Ads banner

JE Banner Ads
Image 2

অসমৰ সম্পদ - অধ্যায় ৫ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ৫

অসমৰ সম্পদ


আদর্শ প্রশ্নমালা :

১। অতি চমু উত্তৰ লিখা :

(ক) প্রাকৃতিক সম্পদ কাক বোলে?
উত্তৰ : প্ৰকৃতিত পোৱা আৰু মানুহৰ ব্যৱহাৰৰ উপযোগী সকলো বস্তুই প্রাকৃতিক সম্পদ।

(খ) অসমৰ কিমান শতাংশ ঠাই বনাঞ্চল?

উত্তৰ : ২০.৬ শতাংশ ঠাই।

(গ) অসমৰ বনাঞ্চলত পোৱা এবিধ পৰ্ণপাতী উদ্ভিদৰ নাম লিখা।

উত্তৰ : বাঁহ।

(ঘ) অসমত থকা এটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম লিখা।
উত্তৰ : ‘মানাহ ব্ৰাঘ্ৰ প্ৰকল্প'।

(ঙ) বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা এটা উদ্যোগৰ নাম কি?

উত্তৰ : ‘ঢাৰি উদ্যোগ’।

(চ) অসমৰ অৰণ্যত পোৱা দুবিধ বনৌষধি গছৰ নাম লিখা।
উত্তৰ : নিম আৰু তুলসী।

(ছ) নামবৰ অভয়াৰণ্যখন অসমৰ কোন জিলাৰ অন্তৰ্ভুক্ত?
উত্তৰ : নামবৰ অভয়াৰণ্য অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ অন্তর্ভূক্ত।

(জ) অসমৰ খাৰুৱা তেল থকা দুখন ঠাইৰ নাম লিখা।

উত্তৰ : ডিগবৈ আৰু নাহৰকটীয়া।

(ঝ) চিমেন্ট কাৰখানা অসমৰ কোন ঠাইত আছে?
উত্তৰ : অসমৰ বোকাজানত।

(ঞ) বর্তমান অসমত কিমানখন বৃহৎ আকৃতিৰ চাহ বাগিছা আছে?
উত্তৰ : ৮৫০ খন।

(ট) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান?
উঃ ৩ কৌটি ১১ লাখ।

(ঠ) প্রতি বর্গকিল'মিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উঃ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বর্গ কিলোমিটাৰত ৩৯৭ জন।

২। উত্তৰ লিখা :

(ক) উদ্ভিদৰ পৰা আমি কি কি পাওঁ?
উত্তৰ : উদ্ভিদৰ পৰা আমি ঘৰ-দুৱাৰ, আচবাব পত্ৰ আদি তৈয়াৰ কৰা কাঠ, ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ খৰি, ইয়াৰ উপৰিও নানা ঔষধি দ্ৰব্য আদি পাওঁ।

(খ) সম্পদ কি?
উত্তৰ : প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰ যেতিয়া মানুহে ব্যৱহাৰোপযোগী কৰি লয়, তেতিয়া তাক সম্পদ বুলি কোৱা হয়।

(গ) অসমৰ কয়লা খনি থকা দুখন ঠাইৰ নাম লিখা।
উত্তৰ : মাকুম আৰু লিডু।

(ঘ) অসমত জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ে এটা টোকা প্রস্তুত কৰা।
উত্তৰ : ভাৰতৰ ভিতৰত অসম জলসম্পদত এখন চহকী ৰাজ্য । ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন প্ৰচুৰ জলেৰে পৰিপৰ্ণ । ইয়াৰ উপৰিও বাৰিষা কালত প্রচুৰ পৰিমাণে বৰষুণ হয়, ফলত জলসম্পদৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়। এই জলসম্পদক ভিত্তি কৰি অসমত খেতি-পথাৰত পানী যোগান ধৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। কিছু জলবিদ্যুৎ উপাদন কৰা হয়, যদিও অসমত পোৱা জলসম্পদ, যথোপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিলে প্ৰচুৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে।

(ঙ) ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ দুটা গুরুত্ব লিখা।
উত্তৰ : ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ দুটা গুরুত্ব -
(ক) ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ বনৰীয়া জীৱ-জন্তুৰ বাসস্থান।
(খ) এইবোৰ মানুহৰ বাবে প্ৰয়োজনীয় গছ-গছনি, ঘাঁহ, বন
আদিৰ উৎস।

(চ) খাৰুৱা তেলৰ উদঘাটনৰ লগত জড়িত দুটা ৰাষ্ট্ৰীয় অনুষ্ঠানৰ নাম লিখা।
উত্তৰ :
ক) ‘তেল আৰু প্ৰাকৃতিক গেছ নিগম’
খ) ‘ভাৰতীয় তেল নিগম'।

(ছ) জনসংখ্যা বৃদ্ধিয়ে ৰাজ্যখনত সৃষ্টি কৰা দুটা সামাজিক সমস্যা উল্লেখ কৰা।
উত্তৰ :
(ক) নিবনুৱা সমস্যা।
(খ) কৃষি ভূমিৰ পৰিমাণ হ্রাস।


৩। বহলাই আলোচনা কৰা :

(ক) অসমৰ জলজ সম্পদৰ বিষয়ে বহলাই আলোচনা কৰা
উত্তৰ : ভাৰতৰ ভিতৰত অসম জলসম্পদত এখন চহকী ৰাজ্য । ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন প্ৰচুৰ জলেৰে পৰিপূৰ্ণ । ইয়াৰ উপৰিও বাৰিষা কালত প্ৰচুৰ পৰিমাণে বৰষুণ হয়, ফলত জলসম্পদৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়। অসমত বছৰি গড়ে ১০০ চেন্টিমিটাৰৰ পৰা ২০০ চেন্টিমিটাৰ বৰষুণ হয়। এই জলসম্পদক ভিত্তি কৰি অসমত খেতি-পথাৰত পানী যোগান ধৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। কিছু জলবিদ্যুৎ উপাদন কৰা হয় যদিও অসমত পোৱা জলসম্পদ যথোপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিলে প্ৰচুৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে।

(খ) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখি তাত পোৱা বন্যপ্রাণীসমূহৰ নাম উল্লেখ কৰা।

উত্তৰ :
অসমত মুঠ পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইবোৰ হৈছে -
১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান :
ই গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং জিলাত অৱস্থিত৷ বন্য প্রাণীসমূহ হ’ল : গঁড়, হাতী, বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, বৰা, হৰিণ, শিহু আদি।

২। মানাহ ৰাষ্ট্ৰীয় উদ্যান :
ই বাকছা জিলাত অৱস্থিত।
বন্য প্রাণীসমূহ হ’ল : হাতী, বাঘ, বনৰীয়া ম'হ, সোণালী বান্দৰ, নল গাহৰি আদি ।
.
৩। নামেৰী ৰাষ্ট্ৰীয় উদ্যান :
ই শোণিতপুৰ জিলাত অৱস্থিত।
বন্য প্রাণীসমূহ হ'ল : হাতী, বাঘ, ধনেশ পক্ষী, দেওহাঁহ, টুপীমূৰীয়া বান্দৰ আদি।

৪। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান :

ই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত।
বন্য প্রাণীসমূহ হ’ল : বনৰীয়া ম'হ, দেওহাঁহ, বন গাহৰি, বান্দৰ আদি ।

৫। ওৰাং :
ই দৰং জিলাত অৱস্থিত৷
বন্য প্রাণীসমূহ হ’ল : গঁড়, হাতী, বাঘ, খটীয়া পহু, জহামাল, হৰিণ, বগলী আদি।

(গ) অসমৰ বনজ সম্পদৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰ :
অসমৰ মুঠ মাটিকালি প্রায় আঠসত্তৰ হাজাৰ বৰ্গকিলোমিটাৰ। ইয়াৰ ২০.৬ শতাংশ বনাঞ্চল। অসমৰ হাবিত চিৰসেউজ আৰু পৰ্ণপাতী উদ্ভিদ পোৱা যায়। অসমৰ হাবিত পোৱা মূল্যবান গছ-গছনিৰ দ্বাৰা ঘৰ সজা, আচবাব পত্ৰ তৈয়াৰ কৰা, দলং সজা আদি কাম কৰা হয়। ইয়াৰ হাবিত নানাবিধ ঔষধি গছ পোৱা যায়। অসমৰ বনাঞ্চল নানা জাতি আৰু প্ৰজাতিৰ চৰাই, চিৰিকটি, মাছ, কাছ আদিৰ বাসভূমি। অসমৰ বনাঞ্চলব পৰা চৰকাৰে প্ৰতি বছৰ বহুত পৰিমাণে ৰাজহ লাভ কৰে। ইয়াৰ উপৰিও বনাঞ্চলে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰে আৰু প্ৰাকৃতিক
সৌন্দর্য বৃদ্ধি কৰে ৷ সেয়ে অসমত বনাঞ্চলৰ গুৰুত্ব অপৰিসীম।

(ঘ) অসমৰ খনিজ সম্পদৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা৷
উত্তৰ :
ভূগৰ্ভৰ পৰা আহৰণ কৰা সম্পদসমূহক খনিজ সম্পদ বোলা হয়। অসম খনিজ সম্পদত চহকী ৰাজ্য। অসমৰ ভূগৰ্ভত প্ৰচুৰ পৰিমাণে কয়লা, খাৰুৱা তেল, প্রাকৃতিক গেছ, চূণ শিল, ছিলিমেনাইট, এছবেচটছ আদি পোৱা যায়। ১৮৮৯ চনত ইংৰাজসকলে পোন প্ৰথমতে অসমৰ ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। বর্তমান ডিগবৈ, নাহৰকটীয়া, মৰাণ, ৰুদ্ৰ সাগৰ, লাকুৱা, গেলেকী, লিডু, বৰহোলা, দুলীয়াজান আদি অঞ্চলত যথেষ্ট পৰিমাণে খাৰুৱা তেলৰ লগতে প্ৰাকৃতিক গেছ আৰু অন্যান্য খনিজ সম্পদ পোৱা যায় ৷ অসমৰ কাৰ্বি আংলং জিলা, মাৰ্ঘেৰিটা, মাকুম, লিডু আদিত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায়। ডিলাই পাহাৰ, কয়লাজান, উমৰাংচু আদি অঞ্চলত চূণশিল পোৱা যায়। অসমৰ খনিজ সম্পদক কেন্দ্ৰ কৰি কেইবাটাও উদ্যোগ আৰু শিল্প গঢ়ি উঠিছে। উদাহৰণস্বৰূপে খাৰুৱা তেলক কেন্দ্ৰ কৰি বঙাইগাওঁত তেলশোধনাগাৰ, চূণশিলক কেন্দ্ৰ কৰি বোকাজানত চিমেন্ট কাৰ্খানা, প্রাকৃতিক গেছক কেন্দ্ৰ কৰি ডিব্ৰুগড় জিলাৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ আদি গঢ়ি উঠিছে।

(ঙ) মানৱ সম্পদ বিকাশৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰ :
দেশ এখনৰ উন্নয়নত অৰিহণা যোগাব পৰা লোকসকলক মানৱ সম্পদ বুলি কোৱা হয়। মানৱ সম্পদৰ বিকাশৰ বাবে আমি তলত উল্লেখিত কেইটামান পৰামৰ্শ আগবঢ়াব পাৰো :
(ক) জনসংখ্যা বৃদ্ধি হ্রাস কৰা।
(খ) সময়োপযোগী, উপযুক্ত আৰু ব্যৱহাৰিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা।
(গ) প্রাকৃতিক সম্পদৰ উদঘাটন কৰি শিল্প উদ্যোগৰ সংখ্যা
বৃদ্ধি কৰা।
(ঘ) কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) অসমৰ কাৰ্বি আংলং জিলাৰ কয়লাজানত (চূণশিল/ কয়লা/পেট্ৰ'লিয়াম) পোৱা যায়।
উত্তৰ : চূণশিল

(খ) অসমত বৰ্তমান (৩ খন/ ৪ খন/ ৫ খন) বাষ্ট্ৰীয় উদ্যান আছে।
উত্তৰ : ৫ খন।

(গ) চক্ৰশিলা অভয়াৰণ্য (গঁড়/ সোণালী বান্দৰ/বনৰীয়া ম'হৰ বাবে বিখ্যাত।
উত্তৰ : সোণালী বান্দৰ

(ঘ) অসমৰ মুঠ কৃষি ভূমিৰ (৬৪.৫২/৮৮.২৫/ ১০.২৫) ভাগত ধান খেতি কৰা হয়।
উত্তৰ : ৬৪.৫২

(ঙ) অসমত মুঠতে (৯৫০/৭৫০/৬৫০) বিধ চৰাই আছে।
উত্তৰ : ৯৫০

Updated on 5th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments