(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam
CLASS : IX
SUBJECT : ASSAMESE (MIL)
Medium : Assamese
CHAPTER— 16
সন্মান
প্ৰশ্নাৱলী
ভাব-বিষয়ক :
১/ অতি চমু উত্তৰ দিয়া:
(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?
উত্তৰ: সকলো মানুহে স্বপ্রধান হৈ নিজৰ ইচ্ছা অনুসৰি আচৰণ কৰে।
OR
উত্তৰ: অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখন অৰাজক হৈ পৰে আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ হয়. তাত সকলো মানুহে স্বপ্রধান হৈ নিজৰ ইচ্ছা অনুসৰি আচৰণ কৰে।
(খ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?
উত্তৰ: নোৱাৰে।
OR
উত্তৰ: নোৱাৰে। শাস্ত্ৰৰ মতে শিক্ষকে যদি ছাত্ৰক এটি মাথোন আখৰো শিকায়, তথাপি পৃথিৱীত এনে কোনো বস্তু নাই, যাক দি ছাত্ৰই শিক্ষকৰ সেই ধাৰ শুজিব পাৰে।
(গ) 'তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা' — 'তেওঁ' কোন?
উত্তৰ: ঈশ্বৰ।
OR
উত্তৰ: ইয়াত 'তেওঁ' বুলি এই পৰিদৃশ্যমান জগতৰ আদি কাৰণ 'ঈশ্বৰ'ক বুজোৱা হৈছে।
(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?
উত্তৰ: আসাম নিউজ।
OR
উত্তৰ: হেমচন্দ্ৰ বৰুৱা 'আসাম নিউজ' কাকতৰ সম্পাদক আছিল।
(ঙ) 'হেমকোষ' কি?
উত্তৰ: অভিধান।
OR
উত্তৰ: 'হেমকোষ' হৈছে হেমচন্দ্ৰ বৰুৱাদেৱে সংকলন কৰা অসমীয়া ভাষাৰ এক ঐতিহাসিক তথা প্ৰসিদ্ধ অভিধান।
(চ) 'কানীয়াৰ কীৰ্তন'ৰ ৰচক কোন?
উত্তৰ: 'কানীয়াৰ কীৰ্তন'ৰ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা।
২/ 'ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়' — কথাষাৰ বুজাই লিখা।
উত্তৰ: আমাৰ এই মানৱ জীৱনত ঈশ্বৰৰ স্থান সৰ্বোচ্চ, কিয়নো তেওঁৱেই সমগ্ৰ সৃষ্টিৰ আদি কাৰণ। কিন্তু সেই ঈশ্বৰৰ ঠিক পাছতেই আমাৰ ইহসংসাৰত আটাইতকৈ মাননীয় আৰু শ্ৰদ্ধাৰ পাত্ৰ হ'ল আমাৰ পিতৃ-মাতৃ।
পিতৃ-মাতৃৰ বাবেই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছোঁ। আমাৰ কেঁচুৱা কালত যেতিয়া খোজ কাঢ়িব পৰা শক্তি নাছিল, তেতিয়া তেওঁলোকে অশেষ দুখ-কষ্ট সহ্য কৰি আমাক বুকুত সাৱটি ডাঙৰ-দীঘল কৰিছিল। আমাৰ নৰিয়া হ'লে বা দেহত অলপ দুখ পালে তেওঁলোকে নিজৰ আহাৰ-নিদ্ৰা ত্যাগ কৰি, শোকত বিহ্বল হৈ পৰিছিল আৰু আমাৰ কুশলৰ বাবে প্ৰাণকো উচৰ্গা কৰিবলৈ সাজু আছিল। আমি ডাঙৰ হোৱাৰ পাছত আমাক জ্ঞান-বিদ্যা প্ৰদান কৰি এজন সজ মানুহ হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকে অহোপুৰুষাৰ্থ কৰে। আমাৰ সফলতা আৰু যশস্যাই তেওঁলোকৰ মুখলৈ আনন্দ কঢ়িয়াই আনে আৰু আমাৰ দুৰ্যশ বা দুৰ্ভাগ্যই তেওঁলোকৰ চকু লোতকেৰে ওপচাই পেলায়। গতিকে মানৱ সমাজত পিতৃ-মাতৃৰ দৰে নিঃস্বাৰ্থ উপকাৰী আৰু পুজনীয় আন কোনো হ'ব নোৱাৰে। সেইবাবেই তেওঁলোকক ঈশ্বৰৰ পাছতে সৰ্বোচ্চ আসন দিয়া হৈছে।
৩/ শিক্ষকৰ প্ৰতি ছাত্রই মান-সৎকাৰ কিয় ৰাখিব লাগে?
উত্তৰ: এজন দৃষ্টিহীন ব্যক্তিক যিদৰে চকু দান কৰিলে তেওঁৰ জীৱন ধন্য হৈ পৰে, ঠিক তেনেদৰেই শিক্ষকেও ছাত্ৰ সমাজক জ্ঞানৰ চকু প্ৰদান কৰে। চকু থকা সত্ত্বেও এজন ছাত্ৰই জ্ঞানৰ অভাৱত বহু কথা বুজিব নোৱাৰি কণাৰ দৰে হৈ থাকে। কিন্তু শিক্ষক বা অধ্যাপকৰ অনুগ্ৰহত ছাত্ৰজনৰ জ্ঞানৰ চকু মুকলি হয় আৰু তেওঁ জগতৰ সকলো কথা বুজিব আৰু দেখিব পৰা হৈ উঠে।
আমাৰ শাস্ত্ৰৰ মতে, শিক্ষকে যদি ছাত্ৰক কেৱল এটি মাথোন আখৰো শিক্ষা দিয়ে, তেন্তে সেই ধাৰ শুজিব পৰা কোনো বস্তুৱেই এই পৃথিৱীত নাই। গতিকে ছাত্ৰৰ অজ্ঞতাৰ আন্ধাৰ দূৰ কৰি জ্ঞানৰ পোহৰ বিলোৱা এনে পৰম উপকাৰী শিক্ষকৰ প্ৰতি ছাত্ৰই সদায় মান-সৎকাৰ কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰি বশ হৈ থকাটো একান্ত কৰ্তব্য।
৪/ 'সম্মান' পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখa?
উত্তৰ: 'সন্মান' পাঠটোৰ পৰা আমি মানৱ জীৱনৰ এক পৰম পবিত্ৰ গুণ অৰ্থাৎ শ্ৰদ্ধা আৰু আদৰ প্ৰদৰ্শনৰ বিষয়ে জানিব পাৰিলোঁ। পাঠটোৰ পৰা শিকা প্ৰধান কথাবোৰ হ'ল:
এই দৃশ্যমান জগতৰ স্ৰষ্টা তথা পালনকৰ্তা ঈশ্বৰক আমাৰ সমগ্ৰ মন, বুদ্ধি আৰু শক্তিৰে ভক্তি কৰা উচিত।
আমাক জন্ম দিয়া আৰু অশেষ কষ্টৰে লালন-পালন কৰা পিতৃ-মাতৃক সদায় সন্মান কৰিব লাগে আৰু তেওঁলোকৰ বৃদ্ধ কালত শুশ্ৰূষা তথা পোহ-পাল দি সুখী কৰি ৰাখিব লাগে।
আমাৰ অজ্ঞতা দূৰ কৰি জ্ঞানৰ চকু মুকলি কৰা শিক্ষকসকলক সদায় মান-সৎকাৰ কৰিব লাগে।
দেশত শান্তি আৰু শৃংখলা বজাই ৰাখি দুষ্টক দমন আৰু সন্তক পালন কৰা দেশৰ শাসনকৰ্তা বা অধিকাৰীসকলক সন্মান জনোৱাটো আমাৰ কৰ্তব্য।
আমাতকৈ বয়সে, জ্ঞানে আৰু অভিজ্ঞতাৰে শ্ৰেষ্ঠ বৃদ্ধ লোকসকলক তেওঁলোকৰ আৰ্থিক অৱস্থা যিয়েই নহওক কিয়, কেতিয়াও উপহা্স নকৰি সমুচিত সন্মান প্ৰদৰ্শন কৰিব লাগে।
সামগ্ৰিকভাৱে, সমাজত প্ৰতিজন যোগ্য ব্যক্তিক উপযুক্ত সন্মান দিলেহে এখন শৃংখলিত আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি উঠে।
ভাষা-বিষয়ক:
১/ তলৰ शब्दবোৰৰ সমার্থক শব্দ লিখা:
নৰিয়া → বেমাৰ, অসুখ, ৰোগ
জগত → পৃথিৱী, সংসাৰ, বিশ্ব
লোতক → চকুলো, চকুৰ পানী, অশ্ৰু
চকু → নয়ন, নে ত্ৰ, লোচন
হেতু → কাৰণ, নিমিত্তে, বাবে
মান → সন্মান, শ্ৰদ্ধা, মৰ্যাদা
২/ বিপৰীত শব্দ লিখা:
শ্রদ্ধা → অশ্ৰদ্ধা / ঘিণ
শলাগ → গৰিহণা / নিন্দা
আদি → অন্ত
দুষ্ট → শিষ্ট / সন্ত
জ্যেষ্ঠ → কনিষ্ঠ
ন্যায় → অন্যায়
কবি/লেখক পৰিচয়
হেমচন্দ্ৰ বৰুৱা (১৮৩৫ – ১৮৯৬):
অসমীয়া সাহিত্যত 'ভাষাৰ ওজা' হিচাপে সুপৰিচিত হেমচন্দ্ৰ বৰুৱাৰ জন্ম ১৮৩৫ চনত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত হৈছিল। তেওঁৰ পিতৃ আছিল মুক্তাৰাম বৰুৱা। অতি প্ৰতিকূল পৰিস্থিতিৰ মাজতো নিজ প্ৰচেষ্টাৰে ইংৰাজী ভাষাৰ জ্ঞান আয়ত্ত কৰি তেওঁ চৰকাৰী চাকৰিত যোগ দিছিল। ১৮৯৬ চনত গুৱাহাটীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
অসমীয়া ভাষাৰ বৰ্ণবিন্যাসৰ খেলিমেলি আঁতৰাই ভাষাৰ এক নতুন যুগৰ দুৱাৰ মুকলি কৰাত তেওঁৰ অৱদান অতুলনীয়। তেওঁৰ দ্বাৰা সংকলিত 'হেমকোষ' নামৰ অভিধানখনে অসমীয়া ভাষা-সাহিত্যক এক সুদৃঢ় ভেটি প্ৰদান কৰে। বৰুৱাদেৱে 'আসাম নিউজ' নামৰ গুৰুত্বপূৰ্ণ কাকতৰ সম্পাদনাও কৰিছিল।
প্ৰধান ৰচনাৱলী:
অভিধান ও ব্যাকৰণ: 'হেমকোষ', 'অসমীয়া ব্যাকৰণ', 'পঢ়াশলীয়া অভিধান', 'অসমীয়া ল'ৰাৰ ব্যাকৰণ'।
সামাজিক ব্যংগ ও নাটক: 'বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী' (উপন্যাসিকা), 'কানীয়া কীৰ্তন' (নাটক)।
শিশু পাঠ্যপুথি: 'পাঠমালা' (যিখনৰ পৰা আলোচ্য 'সন্মান' প্ৰবন্ধটি লোৱা হৈছে), 'আদিপাঠ'।
অন্যান্য: 'স্বাস্থ্যৰক্ষাৰ নিয়ম' আৰু 'অসমীয়া বিবাহ পদ্ধতি'।
পাঠৰ মূলভাব
'সন্মান' প্ৰবন্ধটিৰ মূল বিষয়বস্তু হৈছে মানুহৰ গুণ, পদমৰ্যাদা, জ্যেষ্ঠতা আৰু উপকাৰিতাৰ ভিত্তিত যোগ্য ব্যক্তিক শ্ৰদ্ধা আৰু আদৰ প্ৰদৰ্শন কৰা। লেখক হেমচন্দ্ৰ বৰুৱাদেৱৰ মতে, আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱন সুচাৰুৰূপে পৰিচালিত হ'বলৈ হ'লে পৰস্পৰৰ প্ৰতি সন্মানবোধ থকাটো অপৰিহাৰ্য।
পাঠটিত মূলতঃ পাঁচগৰাকী সন্মানৰ পাত্ৰক চিহ্নিত কৰা হৈছে: সমগ্ৰ বিশ্বৰ স্ৰষ্টা ঈশ্বৰ, আমাক জন্ম দি পালন কৰা পিতৃ-মাতৃ, জ্ঞানৰ চকু মুকলি কৰা শিক্ষক, দেশত শান্তি ৰক্ষা কৰা শাসনকৰ্তা বা অধিকাৰীসকল আৰু আমাতকৈ বয়সে তথা অভিজ্ঞতাৰে ডাঙৰ বৃদ্ধ সমাজ। এই সকলোকে যথোচিত শ্ৰদ্ধা আৰু আদৰ কৰিলে সমাজখন সুশৃংখলিত হৈ থাকে। নিভাঁজ, সৰল আৰু বৰ্ণনামূলক অসমীয়া গদ্যৰ এক সুন্দৰ নিদৰ্শন এই প্ৰবন্ধটিত ফুটি উঠিছে।
পৰীক্ষাত সঘনাই অহা প্রশ্নোত্তৰ
প্ৰশ্ন ১/ 'অৰাজক' দেশৰ অৱস্থা লেখক হেমচন্দ্ৰ বৰুৱাই কেনেকৈ বৰ্ণনা কৰিছে?
উত্তৰ: লেখকৰ মতে, যি দেশত কোনো অধিকাৰ বা শাসনকৰ্তা নাথাকে, সেই দেশ অৰাজক হৈ পৰে। ইয়াৰ অৱস্থা ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অতিশয় অস্থিৰ হয়। শাসন নথকাৰ বাবে সমাজৰ সকলো মানুহ স্ব প্ৰধান হৈ নিজৰ ইচ্ছা মতে চলিবলৈ লয়, যাৰ ফলত মানুহৰ ধন-প্ৰাণৰ নিৰাপত্তা নোহোৱা হয় আৰু কাৰো সুখ-শান্তি নাথাকে।
প্ৰশ্ন ২/ 'নাস্তিক' শব্দৰ অৰ্থ কি? সমাজত তেওঁলোকৰ স্থিতি কেনেকুৱা বুলি পাঠটিত উল্লেখ আছে?
উত্তৰ: 'নাস্তিক' শব্দৰ অৰ্থ হৈছে ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ নকৰা বা নিৰীশ্বৰবাদী লোক। পাঠ অনুসৰি, পৃথিৱীৰ সকলো দেশৰ আৰু ধৰ্মৰ জ্ঞানী লোকসকলে ঈশ্বৰক বিশ্বাস আৰু ভক্তি কৰে, কিন্তু যাৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা-ভক্তি নাই, সমাজত জ্ঞানীসকলে তাক নাস্তিক বুলি ঘিণায়।
অতি গুৰুত্বপূৰ্ণ সংক্ষিপ্ত প্রশ্নোত্তৰ
প্ৰশ্ন ১/ হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰ: ১৮৩৫ চনত শিৱসাগৰৰ ৰজাবাহৰ গাঁৱত হৈছিল।
প্ৰশ্ন ২/ 'সন্মান' প্ৰবন্ধটি লেখকৰ কোনখন পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাৰ 'পাঠমালা' নামৰ পুথিৰ পৰা।
প্ৰশ্ন ৩/ কাক 'দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা' বুলি কোৱা হৈছে?
উত্তৰ: এই জগতৰ আদি কাৰণ ঈশ্বৰক।
প্ৰশ্ন ৪/ 'বিহ্বল' শব্দৰ অৰ্থ লিখা।
উত্তৰ: ভয় বা শোকত অতিশয় আতুৰ হোৱা অৱস্থা।
প্ৰশ্ন ৫/ বৃদ্ধ লোকসকলক কিয় উপহাস কৰিব নালাগে?
উত্তৰ: কাৰণ বৃদ্ধ লোকসকল আমাতকৈ বয়সে শ্ৰেষ্ঠ আৰু তেওঁলোক বহুদৰ্শী বা অভিজ্ঞ, গতিকে তেওঁলোক নিঃকিন (দুখীয়া) হ'লেও উপহাসৰ যোগ্য নহয়।
বহল প্রশ্নোত্তৰ
প্ৰশ্ন ১/ দেশৰ অধিকাৰী বা শাসনকৰ্তাসকলক আমি কিয় সন্মান কৰিব লাগে? পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰ: দেশৰ অধিকাৰী বা শাসনকৰ্তাসকল হৈছে সমাজত দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোঁতা। তেওঁলোকৰ উপস্থিতিৰ বাবেই সমাজত আইনৰ শাসন বৰ্তি থাকে। যদি কোনো শাসনকৰ্তা নাথাকে, তেন্তে চোৰ-ডকাইত আৰু দুষ্ট লোকৰ উপদ্ৰৱ বৃদ্ধি পাব আৰু সাধাৰণ মানুহৰ ধন-প্ৰাণৰ কোনো ৰক্ষা নোহোৱা হ'ব।
শাসনকৰ্তাসকলৰ ভয়তে দুষ্ট বা অপৰাধী মনোভাৱৰ লোকসকল শংকিত হৈ থাকে, যাৰ ফলত সমাজৰ সাধাৰণ নাগৰিকে নিৰ্ভয় মনেৰে নিজৰ জীৱন অতিবাহিত কৰিব পাৰে। তেওঁলোকে সমাজত অন্যায় প্ৰতিৰোধ কৰি ন্যায় প্ৰতিষ্ঠা কৰে। গতিকে যিসকলৰ অহৰহ প্ৰচেষ্টা আৰু কৰ্তব্যনিষ্ঠাৰ বাবে আমাৰ ধন, প্ৰাণ আৰু মান ৰক্ষা পৰিছে, সেই শাসনকৰ্তাসকল আমাৰ অৱশ্যে মান্য। আমি সদায় তেওঁলোকৰ শলাগ ল'ব লাগে আৰু উপযুক্ত সন্মান প্ৰদৰ্শন কৰিব লাগে।
প্ৰশ্ন ২/ 'সন্মান' পাঠটিত উল্লেখিত পাঁচগৰাকী সন্মানৰ পাত্ৰৰ ভূমিকা চমুকৈ আলোচনা কৰা।
উত্তৰ: লেখক হেমচন্দ্ৰ বৰুৱাদেৱে তেওঁৰ 'সন্মান' প্ৰবন্ধটিত সমাজৰ পাঁচগৰাকী প্ৰধান সন্মানৰ পাত্ৰৰ কথা উল্লেখ কৰিছে। তেওঁলোকৰ ভূমিকা তলত দিয়া ধৰণৰ:
ঈশ্বৰ: তেওঁ জগতৰ আদি কাৰণ, সৃষ্টি আৰু পালনকৰ্তা। সমগ্ৰ ব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ শক্তি হোৱাৰ বাবে তেওঁ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ পাত্ৰ।
পিতৃ-মাতৃ: আমাক পৃথিৱীৰ পোহৰ দেখুওৱা, শৈশৱত অশেষ কষ্ট কৰি লালন-পালন কৰা আৰু শিক্ষা-দীক্ষাৰে সজ মানুহ হিচাপে গঢ়ি তোলাৰ অন্তৰালত পিতৃ-মাতৃৰ ভূমিকা অনন্য।
শিক্ষক: ছাত্ৰৰ অজ্ঞতাৰ অন্ধকাৰ আতৰাই জ্ঞানৰ চকু মুকলি কৰা আৰু জীৱনৰ উচিত মাৰ্গদৰ্শন কৰাটোৱেই হৈছে শিক্ষকৰ ভূমিকা।
দেশৰ অধিকাৰ (শাসনকৰ্তা): সমাজত শান্তি-শৃংখলা বজাই ৰাখিবলৈ দুষ্টক দমন আৰু সজ লোকক ৰক্ষণাবেক্ষণ দিয়া আৰু নাগৰিকৰ ধন-প্ৰাণ ৰক্ষা কৰাটো তেওঁলোকৰ দায়িত্ব।
বুঢ়া লোক (বৃদ্ধ সমাজ): বয়সে আৰু অভিজ্ঞতাৰে (বহুদৰ্শী) আমাতকৈ জ্যেষ্ঠ হোৱাৰ বাবে সমাজক সু-পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ।
0 Comments