Ads banner

JE Banner Ads
Image 2

শ্ৰীশংকৰদেৱ (লগে-ভাগে গাওঁ আহা) - অধ্যায় ৯ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ৯

শ্ৰীশংকৰদেৱ (লগে-ভাগে গাওঁ আহা)


আৰ্হি প্রশ্নমালা :

(১) কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱে অসমক পুণ্য স্থানত পৰিণত কৰিলে। তেঁৱেই সৰগৰ বাণী মৰতত আনি দিলে। সেই বাণীৰ ঝংকাৰ আজিও অসমীয়াৰ ঘৰে ঘৰে বাজি আছে। শংকৰদেৱে অসমত ভক্তিবাদৰ সূচনা কৰিলে। অসমীয়া জাতিক নতুন ভাষা দিলে। এনে মহান পুৰুষ এজনৰ জীৱনী লিখাৰ সাধ্য কাৰো নাই। কাৰণ গোটেই অসম জুৰিয়েই শংকৰদেৱৰ কার্যকলাপ সিঁচৰতি হৈ আছে। শংকৰদেৱে অসমবাসীক সদাচাৰ দিলে, ৰীতি-নীতি দিলে আৰু নতুন সংস্কৃতি দিলে। শংকৰদেৱে অসমবাসীক গীত-মাত উপহাৰ দিলে। তেখেতে ৰচনা কৰা বৰগীত অসমৰ গাঁৱে-ভূয়ে, বিবাহ-পাৰ্বন, নৱবৰ্ষত, বিহু উৎসৱ আদিত আনন্দৰে গোৱা হয়। শ্ৰীমন্ত শংকৰে বেদ- উপনিষদৰ সাৰ বস্তু সংগ্ৰহ কৰি নতুন ধর্মমত দিলে। সকলোকে একতাৰ ঢোলেৰে বান্ধি, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি সকলোকে সংহতিৰ এনাজৰীৰে বান্ধিলে। শংকৰদেৱে
অসমবাসীক নতুন সাজ-পোছাক দিলে। শংকৰৰ আদৰ্শ শিৰোধাৰ্য কৰি অসমবাসীয়ে উন্নতিৰ বাটত আগবাঢ়ি গৈ আছে। এনে গুণবান মহাপুৰুষজনৰ চৰণত ভক্তি জনাইছো।

(২) কবিয়ে শ্ৰীশংকৰদেৱক কিয় 'অতীতৰ ধ্যানমগ্ন যোগী' বুলি কৈছে?
উত্তৰ : কবিয়ে শ্ৰীশংকৰদেৱক অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে কাৰণ শংকৰদেৱে নতুন ধর্মমত প্ৰৱৰ্তন কৰি অসমভূমিক পৱিত্ৰ কৰিলে।

(৩) অতি চমুকৈ উত্তৰ দিয়া :

ক) স্বৰ্গৰ বাতৰি দেৱ-মৰতলৈ কোনে আনিলে?
উত্তৰ : স্বৰ্গৰ বাতৰি দেৱ-মৰতলৈ শ্ৰীশংকৰদেৱে আনিলে।

খ) অসমৰ ঘৰে ঘৰে কি বাজি উঠিছে বুলি কবিয়ে কৈছে?
উত্তৰ : অসমৰ ঘৰে ঘৰে একশৰণ নাম ধৰ্মৰ বাণী বাজি উঠিছে বুলি কবিয়ে কৈছে।

গ) বেদ-উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰীশংকৰদেৱে কি কৰিলে?
উত্তৰ : বেদ-উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰীশংকৰদেৱে একশৰণ নাম ধৰ্মৰ মালা গাঁথিলে।

ঘ) আমি কাৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম?
উত্তৰ : আমি শংকৰদেৱৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম।

ঙ) মৰুময় সংসাৰ বুলিলে কি বুজা?
উত্তৰ : ‘মৰুময় সংসাৰ’ বুলিলে মৰুভূমি সদৃশ অর্থাৎ আনন্দ উৎসাহ, শান্তি-শৃঙ্খলাবিহীন বিশ্বক বুজা যায়।

(৪) “তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ, গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ।” — ইয়াত কাৰ জীৱনী অসমজুৰি বিস্তৃত বুলি কবিয়ে কৈছে? কিয় এনেদৰে কৈছে?
উত্তৰ :
ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী অসমজুৰি বিস্তৃত বুলি কোৱা হৈছে।

কাৰণ- শ্ৰীমন্ত শংৰদেৱে প্ৰচাৰ কৰা একশৰণ নাম ধৰ্মৰ বাণী গোটেই অসমতে বিস্তৃত। আনকি শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা নতুন অসমীয়া সংস্কৃতিও গোটেই অসমতে সিঁচৰতি হৈ আছে। সেয়ে শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী লিখাৰ সাধ্য কাৰো নাই বুলি কবিয়ে ক’ব বিচাৰিছে।

(৫) প্রসঙ্গ-সঙ্গতি দর্শাই ব্যাখ্যা কৰা :
মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে,
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।

উত্তৰ :
উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠত সন্নিবিষ্ট হোৱা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা ‘শ্ৰীশংকৰদেৱ' কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাকিৰ জৰিয়তে লিখকে শ্ৰীমন্ত শংকৰদেৱৰ শিকনিৰ প্ৰভাৱৰ বিষয়ে কোৱা হৈছে।

শ্ৰীমন্ত শংকৰদেৱে ধ্যানমগ্ন যোগীৰ দৰে স্বৰ্গীয় বাণী সদৃশ একশৰণ নাম ধৰ্ম অসমত প্ৰচাৰ কৰিলে। বহু গীত-পদ ৰচনা কৰিলে। সেইবোৰ অসমীয়া মানুহৰ অতি আপোন। অসমবাসীয়ে সেই গীতপদসমূহ আজিও পুৱা-গধূলি গাই থাকে। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ গোটেই অসম জুৰি বিস্তৃত।

(৬) শ্ৰীশঙ্কৰদেৱৰ বিষয়ে এখনি ৰচনা লিখা।
উত্তৰ :
শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮)) নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত বুঢ়ী মাক খেসুতিয়ে শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে৷ বুঢ়ীমাক খেসুতিয়ে শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভৰ্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে
তেওঁ সংস্কৃত শাস্ত্ৰত পাৰ্গত হৈ উঠে। একৈশ বছৰ বয়সত তেওঁ সূৰ্যৱতীক বিয়া কৰায় আৰু তিনি বছৰ
পিছত এটি কন্যা সন্তানৰ জন্ম দি সূৰ্যৱতী স্বৰ্গগামী হয়। পত্নী বিয়োগ হোৱাত তেওঁৰ মন ভাগি পৰে আৰু সংসাৰ বিৰাগী হৈ ১৪৮১ চনত ১৭ জন সঙ্গীৰ সৈতে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলায়। এই ভ্ৰমণ কালত তেওঁ উত্তৰ ভাৰতৰ প্ৰায়বোৰ তীৰ্থস্থান পৰিদৰ্শন কৰে আৰু সেই সময়ৰ হিন্দু ধৰ্মৰ বহুতো ধৰ্ম গুৰুৰ সৈতে মত বিনিময় কৰি আধ্যাত্মিক জ্ঞানত পুষ্ঠ হৈ বাৰ বছৰ পিছত অসমলৈ উভতি আহে। ঘৰলৈ উভতি আহি কালিন্দী। নামৰ ছোৱালী এগৰাকীক বিয়া কৰায়। সেই সময়ত অসমত সামাজিক আৰু ধৰ্মীয় জীৱনত নানান খেলিমেলি দেখি হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ মানসেৰে ভাগৱত গীতাৰ ভিত্তিত এক নতুন ধর্মমতৰ পাতনি মেলে। সেই ধৰ্মক নৱবৈষ্ণৱ ধৰ্ম' বুলি কোৱা হয়। লগে লগে তেওঁ তেওঁৰ ধৰ্ম মত প্ৰচাৰৰ মাধ্যম হিচাপে সাহিত্য ৰচনা আৰম্ভ কৰে। ১৫২২ চনত তেওঁ ধূঞাহাট বেলগুৰিত মাধবদেৱক লগ পায়। শ্ৰীশংকৰদেৱৰ লগত শাস্ত্ৰীয় তৰ্কত পৰাজিত হৈ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু আজীৱন গুৰু শংকৰদেৱৰ লগত থাকি ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক ‘মণিকাঞ্চন সংযোগ' বুলি কোৱা হয়৷ শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ অৰ্থে ঠায়ে ঠায়ে সত্ৰ, থান, নামঘৰ, ভাওনাঘৰ আদি স্থাপন কৰে আৰু অসমীয়া সমাজক খোল, তাল, ডবা আদিৰ ব্যৱহাৰ শিকায়। 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’- হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্ৰ। শংকৰদেৱে তেওঁৰ ধৰ্মীয় তত্ত্ব সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ মাধ্যম হিচাপে বহুতো গ্ৰন্থও ৰচনা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।

কাব্য : হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ আদি।

ভক্তিমূলক পুথি : ভক্তি প্রদীপ, নিমি নৱসিদ্ধ সংবাদ, ভক্তি ৰত্নাকৰ অনাদি পতন আদি।

নাম প্রসঙ্গমূলক পুথি : কীর্তন ঘোষা, গুণমালা আদি।

অনুবাদমূলক পুথি : ভাগৱত, আৰু উত্তৰাকাণ্ড ৰামায়ণ ।

অংকীয়া নাট : পত্নী প্রসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামজিয় ।

গীত : বৰগীত, ভটিমা।

শ্ৰীমন্ত শংকৰদেৱৰ 'কীৰ্ত্তন ঘোষা' নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক কীর্তি স্তম্ভ স্বৰূপ। এইখন গ্ৰন্থক বৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ পুথি বুলি গণ্য কৰা হয়। শংকৰদেৱে ব্ৰজাৱলী নামৰ এক কৃত্রিম ভাষাত তেওঁৰ গ্ৰন্থবোৰ ৰচনা কৰিছিল। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথেলী। তাৰ লগত ভোজপুৰী নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে । এই ভাষাত স্বৰধ্বনিৰ প্ৰয়োগ অধিক বাবে শ্ৰুতি মধুৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সৰহভাগ ৰচনাত ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছে। শংকৰদেৱৰ সকলোবোৰ গ্ৰন্থ ব্ৰজাৱলী ভাষাত ৰচনা কৰা যদিও তেওঁৰ একমাত্ৰ পুথি ‘ভক্তি ৰত্নাকৰ’ খন সংস্কৃত ভাষাত ৰচিত। শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধৰ্ম দি যোৱাই নহয় তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈয়ো নানান অৱদান আগবঢ়াই অসমীয়া জাতিক এক স্বকীয়তা প্ৰদান কৰি গৈছে। এইজন মহাপুৰুষে ১৫৬৮ চনত এশ ঊনৈশ বছৰ বয়সত কোচ বিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে।

জানি থওঁ আহা :

বিসর্গ সন্ধি :


বিসৰ্গ আৰু ব্যঞ্জন বর্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয়, তাক বিসর্গ সন্ধি বোলে।
যেনে -
নিঃ + নয় = নিৰ্ণয়;
শিৰঃ + ছেদ = শিৰচ্ছেদ,
বনঃ + পতি = বনস্পতি,
পুৰঃ + হিত = পুৰোহিত।

সন্ধি ভাঙা :
ধনুষ্টঙ্কাৰ = ধনুঃ + টঙ্কাৰ
নিস্তেজ = নিঃ + তেজ
নিশ্চয় = নিঃ + চয়
দুৰ্ঘোৰ = দুঃ + ঘোৰ
আশীর্বাদ = আশীঃ + বাদ
নির্মূল = নিঃ + মূল
শিৰচ্ছেদ = শিৰঃ + ছেদ
মনস্তাপ = মনঃ + তাপ
আধোগতি = অধঃ + গতি
শিৰোভূষণ = শিৰঃ + ভূষণ
মনোভিলাষ = মনঃ + অভিলাষ
বয়োধিক = বয়ঃ + অধিক
মনোযোগ = মনঃ + যোগ
মনোহৰ = মনঃ + হৰ
পুনৰপি = পুনঃ + অপি
মনোমত = মনঃ + মত
সৰোবৰ = সৰঃ + বৰ
পুনর্জন্ম = পুনঃ + জন্ম
দুর্মূল্য = দুঃ + মূল্য
দুর্ভাবনা = দুঃ + ভাবনা
অন্তৰাত্মা = অন্তঃ + আত্মা
নিৰাকাৰ = নিঃ + আকাৰ
দুৰাকাঙ্খা = দুঃ + আকাঙ্খা
মনস্কামনা = মনঃ + কামনা
নীৰস = নিঃ + ৰস
নীৰৱ = নিঃ + ৰৱ
নিষ্পাপ = নিঃ + পাপ
নিষ্ফল = নিঃ + ফল
নীৰোগ = নিঃ + ৰোগ
দুর্গতি = দুঃ + গতি
নমস্কাৰ = নমঃ + কাৰ
আৱিষ্কাৰ = আৱিঃ + কাৰ
নিৰৱদি = নিঃ + অৱধি
তপোবন = তপঃ + বন

Updated on 30th March 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments