প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই প'ষ্টটোত আমি Class 8 English Grammar Home Assignment 2025-26-ৰ সম্পূৰ্ণ সমাধান আগবঢ়াইছোঁ। ইয়াত Parts of Speech, Noun, Helping Verbs আৰু Subject-ৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।
ইংৰাজী ভাষাত ব্যৱহাৰ হোৱা শব্দবোৰক সিহঁতৰ কাম বা ব্যৱহাৰ অনুযায়ী মুঠ ৮ (আঠ) টা ভাগত ভগাব পাৰি। এই ভাগবোৰক একেলগে Parts of Speech বুলি কোৱা হয়।
- ১. Noun (বিশেষ্য): যি শব্দই কোনো ব্যক্তি, বস্তু, ঠাই বা গুণৰ নাম বুজায়।
Example: Ram, Guwahati, Table. - ২. Pronoun (সৰ্বনাম): Noun-ৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা শব্দ।
Example: I, We, He, She. - ৩. Adjective (বিশেষণ): যি শব্দই Noun বা Pronoun-ৰ দোষ, গুণ বা অৱস্থা বুজায়।
Example: She is a beautiful girl. - ৪. Verb (ক্ৰিয়া): যি শব্দৰ দ্বাৰা কিবা কাম কৰা বা হোৱা বুজায়।
Example: They play football. - ৫. Adverb (ক্ৰিয়া বিশেষণ): যি শব্দই Verb বা Adjective-ৰ কামৰ ধৰণ বুজায়।
Example: The tortoise walks slowly. - ৬. Preposition (পদান্বয়ী অব্যয়): যি শব্দই Noun বা Pronoun-ৰ আগত বহি সম্পৰ্ক বুজায়।
Example: The book is on the table. - ৭. Conjunction (সংযোজক অব্যয়): যি শব্দই দুটা শব্দ বা বাক্য সংযোগ কৰে।
Example: Ram and Rahim. - ৮. Interjection (আৱেগসূচক অব্যয়): যি শব্দই মনৰ হঠাত্ হোৱা আৱেগ বুজায়।
Example: Alas! the man is dead.
যি শব্দৰ দ্বাৰা কোনো নাম বুজোৱা হয় তাক Noun বোলে। Noun-ক প্ৰধানকৈ ৫ টা ভাগত ভগাব পাৰি:
- ১. Proper Noun (সংজ্ঞাবাচক): নিৰ্দিষ্ট ব্যক্তি বা ঠাইৰ নাম।
Example: India, Ganga, Rahul. - ২. Common Noun (জাতিবাচক): এটা জাতিৰ সকলোকে বুজোৱা নাম।
Example: Boy, River, City. - ৩. Collective Noun (সমষ্টিবাচক): এটা গোট বা সমষ্টি বুজোৱা নাম।
Example: Class, Army, Team. - ৪. Material Noun (বস্তুবাচক): কোনো পদাৰ্থ বা বস্তুৰ নাম।
Example: Gold, Water, Iron. - ৫. Abstract Noun (ভাববাচক): গুণ বা অৱস্থাৰ নাম যি দেখা নাযায়।
Example: Honesty, Kindness.
ইংৰাজী ব্যাকৰণত মুঠ ২৪ টা Helping Verb আছে যিবোৰে মূল ক্ৰিয়াক সহায় কৰে।
Primary Auxiliaries (১১ টা)
| Helping Verb | অসমীয়া অৰ্থ / ব্যৱহাৰ |
|---|---|
| Am, Is, Are | হয় / আছোঁ / আছে |
| Was, Were | আছিল / আছিলোঁ |
| Have, Has | আছে (নিজৰ থকা) |
| Had | আছিল (অতীতত থকা) |
| Do, Does, Did | কৰা / কৰিছিল |
Modal Auxiliaries (১৩ টা)
| Modal Verbs | অসমীয়া অৰ্থ / ব্যৱহাৰ |
|---|---|
| Can, Could | পাৰোঁ / পাৰিছিলোঁ (সামৰ্থ্য) |
| May, Might | পাৰোঁ / পাৰে (সম্ভাৱনা) |
| Shall, Should | কৰিম / উচিত |
| Will, Would | কৰিম / ইচ্ছা |
| Must | লাগিবই (বাধ্যতামূলক) |
| Ought to | উচিত (নৈতিক কৰ্তব্য) |
| Used to, Need, Dare | অতীতৰ অভ্যাস / প্ৰয়োজন / সাহস |
বাক্যত যাৰ বিষয়ে কিবা কোৱা হয় বা যিয়ে কাম কৰে তাক Subject বোলে।
Subject-ৰ অংশসমূহ:
- Determiner: যি শব্দই Subject-ক নিৰ্দিষ্ট কৰে। (Ex: The, A)
- Adjective: Subject-ৰ গুণ বুজোৱা শব্দ। (Ex: Old, Brave)
- Head Word: মূল Noun বা Pronoun টো। (Ex: Man, Soldier)
- Adjectival Phrase: অতিৰিক্ত তথ্য দিয়া অংশ। (Ex: with a stick)
উদাহৰণ: "The old man in the corner" is walking.
ইয়াত 'The' হ’ল Determiner, 'old' হ’ল Adjective, 'man' হ’ল Head word আৰু 'in the corner' হ’ল Adjectival Phrase।


.jpg)










0 Comments