Ads banner

JE Banner Ads
Image 2

অন্যৰ প্ৰতি ব্যৱহাৰ - অধ্যায় ৬ - অসমীয়া - নৱম শ্ৰেণী

(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam 

CLASS : IX
SUBJECT : ASSAMESE (MIL) 
Medium : Assamese

CHAPTER— 6
অন্যৰ প্ৰতি ব্যৱহাৰ

প্ৰশ্নাৱলী 

ভাব-বিষয়ক :
​১। (ক) 'সাৰথি' পুথিখন কাৰ ৰচনা?
​উত্তৰ: 'সাৰথি' পুথিখন সত্যনাথ বৰাৰ ৰচনা।

​(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?
উত্তৰ: অন্যৰ প্ৰতি ব্যৱহাৰ। 

OR

​উত্তৰ: সংসাৰত সমাজ পাতি থাকোঁতে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি, অৰ্থাৎ সঠিক ব্যৱহাৰ প্ৰণালী নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়।

​(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
​উত্তৰ: যিবোৰ নিৰ্বোধ আৰু খিংখিঙীয়া মানুহে ভৱিষ্যত গুণাগুণ বিবেচনা নকৰি কেৱল কেটেৰা মাৰি কথা কয়, সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

​(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
​উত্তৰ: সজ ব্যৱহাৰৰ অনুপান হ'ল 'নম্ৰতা'।

​(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়?
​উত্তৰ: মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়।

​(চ) 'এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।'- ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
​উত্তৰ: ইয়াত যিবোৰ মানুহে লগ-লগৰীয়াক হাঁহিবলৈ বা বহুৱালি কৰিবলৈ লোকৰ গোপন (গুপ্ত) কথা সমাজত সদৰী বা প্ৰকাশ কৰি দিয়ে, সেই পাতল স্বভাৱৰ শ্ৰেণীটোৰ কথা কোৱা হৈছে।

​(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?
​উত্তৰ: শঠ অৰ্থাৎ প্ৰৱঞ্চক মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।

​(জ) 'বহল ব্যাকৰণ' পুথিখন কাৰ ৰচনা?
​উত্তৰ: 'বহল ব্যাকৰণ' পুথিখন সত্যনাথ বৰাৰ ৰচনা।

​২। চমুকৈ বুজাই লিখা:
​(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
​উত্তৰ: ব্যৱহাৰ প্ৰণালী মানুহৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ দ্বাৰাই সমাজত মানুহৰ পৰিচয় আৰু আদৰ গঢ়ি উঠে। চৰিত্ৰ সজ হ'লেই যে ব্যৱহাৰ সদায় সজ হ'ব, তেনে কোনো কথা নাই। বহুতো চৰিত্ৰৱন্ত মানুহে কটু ব্যৱহাৰৰ বাবে লোকৰ গৰিহণা পায়, আনহাতে বহু কপটীয়া মানুহেও সুন্দৰ ব্যৱহাৰৰ গুণত সকলোৰে মৰম লাভ কৰে। ব্যৱহাৰ সঠিক নহ'লে জীৱনত নানাবিধ উপদ্ৰৱ আৰু অশান্তি ভোগ কৰিবলগীয়া হয়। সেয়েহে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি, ইয়াক সতৰ্কতাৰে শিকা উচিত।

​(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
​উত্তৰ: দান এটা মহৎ কাৰ্য, কিন্তু দান কৰোঁতে যদি দাতাৰ মনত অহংকাৰ থাকে বা মুখেৰে কটু কথা ওলায়, তেন্তে সেই দানৰ কোনো মূল্য নাথাকে। কঠুৱা বা তিতা মুখেৰে মাতি সহস্ৰ উপকাৰ বা অৰ্বুদ (কোটি) দান কৰিলেও মানুহে তাক পলকতে পাহৰি পেলায় আৰু দানৰ ফল নষ্ট হয়। দান গ্ৰহণ কৰাজনক সৰু দেখুৱাই দম্ভালি মাৰিলে দানৰ পবিত্ৰতা নষ্ট হয়। সেইবাবে জ্ঞানীসকলে দানৰ সৈতে বিনয়ভাৱ অৰ্থাৎ নম্ৰতা যুক্ত কৰিবলৈ বিধান দিছে যাতে দান কৰা কাৰ্যটোৱে প্ৰকৃত সৰলতা আৰু মহত্ত্ব প্ৰকাশ কৰে।

​৩। তাৎপৰ্য ব্যাখ্যা কৰা :
​(ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
​উত্তৰ:
​প্ৰসংগ: উদাহৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সত্যনাথ বৰা দেৱৰ দ্বাৰা ৰচিত 'অন্যৰ প্ৰতি ব্যৱহাৰ' নামৰ সাৰগৰ্ভ প্ৰবন্ধটিৰ পৰা তুলি লোৱা হৈছে।

​তাৎপৰ্য: আয়ুৰ্বেদিক বা দেশীয় দৰৱ আচল গুণকাৰী কৰিবলৈ যেনেকৈ মৌ বা আন সঠিক 'অনুপান'ৰ সৈতে খাব লাগে, ঠিক তেনেকৈ মানুহৰ সজ ব্যৱহাৰৰ গুণাগুণ বহুগুণে বৃদ্ধি কৰিবলৈ 'নম্ৰতা'ৰ প্ৰয়োজন। নম্ৰতাহীন ব্যৱহাৰে মানুহৰ মনত আঘাত দিব পাৰে। বহুতে নম্ৰ হ'লে নিজক সৰু কৰা বুলি ভাবে, কিন্তু আচলতে নম্ৰতা হ'ল এক মহান মানসিক গুণ, যাৰ দ্বাৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। সজ ব্যৱহাৰত নম্ৰতা মিহলি হ'লেহে ই সমাজত আটাইতকৈ বেছি কাৰ্যকৰী আৰু আদৰণীয় হৈ পৰে।

​(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
​উত্তৰ:
​প্ৰসংগ: এই বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সত্যনাথ বৰা দেৱৰ ৰচিত 'অন্যৰ প্ৰতি ব্যৱহাৰ' নামৰ পাঠটিৰ পৰা লোৱা হৈছে।

​তাৎপৰ্য: সমাজত কিছুমান ঈৰ্ষাপৰায়ণ মানুহ থাকে, যিয়ে কোনো সজ্জন বা মান্যৱন্ত লোকক অৱজ্ঞা বা অমান্য কৰিলে নিজৰ পুৰুষালি বা বাহাদুৰি প্ৰকাশ পোৱা বুলি ভাবে। কিন্তু লেখকে সোণৰ উদাহৰণেৰে বুজাব খুজিছে যে সোণক কোনোবাই মান্তি নকৰিলেও বা তাৰ উজ্জ্বলতাক অমান্য কৰিলেও যেনেকৈ সোণৰ প্ৰকৃত মূল্য আৰু জেউতি (উজ্জ্বলতা) কমি নাযায়; ঠিক তেনেদৰে এজন প্ৰকৃত সন্মানীয়, জ্ঞানী বা গুণী মানুহক কোনো মূৰ্খই অমান্য কৰিলে তেওঁৰ মহত্ত্ব বা মৰ্যাদা সমাজত তিলমাত্ৰও হ্ৰাস নাপায়। সজ্জনে নিজৰ গুণৰ বাবে সদায় পূজনীয় হৈয়ে থাকে।

​ভাষা-বিষয়ক :

​৪। বিপৰীতাৰ্থক শব্দ লিখা:
উত্তৰ:
সুখ — দুখ  
​সন্তোষ — অসন্তোষ / বেজাৰ  
​সজ — অসজ / কু  
​চৰিত্ৰৱন্ত — চৰিত্ৰহীন  
​কপটীয়া — সৰল / অকপটীয়া  
​মিঠা — তিতা / কটু  
​বিনয় — অহংকাৰ / দম্ভ  
​নম্ৰতা — ঔদ্ধত্য / দম্ভালি  
​লঘু — গুৰু / গধুৰ  
​উচ্চ — নীচ / নিম্ন  
​নিন্দা — প্ৰশংসা / স্তুতি  
​গুপ্ত — সদৰী / প্ৰকাশ  
​দোষ — গুণ  
​গহীন — পাতল / চঞ্চল  
​আঢ্যৱন্ত — দৰিদ্ৰ / দুখীয়া  

৫। বাক্য ৰচনা কৰা:
​চকুৰ কুটা (সহিব নোৱাৰা শত্ৰু): নিজৰ কঠুৱা মাত আৰু বেয়া ব্যৱহাৰৰ বাবে ৰমেন গোটেই গাঁৱখনৰে চকুৰ কুটা হৈ পৰিছে।
​পেটত কথা ৰাখ (গোপন কথা লুকুৱাই ৰখা): যি মানুহে পেটত কথা ৰাখিব নোৱাৰে, তেওঁক কোনেও গুৰুত্বপূৰ্ণ দায়িত্ব দিব নিবিচাৰে।

অধ্যায়ৰ পৰিচয়

​'অন্যৰ প্ৰতি ব্যৱহাৰ' শীৰ্ষক প্ৰবন্ধটি সত্যনাথ বৰাদেৱৰ বিখ্যাত গ্ৰন্থ 'সাৰথি'-ৰ পৰা সংগ্ৰহ কৰা হৈছে। এই পাঠটিত লেখকে সমাজত জীয়াই থাকিবলৈ হ'লে আন মানুহৰ সৈতে কেনেধৰণৰ আচৰণ কৰা উচিত, সেই বিষয়ে অতি সুন্দৰ আৰু সাৰগৰ্ভ আলোচনা আগবঢ়াইছে। মানুহৰ কেৱল চৰিত্ৰ সজ হ'লেই নহয়, আনৰ লগত কৰা ব্যৱহাৰো মধুৰ হ'ব লাগে। মিঠা মাত, নম্ৰতা, আনৰ গোপন কথা গোপন ৰখা, কাৰো খুঁত লৈ ভেঙুচালি নকৰা আৰু মানুহৰ অৱস্থাৰ পৰিৱৰ্তন হ'লেও সমভাৱে ব্যৱহাৰ কৰা আদি কথাবোৰেই এই পাঠৰ মূল বিষয়বস্তু।

কবি/লেখক পৰিচয়

​নাম: সত্যনাথ বৰা।
​জীৱনকাল: ১৮৬০ – ১৯২৫ চন।
​জন্মস্থান: গুৱাহাটীৰ ভৰলুমুখ।
​সাহিত্যিক অৱদান: তেওঁৰ সাৰুৱা মৌলিক ৰচনাসমূহ 'আসাম বন্ধু', 'মৌ', 'জোনাকী', 'বিজুলী' আদি আলোচনীত প্ৰকাশ পাইছিল। তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত 'জোনাকী' আলোচনীৰ সম্পাদনাও কৰিছিল।
​উল্লেখযোগ্য গ্ৰন্থ: 'সাৰথি' (চিন্তামূলক প্ৰবন্ধ সংকলন) আৰু 'বহল ব্যাকৰণ' (অসমীয়া ভাষাৰ প্ৰখ্যাত ব্যাকৰণ)।
​বৃত্তি: পেচাত ওকালতি কৰিছিল। ইয়াৰ উপৰি কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক আৰু আৰ্ল ল কলেজত আইনৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
​গদ্যশৈলী: তেওঁৰ বাক্যবোৰ চুটি চুটি, সাৰগৰ্ভ, ভাষা সংযমিত আৰু গহীন প্ৰকৃতিৰ। নিভাঁজ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা-ঠাঁচৰ ব্যৱহাৰ তেওঁৰ ৰচনাৰ ঘাই বৈশিষ্ট্য।

পাঠৰ মূলভাব

​মানুহ সামাজিক জীৱ। সমাজত শান্তি আৰু সুখেৰে সলিল-সুখত কাল নিয়াবলৈ হ'লে লোকৰ সৈতে সজ ব্যৱহাৰ কৰাটো অতি আৱশ্যক। মিঠা মাত আৰু নম্ৰতা হৈছে সজ ব্যৱহাৰৰ ঘাই চাবিকাঠি। কেৱল গুণী বা চৰিত্ৰৱান হ'লেই সমাজত আদৰ পোৱা নাযায়, যদিহে ব্যৱহাৰ কটু হয়। আনহাতে, মানুহৰ গোপন কথা ৰক্ষা কৰা, লোকৰ দোষ বিচাৰি নুফুৰি গুণ গ্ৰহণ কৰা আৰু মানুহৰ দুৰ্দিনতো পূৰ্বৰ দৰে ব্যৱহাৰ বজাই ৰখাটো আটাইতকৈ ডাঙৰ মানৱীয় গুণ।

পাঠৰ সাৰাংশ

​সংসাৰত সমাজ পাতি সুখে-সন্তোষে থাকিবলৈ হ'লে আনৰ সৈতে কৰা ব্যৱহাৰ প্ৰণালী জনাটো অত্যন্ত জৰুৰী। মিঠা মাত হৈছে ব্যৱহাৰৰ ঘাই মন্ত্ৰ, যিয়ে তিতা ঔষধতো কলপ লগোৱাৰ দৰে কটু পৰিস্থিতিকো মধুৰ কৰি তোলে। ঠিক তেনেদৰে 'নম্ৰতা' হ'ল ব্যৱহাৰৰ অনুপান, যিয়ে মানুহৰ মহত্ত্ব প্ৰকাশ কৰে। মনত অহংকাৰ ৰাখি মুখত নম্ৰতা দেখুওৱাটো কপটালি। পাঠটিত লেখকে আনৰ গুণাগুণ তেওঁৰ পিছতহে প্ৰশংসা কৰিবলৈ কৈছে, কিয়নো মুখৰ আগত কৰা প্ৰশংসা চাটুকাৰিতাৰ লক্ষণ। লগতে লোকৰ গোপন কথা নিজৰ পেটত ৰাখিব পৰাটো এটা ডাঙৰ গুণ বুলি কোৱা হৈছে। সমাজত থকা বিভিন্ন শ্ৰেণীৰ মানুহ, যেনে— শঠ, দৰিদ্ৰ বা পূৰ্বতে দৰিদ্ৰ থাকি পিছত ডাঙৰ হোৱা মানুহৰ প্ৰতি পৰিস্থিতি সাপেক্ষে উচিত আৰু অপৰিৱৰ্তিত সজ ব্যৱহাৰ কৰিবলৈ লেখকে ছাত্ৰ-ছাত্ৰীসকলক এই পাঠৰ জৰিয়তে উপদেশ দিছে।

পৰীক্ষাত সঘনাই অহা প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: সত্যনাথ বৰাই সম্পাদনা কৰা মাহেকীয়া আলোচনীখনৰ নাম কি আছিল?
​উত্তৰ: সত্যনাথ বৰাই সম্পাদনা কৰা মাহেকীয়া আলোচনীখনৰ নাম আছিল 'জোনাকী' (গুৱাহাটীৰ পৰা ওলোৱা সময়ত)।

​প্ৰশ্ন ২: মিঠা মাতক লেখক বৰাদেৱে কাৰ লগত তুলনা কৰিছে?
​উত্তৰ: মিঠা মাতক লেখকে প্ৰতিমাৰ গঢ়ত লগোৱা 'ৰহণ' বা কলপৰ নিচিনা আৰু বেজে তিতা দৰৱত দিয়া মিঠা কলপৰ সৈতে তুলনা কৰিছে।

​প্ৰশ্ন ৩: চাটুকাৰৰ স্বভাৱ কি? জ্ঞানী মানুহে চাটুকাৰক কি চকুৰে চায়?
​উত্তৰ: মানুহৰ সমুখত অহেতুক প্ৰশংসা কৰাটোৱেই হৈছে চাটুকাৰৰ স্বভাৱ। জ্ঞানী মানুহে চাটুকাৰক সদায় ঘিণায়।

অতি গুৰুত্বপূৰ্ণ সংক্ষিপ্ত প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: সত্যনাথ বৰাৰ গদ্যশৈলীৰ দুটা বৈশিষ্ট্য লিখা।
​উত্তৰ: সত্যনাথ বৰাৰ গদ্যশৈলীৰ দুটা বৈশিষ্ট্য হ'ল:
১/ তেওঁৰ বাক্যবোৰ চুটি চুটি আৰু সাৰগৰ্ভ।
২/ তেওঁৰ গদ্যত নিভাঁজ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা-ঠাঁচৰ উপযুক্ত ব্যৱহাৰ দেখিবলৈ পোৱা যায়।

​প্ৰশ্ন ২: লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে কি হয়?
​উত্তৰ: লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত (ক্ৰোধত) পৰিব লাগে আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে সমাজত মানুহৰ গৰিহণা খাব লাগে।

বহল প্ৰশ্নোত্তৰ

​প্ৰশ্ন: 'অন্যৰ প্ৰতি ব্যৱহাৰ' পাঠটিৰ আধাৰত এজন মানুহে সমাজত কেনেধৰণে চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰে, সেই বিষয়ে বহলাই লিখা।
​উত্তৰ: সত্যনাথ বৰাৰ 'অন্যৰ প্ৰতি ব্যৱহাৰ' প্ৰবন্ধটিৰ মতে সমাজত সুখে-সন্তোষে কাল নিয়াবলৈ হ'লে তলত দিয়া নিয়মসমূহ পালন কৰা উচিত:
​মধুৰ বচন: কথা-বতৰাত সদায় মিঠা মাত ব্যৱহাৰ কৰিব লাগে, কিয়নো মিঠা মাতে শত্ৰুকো মিত্ৰ কৰিব পাৰে। কেটেৰা বা কটু মাত পৰিহাৰ কৰা উচিত।
​নম্ৰতা প্ৰদৰ্শন: কথা আৰু কামত সদায় নম্ৰ হ'ব লাগে। নম্ৰতা মনৰ মহত্ত্বৰ চিন। অৱশ্যে মনত অহংকাৰ ৰাখি মুখত নম্ৰতা দেখুৱাব নালাগে।
​গোপনীয়তা ৰক্ষা: নিজৰ হওক বা পৰৰে হওক, গোপন কথা সদায় পেটত সংগোপনে ৰাখিব লাগে। বিশ্বাসঘাটকতা কৰিলে মৰ্যাদা হানি হয়।
​গুণগ্ৰাহীতা: আনৰ দোষ বিচাৰি নুফুৰি গুণসমূহৰ প্ৰশংসা কৰিব লাগে। কিন্তু কাৰো মুখৰ আগত প্ৰশংসা কৰিব নালাগে, পিছতহে কৰা উচিত।
​অপৰিৱৰ্তিত ব্যৱহাৰ: কোনো আঢ্যৱন্ত মানুহ দৰিদ্ৰ হ'লে তেওঁক অৱজ্ঞা নকৰি পূৰ্বৰ দৰেই সন্মান কৰিব লাগে। আকৌ কোনো সামান্য মানুহ বিদ্যা-বুদ্ধিৰে ডাঙৰ হ'লে তেওঁক উচিত মান-সৎকাৰ দিব লাগে।

এক শব্দত উত্তৰ

​১. সত্যনাথ বৰাৰ জন্ম ক'ত হৈছিল?
উত্তৰ: ভৰলুমুখত

২. দৰৱৰ লগত মিহলাই খোৱা আনুষংগিক উপাদানক কি বোলে? 
উত্তৰ: অনুপান

৩. ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহক কি কোৱা হয়? 
উত্তৰ: চাটুকাৰ

৪. 'বিগতি' শব্দৰ অৰ্থ কি? 
উত্তৰ: ইতিকিং

৫. প্ৰতিমা দেখিবলৈ ধুনীয়া হ'লেও কি নলগালে শুৱনি নহয়? 
উত্তৰ: ৰহণ

অতি চুটি প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: কোন শ্ৰেণীৰ মানুহে চাটুকাৰক ভাল পায়?
​উত্তৰ: মূৰ্খ বা দাম্ভিক শ্ৰেণীৰ মানুহে চাটুকাৰক ভাল পায়।
​প্ৰশ্ন ২: কাৰ মুখত নিজৰ গুণ আনৰ কাণত বিহ যেন লাগে?
​উত্তৰ: নিজৰ মুখত নিজৰ গুণ বখনাটো আনৰ কাণত বিহ যেন লাগে।
​প্ৰশ্ন ৩: অচিনাকী মানুহক পোনপ্ৰথমে কিয় বিশ্বাস কৰিব নালাগে?
​উত্তৰ: কাৰণ পৃথিৱীত বহুত চোৰ বা শঠ মানুহেও আনক প্ৰৱঞ্চনা কৰিবলৈ সাধুৰ ভাও ধৰে।

চুটি প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: "মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয়" — কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।
​উত্তৰ: কোনো গুণী মানুহৰ গুণ তেওঁৰ সমুখতে বখানিলে বা প্ৰশংসা কৰিলে সিজন ব্যক্তিয়ে ভাবিব পাৰে যে তোমাক কিবা স্বাৰ্থ সিদ্ধিৰ বাবে চাটুকাৰিতা কৰিছা। জ্ঞানী মানুহে তেনে প্ৰশংসাক ঘিণায় আৰু সেয়া প্ৰশংসা নহৈ এক প্ৰকাৰ নিন্দা বা উপলুঙা যেন হে অনুভৱ হয়।
​প্ৰশ্ন ২: কেনে ধৰণৰ মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙি ক'ব নালাগে আৰু কিয়?
​উত্তৰ: দুৰাচাৰ বা খিয়লীয়া (ঈৰ্ষাপৰায়ণ) মানুহৰ আগত নিজৰ গুপ্ত বা গোপন কথা ভাঙি ক'ব নালাগে। কাৰণ তেনে কৰিলে ভৱিষ্যতে তেওঁলোকক নিজৰ হিংসা বা ক্ষতি কৰিবলৈ সহজ সুযোগ (সুচল) কৰি দিয়া হয়।

দীঘল প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: "গঢ়ত প্ৰতিমা বিতোপন হ'লেও ৰহণ নলগালে শুৱনি নহয়।"— কথাষাৰৰ জৰিয়তে লেখকে মানুহৰ ব্যৱহাৰৰ কি দিশ উন্মোচিত কৰিছে?
​উত্তৰ: এই কথাষাৰৰ জৰিয়তে লেখকে মানুহৰ সামাজিক জীৱনত 'মিঠা মাত'ৰ আৱশ্যকতা অতি সুন্দৰকৈ বুজাইছে। শিল্পী এজনে মাটিৰে অতি ধুনীয়া বা বিতোপনকৈ মূৰ্তি বা প্ৰতিমা এটা গঢ়ি তুলিব পাৰে, কিন্তু তাত সঠিক ৰং বা ৰহণ নিদিলে সি কেতিয়াও সম্পূৰ্ণভাৱে আকৰ্ষণীয় বা শুৱনি হৈ নুঠে।
​ঠিক একেদৰে, এজন মানুহ চৰিত্ৰৱান, গুণী বা বিদ্যান হ'ব পাৰে, কিন্তু যদিহে তেওঁৰ কথাত মধুৰতা নাথাকে, তেওঁ কাৰো মনত সন্তোষ দিব নোৱাৰে। মিঠা মাত হ'ল মানুহৰ ব্যক্তিত্বৰ ৰহণ স্বৰূপ। যিদৰে বেজে তিতা ঔষধটো সহজে খুৱাবলৈ তাত মিঠা বস্তুৰ প্ৰলেপ বা কলপ লগায়, ঠিক তেনেদৰে সজ চৰিত্ৰৰ লগত মিঠা মাতৰ মিলন হ'লেহে মানুহ সমাজত সৰবৰহী আৰু আদৰণীয় হ'ব পাৰে। ব্যৱহাৰত মিঠা মাত নাথাকিলে মানুহৰ সমস্ত গুণ চকুৰ পলকতে ম্লান হৈ পৰে।



Post a Comment

0 Comments