(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ৬
মহাকবি কালিদাস (পঢ়োঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) একোটিকৈ বাক্যত উত্তৰ লিখা :
ক) কালিদাস সৰুকালত কেনে আছিল?উত্তৰ : কালিদাস সৰুকালত জধা-মূৰ্খ আছিল।
খ) কালিদাসৰ পত্নীৰ নাম কি?
উঃ কালিসাৰ পত্নীৰ নাম আছিল বিদ্যাৱতী।
গ) কালিদাসৰ পত্নীয়ে তেওঁক কিয় তিৰস্কাৰ কৰি প্ৰত্যাখ্যান কৰিছিল?
উত্তৰ : কালিদাসক জধা-মূৰ্খ বুলি জানিব পাৰি পত্নীয়ে তেওঁক তিৰস্কাৰ কৰি প্ৰত্যাখ্যান কৰিছিল।
ঘ) শকুন্তলাৰ ওঁঠ দুটি কেনে আছিল?
উত্তৰ : শকুন্তলাৰ ওঁঠ দুটি অৰুণ (সূর্য)ৰ দৰে আছিল।
ঙ) কালিদাসে প্ৰকৃতিৰ কেনে বৰ্ণনা কৰিছে?
উত্তৰ : কালিদাসে প্ৰকৃতিৰ মনোগ্ৰাহী বৰ্ণনা কৰিছে।
(২) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ বুজাই লিখা :
ক) উপমা কালিদাসস্য' বুলি কিয় কোৱা হয়?উত্তৰ : কালিদাসৰ ৰচনাসমূহত উপমা অলংকাৰৰ উৎকৃষ্ট প্রয়োগ আছে বাবে কালিদাসক ‘উপমা কালিদাসস্য' বুলি কোৱা হয়।
খ) নাৰীৰ সৌন্দৰ্য বৰ্ণনাত কালিদাস কিমান নিপুণ আছিল তাৰে এটি আভাস দিয়া।
উত্তৰ : নাৰীৰ সৌন্দৰ্য বর্ণনাত কোনো কবিয়েই কালিদাসৰ ওচৰ চাপিব পৰা নাই বুলি জ্ঞানী সমাজে স্বীকাৰ কৰে। মর্যাদাসম্পন্ন উপযুক্ত শব্দ প্ৰয়োগৰ দ্বাৰা প্ৰতক্ষভাৱে নাৰীৰ সৌন্দর্য বর্ণনাত কালিদাস অতি নিপুণ আছিল। ভাৰতীয় সৌন্দৰ্যৰ আদৰ্শ চাবলৈ মহাকবিগৰাকীৰ কুমাৰসম্ভৱত থকা পাৰ্বতীৰ ৰূপ বৰ্ণনা অথবা ‘মেঘদূত’ৰ যক্ষ-পত্নীৰ ৰূপৰ বৰ্ণনা চোৱাই যথেষ্ট। ‘ৰঘুবংশ' মহাকাব্যত বৈতালিকে ৰাজকুমাৰ অজক জগাবলৈ প্ৰভাত কালৰ বৰ্ণনা কৰি কোৱা হৈছে : আপোনাৰ অৰুণিমাময় ওঁঠৰ লগত শুভ্ৰ দাঁতল সুন্দৰ ইন্দুমতিয়ে বিভিন্ন ৰাজ্যৰ পৰা অহা ৰজাসকলক এৰি আগবাঢ়ি গৈছিল তেতিয়া তেওঁক দীপশিখা এটা গৈ থকা যেন দেখা গৈছিল' বুলি বৰ্ণনা কৰা হৈছে।
গ) প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ ক্ষেত্ৰত কালিদাস কেনে আছিল চমুকৈ বৰ্ণনা কৰা।
উত্তৰ : কালিদাস প্রকৃতিদেৱীৰ প্ৰবীণ পূজাৰী আছিল। তেওঁ প্ৰকৃতিৰ অতি সূক্ষ্ম তথা মনোগ্রাহী বৰ্ণনা দাঙি ধৰিছিল। সেইবোৰ পঢ়ি এনে অনুভৱ হয় যেন প্রকৃতিয়ে আমাৰ চকুৰ আগত নাচিহে আছে। তেওঁ প্ৰকৃতিক চেতন ৰূপত অংকন কৰিছে। ‘মেঘদূত’ হ’ল মহাকবিৰ বিচক্ষণ প্ৰতিভাৰ দ্বাৰা চিত্ৰিত প্ৰকৃতিৰ এক নিতান্ত সৰস চিত্ৰপূৰ্ণ গীতিকাব্য। ইয়াত সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰাকৃতিক ছবিৰ মনোহাৰী বৰ্ণনা কৰা হৈছে। কবিজনাৰ ‘ঋতুসংহাৰ’ত সমস্ত ঋতুৰ অনুপম ৰূপ ফুটাই তোলা হৈছে। ‘ৰঘুবংশ’ৰ ত্রয়োদশ সৰ্গত পুষ্পক ৰথত আৰোহণ কৰি ৰামে সীতাক প্ৰয়াগৰ গংগা - আৰু যমুনাৰ সংগমৰ সৌন্দৰ্য দেখুৱাই কৈছে : ‘প্রিয়ে, সৌৱা চোৱা, গংগাৰ স্বচ্ছ পানী যমুনাৰ সেউজীয়া পানীৰ সৈতে লগ হৈ নীল-কমলৰ মাজে মাজে গঁথা শ্বেত-পদ্মৰ মালা যেন হৈ দেখা দিছে।'
ঘ) কালিদাসৰ সাহিত্যৰাজিৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ : কালিদাস এজন সংস্কৃত মহাকবি আছিল। তেওঁ ভালেমান সংস্কৃত কাব্য ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা কাব্যগ্ৰন্থসমূহৰ ভিতৰত কুমাৰসম্ভৱ, মেঘদূত, ৰঘুবংশ, ঋতুসংহাৰ আদি বিশ্ববিখ্যাত। তেওঁৰ ৰচনাত বাক্যালংকাৰৰ উভৈনদী প্ৰয়োগ দেখা যায়। বিশেষকৈ উপমা অলংকাৰৰ প্ৰয়োগত তেওঁ অতি নিপুণ, আৰু অভিনৱ আছিল।
উদাহৰণস্বৰূপে ‘শকুন্তলা’ নাটকৰ এঠাইত ৰজা দুষ্মন্তই হাতত ধনুশৰ লৈ হৰিণ এটাক বধ কৰিবলৈ উদ্যত হোৱাত এজন তপস্বীয়ে তেওঁক বাধা দি কয়— ‘মহাৰাজ নামাৰিব, নামাৰিব, ক'ত আপোনাৰ বজ্ৰসম বাণ আৰু ক'ত এই আলফুলীয়া হৰিণ। এয়া আপোনাৰ ফুলৰ পাহিত বজ্ৰ প্ৰয়োগ কৰা যেন হ'ব।' উপমা অলংকাৰৰ এনে মনেগ্ৰাহী আৰু অভিনৱ প্ৰয়োগৰ বাবে তেওঁক বিশ্বৰ শ্ৰেষ্ঠ কবিসকলৰ মাজৰ এজন বুলি স্বীকাৰ কৰা হয়।
(৩) প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :
ক) এনেবোৰ উপমাত মুগ্ধ হৈ কবিসমাজে তেওঁক দীপশিখা আখ্যা দিছে।উত্তৰ : উক্ত কথাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত দীপজ্যোতি বৰপুজাৰীয়ে ৰচনা কৰা ‘মহাকবি কালিদাস' নামৰ প্ৰৱন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে।
উপমা অলংকাৰ প্ৰয়োগৰ ক্ষেত্ৰত কালিদাসৰ অতুলনীয় প্ৰতিভাৰ বিষয়ে ক'বলৈ যাওঁতে লিখকে উক্ত কথাষাৰ ক'ব লগা হৈছে।
উপমা অলংকাৰৰ প্ৰয়োগত কালিদাস অতি নিপুণ আৰু অভিনৱ আছিল। ৰঘুবংশ' মহাকাব্যত বৈতালিকে ৰাজকুমাৰ অজক জগাবলৈ প্ৰভাত কালৰ বৰ্ণনা কৰি কোৱা হৈছে: ‘আপোনাৰ অৰুণিমাময় ওঁঠৰ লগত শুভ্ৰ দাঁতৰ সুন্দৰ ইন্দুমতিয়ে বিভিন্ন ৰাজ্যৰ পৰা অহা ৰজাসকলক এৰি আগবাঢ়ি গৈছিল তেতিয়া তেওঁক দীপশিখা এটা গৈ থকা যেন দেখা গৈছিল' বুলি বৰ্ণনা কৰা হৈছে। এনেবোৰ উপমাত মুগ্ধ হৈ কবি সমাজে তেওঁক ‘দীপশিখা' আখ্যা দিছিল।
খ) ‘এয়া আপোনাৰ ফুলৰ পাহিত বজ্ৰ পৰা যেন হ'ব।'
উত্তৰ : উক্ত কথাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত দীপজ্যোতি বৰপুজাৰীয়ে ৰচনা কৰা ‘মহাকবি কালিদাস' নামৰ প্ৰৱন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে।
উপমা অলংকাৰ প্ৰয়োগৰ ক্ষেত্ৰত কালিদাসৰ অতুলনীয় প্ৰতিভাৰ বিষয়ে ক'বলৈ যাওঁতে লিখকে কালিদাসৰ ৰচনাৰ পৰা উক্ত উদাহৰণটো উদ্ধৃত কৰিছে।
“শকুন্তলা’ নাটকৰ এঠাইত ৰজা দুষ্মন্তই হাতত ধনুশৰ লৈ হৰিণ এটাক বধ কৰিবলৈ উদ্যত হোৱাত এজন তপস্বীয়ে তেওঁক বাধা দি কয় 'মহাৰাজ নামাৰিব, নামাৰিব, ক'ত আপোনাৰ বজ্ৰসম বাণ আৰু ক'ত এই আলফুলীয়া হৰিণ। এয়া আপোনাৰ ফুলৰ পাহিত বজ্ৰ প্ৰয়োগ কৰা যেন হ'ব।' ইয়াত কবি কালিদাসে হৰিণক এপাহি ফুল আৰু ধনুশৰক বজ্ৰ বুলি কৈ সুন্দৰ আৰু অভিনৱ উপমা অলংকাৰৰ সৃষ্টি কৰিছে।
(৪) তলৰ শব্দবোৰৰ বিপৰীত লিঙ্গবাচক শব্দ লিখা :
বিদ্বান; সম্রাট; দাতা; বলা; সাধু; কোঁৱৰ; মগনিয়াৰ ।লিংগ → বিপৰীত লিংগ
বিদ্বান →
সম্রাট →
দাতা →
বলা →
সাধু →
কোঁৱৰ →
মগনিয়াৰ →
উত্তৰ :
লিংগ → বিপৰীত লিংগ
বিদ্বান → বিদূষী
সম্রাট → সম্রাজ্ঞী
দাতা → দাত্রী
বলা → সধবা
সাধু → সাধ্বী
কোঁৱৰ → কুঁৱৰী
মগনিয়াৰ → মাগনী
(৫) তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিকৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰ :
সেয়ে তাই গাইছে-
“জগতৰ প্ৰতি ৰেণু মাজে
আছা তুমি জানো ভালকৈয়ে।”
দ্বিতীয়তে, মই তাইৰ কবিতা ভালপোৱাৰ আন এক কাৰণ হৈছে, তাইৰ কবিতাত সততে পোৱা দেশপ্ৰেমৰ অবিমল উৎস। কবিয়ে নিজৰ দেশক ইমানেই ভাল পায় যে মাতৃভূমিয়েই তাইৰ বাবে স্বৰ্গ।
তাই কৈছে—
“তোমাৰ ই ধূলি বালি
তোমাৰ আকাশ বায়ু
আই মোৰ সৰগৰ বাস;
তুমি মোৰ মৰতৰ
পুণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীৰ্থৰ প্ৰবাস।”
তৃতীয়তে, তাইৰ কবিতাৰ আন এক অবিমল উৎস হ'ল তাইৰ প্রেমানুভূতি। তাই নিজৰ স্বৰ্গৰ্গত স্বামী গৰাকীক কেতিয়াও পাহৰিব পৰা নাই। প্রতি মূহুৰ্ততে স্বামীৰ স্মৃতি মনত ৰাখি তেওঁৰ আত্মাৰ সৈতে মিলি যাবলৈ আকুণ্ঠ বাসনা ৰাখিছে।
স্বামীৰ বিৰহত তাইৰ অন্তৰ হাহাকাৰ কৰি চিঞৰি উঠিছে,
"অন্তৰ বিদাৰি নিতে
উঠে হাহাকাৰ বিৰহৰ
আছা তুমি, আছা তুমি কত?”
ইংৰাজ কবি P. B Shelley য়ে কৈছিল,
Our sweetest songs are those that tell of saddest thoughts,
অর্থাৎ সেইবোৰেই আমাৰ সুমধুৰ সঙ্গীত যি সঙ্গীতে দুখৰ কাহিনী শুনায়।
নলিনীৱালাৰ কবিতা মন-প্রাণ স্পর্শা একো একোটা শোক— দুখৰ জয় গাঁথা।
চতুৰ্থতে নলিনীৱালাৰ কবিতাৰ ভাষা আৰু ছন্দ সজ্জা পাহাৰী নিজৰাৰ দৰে তীব্র, গতিময় আৰু আবেগ বিহবল-যিয়ে প্রতিজন পাঠকৰ হৃদয়ত অফুৰন্ত শিহৰণ আৰু ঝংকাৰত প্ৰতিধ্বনি তোলে। ইয়াৰ উপৰি তাইৰ প্ৰতিটো কথা চিত্র যেন একো একোটা মনিমুকুতা খচিত হীৰাৰ মালা।
তলত উদ্ধৃত কবিতাফাঁকি ইয়াৰ এটি সাধাৰণ উদাহৰণ, যথা-
“ৰচিম হোমৰ বেদী
চিৰ শেষ শ্মশান চিতাত
নিবেদিম অৰ্ঘ মোৰ
পূৰ্ণ হ'ব হে পূৰ্ণ তোমাত
চিতাগ্নি হোমাগ্নি হ'ব
সমীৰণ মলয় চন্দন।”
মুঠতে নলিনীৱালাদেৱীৰ কবিতা পঢ়ি মোৰ দুখ-শোকেৰে পুৰ্ণ খন্তেকীয়া পাৰ্থিৱ জীৱনৰ নীৰৱ মুহুৰ্তবোৰ পাৰ কৰাৰ লগতে আধ্যাত্মিকতাৰ কোলাত ঢলি পৰিব পাৰি। সেয়ে নলিনীৱালাৰ কবিতা মই ভাল পাওঁ আৰু তাই মোৰ প্ৰিয় কবি। শেষত কামনা কৰো, মোৰ প্ৰিয় কবি নলিনীৱালাদেৱীৰ আত্মা ঈশ্বৰ আত্মাৰ লগত বিলীন হৈ পৰমপদ লাভ কৰি চিৰ শ্বাশত শান্তিধাম স্বৰ্গত প্ৰৱেশ কৰক ।
জানি থওঁ আহা :
বিপৰীত লিঙ্গবাচক শব্দ :পুংলিঙ্গ → স্ত্রীলিঙ্গ
বন্দী → বেটী
ডেকা → গাভৰু
দেওৰ → জা, নন্দ
গোহাঁই, গগৈ- → আইচু
গোলাম → বান্দী
পৈ → ঘৈণী
দঁতাল, মখনা →
শৰ → ভেলেঙী
নবাব → বেগম
মতা → মাইকী, তিৰোতা
পুৰুষ → স্ত্ৰী, মহিলা, নাৰী
তাৱৈ → আমৈ
শহুৰ → শাহু
ল'ৰা → ছোৱালী
ভাই → ভনী, বোৱাৰী
ককাই → বাই, বৌ
ককা → আই, আইতা
মোমাই → মামী
বোন্দা → জাঁই
সি → তাই
ই → এই
ভিনিহি → বাইদেউ
বিয়ে → বিয়নী
জেঠপেহা → জেঠাই, পেহী
দৰা, বৰ → কন্যা
বলধ, ষাঁড় - → গাই
ঘঁৰিয়াল → জলগুঁই
কোৱা → কাউৰী
পতি → পত্নী
মুনিহ → তিৰোতা
পিতা → আই
দদাই → খুৰী
চাহাব → মেম
পো → জী, বোৱাৰী
আতা → আবু
ৰজা → ৰাণী


.jpg)











0 Comments