Ads banner

JE Banner Ads
Image 2

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা - অধ্যায় ১৩ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১৩

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা


আদর্শ প্রশ্নমালা :

১। চমু উত্তৰ লিখা :

(ক) সংবিধান শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা লোৱা হৈছে?
উত্তৰ : ‘সংবিধান’ শব্দটো লেটিন ভাষাৰ Constiture শব্দৰ পৰা আহিছে।

(খ) কোন দেশৰ আইনত সংবিধান শব্দটো প্রথমে প্রয়োগ কৰা হৈছিল?
উত্তৰ : সংবিধান শব্দটো ৰোমান আইনত প্ৰথম প্ৰয়োগ কৰা হৈছিল।

(গ) এৰিষ্ট'টলে আগবঢ়োৱা সংবিধানৰ সংজ্ঞাটো লিখা।
উত্তৰ : এৰিষ্ট'টলে আগবঢ়োৱা সংবিধানৰ সংজ্ঞাটো হ’ল - ‘সংবিধান হৈছে জীৱন নিৰ্বাহৰ এটা প্ৰণালী যি ৰাষ্ট্ৰই নিজৰ বাবে পচন্দ্ কৰি লয়৷’

(ঘ) ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা বলবৎ হয়?
উত্তৰ : ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীত বলবৎ হয়।

(ঙ) সংবিধান কাক বোলে?
উত্তৰ : ৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী নীতি-নিয়ম আৰু আইন-কানুনসমূহক সামগ্রিকভাৱে ‘সংবিধান' বুলি কোৱা হয়।

(চ) ম্যানমাৰত কিমান চনত প্ৰথম গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰ : ম্যানমাৰত ১৯৫৮ চনত প্ৰথম গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠা হৈছিল।

(ছ) সংবিধানৰ এটা অপকাৰিতাৰ বিষয়ে লিখা।
উত্তৰ : সংবিধানত আইন লিপিবদ্ধ কৰা থাকে। ৰাষ্ট্ৰই সেই আইন মানি চলিবলৈ বাধ্য। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্রয়োজন, দৃষ্টিভংগী আদিৰ পৰিৱৰ্তন হয় সেয়ে সংবিধানৰ সকলো আইন সকলো সময়ৰ বাবে প্ৰযোজ্য নহয়।

(জ) আং ছান ছ্যু কীক কিমান চনত ন'বেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল?
উত্তৰ : আং ছান ছ্যু কীক ১৯৯১ চনত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল।

(ঝ) নেপাল আৰু ভূটানত কিমান চনত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰ : নেপাল আৰু ভূটানত ২০০৮ চনত গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠা হৈছিল।

(ঞ) সংবিধানৰ অভিভাৱক কোন?
উত্তৰ : উচ্চতম ন্যায়ালয় সংবিধানৰ অভিভাৱক।

(ট) নমনীয় সংবিধান কাক বোলে?
উত্তৰ : যি সংবিধান সহজতে সংশোধন কৰিব পাৰি তাকে নমনীয় সংবিধান বোলে৷ নমনীয় সংবিধানত সাংবিধানিক আইন আৰু সাধাৰণ আইনৰ মাজত কোনো পার্থক্য নাথাকে।

(ঠ) অনমনীয় সংবিধান কাক বোলে?
উত্তৰ : যি সংবিধান সহজ প্ৰক্ৰিয়াৰে সংশোধন কৰিব নোৱাৰি তাক অনমনীয় সংবিধান বোলে।

(ড) লিখিত সংবিধান কাক বোলে?
উত্তৰ : যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বোলে। লিখিত সংবিধান কোনো সংবিধান সভাই প্ৰণয়ন কৰে আৰু গৃহীত কৰে৷

(ঢ) অলিখিত সংবিধান কিহৰ ওপৰত ভিত্তি কৰি বৰ্তি থাকে?
উত্তৰ : অলিখিত সংবিধান দেশ এখনৰ পৰম্পৰা, লোকাচাৰ, ইতিহাস, অভ্যাস, ৰীতি-নীতি আদিৰ ওপৰত বৰ্তি থাকে।

(ণ) সংবিধানক কিয় গতিশীল বুলি কোৱা হয়?
উত্তৰ : সংবিধানক গতিশীল বুলি কোৱা হয়। কাৰণ পৰিস্থিতি বা দেশভেদে সংবিধান বেলেগ বেলেগ হয়। আনকি সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংবিধান সংশোধন হৈ থাকে বাবে সংবিধানক গতিশীল বুলি কোৱা হয়।

২। উত্তৰ লিখা :

(ক) সংবিধানৰ চমু ইতিহাস বর্ণনা কৰা।
উত্তৰ : সংবিধান (Constitution) শব্দটো লেটিন ভাষাৰ 'Constiture' শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল প্রতিষ্ঠা কৰা বা গঠন কৰা । এই শব্দটো ৰোমান আইনত পোন প্ৰথমতে ব্যৱহাৰ কৰা হৈছিল। ৰোমান আইন অনুসৰি Constiture শব্দটোৰ অৰ্থ হৈছে শক্তিমান ৰজাৰ আদেশ আৰু কাৰ্যাৱলী। গ্রীক দার্শনিক এৰিষ্ট'টলে সংবিধানৰ প্ৰথম সংজ্ঞা আগবঢ়াইছিল। তেওঁৰ মতে, ‘সংবিধান হৈছে জীৱন নিৰ্বাহৰ বাবে এটা প্ৰণালী যি ৰাষ্ট্ৰই নিজৰ বাবে পচন্দ কৰি লয়৷’ সাধাৰণ অৰ্থত সংবিধান বুলিলে দেশ পৰিচালনাৰ বাবে থকা নিয়ম- নীতিক বুজোৱা হয়। আগৰ যুগত সৰহভাগ দেশৰে কোনো লিখিত সংবিধান নাছিল। বর্তমান যুগত প্রায় সকলোবোৰ দেশৰে লিখিত সংবিধান আছে।

(খ) সংবিধানৰ প্ৰকাৰকেইটা আলোচনা কৰা৷
উত্তৰ :
সংবিধান দুই প্ৰকাৰৰ - লিখিত সংবিধান আৰু অলিখিত সংবিধান।

যিবোৰ সংবিধান কোনো সংবিধান সভাৰ দ্বাৰা প্ৰণয়ন কৰা হয় আৰু ৰাষ্ট্ৰৰ দ্বাৰা বলবৎ কৰা হয় সেইবোৰ সংবিধানক লিখিত সংবিধান বোলে। পৃথিৱীৰ সৰহভাগ দেশৰ সংবিধান লিখিত ৰূপত আছে।

আনহাতে যি সংবিধানৰ কোনো লিখিত ৰূপনাই, কিন্ত দেশৰ পৰম্পৰা, লোকাচাৰ, ৰীতি-নীতি, ইতিহাস, অভ্যাস আদিৰ ওপৰত প্ৰতিষ্ঠিত তেনে সংবিধানক অলিখিত সংবিধান বোলে ৷ ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান।

আনহাতে সংশোধন পদ্ধতিৰ ওপৰত ভিত্তি কৰি সংবিধানক নমনীয় আৰু অনমনীয় সংবিধান – এই দুটা ভাগত ভাগ কৰিব পাৰি।

যি সংবিধান সহজতে সংশোধন কৰিব পাৰি তাকে নমনীয় সংবিধান বোলে। নমনীয় সংবিধানত সাংবিধানিক আইন আৰু সাধাৰণ আইনৰ মাজত কোনো পার্থক্য নাথাকে।

যি সংবিধান সহজ প্ৰক্ৰিয়াৰে সংশোধন কৰিব নোৱাৰি তাক অনমনীয় সংবিধান বোলে৷

(গ) সংবিধানে ৰাষ্ট্ৰ পৰিচালনাত কেনেদৰে সহায় কৰে লিখা।
উত্তৰ : সংবিধান হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি-নিয়মৰ এখন সংকলন। সংবিধানে ৰাষ্ট্ৰ পৰিচালনাত নিম্নোল্লেখিত ধৰণে সহায় কৰে -
(ক) ৰাষ্ট্ৰ এখনত বিভিন্ন জাতি-উপজাতি, ভাষা, সংস্কৃতি, বিশ্বাস, ধর্ম আদিৰ লোক বসবাস কৰে। সিহঁতৰ চিন্তা-ধাৰা, আবেগ-অনুভূতি একে নহয়৷ সেয়ে সিহঁতৰ মাজত সংগতি ৰাখি ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কিছু উমৈহতীয়া নীতি নিয়মৰ প্ৰয়োজন। সংবিধানে সেই প্রয়োজন পূৰণ কৰিব পাৰে।
(খ) ৰাষ্ট্ৰ এখনৰ অতি গুৰুত্বপূৰ্ণ অংগ হ’ল ইয়াৰ চৰকাৰ৷ দেশ এখনৰ চৰকাৰ কিদৰে গঠন হ’ব আৰু পৰিচালিত হ’ব সেয়া সংবিধানে নিৰূপণ কৰি দিয়ে। সংবিধান অবিহনে এয়া সম্ভৱ নহয়৷
(গ) দেশ এখনৰ নাগৰিকসকলৰ প্ৰতিভা বিকাশ, ব্যক্তিত্বৰ প্ৰকাশ আদিৰ বাবে কিছুমান সুযোগ-সুবিধা থকাৰ প্রয়োজন৷ সংবিধানে এই সুযোগ-সুবিধাসমূহ স্পষ্ট কৰি দিয়ে।
(ঘ) সংবিধানে দেশৰ বিভিন্ন অংশ বা বিভাগৰ মাজত সম্পৰ্ক, ক্ষমতা আৰু কাৰ্য নিৰূপণ কৰি দিয়ে।
(ঙ) সংবিধানে দেশ এখনৰ চৰকাৰ বা শাসক পক্ষ স্বেচ্ছাচাৰী হোৱাৰ পৰা সুৰক্ষা দিয়ে। এনেদৰে সংবিধানে ৰাষ্ট্ৰ পৰিচালনাত সহায় কৰে।

(ঘ) মানুহৰ ব্যক্তিত্ব বিকাশত সংবিধানে কি ভূমিকা পালন কৰে?
উত্তৰ : মানুহৰ ব্যক্তিত্বৰ বিকাশৰ বাবে কিছুমান সুযোগ-সুবিধা পোৱাৰ প্ৰয়োজন আছে। উদাহৰণ স্বৰূপে ব্যক্তিত্ব বিকাশৰ বাবে শিক্ষা দীক্ষা গ্ৰহণৰ প্ৰয়োজন। কিন্তু সমাজ বা অঞ্চল ভেদে শিক্ষাৰ বিষয় আৰু সমলৰ পাৰ্থক্য আছে। সেই পার্থক্য অনুযায়ী কিদৰে ব্যক্তিয়ে শিক্ষা লাভ কৰিব আৰু সুবিধা লাভ কৰিব সেয়া সংবিধানে নিৰূপণ কৰি দিয়ে। সংবিধানে নাগৰিকৰ অধিকাৰৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে ৰাষ্ট্ৰৰ বাবে নাগৰিকৰ কৰ্তব্যৰ বিষয়েও নিৰ্দেশনা দিয়ে । কাৰণ অধিকাৰ ভোগ কৰিব পাৰিলেহে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটাব পাৰে৷ নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত কোনো অন্তৰায় বা বাধাৰ সৃষ্টি হ’লে সংবিধানে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰে! এনেদৰে সংবিধানে মানুহৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।

(ঙ) ম্যানমাৰত কেনেদৰে গণতন্ত্র প্রতিষ্ঠা হৈছে চমুকৈ লিখা।
উত্তৰ : ম্যানমাৰত বিংশ শতাব্দীৰ পঞ্চম দহকলৈ ৰাজতন্ত্ৰ আছিল। ইয়াত ১৯৪৮ চনত গণতন্ত্ৰ প্ৰৱৰ্তন হয়। কিন্তু ১৯৬২ চনত এক সামৰিক অভ্যুত্থানত গণতন্ত্ৰৰ পতন ঘটে আৰু সামৰিক বাহিনীৰ একনায়কত্ব প্রতিষ্ঠা হয়। কিন্তু জনসাধাৰণে সামৰিক একনায়কত্ব ভাল নোপোৱাৰ বাবে আং ছান চ্যু কী নামৰ এজন নেত্ৰীৰ অধীনত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম আৰম্ভ কৰে। অৱশেষত ২০১৫ চনত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় আৰু আং ছন ছ্যুকীৰ গণতান্ত্রিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু গণতান্ত্ৰিক চৰকাৰ গঠন হয়।

(চ) আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংবিধানৰ গুৰুত্বৰ বিষয়ে লিখা।
উত্তৰ : সংবিধান হৈছে দেশ এখনৰ পৰিচালনাৰ নীতি-নিয়ম সম্বলিত এখন দলিল। দেশত সুশাসন প্রতিষ্ঠাৰ বাবে সংবিধানৰ অতীব প্রয়োজন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সংবিধানৰ গুৰুত্ব আছে। কাৰণ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক স্থাপনৰ বাবে কিছু নীতি নিয়মৰ মাজেদি আগবাঢ়িব লাগে। অন্যথা সম্পর্ক স্থাপনত ব্যঘাত জন্মিব বা সেয়া স্থায়ী নহ’ব। উদাহৰণস্বৰূপে কোনো বিদেশী ৰাষ্ট্ৰৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিবলৈ হ'লে আমি সেইদেশৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া নীতিৰ ভিতৰত থাকিহে সম্পর্ক স্থাপন কৰিব পাৰো।

৩। বহলাই আলোচনা কৰা :

(ক) সংবিধান কাক বোলে বহলাই আলোচনা কৰা।
উত্তৰ : সংবিধান (Constitution) শব্দটো লেটিন ভাষাৰ 'Constiture' শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল প্ৰতিষ্ঠা কৰা বা গঠন কৰা। এই শব্দটো ৰোমান আইনত পোন প্ৰথমতে ব্যৱহাৰ কৰা হৈছিল। ৰোমান আইন অনুসৰি Constiture শব্দটোৰ অৰ্থ হৈছে শক্তিমান ৰজাৰ আদেশ আৰু কাৰ্যাৱলী। গ্রীক দার্শনিক এৰিষ্ট'টলে সংবিধানৰ প্ৰথম সংজ্ঞা আগবঢ়াইছিল৷ তেওঁৰ মতে, ‘সংবিধান হৈছে জীৱন নিৰ্বাহৰ বাবে এটা প্ৰণালী যি ৰাষ্ট্ৰই নিজৰ বাবে পচন্দ কৰি লয়।’ সাধাৰণ অৰ্থত সংবিধান বুলিলে দেশ পৰিচালনাৰ বাবে থকা নিয়ম- নীতিক বুজোৱা হয়। আগৰ যুগত সৰহভাগ দেশৰে কোনো লিখিত সংবিধান নাছিল। বর্তমান যুগত প্ৰায় সকলোবোৰ দেশৰে লিখিত সংবিধান আছে।

(খ) সংবিধানৰ পাচঁটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : সংবিধান হৈছে দেশ এখনৰ পৰিচালনাৰ নীতি-নিয়ম সম্বলিত এখন দলিল। সংবিধানৰ কিছুমান বৈশিষ্ট্য আছে, যথা -
(ক) সংবিধান আইনৰ ওপৰত প্ৰতিষ্ঠিত। ই নীতি-নিয়মৰ সমষ্টি।
(খ) সংবিধানে নাগৰিক অধিকাৰৰ ৰক্ষণাবেক্ষণ দিয়ে।
(গ) সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পর্ক নিৰ্ধাৰণ কৰে।
(ঘ) সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংবিধান পৰিবৰ্তন বা সংশোধন হয়।
(ঙ) সংবিধানে দেশ এখনৰ ৰাজনৈতিক আদর্শ বহন।

(গ) সংবিধানৰ উপযোগিতাৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা।
উত্তৰ : সংবিধান হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি-নিয়মৰ এখন সংকলন। সংবিধানে ৰাষ্ট্ৰ পৰিচালনাত নিম্নোল্লেখিত ধৰণে সহায় কৰে -
(ক) ৰাষ্ট্ৰ এখনত বিভিন্ন জাতি-উপজাতি, ভাষা, সংস্কৃতি, বিশ্বাস, ধৰ্ম আদিৰ লোক বসবাস কৰে। সিহঁতৰ চিন্তা-ধাৰা, আবেগ-অনুভূতি একে নহয়। সেয়ে সিহঁতৰ মাজত সংগতি ৰাখি ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কিছু উমৈহতীয়া নীতি নিয়মৰ প্ৰয়োজন। সংবিধানে সেই প্রয়োজন পূৰণ কৰিব পাৰে।
(খ) ৰাষ্ট্ৰ এখনৰ অতি গুৰুত্বপূৰ্ণ অংগ হ’ল ইয়াৰ চৰকাৰ৷ দেশ এখনৰ চৰকাৰ কিদৰে গঠন হ’ব আৰু পৰিচালিত হ’ব সেয়া সংবিধানে নিৰূপণ কৰি দিয়ে৷ সংবিধান অবিহনে এয়া সম্ভৱ নহয়।
(গ) দেশ এখনৰ নাগৰিকসকলৰ প্ৰতিভা বিকাশ, ব্যক্তিত্বৰ প্ৰকাশ আদিৰ বাবে কিছুমান সুযোগ-সুবিধা থকাৰ প্রয়োজন। সংবিধানে এই সুযোগ সুবিধাসমূহ স্পষ্ট কৰি দিয়ে।
(ঘ) সংবিধানে দেশৰ বিভিন্ন অংশ বা বিভাগৰ মাজত সম্পৰ্ক, ক্ষমতা আৰু কাৰ্য নিৰূপণ কৰি দিয়ে৷
(ঙ) সংবিধানে দেশ এখনৰ চৰকাৰ বা শাসক পক্ষ স্বেচ্ছাচাৰী হোৱাৰ পৰা সুৰক্ষা দিয়ে। এনেদৰে সংবিধানে ৰাষ্ট্ৰ পৰিচালনাত সহায় কৰে।

(ঘ) নমনীয় সংবিধান কাক বোলে? ইয়াৰ বৈশিষ্ট্যকেইটা উল্লেখ কৰা।
উত্তৰ : যি সংবিধান সহজতে সংশোধন কৰিব পাৰি তাকে নমনীয় সংবিধান বোলে৷ নমনীয় সংবিধানত সাংবিধানিক আইন আৰু ধাৰণ আইনৰ মাজত কোনো পার্থক্য নাথাকে। নমনীয় সংবিধানৰ কিছুমান বৈশিষ্ট্য আছে, যেনে -
(ক) নমনীয় সংবিধান সহজে সংশোধন কৰিব পাৰি।
(খ) নমনীয় সংবিধান লিখিত বা অলিখিত হ’ব পাৰে ।
(গ) নমনীয় সংবিধানৰ আইনসমূহ সাধাৰণ আইনৰ
(ঘ) নমনীয় সংবিধান ৰচনা বিভাগ আৰু আইন প্রণয়ন
উৎসৰ পৰা আহৰণ কৰা হয়। বিভাগৰ মাজত কোনো পার্থক্য নাথাকে।

(ঙ) অনমনীয় সংবিধান কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰ : যি সংবিধান সহজ প্রক্ৰিয়াৰে সংশোধন কৰিব নোৱাৰি তাক অনমনীয় সংবিধান বোলে। অনমনীয় সংবিধানৰ কিছুমান বৈশিষ্ট্য আছে, যেনে -
(ক) অনমনীয় সংবিধান সংশোধন পদ্ধতি অতি জটিল।
(খ) অনমনীয় সংবিধান দেশ এখনৰ সৰ্বোচ্চ ন্যায়ালয়েহে ব্যাখ্যা কৰিব পাৰে ৷
(গ) সাংবিধানিক আইন সাধাৰণ আইনতকৈ শ্রেষ্ঠ।
(ঘ) সাংবিধানিক আইন বিশেষ গোটে প্ৰণয়ন কৰে।

(চ) বৈশিষ্ট্যসহ লিখিত সংবিধানৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : যিবোৰ সংবিধান কোনো সংবিধান সভাৰ দ্বাৰা প্ৰণয়ন কৰা হয় আৰু ৰাষ্ট্ৰৰ দ্বাৰা বলবৎ কৰা হয় সেইবোৰ সংবিধানক লিখিত সংবিধান বোলে৷ পৃথিৱীৰ সৰহভাগ দেশৰ সংবিধান লিখিত ৰূপত আছে। লিখিত সংবিধানৰ কিছুমান বৈশিষ্ট্য আছে, যেনে -
(ক) লিখিত সংবিধান স্থায়ী হয়।
(খ) লিখিত সংবিধান সাধাৰণতে অনমনীয় হয় অর্থাৎ এনে সংবিধান সহজে সংশোধন কৰিব নোৱাৰি৷
(গ) লিখিত সংবিধান স্পষ্ট আৰু নির্দিষ্ট হয়।
(ঘ) লিখিত সংবিধান কোনো নির্বাচিত বা নির্দিষ্ট সংবিধান, সভাৰ দ্বাৰা লিখা হয় আৰু ৰাষ্ট্ৰৰ দ্বাৰা বলবৎ কৰা হয়।

(ছ) অলিখিত সংবিধান কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰ : যি সংবিধানৰ কোনো লিখিত ৰূপ নাই, কিন্তু দেশৰ পৰম্পৰা, লোকাচাৰ, ৰীতি-নীতি, ইতিহাস, অভ্যাস আদিৰ ওপৰত প্রতিষ্ঠিত তেনে সংবিধানক অলিখিত সংবিধান বোলে। ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান। অলিখিত সংবিধানৰ কিছুমান বৈশিষ্ট্য আছে, যেনে -
(ক) অলিখিত সংবিধান দেশ এখনত প্ৰচলিত থকা প্ৰথা-পদ্ধতি, পৰম্পৰা, ৰীতি-নীতি, ঐতিহ্য আদিৰ ওপৰত প্রতিষ্ঠিত।
(খ) এনে সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে।
(গ) অলিখিত সংবিধান কোনো নির্দিষ্ট সময়ত লিখা নহয়৷ ই সময়ৰ গতিত গঢ় লয়।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু বাক্যটো পুনৰ লিখা।

(ক) সংবিধান অবিহনে এখন ৰাষ্ট্ৰ সুকলমে চলিব পাৰে/নোৱাৰে।
উত্তৰ : সংবিধান অবিহনে এখন ৰাষ্ট্ৰ সুকলমে চলিব নোৱাৰে।

(খ) ভাৰতবৰ্ষৰ সংবিধান লিখিত/ অলিখিত।
উঃ ভাৰতবৰ্ষৰ সংবিধান লিখিত।

(গ) আং ছান ছু কীয়ে ন'বেল বঁটা পায় ১৯৯১/১৯৮১ চনত।
উত্তৰ : আং ছান ছু কীয়ে ন'বেল বঁটা পায় ১৯৯১চনত৷

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন নমনীয়/ অনমনীয়।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমনীয়।

(ঙ) সংবিধান (constitution) শব্দটো লেটিন/ গ্রীক ভাষাৰ পৰা লোৱা হৈছে।
উত্তৰ : সংবিধান (constitution) শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে।

Updated on 23rd December 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments