Ads banner

JE Banner Ads
Image 2

মধ্যযুগৰ অসম - অধ্যায় ৭ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ৭

মধ্যযুগৰ অসম

আদর্শ প্রশ্নমালা :

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) কামৰূপ বা কমতা ৰাজ্য অন্ত হয়-
(ক) ১৪৯৮ চনত
(খ) ১৪৪৮ চনত
(গ) ১৫৪৮ চনত

উত্তৰ : (ক) ১৪৯৮ চনত

(ii) চুকাফাই অসমত প্ৰৱেশ কৰে-
(ক) ১৮২৬ চনত
(খ) ১২২৮ চনত
(গ) ১৪৪৮ চনত

উত্তৰ : (খ) ১২২৮ চনত

(iii) ‘বৰপাত্ৰ গোহাই’ মন্ত্ৰী পদটোৰ সৃষ্টি কৰিছিল-
(ক) চুহুংমুঙে
(খ) চুক্লেংমুঙে
(গ) বামুণী কোঁৱৰে

উত্তৰ : (ক) চুহুংমুঙে

(iv) ‘গদাধৰ সিংহ’ৰ পূৰ্বৱৰ্তী নাম আছিল-
(ক) গোমধৰ কোঁৱৰ
(খ) লেচাই কোঁৱৰ
(গ) গদাপাণি কোঁৱৰ

উত্তৰ : (গ) গদাপাণি কোঁৱৰ

(v) আহোম ৰাজ্যৰ পতন আৰম্ভ হয়-
(ক) লক্ষীসিংহৰ দিনৰ পৰা
(খ) চন্দ্ৰকান্ত সিংহৰ দিনৰপৰা
(গ) গৌৰীনাথ সিংহৰ দিনৰ পৰা

উত্তৰ : (ক) লক্ষীসিংহৰ দিনৰ পৰা

(vi) ইংৰাজ আৰু মান ৰজাৰ মাজত ‘ইয়াণ্ডাবু সন্ধি হয়-
(ক) ১৮৫৭ চনত
(খ) ১৮৩৬ চনত
(গ) ১৮২৬ চনত

উত্তৰ : (গ) ১৮২৬ চনত

২। চমু উত্তৰ দিয়া :

(ক) আহোম ৰাজ্য কোনে স্থাপন কৰিছিল?
উত্তৰ : টাই বংশীয় ৰাজকোৱৰ চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল।

(খ) মূলা গাভৰু কোন আছিল?
উত্তৰ : মূলা গাভৰু আছিল আহোম ৰজা চুহুংমুঙৰ দিনত থকা আহোম বৰগোহাঁই ফ্ৰাচেংমুঙৰ পত্নী।

(গ) চুহুংমুঙে হিন্দুধর্মমতে কি নাম গ্রহণ কৰে?
উত্তৰ : চুহুংমুঙে হিন্দুমতে ‘স্বৰ্গ নাৰায়ণ’ নাম গ্ৰহণ কৰিছিল।

(ঘ) আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ : আহোমসকলে অসমত ৬০০ বছৰ ৰাজত্ব কৰিছিল।

(ঙ) কোনজন আহোম ৰজাৰ ৰাজত্বকালত মীৰজুমলা অসমলৈ আহিছিল?
উত্তৰ : আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত মীৰজুমলা অসমলৈ আহিছিল।

(ঢ) চিহাবুদ্দিন তালিছ কোন আছিল?
উত্তৰ : চিহাবুদ্দিন আছিল ১৬৬২ চনত মীৰজুমলাৰ লগত অসমলৈ অহা এজন বুৰঞ্জীবিদ।

(ছ) শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ : শৰাইঘাটৰ যুদ্ধ হৈছিল ১৬৭১ খ্রীষ্টাব্দত।

(জ) কাৰ দিনত ইটাখুলিৰ ৰণ হৈছিল?
উত্তৰ : আহোম ৰজা গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ হৈছিল।

(ঝ) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰ : ইয়াণ্ডাবু সন্ধি হৈছিল ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত হৈছিল।

(ঞ) চুতীয়াসকল কোন ধৰ্মৰ লোক আছিল?

উত্তৰ : চুতীয়াসকল হিন্দু ধৰ্মৰ লোক আছিল ৷

৩। চমু টোকা লিখা :

(ক) চুকাফা
(খ) মীৰজুমলা
(গ) কমতা ৰাজ্য
(ঘ) কছাৰী ৰাজ্য
(ঙ) কোচ ৰাজ্য

উত্তৰ :
(ক) চুকাফা :
চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। তেওঁ ১২২৮ খ্রীষ্টাব্দত ব্রহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা মুংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে আৰু ১২৫৩ খ্ৰী:ত ব্ৰহ্মপুত্ৰ উপত্যকাত এখন ৰাজ্য স্থাপন কৰে। চুকাফাই ৰাজ্য স্থাপন কৰোতে স্থানীয় বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰা প্ৰৱল বাধা পাইছিল৷ কিন্তু বহু ছল–বল, কৌশল আৰু নিষ্ঠুৰতাৰ সৈতে সিহঁতক দমন কৰি চৰাইদেউ নামে ঠাইত ৰাজধানী পাতি আহোম ৰাজ্য প্রতিষ্ঠা কৰে ৷ চুকাফাই ১২৬৮ খ্রীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ৩৯ জন ৰজাই ১৮২৬ খ্ৰী:লৈ আহোম ৰাজ্য শাসন কৰিছিল৷ চুকাফা এজন সাহসী, চতুৰ আৰু বিচক্ষণ যোদ্ধা আৰু শাসক আছিল। আহোমসকলে নিজকে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ বুলি পৰিচয় দিছিল৷

(খ) মীৰজুমলা :

মীৰজুমলা আছিল মোগল সেনাপতি। তেওঁ ১৬৬২ খ্ৰী:ত ৰজা জয়ধ্বজ সিংহৰ আহোম ৰাজ্য আক্রমণ কৰি ৰাজধানী গড়গাওঁ অধিকাৰ কৰে। ৰজা জয়ধ্বজ সিংহ নামৰূপলৈ পলাই যায়। এনে সময়তে অসমত বাৰিষা কাল আৰম্ভ হোৱাত আহোমসকলে বাৰে বাৰে মোগল সৈন্যক আক্রমণ কৰি ব্যতিব্যস্ত কৰি তুলিছিল। সেনাপতি মীৰজুমলাইয়ো অসুস্থ হৈ পৰিছিল। এনে পৰিস্থিতিত মীৰজুমলাই ১৬৬৩ খ্ৰী:ৰ ২২ জানুৱাৰীত আহোমৰ লগত সন্ধি কৰে। সন্ধিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণ পাৰে কলং নৈ আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰিত হয়। তদুপৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে আহোম ৰজাই ৩ লাখ টকা ৯০ টা হাতী আৰু দুগৰাকী আহোম ৰাজকুঁৱৰীক মোগল সম্রাটক দিব লগা হয়। এনেদৰে মীৰজুমলাই আহোম ৰাজ্য মোগলৰ কতলীয়া কৰে৷

(গ) কমতা ৰাজ্য :
পুৰণি কামৰূপ ৰাজ্যক দ্বাদশ শতিকাৰ শেষৰ পিনে তুৰ্কী-আফগানসকলে বাৰে বাৰে আক্ৰমণ কৰিছিল। ১২৫৭ চনত বংগৰ চুবেদাৰ ইখতিয়াৰুদ্দীন, মালিক উজবেক, তুঘ্ৰিল খাঁৰ আক্ৰমণো অন্যতম আছিল। সমসাময়িক কামৰূপৰ ৰজা সন্ধ্যাই তুঘ্ৰিল খাঁৰ আক্ৰমণক প্রতিহত কৰি কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। তেতিয়াৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ নাম হয় ‘কমতা ৰাজ্য’৷ ‘গুৰু চৰিত’ পুথিৰ মতে সন্ধ্যাৰ পিছত কমতাৰ ৰজা হৈছিল সিন্ধুৰায়৷ তেওঁৰ পৰৱৰ্তী ৰজাসকলৰ ভিতৰত উল্লেখযোগ্য আছিল ৰূপনাৰায়ণ, সিংহধ্বজ, দুৰ্লভনাৰায়ণ, ইন্দ্ৰনাৰায়ণ আৰু আৰিমত্ত। আৰিমত্তৰ পিছৰ ৰজাসকল দুৰ্বল আছিল। এই বংশৰ শেষৰজন ৰজা মৃগাংকৰ কোনো সুযোগ্য উত্তৰাধিকাৰী নথকাৰ সুযোগ লৈ নীলধ্বজ নামৰ বিষয়া এজন কমতা ৰাজ্য দখল কৰে আৰু খেন বংশৰ সূচনা কৰে।

(ঘ) কছাৰী ৰাজ্য :
বহু পুৰণিকালৰ পৰাই কছাৰীসকলে কামৰূপত বসবাস কৰি তাত ৰাজ্য স্থাপন কৰিছিল৷ পূৰ্বতে চুতীয়া, কোচ, শৰণীয়া, গাৰো, লালং, ৰাভা, ডিমাচা আদি সকলো জনগোষ্ঠী কছাৰী জাতিৰ অন্তৰ্ভূক্ত আছিল। পৰৱৰ্তী কালত এই জনগোষ্ঠীৰ লোকসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত থাকিবলৈ লোৱাত নিজস্ব কৃষ্টি-সংস্কৃতিৰ সৃষ্টি হয়। সিহঁতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ৰাজ্য স্থাপন কৰিছিল৷ সিহঁতৰ ৰাজ্যৰ ৰাজধানী আছিল ডিমাপুৰ। কিন্তু সিহঁতৰ কোনো নিজস্ব বুৰঞ্জী নাই বাবে সিহঁতৰ বিষয়ে বেছি কথা জনা নাযায়৷ আহোম বুৰঞ্জী মতে কছাৰী ৰাজ্য শক্তিশালী আছিল। কছাৰী ৰাজ্যৰ কেইজনমান উল্লেখযোগ্য ৰজা আছিল মহামাণিক্য, খুনখৰা, যশোনাৰায়ণ, তাম্ৰধ্বজ, কৃষ্ণচন্দ্ৰ, গোবিন্দচন্দ্ৰ আদি ৷ আহোম আৰু কছাৰীসকলৰ মাজত সঘন সংঘর্ষ-হৈছিল। পিছত কছাৰীসকলে মাইবঙত ৰাজধানী স্থাপন কৰিছিল। কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পিছত এই ৰাজ্য ইংৰাজসকলৰ অধীনলৈ যায়৷

(ঙ) কোচ ৰাজ্য :
ষোল্লশ শতিকাৰ আদি ভাগত এসময়ৰ কমতা ৰাজ্যৰ কিছু অংশক লৈ বিশ্ব সিংহ নামৰ এজন লোকে অসমৰ পশ্চিম দিশত এখন ৰাজ্য প্রতিষ্ঠা কৰিছিল৷ এই ৰাজ্যখন অবিভক্ত গোৱালপাৰা আৰু কোচবিহাৰক লৈ স্থাপন হৈছিল। এই ৰাজ্যৰ ৰাজধানী আছিল কোচবিহাৰ৷ এই ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ। তেওঁ ১৫৬২ খ্ৰী:ত আহোম ৰাজ্য আক্ৰমণ কৰিছিল৷ তেওঁৰ ভাতৃ তথা সেনাপতি চিলাৰায়ে আহোম ৰাজধানী গড়গাওঁ দখল কৰি আহোম ৰজাক কতলীয়া কৰিছিল। ইয়াৰ পিছত নৰনাৰায়ণে ভাতৃ চিলাৰায়ৰ সহায়ত কছাৰী ৰাজ্য, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, ডিমৰুৱা, খৈৰাম, শ্রীহট্ট আদি ৰাজ্য জয় কৰিছিল।

৪। কোনে, কেতিয়া, কেনেদৰে ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? চমুকৈ আলোচনা কৰা।
উত্তৰ : প্রাচীন কামৰূপ বা কমতা ৰাজ্যৰ প্ৰায় শেষৰ পিনে ১২২৮ খ্রীষ্টাব্দত চুকাফা নামৰ এজন-টাই বংশীয় ৰাজকোঁৱৰে সেই সময়ৰ ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা মুংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে আৰু ১২৫৩ খ্ৰী:ত ব্রহ্মপুত্র উপত্যকাত এখন ৰাজ্য
স্থাপন কৰে৷ চুকাফাই ৰাজ্য স্থাপন কৰোতে স্থানীয় বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰা প্ৰৱল বাধা পাইছিল। কিন্তু বহু ছল-বল, কৌশল আৰু নিষ্ঠুৰতাৰ সৈতে সিহঁতক দমন কৰি চৰাইদেউ নামে ঠাইত ৰাজধানী পাতি আহোম ৰাজ্য প্রতিষ্ঠা কৰে। চুকাফাই ১২৬৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ৩৯ জন ৰজাই ১৮২৬ খ্ৰী:লৈ আহোম ৰাজ্য শাসন কৰিছিল৷ চুকাফা এজন সাহসী, চতুৰ আৰু বিচক্ষণ যোদ্ধা আৰু শাসক আছিল। আহোমসকলে নিজকে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ বুলি পৰিচয় দিছিল।

৫। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালৰ বিষয়ে লিখা।

উত্তৰ : ষোল্লশ শতিকাৰ আদি ভাগত এসময়ৰ কমতা ৰাজ্যৰ কিছু অংশক লৈ বিশ্ব সিংহ নামৰ এজন লোকে অসমৰ পশ্চিম দিশত এখন ৰাজ্য প্রতিষ্ঠা কৰিছিল। এই ৰাজ্যখন অবিভক্ত গোৱালপাৰা আৰু কোচবিহাৰক লৈ স্থাপন হৈছিল। এই ৰাজ্যৰ ৰাজধানী আছিল কোচবিহাৰ ৷ এই ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ । তেওঁ ১৫৬২ খ্ৰী:ত আহোম ৰাজ্য আক্রমণ কৰিছিল। তেওঁৰ ভাতৃ তথা সেনাপতি চিলাৰায়ে আহোম ৰাজধানী গড়গাওঁ দখল কৰি আহোম ৰজাক কতলীয়া কৰিছিল। ইয়াৰ পিছত নৰনাৰায়ণে ভাতৃ চিলাৰায়ৰ সহায়ত কছাৰী ৰাজ্য, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, ডিমৰুৱা, খৈৰাম, শ্রীহট্ট আদি ৰাজ্য জয় কৰিছিল। তেওঁ গৌড় ৰাজ্য জয় কৰিবলৈ অভিযান চলাইছিল যদিও আকস্মিকভাৱে তেওঁৰ মৃত্যু হোৱাত এই অভিযানত সফল হ’ব পৰা নাছিল। কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ভাতৃ গোহাঁই কমলৰ হুতুৱাই কোচবিহাৰৰ পৰা আহোম ৰাজ্যলৈ এটা সুন্দৰ আলি বন্ধাইছিল। সেই আলিটোক ‘গোহাঁই কমল আলি’ বুলি কোৱা হয়। নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য দুটা অংশ (কোচবিহাৰ আৰু কোচ হাজো) ত ভাগ হয়। পৰৱৰ্তীকালত দুয়ো অংশই আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰে।

৬। আহোম আৰু মোগলসকলৰ মাজৰ সংঘৰ্ষৰ বিষয়ে লিখা।
উত্তৰ : ত্রয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা মুছলমানসকলে অসম আক্রমণ কৰিবলৈ লয় ৷ আহোম ৰাজত্বৰ দিনতো মুছলমানসকলে কেইবাবাৰো অসম আক্ৰমণ কৰিছিল। ১৬০৩ খ্ৰী:ৰ পৰা ১৬৭৩ চনলৈ আহোম আৰু মোগলসকলৰ মাজত দীঘলীয়া সংঘৰ্ষ হৈছিল। ১৬৬২ খ্ৰী:ত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত মোগল সেনাপতি মীৰজুমলাই আহোম ৰাজ্য আক্ৰমণ কৰি ৰাজধানী গড়গাওঁ অধিকাৰ কৰে। ৰজা জয়ধ্বজ সিংহ নামৰূপলৈ পলাই যায়। এনে সময়তে অসমত বাৰিষা কাল আৰম্ভ হোৱাত আহোমসকলে বাৰে বাৰে মোগল সৈন্যক আক্রমণ কৰি ব্যতিব্যস্ত কৰি তুলিছিল। সেনাপতি মীৰজুমলাইয়ো অসুস্থ হৈ পৰিছিল। এনে পৰিস্থিতিত মীৰজুমলাই ১৬৬৩ খ্ৰী:ৰ ২২ জানুৱাৰীত আহোমৰ লগত সন্ধি কৰে। সন্ধিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণ পাৰে কলং নৈ আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰিত হয়। তদুপৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে আহোম ৰজাই ৩ লাখ টকা ৯০ টা হাতী আৰু দুগৰাকী আহোম ৰাজকুঁৱৰীক মোগল সম্রাটক দিব লগা হয়। এনেদৰে আহোম ৰাজ্য মোগলৰ কৰ্তলীয়া হয়। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত চক্ৰধ্বজ সিংহ আহোম ৰাজ্যৰ ৰজা হয়। তেওঁ ৰজা হৈ মোগলক কৰ দিবলৈ অস্বীকাৰ কৰে। ফলত মোগল সম্রাট ঔৰংজেৱে অম্বৰৰ ৰজা ৰামসিংহক সেনাপতি পাতি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠায়। ১৬৭১ চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাট নামে ঠাইত তয়াময়া যুদ্ধ হয়। উক্ত যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনে বীৰ বিক্ৰমেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰে আৰু আহোম ৰাজ্যৰ স্বাধীনতা ৰক্ষা কৰে।

৭। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।
"ক অংশ"         "খ অংশ"
গোবিন্দ চন্দ্ৰ         কীর্তন ঘোষা
নীলধ্বজ         প্রতাপ বল্লভ
শংকৰদেৱ         কাছাৰৰ ৰজা
চুকাফা         কোচ ৰাজ্যৰ ৰজা
কলিয়া ভোমোৰা    কমতাৰ ৰজা
নৰনাৰায়ণ         আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক

উত্তৰ :
"ক অংশ"         "খ অংশ"
গোবিন্দ চন্দ্ৰ         কাছাৰৰ ৰজা
নীলধ্বজ         কমতাৰ ৰজা
শংকৰদেৱ         কীর্তন ঘোষা
চুকাফা         আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক
কলিয়া ভোমোৰা     প্রতাপ বল্লভ
নৰনাৰায়ণ         কোচ ৰাজ্যৰ ৰজা

Updated on 5th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments