Ads banner

JE Banner Ads
Image 2

ভীমৰ কাণ্ড (লগে-ভাগে গাওঁ আহা) - অধ্যায় ১৭ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১৭

ভীমৰ কাণ্ড (লগে-ভাগে গাওঁ আহা)


(১) অতি চমুকৈ উত্তৰ দিয়া :

ক) ব্যঞ্জন লৈ ওলাই আহি দেৱীয়ে কি দেখিলে?
উত্তৰ : ব্যঞ্জন লৈ ওলাই আহি দেৱীয়ে দেখা পালে যে ভীমে ব্যঞ্জন নোহোৱাকৈয়ে থালৰ ভাতকেইটা খাই শূন্য থাল সন্মুখত লৈ বহি আছে।

খ) ভীমে ভাত খোজা সত্ত্বেও দেৱী কিয় ওলাই নাহিল?
উত্তৰ : দেৱীয়ে ৰন্ধা গোটেইখিনি ভাত খাই পুনৰ ভাত খোজাত ভীমক দিবলৈ ভাত নথকাত দেৱীয়ে লাজতে ওলাই নাহিল।

গ) ‘তোমাসাৰ ঘৰে আই বৰ দুখ পাওঁ’ কোনে কাৰ ঘৰলৈ আহি দুখ পায় বুলি কৈছে?
উত্তৰ : ইয়াত ভীমে পার্বতীহঁতৰ ঘৰলৈ আহি দুখ পায় বুলি কৈছে।

ঘ) ‘ঘোঁৰা নাই গৰুৰ উপৰে ফুৰা উঠি। ’ —ইয়াত কাক ‘গৰুৰ উপৰে ফুৰা উঠি' বুলি কোৱা হৈছে।
উত্তৰ : ইয়াত শিৱে ঘোঁৰা নাই বুলি গৰুৰ ওপৰত উঠি ফুৰা বুলি ভীমে কৈছে।

ঙ) মহাদেৱে কি দেখি আনন্দ পাইছিল?
উত্তৰ : খেতিত ৰোপন কৰা সকলো ধান ভালদৰে গজি উঠা দেখি মহাদেৱে আনন্দ পাইছিল।

চ) কোনে ধানৰ মুঠিত অগনি জ্বলাই দিছিল?
উত্তৰ : মহেশ্বৰ (শিৱ) য়ে ধানৰ মুঠিত অগনি জ্বলাই দিছিল।

(২) ভীমৰ অন্ন-গ্ৰহণৰ কথাখিনি তোমাৰ ভাষাত বিৱৰণ দিয়া।
উত্তৰ : এবাৰ ভীমে শিৱৰ ঘৰত গৰু ৰাখাল হিচাপে কামত সোমাইছিল। তেওঁ এদিন দুপৰীয়া বৃষভ (গৰু) বান্ধি থৈ কাৰ্তিক আৰু গণপতিৰ লগত ভাত খাবলৈ বহিল। পাৰ্বতীয়ে প্রথমে ভাতৰ থাল ভামৰ সন্মুখত দি ব্যঞ্জন আনিবলৈ যায়। ব্যঞ্জন লৈ উভতি আহি পাৰ্বতীয়ে দেখে যে ভীমে ইতিমধ্যে ব্যঞ্জন অবিহনেই ভাতখিনি খাই শূন্য থাল সন্মুখত লৈ বহি আছে। তাকে দেখি পাৰ্বতীয়ে পুনৰ ভীমক ভাত আৰু ব্যঞ্জন আনি দিলে। সেয়া লগে লগে খাই শেষ কৰাত পুনৰ দেৱীয়ে ভাত আনি দিলে। সেয়া ভীমে দুই গৰাহত খাই পুনৰ ভাত খুজিলে। ইতিমধ্যে ৰন্ধা ভাত আটাইখিনি শেষ হোৱাত পাৰ্বতীয়ে ওলাই নাহিল। ভাত নাপাই ভীম পার্বতীক নানা ভর্ৎসনা কৰে।

(৩) ভোকৰ জ্বালাত ভীমে দেৱীক কোৱা তিৰস্কাৰপূৰ্ণ কথাখিনি তোমাৰ ভাষাত বৰ্ণনা কৰা৷
উত্তৰ : এবাৰ ভীমে শিৱৰ ঘৰত গৰু ৰাখাল হিচাপে কামত সোমাইছিল তেওঁ এদিন দুপৰীয়া বৃষভ (গৰু) বান্ধি থৈ কাৰ্তিক আৰু গণপতিৰ লগত ভাত খাবলৈ বহিল। পাৰ্বতীয়ে প্রথমে ভাতৰ থাল ভীমৰ সন্মুখত
দি ব্যঞ্জন আনিবলৈ যায়। ব্যঞ্জন লৈ উভতি আহি পাৰ্বতীয়ে দেখে যে ভীমে ইতিমধ্যে ব্যঞ্জন অবিহনেই ভাতখিনি খাই শুদা থাল সন্মুখত লৈ বহি আছে। তাকে দেখি পাৰ্বতীয়ে পুনৰ ভীমক ভাত আৰু ব্যঞ্জন আনি দিলে। সেয়া লগে লগে খাই শেষ কৰাত পুনৰ দেৱীয়ে ভাত আনি দিলে সেয়া ভীমে দুই গৰাহত খাই পুনৰ ভাত খুজিলে। ইতিমধ্যে ৰন্ধা ভাত আটাইখিনি শেষ হোৱাত পাৰ্বতীয়ে লাজত ওলাই নাহিল। ভাত নাপাই, ভীমে পার্বতীক নানা ভর্ৎসনা কৰিবলৈ কৰিলে। পাৰ্বতীহঁতৰ যদি ভিক্ষাৰ জুলিত কিবা খুদ-চাউল আদি আছে সেয়া ভীমে উলিয়াই দিবলৈ ক'লে কাৰণ তেওঁৰ ভোক গুচা নাই। ভাত নাখাই তেওঁ গৰু চৰাব নোৱাৰে। তেওঁ সিহঁতৰ ঘৰলৈ আহি বৰ দুখত আছে। সিহঁতৰ ঘৰত কেৱল ভাঙৰহে গুড়ি পৰি আছে। সিহঁতৰ ঘৰত ধান নাই অথচ ধানৰ ডুলি আছে। সিহঁত ভাঙুৱা। ভাঙক পঞ্চামৃত বুলি তাকে খাই থাকে। চৰি ফুৰিবলৈ সিহঁতৰ ঘোঁৰা নাই। সেয়ে সিহঁতে গৰুকে বাহন কৰি চৰি ফুৰে। সিহঁতে মানুহৰ ঘৰে ঘৰে ভিক্ষা মাগি তাকে খাই জীয়াই আছে। শিৱে যথাযথ খাবলৈ নাপাই ডম্বৰু বজাই ফুৰে। ভোকৰ জ্বালাত ভীমে এনেদৰে পাৰ্বতীক তিৰস্কাৰপূৰ্ণ কথা কৈছিল।

(৪) তাৎপর্য ব্যাখ্যা কৰা :

ক) বুঢ়া গৰু ফুৰে সিটো লৰবৰ কৰি।
ভাত নাখাই তাহাক চাৰিবো কেনে কৰি।

উত্তৰ : ভীমে এবাৰ শিৱৰ ঘৰত গৰু চৰোৱা কামত সোমাইছিল। গৰু চৰোৱাৰ বিনিময়ত ভীমে পেট পুৰাই ভাত খাবলৈ বিচাৰিছিল। কিন্তু ভীমে ইমান বেছি খাদ্য খোৱাত অভ্যস্ত আছিল যে শিৱ পত্নী পাৰ্বতীয়ে ভীমক প্রয়োজনীয় খাদ্য দিবলৈ অপাৰগ হৈছিল। সেয়ে ভীমে পার্বতীক কৈছিল যে সিহঁতৰ গৰুটো বুঢ়া আৰু লৰবৰ কৰিহে খোজ কাঢ়ে। শুদাপেটে থাকি ভীমে তেনে বুঢ়া গৰু চৰাব নোৱাৰে।

খ) দৰা দৰে গজি ধান উঠিলা প্রত্যেক।
দেখি মহাদেৱৰ আনন্দ অতিৰেক ।

উত্তৰ : ভীমক যথাপৰিমাণে ভাত খাবলৈ দিব নোৱাৰাত ভীমে পার্বতীক বহুত তিৰস্কাৰ কৰে। পাৰ্বতীয়ে লাজ পাই মহাদেৱৰ ওচৰত গৈ কৃষি কৰিবলৈ পৰামৰ্শ দিয়ে। পাৰ্বতীৰ পৰামৰ্শমতে মহাদেৱে ষোল হাজাৰ বিঘা মাটিত ধানৰ বীজ ৰোপন কৰে। কিছুদিন পিছত সকলো বীজ গজি উঠা চাই মহাদেৱে মনত বৰ আনন্দ লাভ কৰে।

গ) হেন শুনি মহেশ্বৰৰ ক্ৰোধ উপজিলা।
ধানৰ মুঠিত গৈয়া অগনি লগাইলা।

উত্তৰ : পাৰ্বতীৰ পৰামৰ্শমতে শিৱে ধান খেতি কৰে৷ ধান পকিলত শিৱে ধান দাই আনিবলৈ ভীমক পঠায়। নিমিষতে ভীমে সকলো ধান কাটি আনিলে। সকলো ধান মিলি ভীমৰ তিনি মুঠিমানহে হ'ল। সেয়ে ভীমে পার্বতীক ক'লে ইমান সামান্য পৰিমাণৰ ধান দাই আনিবলৈ তেওঁক পঠাব লাগেনে? সিহঁতে কৃষি কৰি কোনো লাভ নহ'ব। কাৰণ সিহঁত ভিক্ষুকহে। ভীমে কোৱা এই কথা পাৰ্বতীয়ে শিৱক কোৱাত শিৱে খং কৰি ধানৰ মুঠিত জুই লগাই দিয়ে৷

(৫) কৃষিকৰ্ম সম্পন্ন কৰিবলৈ পাৰ্বতীয়ে শিৱক দিয়া পৰামৰ্শসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা।
উত্তৰ : ভীমক যথা পৰিমাণে ভাত খাবলৈ দিব নোৱাৰাত ভীমে পাৰ্বতীক বহুত তিৰস্কাৰ কৰে। পাৰ্বতীয়ে লাজ পাই মহাদেৱৰ ওচৰত গৈ কৃষি কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু শিৱে সাঁ-সজুলি অবিহনে কিদৰেনো খেতি কৰিব বুলি কোৱাত পাৰ্বতীয়ে নিম্নোক্ত ধৰণে শিৱক পৰামৰ্শ আগবঢ়ায় - পাৰ্বতীয়ে শিৱক বাসৱৰ পৰা কিছু মাটি খুজিবলৈ, সখি কুবেৰৰ পৰা কিছু কঠিয়া আনিবলৈ আৰু ভদ্ৰৰ ঘৰৰ পৰা এটা নাঙল খুজি আনিবলৈ ক’লে। আকৌ যমৰ ঘৰৰ পৰা মহিষ আনি নিজৰ গাইজনীৰ লগত যোৰ পাতি হাল বাবলৈ পৰামৰ্শ দিলে। পাৰ্বতীৰ পৰামৰ্শ মতে শিৱে সকলো গোটাই ষোল্ল হাজাৰ বিঘা মাটিত ধান খেতি কৰে। কিছুদিন পিছত ধানৰ বীজবোৰ গঁজি উঠাত শিৱ অতি আনন্দিত হয়।


Updated on 20th April 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments