(SEBA)Secondary Education Board of AssamClass : XSubject : ScienceMedium : Assamese
Chapter : 13বিদ্যুত-প্ৰবাহৰ চুম্বকীয় ক্রিয়া(Magnetic Effects of Electric)
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 224
1. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?উত্তৰ : কাৰণ- চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকর্ষণ হয়।
অতিৰিক্ত প্ৰশ্নাৱলী :
চৌম্বক ক্ষেত্র কাক বোলে?উত্তৰ : চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকীয় বল অনুভূত হয় সেই অঞ্চলত এখন চৌম্বক ক্ষেত্র বুলি কোৱা হয়।
চৌম্বক বল ৰেখা কি?
উত্তৰ :যিবিলাক ৰেখাৰে লোৰ গুৰিবোৰ পংক্তিবদ্ধ হয় সেইবোৰক চৌম্বক বল ৰেখা বোলে।
বা
এখন চৌম্বক ক্ষেত্ৰত মুক্তভাৱে বিচৰণ কৰিব পৰা এটা কাল্পনিক উত্তৰ মেৰুৱে গতি কৰা পথসমূহ নিৰ্দেশ কৰা ৰেখাবোৰক চৌম্বক ক্ষেত্ৰৰেখা বা চৌম্বক বলৰেখা বোলা হয়।
দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে কিয়?
উত্তৰ : কাৰণ- যদি কটাকটি কৰিলেহেঁতেন তেন্তুে তাৰ অৰ্থ
হ’ব যে কটাকটি কৰা বিন্দুত দিগদর্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নির্দেশ কৰিব, যিটো সম্ভৱ নহয়।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 228
1. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা।উত্তৰ : চিত্ৰ :
2. চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা। [HSLC.23]
উত্তৰ :
ক) সাধাৰণতে চৌম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়।
খ) কিন্তু, চুম্বকৰ অৰ্ন্তভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়।
গ) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে।
ঘ) য'ত চৌম্বক বলৰেখাবোৰ ঠাহ খাই থাকে তাত চৌম্বক ক্ষেত্ৰখন অধিক শক্তিশালী।
3. দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে? [HSLC.'22]
উত্তৰ : কাৰণ- যদি কটাকটি কৰিলেহেঁতেন তেন্তুে তাৰ অৰ্থ
হ’ব যে কটাকটি কৰা বিন্দুত দিগদর্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নির্দেশ কৰিব, যিটো সম্ভৱ নহয়।
অতিৰিক্ত প্ৰশ্নাৱলী :
সোঁহাতৰ বুঢ়া-আঙুলি নীতিটো লিখা।উত্তৰ : প্রবাহযুক্ত পোন পৰিবাহী এডাল ধৰি সোঁহাতৰ বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত মূৰ কৰি ৰাখিলে। বাকী আঙুলিকেইটাই চৌম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ বুজাব।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 229
1. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
2. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকণ কৰা।
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
3. শুদ্ধ উত্তৰ বাছি উলিওৱা।
প্ৰবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ - [HSLC.'15,'23](a) শূণ্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।
(d) সকলো বিন্দুতে একে থাকে।
উত্তৰ : (d) সকলো বিন্দতে একে থাকে।
অতিৰিক্ত প্ৰশ্নাৱলী :
ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।উত্তৰ : বাওঁহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয়। যদি তর্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্রিয়াশীল বলৰ দিশ সূচাব।
প্রবাহযুক্ত পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা।
উত্তৰ : বৈদ্যুতিক মটৰ, বৈদ্যুতিক জেনেৰেটৰ, স্বৰবৰ্দ্ধক (loud speaker), মাইক্ৰ'ফন (microphone) আৰু জোখমাখৰ সজুলি আদি।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 231
1. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে?(ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)
(a) ভৰ (b) দ্ৰুতি (c) বেগ (d) ভৰবেগ।
উত্তৰ : (a) ভৰ আৰু (d) ভৰবেগ।
2. কাৰ্যকলাপ 13.7 ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়?
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ দিশ হ’ব-
(a) দক্ষিণমুৱা (b) পূৰ্ৱমুৱা (c) নিম্নমুখী (d) উৰ্দ্ধমুখী।
উত্তৰ : (d) উৰ্দ্ধমুখী।
অতিৰিক্ত প্ৰশ্নাৱলী :
বৈদ্যুতিক মটৰ কাক বোলে?উত্তৰ : বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সজুঁলি।
বৈদ্যুতিক মটৰৰ ব্যবহাৰ লিখা।
উত্তৰ : বৈদ্যুতিক পাংখা, ৰেফ্রিজাৰেটৰ, মিক্সাৰ, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, এম. পি. থ্রি প্লেয়াৰ, আদিত বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হয়।
বৈদ্যুতিক মটৰৰ চিত্র অংকণ কৰা।
উত্তৰ : চিত্ৰ :
বৈদ্যুতিক মটৰৰ গঠন পদ্ধতি লিখা।
উত্তৰ :
তাঁমৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলীৰে গঠিত ABCD এটা বৈদ্যুতিক মটৰ। কুণ্ডলীটোৰ AB আৰু CD বাহু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্বভাবে ৰখা হ'ল। X আৰু Y ব্ৰাচৰ লগত স্পৰ্শ কৰি এটা ফলা আঙঠিৰ P,Q ৰ লগত কুণ্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হ'ল। ABCD কুণ্ডলীৰ প্ৰবাহ, বেটেৰীৰ পৰা X ব্ৰাচেৰে সোমায় আৰু Y ব্ৰাচেৰে বেটেৰীলৈ উভতি যায়। কুণ্ডলীৰ AB বাহুত প্রবাহ A ৰ পৰা B লৈ, CD বাহুত C ৰ পৰা D লৈ যায়, এতিয়া ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম প্রয়োগ কৰিলে আমি পাওঁ যে AB বাহুত ক্রিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্রিয়া কৰা বলে ইয়াক ওপৰলৈ ঠেলিব। গতিকে কুণ্ডলীটো আৰু অক্ষৰ সাপেক্ষে মুকলিকৈ ঘূৰিব পৰা O অক্ষদণ্ডডাল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব। আধা পাক ঘূৰাৰ পিছত Q য়ে X ব্ৰাচক স্পর্শ কৰিব আৰু P য়ে Y ব্ৰাচক স্পর্শ কৰিব। ফলত কুণ্ডলীটোত প্রবাহ বিপৰীতমুখী হৈ DCBA পথেৰে প্রবাহিত হ’ব। প্ৰবাহ বিপৰীতমুখী হোৱাৰ লগে লগে AB আৰু CD বাহু দুটাত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হয়। গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহুৱে এইবাৰ ওপৰলৈ ঠেলা খাব আৰু আগতে ওপৰলৈ ঠেলা খোৱা CD বাহুয়ে এইবাৰ তললৈ ঠেলা খাব। এতেকে কুণ্ডলী আৰু অক্ষদণ্ডই আৰু আধা পাক একে দিশতে ঘূৰিব। প্রতি আধা পাক ঘূর্ণনত প্ৰবাহৰ দিশ বাৰে বাৰে বিপৰীতমুখী হৈ থাকিব আৰু তাৰ ফলশ্ৰুতিত কুণ্ডলী অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব।
বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা সঁজুলিটোৰ নাম কি?
উত্তৰ : দিকপৰিবৰ্তক।
বৈদ্যুতিক মটৰত, ফলা আঙঠিটোৰ কাম কি?
উত্তৰ : বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা।
বৈদ্যুতিক মটৰত, ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে।
আর্মেছাৰ কি?
উত্তৰ : মটৰৰ ক্ষমতা বঢ়ায়।
বৈদ্যুতিক মটৰৰ কুণ্ডলীটো কোমল লোৰ মজ্জা এটাত পকাই ৰখা হয়। ইয়াক আর্মেছাৰ বোলে।
উত্তৰ : বাওঁহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয়। যদি তর্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্রিয়াশীল বলৰ দিশ সূচাব।
2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি? [HSLC.'18]
উত্তৰ : বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা।
3. বৈদ্যুতিক মটৰ, আঙঠিৰ ভূমিকা কি? [HSLC.'15,'18,'20]
উত্তৰ : বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা।
বৈদ্যুতিক মটৰত, ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে।
উত্তৰ : 1831 চনত।
গতিশীল চুম্বকৰ পৰা বিদ্যুৎ প্রবাহ উৎপাদন কৰা বৈজ্ঞানিকৰ নাম কি?
উত্তৰ : ইংৰাজ পদার্থবিদ মাইকেল ফেৰাড।
বিদ্যুৎ চুম্বকীয় আৱেশ কাক বোলে?
উত্তৰ : এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্ৰৰ পৰিবর্তনে আন এডাল পৰিবাহীত প্রবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আৱেশ বোলে।
ফ্লেমিঙৰ সোঁহতীয়া নিয়মটো লিখা।
উত্তৰ : সোঁহাতৰ বুঢ়া আঙুলি তর্জনি আঙুলি, আৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্বভাৱে মেলি দিলে, তর্জনি আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ দিলে, আৰু বুঢ়া আঙুলি পৰিবাহীডালৰ গতিৰ দিশ দিলে মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ দিশ দেখুৱাব।
উত্তৰ :
ক) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত দণ্ড চুম্বক এডাল অনা-নিয়া কৰিলে কুণ্ডলীটোত আৱিষ্ট প্রবাহ সৃষ্টি হয়।
খ) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত ৰখা প্রবাহযুক্ত কুণ্ডলী এটাত প্ৰবাহৰ মান সলনি কৰিলে পৰিবাহী কুণ্ডলীটোত প্ৰবাহ আৱিষ্ট হয়।
উত্তৰ : বৈদ্যুতিক জেনেৰেটৰ হৈছে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সজুঁলি।
বৈদ্যুতিক জেনেৰেটৰৰ গঠন :
ABCD এটা ঘৰ্ণায়মান আয়তাকাৰ কুণ্ডলী যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত R₁, R₂ আঙঠি দুটাৰ লগত সংযোগ কৰি B₁,B₂, ব্ৰাচক গেলভেন'মিটাৰৰ সৈতে R₁, R₂ ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয়। R₁, R₂ আঙঠি দুটা যান্ত্ৰিকভাৱে ঘূৰোৱা হয় যাতে, স্থায়ী চুম্বকে সৃষ্টি কৰা চৌম্বক ক্ষেত্ৰত AB বাহুটো ওপৰলৈ আৰু CD বাহুটো তললৈ যায়।
ফ্লেমিঙৰ সোঁহতীয়া নিয়ম অনুসৰি বাহুবোৰত আৱিষ্ট প্রবাহ ABCDৰ দিশত চালিত হ’ব। বহি: বৰ্তনীত প্রবাহ B₂, ৰ পৰা B₁, লৈ যাব। আধা পাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাবলৈ আৰম্ভ কৰিব।
ফলত বাহু দুটাত আৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱিষ্ট প্রবাহ DCBA ৰ দিশত চালিত হ’ব। বহি:বর্তনীত প্রবাহ এতিয়া B₁, ৰ পৰা B₂, লৈ যাব।
AC জেনেৰেটৰ কাক বোলে?
উত্তৰ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি কৰা প্ৰবাহক পৰিবৰ্তী প্রবাহ বোলে।
জেনেৰেটৰটোক AC জেনেৰেটৰ বুলি কোৱা হয়।
DC জেনেৰেটৰ কাক বোলে?
উত্তৰ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি নকৰে, অৰ্থাৎ প্ৰবাহ একমুখী হয় তাক প্রত্যক্ষ প্রবাহ বোলে।
জেনেৰেটৰটোক DC জেনেৰেটৰ বুলি কোৱা হয়।
প্রত্যক্ষ আৰু পৰিবৰ্তী প্ৰবাহৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ :
প্রত্যক্ষ প্ৰবাহ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি
নকৰে।
পৰিবৰ্তী প্ৰবাহ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি
কৰে।
DC প্ৰবাহৰ তুলনাত AC প্ৰবাহৰ এটা উল্লেখযোগ্য সুবিধা লিখা।
বা
AC প্ৰবাহৰ সুবিধা লিখা।
উত্তৰ : AC প্ৰবাহক শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব পাৰি।
উত্তৰ : যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা।
2. প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰ : DC জেনেৰেটৰ, বেটাৰী, সৌৰ কোষ।
3. পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
উত্তৰ : AC জেনেৰেটৰ, জল বিদ্যুৎ প্ৰকল্প।
(a) দুপাকত সলনি হ’ব।
(b) এপাকত সলনি হ’ব।
(c) আধা পাকত সলনি হ’ব।
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
উত্তৰ : (c) আধা পাকত সলনি হ’ব।
উত্তৰ :
a) বৈদ্যুতিক ফিউজ
b) ভূমি সংযোগী তাঁৰৰ ব্যৱস্থা।
2. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5 A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা?
উত্তৰ :
ইয়াত,
P = 2KW = 2000W (1KW = 1000W)
I = 5A
V = 220V
আমি জানো,
P = IV
2000 = 5×220
2000 = 1100
.·. P ≠ IV
3. ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা? [HSLC.'18]
উত্তৰ :
(i) বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে।
(ii) একেটা খাজতে বহুসংখ্যক বৈদ্যুতিক সঁজুলি সংযোগ কৰিব নালাগে।
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত।
উত্তৰ : (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে -
(a) বস্তু আহিতকৰণৰ প্রক্রিয়া।
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্রক্রিয়া।
উত্তৰ : (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক -
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন’মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়।
উত্তৰ : (a) জেনেৰেটৰ বোলা হয়।
4. পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে -
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
উত্তৰ : (d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
5. হ্রস্ববর্তনী (Short Circuit ) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ -
(a) বুজন পৰিমানে কমি যায়
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰ : (c) বুজন পৰিমাণে বৃদ্ধি পায়।
উত্তৰ : ভুল।
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।
উত্তৰ : শুদ্ধ।
(c) এডাল দীঘল বৃত্তাকাৰ প্রবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব।
উত্তৰ : শুদ্ধ।
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
উত্তৰ : ভূল।
7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰ :
(i) স্থায়ী চুম্বক ব্যৱহাৰ কৰি।
(ii) কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰি।
৪. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এভাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা। [HSLC.'17,'19]
উত্তৰ : চ’লেনইডৰ মাজেৰে বিদ্যুৎ চালিত হ’লে ই দণ্ড চুম্বকৰ দৰে আচৰণ কৰে।
ব্যাখ্যা :
এভাল দণ্ড চুম্বকৰ সহায়ত প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিম।
যেনে - দণ্ড চুম্বকৰ উত্তৰ মেৰুটো যদি চ’লেনইডৰ বিদ্যুৎ ওলাই যোৱা মূৰ (উত্তৰ) ফালে নিয়া হয় তেন্তে ইয়াৰ বিকৰ্ষণ ঘটিব। আনহাতে, চুম্বকৰ দক্ষিণ মেৰু আনিলে চ’লেনইডটো আকৰ্ষিত হ'ব।
9. চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বেচ্চ হয়? [HSLC.'19]
উত্তৰ : প্রবাহৰ দিশ আৰু চুম্বকক্ষেত্ৰৰ দিশ পৰস্পৰ লম্ব হ'লে।
10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি? [HSLC.']
উত্তৰ :
বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র :
উত্তৰ :
তাঁমৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলীৰে গঠিত ABCD এটা বৈদ্যুতিক মটৰ। কুণ্ডলীটোৰ AB আৰু CD বাহু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্বভাবে ৰখা হ'ল। X আৰু Y ব্ৰাচৰ লগত স্পৰ্শ কৰি এটা ফলা আঙঠিৰ P,Q ৰ লগত কুণ্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হ'ল। ABCD কুণ্ডলীৰ প্ৰবাহ, বেটেৰীৰ পৰা X ব্ৰাচেৰে সোমায় আৰু Y ব্ৰাচেৰে বেটেৰীলৈ উভতি যায়। কুণ্ডলীৰ AB বাহুত প্রবাহ A ৰ পৰা B লৈ, CD বাহুত C ৰ পৰা D লৈ যায়, এতিয়া ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম প্রয়োগ কৰিলে আমি পাওঁ যে AB বাহুত ক্রিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্রিয়া কৰা বলে ইয়াক ওপৰলৈ ঠেলিব। গতিকে কুণ্ডলীটো আৰু অক্ষৰ সাপেক্ষে মুকলিকৈ ঘূৰিব পৰা O অক্ষদণ্ডডাল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব। আধা পাক ঘূৰাৰ পিছত Q য়ে X ব্ৰাচক স্পর্শ কৰিব আৰু P য়ে Y ব্ৰাচক স্পর্শ কৰিব। ফলত কুণ্ডলীটোত প্রবাহ বিপৰীতমুখী হৈ DCBA পথেৰে প্রবাহিত হ’ব। প্ৰবাহ বিপৰীতমুখী হোৱাৰ লগে লগে AB আৰু CD বাহু দুটাত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হয়। গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহুৱে এইবাৰ ওপৰলৈ ঠেলা খাব আৰু আগতে ওপৰলৈ ঠেলা খোৱা CD বাহুয়ে এইবাৰ তললৈ ঠেলা খাব। এতেকে কুণ্ডলী আৰু অক্ষদণ্ডই আৰু আধা পাক একে দিশতে ঘূৰিব। প্রতি আধা পাক ঘূর্ণনত প্ৰবাহৰ দিশ বাৰে বাৰে বিপৰীতমুখী হৈ থাকিব আৰু তাৰ ফলশ্ৰুতিত কুণ্ডলী অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব।
বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা সঁজুলিটোৰ নাম কি?
উত্তৰ : দিকপৰিবৰ্তক।
বৈদ্যুতিক মটৰত, ফলা আঙঠিটোৰ কাম কি?
উত্তৰ : বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা।
বা
বৈদ্যুতিক মটৰত, ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে।
আর্মেছাৰ কি?
উত্তৰ : মটৰৰ ক্ষমতা বঢ়ায়।
বৈদ্যুতিক মটৰৰ কুণ্ডলীটো কোমল লোৰ মজ্জা এটাত পকাই ৰখা হয়। ইয়াক আর্মেছাৰ বোলে।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 233
1. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।উত্তৰ : বাওঁহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয়। যদি তর্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্রিয়াশীল বলৰ দিশ সূচাব।
2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি? [HSLC.'18]
উত্তৰ : বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা।
3. বৈদ্যুতিক মটৰ, আঙঠিৰ ভূমিকা কি? [HSLC.'15,'18,'20]
উত্তৰ : বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা।
বা
বৈদ্যুতিক মটৰত, ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে।
অতিৰিক্ত প্ৰশ্নাৱলী :
কিমান চনত গতিশীল চুম্বকৰ পৰা বিদ্যুৎ প্রবাহ উৎপাদন কৰে?উত্তৰ : 1831 চনত।
গতিশীল চুম্বকৰ পৰা বিদ্যুৎ প্রবাহ উৎপাদন কৰা বৈজ্ঞানিকৰ নাম কি?
উত্তৰ : ইংৰাজ পদার্থবিদ মাইকেল ফেৰাড।
বিদ্যুৎ চুম্বকীয় আৱেশ কাক বোলে?
উত্তৰ : এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্ৰৰ পৰিবর্তনে আন এডাল পৰিবাহীত প্রবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আৱেশ বোলে।
ফ্লেমিঙৰ সোঁহতীয়া নিয়মটো লিখা।
উত্তৰ : সোঁহাতৰ বুঢ়া আঙুলি তর্জনি আঙুলি, আৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্বভাৱে মেলি দিলে, তর্জনি আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ দিলে, আৰু বুঢ়া আঙুলি পৰিবাহীডালৰ গতিৰ দিশ দিলে মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ দিশ দেখুৱাব।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 236
1. কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।উত্তৰ :
ক) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত দণ্ড চুম্বক এডাল অনা-নিয়া কৰিলে কুণ্ডলীটোত আৱিষ্ট প্রবাহ সৃষ্টি হয়।
খ) এটা পৰিবাহী কুণ্ডলীৰ ওচৰত ৰখা প্রবাহযুক্ত কুণ্ডলী এটাত প্ৰবাহৰ মান সলনি কৰিলে পৰিবাহী কুণ্ডলীটোত প্ৰবাহ আৱিষ্ট হয়।
অতিৰিক্ত প্ৰশ্নাৱলী :
বৈদ্যুতিক জেনেৰেটৰ কাক বোলে?উত্তৰ : বৈদ্যুতিক জেনেৰেটৰ হৈছে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সজুঁলি।
বৈদ্যুতিক জেনেৰেটৰৰ গঠন :
ABCD এটা ঘৰ্ণায়মান আয়তাকাৰ কুণ্ডলী যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত R₁, R₂ আঙঠি দুটাৰ লগত সংযোগ কৰি B₁,B₂, ব্ৰাচক গেলভেন'মিটাৰৰ সৈতে R₁, R₂ ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয়। R₁, R₂ আঙঠি দুটা যান্ত্ৰিকভাৱে ঘূৰোৱা হয় যাতে, স্থায়ী চুম্বকে সৃষ্টি কৰা চৌম্বক ক্ষেত্ৰত AB বাহুটো ওপৰলৈ আৰু CD বাহুটো তললৈ যায়।
ফ্লেমিঙৰ সোঁহতীয়া নিয়ম অনুসৰি বাহুবোৰত আৱিষ্ট প্রবাহ ABCDৰ দিশত চালিত হ’ব। বহি: বৰ্তনীত প্রবাহ B₂, ৰ পৰা B₁, লৈ যাব। আধা পাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাবলৈ আৰম্ভ কৰিব।
ফলত বাহু দুটাত আৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱিষ্ট প্রবাহ DCBA ৰ দিশত চালিত হ’ব। বহি:বর্তনীত প্রবাহ এতিয়া B₁, ৰ পৰা B₂, লৈ যাব।
AC জেনেৰেটৰ কাক বোলে?
বা
পৰিবৰ্তী প্রবাহ কাক বোলে? উত্তৰ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি কৰা প্ৰবাহক পৰিবৰ্তী প্রবাহ বোলে।
জেনেৰেটৰটোক AC জেনেৰেটৰ বুলি কোৱা হয়।
DC জেনেৰেটৰ কাক বোলে?
বা
প্রত্যক্ষ প্রবাহ কাক বোলে? উত্তৰ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি নকৰে, অৰ্থাৎ প্ৰবাহ একমুখী হয় তাক প্রত্যক্ষ প্রবাহ বোলে।
জেনেৰেটৰটোক DC জেনেৰেটৰ বুলি কোৱা হয়।
প্রত্যক্ষ আৰু পৰিবৰ্তী প্ৰবাহৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ :
প্রত্যক্ষ প্ৰবাহ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি
নকৰে।
পৰিবৰ্তী প্ৰবাহ : এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি
কৰে।
DC প্ৰবাহৰ তুলনাত AC প্ৰবাহৰ এটা উল্লেখযোগ্য সুবিধা লিখা।
বা
AC প্ৰবাহৰ সুবিধা লিখা।
উত্তৰ : AC প্ৰবাহক শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব পাৰি।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 237
1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা। [HSLC.'16,'20]উত্তৰ : যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা।
2. প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰ : DC জেনেৰেটৰ, বেটাৰী, সৌৰ কোষ।
3. পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
উত্তৰ : AC জেনেৰেটৰ, জল বিদ্যুৎ প্ৰকল্প।
4. শুদ্ধটো বাছি উলিওৱা।
তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি-(a) দুপাকত সলনি হ’ব।
(b) এপাকত সলনি হ’ব।
(c) আধা পাকত সলনি হ’ব।
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
উত্তৰ : (c) আধা পাকত সলনি হ’ব।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 238
1. বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।উত্তৰ :
a) বৈদ্যুতিক ফিউজ
b) ভূমি সংযোগী তাঁৰৰ ব্যৱস্থা।
2. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5 A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা?
উত্তৰ :
ইয়াত,
P = 2KW = 2000W (1KW = 1000W)
I = 5A
V = 220V
আমি জানো,
P = IV
2000 = 5×220
2000 = 1100
.·. P ≠ IV
3. ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা? [HSLC.'18]
উত্তৰ :
(i) বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে।
(ii) একেটা খাজতে বহুসংখ্যক বৈদ্যুতিক সঁজুলি সংযোগ কৰিব নালাগে।
অনুশীলনীৰ প্ৰশ্নাৱলী : পৃষ্ঠা- 240
1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে?(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত।
উত্তৰ : (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে -
(a) বস্তু আহিতকৰণৰ প্রক্রিয়া।
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্রক্রিয়া।
উত্তৰ : (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক -
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন’মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়।
উত্তৰ : (a) জেনেৰেটৰ বোলা হয়।
4. পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে -
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
উত্তৰ : (d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
5. হ্রস্ববর্তনী (Short Circuit ) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ -
(a) বুজন পৰিমানে কমি যায়
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰ : (c) বুজন পৰিমাণে বৃদ্ধি পায়।
6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা।
(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।উত্তৰ : ভুল।
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।
উত্তৰ : শুদ্ধ।
(c) এডাল দীঘল বৃত্তাকাৰ প্রবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব।
উত্তৰ : শুদ্ধ।
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
উত্তৰ : ভূল।
7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰ :
(i) স্থায়ী চুম্বক ব্যৱহাৰ কৰি।
(ii) কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰি।
৪. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এভাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা। [HSLC.'17,'19]
উত্তৰ : চ’লেনইডৰ মাজেৰে বিদ্যুৎ চালিত হ’লে ই দণ্ড চুম্বকৰ দৰে আচৰণ কৰে।
ব্যাখ্যা :
এভাল দণ্ড চুম্বকৰ সহায়ত প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিম।
যেনে - দণ্ড চুম্বকৰ উত্তৰ মেৰুটো যদি চ’লেনইডৰ বিদ্যুৎ ওলাই যোৱা মূৰ (উত্তৰ) ফালে নিয়া হয় তেন্তে ইয়াৰ বিকৰ্ষণ ঘটিব। আনহাতে, চুম্বকৰ দক্ষিণ মেৰু আনিলে চ’লেনইডটো আকৰ্ষিত হ'ব।
9. চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বেচ্চ হয়? [HSLC.'19]
উত্তৰ : প্রবাহৰ দিশ আৰু চুম্বকক্ষেত্ৰৰ দিশ পৰস্পৰ লম্ব হ'লে।
10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।
11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি? [HSLC.']
উত্তৰ :
বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র :
মূলনীতি :
বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সজুঁলি।
কার্যপ্রণালী :
তাঁমৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলীৰে গঠিত ABCD এটা বৈদ্যুতিক মটৰ। কুণ্ডলীটোৰ AB আৰু CD বাহু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্বভাবে ৰখা হ'ল। X আৰু Y ব্ৰাচৰ লগত স্পৰ্শ কৰি এটা ফলা আঙঠিৰ P,Q ৰ লগত কুণ্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হ'ল। ABCD কুণ্ডলীৰ প্ৰবাহ, বেটেৰীৰ পৰা X ব্ৰাচেৰে সোমায় আৰু Y ব্ৰাচেৰে বেটেৰীলৈ উভতি যায়। কুণ্ডলীৰ AB বাহুত প্রবাহ A ৰ পৰা B লৈ, CD বাহুত C ৰ পৰা D লৈ যায়, এতিয়া ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম প্রয়োগ কৰিলে আমি পাওঁ যে AB বাহুত ক্রিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্রিয়া কৰা বলে ইয়াক ওপৰলৈ ঠেলিব। গতিকে কুণ্ডলীটো আৰু অক্ষৰ সাপেক্ষে মুকলিকৈ ঘূৰিব পৰা O অক্ষদণ্ডডাল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব। আধা পাক ঘূৰাৰ পিছত Q য়ে X ব্ৰাচক স্পর্শ কৰিব আৰু P য়ে Y ব্ৰাচক স্পর্শ কৰিব। ফলত কুণ্ডলীটোত প্রবাহ বিপৰীতমুখী হৈ DCBA পথেৰে প্রবাহিত হ’ব। প্ৰবাহ বিপৰীতমুখী হোৱাৰ লগে লগে AB আৰু CD বাহু দুটাত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হয়। গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহুৱে এইবাৰ ওপৰলৈ ঠেলা খাব আৰু আগতে ওপৰলৈ ঠেলা খোৱা CD বাহুয়ে এইবাৰ তললৈ ঠেলা খাব। এতেকে কুণ্ডলী আৰু অক্ষদণ্ডই আৰু আধা পাক একে দিশতে ঘূৰিব। প্রতি আধা পাক ঘূর্ণনত প্ৰবাহৰ দিশ বাৰে বাৰে বিপৰীতমুখী হৈ থাকিব আৰু তাৰ ফলশ্ৰুতিত কুণ্ডলী অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব।
ফলা আঙঠিৰ কাম :
বৈদ্যুতিক মটৰত, ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে।
12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলীৰ নাম লিখা।
উত্তৰ : বৈদ্যুতিক পাংখা, ৰেফ্রিজাৰেটৰ, মিক্সাৰ, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, এম. পি. থ্রি প্লেয়াৰ, আদিত বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হয়।
13. অন্তৰিত তামৰ তাৰৰ কুণ্ডলী এটা গেলভেন'মিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে । যদি এডাল দণ্ড চুম্বক -
(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে
(ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে
(ii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীত অৱস্থাত ৰাখিলে কি হ'ব ?
উত্তৰ :
(i) গেলভেন'মিটাৰ কাঁটাই বিক্ষেপণ দেখুৱাব।
(ii) বিপৰীত দিশত গেলভেন'মিটাৰ কাঁটাই বিক্ষেপণ দেখুৱাব।
(iii) গেলভেন’'মিটাৰৰ কাঁটাই কোনো বিক্ষেপণ নেদেখুৱায়।
14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ'বনে? কাৰণ দর্শোৱা। [HSLC.'22]
উত্তৰ :
প্রবাহ আৱিষ্ট হ'ব।
কাৰণ - A কুণ্ডলীত প্রবাহ পৰিবর্তৰ বাবে A -ত চুম্বকীয় ক্ষেত্ৰ ৰেখাৰ সলনি হ'ব। যিহেতু, A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে, সেয়ে B কুণ্ডলীৰ চুম্বকীয় ক্ষেত্ৰ ৰেখাৰ সলনি হ'ব আৰু B কুণ্ডলীত প্রবাহ আৱিষ্ট হ'ব।
15.
(i) প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ, [HSLC.'16]
(ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্রবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু
(iii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
উত্তৰ :
(i) মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম।
(ii) ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম।
(iii) ফ্লেমিঙৰ সোঁহাতৰ নিয়ম।
16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি? [HSLC.'16,'20]
উত্তৰ :
বৈদ্যুতিক জেনেৰেটৰৰ চিহ্নিত চিত্ৰ :
মূলনীতি :
বৈদ্যুতিক জেনেৰেটৰ হৈছে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সজুঁলি।
কার্যপ্রণালী :
ABCD এটা ঘৰ্ণায়মান আয়তাকাৰ কুণ্ডলী যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত R₁, R₂ আঙঠি দুটাৰ লগত সংযোগ কৰি B₁,B₂, ব্ৰাচক গেলভেন'মিটাৰৰ সৈতে R₁, R₂ ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয়। R₁, R₂ আঙঠি দুটা যান্ত্ৰিকভাৱে ঘূৰোৱা হয় যাতে, স্থায়ী চুম্বকে সৃষ্টি কৰা চৌম্বক ক্ষেত্ৰত AB বাহুটো ওপৰলৈ আৰু CD বাহুটো তললৈ যায়।
ফ্লেমিঙৰ সোঁহতীয়া নিয়ম অনুসৰি বাহুবোৰত আৱিষ্ট প্রবাহ ABCDৰ দিশত চালিত হ’ব। বহি: বৰ্তনীত প্রবাহ B₂, ৰ পৰা B₁, লৈ যাব। আধা পাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাবলৈ আৰম্ভ কৰিব।
ফলত বাহু দুটাত আৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱিষ্ট প্রবাহ DCBA ৰ দিশত চালিত হ’ব। বহি:বর্তনীত প্রবাহ এতিয়া B₁, ৰ পৰা B₂, লৈ যাব।
ব্রাচদুডালৰ কাম :
দুডাল স্থিতিশীল পৰিবাহী ব্ৰাচ B₁, আৰু B₂, -ক জেনেৰেটৰৰ মূল অংশ ABCD কুণ্ডলীৰ R₁, আৰু R₂, ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰি ৰাখে।
বা
আয়তাকাৰ কুণ্ডলীটোত উৎপন্ন আবিষ্ট প্ৰবাহক তলৰ বাহ্যিক বর্তনীটোলৈ কঢ়িয়াই অনা।
17. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয়?
উত্তৰ : সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্ছিত সংযোগ ঘটিলে।
বা
বৰ্তনীৰ বোজা অত্যাধিক হ'লে।
বা
বৈদ্যুতিক সজুলিবোৰ ক্ৰটিপূৰ্ণ হ'লে।
18. ভূমি সংলগ্ন তাৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কিয় ?
উত্তৰ :
ভূমি সংলগ্ন তাৰৰ কাম :
ই এবিধ সুৰক্ষা ব্যবস্থা, ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰে।
প্রয়োজন :
সঁজুলিৰ ধাতুৰ শৰীৰলৈ এই প্ৰবাহ নি:সৰিত হ’লে এই ব্যৱস্থা ধাতুৰ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে কৰি ৰাখে। ফলত, ব্যৱহাৰকাৰীক বৈদ্যুতিক আঘাতৰ পৰা সুৰক্ষা কৰে।
Updated on 27th Dec 2023By :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments