(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১৬
অৰ্থবিজ্ঞান আৰু ইয়াৰ মৌলিক ধাৰণা
আদর্শ প্রশ্নমালা :
১। অতি চমু উত্তৰ লিখা :
(ক) অর্থবিজ্ঞান কাক বোলে?উত্তৰ : ব্যক্তি আৰু সমাজৰ বিত্তীয় কাম-কাজসমূহক প্রণালীবদ্ধভাৱে অধ্যয়ন কৰাকেই ‘অর্থবিজ্ঞান’ বোলে।
(খ)‘Oikonomia'’ শব্দটোৰ অৰ্থ লিখা।
উত্তৰ : ‘Oikonomia' শব্দটো গ্ৰীক শব্দ। শব্দটোৰ ‘Oikos অংশটোৱে ‘family’ (পৰিয়াল) আৰু ‘nomo’ অংশটোৱে ‘rules’ (শাসন) বুজায়।
(গ) অৰ্থবিজ্ঞানৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ : আদাম স্মিথ অৰ্থবিজ্ঞানৰ প্ৰতিষ্ঠাতা।
(ঘ) মানুহৰ আৰ্থিক কাৰ্যৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰ : সম্পত্তি আহৰণ কৰাটোৱেই মানুহৰ আৰ্থিক কাৰ্যৰ উদ্দেশ্য।
(ঙ) আদাম স্মিথে দিয়া অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ : আদাম স্মিথৰ মতে, “অৰ্থবিজ্ঞান হৈছে সম্পত্তিৰ বিজ্ঞান। ই সম্পত্তিৰ উৎপাদন, বিতৰণ, ভোগ আদি আলোচনা কৰে।”
(চ) অৰ্থবিজ্ঞানত বস্তু (দ্রব্য) কাক বোলে?
উত্তৰ : মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলো পণ্য সামগ্ৰী আৰু সেৱা কাৰ্যকে অৰ্থবিজ্ঞানত ‘দ্ৰব্য’ বা ‘বস্তু’ বোলা হয়।
(ছ) বস্তুৰ প্ৰকাৰ দুটা কি কি?
উত্তৰ : বস্তু বা দ্ৰব্যৰ প্ৰকাৰ দুটা হৈছে-
ভৌতিক দ্ৰব্য আৰু অভৌতিক দ্রব্য।
(জ) উপযোগিতাৰ অৰ্থ লিখা?
উত্তৰ : উপযোগিতাই কোনো বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক বুজায়।
(ঝ) উৎপাদন কাক বোলে?
উত্তৰ : কোনো বস্তুৰ নতুনকৈ উপযোগিতা অৰ্থাৎ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সৃষ্টি কৰাকে ‘উৎপাদন’ বোলে৷
(ঞ) চাহিদাৰ অৰ্থ প্ৰকাশ কৰা।
উত্তৰ : কোনো এক নির্দিষ্ট সময়ত মানুহে এক বিশেষ দামত বস্তু এবিধ যি পৰিমাণত কিনিবলৈ ইচ্ছা কৰে তাকে বস্তুবিধৰ ‘চাহিদা’ বোলে।
অর্থাৎ চাহিদা হবলৈ হ'লে প্ৰথমে বস্তু এবিধ কিনাৰ ইচ্ছা আৰু দ্বিতীয়তে কিনাৰ সামর্থ্য থাকিব লাগিব।
(ট) যোগান কাক বোলে?
উত্তৰ : এক নির্দিষ্ট সময়ত বিক্ৰীৰ বাবে উৎপাদিত সামগ্ৰীৰ যি পৰিমাণ বজাৰত আগবঢ়োৱা হয়, তাকে ‘যোগান’ বোলে৷
২। উত্তৰ লিখা :
(ক) অৰ্থবিজ্ঞানৰ আলোচ্য বিষয়বস্তু কি?উত্তৰ : মানুহ আৰু সমাজৰ বিত্তীয় কাম-কাজসমূহ অৰ্থবিজ্ঞানৰ পৰিসৰৰ অন্তর্গত। অনা-অর্থনৈতিক কাম-কাৰ্জসমূহ অৰ্থবিজ্ঞানৰ আলোচ্য বিষয় নহয়। উৎপাদন, বিতৰণ, বিনিময়, ভোগ, মুদ্রা, আয়, জনকল্যাণ আদি অৰ্থবিজ্ঞানৰ প্ৰধান আলোচ্য বিষয়।
(খ) ভোগ কাক বোলে লিখা?
উত্তৰ : অৰ্থ বিজ্ঞানত বস্তুৰ উপযোগিতা ব্যৱহাৰ কৰাকে ‘ভোগ’ বোলে। কিন্তু উপযোগিতাই তৃপ্তিক নিৰ্দেশ নকৰে। উপযোগিতা থকা বস্তু এটা তৃপ্তিদায়ক নহ'বও পাৰে। উদাহৰণস্বৰূপে তিতা ঔষধৰ উপযোগিতা আছে কিন্তু ই তৃপ্তিদায়ক নহয়।
(গ) অৰ্থবিজ্ঞানত মূল্যৰ অৰ্থ প্ৰকাশ কৰা।
উত্তৰ : সাধাৰণতে ‘মূল্য’ বুলিলে বস্তু এটাৰ দাম বা ব্যৱহাৰৰ যোগ্যতাক বুজায়। কিন্তু অর্থবিজ্ঞানত দাম শব্দটো বিশেষ অৰ্থত ব্যৱহাৰ হয়। মূল্য আকৌ দুটা অৰ্থত ব্যৱহাৰ হয়।
যেনে - ব্যৱহাৰিক মূল্য আৰু বিনিময়মূল্য।
কোনো বস্তুৰ অভাৱ পূৰণৰ ক্ষমতাকে বস্তুটোৰ ব্যৱহাৰিক মূল্য’ বোলে। কিন্তু অর্থ বিজ্ঞানত মূল্য শব্দটোৱে বিনিময় মূল্যকহে নিৰ্দেশ কৰে।
(ঘ) চাহিদা কাক বোলে? চাহিদাৰ লগত যোগানৰ সম্বন্ধ কি?
উত্তৰ : কোনো এক নির্দিষ্ট সময়ত মানুহে এক বিশেষ দামত বস্তু এবিধ যি পৰিমাণত কিনিবলৈ ইচ্ছা কৰে তাকে বস্তুবিধৰ ‘চাহিদা’ বোলে। অর্থাৎ চাহিদ হ’বলৈ হলে প্রথমে বস্তু এবিধ কিনাৰ ইচ্ছা আৰু দ্বিতীয়তে কিনাৰ সামর্থ্য থাকিব লাগিব। চাহিদাৰ লগত যোগানৰ সম্পৰ্কটো হ’ল-
চাহিদা বৃদ্ধি পালে যোগান বৃদ্ধি পায় আৰু চাহিদা হ্রাস পালে যোগান হ্রাস পায়।
(ঙ) ‘দাম’ কাক বোলে লিখা।
উত্তৰ : যিকোনা বস্তুৰ মুদ্ৰা মূল্যকে বস্তুৰ ‘দাম’ বা ‘দৰ’ বোলে। অর্থাৎ বিনিময় মূল্যই হৈছে বস্তু এটাৰ দাম। উদাহৰণস্বৰূপে কলম এখনৰ দাম ১০ টকা, কিতাপ এখনৰ দাম ৫০ টকা।
(চ) সম্পদ কাক বোলে?
উত্তৰ : উপযোগিতা থকা যিবোৰ বস্তু অপ্ৰচুৰ, হস্তান্তৰযোগ্য আৰু বাহ্যিকতা আছে তাকে অর্থবিজ্ঞানত ‘সম্পদ’ বোলে।
৩। বহলাই আলোচনা কৰা :
(ক) আর্থিক কার্য আৰু অনা-আর্থিক কার্যৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।উত্তৰ :
মানুহে দৈনন্দিন জীৱনত যিবোৰ কাম-কাজ কৰে সেইবোৰক আর্থিক কাম-কাজ বোলে।
কাম-কাজক দুটা ভাগত ভাগ কৰা হৈছে,
যথা : আর্থিক কাৰ্য আৰু অনার্থিক কার্য।
মানুহে যিবোৰ কাৰ্যৰ দ্বাৰা অৰ্থ বা সম্পদ উপার্জন কৰে সেইবোৰ কাৰ্যক ‘আর্থিক কার্য’ বোলে।
আনহাতে মানুহে কৰা যিবোৰ কাৰ্যৰ দ্বাৰা কোনো অর্থ বা সম্পদ উপার্জন নহয় তেনে কার্যক ‘অনার্থিক কার্য বোলে।
উদাহৰণ স্বৰূপে শিক্ষক এজনে বিদ্যালয়ত পাৰিশ্ৰমিকৰ বিনিময়ত শিক্ষা প্রদান কৰে। ই হ’ল আৰ্থিক কার্য। আনহাতে তেওঁ ঘৰত নিজৰ সন্তানক শিক্ষাদান কৰা কাৰ্য অনার্থিক কার্য ।
মানুহৰ অনাৰ্থিক কাৰ্যসমূহ অর্থবিজ্ঞানত অধ্যয়ন কৰা নহয়।
(খ) চাহিদা কাক বোলে?
উত্তৰ : কোনো এক নির্দিষ্ট সময়ত মানুহে এক বিশেষ দামত বস্তু এবিধ যি পৰিমাণত কিনিবলৈ ইচ্ছা কৰে তাকে বস্তুবিধৰ ‘চাহিদা’ বোলে। অর্থাৎ চাহিদা হ’বলৈ হ'লে প্ৰথমে বস্তু এবিধ কিনাৰ ইচ্ছা আৰু দ্বিতীয়তে কিনাৰ সামৰ্থ্য থাকিব লাগিব। বস্তুৰ দাম বাঢ়িলে চাহিদা হ্রাস পায় আৰু বস্তুৰ দাম কমিলে চাহিদা বৃদ্ধি পায়।
(গ) দ্ৰব্য বা বস্তুৰ প্ৰকাৰবোৰ আলোচনা কৰা।
উত্তৰ : মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলো পণ্য সামগ্ৰী আৰু সেৱা কাৰ্যকে অৰ্থবিজ্ঞানত ‘দ্ৰব্য’ বা ‘বস্তু’ বোলা হয়।
প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি দ্ৰব্য বা বস্তুক দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটা হ’ল-
i) মুক্ত বস্তু।
ii) আৰ্থিক বস্তু।
যিবিলাক বস্তুৰ যোগান চাহিদাৰ তুলনাত বেছি সেইবোৰ বস্তুক মুক্ত বস্তু বোলে৷ যেনে - ৰ’দ, বতাহ, মৰুভূমিৰ বালি, সাগৰৰ পানী ইত্যাদি।
আনহাতে যিবোৰ বস্তুৰ যোগান চাহিদাৰ তুলনাত কম সেইবোৰ বস্তুক ‘আর্থিক বস্তু’ বুলি কোৱা হয়৷ যেনে - কাগজ, কলম, কাপোৰ, ধান, চাউল ইত্যাদি।
উপৰুক্ত ভাগ দুটাৰ উপৰিও আকাৰৰ ওপৰত ভিত্তি কৰি বস্তুক দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটা হল-
i) ভৌতিক বস্তু।
ii) অভৌতিক বস্তু।
যিবিলাক বস্তুৰ নিৰ্দিষ্ট ৰূপ আছে আৰু হাতেৰে স্পৰ্শ কৰিব পাৰিব পাৰি তেনেবোৰ বস্তুক ‘ভৌতিক বস্তু’ বুলি কোৱা হয়। যেনে - কিতাপ, কাগজ, মেজ, ঘৰ, ঘোঁৰা, গৰু ইত্যাদি।
আনহাতে যিবিলাক বস্তুৰ নিৰ্দিষ্ট কোনো ৰূপ নাই আৰু হাতেৰে স্পৰ্শ কৰিৰব নোৱাৰি তেনেবোৰ বস্তুক ‘অভৌতিক বস্তু’ বোলে৷ যেনে - শিক্ষক, উকিল, বেংকৰ কৰ্মচাৰী আদিৰ সেৱা কাৰ্যসমূহ।
(ঘ) উৎপাদন কাক বোলে? উৎপাদন কিদৰে কৰিব পাৰি আলোচনা কৰা৷
উত্তৰ : কোনো বস্তুৰ নতুনকৈ উপযোগিতা অর্থাৎ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সৃষ্টি কৰাকে ‘উৎপাদন’ বোলে৷ আন কথাত অৰ্থ বিজ্ঞানত প্ৰকৃতিয়ে সৃষ্টি কৰা বস্তুবোৰ যেতিয়া মানুহে প্রয়োজন সাপেক্ষে ৰূপ বা আকৃতিৰ পৰিৱৰ্তন কৰি উপযোগিতা সৃষ্টি কৰে অৰ্থাৎ অভাৱ পূৰণ কৰাৰ ক্ষমতা সৃষ্টি কৰে তাকে অর্থবিজ্ঞানত উৎপাদন বোলে।
সাধাৰণতে চাৰি প্ৰকাৰে বস্তু বা সেৱাৰ উপযোগিতা সৃষ্টি কৰি উৎপাদন কৰা হয়। এই চাৰিটা প্ৰকাৰ হৈছে -
গঠন উপযোগিতা, স্থান উপযোগিতা, কাল
উপযোগিতা আৰু সেৱা উপযোগিতা।
(ঙ) অৰ্থবিজ্ঞানৰ পৰিসৰ বহলাই আলোচনা কৰা।
উত্তৰ : অর্থবিজ্ঞান এক শেহতীয়া বিজ্ঞান। কিন্তু ইয়াৰ পৰিসৰ অতি বহল। সাধাৰণতে মানুহ আৰু সমাজৰ বিত্তীয় কাম-কাজসমূহ অৰ্থবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভূক্ত। অনা-অৰ্থনৈতিক কাম-কাজ অৰ্থবিজ্ঞানৰ আলোচ্য বিষয়বস্তু নহয়। ইয়াৰ আলোচ্য বিষয়বস্তু হৈছে বস্তুৰ উৎপাদন, বিতৰণ, ভোগ, আয়, মুদ্রা, জনকল্যাণ আদি। অর্থ বিজ্ঞানত ভোগ, বস্তুৰ চাহিদা, যোগান, আদি
আলোচনা কৰা হয়।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) অৰ্থবিজ্ঞানৰ জনক বুলি কোৱা হয়-(ক) আদাম স্মিথক
(খ) এৰিষ্ট'টলক
(গ) চক্ৰেটিছক
উত্তৰ : (ক) আদাম স্মিথক
(ii) তলৰ কোনবিধ আর্থিক বস্তু?
(ক) ৰ’দ
(খ) কাপোৰ
(গ) বতাহ
উত্তৰ : (খ) কাপোৰ
(iii) আমাৰ দেশত খাদ্যৰ মজুত আৰু যোগান পৰিচালনা কৰে-
(ক) ভাৰতীয় বজাৰ নিগমে
(খ) ভাৰতীয় যোগান নিগমে
(গ) ভাৰতীয় খাদ্য নিগমে
উত্তৰ : (গ) ভাৰতীয় খাদ্য নিগমে
(iv) সাধাৰণতে বস্তুৰ দাম বাঢ়িলে চাহিদা-
(ক) বাঢ়ে
(খ) হ্ৰাস পায়
(গ) একে থাকে
উঃ (খ) হ্রাস পায়
(v) সাধাৰণতে বস্তু বা সেৱাৰ উপযোগিতা সৃষ্টি কৰিব পাৰি-
(ক) চাৰি প্ৰকাৰে
(খ) তিনি প্ৰকাৰে
(গ) দুই প্ৰকাৰে
উত্তৰ : (ক) চাৰি প্ৰকাৰে
৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।
‘ক’ অংশ ‘খ’ অংশ
ভোগ বস্তুৰ সলনি বস্তু গ্রহণ বা দিয়া
দাম উকিলৰ সেৱা
বিনিময় বিনিময় মূল্য থকা বস্তু
আর্থিক বস্তু অভাৱ পূৰণ
অভৌতিক বস্তু বস্তুৰ মূল্য
উত্তৰ :
‘ক’ অংশ ‘খ’ অংশ
ভোগ অভাৱ পূৰণ
দাম বস্তুৰ মূল্য
বিনিময় বস্তুৰ সলনি বস্তু গ্রহণ বা দিয়া
আর্থিক বস্তু বিনিময় মূল্য থকা বস্তু
অভৌতিক বস্তু উকিলৰ সেৱা
Updated on 23rd December 2023
By :- J.A.C | B.Sc | Web/App Developer

.jpg)










0 Comments