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মানুহৰ দৈনন্দিন জীৱনত শক্তি সম্পদৰ অপৰিসীম ব্যৱহাৰ হয়। বাবে ইয়াক সংৰক্ষণ কৰাৰ প্ৰয়োজন। শক্তি সম্পদ সংৰক্ষণৰ এক যুক্তি সংগত উপায় হ’ল সৌৰ শক্তিৰ যথাযথ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ ব্যৱহাৰ সুলভ আৰু সহজ কৰা।

(ঙ) বনজ সম্পদৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা ।
উত্তৰ : বনজ সম্পদ হ’ল এবিধ প্রাকৃতিক সম্পদ। বনজ সম্পদে আমাৰ প্রয়োজনীয় বিভিন্ন বস্তুৰ অভাৱ দূৰ কৰে। বনজ সম্পদে পৃথিৱীখনক এক সুন্দৰ পৰিবেশ প্ৰদান কৰিছে। পৃথিৱীৰ মুঠ ভূমি ভাগৰ এক-তৃতীয়াংশৰো কম বনজ সম্পদে আগুৰি আছে। বন-বননি হৈছে জীৱ-জন্তুৰ আশ্রয়স্থল। সেয়ে জীৱকুলৰ বাবে বনজ সম্পদৰ গুৰুত্ব অপৰিসীম।

Updated on 4th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments