(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১৫
বিশ্বশান্তি আৰু ৰাষ্ট্ৰসংঘ
আদর্শ প্রশ্নমালা :
১। অতি চমু উত্তৰ লিখা :
(ক) কোন চনত প্ৰথম বিশ্ব যুদ্ধ হৈছিল?উত্তৰ : ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল।
(খ) জাতিসংঘ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ : জাতিসংঘ ১৯২০ চনত স্থাপন কৰা হৈছিল।
(গ) আন্তর্জাতিক ৰাষ্ট্ৰসংঘ কিমান চনত কোন তাৰিখে স্থাপন কৰা হৈছিল?
উত্তৰ : আন্ত:ৰ্জাতিক ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰত স্থাপন কৰা হৈছিল।
(ঘ) ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ : ২৪ অক্টোবৰত ‘ৰাষ্ট্ৰসংঘ দিৱস’ পালন কৰা হয়।
(ঙ) ৰাষ্ট্ৰসংঘৰ চদনত কিমানটা অনুচ্ছেদ আছে?
উত্তৰ : ৰাষ্ট্ৰসংঘৰ চনদত ১১১ টা অনুচ্ছেদ আছে।
(চ) ৰাষ্ট্ৰসংঘৰ কোনটো অংগক ‘সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ' বুলি কোৱা হয়?
উত্তৰ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক ‘ৰাষ্ট্ৰসংঘৰ সংসদ’ বুলি কোৱা হয়।
(ছ) কেতিয়া সদস্য ৰাষ্ট্ৰ এখনক ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰিব পাৰি?
উত্তৰ : কোনো সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি-নিয়ম ভংগ কৰিলে বা চনদৰ বহির্ভূত কাম কৰিলে ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰা হয়।
(জ) শান্তিৰ কাৰণে ঐক্য’ প্ৰস্তাৱ কি ?
উত্তৰ : ‘শান্তিৰ কাৰণে ঐক্য' প্ৰস্তাৱৰ জৰিয়তে সাধাৰণ পৰিষদে নিৰাপত্তা পৰিষদক পৰামৰ্শ দিব পাৰে।
(ঝ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন কি কি?
উত্তৰ : নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল - আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, চীন, ইংলেণ্ড আৰু ফ্রান্স।
(ঞ) ভেট’ কাক বোলে?
উত্তৰ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এখন সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে। নিৰাপত্তা পৰিষদৰ একোটা সিদ্ধান্তৰ বাবে সকলো স্থায়ী সদস্য ৰাষ্ট্ৰৰ সন্মতিৰ প্ৰয়োজন। এই স্থায়ী সদস্য ৰাষ্ট্ৰৰ কোনো এটা অসন্মত হ’লে বাকীবোৰ ৰাষ্ট্ৰই লোৱা সিদ্ধান্ত বাতিল হয়। স্থায়ী সদস্য ৰাষ্ট্ৰৰ এই ক্ষমতাকে ভেট’ বোলা হয়।
(ট) ন্যাসৰক্ষী পৰিষদৰ এটা কাৰ্য লিখা।
উত্তৰ : ন্যাসৰক্ষী পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা অংগ। ইয়াৰ এটা কাৰ্য হ’ল - পিছপৰা জাতিসমূহৰ উন্নয়ন সাধন কৰা।
(ঠ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় ন্যায়ালৰ ন্যায়াধীশসকলৰ কাৰ্যকাল ৯ বছৰ।
(ড) সচিব প্রধানৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ : সচিব প্রধানৰ কাৰ্যকাল ৫ বছৰ।
(ঢ) ৰাষ্ট্ৰসংঘৰ বাজেট কোনে প্রস্তুত কৰে?
উত্তৰ : সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ বাজেট প্রস্তুত কৰে।
(ণ) ছার্ক (SAARC) ৰ সম্পূৰ্ণ নামটো লিখা।
উত্তৰ : South Asian Association of Regional Cooperation.
