Ads banner

JE Banner Ads
Image 2

বৰগীত - অধ্যায় ১ - অসমীয়া - দশম শ্ৰেণী

(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam 
CLASS : X
SUBJECT : ASSAMESE (MIL) 
Medium : Assamese

CHAPTER— 1
বৰগীত

প্ৰশ্নাৱলী 

ভাব-বিষয়ক:

​১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:
​(ক) "...... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।” -কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ: শ্ৰীকৃষ্ণক। 
OR
উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে 'বান্ধৱ' অৰ্থাৎ ভগৱান হৰি বা শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে।  

​(খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।' -সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ: শ্ৰীকৃষ্ণক। 
OR
উত্তৰ: সনক, সনন্দ আদি যোগীসকলে ভগৱান হৰিক ধ্যান কৰে বুলি কৈছে।  

​(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ: বিষয় বিকলে। 
OR
উত্তৰ: কবি সংসাৰৰ 'বিষয় বিকলে' অৰ্থাৎ সাংসাৰিক দুখ আৰু বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।  

​(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ: শ্ৰীশ্ৰীমাধৱদেৱে। 
OR
উত্তৰ: আমাৰ পাঠ্য বৰগীতটি শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা।  

​(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰ: বসন্ত। 
OR
উত্তৰ: বৰগীতটি 'বসন্ত' ৰাগত বন্ধা আছে।  

​(চ) কবিয়ে 'বান্ধব' বুলি কাক সম্বোধন কৰিছে?
উত্তৰ: শ্ৰীকৃষ্ণক। 
OR
উত্তৰ: কবিয়ে 'বান্ধব' বুলি ভগৱান হৰি বা শ্ৰীকৃষ্ণক সম্বোধন কৰিছে।  

​(ছ) 'মোহ-পাশ' মানে কি?
উত্তৰ: মায়াৰ বন্ধন।  
OR
উত্তৰ: 'মোহ-পাশ' মানে হৈছে মায়াৰ বন্ধন।  

​২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ: হৰি বা কৃষ্ণৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষ সনক, সনন্দ আদিয়েও তেওঁক নিৰন্তৰে ধ্যান কৰে আৰু নিগম শাস্ত্ৰয়ো তেওঁক বিচাৰি নাপায়। তেওঁৰ মহিমা ইমানেই বিশাল যে সহস্ৰ মুখেৰেও বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয়-বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে ভগৱানৰ চৰণকমলত আশ্ৰয় লৈহে সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণযুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীৱন স্বৰূপ। কেৱল হৰিৰ কৃপা লাভ কৰিব পাৰিলেহে মানুহে মোহ পাশৰ পৰা মুক্তিলাভ কৰিব পাৰে।  

​৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ: বৰগীতটিৰ ৰচক হ'ল নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰীমাধৱদেৱ। তেওঁৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা। মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল।  
​তেওঁৰ সাহিত্য জীৱনৰ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ হ'ল এহেজাৰটা ঘোষা সম্বলিত 'নামঘোষা' বা 'হেজাৰী ঘোষা'। তেওঁৰ আন আন ৰচনাসমূহৰ ভিতৰত—
আখ্যানমূলক ৰচনা: ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ; তত্ত্বমূলক ৰচনা: জন্মৰহস্য, ভক্তি-ৰত্নাৱলী, নামমালিকা; নাট: অৰ্জুন-ভঞ্জন বা দধিমথন; আৰু ঝুমুৰা: চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আদি প্ৰধান। 
ঘৰুৱা ভাৱ-ভাষা ব্যৱহাৰ কৰি জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজাত তেওঁ সহায় কৰিছিল।  

​৪। ব্যাখ্যা কৰা:
​(ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰ: 
প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ৰ অন্তৰ্গত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত 'বৰগীত'টিৰ পৰা তুলি দিয়া হৈছে।

সংগতি: ভগৱানৰ মহিমাৰ বিশালতা আৰু অপাৰ স্বৰূপৰ কথা বৰ্ণনা কৰিবলৈ গৈ কবিয়ে এই কথাফাঁকি অৱতাৰণা কৰিছে।

ব্যাখ্যা: ভগৱান হৰিৰ মহিমা ইমানেই অনন্ত আৰু অপাৰ যে সহস্ৰ মুখেৰেও (সহস্ৰ বয়নে) গুণানুকীৰ্তন কৰি তাৰ সীমা পাব নোৱাৰি অৰ্থাৎ অনন্ত নাগেও তেওঁৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব পৰা নাই। যিজন ভগৱানৰ মহিমা ইমান বিশাল, কবিৰ দৰে এজন সাধাৰণ আৰু অধম ব্যক্তিয়ে তেওঁৰ মহিমা কেনেকৈ জানিব বা উপলব্ধি কৰিব পাৰিব! অৰ্থাৎ ঈশ্বৰৰ ঐশ্বৰিক মহিমা সাধাৰণ মানুহৰ জ্ঞান আৰু উপলব্ধিৰ বহু উৰ্ধত।  

​(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।
উত্তৰ: 
প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ৰ অন্তৰ্গত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত 'বৰগীত'টিৰ পৰা তুলি দিয়া হৈছে।

সংগতি: সংসাৰৰ মায়া-মোহৰ পৰা পৰিত্ৰাণ পাবলৈ কবিয়ে ঈশ্বৰৰ ওচৰত কৰা প্ৰাৰ্থনা ইয়াত প্ৰকাশ পাইছে।

ব্যাখ্যা: কবিয়ে অনুভৱ কৰিছে যে তেওঁ সংসাৰৰ বিষয়-বাসনাত আবদ্ধ হৈ পৰিছে। এই সাংসাৰিক দুখ আৰু বিষয়-বাসনাই তেওঁক আতুৰ বা স্থবিৰ কৰি তুলিছে। সেয়েহে এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ পদুম ফুলৰ দৰে পৱিত্ৰ আৰু সুন্দৰ চৰণ-কমলত আশ্ৰয় বিচাৰিছে। ভগৱানে তেওঁক নিজৰ শ্ৰীচৰণত স্থান দি মায়াৰ বান্ধোনৰ পৰা উদ্ধাৰ কৰিবলৈ কবিয়ে কাতৰে প্ৰাৰ্থনা জনাইছে।  

​(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।
উত্তৰ: 
প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ৰ অন্তৰ্গত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত 'বৰগীত'টিৰ পৰা তুলি দিয়া হৈছে।

সংগতি: ভগৱানৰ চৰণক পৰম ধন বুলি গণ্য কৰি ভকতৰ জীৱনত ঈশ্বৰৰ গুৰুত্ব ইয়াত প্ৰকাশ কৰা হৈছে।

ব্যাখ্যা: এজন প্ৰকৃত ভকতৰ বাবে পাৰ্থিৱ ধন-সম্পত্তিৰ কোনো মূল্য নাই। কবিয়ে ভগৱানৰ দুখনি চৰণকেই জীৱনৰ আটাইতকৈ মূল্যৱান আৰু পৰম ধন (মহা ধন) বুলি জ্ঞান কৰিছে। ভগৱানৰ প্ৰকৃত ভক্তসকলে কেৱল ঈশ্বৰৰ চৰণতেই নিজৰ সৰ্বস্ব সঁপি দিয়ে। ভকতসকলৰ বাবে ভগৱানৰ চৰণেই হৈছে একমাত্ৰ আশ্ৰয় আৰু হৰিয়েই হ'ল তেওঁলোকৰ জীৱন স্বৰূপ। ভগৱান অবিহনে ভকতৰ জীৱন অৰ্থহীন।  

​৫। 'সনক সনন্দ যোগী যাহাকু ধিয়ায়
সকল নিগমে যাক বিচাৰি নপায়।'
-তাৎপর্য বিচাৰ কৰা।
উত্তৰ: উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে ভগৱানৰ অপাৰ মহিমা আৰু তেওঁৰ স্বৰূপ উপলব্ধি কৰাৰ কঠিনতাৰ কথা প্ৰকাশ কৰা হৈছে। সনক আৰু সনন্দৰ দৰে পৰম সিদ্ধ যোগী পুৰুষসকলেও যিজন ভগৱানক অনবৰতে ধ্যান কৰে আৰু সকলো নিগম শাস্ত্ৰ (যি শাস্ত্ৰই মুক্তিৰ বাট দেখুৱায়) অধ্যয়ন কৰিও যিজন ভগৱানক বিচাৰি পোৱা নাযায়, সেই পৰম মহিমাময় শ্ৰীকৃষ্ণক জনাটো সাধাৰণ মানুহৰ বাবে অসম্ভৱ। অৰ্থাৎ কেৱল যোগ সাধনা বা শাস্ত্ৰ জ্ঞানেৰে ঈশ্বৰক পাব নোৱাৰি, তেওঁৰ কৃপা লাভৰ বাবে ঐকান্তিক ভক্তি আৰু শৰণাগতিৰহে প্ৰয়োজন।  

​৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
উত্তৰ: বৰগীতৰ চাৰিটা লক্ষণ হ'ল:
১। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
২। বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।
৪। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।  

​ভাষা-বিষয়ক:

​১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা:
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
উত্তৰ:
​নপাৱন্ত - নাপায়  
​কেনে - কেনেকৈ  
​ভৈলোহো - হ'লোঁ  
​তুমিসে - তুমিয়েই  
​জনেৰ - জনৰ  
​কহয় - কয়  

​২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল:
১। ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়।
২। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰিছে।
৩। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ।
৪। অসম, বঙ্গ আৰু উৰিষ্যাত ভগৱান শ্রীকৃষ্ণৰ লীলা বিষয়ক গীত-পদৰ সৃষ্টিৰ বাবে এই সাহিত্যিক ভাষা ব্যৱহাৰ কৰা হৈছিল।  



Post a Comment

0 Comments