(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam
CLASS : X
SUBJECT : ASSAMESE (MIL)
Medium : Assamese
CHAPTER— 9
ইণ্টাৰনেটৰ তিতা-মিঠা
প্ৰশ্নাৱলী
ভাব-বিষয়ক:
১। চমুকৈ উত্তৰ লিখা:
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰ: নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্রথম হৈ উত্তীর্ণ হৈছে বাবে।
OR
উত্তৰ: কুঁৱলী এইবাৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্রথম হৈ উত্তীর্ণ হৈছে বাবে দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিছিল। লগতে তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেই আশাৰেও তেওঁ এই উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছিল।
(খ) ইণ্টাৰনেট কি?
উত্তৰ: কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা।
OR
উত্তৰ: ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱৰ্ক। কেইবাহাজাৰ কম্পিউটাৰ থকা হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।
(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰ: শ্বেৰণলৈ।
OR
উত্তৰ: কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধবী শ্বেৰণলৈ ই-মেইল কৰিছিল, যিগৰাকী দেউতাকৰ চাকৰিসূত্রে মস্কোলৈ পঢ়িবলৈ গৈছে।
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰ: দক্ষিণ ভাৰত।
OR
উত্তৰ: পূজাৰ বন্ধত কুঁৱলীহঁতে সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।
(ঙ) ভাইৰাচ কি?
উত্তৰ: ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম।
OR
উত্তৰ: ভাইৰাচ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে 'Vital information resources under seize'। ই হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম যিয়ে নিজকে কম্পিউটাৰত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি মূল ব্যৱহাৰকাৰীৰ অজ্ঞাতে সেইবোৰত বিজুতি ঘটাব পাৰে।
২। WWW বা ৱেব কি?
উত্তৰ: World Wide Web.
OR
উত্তৰ: পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰেই হৈছে ৱেব বা WWW।
OR
উত্তৰ: ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত 'চাৰ্ন' (CERN)-ত 'ৱৰ্ল্ড ৱাইড ৱেব' (WWW) বা ৱেবৰ ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰেই হৈছে ৱেব বা WWW। ইয়াত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে।
৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰ:
(i) ছেইন্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটো।
(ii) দেশ ভ্ৰমণৰ অভিজ্ঞতা।
(iii) ভিডিঅ’ কলিঙৰ বিষয়েও জ্ঞান।
OR
উত্তৰ: কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে প্ৰথমে বান্ধৱী শ্বেৰণৰ পৰা বন্ধত মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইন্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনা পালে। তদুপৰি শ্বেৰণৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধু-বান্ধবীসকললৈ ই-মেইল দি তেওঁলোকৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰিলে।
৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উত্তৰ:
(i) ই-মেইল কৰা।
(ii) ভিডিঅ' কলিঙ কৰা।
(iii) বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা।
(iv) নীতিশিক্ষা থকা পুৰণি চিনেমা,
(v) খেলা-ধূলা।
(vi) ৰেলৰ টিকট কটা,
(v) ই-বেংকিঙ।
(vi) ই-কমাৰ্চৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰাৰ।
OR
উত্তৰ: ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ই-মেইল কৰা আৰু ভিডিঅ' কলিঙৰ জৰিয়তে মুখামুখিকৈ কথা পতাৰ সোৱাদ লাভ কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। ইয়াৰ উপৰি নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ গীত আৰু খেলা-ধূলা উপভোগ কৰিলে। দক্ষিণ ভাৰত ভ্ৰমণলৈ যাবৰ বাবে ইণ্টাৰনেট যোগে টিকট কটা, ই-বেংকিঙৰ জৰিয়তে পছন্দৰ হোটেল বন্দবস্ত কৰা আৰু ই-কমাৰ্চৰ জৰিয়তে প্ৰয়োজনীয় সাজ-পোছাক তথা সামগ্ৰী ক্ৰয় কৰাৰ দৰে গুৰুত্বপূৰ্ণ নতুন অভিজ্ঞতাও তাই আহৰণ কৰিলে।
৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
উত্তৰ: ভাইৰাচ হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজে নিজে কম্পিউটাৰত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত হৈ পৰে আৰু সেইবোৰত বিজুতি ঘটাব পাৰে। এই সকলোবোৰ কাৰ্য কম্পিউটাৰৰ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ সংঘটিত হয়।
৬। 'ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”- কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰ: কথাষাৰৰ বক্তা হৈছে বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞান বিভাগত গৱেষণা কৰি থকা শ্বাবানা বাইদেউ।
ইণ্টাৰনেটৰ সুবিধা (মিঠা): ইণ্টাৰনেটৰ জৰিয়তে ই-মেইল, ভিডিঅ' কলিং আদিৰে মুহূৰ্ততে যোগাযোগ কৰিব পাৰি। ই-বেংকিং আৰু ই-কমাৰ্চৰ জৰিয়তে ঘৰতে বহি টিকট কটা, হোটেল বুক কৰা আৰু লাগতিয়াল সামগ্ৰী ক্ৰয় কৰি মানুহৰ সময় আৰু কষ্ট লাঘৱ কৰিব পাৰি। ইণ্টাৰনেটে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নিব পাৰে।
ইণ্টাৰনেটৰ অসুবিধা (তিতা): ইয়াৰ তিতা অসুবিধাসমূহৰ ভিতৰত ভাইৰাচৰ আক্ৰমণৰ জৰিয়তে তথ্য ধ্বংস হোৱা। ম'বাইল আৰু ছ'চিয়েল মিডিয়াৰ (যেনে ফেচবুক, ৱাটছএপ, ইউটিউব) প্ৰতি অত্যধিক আসক্তিৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা আৰু খেলা-ধূলাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰে। মানুহ সমাজ আৰু আত্মীয়-স্বজনৰ পৰা বিচ্ছিন্ন হৈ পৰে, সামাজিক দায়িত্ববোধ হেৰুৱায়। তদুপৰি উৰা-বাতৰি বা মিছা খবৰ প্ৰচাৰ হৈ সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকে।
৭। 'ইণ্টাৰনেটৰ তিতা-মিঠা' গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
উত্তৰ: পৃথিৱীৰ সকলো ভৌতিক বস্তুৰে ভাল-বেয়া দুটা দিশ থকাৰ দৰে ইণ্টাৰনেটৰো লাভ আৰু ক্ষতিৰ দুয়োটা দিশ আছে। গল্পটোৰ প্ৰধান চৰিত্ৰ কুঁৱলীয়ে ইণ্টাৰনেটৰ জৰিয়তে জ্ঞান আহৰণ কৰাৰ লগতে ই-মেইল, ই-বেংকিং আৰু ই-কমাৰ্চৰ সহায়ত পৰিয়ালৰ বহু কষ্ট আৰু সময় লাঘৱ কৰিছিল, যিটো ইণ্টাৰনেটৰ 'মিঠা' বা ভাল দিশ। কিন্তু পাছলৈ ইণ্টাৰনেট আৰু ম'বাইলৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিল যে তাই পঢ়া-শুনা, খেলা-ধূলা, ঘৰুৱা দায়িত্ব আৰু আত্মীয়-স্বজনৰ পৰা ক্ৰমাৎ আঁতৰি পৰিল। ইয়াৰ লগতে ভাইৰাচৰ আক্ৰমণ আৰু ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱা উৰা-বাতৰিৰ দৰে 'তিতা' বা বেয়া দিশবোৰো বৰ্ণনা কৰা হৈছে। ইণ্টাৰনেটৰ এই দুয়োটা দিশ (তিতা আৰু মিঠা) অতি সুন্দৰকৈ সাঙুৰি ৰচনা কৰা গল্পটোৰ নামকৰণ 'ইণ্টাৰনেটৰ তিতা-মিঠা' সম্পূৰ্ণ সাৰ্থক হৈছে।
৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰ: পাঠটোৰ আধাৰত, ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত গভীৰ নেতিবাচক প্ৰভাৱ পেলায়। ইণ্টাৰনেট, গেম আৰু ছ'চিয়েল মিডিয়াৰ (যেনে ফেচবুক, ৱাটছএপ) প্ৰতি আসক্ত হৈ পৰিলে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা আৰু খেলা-ধূলাৰ প্ৰতি মনোযোগ হেৰুৱাই পেলায়। তেওঁলোকে কিতাপৰ জগতখনৰ পৰা একেবাৰে আঁতৰি আহে। পৰিয়াল, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ পৰা বিচ্ছিন্ন হৈ কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগত এখনত উটি ভাঁহি ফুৰে। তেওঁলোক ঘৰুৱা দায়িত্ব আৰু আৱশ্যকীয় কাম-বনৰ প্ৰতি উদাসীন হয়, শৰীৰত এলাহ বৃদ্ধি পায় আৰু মূৰৰ বিষৰ দৰে ৰোগৰ সৃষ্টি হয়। তদুপৰি বয়োজ্যেষ্ঠ আৰু সমনীয়াৰ প্ৰতি থকা সৌজন্যবোধো পাহৰি যোৱা দেখা যায়।
ভাষা-বিষয়ক:
৯। বাক্য ৰচনা কৰা:
উত্তৰ:
চিনাকি-অচিনাকি: উৎসৱৰ দিনা আমাৰ ঘৰত চিনাকি-অচিনাকি সকলো মানুহৰ সমাগম ঘটিছিল।
অলীক-সপোন: পৰিশ্ৰম নকৰাকৈ কেৱল অলীক-সপোন দেখি থাকিলে জীৱনত সফলতা লাভ কৰিব নোৱাৰি।
নাকে-মুখে: ল'ৰাটোৱে স্কুলৰ পৰা আহি ভোকত নাকে-মুখে কিবা অকণ গুজি লৈয়ে খেলিবলৈ গ'ল।
পৰীক্ষা-নিৰীক্ষা: বিজ্ঞানাগাৰত ছাত্ৰ-ছাত্ৰীসকলে নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰি আছে।
১১। অভিধান চাই অর্থ লিখা:
উত্তৰ:
ক্ষতি: লোকচান, অনিষ্ট, অপকাৰ।
বিজুতি: খেলি-মেলি, গোলমাল, বিকল হোৱা অৱস্থা।
গুণা-গঁথা: চিন্তা-চৰ্চা, পৰামৰ্শ, জল্পনা-কল্পনা।
উদাস: বৈৰাগ্য ভাবযুক্ত, আনমনা, মন নিদিয়া।
পুঞ্জীভূত: একেলগ হোৱা, জমা হোৱা, স্তূপীকৃত।
0 Comments