(ত) ছাৰ্ক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ছাৰ্ক ১৯৮৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
২। উত্তৰ লিখা :
(ক) কি পৰিস্থিতিত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল?উত্তৰ : বিগত শতিকাটোত বিশ্বই দুটা মহাসমৰৰ সন্মুখীন হৈছিল। মহাসমৰ দুখনত বিভিন্ন দেশে বহুত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাৰ উপৰিও কেইবা মিলিয়ন মানুহৰ মৃত্যু হৈছিল। মৃত্যুৰ বিভীষিকা দেখা পাই বিশ্বৰ কেইখনমান শান্তিপ্ৰিয় ৰাষ্ট্ৰৰ মুৰব্বীসকলে বিশ্বৰ জনসাধাৰণক যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰথমখন মহাসমৰৰ পিছত ১৯২০ চনৰ ১০ জানুৱাৰীত ‘জাতিসংঘ’ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ জন্ম দিছিল। কিন্তু ইয়াৰ মাত্ৰ বিশ বছৰ পিছত বিশ্বই দ্বিতীয়খন মহাসমৰৰ সন্মুখীন হয়। প্রথমখন মহাসমৰতকৈ দ্বিতীয়খন মহাসমৰত বহুত বেছি মানুহৰ জীৱন নাশ হৈছিল। সেয়ে পৃথিৱীখনক অধিক'ক্ষতি আৰু ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ জাতিসংঘৰ লক্ষ্য আৰু উদ্দেশ্যৰ আধাৰতে অন্য এটা নতুন সংস্থা গঠনৰ বাবে বিশ্বৰ নেতাসকলে চেষ্টা কৰে। এই চেষ্টাৰ প্রথম পদক্ষেপ হিচাপে ১৯৪১ চনৰ ১২ জুনত ইংলেণ্ড, অস্ট্রেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাই লণ্ডনত মিলিত হয় আৰু ‘লণ্ডন ঘোষণাপত্ৰ’ত স্বাক্ষৰ কৰে। আকৌ ১৯৪৩ চনত একে উদ্দেশ্য আগত ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ছোভিয়েট ৰাছিয়া আৰু চীন মস্কে৷ চহৰত মিলিত হৈ ‘মস্কো ঘোষণাপত্ৰ’ত চহী কৰে। ইয়াৰ ইয়াৰ পিছত ১৯৪৫ চনত কেইখনমান ৰাষ্ট্ৰৰ উদ্দ্যোগত চানফ্রান্সিছকোত সন্মিলন পাতি ‘ৰাষ্ট্ৰসংঘ’ গঠনৰ সিদ্ধান্ত লয়। একে বছৰৰ ২৪ অক্টোবৰত দ্বিতীয়, নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান, আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে। অৱশ্যে এনে নিযুক্তিৰ বাবে সাধাৰণ পৰিষদৰ অনুমোদন লাগে।
(চ) আন্তর্জাতিক ন্যায়ালয়ে কেনেকুৱা ধৰণৰ বিবাদ বিচাৰ কৰে?
উত্তৰ : ৰাষ্ট্ৰসংঘৰ বিচাৰ বিভাগীয় অংগটো হ’ল আন্তর্জাতিক ন্যায়ালয়। এই ন্যায়ালয়ৰ প্ৰধান কাম হ’ল আন্তর্জাতিক আইন আৰু ন্যায়ৰ মাজেদি আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰা।
(ছ) ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণকেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ৰাষ্ট্ৰসংঘৰ অভিকৰণ অৰ্থাৎ অংগ মুঠ ছয়টা,
যথা -
(১) সাধাৰণ পৰিষদ
(২) নিৰাপত্তা পৰিষদ
(৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ
(৪) ন্যাসৰক্ষী পৰিষদ
(৫) আন্তর্জাতিক ন্যায়ালয় আৰু
(৬) সচিবালয়।
তলত এই অভিকৰণকেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল -
(১) সাধাৰণ পৰিষদ :
ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ ভিতৰত সাধাৰণ পৰিষদ অন্যতম। ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰৰে এই পৰিষদ গঠিত। প্রতি সদস্য ৰাষ্ট্ৰই এই পৰিষদলৈ পাঁচজনকৈ সদস্য পঠাব পাৰে যদিও একোখন ৰাষ্ট্ৰৰ মাথোন এটাকৈ ভোট থাকে৷ সাধাৰণ পৰিষদৰ অধিবেশন বছৰেকত এবাৰ অনুষ্ঠিত কৰা হয়। প্রয়োজন অনুসাৰে সচিব প্ৰধানে বিশেষ অধিবেশন আমন্ত্ৰণ কৰিব পাৰে। প্ৰতি অধিবেশনৰ বাবে এজন সভাপতি আৰু কেইজনমান উপ-সভাপতি বাছি লোৱা হয়।
সাধাৰণ পৰিষদৰ কিছু নির্দিষ্ট কাৰ্য আৰু ক্ষমতা আছে, যেনে -
(১) ৰাষ্ট্ৰসংঘৰ সকলো চনদত উল্লেখ থকা সকলো বিষয়তে ই আলোচনা কৰিব পাৰে আৰু নিৰাপত্তা পৰিষদলৈ ই পৰামৰ্শ আগবঢ়াব পাৰে। ই কোনো বিষয়ত নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
(২) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে কিছু নীতি নিৰ্ধাৰণ কৰিব পাৰে। ই সদস্য ৰাষ্ট্ৰসমূহক মানৱ অধিকাৰৰ বিষয়েও নির্দেশ দিব পাৰে।
(৩) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ অন্যান্য অংগসমূহৰ কাৰ্য পৰিদৰ্শন কৰিব পাৰে৷ ৰাষ্ট্ৰসংঘৰ বাকীবোৰ অংগৰ নিজৰ বছৰেকীয়া প্ৰতিবেদন সাধাৰণ পৰিষদত দাখিল কৰিব লাগে। সেইদৰে সচিব প্রধানেও বছৰেকীয়া প্রতিবেদন সাধাৰণ পৰিষদত দাখিল কৰিব লাগে।
(৪) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ বাজেট গ্ৰহণ কৰিব লাগে। ইয়াৰ বাজেট এই সভাই গ্ৰহণ নকৰিলে কাৰ্যকৰী নহয়।
(৫) সাধাৰণ পৰিষদে নিৰাপত্তা পৰিষদৰ লগলাগি সচিব প্রধান আৰু আন্তর্জাতিক ন্যায়ালয়ৰ বিচাৰকসকলক নির্বাচন কৰে।
(৬) ৰাষ্ট্ৰসংঘৰ চনদৰ সংশোধন ক্ষমতা সাধাৰণ পৰিষদৰ হাতত ন্যাস্ত আছে। চনদৰ সংশোধন কৰিবৰ বাবে দুই-তৃতীয়াংশ ভোটত গৃহীত হোৱাৰ উপৰিও নিৰাপত্তা পৰিষদৰ সকলো সদস্যই অনুমোদন জনাব লাগে।
(২) নিৰাপত্তা পৰিষদ :
ৰাষ্ট্ৰসংঘৰ এক উল্লেখযোগ্য অংগ হৈছে নিৰাপত্তা পৰিষদ। ই ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা স্বৰূপ। নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ উপৰিও আন দহখন ৰাষ্ট্ৰক দুবছৰৰ বাবে অস্থায়ী সদস্য হিচাপে নির্বাচন কৰা হয়। দুবছৰ পাৰ হ'লে অস্থায়ী সদস্যসকল পুনৰবাৰ নিৰ্বাচিত হ’ব নোৱাৰে। প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এজন সদস্যহে নিৰাপত্তা পৰিষদলৈ পঠাব পাৰে। এখন সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে। নিৰাপত্তা পৰিষদৰ একোটা সিদ্ধান্তৰ বাবে সকলো সদস্যৰ সন্মতিৰ প্ৰয়োজন। স্থায়ী সদস্য ৰাষ্ট্ৰ এখন অসন্মত হ’লে বাকী সকলোবোৰ ৰাষ্ট্ৰই লোৱা সিদ্ধান্ত বাতিল হয়। স্থায়ী সদস্যৰ এই ক্ষমতাক ‘ভেটো’ ক্ষমতা বুলি কোৱা হয়৷ নিৰাপত্তা পৰিষদৰ কাৰ্য আৰু ক্ষমতা নিম্নৰূপ-প্ৰথমত, আন্তর্জাতিক নিৰাপত্তা আৰু শান্তি অক্ষুন্ন ৰখা। সচিব প্ৰধানে পৃথিৱীত শান্তি আৰু নিৰাপত্তাত ব্যাঘ্যাত জন্মাব পৰা যিকোনো ঘটনা বা বিবাদৰ প্ৰতি নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে৷ যিকোনো দুই ৰাষ্ট্ৰৰ মাজত বিবাদ দেখা দিলে নিৰাপত্তা পৰিষদৰ কাষ চাপিব পাৰে। যদি কোনো দুখন ৰাষ্ট্ৰই শান্তিপূর্ণ উপায়েৰে আৰু আলাপ-আলোচনাৰ মাজেৰে বিবাদ নিস্পত্তি কৰিবলৈ আগ্ৰহী নহয়, তেন্তে সেই বিবাদমান ৰাষ্ট্ৰকেইখনৰ লগত থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পর্ক ছিন্ন কৰিব পাৰে। নাইবা সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। দ্বিতীয়, নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান, আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে। অৱশ্যে এনে নিযুক্তিৰ বাবে সাধাৰণ পৰিষদৰ অনুমোদন লাগে।
তৃতীয়তে, ৰাষ্ট্ৰসংঘত নতুন সদস্য ৰাষ্ট্ৰ অন্তৰ্ভুক্ত কৰিবলৈ হ'লে বা কোনো ৰাষ্ট্ৰৰ সদস্য পদ অপসাৰণ কৰিবলৈ নিৰাপত্তা পৰিষদৰ ভূমিকা আছে। গতিকে দেখা যায় নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক ক্ষমতাশালী অংগ।
(৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ :
বিশ্বৰ বিভিন্ন অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ এই পৰিষদ গঠন কৰা হৈছে। আৰম্ভণিতে ইয়াৰ সদস্য সংখ্যা আছিল ১৮ জন। ১৯৬৫ চনত ইয়াৰ সদস্য ২৭ জনলৈ বৃদ্ধি কৰা হয় ৷ নিৰাপত্তা পৰিষদৰ সকলো সদস্য ইয়াৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আহে। এই সদস্যসকলৰ এক তৃতীয়াংশই প্রতিবছৰ অৱসৰ গ্ৰহণ কৰে।
এই পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে -
(ক) সকলো ধৰণৰ অৰ্থনৈতিক, সামাজিক,আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যা সমাধান কৰা।
(খ) জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।
(গ) সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত আন্তর্জাতিক সহযোগিতাৰ বাবে কাম কৰা।
(ঘ) সকলো লোকৰ বাবে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ উন্নয়ন সাধন কৰা।
(ঙ) নিবনুৱা সমস্যা দূৰ কৰা ।
(চ) বিভিন্ন অঞ্চলৰ লোকৰ সামগ্রিক উন্নয়নৰ উদ্দেশ্যে আন্তর্জাতিক আয়োগ গঠন কৰা।
(৪) ন্যাসৰক্ষী পরিষদ :
ই পৰিষদে আন্তর্জাতিক ন্যাসৰক্ষী ব্যৱস্থা তদাৰকী কৰে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আৰু সাধাৰণ সভাই নির্বাচন কৰা প্ৰতিনিধিৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ ন্যাসবন্ধী পৰিষদ গঠন কৰা হয়। প্রতি সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে। প্রতিবছৰ এই পৰিষদে কমেও দুবাৰকৈ বৈঠক বহিব লাগে।
এই পৰিষদৰ কাৰ্য আৰু ক্ষমতা হ'ল -
(ক) পিছপৰা জাতিসমূহৰ উন্নয়ন।
(খ) মানৱ অধিকাৰৰ প্ৰতি মনোযোগ আকর্ষণ।
(গ) ৰাষ্ট্ৰসংঘৰ সৰু-বৰ সকলো সদস্যৰ প্ৰতি সমব্যৱহাৰ আৰু সমন্যায় নিশ্চিতকৰণ।
(ঘ) শিক্ষা, শান্তি, নিৰাপত্তা, সামাজিক উন্নতি আদি দিশত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা।
(৫) আন্তর্জাতিক ন্যায়ালয় :
ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ আন্তর্জাতিক ন্যায়ালয়ৰ সদস্য। এই ন্যায়লয়খনত ১৫ জন ন্যায়াধীশ আছে। সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে ন্যায়াধীশসকলক নির্বাচন কৰে। এখন দেশৰ পৰা মাত্ৰ এজন ন্যায়াধীশহে নির্বাচিত হ’ব পাৰে। ন্যায়াধীশৰ কাৰ্যকাল ৯ বছৰ। কাৰ্যকাল শেষ হোৱাৰ পিছতো পুনৰ নিৰ্বাচিত হ’ব পাৰে। প্রতি তিনি বছৰৰ মূৰে মূৰে এক তৃতীয়াংশ ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰিব লাগে। ন্যায়ধীশসকলৰ মাজৰ পৰা এজনক অধ্যক্ষ আৰু এগৰাকীক উপাধ্যক্ষ বাছি ল’ব লাগে। আন্তর্জাতিক ন্যায়ালয়ে বিভিন্ন দেশৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰে। ব্যক্তিগত বিচাৰ বা কোনো ব্যক্তিৰ সতে হোৱা কোনো ৰাষ্ট্ৰৰ ভিতৰুৱা বিবাদ এই ন্যায়ালয়ে বিচাৰ নকৰে। এই ন্যায়ালয়ে আন্তর্জাতিক আইন, সন্ধি আদিৰ ব্যাখ্যা আগবঢ়াব পাৰে। প্রয়োজন সাপেক্ষে সাধাৰণ পৰিষদে এই ন্যায়ালয়ৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে।
(৬) সচিবালয় :
সচিবালয় ৰাষ্ট্ৰসংঘৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত ইয়াৰ সদৰ কাৰ্যালয় অৱস্থিত। ই ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ব্যৱস্থাৰ তদাৰক কৰে। অন্যান্য অংগসমূহৰ কাম-কাজত সচিবালয়ে সহযোগিতা আগবঢ়ায় ৷ সচিবালয়ত এজন সচিব প্রধান আৰু ইয়াৰ নিম্নস্থ আঠোটা বিভাগৰ বাবে একোজনকৈ সহকাৰী সচিব আৰু অন্যান্য কর্মকর্তাসকল থাকে। সচিব প্ৰধানজনক নিৰাপত্তা পৰিষদৰ মনোনয়ন মতে সাধাৰণ পৰিষদে নিয়োগ কৰে। আকৌ সচিব প্রধানে বাকী সহকাৰী সচিব আৰু সচিবালয়ৰ অন্যান্য বিষয়া কৰ্মচাৰীক নিয়োগ কৰে। সচিব প্ৰধানজনৰ কাৰ্যকালৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ চনদত কোনো উল্লেখ নাই। তেওঁক সহায় কৰিবলৈ ২৪ জন উচ্চ পৰ্যায়ৰ বিষয়া আছে।
সচিব প্রধানজনে তলত দিয়া কাৰ্য ক্ষমতা ভোগ কৰে -
(১) সচিব প্ৰধানে ৰাষ্ট্রসংঘৰ প্ৰধান অংগসমূহৰ বৈঠকবিলাকত উপস্থিত থাকিব লাগে আৰু এই বৈঠকবিলাকত তেওঁৰ ওপৰত ন্যাস্ত কৰা কাৰ্যসমূহ সম্পাদন কৰিব লাগে।
(২) তেওঁ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ মাজত সমন্বয় সাধন কৰিব লাগে। তদুপৰি ৰাষ্ট্ৰসংঘৰ যিবোৰ বিশেষ ধৰণৰ এজেঞ্চি আছে সেইবোৰৰ কাৰ্যও নিৰীক্ষণ কৰিব লাগে।
(৩) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট সচিব প্ৰধানৰ তদাৰকত প্ৰস্তুত কৰা হয়।
(৪) তেওঁ ৰাষ্ট্ৰসংঘৰ অধিবেশনবোৰ অনুষ্ঠিত কৰাৰ স্থান, সময় আদি নিৰ্ণয় কৰিব লাগে। আনকি এনে অধিবেশনত কি কি বিষয় আলোচনা হ’ব তাৰো নিৰ্ণয় কৰিব লাগে।
(৫) তেওঁ ৰাষ্ট্ৰসংঘ তথা অংগসমূহৰ বছৰেকীয়া প্রতিবেদন প্রস্তুত কৰি সাধাৰণ পৰিষদৰ সভাত উত্থাপন কৰিব লাগে। তেওঁ সহ-সচিব আৰু অন্যান্য বিষয়াবৰ্গক নিয়োগ কৰিব লাগে।
(৭) তেওঁ আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ তদাৰক কৰিব লাগে।
(ঝ) ছাৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ‘ছাৰ্ক’ হৈছে দক্ষিণ এছিয়াৰ কেইখনমান দেশৰ সহযোগিতামূলক অনুষ্ঠান। ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে দক্ষিণ এছিয়া মাণ্ডলিক সহযোগিতা। ই ১৯৮৫ চনত স্থাপতি হয়। ইয়াৰ সদৰ কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত।
৩। বহলাই আলোচনা কৰা :
(ক) ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ লিখা।উত্তৰ : আন্ত:র্জাতিক শান্তি আৰু শৃঙ্খলা ৰক্ষাৰ উদ্দেশ্যে ১৯৪৬ চনত ৰাষ্ট্ৰসংঘ গঠন হয়। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিবিষ্ট কৰা হৈছে, যথা :
(ক) আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা৷
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা৷
(গ) আন্ত:ৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা৷
(ঘ) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা।
(খ) ৰাষ্ট্ৰসংঘৰ পাঁচটা নীতি উল্লেখ কৰা৷
উত্তৰ : ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ হ'ল -
(ক) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ’ব।
(খ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
(গ) আন্ত:ৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব৷
(ঘ) আন্ত:র্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব ৷
(ঙ) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।
(গ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিষয়ে এটা টোকা প্রস্তুত কৰা।
উত্তৰ :
সাধাৰণ পৰিষদ :
ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ ভিতৰত সাধাৰণ পৰিষদ অন্যতম। ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰৰে এই পৰিষদ গঠিত। প্রতি সদস্য ৰাষ্ট্ৰই এই পৰিষদলৈ পাঁচজনকৈ সদস্য পঠাব পাৰে যদিও একোখন ৰাষ্ট্ৰৰ মাথোন এটাকৈ ভোট থাকে৷ সাধাৰণ পৰিষদৰ অধিবেশন বছৰেকত এবাৰ অনুষ্ঠিত কৰা হয়। প্রয়োজন অনুসাৰে সচিব প্ৰধানে বিশেষ অধিবেশন আমন্ত্ৰণ কৰিব পাৰে। প্ৰতি অধিবেশনৰ বাবে এজন সভাপতি আৰু কেইজনমান উপ-সভাপতি বাছি লোৱা হয়।
সাধাৰণ পৰিষদৰ কিছু নির্দিষ্ট কাৰ্য আৰু ক্ষমতা আছে, যেনে -
(১) ৰাষ্ট্ৰসংঘৰ সকলো চনদত উল্লেখ থকা সকলো বিষয়তে ই আলোচনা কৰিব পাৰে আৰু নিৰাপত্তা পৰিষদলৈ ই পৰামৰ্শ আগবঢ়াব পাৰে। ই কোনো বিষয়ত নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
(২) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে কিছু নীতি নিৰ্ধাৰণ কৰিব পাৰে। ই সদস্য ৰাষ্ট্ৰসমূহক মানৱ অধিকাৰৰ বিষয়েও নির্দেশ দিব পাৰে।
(৩) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ অন্যান্য অংগসমূহৰ কাৰ্য পৰিদৰ্শন কৰিব পাৰে৷ ৰাষ্ট্ৰসংঘৰ বাকীবোৰ অংগৰ নিজৰ বছৰেকীয়া প্ৰতিবেদন সাধাৰণ পৰিষদত দাখিল কৰিব লাগে। সেইদৰে সচিব প্রধানেও বছৰেকীয়া প্রতিবেদন সাধাৰণ পৰিষদত দাখিল কৰিব লাগে।
(৪) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ বাজেট গ্ৰহণ কৰিব লাগে। ইয়াৰ বাজেট এই সভাই গ্ৰহণ নকৰিলে কাৰ্যকৰী নহয়।
(৫) সাধাৰণ পৰিষদে নিৰাপত্তা পৰিষদৰ লগলাগি সচিব প্রধান আৰু আন্তর্জাতিক ন্যায়ালয়ৰ বিচাৰকসকলক নির্বাচন কৰে।
(৬) ৰাষ্ট্ৰসংঘৰ চনদৰ সংশোধন ক্ষমতা সাধাৰণ পৰিষদৰ হাতত ন্যাস্ত আছে। চনদৰ সংশোধন কৰিবৰ বাবে দুই-তৃতীয়াংশ ভোটত গৃহীত হোৱাৰ উপৰিও নিৰাপত্তা পৰিষদৰ সকলো সদস্যই অনুমোদন জনাব লাগে।
(ঘ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা।
উত্তৰ :
নিৰাপত্তা পৰিষদ :
ৰাষ্ট্ৰসংঘৰ এক উল্লেখযোগ্য অংগ হৈছে নিৰাপত্তা পৰিষদ। ই ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা স্বৰূপ। নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ উপৰিও আন দহখন ৰাষ্ট্ৰক দুবছৰৰ বাবে অস্থায়ী সদস্য হিচাপে নির্বাচন কৰা হয়। দুবছৰ পাৰ হ'লে অস্থায়ী সদস্যসকল পুনৰবাৰ নিৰ্বাচিত হ’ব নোৱাৰে। প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এজন সদস্যহে নিৰাপত্তা পৰিষদলৈ পঠাব পাৰে। এখন সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে।
নিৰাপত্তা পৰিষদৰ একোটা সিদ্ধান্তৰ বাবে সকলো সদস্যৰ সন্মতিৰ প্ৰয়োজন। স্থায়ী সদস্য ৰাষ্ট্ৰ এখন অসন্মত হ’লে বাকী সকলোবোৰ ৰাষ্ট্ৰই লোৱা সিদ্ধান্ত বাতিল হয়। স্থায়ী সদস্যৰ এই ক্ষমতাক ‘ভেটো’ ক্ষমতা বুলি কোৱা হয়৷ নিৰাপত্তা পৰিষদৰ কাৰ্য আৰু ক্ষমতা নিম্নৰূপ-প্ৰথমত, আন্তর্জাতিক নিৰাপত্তা আৰু শান্তি অক্ষুন্ন ৰখা। সচিব প্ৰধানে পৃথিৱীত শান্তি আৰু নিৰাপত্তাত ব্যাঘ্যাত জন্মাব পৰা যিকোনো ঘটনা বা বিবাদৰ প্ৰতি নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে৷ যিকোনো দুই ৰাষ্ট্ৰৰ মাজত বিবাদ দেখা দিলে নিৰাপত্তা পৰিষদৰ কাষ চাপিব পাৰে। যদি কোনো দুখন ৰাষ্ট্ৰই শান্তিপূর্ণ উপায়েৰে আৰু আলাপ-আলোচনাৰ মাজেৰে বিবাদ নিস্পত্তি কৰিবলৈ আগ্ৰহী নহয়, তেন্তে সেই বিবাদমান ৰাষ্ট্ৰকেইখনৰ লগত থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পর্ক ছিন্ন কৰিব পাৰে। নাইবা সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। দ্বিতীয়, নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান, আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে। অৱশ্যে এনে নিযুক্তিৰ বাবে সাধাৰণ পৰিষদৰ অনুমোদন লাগে।
তৃতীয়তে, ৰাষ্ট্ৰসংঘত নতুন সদস্য ৰাষ্ট্ৰ অন্তৰ্ভুক্ত কৰিবলৈ হ'লে বা কোনো ৰাষ্ট্ৰৰ সদস্য পদ অপসাৰণ কৰিবলৈ নিৰাপত্তা পৰিষদৰ ভূমিকা আছে। গতিকে দেখা যায় নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক ক্ষমতাশালী অংগ।
(ঙ) অর্থনৈতিক আৰু সামাজিক পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য বর্ণনা কৰা।
উত্তৰ :
অর্থনৈতিক আৰু সামাজিক পৰিষদ :
বিশ্বৰ বিভিন্ন অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ এই পৰিষদ গঠন কৰা হৈছে। আৰম্ভণিতে ইয়াৰ সদস্য সংখ্যা আছিল ১৮ জন। ১৯৬৫ চনত ইয়াৰ সদস্য ২৭ জনলৈ বৃদ্ধি কৰা হয় ৷ নিৰাপত্তা পৰিষদৰ সকলো সদস্য ইয়াৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আহে। এই সদস্যসকলৰ এক তৃতীয়াংশই প্রতিবছৰ অৱসৰ গ্ৰহণ কৰে।
এই পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে -
(ক) সকলো ধৰণৰ অৰ্থনৈতিক, সামাজিক,আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যা সমাধান কৰা।
(খ) জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।
(গ) সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত আন্তর্জাতিক সহযোগিতাৰ বাবে কাম কৰা।
(ঘ) সকলো লোকৰ বাবে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ উন্নয়ন সাধন কৰা।
(ঙ) নিবনুৱা সমস্যা দূৰ কৰা ।
(চ) বিভিন্ন অঞ্চলৰ লোকৰ সামগ্রিক উন্নয়নৰ উদ্দেশ্যে আন্তর্জাতিক আয়োগ গঠন কৰা।
(চ) ৰাষ্ট্ৰসংঘৰ সচিবালয়ে সম্পাদন কৰা কাৰ্য আৰু ক্ষমতাৰ বিষয়ে আলোচনা কৰা।
উত্তৰ :
সচিবালয় :
সচিবালয় ৰাষ্ট্ৰসংঘৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত ইয়াৰ সদৰ কাৰ্যালয় অৱস্থিত। ই ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ব্যৱস্থাৰ তদাৰক কৰে। অন্যান্য অংগসমূহৰ কাম-কাজত সচিবালয়ে সহযোগিতা আগবঢ়ায় ৷ সচিবালয়ত এজন সচিব প্রধান আৰু ইয়াৰ নিম্নস্থ আঠোটা বিভাগৰ বাবে একোজনকৈ সহকাৰী সচিব আৰু অন্যান্য কর্মকর্তাসকল থাকে। সচিব প্ৰধানজনক নিৰাপত্তা পৰিষদৰ মনোনয়ন মতে সাধাৰণ পৰিষদে নিয়োগ কৰে। আকৌ সচিব প্রধানে বাকী সহকাৰী সচিব আৰু সচিবালয়ৰ অন্যান্য বিষয়া কৰ্মচাৰীক নিয়োগ কৰে। সচিব প্ৰধানজনৰ কাৰ্যকালৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ চনদত কোনো উল্লেখ নাই। তেওঁক সহায় কৰিবলৈ ২৪ জন উচ্চ পৰ্যায়ৰ বিষয়া আছে।
সচিব প্রধানজনে তলত দিয়া কাৰ্য ক্ষমতা ভোগ কৰে -
(১) সচিব প্ৰধানে ৰাষ্ট্রসংঘৰ প্ৰধান অংগসমূহৰ বৈঠকবিলাকত উপস্থিত থাকিব লাগে আৰু এই বৈঠকবিলাকত তেওঁৰ ওপৰত ন্যাস্ত কৰা কাৰ্যসমূহ সম্পাদন কৰিব লাগে।
(২) তেওঁ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ মাজত সমন্বয় সাধন কৰিব লাগে। তদুপৰি ৰাষ্ট্ৰসংঘৰ যিবোৰ বিশেষ ধৰণৰ এজেঞ্চি আছে সেইবোৰৰ কাৰ্যও নিৰীক্ষণ কৰিব লাগে।
(৩) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট সচিব প্ৰধানৰ তদাৰকত প্ৰস্তুত কৰা হয়।
(৪) তেওঁ ৰাষ্ট্ৰসংঘৰ অধিবেশনবোৰ অনুষ্ঠিত কৰাৰ স্থান, সময় আদি নিৰ্ণয় কৰিব লাগে। আনকি এনে অধিবেশনত কি কি বিষয় আলোচনা হ’ব তাৰো নিৰ্ণয় কৰিব লাগে।
(৫) তেওঁ ৰাষ্ট্ৰসংঘ তথা অংগসমূহৰ বছৰেকীয়া প্রতিবেদন প্রস্তুত কৰি সাধাৰণ পৰিষদৰ সভাত উত্থাপন কৰিব লাগে। তেওঁ সহ-সচিব আৰু অন্যান্য বিষয়াবৰ্গক নিয়োগ কৰিব লাগে।
(৭) তেওঁ আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ তদাৰক কৰিব লাগে।
(ছ) আন্তর্জাতিক ন্যায়ালয়ৰ গঠন আৰু কাৰ্যৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা।
উত্তৰ :
আন্তর্জাতিক ন্যায়ালয় :
ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ আন্তর্জাতিক ন্যায়ালয়ৰ সদস্য। এই ন্যায়লয়খনত ১৫ জন ন্যায়াধীশ আছে। সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে ন্যায়াধীশসকলক নির্বাচন কৰে। এখন দেশৰ পৰা মাত্ৰ এজন ন্যায়াধীশহে নির্বাচিত হ’ব পাৰে। ন্যায়াধীশৰ কাৰ্যকাল ৯ বছৰ। কাৰ্যকাল শেষ হোৱাৰ পিছতো পুনৰ নিৰ্বাচিত হ’ব পাৰে। প্রতি তিনি বছৰৰ মূৰে মূৰে এক তৃতীয়াংশ ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰিব লাগে। ন্যায়ধীশসকলৰ মাজৰ পৰা এজনক অধ্যক্ষ আৰু এগৰাকীক উপাধ্যক্ষ বাছি ল’ব লাগে। আন্তর্জাতিক ন্যায়ালয়ে বিভিন্ন দেশৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰে। ব্যক্তিগত বিচাৰ বা কোনো ব্যক্তিৰ সতে হোৱা কোনো ৰাষ্ট্ৰৰ ভিতৰুৱা বিবাদ এই ন্যায়ালয়ে বিচাৰ নকৰে। এই ন্যায়ালয়ে আন্তর্জাতিক আইন, সন্ধি আদিৰ ব্যাখ্যা আগবঢ়াব পাৰে। প্রয়োজন সাপেক্ষে সাধাৰণ পৰিষদে এই ন্যায়ালয়ৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ৰাষ্ট্ৰসংঘৰ চদনত থকা অনুচ্ছেদ সংখ্যা হ’ল-(ক) ১১১
(খ) ২২২
(গ) ১২৩
উত্তৰ : (ক) ১১১
(ii) ‘ৰাষ্ট্ৰসংঘ’ দিৱস পালন কৰা হয়-
(ক) ২০ অক্টোবৰত
(খ) ২৪ অক্টোবৰত
(গ) ২৮ অক্টোবৰত
উত্তৰ : (খ) ২৪ অক্টোবৰত
(iii) ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হ’ল-
(ক) ৮ টা
(খ) ৭ টা
(গ) ৬ টা
উত্তৰ : (গ) ৬ টা
(iv) ‘ছাৰ্ক’ৰ সদব কাৰ্যালয় অৱস্থিত-
(ক) নতুন দিল্লীত
(খ) কাঠমাণ্ডুত
(গ) থিম্ফত
উত্তৰ : (খ) কাঠমাণ্ডুত
(v) আন্তর্জাতিক ন্যায়ালৰ ন্যায়াধীশৰ সংখ্যা হল-
(ক) ১০
(খ) ১৫
(গ) ২০
উত্তৰ : (খ) ১৫
Updated on 23rd December 2023
By :- J.A.C | B.Sc | Web/App Developer
0 Comments