(SCERT)
State Council of Educational Research and Training.
CLASS : VII
SUBJECT : OUR SCIENCE
Medium : Assamese
Chapter— 6
জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ
অনুশীলনীৰ প্ৰশ্নাৱলী
প্ৰশ্ন 1: শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
i. কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে?
(a) অক্সিজেন (b) হাইড্র'জেন (c) কার্বন ডাইঅক্সাইড (d) নাইট্র'জেন
উত্তৰ: (c) কার্বন ডাইঅক্সাইড
ii. তলৰ কোনটো সেউজগৃহ গেছ নহয়?
(a) কার্বন ডাইঅক্সাইড (b) মিথেন (c) নাইট্রাছ অক্সাইড (d) oxygen
উত্তৰ: (d) oxygen
iii. জলবায়ু পৰিৱৰ্তনে মূলতঃ তলৰ কোনটো বুজায়-
(a) দৈনিক বতৰৰ পৰিৱৰ্তন (b) সাপ্তাহিক বতৰৰ পৰিৱৰ্তন (c) উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন (d) ঋতুৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন
উত্তৰ: (c) উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন
iv. তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে-
(a) গোলকীয় উষ্ণতা বৃদ্ধিত (b) অক্সিজেনৰ পৰিমাণ হ্রাস কৰাত (c) অজ'ন বিন্ধাৰ বৃদ্ধিত (d) কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত
উত্তৰ: (d) কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত
v. জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে?
(a) ভূমিকম্প (b) আগ্নেয়গিৰিৰ উদ্দ্গীৰণ (c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি (d) ভূমিস্খলন
উত্তৰ: (c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি
প্ৰশ্ন 2: খালী ঠাই পূৰ কৰা-
(a) পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক ________ বুলি কোৱা হয়
উত্তৰ: গোলকীয় উষ্ণতা বৃদ্ধি
(b) ______ হৈছে যান-বাহনৰপৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ।
উত্তৰ: কার্বন ডাইঅক্সাইড
(c) বনাঞ্চৰ গছ-গছনি কাটি পেলোৱাটোকে ________ বুলি কোৱা হয়।
উত্তৰ: নিৰ্বনানীকৰণ
(d) বৃক্ষৰোপণে বায়ুমণ্ডলত ________ ৰ পৰিমাণ বৃদ্ধি কৰে।
উত্তৰ: অক্সিজেন
(e) নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত ________ ৰ পৰিমাণ বৃদ্ধি হয়।
উত্তৰ: কাৰ্বন ডাইঅক্সাইড
প্ৰশ্ন 3: শুদ্ধ নে অশুদ্ধ লিখা।
(a) জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে।
উত্তৰ: অশুদ্ধ
(b) জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নির্গত হয়।
উত্তৰ: শুদ্ধ
(c) নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্রাস কৰাত সহায় কৰে।
উত্তৰ: অশুদ্ধ
(d) গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পর্ক নাই।
উত্তৰ: অশুদ্ধ
(e) জলবায়ু পৰিৱৰ্তন হ্রাস কৰাৰ এটা সমাধান হ'ল বৃক্ষৰোপণ।
উত্তৰ: শুদ্ধ
প্ৰশ্ন 4: তলত দিয়াবোৰ মিলোৱা
উত্তৰ:
(a) মিথেন — (iv) গৰু-ম'হৰ গোৱৰৰ পৰা সৃষ্ট সেউজ গৃহ গেছ
(b) সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি — (iii) হিমবাহৰ গলন
(c) গোলকীয় উষ্ণতা বৃদ্ধি — (ii) পৃথিৱীৰ উষ্ণতা বৃদ্ধি
(d) কার্বন ডাইঅক্সাইড — (i) জীৱাশ্ম ইন্ধনৰ দহনত ওলায়
প্ৰশ্ন 5: ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: ভাৰতৰ প্ৰধান জলবায়ু অঞ্চল বা মণ্ডলসমূহ হ'ল:
(i) ক্রান্তীয় সেমেকা: এই অঞ্চলবোৰত অত্যধিক বৰষুণ হয় আৰু বৰষুণৰ পৰিমাণ প্ৰতি বছৰে 2000 মিলিমিটাৰতকৈ অধিক হ'ব পাৰে। গোটেই বছৰজুৰি বতাহ আৰ্দ্ৰ হৈ থাকে আৰু ইয়াত ঘন চিৰসেউজ অৰণ্য পোৱা যায়।
(ii) ক্রান্তীয় সেমেকা আৰু শুকান: এই অঞ্চলসমূহত বর্ষাকালত মধ্যমীয়াৰপৰা প্ৰবল (1000-2000 মিলিমিটাৰ) বৰষুণ হয়। ইয়াত বৰ্ষাকাল আৰু খৰালিকাল দুয়োটা পৃথক আৰু স্পষ্ট। খৰালিকাল দীঘলীয়া, গ্ৰীষ্মকাল অতি উষ্ণ হয় আৰু ইয়াত পৰ্ণপাতী অৰণ্য পোৱা যায়।
(iii) উপ-ক্রান্তীয় আর্দ্র: এই অঞ্চলসমূহত বর্ষাকালত মধ্যমীয়াৰ পৰা প্ৰবল (1000-1500 মিলিমিটাৰ) বৰষুণ হয়। অতিপাত গৰম আৰু আর্দ্র গ্রীষ্মকাল তথা অতিপাত শীতল আৰু শুকান শীতকাল ইয়াৰ বৈশিষ্ট্য। ইয়াত পৰ্ণপাতী অৰণ্য পোৱা যায়।
(iv) অর্ধ-শুষ্ক: এইবোৰ অঞ্চলত কম বৰষুণ (বছৰি 300-750 মিলিমিটাৰ) হয়। অতি গৰম গ্রীষ্মকাল আৰু মৃদু শীতকাল ইয়াৰ বৈশিষ্ট্য। জলবায়ু শুকান আৰু উদ্ভিদৰ ভিতৰত কাঁইটীয়া জোপোহা জাতীয় উদ্ভিদ আৰু ঘাঁহনি পোৱা যায়।
(v) শুষ্ক মৰুभूमि: এই অঞ্চলত অতি কম বৰষুণ (বছৰি 250 মিলিমিটাৰতকৈ কম) হয়। অতি শুকান বায়ু, অত্যন্ত গৰম দিন আৰু শীতল ৰাতি ইয়াৰ বৈশিষ্ট্য। দিনৰ ভাগৰ উষ্ণতা 50 ডিগ্রী ছেলছিয়াছলৈকে হ'ব পাৰে আৰু গছ-গছনিৰ উপস্থিতি বিৰল।
(vi) পাৰ্বত্য (আলপাইন): সাগৰ পৃষ্ঠৰ পৰা উচ্চতা অতি বেছি হোৱা বাবে এইবোৰ অঞ্চলৰ জলবায়ু বছৰৰ বেছিভাগ সময়ে ঠাণ্ডা হৈ থাকে, শীতকালত বৰফ পৰে আৰু গ্ৰীষ্মকাল শীতল হয়। এইবোৰ অঞ্চলত পাইনজাতীয় উদ্ভিদৰ অৰণ্য দেখা যায়।
প্ৰশ্ন 6: জলবায়ু পৰিৱৰ্তন কি? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰ: জলবায়ু পৰিৱৰ্তনৰ অৰ্থ হৈছে পৃথিৱীৰ গড় বতৰৰ অৱস্থাৰ হোৱা দীর্ঘম্যাদী পৰিৱৰ্তন। ই দৈনন্দিন হোৱা বতৰৰ পৰিৱৰ্তনতকৈ পৃথক আৰু স্বাভাৱিকতে অতি দীর্ঘ সময়ৰ ভিতৰত লাহে লাহে ঘটে।
উদাহৰণস্বৰূপে, শেহতীয়া বছৰবোৰত গ্রীষ্মকাল অধিক গৰম হৈ আহিছে, শীতকাল চুটি হৈ আহিছে, বৰষুণ অধিক অপ্রত্যাশিত হৈ পৰিছে, হিমবাহবোৰ গলি গৈছে আৰু সাগৰৰ স্তৰ বৃদ্ধি পাইছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বৰষুণৰ পৰিমাণ কমি আহিছে আৰু কোনো কোনো বছৰত বা এতিয়া গ্রীষ্মকালৰ একেখিনি সময়তে কিছুমান ঠাইত প্রচণ্ড বৰষুণ আৰু অন্য কিছুমান ঠাইত বৰষুণৰ অভাৱত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
প্ৰশ্ন 7: বর্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনো এটা বুলি কিয় গণ্য কৰা হয়?
উত্তৰ: জলবায়ু পৰিৱৰ্তনক বৰ্তমান সময়ৰ এক অতি গুৰুত্বপূৰ্ণ গোলকীয় সমস্যা আৰু একবিংশ শতিকাৰ 'মানৱ জাতিৰ সংকট' হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াৰ পৰিৱৰ্তন বৰ্তমান অতি দ্রুতগতিত হৈছে। ই কেৱল বতৰকেই নহয়, পৃথিৱীৰ উদ্ভিদ, জীৱ-জন্তু আৰু সমগ্ৰ মানৱ জীৱনকো তীব্ৰভাৱে প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত বৰ্ধিত উষ্ণতা, মেৰু অঞ্চলত বৰফ গলা, সাগৰৰ স্তৰ বৃদ্ধি, তীব্ৰ বানপানী, নদীৰ গৰাখহনীয়া, অস্বাভাৱিক আৰু অনিয়মিত বৰষুণ, বৰ্ধিত খৰাং পৰিস্থিতি আৰু মৰুভূমিকৰণৰ দৰে চৰম পৰিঘটনাৰ সৃষ্টি হৈছে, যিয়ে পৰিৱেশৰ স্বাভাৱিক ভাৰসাম্য সম্পূৰ্ণৰূপে বিঘ্নিত কৰি তুলিছে।
প্ৰশ্ন ৪: গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰ: মানুহৰ বিভিন্ন কাৰ্য-কলাপৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে, যাৰ ফলত সেউজগৃহ প্ৰভাৱৰ প্ৰবলতা বাঢ়ি গৈ পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াকে গোলকীয় উষ্ণতা বৃদ্ধি বোলা হয়।
সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক: বায়ুমণ্ডলত থকা সেউজগৃহ গেছসমূহে (যেনে- কাৰ্বন ডাইঅক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি) পৃথিৱী পৃষ্ঠৰপৰা মহাকাশলৈ বিকিৰিত হোৱা তাপ ধৰি ৰাখে আৰু মহাকাশলৈ ওলাই যোৱাত বাধা দিয়ে, যাৰ ফলত বায়ুমণ্ডল গৰম হৈ থাকে। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যেতিয়া মানুহৰ কাৰ্য-কলাপৰ বাবে বায়ুমণ্ডলত এই সেউজগৃহ গেছসমূহৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পায়, তেতিয়া এই আৱদ্ধ তাপৰ পৰিমাণো বৃদ্ধি পায়। এই গেছবোৰে সেউজগৃহৰ বেৰৰ দৰে কাৰ্য কৰি বায়ুমণ্ডলত অধিক তাপ ধৰি ৰাখে, যাৰ ফলত সেউজগৃহ প্ৰভাৱৰ তীব্ৰতা বাঢ়ি যায় আৰু অৱশেষত ই গোলকীয় উষ্ণতা বৃদ্ধিলৈ ৰূপান্তৰিত হয়।
প্ৰশ্ন 9: মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়?
উত্তৰ: মানুহৰ বিভিন্ন কাৰ্য-কলাপ যেনে— কল-কাৰখানা আৰু যান-বাহনত বৃহৎ পৰিমাণৰ জীৱাশ্ম ইন্ধনৰ দহন, দ্ৰুত নগৰীকৰণৰ বাবে বনাঞ্চল ধ্বংস বা নিৰ্বনানীকৰণ, কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ প্ৰয়োগ, বৃহৎ পৰিসৰৰ পশুপালন, মুকলি ঠাইত আৱৰ্জনা জমা কৰা বা পুৰি পেলোৱা, আৰু এয়াৰ কণ্ডিচনাৰ তথা ফ্ৰীজ আদিৰ ব্যৱহাৰৰ ফলত বায়ুমণ্ডললৈ কাৰ্বন ডাইঅক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু হাইড্ৰ'ফ্ল'ৰ'কাৰ্বনৰ দৰে সেউজগৃহ গেছসমূহ প্ৰচুৰ পৰিমাণে নিৰ্গত হয়। এই বৰ্ধিত গেছে বায়ুমণ্ডলত অধিক তাপ আৱদ্ধ কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে।
ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয় কাৰণ ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ আৰু হিমবাহ গলি সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, বৰষুণৰ আৰ্হি অনিয়মিত আৰু অস্বাভাৱিক হৈ পৰিছে, বানপানী আৰু গৰাখহনীয়া বৃদ্ধি পাইছে, বনজুইৰ ঘটনা বাঢ়িছে, খৰাং পৰিস্থিতি আৰু মৰুভূমিকৰণৰ সৃষ্টি হৈছে, আৰু মানুহৰ মাজত 'হিট ষ্ট্ৰ'ক্', মেলেৰিয়া, ডেংগুৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে।
প্ৰশ্ন 10: সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্রী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্রাস কৰাত সহায় কৰিবলৈ তুমি ব্যক্তিগত পর্যায়ত কি কি পদক্ষেপ ল'ব পাৰা।
উত্তৰ: সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰিবলৈ মই ব্যক্তিগত পৰ্যায়ত তলত দিয়া পদক্ষেপসমূহ ল'ব পাৰোঁ:
(i) বিদ্যুৎ সংৰক্ষণ কৰিবলৈ প্ৰয়োজন নহ'লে নিজৰ ঘৰৰ বা শ্ৰেণীকোঠাৰ ফেন, বৈদ্যুতিক বাল্ব আৰু টিভি বন্ধ কৰি ৰাখিম আৰু কম বিদ্যুৎ ব্যৱহাৰ হোৱা এল ই ডি (LED) বাল্ব ব্যৱহাৰ কৰিম।
(ii) সেউজ পৰিবহণৰ ব্যৱহাৰ কৰিবলৈ কম দূৰত্ব অতিক্ৰম কৰাৰ ক্ষেত্ৰত খোজ কাঢ়ি যাম বা বাইচাইকেল ব্যৱহাৰ কৰিম আৰু অধিক দূৰত্বৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থা (বাছ, ট্ৰেইন আদি) ব্যৱহাৰ কৰিম।
(iii) বিদ্যালয় চৌহদত বা নিজৰ ঘৰৰ আশে-পাশে বৃক্ষৰোপণ কৰিম।
(iv) প্লাষ্টিকৰ মোনাৰ সলনি কাপোৰৰ মোনা ব্যৱহাৰ কৰিম আৰু পেলনীয়া বস্তুসমূহ যতে ততে নেপেলাই পুনৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম।
(v) আৱৰ্জনা মুকলি ঠাইত পেলাই থোৱা বা জ্বলাই দিয়াৰ পৰিৱৰ্তে পাকঘৰৰ আৱৰ্জনাবোৰ পচন সাৰ উৎপাদনত ব্যৱহাৰ কৰিবলৈ পৰিয়ালক উৎসাহিত কৰিম।
অতিৰিক্ত প্ৰশ্ন
প্ৰশ্ন 1: সেউজগৃহ গেছসমূহ কি কি?
উত্তৰ: সেউজগৃহ গেছসমূহ হ'ল— জলীয় বাষ্প, কাৰ্বন ডাইঅক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, অ'জন আৰু হাইড্ৰ'ফ্ল'ৰ'কাৰ্বন (HFC)।
প্ৰশ্ন 2: বায়ুমণ্ডলত আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা সেউজগৃহ গেছবিধৰ নাম কি?
উত্তৰ: বায়ুমণ্ডলত আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা সেউজগৃহ গেছবিধ হ'ল জলীয় বাষ্প।
প্ৰশ্ন 3: 'মিছন লাইফ' (Mission LiFE) কি?
উত্তৰ: মিছন লাইফ হৈছে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতে আৰম্ভ কৰা এক বিশ্বব্যাপী আন্দোলন, যিয়ে ইন্ধন, বিদ্যুৎ আৰু পানী ৰাহি কৰা আৰু আৱৰ্জনা হ্ৰাস কৰাৰ বাবে সকলোকে দৈনন্দিন জীৱনত সৰু সৰু পৰিৱৰ্তন কৰিবলৈ উদগনি দিয়ে।
গুৰুত্বপূৰ্ণ প্ৰশ্ন
প্ৰশ্ন 1: জলবায়ু পৰিৱৰ্তনৰ সৈতে অভিযোজন কাক বোলে? ইয়াৰ দুটা উপায় উল্লেখ কৰা।
উত্তৰ: আমাৰ চৌপাশৰ পৰিৱৰ্তিত বতৰৰ পৰিস্থিতিৰ লগত খাপ খাই জীয়াই থাকিবৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহকে জলবায়ু পৰিৱৰ্তনৰ সৈতে অভিযোজন বোলা হয়।
অভিযোজনৰ দুটা উপায় হ'ল:
(i) সঘনাই বানপানী হোৱা অঞ্চলত বান-প্ৰতিৰোধী ঘৰ (যেনে— চাং-ঘৰ) নিৰ্মাণ কৰা।
(ii) কৃষিক্ষেত্ৰত বান-প্ৰতিৰোধী আৰু খৰাং-প্ৰতিৰোধী শস্যৰ ব্যৱহাৰ কৰা।
প্ৰশ্ন 2: সেউজগৃহ প্ৰভাৱ সন্দৰ্ভত প্ৰথম বৰ্ণনা কৰা বিজ্ঞানীগৰাকী কোন আছিল?
উত্তৰ: সেউজগৃহ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা প্ৰথমগৰাকী ব্যক্তি আছিল ১৮২৭ খ্ৰীষ্টাব্দত অধ্যয়ন কৰা ফৰাচী বিজ্ঞানী তথা গণিতজ্ঞ জোচেফ ফ'ৰিয়েৰ।
0 Comments