(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১২
ৰাজনীতি বিজ্ঞানৰ ধাৰণা
আদর্শ প্রশ্নমালা :
১। চমু উত্তৰ লিখা :
(ক) কোন দেশত ৰাজনীতি বিজ্ঞান বিষয়টো প্ৰথমবাৰৰ বাবে প্ৰণালীৱদ্ধভাৱে অধ্যয়ন কৰা হৈছিল?উত্তৰ : গ্ৰীচত।
(খ) ‘ৰাজনীতি’ শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল?
উত্তৰ : এৰিষ্ট'টলে।
(গ) ‘প’লিছ’ (Polis) শব্দটোৰ অর্থ কি?
উত্তৰ : নগৰ বা ৰাষ্ট্ৰ।
(ঘ) ‘পলিটিকা’ৰ তাৎপর্য লিখা।
উত্তৰ : নগৰ ৰাষ্ট্ৰৰ বিভিন্ন কাম-কাজক গ্রীকসলে ‘পলিটিকা’ বুলি অভিহিত কৰিছিল।
(ঙ) ‘দ্য পলিটিক্স’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ : এৰিষ্ট'টলে।
(চ) ৰাজনীতি বিজ্ঞানৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ : এৰিষ্ট'টলে।
(ছ) কোনে ‘ৰাজনীতি বিজ্ঞান' শব্দটো পোন প্রথমে প্রয়োগ কৰিছিল?
উত্তৰ : এৰিষ্ট'টলে।
(জ) ‘দ্য লজ’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ : প্লেট’।
(ঝ) ভাৰতবৰ্ষত ৰাজনীতি শব্দটো কোনটো সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰ : ‘ৰাজন’।
(ঞ) কৌটিল্য বা চাণক্যই লিখা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা।
উত্তৰ : অর্থশাস্ত্র।
(ট) পল জেনেটে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ : পল জেনেটেৰ মতে, “ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ, যি ৰাষ্ট্ৰৰ আধাৰ আৰু চৰকাৰৰ শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰে।
(ঠ) মার্ক্সবাদীসকলে উল্লেখ কৰা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ : মার্ক্সবাদীসকলৰ মতে, ৰাজনীতি বিজ্ঞান শক্তি প্ৰয়োগৰ সৈতে জড়িত। ই সংঘাতপূর্ণ। এই সংঘাত দুটা শ্ৰেণী- ধনী আৰু দুখীয়াৰ মাজত সংঘাত।
(ড) ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি ক'ব নোখোজা দুজন পণ্ডিতৰ নাম লিখা।
উত্তৰ : জেকিং আৰু জেনেট।
(ঢ) কোনে ৰাজনীতি বিজ্ঞানক সর্বশ্রেষ্ঠ বিজ্ঞান বুলি অভিহিত কৰিছে?
উত্তৰ : এৰিষ্ট’টল।
(ণ) ৰাজনীতি বিজ্ঞানক কলা বুলি অভিহিত কৰা দুজন চিন্তাবিদৰ নাম লিখা।
উত্তৰ : ৰাজনীতি বিজ্ঞানক কলা বুলি অভিহিত কৰা দুজন চিন্তাবিদ হ’ল মেটলেণ্ড আৰু কামটে।
(ত) কোনে মানুহক ৰাজনৈতিক প্ৰাণী বুলি কৈছিল?
উত্তৰ : এৰিষ্ট টলে।
(থ) “ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে।” -কোনে কৈছিল ?
উত্তৰ : বার্ণাৰ্ড শ্বই।
২। চমু উত্তৰ লিখা :
(ক) ৰাজনীতি বিজ্ঞানৰ চমু পৰিচয় দাঙি ধৰা।উত্তৰ : ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এক ভাগ। ই ৰাষ্ট্ৰ, চৰকাৰ আৰু ইয়াৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়ে আলোচনা কৰে ৷ গ্ৰীক দার্শনিক এৰিষ্ট 'টলে প্ৰথমতে ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল। ৰাজনীতি বিজ্ঞানক বহুতে ‘বিজ্ঞান’ আৰু বহুতে ‘কলা’ বুলি ক'ব খোজে৷ যিয়েই নহওঁক ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ, চৰকাৰ আৰু ইয়াৰ বিভাগসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰাষ্ট্ৰ আৰু চৰকাৰৰ লগত সম্পর্কিত মানৱ আচৰণৰ বিষয়েও আলোচনা কৰে।
(খ) ভাৰতবৰ্ষত পুৰণি কালত ‘ৰাজনীতি’শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছিল?
উত্তৰ : ভাৰতবৰ্ষত ‘ৰাজনীতি’ শব্দটো সংস্কৃত ‘ৰাজন’ শব্দৰ পৰা উদ্ভৱ হৈছিল। ‘ৰাজন’ মানে ৰজা। ৰজাই ৰাষ্ট্ৰ শাসনৰ কেন্দ্ৰ বিন্দু। ৰজাসকলে যেনে ধৰণৰ নীতি, নিয়ম, আদেশ আৰু শাসন প্ৰণালীৰে ৰাজ্যৰ শাসন পৰিচালনা কৰিছিল সেয়া আছিল সেই সময়ৰ ৰাজনীতি। চাণক্যই তেওঁৰ 'অর্থশাস্ত্ৰ' নামৰ গ্ৰন্থত ৰজা পৰিষদ, প্ৰজা, ৰাজ্যৰ প্ৰতিৰক্ষা, মুদ্ৰা ব্যৱস্থা, ৰাজ্য জয় আদিৰ বিষয়ে ৰজাই জানিবলগা কথা আলোচনা কৰিছে।
(গ) ৰাজনীতি বিজ্ঞানৰ এটা সংজ্ঞা লিখা।
উত্তৰ : পল জেনেটৰ মতে, “ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ, যি ৰাষ্ট্ৰৰ আধাৰ আৰু চৰকাৰৰ শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰে।
(ঘ) ৰাজনীতি বিজ্ঞানৰ দুটা প্রয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : 'ৰাজনীতি বিজ্ঞানৰ দুটা প্ৰয়োজন হ’ল -
(ক) ৰাজনীতি বিজ্ঞান অধ্যয়নৰ জৰিয়তে ৰাষ্ট্ৰ, ইয়াৰ
উৎপত্তি, বিকাশ, ইয়াৰ কাৰ্যাৱলী আদিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি ৷
(খ) ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰি ৰাষ্ট্ৰত মানুহৰ
স্থান, অধিকাৰ, কৰ্তব্য আদি গুৰুত্বপূৰ্ণ কথাবোৰ জানিব পাৰি।
(ঙ) ৰাজনীতি বিজ্ঞান প্রকৃত বিজ্ঞান নহয় কিয়?
উত্তৰ : ৰাজনীতি বিজ্ঞান প্ৰকৃত বিজ্ঞান নহয়। কাৰণ বিজ্ঞানৰ সৰ্বজন স্বীকৃত আৰু যথাৰ্থ পদ্ধতিবোৰ যেনে - নিৰীক্ষণ, অনুসন্ধান, বিশ্লেষণ আদি কঠোৰভাৱে ৰাজনীতি বিজ্ঞানত প্ৰয়োগ কৰিব নোৱাৰি।
(চ) ৰাজনীতি বিজ্ঞান কলা নে বিজ্ঞান?
উত্তৰ : ৰাজনীতি বিজ্ঞান কলা নে বিজ্ঞান এই সম্পর্কে পণ্ডিতসকলৰ মাজত মতভেদ আছে। কিছুমান পণ্ডিতে ইয়াক বিজ্ঞান বুলি ক’ব খোজে। আনহাতে কিছুমান পণ্ডিতে ইয়াক কলা বুলি ক’ব খোজে। ইয়াক আমি কলা বুলি ক’ব পাৰো। কাৰণ ৰাজনীতি বিজ্ঞানত কোনো চৰম সত্য নাই। সমাজ, পৰিবেশ আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ৰাজনীতি বিজ্ঞানৰ নীতি, সূত্র, পদ্ধতি, পৰিসৰ আদি সলনি হোৱা দেখা যায়। আনহাতে ইয়াক বিজ্ঞান বুলি ক’ব পাৰি কাৰণ ইয়াত বিজ্ঞানৰ দৰে ৰাজনীতিৰ বিষয়সমূহ নিৰীক্ষণ কৰিব পাৰি, পৰীক্ষা কৰিব পাৰি, অনুসন্ধান কৰিব পাৰি আৰু বিশ্লেষণ কৰি কোনো সুস্থিৰ সিদ্ধান্তত উপনীত হ’ব পাৰি।
(ছ) ৰাজনীতি বিজ্ঞান কেনেদৰে সমাজৰ লগত জড়িত চমুকৈ লিখা।
উত্তৰ : ৰাজনীতি বিজ্ঞান বিশাল সমাজ বিজ্ঞানৰ এটি ভাগ। ই মানৱ সামজৰ ৰাজনৈতিক দিশটো অধ্যয়ন কৰাত গুৰুত্ব আৰোপ কৰে। ই ৰাজনৈতিক আৰু সামাজিক জীৱনৰ উচিত আৰু অনুচিত বিষয়সমূহ বিচাৰ বিশ্লেষণ কৰে। এনেদৰে ৰাজনীতি বিজ্ঞান সমাজৰ লগত জড়িত।
৩। বহলাই আলোচনা কৰা :
(ক) ৰাজনীতি বিজ্ঞানৰ পৰিচয় বহলাই আলোচনা কৰা।উত্তৰ : ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এক ভাগ। ই ৰাষ্ট্ৰ, চৰকাৰ, ইয়াৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়ে আলোচনা কৰে। গ্রীক দার্শনিক এৰিষ্ট’টলে প্ৰথমতে ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল ৷ ‘ৰাজনীতি’ শব্দটো লেটিন শব্দ ‘পলিটিকাছৰ’ (Politicus) ৰ পৰা আহিছে। আকৌ ‘পলিটিকাছ’ শব্দটো গ্ৰীক ভাষাৰ ‘পলিচ’ (Polis) শব্দৰ পৰা লোৱা হৈছে। ‘পলিচ’ শব্দৰ অৰ্থ হৈছে নগৰ বা ৰাষ্ট্ৰ। প্ৰাচীন কালত গ্ৰীচ দেশত নগৰ ৰাষ্ট্ৰবোৰক কেন্দ্ৰ কৰিয়েই জনসাধাৰণৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সূত্ৰপাত হৈছিল। গ্রীকসকলে নগৰ আৰু ৰাষ্ট্ৰৰ মাজত কোনো পার্থক্য ৰখা নাছিল৷ ৰাজনীতি বিজ্ঞানক বহুতে বিজ্ঞান আৰু বহুতে কলা বুলি ক'ব খোজে। যিয়েই নহওঁক ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ, চৰকাৰ আৰু ইয়াৰ বিভাগসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰাষ্ট্ৰ আৰু চৰকাৰৰ লগত সম্পর্কিত মানৱ আচৰণৰ বিষয়েও আলোচনা কৰে। এৰিষ্ট'টলে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি অভিহিত কৰিছিল। ৰাজনীতিৰ ওপৰত এৰিষ্ট'টলে লিখা গ্ৰন্থখন হৈছে ‘দ্য পলিটিক্স’। ভাৰতবৰ্ষত ‘ৰাজনীতি’ শব্দটো সংস্কৃত ‘ৰাজন’ শব্দৰ পৰা উদ্ভৱ হৈছিল। ‘ৰাজন’ মানে ৰজা। ৰজাই ৰাষ্ট্ৰ শাসনৰ কেন্দ্ৰ ৱিন্দু। ৰজাসকলে যেনে ধৰণৰ নীতি, নিয়ম, আদেশ আৰু শাসন প্ৰণালীৰে ৰাজ্যৰ শাসন পৰিচালনা কৰিছিল সেয়ে আছিল সেই সময়ৰ ৰাজনীতি। চাণক্যই তেওঁৰ ‘অৰ্থশাস্ত্ৰ’ নামৰ গ্ৰন্থত ৰজা, পৰিষদ, প্ৰজা, ৰাজ্যৰ প্ৰতিৰক্ষা, মুদ্ৰা ব্যৱস্থা, ৰাজ্য জয় আদিৰ বিষয়ে ৰজাই জানিবলগা কথা আলোচনা কৰিছে। ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে আগবঢ়াইছে যদিও পল জেনেটৰ সংজ্ঞাটো সন্তোষজনক বুলি ক'ব পাৰি। তেওঁৰ মতে, “ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ, যি ৰাষ্ট্ৰৰ আধাৰ আৰু চৰকাৰৰ শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰে।
(খ) ৰাজনীতি বিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা।
উত্তৰ : ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটি ভাগ। ইয়াৰ পৰিসৰ আদিতে অকল ৰাষ্ট্ৰ আৰু চৰকাৰী কাম-কাজ অধ্যয়নৰ মাজতে সীমাবদ্ধ আছিল যদিও সময়ৰ লগে লগে ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে। ইয়াৰ পৰিসৰ আমি তলত দিয়া ধৰণে আলোচনা কৰিব পাৰো -
(ক) ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ উৎপত্তি, প্রকৃতি, ক্রমবিকাশ, কার্য পদ্ধতি আদি আলোচনা কৰে।
(খ) ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক তত্ত্ব, ৰাজনৈতিক
অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাজনৈতিক দল, আন্তর্জাতিক সম্পৰ্ক আদিৰ আলোচনা সামৰি লয়।
(গ) ৰাজনীতি বিজ্ঞানে মানৱ সমাজৰ অতীত আৰু
বৰ্তমানৰ বিষয়ে আলোচনা কৰে ৷
(ঘ) ৰাজনীতি বিজ্ঞানে মানৱ সমাজৰ ওপৰত প্ৰভাৱ
পেলোৱা নতুন সামাজিক মনোবৈজ্ঞানিক, অর্থনৈতিক,
বৈজ্ঞানিক আৱিষ্কাৰ আদিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে ৷
(ঙ) ৰাজনীতি বিজ্ঞানে চৰকাৰে প্ৰৱৰ্তন কৰা নীতি-
নিয়ম, আইন, আদিৰ বিষয়ে আলোচনা কৰে।
মুঠতে ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু মানুহৰ মাজত থকা সকলো সম্পৰ্কৰ আলোচনা সামৰি লয়৷
(গ) ৰাজনীতি বিজ্ঞান কলা নে বিজ্ঞান বুজাই লিখা।
উত্তৰ : ৰাজনীতি বিজ্ঞান কলা নে বিজ্ঞান এই সম্পর্কে পণ্ডিতসকলৰ মাজত মতভেদ আছে। কিছুমান পণ্ডিতে ইয়াক বিজ্ঞান বুলি ক’ব খোজে৷ আনহাতে কিছুমান পণ্ডিতে ইয়াক কলা বুলি ক’ব খোজে।
ৰাজনীতি বিজ্ঞান এক বিজ্ঞান বুলি তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি -
(ক) ৰাজনীতি বিজ্ঞানত বহুতো যুক্তিপূৰ্ণ নীতি প্রয়োগ কৰা হয়। বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যা, ৰাজনৈতিক পদ্ধতিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হ'লেও কিছুমান ৰাজনৈতিক তত্ত্বৰ সাৰ্বজনীন গ্রহণযোগ্যতা আছে। যেনে -ন্যায় পালিকা নিৰপেক্ষ হোৱা উচিত, নির্বাচন মুক্ত আৰু নিকা হ’ব লাগে, গণতন্ত্র কৃতকার্য হ’বলৈ নাগৰিকসকল শিক্ষিত আৰু সচেতন হ'ব লাগে।
(খ) কোনো বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়নেই বিজ্ঞান ৷ এই সূত্ৰত ৰাজনীতি বিজ্ঞানো এবিধ বিজ্ঞান কাৰণ ৰাজনীতি বিজ্ঞানত ৰাজনীতিৰ বিষয়সমূহ প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হয়।
(গ) দার্শনিক এৰিষ্ট'টলে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি অভিহিত কৰিছে। বহুতো ৰাজনৈতিক পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা ৰাজনীতি বিজ্ঞানীসকল উপকৃত হৈছে।
আনহাতে ৰাজনীতি বিজ্ঞান কলা হিচাপে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি -
(ক) ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা, নীতি, পৰিসৰ, পদ্ধতি আদি সম্পৰ্কত ৰাজনীতি বিজ্ঞানীসকলৰ মাজত কোনো ঐক্যমত থকা দেখা নাযায়। ইয়াৰ অধ্যয়নত বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা দেখা যায়।
(খ) সৰ্বজন স্বীকৃত সাধাৰণ আৰু যথাৰ্থ পদ্ধতিবোৰ
যেনে - নিৰীক্ষণ, অনুসন্ধান; বিশ্লেষণ আদি কঠোৰভাৱে ৰাজনীতি বিজ্ঞানত প্ৰয়োগ কৰিব নোৱাৰি। সেয়ে ইয়াক বিজ্ঞান বুলি ক’ব নোৱাৰি।
(গ) ৰাজনীতি বিজ্ঞানত ব্যৱহাৰ কৰা শব্দবোৰ স্পষ্ট আৰু সংক্ষিপ্ত নহয় । সেয়ে ইয়াত বিভিন্ন বিতৰ্কৰ সূচনা হোৱা দেখা যায়। শুদ্ধ ফলাফল লাভ কৰাটো ৰাজনীতি বিজ্ঞানত সম্ভৱ নহয়। সেয়ে ই বিজ্ঞান নহৈ এক কলাহে। (ঘ) ৰাজনীতি বিজ্ঞানৰ সূত্ৰ, ইয়াৰ পদ্ধতি আৰু ব্যৱহাৰ সলনি হৈ থাকে। ই মানুহৰ আচৰণ আৰু যুগৰ দৰ্শনৰ লগত জড়িত। সেয়ে ই এক পৰিৱৰ্তনশীল বিষয়হে। গতিকে ই বিজ্ঞান হ’ব নোৱাৰে।
সামৰণিত ক’ব পাৰি যে ৰাজনীতি বিজ্ঞানক বহুতে বিজ্ঞান বুলি অভিহিত কৰিব খুজিলও ইৰাসায়ন বিজ্ঞান, পদার্থ বিজ্ঞান, জীৱ বিজ্ঞান আদি প্ৰাকৃতিক বিজ্ঞানৰ দৰে যথাৰ্থ
বিজ্ঞান নহয়।
(ঘ) ৰাজনীতি বিজ্ঞানৰ বিপক্ষে চাৰিটা যুক্তি প্ৰদৰ্শন কৰা।
উত্তৰ : ৰাজনীতি বিজ্ঞানৰ বিপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি -
(ক) ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা, নীতি, পৰিসৰ, পদ্ধতি
আদি সম্পৰ্কত ৰাজনীতি বিজ্ঞানীসকলৰ মাজত কোনো
ঐক্যমত থকা দেখা নাযায়। ইয়াৰ অধ্যয়নত বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা দেখা যায়।
(খ) সর্বজন স্বীকৃত সাধাৰণ আৰু যথার্থ পদ্ধতিবোৰ
যেনে - নিৰীক্ষণ, অনুসন্ধান, বিশ্লেষণ আদি কঠোৰভাৱে
ৰাজনীতি বিজ্ঞানত প্ৰয়োগ কৰিব নোৱাৰি৷ সেয়ে ইয়াক বিজ্ঞান বুলি ক’ব নোৱাৰি ।
(গ) ৰাজনীতি বিজ্ঞানত ব্যৱহাৰ কৰা শব্দবোৰ স্পষ্ট
আৰু সংক্ষিপ্ত নহয় । সেয়ে ইয়াত বিভিন্ন বিতৰ্কৰ সূচনা হোৱা দেখা যায়। শুদ্ধ ফলাফল লাভ কৰাটো ৰাজনীতি বিজ্ঞানত সম্ভৱ নহয়৷ সেয়ে ই বিজ্ঞান নহৈ এক কলাহে।
(ঘ) ৰাজনীতি বিজ্ঞানৰ সূত্ৰ, ইয়াৰ পদ্ধতি আৰু ব্যৱহাৰ
সলনি হৈ থাকে। ই মানুহৰ আচৰণ আৰু যুগৰ দৰ্শনৰ লগত জড়িত৷ সেয়ে ই এক পৰিৱৰ্তনশীল বিষয়হে। গতিকে ই বিজ্ঞান হ’ব নোৱাৰে ।
(ঙ) “ৰাজনীতি বিজ্ঞান প্রকৃত বিজ্ঞান।” - উক্তিটোৰ সমৰ্থনত আলোচনা আগবঢ়োৱা।
উত্তৰ : ৰাজনীতি বিজ্ঞান এক বিজ্ঞান বুলি তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি -
(ক) ৰাজনীতি বিজ্ঞানত বহুতো যুক্তিপূর্ণ নীতি প্রয়োগ কৰা হয়। বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যা, ৰাজনৈতিক পদ্ধতিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হ'লেও কিছুমান ৰাজনৈতিক তত্ত্বৰ সাৰ্বজনীন গ্রহণযোগ্যতা আছে।' যেনে -ন্যায় পালিকা নিৰপেক্ষ হোৱা উচিত, নির্বাচন মুক্ত আৰু নিকা হ’ব লাগে, গণতন্ত্ৰ কৃতকার্য হ’বলৈ নাগৰিকসকল শিক্ষিত আৰু সচেতন হ’ব লাগে।
(খ) কোনো বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়নেই বিজ্ঞান। এই সূত্ৰত ৰাজনীতি বিজ্ঞানো এবিধ বিজ্ঞান কাৰণ ৰাজনীতি বিজ্ঞানত ৰাজনীতিৰ বিষয়সমূহ প্রণালীবদ্ধভাৱে অধ্যয়ন কৰা হয়।
(গ) দার্শনিক এৰিষ্ট'টলে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি অভিহিত কৰিছে। বহুতো ৰাজনৈতিক পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা ৰাজনীতি বিজ্ঞানীসকল উপকৃত হৈছে।
(চ) ৰাজনীতি বিজ্ঞান অধ্যয়নৰ উপযোগিতাৰ বিষয়ে বহলাই বর্ণনা কৰা।
উত্তৰ : ৰাজনীতি বিজ্ঞান অধ্যয়নৰ উপযোগিতা আছে, যথা -
(ক) ৰাজনীতি বিজ্ঞান অধ্যয়নৰ জৰিয়তে ৰাষ্ট্র, ইয়াৰ উৎপত্তি, বিকাশ, ইয়াৰ কাৰ্যাৱলী আদিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি।
(খ) ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰি ৰাষ্ট্ৰত মানুহৰ স্থান, অধিকাৰ, কৰ্তব্য আদি গুৰুত্বপূৰ্ণ কথাবোৰ জানিব পাৰি।
(গ) ৰাজনীতি বিজ্ঞানে ভুল ধাৰণাৰ পৰা নাগৰিকসকলক মুক্ত কৰিব পাৰে। চৰকাৰ আৰু ৰাজনীতি সম্পৰ্কে নাগৰিকৰ মনত থকা অস্পষ্টতা ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰি দূৰ কৰিব পাৰি।
(ঘ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ জ্ঞান লাভ কৰিবলৈ ৰাজনীতি বিজ্ঞানেই হৈছে একমাত্র বিষয় আৰু উপায়। বার্নার্ড শ্বই কৈছে, “ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে।
(ঙ) ৰাজনীতি বিজ্ঞান অধ্যয়নৰ যোগেদি মানুহে সমগ্র বিশ্বৰ ৰাজনৈতিক চিন্তা-চৰ্চা আৰু ঘটনাৱলীৰ তুলনামূলক অধ্যয়ন কৰিব পাৰে৷ সেয়ে দেখা যায় ৰাজনীতি বিজ্ঞান অধ্যয়নৰ উপযোগিতা আছে।
(ছ) কলা হিচাপে ৰাজনীতি বিজ্ঞানৰ গুৰুত্ব সম্পর্কে এটা টোকা প্ৰস্তুত কৰ।
উত্তৰ : কলা হিচাপে ৰাজনীতি বিজ্ঞানৰ গুৰুত্ব হ'ল -
(ক) ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা, নীতি, পৰিসৰ, পদ্ধতি আদি সম্পৰ্কত ৰাজনীতি বিজ্ঞানীসকলৰ মাজত কোনো ঐক্যমত থকা দেখা নাযায়। ইয়াৰ অধ্যয়নত বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা দেখা যায়।
(খ) সৰ্বজন স্বীকৃত সাধাৰণ আৰু যথার্থ পদ্ধতিবোৰ
যেনে - নিৰীক্ষণ, অনুসন্ধান, বিশ্লেষণ আদি কঠোৰভাৱে ৰাজনীতি বিজ্ঞানত প্ৰয়োগ কৰিব নোৱাৰি। সেয়ে ইয়াক বিজ্ঞান বুলি ক’ব নোৱাৰি।
(গ) ৰাজনীতি বিজ্ঞানত ব্যৱহাৰ কৰা শব্দবোৰ স্পষ্ট আৰু সংক্ষিপ্ত নহয়৷ সেয়ে ইয়াত বিভিন্ন বিতৰ্কৰ সূচনা হোৱা দেখা যায়। শুদ্ধ ফলাফল লাভ কৰাটো ৰাজনীতি বিজ্ঞানত সম্ভৱ নহয় ৷ সেয়ে ই বিজ্ঞান নহৈ এক কলাহে।
(ঘ) ৰাজনীতি বিজ্ঞানৰ সূত্ৰ, ইয়াৰ পদ্ধতি আৰু ব্যৱহাৰ সলনি হৈ থাকে৷ ই মানুহৰ আচৰণ আৰু যুগৰ দৰ্শনৰ লগত জড়িত ৷ সেয়ে ই এক পৰিৱৰ্তনশীল বিষয়হে। গতিকে ই বিজ্ঞান হ’ব নোৱাৰে ৷ সামৰণিত ক’ব পাৰি যে ৰাজনীতি বিজ্ঞানক বহুতে বিজ্ঞান বুলি অভিহিত কৰিব খুজিলেও ই ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান আদি প্রাকৃতিক বিজ্ঞানৰ দৰে যথার্থ বিজ্ঞান নহয়।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ৰাজনীতি বিজ্ঞানৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়-(ক) এৰিষ্ট'টলক
(খ) আদাম স্মিথক
(গ) ৰবিন্সনক
উত্তৰ : (ক) এৰিষ্ট'টলক
(ii) ৰাজনীতি বিজ্ঞানক-
(ক) বিজ্ঞান বুলি ভবা হয়
(খ) কলা হিচাপে ভবা হয়
(গ) ক, খ উভয়ে
উত্তৰ : (গ) ক, খ উভয়ে
(iii) 'দ্য লজ' গ্ৰন্থখনৰ ৰচক হ’ল-
(ক) চক্ৰেটিছ
(খ) প্লেট'
(গ) এৰিষ্ট'টল
উত্তৰ : (খ) প্লেট’
(iv) ৰাজনীতি বিজ্ঞান হল-
(ক) সমাজ বিজ্ঞানৰ এটা শাখা
(খ) ভূগোল বিজ্ঞানৰ এটা শাখা
(গ) জ্যোতির্বিজ্ঞানৰ এটা শাখা
উত্তৰ : (ক) সমাজ বিজ্ঞানৰ এটা শাখা
(v) তলৰ কোনখন গ্ৰন্থ কৌটিল্যৰ দ্বাৰা ৰচিত?
(ক) অর্থশাস্ত্র
(খ) ৰাজতৰংগিনী
(গ) পাঞ্চালী শপথম
উত্তৰ : (ক) অর্থশাস্ত্র
Updated on 23rd December 2023
By :- J.A.C | B.Sc | Web/App Developer
0 Comments