(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ৪
ভূগোল-বিজ্ঞান অধ্যয়নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ
আদর্শ প্রশ্নমালা :
১। চমু উত্তৰ লিখা :
(ক) প্রযুক্তি বুলিলে কি বুজা?উত্তৰ :
কোনো নতুন বস্তুৰ বিষয়ে জ্ঞান আহৰণ, উৎপাদন বৃদ্ধি, নতুন বস্তুৰ উৎপাদন আদি কাৰ্যৰ বাবে বৈজ্ঞানিক তথ্য আৰু উন্নতমানৰ বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰাকে ‘প্রযুক্তিবিদ্যা’ বুলি কোৱা হয়।
(খ) ভূগোল অধ্যয়নৰ বাবে সাধাৰণতে কি কি আহিলা ব্যৱহাৰ কৰা হয়?
উত্তৰ : গোলক, স্কেল (মাপনী), মানচিত্র, ভূচিত্ৰাৱলী, ছবি আৰু আৰ্হি (মডেল)।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ : মানচিত্র অধ্যয়নৰ অপৰিহাৰ্য সঁজুলি হ’ল স্কেল বা মাপনী। কোনো এখন ঠাইৰ প্ৰকৃত ভৌগোলিক আকাৰ এখন কাগজত উপস্থাপন কৰাটো সম্ভৱ নহয়। এনে ক্ষেত্ৰত কাগজখনত আঁকিবলৈ লোৱা ঠাইখনৰ আকাৰ এক বিশেষ অনুপাতত সৰু কৰি লোৱা হয়। যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূত্বক কম কৰি লোৱা হয়, তাকে ‘স্কেল’ বা ‘মাপনী’ বোলে।
(ঘ) ছেক্সটেন্ট যন্ত্র কোনে ব্যৱহাৰ কৰে?
উত্তৰ : সাগৰত জাহাজ চলোৱা নাৱিকসকলে ছেক্সটেন্ট যন্ত্ৰ ব্যৱহাৰ কৰে।
(ঙ) ৰিখ্টাৰ স্কেলেৰে কি কৰা হয়?
উত্তৰ : ৰিখটাৰ স্কেলেৰে ভূমিকম্পৰ প্ৰাৱল্য জোখা হয়।
(চ) এনিম’গ্ৰাফ যন্ত্ৰৰে কি কৰা হয়?
উত্তৰ : ‘এনিম’গ্ৰাফ’ যন্ত্ৰৰে স্বয়ংক্রিয়ভাৱে বতাহৰ গতিবেগ লিপিবদ্ধ কৰা হয়।
(ছ) বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ : বায়ুৰ চাপ যোখা যন্ত্ৰটোৰ নাম ‘বেৰ'মিটাৰ’।
২। চমু টোকা লিখা :
মানচিত্ৰৰ স্কেল, দূৰ সংবেদন ব্যৱস্থা, ভৌগোলিক তথ্য ব্যৱস্থা, গোলকীয় স্থানাংক পদ্ধতি
উত্তৰ :
মানচিত্ৰৰ স্কেল :
মানচিত্র অধ্যয়নৰ অপৰিহাৰ্য সঁজুলি হ’ল স্কেল বা মাপনী। কোনো এখন ঠাইৰ প্ৰকৃত ভৌগোলিক আকাৰ এখন কাগজত উপস্থাপন কৰাটো সম্ভৱ নহয় ৷ এনে ক্ষেত্ৰত কাগজখনত আঁকিবলৈ লোৱা ঠাইখনৰ আকাৰ এক বিশেষ অনুপাতত সৰু কৰি লোৱা হয়। যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয়, তাকে ‘স্কেল’ বা ‘মাপনী বোলে।
দূৰ সংবেদন ব্যৱস্থা :
দূৰ সংবেদন হৈছে কোনো দূৰত্বত থকা বস্তুক স্পর্শ নকৰাকৈয়ে, ওচৰলৈ নোযোৱাকৈ দূৰৈৰ পৰা নিৰীক্ষণ কৰি প্ৰয়োজনীয় তথ্য-পাতি আহৰণ কৰিব পৰা এক ব্যৱস্থা মহাকাশত উপস্থাপন কৰা কৃত্রিম উপগ্রহ হৈছে এনে এক দূৰ সংযোগ ব্যৱস্থা।
ভৌগোলিক তথ্য ব্যৱস্থা :
ভোগোলিক তথ্য ব্যৱস্থাৰ দ্বাৰা ভূ-পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিবেশ সম্পৰ্কীয় বিভিন্ন তথ্য উদ্ঘাটন, উপস্থাপন আৰু বিশ্লেষণ কৰিব পাৰি। এই ব্যৱস্থা এক অতি নিৰ্ভৰযোগ্য কম্পিউটাৰভিত্তিক ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ আৰু উপস্থাপন আদি কাৰ্য পৃথিৱীৰ যিকোনো স্থানতে নিয়াৰিকৈ সম্পাদন কৰিব পাৰি। ভৌগোলিক তথ্যসমূহৰ লগত সংশ্লিষ্ট বিভিন্ন চিত্র, মানচিত্ৰ আদিৰ জৰিয়তে উপস্থাপন কৰাৰ বাবে জৰুৰী নিৰ্দেশ কম্পিউটাৰতে থাকে।
গোলকীয় স্থানাংক পদ্ধতি :
পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন স্থানৰ অৱস্থিতি সম্পর্কে জানিবলৈ গোলকীয় স্থানাংক পদ্ধতিৰ ব্যৱহাৰ কৰা হয়। মহাকাশত সংস্থাপিত ২৪ টা কৃত্রিম উপগ্রহই নির্দিষ্ট কক্ষপথেৰে পৃথিৱীক পৰিভ্ৰমণ কৰি থাকে । এই কৃত্রিম উপগ্রহসমূহে পৃথিৱীৰ ভূ-পৃষ্ঠৰ কোনো ঠাইৰ অৱস্থিতি সম্পৰ্কে প্ৰেৰণ কৰা তথ্যসমূহৰ সংকেত এই ব্যৱস্থাৰ যোগেদি পাব পাৰি। তদুপৰি এই ব্যৱস্থাৰ সহায়ত মানচিত্র অংকনৰ সময়ত ঠাই এখনৰ শুদ্ধ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশ, দ্রাঘিমাংশ, ইয়াৰ উচ্চতা, দিশ আদিৰ বিষয়ে সম্পূর্ণ তথ্য আহৰণ কৰিব পাৰি। বিশাল মহাসাগৰত জাহাজ চলোৱা আৰু জৰীপ কাৰ্যত ঠাই এখনৰ সঠিক অৱস্থান নির্ণয় কৰাত এই ব্যৱস্থা অতি গ্রহণযোগ্য।
৩। স্থানভিত্তিক তথ্য প্রযুক্তি বুলিলে কি বুজা আলোচনা কৰা৷
উত্তৰ : ভূ-পৃষ্ঠৰ কোনো স্থানৰ বিভিন্ন তথ্য যেনে উচ্চতা, বায়ুৰ চাপ, দ্রাঘিমাংশ, অক্ষাংশ আদি নিৰ্ণয় কৰাৰ বাবে যি প্ৰযুক্তি ব্যৱহাৰ কৰা হয় তাকে ‘স্থানভিত্তিক তথ্য প্ৰযুক্তি’ বুলি কোৱা হয়। ছেক্সটেন্ট, ক্ৰন’মিটাৰ, বেৰ'মিটাৰ, এনিম'মিটাৰ, এনিম’গ্ৰাম আদি স্থানভিত্তিক তথ্য প্রযুক্তি।
৪। বতৰ বিজ্ঞানীয়ে বতৰৰ আগজাননী, ভূমিপম্পৰ প্ৰাৱল্য আৰু বতাহৰ গতি সম্পর্কে তথ্য কেনেদৰে আহৰণ কৰে আলোচনা কৰা।
উত্তৰ :
সাম্প্রতিক সময়ত বতৰ বিজ্ঞানীসকলে বতৰৰ আগলি বতৰা, বতাহৰ চাপ, গতি, ভূমিকম্প আদি ভৌগোলিক পৰিঘটনাৰ তথ্য লাভ আৰু বিশ্লেষণৰ ক্ষেত্ৰত নানা প্রযুক্তি ব্যৱহাৰ কৰে। বতৰ বিজ্ঞানীসকলে কৃত্রিম উপগ্রহই প্ৰেৰণ কৰা সংকেত জি. পি. এছ. (GPS) ব্যৱস্থাৰ দ্বাৰা গ্ৰহণ কৰি বিশ্লেষণ কৰে। তদুপৰি ৰাডাৰৰ যোগেদিও বতৰৰ আগজানীন পাব পৰা যায়। একেদৰে পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন স্থানত বায়ুৰ চাপ নিৰ্ধাৰণৰ বাবে বেৰ'মিটাৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। বতৰৰ গতিবেগ নিৰ্ধাৰণৰ বাবে এনিম'মিটাৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। বৰ্তমান এনিম’গ্ৰাম নামৰ যন্ত্ৰৰ দ্বাৰা স্বয়ংক্রিয়ভাৱে বতাহৰ গতিবেগ লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু বর্তমানেও ভূমিকম্পৰ আগজাননী দিব পৰা প্ৰযুক্তি আৱিষ্কাৰ হোৱা নাই যদিও ৰিখটাৰ স্কেল’ নামৰ এবিধ যন্ত্ৰৰ দ্বাৰা ভূমিকম্প সংঘটিত হোৱাৰ পিছত তাৰ প্ৰাৱল্য জুখিব পৰা যায়৷
উত্তৰ : তিনি
(খ) বেৰ'মিটাৰৰ সহায়ত বায়ুৰ (গতি/ চাপ/ ওজন) জোখা হয়।
উত্তৰ : বায়ুৰ চাপ
(গ) ভূমিকম্পৰ প্রাবল্য জোখা হয় (ৰিখটাৰ স্কেল/ জি.পি.এচ যন্ত্ৰ)ৰ সহায়ত।
উত্তৰ : ৰিখটার স্কেল।
(ঘ) কোনো ঠাইৰ সূৰ্যৰ উন্নতি চাব পাৰি (ক্ৰন’মিটাৰ/ ছেক্সটেন্ট/বেৰ'মিটাৰ)ৰ সহায়ত।
উত্তৰ : ছেক্সটেন্ট।
বা
প্ৰযুক্তিবিদ্যা হ’ল বিজ্ঞানৰ বাস্তৱ, প্রায়োগিক ৰূপ ।বা
সহজ কথাত বিজ্ঞানৰ প্ৰণালীবদ্ধ জ্ঞানৰ বাস্তৱ কাৰ্যকৰী প্ৰয়োগেই হৈছে প্ৰযুক্তি।(খ) ভূগোল অধ্যয়নৰ বাবে সাধাৰণতে কি কি আহিলা ব্যৱহাৰ কৰা হয়?

৫। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(ক) মানচিত্র অধ্যয়নত (তিনি/চাৰি/পাঁচ) প্ৰকাৰৰ মাপনি ব্যৱহাৰ কৰা হয়।উত্তৰ : তিনি
(খ) বেৰ'মিটাৰৰ সহায়ত বায়ুৰ (গতি/ চাপ/ ওজন) জোখা হয়।
উত্তৰ : বায়ুৰ চাপ
(গ) ভূমিকম্পৰ প্রাবল্য জোখা হয় (ৰিখটাৰ স্কেল/ জি.পি.এচ যন্ত্ৰ)ৰ সহায়ত।
উত্তৰ : ৰিখটার স্কেল।
(ঘ) কোনো ঠাইৰ সূৰ্যৰ উন্নতি চাব পাৰি (ক্ৰন’মিটাৰ/ ছেক্সটেন্ট/বেৰ'মিটাৰ)ৰ সহায়ত।
উত্তৰ : ছেক্সটেন্ট।
(ঙ) (গোলক/ মেপ/ ভূচিত্ৰাৱলী) হ’ল পৃথিৱীৰ আৰ্হিত বনোৱা এবিধ সঁজুলি।
উত্তৰ : গোলক।
Updated on 5th November 2023
By :- J.A.C | B.Sc | Web/App Developer
0 Comments