Ads banner

Jahan Education
Jahan Education

নাগৰিকৰ মৌলিক অধিকাৰ আৰু কৰ্তব্য - অধ্যায় ১৪ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১৪

নাগৰিকৰ মৌলিক অধিকাৰ আৰু কৰ্তব্য


আদর্শ প্রশ্নমালা :

১। চমু উত্তৰ লিখা :

(ক) মৌলিক অধিকাৰ কাক বোলে?
উত্তৰ : যিবোৰ অধিকাৰ মানুহৰ স্বাধীন জীৱন যাপনৰ বাবে অতি প্রয়োজনীয়, লিখিত সংবিধানত লিপিবদ্ধ আৰু আদালতৰ দ্বাৰা বলবৎযোগ্য সেইবোৰ অধিকাৰকে ‘মৌলিক অধিকাৰ' বুলি কোৱা হয়।

(খ) মৌলিক কর্তব্য কাক বোলে?
উত্তৰ : ভাৰতবৰ্ষৰ সংবিধানে ভাৰতীয় নাগৰিকসকলক যিদৰে কেতবোৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেইদৰে দেশৰ বাবে নাগৰিকসকলে কৰিবলগীয়া কিছুমান কর্তব্য আছে। সংবিধানে এই কর্তব্যসমূহ নিৰ্দিষ্ট কৰি দিছে। সেই কর্তব্যসমূহকে মৌলিক কর্তব্য বোলে।

(গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে?
উত্তৰ : ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত (১৪ ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে) ভাৰতীয় নাগৰিকসকলে উপভোগ কৰিব পৰাকৈ ৬ বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে।

(ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়?
উত্তৰ : ১৯৭৮ চনত ৪৪ তম ভাৰতীয় সংবিধান সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ তালিকাৰ পৰা বিলোপ কৰা হৈছে।

(ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্রণয়ন কৰা হয়?
উত্তৰ : ২০০২ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্রণয়ন কৰা হৈছে।

(চ) নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ’লে কাৰ সহায় ল’ব পাৰে?
উত্তৰ : নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ’লে আদালতৰ সহায় ল’ব পাৰে।

(ছ) ধৰ্মনিৰপেক্ষ শব্দটোৰ অৰ্থ কি?
উত্তৰ : ‘ধৰ্মনিৰপেক্ষ’শব্দই ইয়াকে বুজায় যে চৰকাৰে কোনো ধৰ্মৰ প্রতি পক্ষপাতিত্বমূলক কার্য নকৰিব। ভাৰতবৰ্ষৰ সকলো ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা, প্ৰচাৰ আৰু ধৰ্মীয় অনুষ্ঠান প্রতিষ্ঠা কৰিব পাৰিব।

২। উত্তৰ লিখা :

(ক) মৌলিক অধিকাৰৰ গুৰুত্ব কি লিখা।
উত্তৰ : মৌলিক অধিকাৰসমূহ হৈছে এনে কিছুমান অধিকাৰ যিবোৰ অবিহনে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰা অসম্ভৱ। সেয়ে মৌলিক অধিকাৰৰ গুৰুত্ব বা প্ৰয়োজন আছে। মৌলিক অধিকাৰে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ পূর্ণ কৰি তোলে। মৌলিক অধিকাৰে কিছুমান কৰ্তব্যক সামৰি লয়। সেয়ে ই নাগৰিকসকলক কৰ্তব্যপৰায়ণ কৰি তোলে। মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী হোৱাৰ পৰা সুৰক্ষা দিয়ে। মৌলিক অধিকাৰে সমাজত সমতাৰ নীতি কাৰ্যকৰী কৰে। মৌলিক অধিকাৰৰ জৰিয়তে দেশৰ একতা শক্তিশালী হয়।

(খ) মৌলিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আদালতে কিদৰে ভূমিকা পালন কৰে?
উত্তৰ : মৌলিক অধিকাৰ হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ প্ৰধান ভেটি। মৌলিক অধিকাৰ অবিহনে কোনো নাগৰিকেই পূৰ্ণাংগ বিকাশ লাভ কৰিব নোৱাৰে। সেয়ে আদালতে নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। কোনো ব্যক্তিৰ যদি মৌলিক অধিকাৰ ভোগ কৰাত অসুবিধা হয় বা অধিকাৰ ভংগ হয় তেন্তে তেওঁ ইয়াৰ প্ৰতিকাৰৰ বাবে আদালতৰ ওচৰ চাপিব পাৰিব। কিন্তু দেশত জৰুৰীকালীন অৱস্থা বাহাল থাকিলে মৌলিক অধিকাৰ সাময়িকভাৱে ব্যহত হ’ব পাৰে৷

(গ) দুবিধ স্বাধীনতাৰ অধিকাৰৰ বিষয়ে লিখা।
উত্তৰ : দুবিধ স্বাধীনতাৰ অধিকাৰ হ’ল :
(ক) মত প্ৰকাশৰ অধিকাৰ।
(খ) অস্ত্ৰ-বিহীন অৱস্থাত শান্তিপূর্ণভাৱে সমবেত হোৱাৰ
অধিকাৰ৷

(ঘ) আমি কেনেদৰে শোষণৰ বিৰুদ্ধে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰো?
উত্তৰ : আমি আদালতৰ কাষ চাপি শোষণৰ বিৰুদ্ধে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰো।

(ঙ) কি কি পৰিস্তিতিত মৌলিক অধিকাৰ উপভোগ সীমিত হৈ পৰে?
উত্তৰ : বৈদেশিক আক্রমণ, অর্থনৈতিক সংকট, আভ্যন্তৰীণ কন্দল আদি পৰিস্থিতিত দেশত জৰুৰীকালীন অৱস্থা ঘোষিত হ’লে মৌলিক অধিকাৰ উপভোগ সীমিত হৈ পৰে।

৩। উত্তৰ লিখা :

(ক) মৌলিক অধিকাৰৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত (১৪ ৰ পৰা ৩৫.নং অনুচ্ছেদলৈকে) ভাৰতীয় নাগৱিকসকলে উপভোগ কৰিব | পৰাকৈ ৬ বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে।
তলত মৌলিক অধিকাৰসমূহ আলোচনা কৰা হ'ল :
(১) সমতাৰ অধিকাৰ :
ভাৰতীয় সংবিধানৰ ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। ।
এই অনুচ্ছেদবোৰৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলে বিভিন্ন ক্ষেত্ৰত সম অধিকাৰ ভোগ কৰিব পাৰে৷

(২) স্বাধীনতাৰ অধিকাৰ :
ভাৰতীয় সংবিধানৰ ১৯ ৰ পৰা ২২ নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে।
এই অধিকাৰসমূহ হ’ল -
(ক) মত প্ৰকাশৰ অধিকাৰ।
(খ) অস্ত্ৰ-বিহীন অৱস্থাত শান্তিপূর্ণভাৱে সমবেত হোৱাৰ
অধিকাৰ।
(গ) সংস্থা গঠনৰ অধিকাৰ।
(ঘ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত ঘূৰি-ফুৰাৰ অধিকাৰ৷
(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ।
(চ) যিকোনো চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ।

(৩) শোষণৰ বিৰুদ্ধে অধিকাৰ :
সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল যাতে অইন কোনো শ্ৰেণীৰ লোকসকলৰ দ্বাৰা শোষিত নহয় আৰু বিভিন্ন স্বাধীনতা যাতে সকলো নাগৰিকে সমানে ভোগ কৰিব পাৰে সংবিধানত তাৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত এইবিধ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

(৪) ধর্মীয় অধিকাৰ :
সংবিধানৰ ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰৰ বিষয়ে কোৱা হৈছে। এই অধিকাৰ মতে দেশৰ নাগৰিকে নিজ নিজ ধর্ম পালন আৰু প্ৰচাৰ কৰিব পাৰিব। চৰকাৰে কোনো ধৰ্মৰ প্ৰতি পক্ষপাতিত্বমূলক কার্য নকৰিব।

(৫) শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ :
সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক জাতি- ধর্ম- বর্ণ, ভাষা নির্বিশেষে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা হৈছে।

(৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ :
সংবিধানৰ ৩২ ৰ পৰা ৩৫ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ অধিকাৰ দিয়া হৈছে। অর্থাৎ মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য। কোনো চৰকাৰী কাৰ্য বা ব্যক্তিৰ কাৰ্যৰ দ্বাৰা কোনো মৌলিক অধিকাৰ ব্যহত হ’লে নাগৰিকে আদালতৰ ওচৰ চাপিব পাৰে।

(খ) স্বাধীনতাৰ অধিকাৰৰ বিষয়ে বহলাই আলোচনা কৰা৷
উত্তৰ : ভাৰতীয় সংবিধানৰ ১৯ ৰ পৰা ২২ নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে।
এই অধিকাৰসমূহ হ’ল -
(ক) মত প্ৰকাশৰ অধিকাৰ।
(খ) অস্ত্র-বিহীন অৱস্থাত শান্তিপূর্ণভাৱে সমবেত হোৱাৰ
অধিকাৰ।
(গ) সংস্থা গঠনৰ অধিকাৰ ।
(ঘ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত ঘূৰি-ফুৰাৰ অধিকাৰ৷
(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ।
(চ) যিকোনো চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ।

(গ) মৌলিক অধিকাৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰ : ভাৰতৰ সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ অধ্যয়ন কৰিলে তলত দিয়া বৈশিষ্ট্যসমূহ ওলাই পৰে। যেনে –
(১) মৌলিক অধিকাৰসমূহ বাদ যোগ্য। কেনো ব্যক্তি বা চৰকাৰৰ কোনো অংগই মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে সেই হস্তক্ষেপৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব পাৰি।
(২) মৌলিক অধিকাৰসমূহ চৰম নহয়। ইয়াৰ কিছুমান সীমাবদ্ধতাও আছে। চৰকাৰে প্ৰয়োজন হলে মৌলিক অধিকাৰ বাতিল কৰিব পাৰে৷ যেনে – যুদ্ধকালীন অৱস্থাত, ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট অৱস্থাত।
(৩) মৌলিক অধিকাৰসমূহ সম্বন্ধবাচক। কোনো ব্যক্তিয়েই গাইগুটীয়াকৈ মৌলক অধিকাৰসমূহ ভোগ কৰি অন্যান্য নাগৰিকক একে অধিকাৰ ভোগ কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰে।
(৫) মৌলিক অধিকাৰসমূহ কেৱল ভাৰতীয় নাগৰিকসকলৰ বাবেহে। কোনো বিদেশীয়ে আটাইবোৰ মৌলিক অধিকাৰ ভোগ কৰিব নোৱাৰে৷
(৬) মৌলিক অধিকাৰসমূহ সংশোধন যোগ্য। সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুসৰি সংসদে যিকোনো মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে।

(ঘ) মৌলিক অধিকাৰৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰ : মৌলিক অধিকাৰসমূহ হৈছে এনে কিছুমান অধিকাৰ যিবোৰ অবিহনে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰা অসম্ভৱ। সেয়ে মৌলিক অধিকাৰৰ গুৰুত্ব বা প্রয়োজন আছে। মৌলিক অধিকাৰ ভোগে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ পূৰ্ণ কৰি তোলে। মৌলিক অধিকাৰে কিছুমান কৰ্তব্যক সামৰি লয়। সেয়ে ই নাগৰিকসকলক কৰ্তব্যপৰায়ণ কৰি তোলে। মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী হোৱাৰ পৰা সুৰক্ষা দিয়ে। মৌলিক অধিকাৰে সমাজত সমতাৰ নীতি কাৰ্যকৰী কৰে। মৌলিক অধিকাৰৰ জৰিয়তে দেশৰ একতা শক্তিশালী হয়।

(ঙ) ‘মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষাকৱচ’ শিক্ষকৰ সহায় লৈ লিখা।
উত্তৰ : মৌলিক অধিকাৰ সমূহ হৈছে এনে কিছুমান অধিকাৰ যিবোৰ অবিহনে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰা অসম্ভৱ। সেয়ে মৌলিক অধিকাৰৰ গুৰুত্ব বা প্ৰয়োজন আছে। মৌলিক অধিকাৰ ভোগে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ পূৰ্ণ কৰি তোলে। মৌলিক অধিকাৰে কিছুমান কৰ্তব্যক সামৰি লয়। সেয়ে ই নাগৰিকসকলক কৰ্তব্যপৰায়ণ কৰি তোলে। মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী হোৱাৰ পৰা সুৰক্ষা দিয়ে। মৌলিক অধিকাৰে সমাজত সমতাৰ নীতি কাৰ্যকৰী কৰে। সেয়ে মৌলিক অধিকাৰক জনসাধাৰণৰ ৰক্ষা কৱচ বুলি ক’ব পাৰি৷

(চ) ভাৰতীয় নাগৰিকৰ ছটা মৌলিক কৰ্তব্য লিখা।
উত্তৰ : ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনী আইন অনুসৰি সংবিধানৰ ৪র্থ অধ্যায়ৰ ৫১ (ক) নং অনুচ্ছেদত ১০ টা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে। সেইবোৰ হ’ল
(১) ভাৰতীয় নাগৰিকসকলে সংবিধান মানি চলা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা।
(২) স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদৰ্শসমূহ পোষণ কৰা আৰু অনুসৰণ কৰা।
(৩) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা।
(৪) দেশখন ৰক্ষা কৰা আৰু প্ৰয়োজনীয় সেৱা আগবঢ়োৱা।
(৫) ভাৰতবৰ্ষৰ সকলো মানুহৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ গঢ়ি তোলা আৰু নাৰী মৰ্যদা হানিকৰ আচৰণ নকৰা।
(৬) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাৰ সংৰক্ষণ কৰা।
(৭) বনানি, হ্রদ, নদ-নদী, বন্য জীৱ-জন্তুকে ধৰি প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়া ভাৱ পোষণ কৰা।
(৮) ৰাষ্ট্ৰখনক প্ৰগতিৰ পথলৈ আগবঢ়াই লৈ যোৱা।
(৯) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ ত্যাগ কৰা।
(১০) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা।

Updated on 23rd December 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments