(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ১৭
আর্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা
আদর্শ প্রশ্নমালা :
১। অতি চমু উত্তৰ লিখা :
(ক) আর্থ-সামাজিক উন্নয়ন কাক বোলে?উত্তৰ : উৎপাদন বৃদ্ধিৰ জৰিয়তে ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰাকে ‘আৰ্থ- সামাজিক’ উন্নয়ন বোলে।
(খ) দেশৰ আৰ্থ-সামাজিক উন্নয়নত চৰকাৰে কি ভূমিকা পালন কৰে?
উত্তৰ : দেশৰ আৰ্থ-সামজিক উন্নয়নত চৰকাৰে আন্ত:গাঁথনি উন্নয়ন কৰাৰ লগতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰে আৰু তাক বাস্তবায়িত কৰে।
(গ) ৰাষ্ট্ৰীয় আয় কি?
উত্তৰ : একোটা বছৰত ৰাষ্ট্ৰ এখনত উৎপাদিত হোৱা সৰ্বমুঠ উৎপাদনৰ মুদ্ৰা মূল্যই ৰাষ্ট্ৰীয় আয়।
(ঘ) এখন দেশৰ উন্নয়ন কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ : দেশ এখনৰ উন্নয়ন ইয়াৰ আন্ত:গাঁথনি, সম্পদৰ ব্যৱহাৰ, উৎপাদন, যোগাযোগ ব্যৱস্থা আদিৰ ওপৰত নিৰ্ভৰ কৰে।
(ঙ) দেশৰ মানুহৰ জনমূৰি আয় বৃদ্ধি হ’লে কি হয়?
উত্তৰ : দেশৰ জনসাধাৰণৰ জনমূৰি আয় বৃদ্ধি হ'লে জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়।
(চ) সুদ কাক বোলে?
উত্তৰ : সুদ হৈছে ঋণ প্ৰদানৰ বাবে কোনো ব্যক্তি, সংগঠন বা বেংকে গ্ৰহণ কৰা নিৰ্দিষ্ট পৰিমাণৰ লাভ্যাংশ।
(ছ) ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ?
উত্তৰ : ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম হৈছে - ভাৰতীয় ৰিজাৰ্ভ বেংক।
(জ) ভাৰতৰ ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ : ১৯৩৫ চনত ভাৰতৰ ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল।
(ঝ) আমানতকাৰী কোন?
উত্তৰ : বেংক বা তেনে কোনো বিত্তীয় অনুষ্ঠানত ধন জমা ৰখা ব্যক্তি বা প্রতিষ্ঠানক আমানতকাৰী বোলে৷
(ঞ) ভাৰতৰ কোনটো বেংকে ৰিজাৰ্ভ বেংকৰ এজেণ্ট হিচাপে কাম কৰে?
উত্তৰ : বাণিজ্যিক বেংকসমূহে ৰিজাৰ্ভ বেংকৰ এজেন্ট হিচাপে কাম কৰে।
(ট) ঔদ্যোগিক আৰু বিনিয়োগ বেংকৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰ : ঔদ্যোগিক আৰু বিনিয়োগ বেংকৰ প্ৰধান উদ্দেশ্য হৈছে উদ্যোগ স্থাপনৰ বাবে হ্রস্বকালীন আৰু দীৰ্ঘকালীন ঋণৰ যোগান, ধৰা।
(ঠ) গ্রামীণ ঋণ সৰবৰাহৰ বাবে কোনটো বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে?
উত্তৰ : গ্রামীণ ঋণ সৰবৰাহ কৰাৰ বাবে ‘ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক’ (নাবাৰ্ড) য়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে।
(ড) কাগজী মুদ্রা কোনটো বেংকে ছপা কৰে?
উত্তৰ : ৰাষ্ট্ৰ এখনৰ কেন্দ্ৰীয় বেংকে (ভাৰতত ভাৰতীয় ৰিজাৰ্ভ বেংকে) কাগজী মুদ্ৰা ছপা কৰে।
(ঢ) উত্তৰ-পূব পৰিষদৰ প্ৰধান কাৰ্যালয় কোন ঠাইত অৱস্থিত?
উত্তৰ : উত্তৰ পূৱ পৰিষদৰ প্ৰধান কাৰ্যালয় মেঘালয়ৰ শ্বিলঙত অৱস্থিত৷
(ণ) নেড্ফি কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ : ১৯৯৬ চনত নেডফি স্থাপন কৰা হৈছিল।
২। উত্তৰ লিখা :
(ক) আন্ত:গাঁথনি উন্নয়নৰ অৰ্থ লিখা।উত্তৰ : দেশ এখনৰ সৰ্বাধিকক উন্নয়নৰ স্বাৰ্থত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়ত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান আদিৰ বিকাশ সাধন কৰাকেই আন্ত:গাঁথনি উন্নয়ন বুলি কোৱা হয়। এই ব্যৱস্থাসমূহৰ উন্নয়নে উৎপাদন বৃদ্ধিত সহায় কৰে।
(খ) দীর্ঘম্যাদী ঋণ প্রদান কৰা দুটা বেংকৰ নাম লিখা।
উত্তৰ : দীর্ঘম্যাদী ঋণ প্রদান কৰা দুটা বেংক হ’ল -
ক) ঔদ্যোগিক আৰু বিনিয়োগ বেংক
খ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক।
(গ) দেশৰ কেন্দ্ৰীয় বেংকৰ দুটা কাৰ্যৰ নাম লিখা।
উত্তৰ : দেশৰ কেন্দ্ৰীয় বেংকৰ দুটা কাৰ্য হ’ল কাগজী মুদ্ৰাৰ প্ৰচলন আৰু ঋণ নিয়ন্ত্ৰণ।
(ঘ) দুটা বাণিজ্যিক বেংকৰ নাম লিখা।
উত্তৰ : দুটা বাণিজ্যিক বেংক হ’ল ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু বেংক অৱ বৰোদা।
(ঙ) দুটা ব্যক্তিগত খণ্ডৰ বেংকৰ নাম লিখা।
উত্তৰ : দুটা ব্যক্তিগত খণ্ডৰ বেংক হ’ল -
ক) এক্সিছ বেংক,
খ) এইচ, ডি এফ চি বেংক।
(চ) সমবায় বেংকৰ ভূমিকাৰ বিষয়ে লিখা।
উত্তৰ : ভাৰতবৰ্ষত ১৯০৪ চনত সমবায় সমিতি আইন গ্ৰহণ কৰা হয়। এই আইনৰ অধীনত ভাৰতবৰ্ষত কেইবাটাও সমবায় বেংক স্থাপন কৰা হয়। সমবায় বেংকসমূহৰ শীৰ্ষস্থানীয় বেংক হৈছে ‘ৰাজ্যিক সমবায় বেংক’। অসমত ১৯৪৮ চনত অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয়। সমবায় বেংকৰ প্ৰধান উদ্দেশ্য হৈছে -
কম সুদত দুখীয়া খেতিয়ক, শিপিনী, ক্ষুদ্র উদ্যোগপতি আদিলৈ ঋণৰ যোগান ধৰা । ভাৰতবৰ্ষ এখন কৃষি প্রধান দেশ হোৱা বাবে ইয়াৰ অধিকাংশ লোকেই কৃষি কাৰ্যৰ লগত জড়িত। কৃষকসকলে বহু সময়ত উৎপাদন কাৰ্যৰ বাবে লাগতিয়াল মূলধনৰ অভাৱত মহাজনসকলৰ পৰা উচ্চ হাৰত ঋণ লবলৈ বাধ্য হয়। ফলত খেতিয়কসকল বহু সময়ত উচ্চ হাৰত গ্ৰহণ কৰা ঋণ পৰিশোধ কৰিব নোৱাৰি দুর্যোগ ভূগে। সেয়ে কৃষককসলক মহাজনসকলৰ পৰা ৰক্ষা কৰিবলৈ আৰু কৃষকৰ মাজত মিতব্যয়িতা ভাব জগাই তুলিবলৈ সমবায় বেংকসমূহে কাম কৰি আছে। সমবায় বেংকসমূহে কৃষকসকলক হ্রস্বম্যাদী ঋণ আগবঢ়ায়৷ আনহাতে ভূমি উন্নয়ন বেংকসমূহে দীর্ঘকালীন ঋণ আগবঢ়ায়। এইদৰে দেশৰ আৰ্থ-সামাজিক উন্নয়নত সমবায় বেংকসমূহে অৱদান আগবঢ়াই আছে।
(ছ) নাবাৰ্ডৰ দুটা কাৰ্যৰ উল্লেখ কৰা ৷
উত্তৰ :
নাবাৰ্ডৰ দুটা কাৰ্য হল -
(ক) গাওঁ অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰলৈ ই বিত্ত যোগান ধৰে।
(খ) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ, পর্যালোচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে।
N.B :
১৯৮২ চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক
(NABARD) স্থাপন কৰা হয়।
(জ) উত্তৰ-পূব পৰিষদৰ দুটা উদ্দেশ্য লিখা।
উত্তৰ :
উত্তৰ-পূব পৰিষদৰ দুটা প্রধান উদ্দেশ্য হৈছে -
(ক) সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামূহকি উন্নয়নৰ বাবে সংহত আঞ্চলিক পৰিকল্পনা প্রস্তুত কৰা আৰু অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰা।
(খ) আন্ত:ৰাজ্যিক আন্ত:গাঁথনি যেনে - বিদ্যুৎ শক্তি, পৰিবহন আৰু যোগাযোগৰ উন্নয়নৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।
N.B :
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামূহিক উন্নয়নৰ অৰ্থে ১৯৭২ চনত ‘উত্তৰ-পূৱ পৰিষদ’ গঠন কৰা হয়৷
(ঝ) আত্মসহায়ক গোট গঠনৰ দুটা লক্ষ্য বা উদ্দেশ্য প্ৰকাশ কৰা ।
উত্তৰ :
আত্মসহায়ক গোট গঠনৰ দুটা প্ৰধান লক্ষ্য বা উদ্দেশ্য হল -
(ক) সমূহীয়াভাৱে আৰ্থিক কাম-কাজ কৰাৰ বাবে পৰিবেশ আৰু শক্তি সৃষ্টি কৰা ।
(খ) বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা গ্ৰহণ কৰা।
N.B :
আত্ম সহায়ক গোট হৈছে পৰস্পৰ আৰ্থিক সহযোগিতাৰ উদ্দেশ্যে গোট খুৱা কেইজনমান লোকৰ থুপ বা গোট৷
৩। বহলাই আলোচনা কৰা :
(ক) আর্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদানৰ বিষয়ে আলোচনা কৰা।উত্তৰ : যিবোৰ বিত্তীয় অনুষ্ঠানে কেন্দ্ৰীয় বেংকৰ তলতীয়া হিচাপে ব্যক্তি বা সংগঠনৰ পৰা ধন জমা ৰাখে আৰু অন্য ব্যক্তি বা অনুষ্ঠানক ঋণ প্ৰদান কৰে সেইবোৰকে ‘বাণিজ্যিক বেংক’ বোলে। বাণিজ্যিক বেংক চৰকাৰী খণ্ডত বা ব্যক্তিগত খণ্ডত গঢ়ি উঠিব পাৰে। ১৯৬৯ চনত ভাৰতবৰ্ষত ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। বাণিজ্যিক বেংকত মানুহে নিজৰ উপাৰ্জনৰ টকা জমা ৰাখে। বেংকত জমা ৰখা সঞ্চয়ক ‘বেংক জমা’ বোলে। বাণিজ্যিক বেংকত তিনিধৰণৰ একাউণ্ট (হিচাপ) খুলিব পাৰি -
চলিত হিচাপ, সঞ্চয় হিচাপ আৰু স্থিৰ হিচাপ। ঋণ প্ৰদানৰ জৰিয়তে বেংকে লাভ উপাৰ্জন কৰে। ঋণৰ বিপৰীতে বেংকে সুদ পায়। ঋণ প্ৰদানৰ ক্ষেত্ৰত বেংকে মাটি, সোণ, চৰকাৰী ঋণপত্ৰ, আদি বন্ধক হিচাপে গ্ৰহণ কৰে। প্রয়োজন অনুসাৰে বাণিজ্যিক বেংকে গ্ৰাহকসকলক দীর্ঘকালীন আৰু হ্রস্বকালীন ঋণ আগবঢ়ায়৷ দেশ এখনৰ আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকে যথেষ্ট অৱদান আগবঢ়াব পাৰে। বৰ্তমানলৈ ভাৰতবৰ্ষত বহু কেইটা বাণিজ্যিক বেংক স্থাপন কৰা হৈছে। সেইবোৰৰ ভিতৰত ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনাইটেড কমার্চিয়েল বেংক, বেংক অৱ বৰোডা, পঞ্জাৱ নেচনেল বেংক আদি উল্লেখযোগ্য ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংক। আনহাতে ভাৰতবৰ্ষত কেইবাটাও ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংকো আছে। যেনে - এইচ. ডি. এফ. চি., আইচি আই চি আই, এক্সিছ বেংক, ক’টাক মাহিন্দ্ৰ বেংক আদি। বাণিজ্যিক বেংকসমূহে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক যেনে - কৃষক, উদ্যোগপতি, দোকানী, কাৰিকৰ আদিলৈ হ্রস্বকালীন আৰু দীৰ্ঘকালীন ঋণ আগবঢ়াই দেশৰ অৰ্থনৈতিক প্ৰগতিত অৱদান আগবঢ়াই আছে।
(খ) কেন্দ্ৰীয় বেংকৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা।
উত্তৰ : ৰাষ্ট্ৰ এখনৰ বিত্তীয় ব্যৱস্থা পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে একোখন কেন্দ্রীয় বেংক থাকে। ভাৰতবৰ্ষৰ বেংক ব্যৱস্থাৰ শীৰ্ষত আছে কেন্দ্ৰীয় বেংক। ইয়াক ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি কোৱা হয়৷ কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলী তলত আলোচনা কৰা হ'ল -
(১) কাগজী মুদ্রা প্রচলন :
কেন্দ্রীয় বেংকে কাগজী মুদ্ৰাৰ প্ৰচলন কৰিব পাৰে । ই কেন্দ্ৰীয় বেংকৰ একচেটীয়া অধিকাৰ৷ বৰ্তমান নিম্নতম জমা ব্যৱস্থাৰ নীতিত মুদ্ৰা ছপোৱা হয়। ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিত মুদ্ৰা ছপা কৰে। নিম্নতম জমা ব্যৱস্থাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমাণৰ সোণ আৰু বৈদেশিক মুদ্রা জমা ৰাখিব লাগে।
(২) বেংকসমূহৰ বেংক :
কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক। বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ এটা অংশ কেন্দ্ৰীয় বেংকত জমা ৰাখিব লাগে৷ কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে, ঋণ প্ৰদান কৰে, বাণিজ্যিক বেংকসমূহৰ পাৰস্পৰিক লেন-দেন বা হস্তান্তৰ আৰু দাবীসমূহৰ নিষ্পত্তি কৰে। সেয়ে কেন্দ্রীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম পৰ্যায়ৰ ঋণদাতা হিচাপে গণ্য কৰা হয়।
(৩) চৰকাৰৰ বেংক :
বাণিজ্যিক বেংক হ’ল চৰকাৰৰ বেংক। চৰকাৰৰ বেংক হিচাপে ই চৰকাৰক বিত্তৰ যোগান ধৰে, চৰকাৰক বিত্তসম্পৰ্কে পৰামৰ্শ দান কৰে, চৰকাৰৰ প্ৰতিনিধি হিচাপে আর্থিক কার্য সম্পাদন কৰে, চৰকাৰী ঋণৰ তদাৰক কৰে, চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ আদি কাৰ্য সম্পাদন কৰে।
(৪) ঋণ নিয়ন্ত্রণ :
কেন্দ্ৰীয় বেংকে দেশৰ ঋণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকে নিয়ন্ত্রণমূলক ব্যৱস্থাসমূহ প্ৰয়োগ কৰি মুদ্রাস্ফীতিৰ হাৰ হ্ৰাস কৰে।
(গ) উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত উত্তৰ-পূব পৰিষদ আৰু নেডফিৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা৷
উত্তৰ : উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহলৈ বিত্তীয় সাহায্য আগবঢ়াই অঞ্চলটোক আর্থিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ১৯৯৬ চনত ভাৰতৰ ঔদ্যোগিক বিকাশ বেংকৰ নেতৃত্বত উত্তৰ-পূৱ বিত্তীয় নিগম (NEDFI) স্থাপন কৰা হয়। ইয়াৰ সদৰ কাৰ্যালয় গুৱাহাটীত অৱস্থিত। এই নিগমৰ অনুমোদিত পুঁজিৰ পৰিমাণ ৫০০ কৌটি টকা। ক্ষুদ্র উদ্যোগ, কুটিৰ উদ্যোগ, হস্ত তাঁত আৰু বস্ত্ৰ উদ্যোগ, আত্ম সহায়ক গোট আদিৰ উৎপাদিত বস্তুসমূহ বিক্ৰী কৰাৰ বাবে এই নিগমে সা-সুবিধা আগবঢ়ায়। নেডফিৰ সাহায্যত উৎপাদিত বস্তুসমূহ বিক্ৰী কৰিবলৈ গুৱাহাটীৰ আমবাৰীস্থ নেডফিহাট নামৰ এটা অনুষ্ঠান আছে। নেডফিৰ, মুখ্য কাম হ’ল অঞ্চলটোৰ সম্পদসমূহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত জনসাধাৰণৰ লগত সহযোগ কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰা৷ উত্তৰ-পৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মূল্যৱান উদ্ভিদ উদ্যোগ গঢ়াৰ পৰিবেশ গঠন কৰিছে। লগতে ঔদ্যোগিক শস্যৰ কৃষিভিত্তিক খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্ত পূৰণ কৰিব নোৱাৰে সেইসকলক নেডফিয়ে ৰেহাই হাৰত ঋণৰ যোগান ধৰে। উত্তৰ-পূৱ ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ নেডফিয়ে চেষ্টা চলাই আছে।
(ঘ) আত্মসহায়ক গোটৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰ : আত্ম সহায়ক গোট হৈছে পৰস্পৰ আৰ্থিক সহযোগিতাৰ উদ্দেশ্যে গোট খুৱা কেইজনমান লোকৰ এটি থুপ বা গোট। এনে গোটৰ “মূল উদ্দেশ্য হৈছে সদস্যসকলৰ দৰিদ্ৰতা দূৰ কৰা। আত্মসহায়ক গোটসমূহে বেংক, নেডফি আদি বিত্তীয় অনুষ্ঠানসমূহৰ পৰা বিত্তীয় সাহায্য লাভ কৰে। আত্ম সহায়ক গোটে আর্থিকভাৱে পিছ পৰা আৰু কৰ্ম সংস্থাপন নোহোৱা যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে। ইয়াৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য হ’ল -
(ক) সমূহীয়াভাৱে আৰ্থিক কাম-কাজ কৰাৰ বাবে পৰিবেশ আৰু শক্তি সৃষ্টি কৰা।
(খ) বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা গ্ৰহণ কৰা।
(গ) গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তেলা।
(ঘ) জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজকে নিজে সহায় কৰাৰ মানসিকতা গঢ়ি তোলা ৷
(ঙ) সমূহীয়াভাৱে কাম কৰি উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰা আৰু সমূহীয়া ঋণ পোৱাত সহায় কৰা।
(ঙ) ভাৰতৰ বেংক ব্যৱস্থাৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা।
উত্তৰ : বেংক ব্যৱস্থা হৈছে দেশ এখনৰ অৰ্থনৈতিক দিশ গতিশীল কৰি ৰখাৰ এক অত্যাৱশ্যকীয় ব্যৱস্থা। বর্তমান প্ৰতিখন দেশতে বেংক ব্যৱস্থা আছে। প্রায় প্ৰতিখন দেশৰে একোটাকৈ কেন্দ্ৰীয় বেংক থাকে ৷ ভাৰতত থকা কেন্দ্রীয় 'বেংকটো হ’ল ‘ভাৰতীয় ৰিজাৰ্ভ বেংক। ই ১৯৩৫ চনত স্থাপন কৰা হৈছিল। কেন্দ্ৰীয় বেংকখন হৈছে দেশৰ অৰ্থ ব্যৱস্থাৰ অভিভাৱকস্বৰূপ। ইয়াৰ অধীনত বহুতো বাণিজ্যিক বেংক থাকে। কেন্দ্ৰীয় বেংকে দেশৰ মুদ্ৰা ব্যৱস্থা পৰিচালনা কৰে আৰু বাণিজ্যিক বেংক তথা অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংকৰ পৰিদৰ্শক, নিয়ন্ত্ৰক আৰু নিৰ্দেশক। বাণিজ্যিক বেংকে জনসাধাৰণৰ উপাৰ্জনৰ টকা জমা ৰাখে। বেংকত জমা ৰখা সঞ্চয়ক ‘বেংক জমা’ বোলে। বাণিজ্যিক বেংকত তিনিধৰণৰ একাউণ্ট (হিচাপ) খুলিব পাৰি চলিত হিচাপ, সঞ্চয় হিচাপ আৰু স্থিৰ হিচাপ। ঋণ প্ৰদানৰ জৰিয়তে বেংকে লাভ উপাৰ্জন কৰে। ঋণৰ বিপৰীতে বেংকে সুদ পায়। ঋণ প্ৰদানৰ ক্ষেত্ৰত বেংকে মাটি, সোণ, চৰকাৰী ঋণপত্ৰ, আদি বন্ধক হিচাপে গ্ৰহণ কৰে। প্রয়োজন অনুসাৰে বাণিজ্যিক বেংকে গ্রাহকসকলক দীর্ঘকালীন আৰু হ্রস্বকালীন ঋণ আগবঢ়ায়৷ দেশ এখনৰ আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকে যথেষ্ট অৱদান আগবঢ়াব পাৰে। বৰ্তমানলৈ ভাৰতবৰ্ষত বহু কেইটা বাণিজ্যিক বেংক স্থাপন কৰা হৈছে। সেইবোৰৰ ভিতৰত ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনাইটেড কমার্চিয়েল বেংক, বেংক অৱ বৰোডা, পঞ্জাৱ নেচনেল বেংক আদি উল্লেখযোগ্য ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংক। আনহাতে ভাৰতবৰ্ষত কেইবাটাও ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংকো আছে। যেনে - এইচ. ডি. এফ. চি., আই. চি. আই. চি.’ আই, এক্সিছ বেংক, ক’টাক মাহিন্দ্ৰ বেংক আদি। বাণিজ্যিক বেংকসমূহে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক যেনে - কৃষক, উদ্যোগপতি, দোকানী, কাৰিকৰ আদিলৈ হ্রস্বকালীন আৰু দীৰ্ঘকালীন ঋণ আগবঢ়াই দেশৰ অৰ্থনৈতিক প্ৰগতিত অৱদান আগবঢ়াই আছে।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ভাৰতীয় বিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল-
(ক) ১৯৩৫ চনত
(খ) ১৯৪০ চনত
(গ) ১৯৪৭ চনত
উত্তৰ : (ক) ১৯৩৫ চনত
(ii) ১৯৬৯ চনত ৰাষ্ট্ৰীয়কৰণ কৰা ভাৰতৰ বাণিজ্যিক বেংকৰ সংখ্যা হল-
(ক) ২০ টা
(খ) ১৮ টা
(গ) ১৪ টা
উত্তৰ : (গ) ১৪ টা
(iii) উত্তৰ-পূব পৰিষদৰ প্ৰধান কাৰ্যালয়-
(ক) শ্বিলঙত অৱস্থিত
(খ) গুৱাহাটীত অৱস্থিত
(গ) গেংটকত অৱস্থিত
উত্তৰ : (ক) শ্বিলঙত অৱস্থিত
(iv) বাণিজ্যিক বেংকত একাউন্ট খুলিব পাৰি-
(ক) তিনি ধৰণৰ
(খ) দুই ধৰণৰ
(গ) এক ধৰণৰ
উত্তৰ : (ক) তিনি ধৰণৰ
(v) নেড্ফিৰ সদৰ কার্যালয়-
(ক) গুৱাহাটীত
(খ) যোৰহাটত
(গ) তেজপুৰত
উত্তৰ : (ক) গুৱাহাটীত
Updated on 23rd December 2023
By :- J.A.C | B.Sc | Web/App Developer
0 Comments