(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ৪
ডাৰউইনৰ বিচিত্ৰ জীৱন (পঢ়োঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) উইল ডুৰান্টে ডাৰউইনক ক’ত স্থান দিছিল?উত্তৰ : উইল ডুৰান্টে ডাৰউইনক পৃথিৱীৰ সৰ্বযুগৰ সৰ্বশ্ৰেষ্ঠ দহজন ভাবুকৰ তালিকাত স্থান দিছিল।
খ) ডাৰউইনৰ যুগান্তকাৰী কিতাপখন কি নামেৰে জনাজাত?
উত্তৰ : ডাৰউইনৰ যুগান্তকাৰী কিতাপখন ‘অৰিজিন অৱ স্পেছিজ’ নামেৰে জনাজাত।
গ) ডাৰউইনৰ পিতামহৰ নাম কি?
উত্তৰ : ডাৰউইণৰ পিতামহৰ নাম আছিল এ’ৰাছমাছ ড্ৰাৰউইন।
ঘ) ডাৰউইনৰ পিতৃৰ নাম কি?
উত্তৰ : ডাউইনৰ পিতৃৰ নাম আছিল ৰবাৰ্ট ডাৰউইন।
ঙ) ডাৰউইনৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ : ডাৰউইনৰ জন্ম হৈছিল ১৮০৯ খ্রীষ্টাব্দত।
(চ) ডাৰউইনে স্কুলত পঢ়ি থাকোতে কি বিষয়ত বেছি মনোযোগ দিছিল?
উত্তৰ : ডাৰউইনে স্কুলত পঢ়ি থাকোঁতে পাঠ্যপুথি অধ্যয়ন কৰাতকৈ প্রকৃতি অধ্যয়নত বেছি মনোযোগ দিছিল।
ছ) ডাৰউইনে আৱিষ্কাৰ কৰা নতুন বৈজ্ঞানিক তত্ত্বটো কি?
উত্তৰ : ডাৰউইনে আৱিষ্কাৰ কৰা নতুন বৈজ্ঞানিক তত্ত্বটো আছিল ‘বিৱৰ্তনবাদ'।
জ) শাৰীৰিক যন্ত্ৰণাক কি উপায়েৰে মানুহে জয় কৰিব পাৰে বুলি ডাৰউইনে প্ৰমাণ কৰিছিল।
উত্তৰ : নৈতিক বলৰ সহায়েৰে মানুহে শাৰীৰিক যন্ত্ৰণাক জয় কৰিব পাৰে বুলি ডাউইনে প্ৰমাণ কৰিছিল।
ঝ) প্ৰাণীবোৰৰ মাজৰ যিটো পৰস্পৰ সম্পৰ্ক, সেইটো কি?
উত্তৰ : প্ৰাণীবোৰৰ মাজৰ যিটো পৰস্পৰ সম্পৰ্ক সেইটো হৈছে খাদ্য আৰু খাদকৰ সম্পৰ্ক।
ঞ) প্রাণীবোৰৰ বিশেষ গুণবোৰ সিহঁতৰ বংশধৰবোৰে কি সূত্ৰে অৰ্জন কৰে?
উত্তৰ : প্ৰাণীবোৰৰ বিশেষ গুণবোৰ সিহঁতৰ বংশধৰবোৰে জন্মসূত্রে অৰ্জন কৰে।
(২) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ বুজাই লিখা :
ক) ডাৰউইনৰ বংশ-পৰিয়ালৰ বিষয়ে চমুকৈ লিখা।উত্তৰ : ডাৰউইন আছিল এজন মহান জীৱবিজ্ঞানী। তেওঁ এক ঐতিহ্যময় শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। ডাৰউইনৰ পিতামহ আছিল এ’ৰাছমাছ ডাৰউইন৷ তেওঁ আছিল ডাক্তৰ, সুপ্রসিদ্ধ কবি আৰু ভাবুক। ডাৰউইনৰ মাতামহ জোছিয়া ওৱেজউদ আছিল সেই সময়ৰ পৃথিৱীৰ আটাইতকৈ প্ৰতিভাশালী আৰু বিখ্যাত কুমাৰ৷ ককাদেউতাকৰ নিচিনাকৈ ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনো এজন ডাক্তৰ আছিল ৷ ডাক্তৰি কৰি তেওঁ ইমান ধন উপাৰ্জন কৰিছিল যে ডাৰউইনে গোটেই জীৱনত জীৱিকা অৰ্জনৰ কাৰণে কোনো ধৰণৰ কাম কৰিব লগা হোৱা নাছিল। ফলত তেওঁ জীৱনৰ সময়খিনি উছৰ্গা কৰিব পাৰিছিল বিজ্ঞানৰ সাধনাত। তদুপৰি তেওঁৰ মাক ছুছানায়ো যৌতুক হিচাপে বিপুল পৰিমাণৰ ধন লগত
আনিছিল। ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল'ৰা-ছোৱালীৰ ভিতৰত ডাৰউইন আছি পঞ্চম।
খ) ডাৰউইনৰ শিক্ষা জীৱনৰ এটি আভাস দিয়া।
উত্তৰ : ডাৰউইনে স্থানীয় প্রাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল তাত এবছৰ পঢ়াৰ পিছত ডাৰউইন শ্ৰুছবাৰ স্কুল নামৰ এখন বিখ্যাত স্কুলত ভৰ্তি হয়। ডাৰউইনে স্কুলত পঢ়ি থাকোঁতে পাঠ্যপুথি পঢ়াতকৈ প্ৰকৃতি অধ্যয়নত বেছি মনোযোগ দিছিল। ডাৰউইনৰ পৰিয়ালটো আছিল বংশানুক্রমে ডাক্তৰৰ পৰিয়াল৷ গতিকে ৰবাৰ্ট ডাৰউইনে তেওঁৰ দ্বিতীয় পুত্ৰ চাৰ্লছ ডাৰউইনকো ডাক্তৰি পঢ়ুওৱাৰ মানসেৰে ১৮২৫ খ্ৰীষ্টাব্দত এডিনবৰা মেডিকেল স্কুলত ভৰ্তি কৰাই দিছিল। কিন্তু ডাক্তৰি-বিদ্যাও ডাৰউইনৰ সমূলি মন' নবহিল। কাৰণ মানুহৰ শৰীৰ কটা-ছিঙা কৰিবলৈ তেওঁ খুব বেয়া পাইছিল। এই সময়তে তেওঁ আকৌ দুটা নতুন বিষয় প্ৰতি আকৃষ্ট হয়। তাৰে এটা হ’ল সামুদ্রিক প্রাণী আৰু উদ্ভিদ, আৰু আনটো হ’ল ভূ-তত্ত্ব। বিশেষকৈ ভূ-তত্ত্বই ডাৰউইনৰ চিন্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলালে।
গ) ডাৰউইনৰ সমুদ্ৰ-যাত্ৰাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা৷
উত্তৰ : ১৮৩১ খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত অনাৱিষ্কৃত দুর্গম অঞ্চলত জীৱবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য কেপ্তেইন ৰবাৰ্ট ফিৎসৰয়ৰ সৈতে বিগ্ল্ জাহাজত ডাৰউইনে দক্ষিণ আমেৰিকালৈ এক দীঘলীয়া সমুদ্রযাত্ৰাত অংশগ্ৰহণ কৰে। এই সমুদ্ৰযাত্ৰাত তেওঁ বিভিন্ন ধৰণৰ দুখ-কষ্ট সহ্য কৰিবলগা হৈছিল৷ জাহাজখনো অতিশয় সৰু আৰু ঠেক আছিল। কেৱল জাহাজখনেই যে তেওঁৰ একমাত্ৰ সমস্যা আছিল তেনেকুৱা নহয়। তেওঁৰ স্বাস্থ্যই তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। বমি, জ্বৰ, অঁ-ভোক, মূৰঘূৰণি আদি সমুদ্ৰৰোগৰ লক্ষণে তেওঁৰ লগ এৰা নাছিল। কিন্তু সেইবোৰৰ মাজতো তেওঁ প্ৰশান্ত চিত্তে নিজৰ কামত লাগি আছিল আৰু অৱশেষত সেই চেষ্টাত সফলো হৈছিল। দক্ষিণ আমেৰিকাৰ বিভিন্ন অঞ্চলত ঘূৰি-ফুৰি তেওঁ অৰণ্যৰ উদ্ভিদ, পশু-পক্ষী, কীট-পতংগ আৰু সৰীসৃপৰ জীৱন আৰু জীৱাশ অধ্যয়ন কৰা কামত নিয়োজিত হৈছিল। ডাৰউইনৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল গালাপাগাছ দ্বীপপুঞ্জৰ শিলাময় মাটিৰ অধ্যয়ন। তাতেই তেওঁ তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ পাইছিল। গালাপাগাছ দ্বীপপুঞ্জত তেওঁ আৱিষ্কাৰ কৰিছিল যে এটা দ্বীপৰ কাছৰ লগত আন এটা দ্বীপৰ কাছৰ মিল নাই। ঠিক তেনেদৰে তেওঁ দেখিবলৈ পাইছিল যে বিভিন্ন দ্বীপৰ একে জাতিৰ চৰাইবোৰৰ মাজতো অমিল আছে।
ঘ) ডাৰউইনৰ যুগান্তকাৰী বিৱৰ্তন-তত্ত্বই কি ধাৰণাক ভুল বুলি প্ৰমাণ কৰিলে?
উত্তৰ : গালাপাগাছ দ্বীপুঞ্জলৈ কৰা ডাৰউইনৰ সমুদ্র ভ্রমণে তেওঁৰ চিন্তাৰ মূৰ সম্পূৰ্ণৰূপে ঘূৰাই দিছিল। তেওঁ সেই অঞ্চলত থকা প্ৰাণীবোৰ অধ্যয়ন কৰি সিদ্ধান্তত উপনীত হয় যে পৃথিৱীৰ প্ৰাণীবোৰে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অবিৰামভাৱে পৰস্পৰে যুদ্ধ কৰি থাকে। এই যুদ্ধত টিকি থাকিব পৰা প্ৰাণীয়েহে দ্রুত গতিৰে বিকশিত হ’ব পাৰে। তেনেকুৱা বিশেষ গুণ আয়ত্ত বা বিকশিত কৰিব নোৱাৰা প্ৰাণীবোৰ চিৰকাললৈ বিলুপ্ত হৈ যায়। ইয়াৰ ফলতে এনেবোৰ মূলৰ প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণীৰ উদ্ভৱ হৈছে। এইটোৱে হ’ল বিৱৰ্তন সম্পর্কে ডাৰউইনৰ মহান আৰু যুগান্তকাৰী তত্ত্ব। ডাৰউইনে তেওঁৰ বিখ্যাত কিতাপ অৰিজিন অৱ স্পেছিজত এই যুগান্তকাৰী তত্ত্বটো দাঙি ধৰিছিল। ডাৰউইনে প্ৰাণীৰ উৎপত্তিৰ বিষয়ে এই নতুন তত্ত্ব দাঙি ধৰাৰ আগলৈকে পৃথিৱীৰ সকলো মানুহে এই কথা স্বত:সিদ্ধ বুলি ধৰি লৈছিল যে এটা স্বর্গীয় শক্তিয়ে এই পৃথিৱী আৰু তাৰ সমস্ত প্রাণীক একেদিনেই সৃষ্টি কৰিছিল, আৰু সৃষ্টি দিন ধৰি প্ৰাণীবোৰ একেটা ৰূপতে আছে। কিন্তু ডাৰউইনৰ যুগান্তকাৰী বিৱৰ্তন-তত্ত্বই সেই ধাৰণাটোক ভুল বুলি প্ৰমাণ কৰিলে।
খ) ৰবাৰ্ট ডাৰউইন
উত্তৰ :
(ক) গালাপাগাছ দ্বীপপুঞ্জ :
গালাপাগাছ দ্বীপপুঞ্জ পূর্ব প্রশান্ত মহাসাগৰৰ মাজত দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূলৰ পৰা প্ৰায় এহেজাৰ কিলোমিটাৰ দূৰত অৱস্থিত। ই ওঠৰখন ডাঙৰ দ্বীপ আৰু তিনিখন সৰু সৰু দ্বীপৰ সমষ্টি। দ্বীপপুঞ্জটো জৈৱ বৈচিত্ৰৰে ভৰপুৰ। বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ চার্লচ ডাৰউইনে ১৮৩১ চনত বিগল জাহাজেৰে এই দ্বীপপুঞ্জলৈ ভ্ৰমণ কৰে। তেওঁ এই দ্বীপপুঞ্জত থকা বিভিন্ন প্ৰকাৰৰ প্রাণী অধ্যয়ন কৰি তেওঁৰ ‘বিৱৰ্তনবাদ তত্ত্ব’ আগবঢ়াইছিল।
খ) ৰবাৰ্ট ডাৰউইন :
ৰবাৰ্ট ডাৰউইন (১৮০৯-১৮৮২) আছিল এজন প্ৰকৃতি বিজ্ঞানী আৰু সুলেখক। তেওঁ বিৱৰ্তনবাদ তত্ত্বৰ উদ্ভাৱন কৰিছিল। বিৱৰ্তনবাদ তত্ত্বমতে জীয়াই থকাৰ বাবে বিভিন্ন শ্ৰেণীৰ প্ৰাণীৰ মাজত পৰস্পৰ প্ৰতিযোগিতা হয় আৰু এই প্রতিযোগিতাত তিষ্ঠি থকা প্ৰাণীবোৰেহে ক্ৰমে বিকশিত হয়। এনেবোৰ মূল প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণীৰ উদ্ভৱ হৈছে।
উত্তৰ :
যন্ত্রণা, কাৰণ - ঋ, ৰ্ বা য্ ৰ লগত সংযুক্ত হোৱা ন-বোৰ সদায় মূর্ধণ্য 'ণ' হয়। সেয়ে ‘যন্ত্ৰণা’, ‘কাৰণ’ আদি শব্দত মূর্ধণ্য 'ণ' হৈছে।
গুণ - ‘ট’ বৰ্গৰ লগত সদায় ‘ণ’ হয়।
প্ৰমাণ, প্ৰাণী - ঋ, ৰ্ আৰু ষ্ ৰপিছত স্বৰবৰ্ণ, প-বৰ্গ আৰু হ, য়, ৱ বৰ্ণ অকলে বা দ্বিত হৈ মাজত থাকিলেও ইহঁতৰ পিছত মূর্ধন্য ‘ণ’ বহে। সেয়ে ‘প্রমাণ’, ‘প্রাণী’ শব্দত ‘ণ’ হৈছে।
(৫) তোমাৰ প্ৰিয় এগৰাকী বিজ্ঞানীৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰ :
আৰম্ভণি :
মই ল'ৰালি কালৰে পৰা ককা আৰু আইতাৰ মুখত বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী শুনি কিতাপ পঢ়াৰ বাবে আগ্রহী হওঁ। সেয়ে মাতৃভাষাৰ বৰ্ণমালা শিকাৰে পৰাই বিভিন্ন কিতাপ-পত্ৰ পঢ়িবলৈ লওঁ। তাৰোপৰি মোৰ ল'ৰালি কালৰ সৰহভাগ দিন মোৰ মোমায়েকৰ ঘৰত কটাইছিলো। মোৰ মোমায়েকৰ ঘৰত কিতাপ পঢ়াৰ এক ভাল পৰিবেশ আছিল । সেয়ে মই প্ৰতি মাহতে দুই-তিনিটাকৈ নতুন কিতাপ পঢ়াৰ সুযোগ পাইছিলো ৷ মোৰ ডাঙৰ মোমায়েকে মোৰ কিতাপ পঢ়াৰ আগ্ৰহ দেখি মাজে মাজে মোক নতুন নতুন কিতাপ যোগান ধৰিছিল ৷ এনেদৰে মই বিভিন্ন ধৰণৰ কিতাপ গো-গ্রাসে পঢ়ি গৈছিলো যদিও প্রখাতে ব্যক্তিৰ জীৱনী গ্ৰন্থ পঢ়াৰ প্ৰতি মোৰ এক দুর্বলতা আছিল। সেয়ে মই আইনষ্টাইন, নিউটন, প্লাংক, টমাচ আলভা এডিচন, জেমচ ওৱাট, আলফ্রেড নবেল, চি. ভি. ৰমন, চাৰ্লচ ডাৰউইন আদি প্ৰখ্যাত বিজ্ঞানীসকলৰ জীৱনী পঢ়ি আঁটাইছিলো। এই বিজ্ঞানীসকলৰ সকলোৰে জীৱনৰ পৰা মই জীৱনত আগবাঢ়ি যাবলৈ বহুত প্ৰেৰণা লাভ কৰিছো আৰু সিহঁতৰ প্ৰত্যেকজনেই মোৰ প্ৰিয়। তথাপি আজি মোক মোৰ প্ৰিয় বিজ্ঞানী এগৰাকীৰ বিষয়ে লিখিবলৈ দিয়াত মই এই বিজ্ঞানীসকলৰ মাজৰ পৰা এনে এজন বিজ্ঞানীক বাছি ললো, যি জনৰ চিন্তা-চৰ্চা আৰু আৱিষ্কাৰৰ তত্ত্বই মানুহৰ চিন্তা জগতত এক আমূল পৰিৱৰ্তন সাধন কৰিছিল। সেই বিজ্ঞানীজন হ'ল চাৰ্লচ ডাৰউইন। তেওঁক ‘বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ বুলি কোৱা হয়।
জন্ম আৰু বংশ পৰিচয় :
বিৱর্তনবাদ তত্ত্বৰ পিতৃ ডাৰউইন এক ঐতিহ্যময় শিক্ষিত পৰিয়ালত ১৮০৯ চনত জন্ম গ্রহণ কৰিছিল। ডাৰউইনৰ পিতামহ আছিল এ’ৰাছমাছ ডাৰউইন। তেওঁ আছিল এজন ডাক্তৰ, কবি আৰু ভাবুক । ডাৰউইনৰ মাতামহ জোছিয়া ওৱেজউদ আছিল সেই সময়ৰ পৃথিৱীৰ আটাইতকৈ প্ৰতিভাশালী আৰু বিখ্যাত কুমাৰ। ককাদেউতাকৰ নিচিনাকৈ ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনো এজন ডাক্তৰ আছিল। ডাক্টৰি কৰি তেওঁ ইমান ধন উপাৰ্জন কৰিছিল যে ডাৰউইনে গোটেই জীৱনত জীৱিকা অৰ্জনৰ কাৰণে কোনো ধৰণৰ কাম আৰু চিন্তা কৰিব লগা হোৱা নাছিল। সেয়ে তেওঁ জীৱনৰ গোটেই সময়খিনি উছৰ্গা কৰিব পাৰিছিল বিজ্ঞানৰ সাধনাত। তদুপৰি তেওঁৰ মাক ছুছানায়ো যৌতুক হিচাপে পিতৃগৃহৰ পৰা বিপুল পৰিমাণৰ ধন লগত আনিছিল। ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল'ৰা-ছোৱালীৰ ভিতৰত ডাৰউইন আছিল পঞ্চম।
শিক্ষা :
ডাৰউইনে স্থানীয় প্রাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল। তাত এবছৰ পঢ়াৰ পিছত ডাৰউইনে এবাৰ স্কুল নামৰ এখন বিখ্যাত স্কুলত ভর্তি হয়। ডাৰউইনে স্কুলত পঢ়ি থাকোঁতে পাঠ্যপুথি পঢ়াতকৈ প্রকৃতি অধ্যয়নত বেছি মনোযোগ দিছিল । ডাৰউইনৰ পৰিয়ালটো আছিল বংশানুক্রমে চিকিৎসক পৰিয়াল ৷ গতিকে ৰবাৰ্ট ডাৰউইনে তেওঁৰ দ্বিতীয় বিৱর্তনবাদ তত্ত্ব পুত্ৰ চাৰ্লছ ডাৰউইনকো ডাক্তৰি পঢ়ুওৱাৰ মানসেৰে ১৮২৫ খ্ৰীষ্টাব্দত, এডিনবৰা মেডিকেল স্কুলত ভৰ্তি কৰাই দিছিল। কিন্তু ডাক্তৰি-বিদ্যাত ডাৰউইনৰ সমূলি মন বহা নাছিল৷ কাৰণ মানুহৰ শৰীৰ কটা-ছিঙা কৰিবলৈ তেওঁ বেয়া পাইছিল। এই সময়তে তেওঁ আকৌ দুটা নতুন বিষয়ৰ প্ৰতি আকৃষ্ট হয়। তাৰে এটা হ'ল সামুদ্রিক প্রাণী আৰু উদ্ভিদ আৰু আনটো হ'ল ভূ-তত্ত্ব। বিশেষকৈ ভূ-তত্ত্বই ডাৰউইনৰ চিন্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
সমুদ্ৰ যাত্ৰা আৰু গৱেষণা :
১৮৩১ খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত অনাৱিষ্কৃত দুর্গম অঞ্চলত জীৱবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য কেপ্তেইন ৰবাৰ্ট ফিৎসৰয়ৰ সৈতে ডাৰউইনে বিগ্ জাহাজত দক্ষিণ আমেৰিকালৈ এক দীঘলীয়া সমুদ্রযাত্ৰাত অংশগ্ৰহণ কৰে। এই সমুদ্রযাত্ৰাত তেওঁ বিভিন্ন ধৰণৰ দুখ-কষ্ট সহ্য কৰিবলগা হৈছিল৷ জাহাজখন অতিশয় সৰু আৰু ঠেক আছিল। কেৱল জাহাজখনেই যে তেওঁৰ একমাত্ৰ সমস্যা আছিল তেনে নহয়। তেওঁৰ স্বাস্থ্যই তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। বমি, জ্বৰ, অ-ভোক, মূৰঘূৰণি আদি সমুদ্রৰোগৰ লক্ষণে তেওঁৰ লগ এৰা নাছিল। কিন্তু সেইবোৰৰ মাজতো তেওঁ প্ৰশান্ত চিত্তে নিজৰ কামত লাগি আছিল আৰু অৱশেষত সেই চেষ্টাত সফলো হৈছিল। দক্ষিণ আমেৰিকাৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰি তেওঁ অৰণ্যৰ উদ্ভিদ, পশু-পক্ষী, কীট-পতংগ আৰু সৰীসৃপৰ জীৱাশ্ম অধ্যয়ন কৰা কামত নিয়োজিত হৈছিল। ডাৰউইনৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল গালাপাগাছ দ্বীপপুঞ্জৰ শিলাময় মাটিৰ অধ্যয়ন। তাতেই তেওঁ তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ পাইছিল। গালাপাগাছ দ্বীপপুঞ্জত তেওঁ আৱিষ্কাৰ কৰিছিল যে এটা দ্বীপৰ কাছৰ লগত আন এটা দ্বীপৰ কাছৰ মিল নাই। ঠিক তেনেদৰে তেওঁ দেখিবলৈ পাইছিল যে বিভিন্ন দ্বীপৰ একে জাতিৰ চৰাইবোৰৰ মাজতো অমিল আছিল ।
বিবৰ্তনবাদ তত্ব :
গালা পাগাছ দ্বীপুঞ্জলৈ কৰা ডাৰউইনৰ সমুদ্ৰ ভ্রমণে তেওঁৰ চিন্তাৰ মূৰ সম্পূৰ্ণৰূপে ঘূৰাই দিছিল। তেওঁ সেই অঞ্চলত থকা প্ৰাণীবোৰ অধ্যয়ন কৰি এক সিদ্ধান্তত উপনীত হয় যে পৃথিৱীৰ প্ৰাণীবোৰে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অবিৰামভাৱে পৰস্পৰে যুদ্ধ কৰি থাকে। কেতিয়াবা সীমিত পৰিমাণৰ খাদ্যৰ বাবে নিজৰ মাজতে তুমুল প্রতিযোগিতাৰ সৃষ্টি হয়। এই প্রতিযোগিতাত টিকি থাকিব পৰা প্রাণীয়েহে দ্রুত গতিৰে বিকশিত হ'ব পাৰে। তেনেকুৱা বিশেষ গুণ আয়ত্ত বা বিকশিত কৰিব নোৱাৰা প্ৰাণীবোৰ চিৰকাললৈ বিলুপ্ত হৈ যায়। ইয়াৰ ফলতে এনেবোৰ মূলৰ প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণীৰ উদ্ভৱ হৈছে। এইটোৱে হ'ল বিৱৰ্তন সম্পর্কে ডাৰউইনৰ মহান আৰু যুগান্তকাৰী তত্ত্ব। ডাৰউইনে তেওঁৰ বিখ্যাত কিতাপ 'অৰিজিন অৱ স্পেছিজত' এই যুগান্তকাৰী তত্ত্বটো দাঙি ধৰিছিল। ডাৰউইনে প্ৰাণীৰ উৎপত্তিৰ বিষয়ে এই নতুন তত্ত্ব দাঙি ধৰাৰ আগলৈকে পৃথিৱীৰ সকলো মানুহে এই কথা স্বত:সিদ্ধ বুলি ধৰি লৈছিল যে এটা স্বর্গীয় শক্তিয়ে এই পৃথিৱী আৰু তাৰ সমস্ত প্রাণীক একেদিনেই সৃষ্টি কৰিছিল আৰু সৃষ্টি দিন ধৰি প্ৰাণীবোৰ একেটা ৰূপতে আছে। কিন্তু ডাৰউইনৰ যুগান্তকাৰী বিৱৰ্তন-তত্ত্বই সেই ধাৰণাটোক ভুল বুলি প্ৰমাণ কৰিলে। পৰিণামত ডাৰউইনৰ ব্যাখ্যাক কেন্দ্র কৰি এফালে ধর্মযাজক আৰু আনফালে বিজ্ঞানীসকলৰ মাজত এক ৰোমাঞ্চকৰ তৰ্ক যুদ্ধৰ সূচনা হৈছিল। ডাৰউইনৰ তত্ত্বই বিজ্ঞানৰ জগতখনক সম্পূর্ণ এটা নতুন ৰূপ দিবলৈ সমৰ্থ হ'ল। এইজন মহান বিজ্ঞানী তথা চিন্তা নায়কে ১৮৮২ চনত নশ্বৰদেহা ত্যাগ কৰি পৰপাৰলৈ গমন কৰে।
দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূর্ধন্য 'ণ' হয় তাক জানিবৰ বাবে যিবোৰ নির্দিষ্ট নিয়ম আছে, সেই নিয়মবোৰকে ণত্ব-বিধি বোলে।
যেনে :
ক) মূর্ধন্য ট–বৰ্গৰ লগত সদায় মূর্ধন্য 'ণ' হয়।
উদাহৰণ : ঘণ্টা, কণ্টক, কণ্ঠ, পণ্ডিত, গুণ্ডা, প্রকাণ্ড ইত্যাদি।

(৩) চমুটোকা লিখা :
ক) গালাপাগাছ দ্বীপপুঞ্জখ) ৰবাৰ্ট ডাৰউইন
উত্তৰ :
(ক) গালাপাগাছ দ্বীপপুঞ্জ :
গালাপাগাছ দ্বীপপুঞ্জ পূর্ব প্রশান্ত মহাসাগৰৰ মাজত দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূলৰ পৰা প্ৰায় এহেজাৰ কিলোমিটাৰ দূৰত অৱস্থিত। ই ওঠৰখন ডাঙৰ দ্বীপ আৰু তিনিখন সৰু সৰু দ্বীপৰ সমষ্টি। দ্বীপপুঞ্জটো জৈৱ বৈচিত্ৰৰে ভৰপুৰ। বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ চার্লচ ডাৰউইনে ১৮৩১ চনত বিগল জাহাজেৰে এই দ্বীপপুঞ্জলৈ ভ্ৰমণ কৰে। তেওঁ এই দ্বীপপুঞ্জত থকা বিভিন্ন প্ৰকাৰৰ প্রাণী অধ্যয়ন কৰি তেওঁৰ ‘বিৱৰ্তনবাদ তত্ত্ব’ আগবঢ়াইছিল।
খ) ৰবাৰ্ট ডাৰউইন :
ৰবাৰ্ট ডাৰউইন (১৮০৯-১৮৮২) আছিল এজন প্ৰকৃতি বিজ্ঞানী আৰু সুলেখক। তেওঁ বিৱৰ্তনবাদ তত্ত্বৰ উদ্ভাৱন কৰিছিল। বিৱৰ্তনবাদ তত্ত্বমতে জীয়াই থকাৰ বাবে বিভিন্ন শ্ৰেণীৰ প্ৰাণীৰ মাজত পৰস্পৰ প্ৰতিযোগিতা হয় আৰু এই প্রতিযোগিতাত তিষ্ঠি থকা প্ৰাণীবোৰেহে ক্ৰমে বিকশিত হয়। এনেবোৰ মূল প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণীৰ উদ্ভৱ হৈছে।
(৪) তলৰ শব্দবোৰত মূর্ধন্য ণ হোৱাৰ কাৰণ দৰ্শোৱা :
প্রমাণ; যন্ত্রণা; প্রাণী; কাৰণ; গুণ।উত্তৰ :
যন্ত্রণা, কাৰণ - ঋ, ৰ্ বা য্ ৰ লগত সংযুক্ত হোৱা ন-বোৰ সদায় মূর্ধণ্য 'ণ' হয়। সেয়ে ‘যন্ত্ৰণা’, ‘কাৰণ’ আদি শব্দত মূর্ধণ্য 'ণ' হৈছে।
গুণ - ‘ট’ বৰ্গৰ লগত সদায় ‘ণ’ হয়।
প্ৰমাণ, প্ৰাণী - ঋ, ৰ্ আৰু ষ্ ৰপিছত স্বৰবৰ্ণ, প-বৰ্গ আৰু হ, য়, ৱ বৰ্ণ অকলে বা দ্বিত হৈ মাজত থাকিলেও ইহঁতৰ পিছত মূর্ধন্য ‘ণ’ বহে। সেয়ে ‘প্রমাণ’, ‘প্রাণী’ শব্দত ‘ণ’ হৈছে।
(৫) তোমাৰ প্ৰিয় এগৰাকী বিজ্ঞানীৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰ :
আৰম্ভণি :
মই ল'ৰালি কালৰে পৰা ককা আৰু আইতাৰ মুখত বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী শুনি কিতাপ পঢ়াৰ বাবে আগ্রহী হওঁ। সেয়ে মাতৃভাষাৰ বৰ্ণমালা শিকাৰে পৰাই বিভিন্ন কিতাপ-পত্ৰ পঢ়িবলৈ লওঁ। তাৰোপৰি মোৰ ল'ৰালি কালৰ সৰহভাগ দিন মোৰ মোমায়েকৰ ঘৰত কটাইছিলো। মোৰ মোমায়েকৰ ঘৰত কিতাপ পঢ়াৰ এক ভাল পৰিবেশ আছিল । সেয়ে মই প্ৰতি মাহতে দুই-তিনিটাকৈ নতুন কিতাপ পঢ়াৰ সুযোগ পাইছিলো ৷ মোৰ ডাঙৰ মোমায়েকে মোৰ কিতাপ পঢ়াৰ আগ্ৰহ দেখি মাজে মাজে মোক নতুন নতুন কিতাপ যোগান ধৰিছিল ৷ এনেদৰে মই বিভিন্ন ধৰণৰ কিতাপ গো-গ্রাসে পঢ়ি গৈছিলো যদিও প্রখাতে ব্যক্তিৰ জীৱনী গ্ৰন্থ পঢ়াৰ প্ৰতি মোৰ এক দুর্বলতা আছিল। সেয়ে মই আইনষ্টাইন, নিউটন, প্লাংক, টমাচ আলভা এডিচন, জেমচ ওৱাট, আলফ্রেড নবেল, চি. ভি. ৰমন, চাৰ্লচ ডাৰউইন আদি প্ৰখ্যাত বিজ্ঞানীসকলৰ জীৱনী পঢ়ি আঁটাইছিলো। এই বিজ্ঞানীসকলৰ সকলোৰে জীৱনৰ পৰা মই জীৱনত আগবাঢ়ি যাবলৈ বহুত প্ৰেৰণা লাভ কৰিছো আৰু সিহঁতৰ প্ৰত্যেকজনেই মোৰ প্ৰিয়। তথাপি আজি মোক মোৰ প্ৰিয় বিজ্ঞানী এগৰাকীৰ বিষয়ে লিখিবলৈ দিয়াত মই এই বিজ্ঞানীসকলৰ মাজৰ পৰা এনে এজন বিজ্ঞানীক বাছি ললো, যি জনৰ চিন্তা-চৰ্চা আৰু আৱিষ্কাৰৰ তত্ত্বই মানুহৰ চিন্তা জগতত এক আমূল পৰিৱৰ্তন সাধন কৰিছিল। সেই বিজ্ঞানীজন হ'ল চাৰ্লচ ডাৰউইন। তেওঁক ‘বিৱৰ্তনবাদ তত্ত্বৰ পিতৃ বুলি কোৱা হয়।
জন্ম আৰু বংশ পৰিচয় :
বিৱর্তনবাদ তত্ত্বৰ পিতৃ ডাৰউইন এক ঐতিহ্যময় শিক্ষিত পৰিয়ালত ১৮০৯ চনত জন্ম গ্রহণ কৰিছিল। ডাৰউইনৰ পিতামহ আছিল এ’ৰাছমাছ ডাৰউইন। তেওঁ আছিল এজন ডাক্তৰ, কবি আৰু ভাবুক । ডাৰউইনৰ মাতামহ জোছিয়া ওৱেজউদ আছিল সেই সময়ৰ পৃথিৱীৰ আটাইতকৈ প্ৰতিভাশালী আৰু বিখ্যাত কুমাৰ। ককাদেউতাকৰ নিচিনাকৈ ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনো এজন ডাক্তৰ আছিল। ডাক্টৰি কৰি তেওঁ ইমান ধন উপাৰ্জন কৰিছিল যে ডাৰউইনে গোটেই জীৱনত জীৱিকা অৰ্জনৰ কাৰণে কোনো ধৰণৰ কাম আৰু চিন্তা কৰিব লগা হোৱা নাছিল। সেয়ে তেওঁ জীৱনৰ গোটেই সময়খিনি উছৰ্গা কৰিব পাৰিছিল বিজ্ঞানৰ সাধনাত। তদুপৰি তেওঁৰ মাক ছুছানায়ো যৌতুক হিচাপে পিতৃগৃহৰ পৰা বিপুল পৰিমাণৰ ধন লগত আনিছিল। ডাৰউইনৰ পিতৃ ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল'ৰা-ছোৱালীৰ ভিতৰত ডাৰউইন আছিল পঞ্চম।
শিক্ষা :
ডাৰউইনে স্থানীয় প্রাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল। তাত এবছৰ পঢ়াৰ পিছত ডাৰউইনে এবাৰ স্কুল নামৰ এখন বিখ্যাত স্কুলত ভর্তি হয়। ডাৰউইনে স্কুলত পঢ়ি থাকোঁতে পাঠ্যপুথি পঢ়াতকৈ প্রকৃতি অধ্যয়নত বেছি মনোযোগ দিছিল । ডাৰউইনৰ পৰিয়ালটো আছিল বংশানুক্রমে চিকিৎসক পৰিয়াল ৷ গতিকে ৰবাৰ্ট ডাৰউইনে তেওঁৰ দ্বিতীয় বিৱর্তনবাদ তত্ত্ব পুত্ৰ চাৰ্লছ ডাৰউইনকো ডাক্তৰি পঢ়ুওৱাৰ মানসেৰে ১৮২৫ খ্ৰীষ্টাব্দত, এডিনবৰা মেডিকেল স্কুলত ভৰ্তি কৰাই দিছিল। কিন্তু ডাক্তৰি-বিদ্যাত ডাৰউইনৰ সমূলি মন বহা নাছিল৷ কাৰণ মানুহৰ শৰীৰ কটা-ছিঙা কৰিবলৈ তেওঁ বেয়া পাইছিল। এই সময়তে তেওঁ আকৌ দুটা নতুন বিষয়ৰ প্ৰতি আকৃষ্ট হয়। তাৰে এটা হ'ল সামুদ্রিক প্রাণী আৰু উদ্ভিদ আৰু আনটো হ'ল ভূ-তত্ত্ব। বিশেষকৈ ভূ-তত্ত্বই ডাৰউইনৰ চিন্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
সমুদ্ৰ যাত্ৰা আৰু গৱেষণা :
১৮৩১ খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত অনাৱিষ্কৃত দুর্গম অঞ্চলত জীৱবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য কেপ্তেইন ৰবাৰ্ট ফিৎসৰয়ৰ সৈতে ডাৰউইনে বিগ্ জাহাজত দক্ষিণ আমেৰিকালৈ এক দীঘলীয়া সমুদ্রযাত্ৰাত অংশগ্ৰহণ কৰে। এই সমুদ্রযাত্ৰাত তেওঁ বিভিন্ন ধৰণৰ দুখ-কষ্ট সহ্য কৰিবলগা হৈছিল৷ জাহাজখন অতিশয় সৰু আৰু ঠেক আছিল। কেৱল জাহাজখনেই যে তেওঁৰ একমাত্ৰ সমস্যা আছিল তেনে নহয়। তেওঁৰ স্বাস্থ্যই তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। বমি, জ্বৰ, অ-ভোক, মূৰঘূৰণি আদি সমুদ্রৰোগৰ লক্ষণে তেওঁৰ লগ এৰা নাছিল। কিন্তু সেইবোৰৰ মাজতো তেওঁ প্ৰশান্ত চিত্তে নিজৰ কামত লাগি আছিল আৰু অৱশেষত সেই চেষ্টাত সফলো হৈছিল। দক্ষিণ আমেৰিকাৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰি তেওঁ অৰণ্যৰ উদ্ভিদ, পশু-পক্ষী, কীট-পতংগ আৰু সৰীসৃপৰ জীৱাশ্ম অধ্যয়ন কৰা কামত নিয়োজিত হৈছিল। ডাৰউইনৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল গালাপাগাছ দ্বীপপুঞ্জৰ শিলাময় মাটিৰ অধ্যয়ন। তাতেই তেওঁ তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ পাইছিল। গালাপাগাছ দ্বীপপুঞ্জত তেওঁ আৱিষ্কাৰ কৰিছিল যে এটা দ্বীপৰ কাছৰ লগত আন এটা দ্বীপৰ কাছৰ মিল নাই। ঠিক তেনেদৰে তেওঁ দেখিবলৈ পাইছিল যে বিভিন্ন দ্বীপৰ একে জাতিৰ চৰাইবোৰৰ মাজতো অমিল আছিল ।
বিবৰ্তনবাদ তত্ব :
গালা পাগাছ দ্বীপুঞ্জলৈ কৰা ডাৰউইনৰ সমুদ্ৰ ভ্রমণে তেওঁৰ চিন্তাৰ মূৰ সম্পূৰ্ণৰূপে ঘূৰাই দিছিল। তেওঁ সেই অঞ্চলত থকা প্ৰাণীবোৰ অধ্যয়ন কৰি এক সিদ্ধান্তত উপনীত হয় যে পৃথিৱীৰ প্ৰাণীবোৰে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অবিৰামভাৱে পৰস্পৰে যুদ্ধ কৰি থাকে। কেতিয়াবা সীমিত পৰিমাণৰ খাদ্যৰ বাবে নিজৰ মাজতে তুমুল প্রতিযোগিতাৰ সৃষ্টি হয়। এই প্রতিযোগিতাত টিকি থাকিব পৰা প্রাণীয়েহে দ্রুত গতিৰে বিকশিত হ'ব পাৰে। তেনেকুৱা বিশেষ গুণ আয়ত্ত বা বিকশিত কৰিব নোৱাৰা প্ৰাণীবোৰ চিৰকাললৈ বিলুপ্ত হৈ যায়। ইয়াৰ ফলতে এনেবোৰ মূলৰ প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণীৰ উদ্ভৱ হৈছে। এইটোৱে হ'ল বিৱৰ্তন সম্পর্কে ডাৰউইনৰ মহান আৰু যুগান্তকাৰী তত্ত্ব। ডাৰউইনে তেওঁৰ বিখ্যাত কিতাপ 'অৰিজিন অৱ স্পেছিজত' এই যুগান্তকাৰী তত্ত্বটো দাঙি ধৰিছিল। ডাৰউইনে প্ৰাণীৰ উৎপত্তিৰ বিষয়ে এই নতুন তত্ত্ব দাঙি ধৰাৰ আগলৈকে পৃথিৱীৰ সকলো মানুহে এই কথা স্বত:সিদ্ধ বুলি ধৰি লৈছিল যে এটা স্বর্গীয় শক্তিয়ে এই পৃথিৱী আৰু তাৰ সমস্ত প্রাণীক একেদিনেই সৃষ্টি কৰিছিল আৰু সৃষ্টি দিন ধৰি প্ৰাণীবোৰ একেটা ৰূপতে আছে। কিন্তু ডাৰউইনৰ যুগান্তকাৰী বিৱৰ্তন-তত্ত্বই সেই ধাৰণাটোক ভুল বুলি প্ৰমাণ কৰিলে। পৰিণামত ডাৰউইনৰ ব্যাখ্যাক কেন্দ্র কৰি এফালে ধর্মযাজক আৰু আনফালে বিজ্ঞানীসকলৰ মাজত এক ৰোমাঞ্চকৰ তৰ্ক যুদ্ধৰ সূচনা হৈছিল। ডাৰউইনৰ তত্ত্বই বিজ্ঞানৰ জগতখনক সম্পূর্ণ এটা নতুন ৰূপ দিবলৈ সমৰ্থ হ'ল। এইজন মহান বিজ্ঞানী তথা চিন্তা নায়কে ১৮৮২ চনত নশ্বৰদেহা ত্যাগ কৰি পৰপাৰলৈ গমন কৰে।
জানি থওঁ আহা :
ণত্ব-বিধ :দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূর্ধন্য 'ণ' হয় তাক জানিবৰ বাবে যিবোৰ নির্দিষ্ট নিয়ম আছে, সেই নিয়মবোৰকে ণত্ব-বিধি বোলে।
যেনে :
ক) মূর্ধন্য ট–বৰ্গৰ লগত সদায় মূর্ধন্য 'ণ' হয়।
উদাহৰণ : ঘণ্টা, কণ্টক, কণ্ঠ, পণ্ডিত, গুণ্ডা, প্রকাণ্ড ইত্যাদি।
খ) ঋ, ৰ্ বা ষ্ৰ লগতে লগা বা সংযুক্ত হোৱা ণ-বোৰ সদায় মূর্ধণ্য ‘ণ’ হয়।
উদাহৰণ : ঋণ, তৃণ, কর্ণ, বর্ণ, বর্ণনা, বিষ্ণু, বৈষ্ণৱ ইত্যাদি।
গ) ঋ, ৰ্ আৰু প্ৰ পিছত স্বৰবৰ্ণ, প-বৰ্গ আৰু হ, য়, ৱ বৰ্ণ অকলে বা দ্বিত হৈ মাজত থাকিলেও ইহঁতৰ পিছত মূর্ধণ্য 'ণ' বহে।
উদাহৰণ : প্ৰমাণ, ভ্রমণ, ৰাৱন, প্রয়াণ, গ্রহণ ইত্যাদি।
ঘ) কিছুমান শব্দত স্বাভাৱিকতে মূর্ধন্য 'ণ' হয়। উদাহৰণ : কঙ্কণ, কল্যাণ, বীণা, বেণু, বাণী, বাণি ইত্যাদি । অৱশ্যে ইয়াৰ কিছুমান নিপাতন বা ব্যতিক্রমো থাকে।
Updated on 18th March 2024
By :- J.A.C | B.Sc | Web/App Developer
0 Comments