Ads banner

JE Banner Ads
Image 2

মধ্যযুগৰ অসমৰ প্ৰশাসন, আর্থ-সামাজিক অৱস্থা - অধ্যায় ৮ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ৮

মধ্যযুগৰ অসমৰ প্ৰশাসন, আর্থ-সামাজিক অৱস্থা

আদর্শ প্রশ্নমালা :

১। চমু উত্তৰ লিখা :

(ক) কোনজন আহোম বিষয়াই ‘খেল’ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ : স্বৰ্গদেউ প্রতাপ সিংহৰ দিনৰ মোমাই তামুলী বৰবৰুৱাই ‘খেল’ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল।

(খ) মাধৱ কন্ডলিয়ে কাৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাত ৰামায়ণ লিখিছিল?
উত্তৰ : মাধৱ কন্ডলিয়ে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল৷

(গ) আহোমসকল প্রথমে কি ভাষাৰ লোক আছিল?
উত্তৰ : আহোমসকল প্রথমে টাই ভাষাৰ লোক আছিল।

(ঘ) ‘হস্তীবিদ্যার্ণৱ’ পুথিৰ বচক কোন?

উত্তৰ : সুকুমাৰ বৰকাইথ।

(ঙ) কোনজন ৰজাই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰাইছিল?

উত্তৰ : কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে কামাখ্যাদেৱীৰ মন্দিৰ নিৰ্মাণ কৰিছিল।

২। তলব বাক্যবোৰৰ সত্য/অসত্য বিচাৰ কৰা :

(ক) মধ্যযুগত গণতান্ত্রিক শাসন ব্যৱস্থা প্রচলিত আছিল।
উত্তৰ : অসত্য।

(খ) পচা প্রথা আহোম প্ৰশাসনৰ অংগ আছিল।
উত্তৰ : সত্য।

(গ) আহোম ৰজাসকলৰ স্থায়ী সৈন্যবাহিনী নাছিল।

উত্তৰ : সত্য।

(ঘ) কছাৰী ৰাজ্যৰ ৰাজধানী আছিল গড়গাঁও।

উত্তৰ : অসত্য।

(ঙ) ৰুদ্ৰসিংহই ঘনশ্যাম খনিকৰ দ্বাৰা ৰংপুৰ নগৰ নিৰ্মাণ কৰাইছিল।

উত্তৰ : সত্য।

৩৷ ‘ক’অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা :
"ক অংশ"         "খ অংশ"
ৰুদ্ৰসিংহ         চক্ৰাকাৰ দেৱালয়
গদাধৰ সিংহ         নৱগ্ৰহ দেৱালয়
প্রমত্তসিংহ         জয়দৌল
ৰাজেশ্বৰ সিংহ         উমানন্দ দেৱালয়
কমলেশ্বৰ সিংহ         ৰুদ্ৰেশ্বৰ দেৱালয়
উত্তৰ :
"ক অংশ"         "খ অংশ"
ৰুদ্ৰসিংহ         জয়দৌল
গদাধৰ সিংহ         উমানন্দ দেৱালয়
প্রমত্তসিংহ         ৰুদ্ৰেশ্বৰ দেৱালয়
ৰাজেশ্বৰ সিংহ         নৱগ্ৰহ দেৱালয়
কমলেশ্বৰ সিংহ         চক্ৰাকাৰ দেৱালয়


৪। চমুটোকা লিখা :

(ক) পাইক প্ৰথা
(খ) মধ্যযুগৰ নৃত্য-গীত
(গ) মধ্যযুগৰ অসমৰ কৃষি ব্যৱস্থা

উত্তৰ :
(ক) পাইক প্রথা :
আহোম ৰাজ্যৰ পোন্ধৰ বছৰৰ পৰা পঞ্চাশ বছৰ বয়সৰ ভিতৰৰ সকলো পুৰুষে ৰজাঘৰ বা অন্যান্য ৰাজহুৱা কামত বাধ্যতামূলকভাৱে খাটিব লাগিছিল। যুদ্ধৰ সময়ত ৰণুৱা হিচাপে যুদ্ধ কৰিব লাগিছিল। এই সাধাৰণ প্ৰজাসকলক ‘পাইক’ বোলা হৈছিল৷ প্ৰথম অৱস্থাত চাৰিজন পাইকৰ দ্বাৰা এটা গোটৰ সৃষ্টি কৰা হৈছিল। পিছত ৰাজেশ্বৰ সিংহই তিনিজন পাইকৰ দ্বাৰা এটা গোট গঠন কৰাৰ নিয়ম কৰে।

(খ) মধ্যযুগৰ নৃত্যগীত :
মধ্যযুগত অসমত নৃত্য আৰু সংগীতৰ বিকাশ হৈছিল। উজনি অসমত বিহু নৃত্য, বিহুগীত, নামনি অসমত ওজাপালি, দশাৱতাৰ নৃত্য, নাম-কীৰ্তন, দেওধানী নৃত্য, বৰগীত চৰ্চা, দেৱদাসী নৃত্য আৰু অংকীয়া ভাওনা অতি জনপ্রিয় আছিল।

(গ) মধ্যযুগৰ অসমৰ কৃষি ব্যৱস্থা :
মধ্যযুগৰ অৰ্থনৈতিক অৱস্থা বেছি ভাল আছিল ৷ অর্থনীতি প্ৰধানকৈ কৃষি প্রধান আছিল। প্রজাসাধাৰণৰ প্ৰায় সকলোৱেই কৃষি কাৰ্যৰ লগত জড়িত আছিল। ধান, মাহজাতীয় শস্য, কপাহ, মৰাপাট, শাক-পাচলি, ফল- মূল আদিৰ খেতি কৰা হৈছিল। ভৈয়ামত স্থায়ীভাৱে খেতি কৰা হৈছিল। কোনো কোনো জনগোষ্ঠীয় লোকে ঝুম খেতি কৰিছিল। কৃষি কাৰ্যত নাঙল, মৈ, যুঁৱলি, কোৰ, কাঁচি, কুঠাৰ আদি সঁজুলি ব্যৱহাৰ কৰা হৈছিল। গৰু আৰু ম'হেৰে হাল বোৱা হৈছিল৷ আহোম যুগত ৰজাই আছিল মাটিৰ মালিক। প্ৰজাই ৰজাৰ মাটিত খেতি কৰাৰ বাবে খাজনা দিব লাগিছিল। ৰজাই ধর্মোত্তৰ, দেৱোত্তৰ ব্ৰহ্মোত্তৰ আৰু ভোগধনী - এই চাৰি শ্ৰেণীৰ মাটি দেৱ-দেৱালয় সত্ৰ, আৰু ব্ৰাহ্মণসকলক কৰমুক্ত হিচাপে দান কৰিছিল।

৫। মধ্যযুগৰ অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে লিখা।
উত্তৰ :
মধ্যযুগত অসমৰ প্ৰশাসন ব্যৱস্থা আছিল ৰাজতান্ত্রিক। ৰজাই প্ৰশাসনৰ মুৰব্বী আছিল আৰু শাসন কার্যত সহায় কৰিবলৈ কেইবাজনো মন্ত্ৰী আছিল। মন্ত্ৰীসকলক বুঢ়া গোহাঁই, বৰ গোহাঁই, বৰপাত্ৰ গোহাঁই বুলি কোৱা হৈছিল। পৰৱৰ্তী যুগৰ স্বৰ্গদেউ প্ৰতাপ সিংহই ‘বৰফুকন' আৰু ‘বৰবৰুৱা’ নামৰ দুটা নতুন মন্ত্ৰী পদৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও শদিয়া খোৱা গোহাঁই, শলাল গোহাঁই, মৰঙ্গী খোৱা গোহাঁই, আদি কেইবাগৰাকী শাসক আহোম ৰজাই নিযুক্তি দিছিল। প্রশাসনত সহায় হ’বলৈ আহোম ৰজাই ‘ফুকন' আৰু ‘বৰুৱা’ উপাধিৰ বিষয়াও নিযুক্তি দিছিল । আহোম যুগৰ উল্লেখযোগ্য প্রথা আছিল ‘পাইকপ্রথা’, ‘খেল প্ৰথা’ আৰু ‘পচা প্ৰথা'। আহোম ৰাজ্যৰ পোন্ধৰ বছৰৰ পৰা পঞ্চাশ বছৰ বয়সৰ ভিতৰৰ সকলো পুৰুষে ৰজাঘৰ বা অন্যান্য ৰাজহুৱা কামত বাধ্যতামূলকভাৱে খাটিব লাগিছিল । যুদ্ধৰ সময়ত ৰণুৱা হিচাপে যুদ্ধ কৰিব লাগিছিল ৷ এই সাধাৰণ প্ৰজাসকলক ‘পাইক’ বোলা হৈছিল। প্রথম অৱস্থাত চাৰিজন পাইকৰ দ্বাৰা এটা গোটৰ সৃষ্টি কৰা হৈছিল। পিছত ৰাজেশ্বৰ সিংহই তিনিজন পাইকৰ দ্বাৰা এটা গোট গঠন কৰাৰ নিয়ম কৰে। স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই পাইকৰ সমষ্টিৰ ওপৰত পৰ্যায়ক্রমে বিষয়া নিযুক্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । এই ব্যৱস্থাক ‘খেল প্ৰথা’ বুলি কোৱা হৈছিল। বিছজন পাইকৰ ওপৰত ‘বৰা’, এশজনৰ ওপৰত ‘শ‍ইকীয়া’, এহাজাৰৰ ওপৰত ‘হাজৰিকা’, তিনিহাজাৰৰ ওপৰত ‘ৰাজখোৱা’ আৰু ছয় হাজাৰৰ ওপৰত এজন ফুকন নিয়োগ কৰি ৰাজ্যখনৰ সাংগঠনিক দিশ শক্তিশালী কৰিছিল। মোগলসকলৰ ‘মনচবদাৰী প্ৰথা’ৰ লগত এই প্ৰথাৰ মিল থকা দেখা যায়। আহোম ৰজাসকলে পাহাৰৰ দাঁতিত বসবাস কৰা প্ৰজাসকলক পাহাৰীয়া জনজাতিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক ‘পচা প্ৰথা’ বুলি কোৱা হৈছিল। এই প্ৰথামতে পাহাৰীয়া জনজাতিৰ লোকসকলক ভৈয়ামলৈ আহি প্রয়োজনীয় সামগ্রী সংগ্ৰহ কৰাৰ সুযোগ দিয়া হৈছিল। ফলত পাহাৰীয়া জনজাতিৰ লোকসকলে ভৈয়ামৰ লোকসকলক আক্রমণ কৰা বা উপদ্ৰৱ কৰা বন্ধ কৰিছিল। আহোম সৈন্য বাহিনীত গজাৰোহী, অশ্বাৰোহী, নৌ-বাহিনী আৰু পদাতিক ৰণুৱা আছিল। শত্ৰুৰ গতিবিধি লক্ষ্য কৰাৰ বাবে চোৰাংচোৱাৰ ব্যৱস্থাও আছিল৷ আহোম সৈন্যসকলে মুকলি যুদ্ধত পাকৈত আছিল যদিও সিহঁতে গেৰিলা পদ্ধতিৰেও যুদ্ধ কৰিব পাৰিছিল। ৰাজ্যখন সুৰক্ষিত কৰি ৰাখিবলৈ ঠায়ে ঠায়ে দুৰ্গ আৰু গড় নিৰ্মাণ কৰা হৈছিল।

৬। আহোম সমাজত মহিলাৰ স্থান কেনে আছিল সেই বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : আহোম যুগত পৰিয়ালসমূহ যৌথ আৰু পিতৃতান্ত্রিক আছিল। পৰিয়াল তথা সমাজত মহিলাৰ স্থান পুৰুষৰ তলত আছিল যদিও ভাৰতৰ অন্যান্য অঞ্চলৰ মহিলাৰ তুলনাত অধিক স্বাধীন আছিল ৷ পাৰিবাৰিক কামৰ লগতে মহিলাই বোৱা কটা কাম কৰিছিল। সমাজৰ দুখীয়া পৰিয়ালৰ মহিলাই মাছৰ পোহাৰী, মন্দিৰৰ নৰ্তকীৰ কাম কৰিও জীৱিকা নির্বাহ কৰিছিল। আহোম ৰাজত্বকালত কেইবাজনো মহিলাই ৰাজকার্য আনকি যুদ্ধতো অংশ গ্ৰহণ কৰাৰ উদাহৰণ পোৱা যায়। এই ক্ষেত্ৰত বৰৰজা ফুলেশ্বৰী, অম্বিকা কুঁৱৰী, সৰ্বেশ্বৰী কুঁৱৰী আদিৰ নাম উল্লেখ কৰিব পাৰি। মূলাগাভৰু, সতী জয়মতী আদিৰ নামো ইতিহাস প্ৰসিদ্ধ আহোম সমাজত পুৰুষ আৰু মহিলা উভয়ে সামাজিক মর্যদা অনুসৰি সাজ-পোছাক পৰিধান কৰিছিল। সাধাৰণ মহিলাসকলে মেখেলা চাদৰ আৰু পুৰুষসকলে চুৰীয়া, চোলা আৰু গামোচাৰ পাগুৰি পিন্ধিছিল।' সম্ভ্রান্ত মহিলাসকলে ফুল বছা মেখেলা চাদৰ, বিহা আদি পৰিধান কৰিছিল। সম্ভ্ৰান্ত পুৰুষ মহিলা উভয়েই সোণৰ অলংকাৰ আৰু পাঠ-মুগাৰ কাপোৰ পিন্ধিছিল ৷

৭। মধ্যযুগৰ সাহিত্যৰ বিষয়ে আলোচনা কৰা৷

উত্তৰ :
মধ্যযুগীয় ৰজাসকলৰ'পৃষ্ঠপোষকতাত বহুত সাহিত্য ৰচিত হৈছিল। কামৰূপ–কমতা ৰাজ্যৰ ৰজাসকলৰ পৃষ্ঠপোষকতা আৰু সাহিত্য প্ৰীতিৰ বাবে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰ, মাধৱ কন্দলি আদি বহুত সাহিত্য প্ৰতিভাৰ জন্ম হৈছিল। মধ্যযুগৰ সাহিত্যসমূহ অসমীয়া ভাষাত ৰচিত হৈছিল। আহোমসকলৰ পৰম্পৰাগত ভাষা 'টাই' আছিল যদিও পৰৱৰ্তীকালত সিহঁতে 'অসমীয়া' ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰিছিল৷ কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ‘ৰামায়ণ’ ৰচনা কৰিছল। এইজন ৰজাৰ দিনতে মহেন্দ্ৰ কন্দলীয়ে কপিলীৰ পাৰৰ আলিপুখুৰীৰ বৰদোৱাত টোল স্থাপন কৰি জ্ঞান প্ৰসাৰৰ ব্যৱস্থা কৰিছিল। আহোম ৰজাসকলে ‘ষোল্ল শতিকাত অসমীয়া ভাষাত বুৰঞ্জী সাহিত্য ৰচনা কৰা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। শিৱসিংহ আৰু বৰকুঁৱৰী ফুলেশ্বৰীৰ আদেশত কবিৰাজ চক্ৰৱৰ্তীয়ে কালিদাসৰ 'শকুন্তলা নাটকখন অসমীয়ালৈ অনুবাদ কৰিছিল। স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাৰ নিৰ্দেশত সুকুমাৰ বৰকাইথে ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখন ৰচনা কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে ‘শংখচূড় বধ’ কাব্য ৰচনা কৰাৰ উপৰিও ‘গীতগোবিন্দ’ আৰু ‘ব্ৰহ্মবৈৱৰ্ত পুৰাণ’ অসমীয়ালৈ অনুবাদ কৰিছিল। আহোম ৰাজত্ব কালতে আজান ফকিৰ ওৰফে ছাহ মিলানে ইছলামীয় স্তুতি গীত ‘জিকিৰ আৰু জাৰি’সমূহ ৰচনা কৰিছিল। কোচ ৰজা মহাৰাজ নৰনাৰায়ণেও সাহিত্য সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল। তেওঁৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে বহুতো গীত, পদ, কাব্য, নাটক আদি ৰচনা কৰিছিল। নৰনাৰায়ণৰ সময়তে ৰাম সৰস্বতীয়ে ‘মহাভাৰত’ পুৰুষোত্তম বিদ্যাৱাগীশে ‘ৰত্নমালা ব্যাকৰণ’ অনন্ত কন্দলিয়ে ‘ভাগৱত’ আৰু অন্যান্য কিছুমান সংস্কৃত পুথি অসমীয়ালৈ ভাঙনি কৰিছিল। দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে ‘পদ্ম পুৰাণ’ আৰু বলদেৱ সূৰ্যৰ্খৰি দৈৱজ্ঞই ‘দৰং ৰাজবংশাৱলী’ নামৰ পুথি ৰচনা কৰিছিল৷ ইয়াৰ উপৰিও আহোম যুগতে ভট্টদেৱ নামৰ এজন পণ্ডিতে গদ্যত ‘কথা ভাগৱত’ আৰু অন্যান্য কেইখনমান পুথি ৰচনা কৰিছিল।

৮। মধ্যযুগীয় অসমৰ অৰ্থনৈতিক অৱস্থা সম্পর্কে লিখা।
উত্তৰ :
মধ্যযুগৰ অৰ্থনৈতিক অৱস্থা বেছি ভাল আছিল ৷ অর্থনীতি প্ৰধানকৈ কৃষি প্রধান আছিল ৷ প্রজাসাধাৰণৰ প্ৰায় সকলোৱেই কৃষি কাৰ্যৰ লগত জড়িত আছিল। ধান, মাহজাতীয় শস্য, কপাহ, মৰাপাট, শাক-পাচলি, ফল- মূল আদিৰ খেতি কৰা হৈছিল। ভৈয়ামত স্থায়ীভাৱে খেতি কৰ৷ হৈছিল। কোনো কোনো জনগোষ্ঠীয় লোকে ঝুম খেতি কৰিছিল। কৃষি কাৰ্যত নাঙল, মৈ, যুঁৱলি, কোৰ, কাঁচি, কুঠাৰ আদি সঁজুলি ব্যৱহাৰ কৰা হৈছিল৷ গৰু আৰু ম’হেৰে হাল বোৱা হৈছিল৷ আহোম যুগত ৰজাই আছিল মাটিৰ মালিক। প্ৰজাই ৰজাৰ মাটিত খেতি কৰাৰ বাবে খাজনা দিব লাগিছিল। ৰজাই ধৰ্মোত্তৰ, দেৱোত্তৰ, ব্ৰহ্মোত্তৰ আৰু ভোগধনী — এই চাৰি শ্ৰেণীৰ মাটি দেৱ-দেৱালয় সত্ৰ, আৰু ব্ৰাহ্মণসকলক কৰমুক্ত হিচাপে দান কৰিছিল । আহোম যুগত শিল্প উদ্যোগৰ প্ৰসাৰ হৈছিল। বস্ত্ৰ শিল্প, ৰঞ্জন (ৰং কৰা) শিল্প, মাটিৰ পাত্ৰ নিৰ্মাণ, কাঁহ পিতলৰ বাচন তৈয়াৰ কৰা, সোণ-ৰূপৰ অলংকাৰ তৈয়াৰ কৰা, লোৰ দা-কুঠাৰ নিৰ্মাণ আদি আহোম যুগৰ শিল্প উদ্যোগ আছিল। আহোম ৰজাসকলৰ দিনত পাট, মুগা, এৰী, কপাহ আদি সূতাৰ কাপোৰ উৎপাদনত উৎসাহ প্ৰদান কৰা হৈছিল। প্রায় সকলো পৰিয়ালতে তাঁতশাল আছিল। প্রতিজনী মহিলাই কাপোৰ বোৱা, সূতা কটা আদি কাম শিকিব লাগিছিল। আহোম ৰজাই শুৱালকুছিত তাঁতীসকলক সংস্থাপন কৰিছিল । ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, দিচাং, সোৱণশিৰি, ভোগদৈ আদি নদীৰ বালিৰ পৰা সোণ কমোৱা মানুহে সোণৰ চেকুৰা বাচিউলিয়াছিল ৷ অসমৰ জয়পুৰৰ নগা পাহাৰৰ আশে-পাশে ভালেমান লোৰ পুং আছিল। তাৰ পৰা আহৰণ কৰা লোৰে বিভিন্ন সা-সৰঞ্জাম আৰু অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰা হৈছিল৷

৯। আহোমৰ স্থাপত্য-ভাস্কৰ্যৰ বিষয়ে লিখা।
উত্তৰ :
মধ্যযুগৰ অসম স্থাপত্য, ভাস্কর্য, চিত্রকলা আদিৰ ক্ষেত্ৰত চহকী আছিল। প্ৰথম অৱস্থাত আহোম ৰজাসকলে বাঁহ আৰু কাঠেৰে ঘৰ সাজিছিল। কিন্তু পৰৱৰ্তীকালত বিশেষকৈ ৰুদ্ৰ সিংহৰ দিনৰ পৰা অসমত ইটাৰে ঘৰ সাজিবলৈ লোৱা হয়। স্বৰ্গদেউ ৰুদ্ৰ সিংহই কোচবিহাৰৰ পৰা ঘনশ্যাম খনিকৰক আনি ৰংপুৰৰ ঘৰসমূহ ইটাৰে নিৰ্মাণ কৰাইছিল৷ ৰুদ্ৰসিংহই জয় সাগৰ পুখুৰী খান্দি তাৰ পাৰত মাতৃ সতী জয়মতীৰ স্মৃতিত জয়দৌল নিৰ্মাণ কৰাইছিল। ইয়াৰ উপৰিও তেওঁ গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰ, কামাখ্যাৰ সিদ্ধেশ্বৰ আৰু কামেশ্বৰ মন্দিৰ, অশ্বক্লান্তৰ জনাৰ্দন মন্দিৰ আদি নিৰ্মাণ কৰাইছিল। ৰুদ্ৰ সিংহৰ পিতৃ স্বৰ্গদেউ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ৷ স্বৰ্গদেউ শিৱ সিংহৰ দিনতে তেওঁৰ পত্নী বৰৰজা অম্বিকাই ৰংপুৰত শিৱসাগৰ পুখুৰী আৰু তাৰ পাৰত শিৱদৌল নিৰ্মাণ কৰাইছিল। স্বৰ্গদেউ প্রমত্ত সিংহই গুৱাহাটীত ৰুদ্ৰেশ্বৰ দেৱালয় নির্মাণ কৰাৰ লগতে ৰংপুৰত ইটাৰে ৰংঘৰ নিৰ্মাণ কৰিছিল৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰংপুৰত ‘তলাতল ঘৰ’ আৰু গড়গাঁৱত ‘কাৰেংঘৰ’ নামৰ দুটা ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও এইজন স্বৰ্গদেউৰ দিনতে নেঘেৰিটিঙৰ শিৱদৌল. উত্তৰ গুৱাহাটীৰ মণিকৰ্নেশ্বৰ দেৱালয়, গুৱাহাটীৰ বশিষ্ঠাশ্ৰম আৰু নৱগ্ৰহ দেৱালয় নিৰ্মাণ কৰা হৈছিল। স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিৰ্মাণ কৰা গুৱাহাটীৰ চক্ৰাকাৰ দেৱালয়ো আহোম স্থাপত্য কলাৰ অনুপম নিদর্শন। আহোম যুগত কেইখনমান শিলৰ সাঁকোও নিৰ্মাণ কৰা হৈছিল৷ সেইবোৰৰ ভিতৰত নামদাঙ, দৰিকা, ৰহদৈ আদিত থকা শিলৰ সাঁকোসমূহ উল্লেখযোগ্য। ইয়াতে উল্লেখ কৰিবলগীয়া যে সেই সময়ৰ ইটাসমূহ টান আৰু বহল আছিল। চিমেন্ট হিচাপে গুড়, মাটিমাহ, তেল, ধূনা, শিলচূণ, শামুকচূণ, বৰালি মাছ, আদিৰ মিশ্ৰণেৰে তৈয়াৰী কৰাল ব্যৱহাৰ কৰা হৈছিল।

১০। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল-
(ক) প্রতাপ সিংহই
(খ) প্রমত্ত সিংহই
(গ) লক্ষী সিংহই

উত্তৰ : (ক) প্রতাপ সিংহই

(ii) আহোমৰ ৰাজত্ব কালত পৰিয়ালসমূহ আছিল-
(ক) যৌথ আৰু পিতৃতান্ত্রিক
(খ) যৌথ আৰু মাতৃতান্ত্রিক
(গ) একক আৰু মাতৃতান্ত্রিক

উত্তৰ : (ক) যৌথ আৰু পিতৃতান্ত্ৰিক

(iii) তলৰ কোনজনে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল?
(ক) হেম সৰস্বতী
(খ) মাধৱ কন্দলী
(গ) তুলসী দাস

উত্তৰ : (খ) মাধৱ কন্দলী

(iv) মধ্য যুগৰ অসমৰ অৰ্থনীতিৰ ভেটি আছিল-
(ক) ব্যৱসায়
(খ) উদ্যোগ
(গ) কৃষি

উত্তৰ : (গ) কৃষি

(v) উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল-
(ক) ৰুদ্ৰ সিংহই
(খ) লক্ষ্মী সিংহই
(গ) গদাধৰ সিংহই

উত্তৰ : (গ) গদাধৰ সিংহই

(vi) জয়সাগৰ পুখুৰী খন্দা হয়-
(ক) জয়মতীৰ স্মৃতিত
(খ) ৰুদ্ৰ সিংহৰ স্মৃতিত
(গ) গদাধৰ সিংহৰ স্মৃতিত

উ : (ক) জয়মতীৰ স্মৃতিত

Updated on 5th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments