(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ৩
বায়ুমণ্ডলীয় চাপ আৰু বায়ু প্রবাহ
আদর্শ-প্রশ্নমালা :
১। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) পৃথিৱীৰ চাৰিওফালে আৱৰি আছে –(ক) গেছীয় আৱৰণে
(খ) ডাঠ কুঁৱলী আৰু মেঘে
(গ) জলীয় বাষ্পই
(ঘ) (ক),(খ),(গ) ৰ এটাও নহয় ।
উত্তৰ : (ক) গেছীয় আৱৰণে
(ii) কোনো এখন ঠাইৰ উষ্ণতা যেতিয়া বাঢ়ে, সেই ঠাইৰ বায়ুমণ্ডলৰ চাপ-
(ক) বাঢ়ে
(খ) কমে
(গ) (ক) আৰু (খ) উভয়ে
(ঘ) (ক) আৰু (খ)ৰ এটাও নহয়।
উত্তৰ : (খ) কমে
(iii) উপমেৰু দেশীয় অঞ্চলৰ আশে-পাশে -
(ক) বায়ুৰ চাপ উচ্চ হয়
(খ) বায়ুৰ চাপ নিম্ন হয়
(গ) উচ্চ আৰু নিম্ন দুয়োটাই
(ঘ) (ক), (খ), (গ) ৰ এটাও নহয়।
উত্তৰ : (খ) বায়ুৰ চাপ নিম্ন হয়।
(iv) বায়ুৰ গতি প্ৰকাশ কৰা হয় -
(ক) কি.মি.ত
(খ) মাইলত
(গ) নটত
(ঘ) ফার্লণ্ডত
উত্তৰ : (গ) নটত
(v) উত্তৰ গেলার্ধত বাণিজ্য বতাহৰ গতি হয় -
(ক) উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিমলৈ,
(খ) উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ
(গ) দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূবলৈ
(ঘ) দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিমলৈ
উত্তৰ : (ক) উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিমলৈ।
(vi) ভূমধ্য সাগৰীয় অঞ্চলত বৰষুণ হয় -
(ক) গ্ৰীষ্ম কালত
(খ) শৰৎ কালত
(ঘ) শীত কালত
(গ) বসন্ত কালত
উত্তৰ : (ঘ) শীত কালত
(vii) তলৰ কোনবিধ গৰম আৰু শুকান বতাহ?
(ক) মিস্ট্রল
(খ) ৰিজার্ড
(গ) খামচিন
(ঘ) বৰদৈচিলা
উত্তৰ : (গ) খামচিন
(viii) তলৰ কোনখন দেশ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত হয় ?
(ক) ফ্রান্স
(খ) ইজৰাইল
(গ) ভাৰতবৰ্ষ
(ঘ) তুর্কী
উ : (গ) ভাৰতবৰ্ষ
২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :
(ক) বায়ুমণ্ডল কাক বোলে?উত্তৰ : আমাৰ পৃথিৱীখনক আৱৰি থকা গেছীয় আৱৰণক ‘বায়ুমণ্ডল’ বোলে।
(খ) বায়ুমণ্ডলীয় চাপক প্ৰভাৱান্বিত কৰা দুটা কাৰক উল্লেখ কৰা।
উত্তৰ : বায়ুমণ্ডলীয় চাপক প্ৰভাৱান্বিত কৰা দুটা কাৰক হ’ল - ঠাই এখনৰ উষ্ণতা আৰু উচ্চতা।
(গ) চাপ বলয় কাক বোলে?
উত্তৰ : বায়ুমণ্ডলৰ চাপৰ তাৰতম্য আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি ভূ-পৃষ্ঠক কেইবাটাও বলয়ত ভাগ কৰা হৈছে। সেই বলয়সমূহক ‘চাপবলয়’ বোলে।
(ঘ) বিষুৱ ৰেখা কি?
উত্তৰ : পৃথিৱীৰ সোঁমাজেৰে পূৱা-পশ্চিমাকৈ এবিধ ৰেখা কল্পনা কৰা হৈছে। সেই ৰেখাডালকে ‘বিষুৱ ৰেখা’ বোলে৷ বিষুৱ ৰেখাক ‘নিৰক্ষ ৰেখা’ বুলিও কোৱা হয়।
(ঙ) ‘ডোলড্রাম’ৰ সংজ্ঞা দিয়া।
উত্তৰ : নিৰক্ষীয় অঞ্চলত সূৰ্য ৰশ্মি গোটেই বছৰ পোনভাৱে পৰে বাবে তাত সদায় নিম্ন চাপৰ সৃষ্টি হয়। এই নিম্ন চাপৰ অঞ্চলত বতাহৰ অনুভূমিক গতি পৰিলক্ষিত নহয়। এই অঞ্চলটোক নিৰক্ষীয় ‘শান্ত বলয়’ বা ডোলড্রাম’ বুলি কোৱা হয়।
(চ) ‘নট’ৰ সংজ্ঞা দিয়া।
উত্তৰ : ‘নট’ হৈছে বতাহৰ গতিবেগ জোখা একক। ১ নট সমান ১.৮৫৪ কি.মি.।
(ছ) স্থানীয় বতাহ কাক বোলে?
উত্তৰ : ভূপৃষ্ঠৰ কোনো এক নিৰ্দিষ্ট অঞ্চলত বছৰৰ কোনো নিৰ্দিষ্ট সময়ত স্থানীয় কিবা কাৰণৰ বাবে যি বতাহ সৃষ্টি হয়, তাকে ‘স্থানীয় বতাহ’ বোলে৷
(জ) ভাৰতবৰ্ষত কোনটো অঞ্চলত বৰদৈচিলা হয়?
উত্তৰ : ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসমত ‘বৰদৈচিলা’ হয়।
(ঝ) ভাৰতবৰ্ষৰ কোনটো অঞ্চলত বছৰত দুবাৰ বাৰিষা হয়?
উত্তৰ : ভাৰতবৰ্ষৰ তামিলানাডুৰ উপকূলত বছৰত দুবাৰ বাৰিষা হয়।
(ঞ) স্থল বতাহ আৰু জলবতাহৰ সংজ্ঞা দিয়া।
উত্তৰ : স্থল বতাহ হৈছে এক সাময়িক বতাহ। দিনৰ ভাগত সূৰ্যৰ তাপত স্থলভাগৰ ওপৰৰ বায়ু গৰম হৈ পাতলহৈ ওপৰলৈ যায় আৰু সাগৰৰ পিনে বৈ যায়। ইয়াকে ‘স্থল বতাহ’ বোলে।'
আনহাতে জলভাগৰ পৰা স্থলভাগলৈ বৈ যোৱা ঠাণ্ডা বতাহক ‘জলবতাহ' বোলে।
৩। চমু উত্তৰ দিয়া :
(ক) নিৰক্ষীয় নিম্ন চাপ অঞ্চলক কিয় ‘নিৰক্ষীয় শান্ত’ বলয় বোলে?উত্তৰ : নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনভাৱে পৰে বাবে তাত সদায় নিম্ন চাপৰ সৃষ্টি হয়। এই নিম্ন চাপৰ অঞ্চলটোক ‘নিৰক্ষীয় নিম্ন চাপ বলয়' বুলি কোৱা হয়। এই অঞ্চলত বতাহৰ অনুভূমিক গতি পৰিলক্ষিত নহয়। এই অঞ্চলটোক নিৰক্ষীয় ‘শান্ত বলয়’ বা ডোলড্রাম’ বুলি কোৱা হয়।
(খ) ‘গৰ্জন মুখৰ চল্লিছ’ৰ ধাৰণাটো দিয়া।
উত্তৰ : পশ্চিমা বতাহ উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা উপমেৰু দেশীয় নিম্ন চাপ বলয়লৈ প্রবাহিত হয়। দক্ষিণ গোলার্ধত এই বতাহ উত্তৰ পশ্চিম দিশৰ পৰা অতি তীব্ৰ গতিত প্রবাহিত হয়। সেয়ে দক্ষিণ গোলাৰ্ধৰ ৪০° অক্ষাংশৰ ওচৰে এই বতাহক ‘গৰ্জনমুখৰ চল্লিশ’ বুলি কোৱা হয় ।
(গ) স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহৰ কেইটামান উদাহৰণ দিয়া।
উত্তৰ : ভূপৃষ্ঠৰ কোনো এক নিৰ্দিষ্ট অঞ্চলত বছৰৰ কোনো নির্দিষ্ট সময়ত স্থানীয় কিবা কাৰণৰ বাবে যি বতাহৰ সৃষ্টি হয়, তাকে ‘স্থানীয় বতাহ’ বোলে।
স্থানীয় বতাহৰ কেইটামান উদাহৰণ হ’ল - চিনুক, খামচিং, মিষ্টুল, লু, ফ’ন আদি।
(ঘ) মৌচুমী বতাহক কিয় ‘কৃষকৰ বন্ধু’ বুলি কোৱা হয়?
উত্তৰ : মৌচুমী বতাহে বাৰিষা কালত বৰষুণ দি গ্ৰীষ্মকালত হোৱা ধান খেতিত পানীৰ যোগান ধৰে বাবে এই বতাহক ‘কৃষকৰ বন্ধু’ বুলি কোৱা হয়৷
(ঙ) তামিলনাড়ু উপকূলত শীতকালতো কিয় বৰষুণ হয়?
উত্তৰ : শীতকালত মৌচুমী বতাহ ভাৰতৰ উত্তৰ-পূৱ দিশৰ পৰা প্ৰবাহিত হয়। এই বতাহ ভূমিভাগৰ ওপৰেৰে বৈ অহা বাবে ই শুকান। সেয়েহে ই ভাৰতবৰ্ষত বৰষুণ দিব নোৱাৰে। কিন্তু বতাহৰ এটা অংশ বংগোপসাগৰৰ ওপৰেৰে বৈ যায় বাবে ই জলীয় বাষ্প গ্ৰহণ কৰে। এই জলীয় বাষ্পবাহী বতাহে তামিলনাডুৰ উপকূলত বৰষুণ দিয়ে। সেয়ে তামিলনাডুৰ উপকূলত শীতকালত বৰষুণ দিয়ে।
৪। চিত্রসহ স্থল বতাহ আৰু জল বতাহৰ বৰ্ণনা দিয়া।
উত্তৰ : স্থল বতাহ হৈছে এক সাময়িক বতাহ। দিনৰ ভাগত সূৰ্যৰ তাপত স্থলভাগৰ ওপৰৰ বায়ু গৰম হৈ পাতলহৈ ওপৰলৈ যায় আৰু সাগৰৰ পিনে বৈ যায়। ইয়াকে ‘স্থল বতাহ’ বোলে।
আনহাতে জলভাগ (সাগৰ)ত সেই সময়ত উচ্চ চাপৰ সৃষ্টি হয়। সেয়েহে ঠাণ্ডা শীতল বতাহ জলভাগৰ পৰা স্থলভাগলৈ প্রবাহিত হয়। ইয়াকে ‘জলবতাহ’ বোলে।
চিত্ৰ :
৫। ভাৰতৰ কৃষিক্ষেত্ৰত মৌচুমী বতাহৰ ভূমিকা সম্বন্ধে লিখা।
উত্তৰ : মৌচুমী বতাহ এক সাময়িক বতাহ। মৌচুমী বতাহৰ দিশ ঋতু অনুসৰি পৰিৱৰ্তন হয় ৷ গ্ৰীষ্মকালত ভাৰতত মৌচুমী বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা উত্তৰ-পূৱ দিশলৈ বয়। কিন্তু শীতকালত ইয়াৰ গতিৰ দিশ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিমলৈ হয়। গ্রীষ্মকালত এই বতাহ ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু বংগোপ সাগৰৰ ওপৰেৰে আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহৰ ফলত গ্ৰীষ্ম কালত ভাৰতৰ বেছিভাগ অঞ্চলতে প্ৰচুৰ বৰষুণ হয়। মৌচুমী বতাহে বাবিষা কালত বৰষুণ দি গ্ৰীষ্ম কালত হোৱা ধান খেতিত পানীৰ যোগান ধৰে। সেয়ে এই বতাহক ‘খেতিয়কৰ বন্ধু’ বুলিও কোৱা হয় ৷
৬। তিনি প্রকাৰৰ বতাহ কি কি? প্রত্যেকবে বিষয়ে আলোচনা কৰা।
উত্তৰ :
(ক) বাণিজ্য বতাহ,
(খ) পশ্চিমা বতাহ আৰু
(গ) মেৰু বতাহ।
(ক) বাণিজ্য বতাহ :
বাণিজ্য বতাহ দুয়ো গোলার্ধতে উপক্রান্তীয়
উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়লৈ বয়। এই বতাহ ৩০° অক্ষাংশৰ পৰা দুয়ো গোলার্ধতে নিৰক্ষীয় অঞ্চললৈ গতি কৰে ৷ পৃথিৱীৰ আহ্নিক গতিৰ বাবে এই বতাহৰ গতিপথৰ পৰিৱৰ্তন হয় । উত্তৰ গোলাৰ্ধত এই বতাহ উত্তৰ-পূৱ দিশৰ পৰা আৰু দক্ষিণ গোলার্ধত এই বতাহ দক্ষিণ-পূৱ দিশৰ পৰা বয়।
(খ) পশ্চিমা বতাহ :
পশ্চিমা বতাহ উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা উপমেৰু দেশীয় নিম্ন চাপ বলয়লৈ প্রবাহিত হয়। দক্ষিণ গোলার্ধত এই বতাহ উত্তৰ পশ্চিম দিশৰ পৰা অতি তৰ্জন-গর্জন শব্দ কৰি তীব্ৰ গতিত প্রবাহিত হয়। সেয়ে দক্ষিণ গোলাৰ্ধৰ ৪০
অক্ষাংশৰ ওচৰে-পাঁজৰে এই বতাহক ‘গৰ্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।
(গ) মেৰু বতাহ :
পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অতি শীতল। মেৰু দেশীয় উচ্চ চাপ অঞ্চলৰ পৰা শীতল চেঁচা বতাহ উপমেৰুদেশীয় নিম্ন চাপ অঞ্চললৈ বৈ থাকে। এই বতাহ দুয়ো গোলৰ্ধতে পূৱ দিশৰ পৰা প্ৰবাহিত হয় ৷
৭। বতাহ কাক বোলে? বতাহৰ গতিবেগ নির্ণয় কৰা প্ৰধান কাৰককেইটা কি কি?
উত্তৰ : গতিশীল বায়ুক ‘বতাহ’ বোলে।
বতাহৰ গতিবেগ নিৰ্ণয় কৰা প্ৰধান কাৰককেইটা হ’ল -
(ক) চাপনতি শক্তি,
(খ) পৃথিৱীৰ আৱৰ্তন,
(গ) পৃথিৱীৰ মধ্যাকর্ষণ শক্তি আৰু
(ঘ) ঘৰ্ষণ শক্তি।
৮। ভূ-পৃষ্ঠত বলা তিনি প্ৰকাৰৰ স্থায়ী বতাহৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ : ভূ-পৃষ্ঠত বলা তিনি প্ৰকাৰৰ স্থায়ী বতাহ হ’ল -
(ক) বাণিজ্য বতাহ
(খ) পশ্চিমা বতাহ আৰু
(গ) মেৰু বতাহ।
(ক) বাণিজ্য বতাহ :
বাণিজ্য বতাহ দুয়ো গোলার্ধতে উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়লৈ বয়। এই বতাহ ৩০° অক্ষাংশৰ পৰা দুয়ো গোলার্ধতে নিৰক্ষীয় অঞ্চললৈ গতি কৰে৷ পৃথিৱীৰ আহ্নিক গতিৰ বাবে এই বতাহৰ গতিপথৰ পৰিৱৰ্তন হয় ৷ উত্তৰ গোলার্ধত এই বতাহ উত্তৰ-পূৱ দিশৰ পৰা আৰু দক্ষিণ গোলার্ধত এই বতাহ দক্ষিণ-পূৱ দিশৰ পৰা বয়।
(খ) পশ্চিমা বতাহ :
পশ্চিমা বতাহ উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা উপমেৰু দেশীয় নিম্ন চাপ বলয়লৈ প্রবাহিত হয়। দক্ষিণ গোলার্ধত এই বতাহ উত্তৰ পশ্চিম দিশৰ পৰা অতি তৰ্জন-গর্জন
শব্দ কৰি তীব্ৰ গতিত প্রবাহিত হয়। সেয়ে দক্ষিণ গোলাৰ্ধৰ ৪০° অক্ষাংশৰ ওচৰে-পাঁজৰে এই বতাহক ‘গৰ্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।
(গ) মেৰু বতাহ :
পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অতি শীতল। মেৰু দেশীয় উচ্চচাপ অঞ্চলৰ পৰা শীতল চেঁচা বতাহ উপমেৰুদেশীয় নিম্ন চাপ অঞ্চললৈ বৈ থাকে। এই বতাহ দুয়ো গোলার্ধতে পূৱ দিশৰ পৰা প্ৰবাহিত হয়।
৯। চাৰিবিধ স্থানীয় বতাহৰ নাম লিখা আৰু এইবোৰ পৃথিৱীৰ কোন অঞ্চলত দেখা যায় উল্লেখ কৰা।
উত্তৰ : চাৰিবিধ স্থানীয় বতাহৰ নাম হ'ল -
চিনুক, খামচিং, মিষ্ট্ৰল আৰু লু।
চিনুক - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বতমালাৰ পূৱৰ নামনি অঞ্চলত প্রবাহিত হয়।
খামচিং - ইজিপ্তত প্রবাহিত হয়।
মিষ্ট্ৰল - ইউৰোপৰ ভূমধ্য সাগৰৰ দাঁতিকাষৰীয়া অঞ্চলত বলে।
লু - গ্রীষ্ম কালত উত্তৰ ভাৰতৰ গংগা নদীৰ সমভূমি অঞ্চলত প্রবাহিত হয়।
১০। বৰদৈচিলা কি ? ই আমাৰ বাবে কিয় ক্ষতিকাৰক?
উত্তৰ : অসমত প্ৰাক-মৌচুমী ঋতুৰ সময়ছোৱাত অস্থিৰ বায়ুমণ্ডলীয় চাপৰ বাবে এবিধ ধুমুহা বতাহৰ সৃষ্টি হয়। এই সময়ছোৱাত বৰষুণ আৰু বিজুলী ঢেৰেকনিৰে তীব্ৰ বেগী বতাহে ধুমুহাৰ সৃষ্টি কৰে। ইয়াকেই ‘বৰদৈচিলা’ বোলে ৷ পশ্চিমবংগত এই বতাহক ‘কালবৈশাগী’ বুিলি কোৱা হয়।
এই বতাহ আমাৰ বাবে ক্ষতিকাৰক কাৰণ ই অতি তীব্র গতি বৈ গৈ বাট পথত থকা মানুহৰ ঘৰ-বাৰী, গছ-গছনি ভাঙি-ছিঙি বিস্তৰ ক্ষতি কৰে।
উত্তৰ :
উত্তৰ :
অশ্ব অক্ষাংশ :
মধ্য যুগত ইউৰোপৰ বণিকসকলে পালতৰা নাৱব সহায়ত বেপাৰৰ বাবে আহোতে ৩০° - ৩৫° অক্ষাংশত বায়ুৰ উচ্চ চাপৰ বাবে সিহঁতৰ বাণিজ্যিক নাওসমূহ চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছিল৷ সেয়ে নাৱৰ ওজন কমাবলৈ সিহঁতে লগত বহন কৰি অনা ঘোঁৰাবোৰ পানীত পেলাই দিছিল৷ সেয়ে এই অঞ্চলটোক ‘অশ্ব অক্ষাংশ’ বুলি কোৱা হয় ।
নিৰক্ষীয় শান্ত বলয় :
নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনভাৱে পৰে বাবে তাত সদায় নিম্ন চাপৰ সৃষ্টি হয়। এই নিম্ন চাপৰ অঞ্চলটোক ‘নিৰক্ষীয় নিম্ন চাপ বলয়’ বুলি কোৱা হয়। এই অঞ্চলত বতাহৰ অনুভূমিক গতি পৰিলক্ষিত নহয়৷ এই অঞ্চলটোক নিৰক্ষীয় ‘শান্ত বলয়’ বা ডোলদ্ৰাম' বুলি কোৱা হয়।
গৰ্জনমুখৰ চল্লিছ :
পশ্চিমা বতাহ উপক্রান্তীয় উচ্চচাপ বলয়ৰ পৰা উপমেৰু দেশীয় নিম্ন চাপ বলয়লৈ প্রবাহিত হয়। দক্ষিণ গোলার্ধত এই বতাহ উত্তৰ পশ্চিম দিশৰ পৰা অতি তীব্ৰ গতিত প্রবাহিত হয়। সেয়ে দক্ষিণ গোলাৰ্ধৰ ৪০° অক্ষাংশৰ ওচৰে-পাঁজৰে এই বতাহক ‘গৰ্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।
মৌচুমী বতাহ :
মৌচুমী বতাহ এক সাময়িক বতাহ। মৌচুমী বতাহৰ দিশ ঋতু অনুসৰি পৰিৱৰ্তন হয়। গ্রীষ্মকালত ভাৰতত মৌচুমী বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা উত্তৰ-পূৱ দিশলৈ বয়
কিন্তু শীতকালত ইয়াৰ গতিৰ দিশ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিমলৈ হয়। গ্রীষ্মকালত এই বতাহ ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু বংগোপ সাগৰৰ ওপৰেৰে আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহ ফলত গ্ৰীষ্ম কালত ভাৰতৰ বেছিভাগ অঞ্চলতে প্ৰচুৰ বৰষুণ হয়। মৌচুমী বতাহে বাৰিষা কালত বৰষুণ দি গ্ৰীষ্ম কালত হোৱা ধান খেতিত পানীৰ যোগান ধৰে বাবে এই বতাহক ‘খৈতিয়কৰ বন্ধু’ বুলিও কোৱা হয়৷
বৰদৈচিলা : অসমত প্ৰাক-মৌচুমী ঋতুৰ সময়ছোৱাত অস্থিৰ বায়ুমণ্ডলীয় চাপৰ বাবে এবিধ ধুমুহাৰ সৃষ্টি হয়। এই সময়ছোৱাত বৰষুণ আৰু বিজুলী ঢেৰেকনিৰে তীব্ৰ বেগী বতাহে ধুমুহাৰ সৃষ্টি কৰে। ইয়াকে ‘বৰদৈচিলা’ বোলে। পশ্চিমবংগত এই বতাহক ‘কালবৈশাগী’ বুলি কোৱা হয় ।
এই বতাহ আমাৰ বাবে ক্ষতিকাৰক কাৰণ এই বতাহ অতি তীব্র গতিত বৈ গৈ ইয়াৰ বাট-পথত থকা মানুহৰ ঘৰ-বাৰী, গছ-গছনি ভাঙি-ছিঙি বিস্তৰ ক্ষতি কৰে।
মেৰু বতাহ : পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অতি
শীতল। মেৰু দেশীয় উচ্চচাপ অঞ্চলৰ পৰা শীতল চেঁচা বতাহ উপমেৰুদেশীয় নিম্ন চাপ অঞ্চললৈ বৈ থাকে। এই বতাহ দুয়ো গোলার্ধতে পূৱ দিশৰ পৰা প্ৰবাহিত হয়।
উত্তৰ : মৌচুমী বতাহ এক সাময়িক বতাহ। মৌচুমী বতাহৰ দিশ ঋতু অনুসৰি পৰিৱৰ্তন হয়। গ্রীষ্মকালত ভাৰতত মৌচুমী বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা উত্তৰ-পূৱ দিশলৈ বয়। কিন্তু শীতকালত ইয়াৰ গতিৰ দিশ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিমলৈ হয়। গ্রীষ্মকালত এই বতাহ ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু বংগোপ সাগৰৰ ওপৰেৰে আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহৰ ফলত গ্ৰীষ্ম কালত ভাৰতৰ বেছিভাগ অঞ্চলতে প্ৰচুৰ বৰষুণ হয়। ‘মৌচুমী বতাহে বাৰিষা কালত বৰষুণ দি গ্ৰীষ্ম কালত হোৱা ধান খেতিত পানীৰ যোগান ধৰে বাবে এই বতাহক ‘খেতিয়কৰ বন্ধু’ বুলিও কোৱা হয়।
(খ) নিৰক্ষীয় অঞ্চলত উষ্ণতা বৃদ্ধিৰ লগে লগে ঠাইখনৰ বায়ুমণ্ডলীয় চাপ কমি যায়।
উত্তৰ : নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনভাৱে পৰে বাবে তাত সদায় নিম্ন চাপৰ সৃষ্টি হয়। এই নিম্ন চাপৰ অঞ্চলটোক ‘নিৰক্ষীয় নিম্ন চাপ বলয়’ বুলি কোৱা হয়৷ এই অঞ্চলত বতাহৰ অনুভূমিক গতি পৰিলক্ষিত নহয়৷ এই অঞ্চলটোক নিৰক্ষীয় ‘শান্ত বলয়’ বা ডোলদ্ৰাম’ বুলি কোৱা হয়।
(গ) জীৱজগতৰ বাবে বায়ুমণ্ডল উপকাৰী।
উত্তৰ : জীৱজগতৰ বীবে বায়ুমণ্ডল উপকাৰী। কিয়নো বায়ুমণ্ডলৰ বাবেই পৃথিৱীত জীৱৰ বাবে জীৱন-ধাৰণ সম্ভৱ হৈছে। বায়ুমণ্ডলৰ বাবে বতাহ প্রবাহিত হয়, বৰষুণ হয়, ঋতু পৰিৱৰ্তন হয, গছ- গছনি, হাবি-বননি, বিভিন্ন প্ৰকাৰৰ শস্য আদি উৎপাদন হয়।
৫। ভাৰতৰ কৃষিক্ষেত্ৰত মৌচুমী বতাহৰ ভূমিকা সম্বন্ধে লিখা।
উত্তৰ : মৌচুমী বতাহ এক সাময়িক বতাহ। মৌচুমী বতাহৰ দিশ ঋতু অনুসৰি পৰিৱৰ্তন হয় ৷ গ্ৰীষ্মকালত ভাৰতত মৌচুমী বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা উত্তৰ-পূৱ দিশলৈ বয়। কিন্তু শীতকালত ইয়াৰ গতিৰ দিশ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিমলৈ হয়। গ্রীষ্মকালত এই বতাহ ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু বংগোপ সাগৰৰ ওপৰেৰে আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহৰ ফলত গ্ৰীষ্ম কালত ভাৰতৰ বেছিভাগ অঞ্চলতে প্ৰচুৰ বৰষুণ হয়। মৌচুমী বতাহে বাবিষা কালত বৰষুণ দি গ্ৰীষ্ম কালত হোৱা ধান খেতিত পানীৰ যোগান ধৰে। সেয়ে এই বতাহক ‘খেতিয়কৰ বন্ধু’ বুলিও কোৱা হয় ৷
৬। তিনি প্রকাৰৰ বতাহ কি কি? প্রত্যেকবে বিষয়ে আলোচনা কৰা।
উত্তৰ :
(ক) বাণিজ্য বতাহ,
(খ) পশ্চিমা বতাহ আৰু
(গ) মেৰু বতাহ।
(ক) বাণিজ্য বতাহ :
বাণিজ্য বতাহ দুয়ো গোলার্ধতে উপক্রান্তীয়
উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়লৈ বয়। এই বতাহ ৩০° অক্ষাংশৰ পৰা দুয়ো গোলার্ধতে নিৰক্ষীয় অঞ্চললৈ গতি কৰে ৷ পৃথিৱীৰ আহ্নিক গতিৰ বাবে এই বতাহৰ গতিপথৰ পৰিৱৰ্তন হয় । উত্তৰ গোলাৰ্ধত এই বতাহ উত্তৰ-পূৱ দিশৰ পৰা আৰু দক্ষিণ গোলার্ধত এই বতাহ দক্ষিণ-পূৱ দিশৰ পৰা বয়।
(খ) পশ্চিমা বতাহ :
পশ্চিমা বতাহ উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা উপমেৰু দেশীয় নিম্ন চাপ বলয়লৈ প্রবাহিত হয়। দক্ষিণ গোলার্ধত এই বতাহ উত্তৰ পশ্চিম দিশৰ পৰা অতি তৰ্জন-গর্জন শব্দ কৰি তীব্ৰ গতিত প্রবাহিত হয়। সেয়ে দক্ষিণ গোলাৰ্ধৰ ৪০
অক্ষাংশৰ ওচৰে-পাঁজৰে এই বতাহক ‘গৰ্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।
(গ) মেৰু বতাহ :
পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অতি শীতল। মেৰু দেশীয় উচ্চ চাপ অঞ্চলৰ পৰা শীতল চেঁচা বতাহ উপমেৰুদেশীয় নিম্ন চাপ অঞ্চললৈ বৈ থাকে। এই বতাহ দুয়ো গোলৰ্ধতে পূৱ দিশৰ পৰা প্ৰবাহিত হয় ৷
৭। বতাহ কাক বোলে? বতাহৰ গতিবেগ নির্ণয় কৰা প্ৰধান কাৰককেইটা কি কি?
উত্তৰ : গতিশীল বায়ুক ‘বতাহ’ বোলে।
বতাহৰ গতিবেগ নিৰ্ণয় কৰা প্ৰধান কাৰককেইটা হ’ল -
(ক) চাপনতি শক্তি,
(খ) পৃথিৱীৰ আৱৰ্তন,
(গ) পৃথিৱীৰ মধ্যাকর্ষণ শক্তি আৰু
(ঘ) ঘৰ্ষণ শক্তি।
৮। ভূ-পৃষ্ঠত বলা তিনি প্ৰকাৰৰ স্থায়ী বতাহৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ : ভূ-পৃষ্ঠত বলা তিনি প্ৰকাৰৰ স্থায়ী বতাহ হ’ল -
(ক) বাণিজ্য বতাহ
(খ) পশ্চিমা বতাহ আৰু
(গ) মেৰু বতাহ।
(ক) বাণিজ্য বতাহ :
বাণিজ্য বতাহ দুয়ো গোলার্ধতে উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়লৈ বয়। এই বতাহ ৩০° অক্ষাংশৰ পৰা দুয়ো গোলার্ধতে নিৰক্ষীয় অঞ্চললৈ গতি কৰে৷ পৃথিৱীৰ আহ্নিক গতিৰ বাবে এই বতাহৰ গতিপথৰ পৰিৱৰ্তন হয় ৷ উত্তৰ গোলার্ধত এই বতাহ উত্তৰ-পূৱ দিশৰ পৰা আৰু দক্ষিণ গোলার্ধত এই বতাহ দক্ষিণ-পূৱ দিশৰ পৰা বয়।
(খ) পশ্চিমা বতাহ :
পশ্চিমা বতাহ উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা উপমেৰু দেশীয় নিম্ন চাপ বলয়লৈ প্রবাহিত হয়। দক্ষিণ গোলার্ধত এই বতাহ উত্তৰ পশ্চিম দিশৰ পৰা অতি তৰ্জন-গর্জন
শব্দ কৰি তীব্ৰ গতিত প্রবাহিত হয়। সেয়ে দক্ষিণ গোলাৰ্ধৰ ৪০° অক্ষাংশৰ ওচৰে-পাঁজৰে এই বতাহক ‘গৰ্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।
(গ) মেৰু বতাহ :
পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অতি শীতল। মেৰু দেশীয় উচ্চচাপ অঞ্চলৰ পৰা শীতল চেঁচা বতাহ উপমেৰুদেশীয় নিম্ন চাপ অঞ্চললৈ বৈ থাকে। এই বতাহ দুয়ো গোলার্ধতে পূৱ দিশৰ পৰা প্ৰবাহিত হয়।
৯। চাৰিবিধ স্থানীয় বতাহৰ নাম লিখা আৰু এইবোৰ পৃথিৱীৰ কোন অঞ্চলত দেখা যায় উল্লেখ কৰা।
উত্তৰ : চাৰিবিধ স্থানীয় বতাহৰ নাম হ'ল -
চিনুক, খামচিং, মিষ্ট্ৰল আৰু লু।
চিনুক - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বতমালাৰ পূৱৰ নামনি অঞ্চলত প্রবাহিত হয়।
খামচিং - ইজিপ্তত প্রবাহিত হয়।
মিষ্ট্ৰল - ইউৰোপৰ ভূমধ্য সাগৰৰ দাঁতিকাষৰীয়া অঞ্চলত বলে।
লু - গ্রীষ্ম কালত উত্তৰ ভাৰতৰ গংগা নদীৰ সমভূমি অঞ্চলত প্রবাহিত হয়।
১০। বৰদৈচিলা কি ? ই আমাৰ বাবে কিয় ক্ষতিকাৰক?
উত্তৰ : অসমত প্ৰাক-মৌচুমী ঋতুৰ সময়ছোৱাত অস্থিৰ বায়ুমণ্ডলীয় চাপৰ বাবে এবিধ ধুমুহা বতাহৰ সৃষ্টি হয়। এই সময়ছোৱাত বৰষুণ আৰু বিজুলী ঢেৰেকনিৰে তীব্ৰ বেগী বতাহে ধুমুহাৰ সৃষ্টি কৰে। ইয়াকেই ‘বৰদৈচিলা’ বোলে ৷ পশ্চিমবংগত এই বতাহক ‘কালবৈশাগী’ বুিলি কোৱা হয়।
এই বতাহ আমাৰ বাবে ক্ষতিকাৰক কাৰণ ই অতি তীব্র গতি বৈ গৈ বাট পথত থকা মানুহৰ ঘৰ-বাৰী, গছ-গছনি ভাঙি-ছিঙি বিস্তৰ ক্ষতি কৰে।
১১। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
"ক অংশ" "খ অংশ"
বেৰ'মিটাৰ বতাহৰ দিশ
ডোলড্রাম ৪০° অক্ষৰেখা
পৰ্বতৰ অৱস্থানস শীতল বতাহ
গৰ্জনমুখৰ চল্লিছ নিৰক্ষীয় অঞ্চল
মিষ্ট্ৰল বায়ুমণ্ডলীয় চাপ
চিনুক আৰবিক শব্দ
মৌচুমী বৰফ খাদক
"ক অংশ" "খ অংশ"
বেৰ’মিটাৰ বায়ুমণ্ডলীয় চাপ
ডোলড্রাম নিৰক্ষীয় অঞ্চল
পৰ্বতৰ অৱস্থান বৰফ খাদক
গর্জনমুখৰ চল্লিছ ৪০° অক্ষৰেখা
মিষ্ট্ৰল শীতল বতাহ
চিনুক আৰবিক শব্দ
মৌচুমী বতাহৰ দিশ
১২। চমুটোকা লিখা :
অশ্ব অক্ষাংশ, নিৰক্ষীয় শান্ত বলয়, গর্জনমুখৰ চল্লিছ, মৌচুমী বতাহ, বৰদৈচিলা, মেৰু বতাহউত্তৰ :
অশ্ব অক্ষাংশ :
মধ্য যুগত ইউৰোপৰ বণিকসকলে পালতৰা নাৱব সহায়ত বেপাৰৰ বাবে আহোতে ৩০° - ৩৫° অক্ষাংশত বায়ুৰ উচ্চ চাপৰ বাবে সিহঁতৰ বাণিজ্যিক নাওসমূহ চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছিল৷ সেয়ে নাৱৰ ওজন কমাবলৈ সিহঁতে লগত বহন কৰি অনা ঘোঁৰাবোৰ পানীত পেলাই দিছিল৷ সেয়ে এই অঞ্চলটোক ‘অশ্ব অক্ষাংশ’ বুলি কোৱা হয় ।
নিৰক্ষীয় শান্ত বলয় :
নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনভাৱে পৰে বাবে তাত সদায় নিম্ন চাপৰ সৃষ্টি হয়। এই নিম্ন চাপৰ অঞ্চলটোক ‘নিৰক্ষীয় নিম্ন চাপ বলয়’ বুলি কোৱা হয়। এই অঞ্চলত বতাহৰ অনুভূমিক গতি পৰিলক্ষিত নহয়৷ এই অঞ্চলটোক নিৰক্ষীয় ‘শান্ত বলয়’ বা ডোলদ্ৰাম' বুলি কোৱা হয়।
গৰ্জনমুখৰ চল্লিছ :
পশ্চিমা বতাহ উপক্রান্তীয় উচ্চচাপ বলয়ৰ পৰা উপমেৰু দেশীয় নিম্ন চাপ বলয়লৈ প্রবাহিত হয়। দক্ষিণ গোলার্ধত এই বতাহ উত্তৰ পশ্চিম দিশৰ পৰা অতি তীব্ৰ গতিত প্রবাহিত হয়। সেয়ে দক্ষিণ গোলাৰ্ধৰ ৪০° অক্ষাংশৰ ওচৰে-পাঁজৰে এই বতাহক ‘গৰ্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।
মৌচুমী বতাহ :
মৌচুমী বতাহ এক সাময়িক বতাহ। মৌচুমী বতাহৰ দিশ ঋতু অনুসৰি পৰিৱৰ্তন হয়। গ্রীষ্মকালত ভাৰতত মৌচুমী বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা উত্তৰ-পূৱ দিশলৈ বয়
কিন্তু শীতকালত ইয়াৰ গতিৰ দিশ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিমলৈ হয়। গ্রীষ্মকালত এই বতাহ ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু বংগোপ সাগৰৰ ওপৰেৰে আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহ ফলত গ্ৰীষ্ম কালত ভাৰতৰ বেছিভাগ অঞ্চলতে প্ৰচুৰ বৰষুণ হয়। মৌচুমী বতাহে বাৰিষা কালত বৰষুণ দি গ্ৰীষ্ম কালত হোৱা ধান খেতিত পানীৰ যোগান ধৰে বাবে এই বতাহক ‘খৈতিয়কৰ বন্ধু’ বুলিও কোৱা হয়৷
বৰদৈচিলা : অসমত প্ৰাক-মৌচুমী ঋতুৰ সময়ছোৱাত অস্থিৰ বায়ুমণ্ডলীয় চাপৰ বাবে এবিধ ধুমুহাৰ সৃষ্টি হয়। এই সময়ছোৱাত বৰষুণ আৰু বিজুলী ঢেৰেকনিৰে তীব্ৰ বেগী বতাহে ধুমুহাৰ সৃষ্টি কৰে। ইয়াকে ‘বৰদৈচিলা’ বোলে। পশ্চিমবংগত এই বতাহক ‘কালবৈশাগী’ বুলি কোৱা হয় ।
এই বতাহ আমাৰ বাবে ক্ষতিকাৰক কাৰণ এই বতাহ অতি তীব্র গতিত বৈ গৈ ইয়াৰ বাট-পথত থকা মানুহৰ ঘৰ-বাৰী, গছ-গছনি ভাঙি-ছিঙি বিস্তৰ ক্ষতি কৰে।
মেৰু বতাহ : পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অতি
শীতল। মেৰু দেশীয় উচ্চচাপ অঞ্চলৰ পৰা শীতল চেঁচা বতাহ উপমেৰুদেশীয় নিম্ন চাপ অঞ্চললৈ বৈ থাকে। এই বতাহ দুয়ো গোলার্ধতে পূৱ দিশৰ পৰা প্ৰবাহিত হয়।
১৩। কাৰণ দৰ্শোৱা :
(ক) মৌচুমী বতাহৰ ফলত ভাৰতত প্ৰচুৰ বৰষুণ হয়।উত্তৰ : মৌচুমী বতাহ এক সাময়িক বতাহ। মৌচুমী বতাহৰ দিশ ঋতু অনুসৰি পৰিৱৰ্তন হয়। গ্রীষ্মকালত ভাৰতত মৌচুমী বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা উত্তৰ-পূৱ দিশলৈ বয়। কিন্তু শীতকালত ইয়াৰ গতিৰ দিশ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিমলৈ হয়। গ্রীষ্মকালত এই বতাহ ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু বংগোপ সাগৰৰ ওপৰেৰে আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহৰ ফলত গ্ৰীষ্ম কালত ভাৰতৰ বেছিভাগ অঞ্চলতে প্ৰচুৰ বৰষুণ হয়। ‘মৌচুমী বতাহে বাৰিষা কালত বৰষুণ দি গ্ৰীষ্ম কালত হোৱা ধান খেতিত পানীৰ যোগান ধৰে বাবে এই বতাহক ‘খেতিয়কৰ বন্ধু’ বুলিও কোৱা হয়।
(খ) নিৰক্ষীয় অঞ্চলত উষ্ণতা বৃদ্ধিৰ লগে লগে ঠাইখনৰ বায়ুমণ্ডলীয় চাপ কমি যায়।
উত্তৰ : নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনভাৱে পৰে বাবে তাত সদায় নিম্ন চাপৰ সৃষ্টি হয়। এই নিম্ন চাপৰ অঞ্চলটোক ‘নিৰক্ষীয় নিম্ন চাপ বলয়’ বুলি কোৱা হয়৷ এই অঞ্চলত বতাহৰ অনুভূমিক গতি পৰিলক্ষিত নহয়৷ এই অঞ্চলটোক নিৰক্ষীয় ‘শান্ত বলয়’ বা ডোলদ্ৰাম’ বুলি কোৱা হয়।
(গ) জীৱজগতৰ বাবে বায়ুমণ্ডল উপকাৰী।
উত্তৰ : জীৱজগতৰ বীবে বায়ুমণ্ডল উপকাৰী। কিয়নো বায়ুমণ্ডলৰ বাবেই পৃথিৱীত জীৱৰ বাবে জীৱন-ধাৰণ সম্ভৱ হৈছে। বায়ুমণ্ডলৰ বাবে বতাহ প্রবাহিত হয়, বৰষুণ হয়, ঋতু পৰিৱৰ্তন হয, গছ- গছনি, হাবি-বননি, বিভিন্ন প্ৰকাৰৰ শস্য আদি উৎপাদন হয়।
Updated on 4th November 2023
By :- J.A.C | B.Sc | Web/App Developer
0 Comments