(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১৮
গ্ৰাহকৰ অধিকাৰ আৰু সজাগতা
আদর্শ প্রশ্নমালা :
১। অতি চমু উত্তৰ লিখা :
(ক) উপভোগ কাক বোলে?উত্তৰ : কোনো বস্তুৰ উপযোগিতা বা সেৱা গ্ৰহণ কৰাকে ‘উপভোগ’ বুলি কোৱা হয়।
(খ) উপভোক্তাৰ উপভোগৰ বাবে কিহৰ প্ৰয়োজন?
উত্তৰ : বস্তু বা সেৱা সামগ্ৰীৰ প্ৰয়োজন।
(গ) কোনধৰণৰ গ্ৰাহক দেশৰ বাবে প্রয়োজনীয়?
উত্তৰ : কর্মী, উদ্যোগী আৰু দূৰদৃষ্টিসম্পন্ন গ্রাহক।
(ঘ) এম আৰ পি (MRP)ৰ অৰ্থ লিখা।
উত্তৰ : উচ্চতম খুচুৰা মূল্য (Maximum Retail Price)
(ঙ) কোন তাৰিখে বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয়?
উত্তৰ : ১৫ মার্চ।
(চ) কোন তাৰিখে আমাৰ দেশত ‘ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস' পালন কৰা হয়?
উত্তৰ : ২৪ ডিচেম্বৰ।
(ছ) গ্ৰাহক আদালত কি?
উত্তৰ : গ্ৰাহকৰ-বিবাদ নিষ্পত্তিকৰণৰ বাবে স্থাপন কৰা আদালতক ‘গ্ৰাহক আদালত’ বোলে।
(জ) কৃষিজাত উৎপাদন (মান নির্ণয় আৰু চিহ্নিতকৰণ) আইনখন কিমান চনত গ্ৰহণ কৰা হৈছিল?
উত্তৰ : ১৯৩৭ চনত।
(ঝ) আই এছ আইৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ : Indian Standards Institute.
(ঞ) কি উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে?
উত্তৰ : গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে।
২। চমু উত্তৰ লিখা :
(ক) গ্ৰাহকৰ সজাগতা কিয় প্রয়োজন? দুটা যুক্তি দাঙি ধৰা।উত্তৰ :
(ক) গ্রাহকসকলে যাতে অসাধু ব্যৱসায়ৰ কৱলত পৰি ঠগ খাব নালাগে তাৰ বাবে গ্রাহক সজাগতাৰ প্ৰয়োজন।
(খ) গ্রাহকে যাতে ভেজাল বস্তু ক্ৰয় কৰিব লগা নহয় তাৰ বাবে গ্রাহক সজাগতাৰ প্ৰয়োজন।
(খ)গ্রাহকক বিক্রেতাই কেনেদৰে শোষণ কৰে?
উত্তৰ :
(ক) ওজনত কম দিয়ে।
(খ) যথাযথ মূল্যৰ পৰিৱৰ্তে অধিক মূল্য আদায় কৰে।
(গ) গ্রাহক সুৰক্ষা আইন, ১৯৮৬ খনব বিষয়ে লিখা।
উত্তৰ : এখন গণতান্ত্রিক বাস্তুত নাগৰিকসকলৰ অধিকাৰ সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব৷ সেয়ে ১৯৮৫ চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নির্দেশনা প্রস্তুত কৰে। এই নীতি-নির্দেশনাৰ ভিত্তিত ভাৰতত ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ভাৰতীয় সংসদৰ যুটীয়া সদনে ‘গ্ৰাহক সুৰক্ষা আইন’ গৃহীত কৰে। এই আইন, অনুসৰি গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্রাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে। সেইবোৰ হ’ল -
(ক) জিলা পর্যায়ত - জিলা গ্রাহক সুৰক্ষা সংস্থা।
(খ) ৰাজ্যিক পৰ্যায়ত - ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা।
(গ) ৰাষ্ট্ৰীয় পৰ্যায়ত - ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা।
(ঘ) এগমাৰ্গৰ বিষয়ে এটা টোকা লিখা।
উত্তৰ : এগমাৰ্ক এটা চৰকাৰী সংস্থা। ‘কৃষিজাত উৎপাদন (মান নির্ণয় আৰু চিহ্নিতকৰণ) আইন ১৯৩৭’ অনুসৰি কৃষিজাত খাদ্য সামগ্ৰীত বিশুদ্ধতা নিৰ্ণয় কৰি এগমাৰ্ক চিহ্ন দিয়া হয় । আমাৰ দেশত উৎপাদিত খাদ্য সামগ্রী যেনে - খোৱা তেল, আটা, ময়দা, ডালিয়া, ঘি, মাখন, বিভিন্ন মছলা আদিৰ ক্ষেত্ৰত এগমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়।
(ঙ) হলমার্ক কি?
উত্তৰ : মূল্যৱান ধাতু যেনে - সোণ, ৰূপ 'প্লেটিনাম আৰু এইবোৰৰ দ্বাৰা তৈয়াৰী অলংকাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এক চৰকাৰী চিহ্ন।
(চ) গ্ৰাহকক সচেতন (সুৰক্ষা) কৰিবৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰ : গ্ৰাহক সুৰক্ষাৰ বাবে দুটা পৰামৰ্শ হ’ল -
(ক) গ্রাহকে বস্তু ক্রয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা, আদি সম্পর্কে নিশ্চিত হ’ব লাগে।
(খ) প্রতিবিধ বস্তু ক্রয় কৰোতে সামগ্ৰীৰ বিপৰীতে মূল্য লিখা থকা ৰচিদ বিচাৰিব লাগে।
৩। উত্তৰ লিখা :
(ক) গ্রাহকসকলে পালন কৰিবলগীয়া পাঁচটা মৌলিক কর্তব্য উল্লেখ কৰা।উত্তৰ : গ্ৰাহকসকলে পালন কৰিবলগীয়া পাঁচটা মৌলিক কর্তব্য হ’ল -
(ক) বস্তু সামগ্রী ক্রয় কৰোতে সামগ্ৰীত এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন আছে নে নাই চাব লাগে।
(খ) সামগ্ৰীৰ ওজনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দগা-পাল্লা, মাপনী ব্যৱহাৰ হৈছে নে নাই চাব লাগে।
(গ) গ্ৰাহকে বস্তু ক্রয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হ’ব লাগে।
(ঘ) প্রতিবিধ বস্তু ক্রয় কৰোতে সামগ্ৰীৰ বিপৰীতে মূল্য লিখা থকা ৰচিদ বিচাৰিব লাগে।
(ঙ) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰান্টি অথবা ৱাৰেন্টি কার্ড বিচাৰিব লাগে।
(চ) পেকেটযুক্ত বস্তু ক্রয় কৰাৰ সময়ত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, প্ৰস্তুতকৰ্তাৰ নাম, সর্বোচ্চ খুচুৰা মূল্য আদি লক্ষ্য কৰিব লাগে।
(ছ) গ্ৰাহক হিচাপে প্ৰতাৰণাৰ সন্মুখীন হ’লে আদালতত গোচৰ তৰিব লাগে ৷
(খ) গ্ৰাহকসকলে লাভ কৰা পাচঁটা অধিকাৰৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : গ্ৰাহকসকলে নিন্মোল্লিখিত পাঁচটা অধিকাৰ লাভ কৰে -
(ক) যিকোনো বস্তু ক্ৰয় কৰাৰ সময়ত বস্তুৰ ওজন, মূল্য, বিশুদ্ধতা, গুণাগুণ, আদি বিচাৰ কৰাৰ অধিকাৰ।
(খ) গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা।
(গ) গ্ৰাহকৰ অভাৱ-অভিযোগ গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা।
ঘ) গ্রাহক শিক্ষা লাভ কৰাৰ অধিকাৰ।
(ঙ) প্ৰৱঞ্চনা প্ৰতিকাৰৰ বাবে ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ সহায় লৈ বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰাৰ অধিকাৰ।
(গ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকসকলৰ অধিকাৰ সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব ৷ সেয়ে ১৯৮৫ চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা প্রস্তুত কৰে। এই নীতি নিৰ্দেশনাৰ ভিত্তিত ভাৰতত ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ভাৰতীয় সংসদৰ যুটীয়া সদনে ‘গ্ৰাহক সুৰক্ষা আইন’ গৃহীত কৰে। এই আইন অনুসৰি গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্রাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে। সেইবোৰ হ’ল -
(ক) 'জিলা পর্যায়ত - জিলা গ্রাহক সুৰক্ষা সংস্থা
(খ) ৰাজ্যিক পৰ্যায়ত - ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা।
(গ) ৰাষ্ট্ৰীয় পৰ্যায়ত - ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা।
ইয়াৰ উপৰিও গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে চৰকাৰে ‘গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম’ গঠন কৰিছে। ইয়াক গ্ৰাহক আদালত বুলিও কোৱা হয়। গ্রাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে।
Updated on 23rd December 2023
By :- J.A.C | B.Sc | Web/App Developer
0 Comments