Ads banner

JE Banner Ads
Image 2

নিয়ৰ (লগে-ভাগে গাওঁ আহা) - অধ্যায় ৭ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ৭

নিয়ৰ (লগে-ভাগে গাওঁ আহা)

আৰ্হি প্রশ্নমালা:

(১) অতি চমুকৈ উত্তৰ দিয়া :

ক) মুকুতা মণিটি ক'ত জিলিকে?
উত্তৰ : মুকুতা মণিটি ফুলৰ পাহিত জিলিকে।

খ) নিয়ৰে হিয়াত কি সাঁচি থৈছে বুলি কবিয়ে কৈছে?
উত্তৰ : নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থৈছে বুলি কবিয়ে কৈছে।

গ) কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে?

উত্তৰ : নিয়ৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে।

ঘ) নিয়ৰৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তুৰ নাম উল্লেখ কৰা?
উত্তৰ : নিয়ৰৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তু হ'ল কুঁৱলী, মেঘ, ৰামধেনু, ডাৱৰ, বতাহ ইত্যাদি।

(২) ক-অংশৰ লগত খ-অংশ মিলোৱা :
ক-অংশ → খ-অংশ
টোপনি → জল
পানী → নৃত্য
বেলি → দিবাকৰ
কথা → নিদ্রা
নাচ → বচন

উত্তৰ :
ক-অংশ → খ-অংশ
টোপনি → নিদ্রা
পানী → জল
বেলি → দিবাকৰ
কথা → বচন
নাচ → নৃত্য

(৩) বাক্য ৰচনা কৰা :
নিজম; মুকুতা; কঁহুৱা; সৰিয়হ; খাগৰি; ইকৰা

উত্তৰ :
নিজম : নিজম আকাশত তৰাবোৰে নিশব্দে তিৰবিৰাই আছে।

মুকুতা : সাগৰত মুকুতা পোৱা যায়।

কঁহুৱা : নদী উপত্যকাত কঁহুৱা বন গজে।

সৰিয়হ : অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত সৰিয়হৰ উৎপাদন ভাল হয়।

খাগৰি : খাগৰি এবিধ বন।

ইকৰা : ইকৰা এবিধ টান বন।

(৪) চমুটোকা লিখা :
ক) চন্দ্ৰকুমাৰ আগৰৱালা
খ) হেমচন্দ্ৰ গোস্বামী
গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ :
ক) চন্দ্ৰকুমাৰ আগৰৱালা :
চন্দ্ৰকুমাৰ আগৰৱালা(১৮৬৭-১৯৩৮) এজন অসমীয়া গীতি-কবি আৰু কাকতৰ সম্পাদক আছিল। তেওঁৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি -১৮৮৯ চনত ‘জোনাকী’কাকত উলিয়ায়। ১৯১৮ চনত তেওঁ সাপ্তাহিক বাতৰি কাকত‘অসমীয়া’ উলিয়ায়। ১৯৩৮ চনত গুৱাহাটীৰ নিজ বাসভৱনত মৃত্যু হয়। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী' নামৰ গীতি কবিতাটিয়েই অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভ ঘটায়। তেওঁৰ প্ৰথম কাব্য পুথিখনৰ নাম ‘প্ৰতিমা’। ‘বীণ বৰাগী’ হ’ল তেওঁৰ দ্বিতীয় কবিতা পুথি । প্ৰকৃতিত সৌন্দৰ্যৰ সন্ধান, মানৱপ্ৰেম, ভৱিষ্যতৰ প্ৰতি আশাবাদ আৰু প্ৰকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য।

খ) হেমচন্দ্ৰ গোস্বামী :
হেমচন্দ্র গোস্বামী আছিল একাধাৰে কবি, সাহিত্যিক আৰু অসম বুৰঞ্জীৰ এক কনিষ্ঠ গৱেষক। হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় গোলাঘাটৰ ঢেকিয়াল গাঁৱত। পিতৃৰ নাম ডম্বৰুধৰ আৰু মাতৃ ঘনকান্তী। স্কুলীয়া শিক্ষা অসমতে সম্পূৰ্ণ কৰি পাছত উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। কলকাতাৰ পৰা উভতি আহি গুৱাহাটীৰ সোণাৰাম হাইস্কুলৰ শিক্ষক হয়। তাৰ পাছত এছ ডি ছি পদ গ্রহণ কৰি শ্বিলঙলৈ যায়। পৰৱৰ্তী কালত পদোন্নতি লাভ কৰি ই এ চি ৰূপে ১৯২৬ চনত অৱসৰ লয়। তেওঁ আছিল একাধাৰে কবি, সাহিত্যিক আৰু অসম বুৰঞ্জীৰ এক কনিষ্ঠা গৱেষক। অসমৰ প্ৰথম চনেট ৰচোঁতাও তেৱেঁই। কবিতা পুথি : ‘ফুলৰ চাকি' (১৯১৭)। শিশু-আলোচনী অকণ’আৰু বিখ্যাত ‘জোনাকী' কাকত সম্পাদনা কৰিছিল। সম্পাদিত গ্রন্থ : ‘দৰং ৰাজ বংশাৱলী’ (১৯১৭), ‘কথাগীতা' (১৯১৮), ‘পুৰণি অসম বুৰঞ্জী' (১৯২২), কামৰূপ তন্ত্ৰ' (১৯২৮)। ‘অসমীয়া সাহিত্যৰ চানেকি' (১৯২৯) গোস্বামীদেৱৰ এক বিশেষ কীর্তি। ১৯০০ চনত তেওঁ আৰু কৰ্ণেল পি টি আৰু গৰ্ডনৰ প্ৰচেষ্টাত হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ' অভিধানে প্ৰকাশৰ মুখ দেখিবলৈ পায়।

গ) লক্ষ্মীনাথ বেজবৰুৱা :
লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমুখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত । লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। 'জোনাকীৰ পাততে তেওঁৰ ধেমেলীয়া নাটক ‘লিতিকাই আৰু গল্পসমূহ প্রকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে।

(৫) খালী ঠাই পূৰ কৰা :

নিজম আকাশৰ_____কথাটি
হিয়াত থৈছে সাঁচি,

কোন_____সপোন দেখিছে
কোনে_____নাচি।

উত্তৰ : নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।

(৬) কবিতাটো মুখস্থ লিখা।
উত্তৰ : ছাত্ৰ ছাত্ৰী নিজে নিজে লিখিব।

(৭) পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰ :
আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদী আদি মিলি যি অৱস্থাৰ সৃষ্টি হয় সেয়াই পৰিবেশ। অর্থাৎ প্ৰকৃতিৰ মুকলিমূৰীয়া অৱস্থা বা স্বভাৱৰ লগত আমাৰ অৱস্থা মিলি পৰিবেশৰ সৃষ্টি হয়। আকৌ ‘প্ৰদূষণ' মানে স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা অৱস্থা। এতেকে “পৰিবেশ প্ৰদূষণ” মানে আমাৰ চাৰিওফালৰ স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা পৰিস্থিতি। বৰ্তমান জন-অৰণ্যময় বিশ্বত কিছুমান মানুহে জীয়াই থকাৰ তাগিদাত আৰু কিছুমান মানুহে আৰাম আৰু বিলাসিতাৰ জীৱন-যাপন কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কৃত্ৰিম বা ৰাসায়নিক আৰু অতিৰঞ্জিত বস্তু-সামগ্ৰী ব্যৱহাৰ কৰি অথবা প্ৰকৃতিত পোৱা বস্তু-সামগ্ৰী বিবেচনাহীন আৰু অপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি প্ৰতিদিনে পৃথিৱীৰ স্বাভাৱিক পৰিবেশ বা অৱস্থা বিনষ্ট কৰি আছে। বর্তমান ই কোনো এটি নির্দিষ্ট অঞ্চল বা দেশৰ সমস্যা হিচাপে দেখা নিদি গোটেই বিশ্বৰ উমৈহতীয়া সমস্যা হিচাপে দেখা দিছে আৰু ই মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বৰূপ হৈ পৰিছে। পৰিবেশ প্ৰদূষণক মোটামুটিভাৱে চাৰিটা দিশত আলোচনা কৰিব, পাৰি, যথা- বায়ু প্ৰদূষণ, ভূমি প্রদূষণ, জল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। প্ৰধানকৈ পাঁচোটা গেছ মিলি আমাৰ বায়ুমণ্ডল গঠিত হৈছে। সিহঁতৰ অনুপাত প্রকৃতিয়ে বিশ্বৰ জীৱ-জন্তুৰ অনুকূলে নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত অক্সিজেন গেছ মানুহৰ স্বাস্থ্য তথা শ্বাস-প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য্য। অক্সিজেনৰ পৰিমাণ কম হ'লে আমাৰ জীৱনৰ বাবে প্ৰতিকূল হৈ পৰে। কিন্তু বৰ্তমান আমাৰ বায়ুমণ্ডল প্ৰতিদিনে কলুষিত হৈ আছে। ইয়াৰ কাৰণ বহুতো, যথা- মানুহৰ সুবিধা সৃষ্টিৰ নামত গছ-গছনি কাটি পেলোৱা হৈ আছে, তাৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ অনুপাত হ্ৰাস পাই আছে। ইয়াৰ উপৰিও প্ৰতিদিনে গাড়ী-মটৰ, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পাৰমাণৱিক বোমা বিষ্ফোৰণ আদিৰ ফলত বায়ুমণ্ডত কার্বন-ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, অ'জন আদি গেছৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষণ অবিৰত গতিত চলি আছে। 'ভূমি হ'ল মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎস। ভূমিৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ খাদ্য-সামগ্রী উৎপাদন কৰো। কিন্তু আজি এই ভূমিকো মানুহে নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ্থে ভৱিষ্যতৰ প্ৰতি আওকান কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ কীটনাশক দ্ৰৱ্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্রী পেলাই ভূমিৰ উৎপাদিক শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বাঢ়িছে যে সেইবোৰৰ অৱশেষ আশ্ৰয় হৈছে ভূমি – যিয়ে ভূমিৰ সাৰুৱা গুণ নি:শেষ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। পৰিবেশ প্ৰদূষণৰ আন এক দিশ হৈছে জল প্ৰদূষণ । সাধাৰণতে জ বা পানীক ‘জীৱন’ৰ অন্য নাম বুলি স্বীকাৰ কৰা হয় যদিও আজি বিশ্বত বিশুদ্ধ জল পোৱা প্ৰায় অসম্ভৱ হৈ পৰিছে। সাধাৰণতে, প্ৰতিদিনে কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা গেলা-পচা আবর্জনা, খেতিত প্রয়োগ কৰা কীট নাশক দ্ৰৱ্য, জীৱ জন্তুৰ মল-মূত্ৰ আদি নৈ, বিল, খাল, সাগৰ, মহাসাগ আদিৰ পানীৰ লগত মিহলি হৈ জল প্ৰদূষণৰ সৃষ্টি কৰিছে। 'শব্দ প্ৰদূষণ’ আমাৰ পৰিবেশ প্ৰদূষণৰ আন এটি দিশ। আজি কালি বিশ্বত বিজ্ঞানৰ গৌৰৱ ধ্বজা উৰি আছে। বিজ্ঞানে মানুহক হাজাৰ-বিজাৰ নতুন নতুন সা-সামগ্রী, যান-বাহন আদি উপহাৰ হিচাপে আগবঢ়াইছে যদিও সেইবোৰে উপকাৰৰ লগতে আমাৰ' যে মাৰাত্মক অপকাৰো সাধন কৰি আছে - সেয়া আমি জানিও নজনাৰ ভাও জুৰি আছোঁ। যান-বাহনে যি শব্দ নিৰ্গত কৰে, সেয়া আমাৰ কৰ্ণ কুহৰত সোমাই আমাৰ মস্তিষ্কক আঘাত কৰি আমাৰ মস্তিষ্কৰ স্বাভাৱিক শক্তি বা ক্ষমতাক ঘূণীয়া কৰিছে। আজিকালি অতি বেগী প্লেন, যুদ্ধ জাহাজ, পাৰমানৱিক বোমা বিষ্ফোৰণ আদিয়ে শব্দ প্ৰদূষণ ক্রমাৎ বৃদ্ধি কৰি মানৱ পৰিবেশ প্ৰদূষিত কৰি আছে। প্ৰতিটো কাৰ্য্যৰে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থকাৰ দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো ফল আছে। পৰিবেশ প্ৰদূষণৰ ফলত আমাৰ বিশ্বখনৰ স্বাভাৱিক অৱস্থাক প্ৰতিকূল কৰাৰ লগতে আজি মানুহ তথা অন্যান্য জীৱ-জন্তুই, মাৰাত্মক বেজাৰ-আজাৰত ভূগি থকা দেখা গৈছে। বায়ু আৰু জল প্ৰদূষিত হোৱাৰ ফলত নানা ধৰণৰ বেমাৰ যথা- গ্ৰহণী, হাইজা, টাইফয়েড, মেলেৰীয়া আদি বেমাৰ দ্ৰুত গতিত বৃদ্ধি পাই আছে। জল প্ৰদূষণৰ ফলত জলজ উদ্ভিদ তথা মাছ-কাছৰ জীৱন আৰু অস্তিত্বলৈ ভাবুকি নামি আহিছে। আজি কৰ্কট ৰোগ, বিকৃত সন্তানৰ জন্ম, জন্ম বৈকল্য, অপৰিণত বয়সত মৃত্যু আদিৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাব লাগিছে।

প্ৰতিটো সমস্যাৰ সমাধান তথা প্ৰতিকাৰ থকাৰ দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো প্ৰতিকাৰৰ ব্যৱস্থা বা উপায় নথকা নহয়, যেনে আমাৰ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ হ'লে প্ৰথমে মনোযোগ দিব লগা দিশটো হ'ল আমি গোটেই মানৱ জাতিয়ে পৰিবেশৰ প্ৰতি সচেতন থাকিব লাগিব আৰু এই পৰিবেশ স্বাভাৱিক কৰি ৰাখিবলৈ দৃঢ় মানসিকতা গঠন কৰিব লাগিব। প্রত্যেকেই পৰিবেশক ক্ষতি কৰিব পৰা বস্তু-সামগ্রী ব্যৱহাৰ আৰু পৰিবেশৰ ক্ষতি কৰিব পৰা কাম-কাজৰ পৰা বিৰত থাকিব লাগিব। কল- কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান আদিৰ পৰা ওলোৱা ধোঁৱা, আৱৰ্জনা আদি নিয়ন্ত্ৰিত অৱস্থাত ৰাখি সহজে যাতে বায়ু আৰু পানীত মিহলি হৈ প্ৰদূষণ বঢ়াব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব খেতি-পথাৰত ৰাসায়নিক সাৰ তথা কীট নাশক দ্ৰৱ্য যিমান পাৰি সিমান কম প্ৰয়োগ কৰি জৈৱিক সাৰ প্ৰয়োগ আৰু প্ৰাকৃতিক নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাৰমাণৱিক বোমা বিষ্ফোৰণ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। নিম্নমানৰ প্লাষ্টিক, ৰবৰ আদিৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গছ-গছনি অধিক হাৰত ৰোপন কৰিব লাগিব। শেষত ক'ব পাৰি যে আমি বিশ্ববাসীয়ে আজি পৰিবেশৰ প্ৰতি সচেতন হৈ যিকোনো ত্যাগৰ বিনিময়ত পৰিবেশৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সচেষ্ট হ'ব লাগিব। অন্যথা চলিত শতাব্দীৰ ভিতৰতে মানৱ সভ্যতাৰ অস্তিত্বলৈ চৰম দুৰ্যোগ নামি আহিব ।

জানি থওঁ আহা:

জতুৱা-ঠাঁচ:

বুকুৰ কুটুম (অতি ঘনিষ্ঠ, অন্তৰংগ বন্ধু) : বুকুৰ কুটুম সোণেশ্বৰক হেৰুৱাই মই বাৰুকৈয়ে মর্মাহত হ'লোঁ।

আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা) : তোৰ হাতত আছে এটকা; তাৰে বেপাৰ কৰিবি, তাৰে দালান সাজিবি, এনেবোৰ আকাশত চাং পতা কথা নক’বি বোপাই ।

কাণে কাণ মাৰি (টনাটনিকৈ, কোনোমতে) : পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ'লে ওপৰ মহলাত ভৰ্তি হোৱা মস্কিল।

গা উঠ (কোনো কাম কৰিবলৈ উদ্যোগী হ, ইচ্ছুক হ) : ডেকা ল'ৰাহঁতে গা উঠিছে যেতিয়া, এইবাৰ গাঁৱত বিদ্যালয়খন হ’বই।

তৰা-নৰা ছিং (বিবুধি হ, বিতত হ্) : বাপেকৰ টান নৰিয়া বুলি শুনি ল'ৰাটো স্কুলৰ পৰা তৰা-নৰা ছিঙি দৌৰ মাৰিছে।

চকুৰ কুটা (অপ্রিয়, শত্ৰু) : দুয়ো ভায়েকৰ মাজত মিল নাই; এজন সিজনৰ চকুৰ কুটা, দাঁতৰ শালহে।

দলনিত পোনা মেলা (নিৰাশ্ৰয় কৰ্) : কণমাণি ল'ৰা-ছোৱালীহালক দলনিত পোনা মেলি বেচেৰী বাঁৰী তিৰোতাজনীয়ে আজি চকু মুদিলে।

Updated on 20th March 2024
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments