Ads banner

JE Banner Ads
Image 2

মোৰ দেশ- অধ্যায় ৫ - অসমীয়া - নৱম শ্ৰেণী

(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam 

CLASS : IX
SUBJECT : ASSAMESE (MIL) 
Medium : Assamese

CHAPTER— 5
মোৰ দেশ

প্ৰশ্নাৱলী 

​ভাব-বিষয়ক প্ৰশ্নোত্তৰ
​১। 
(ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল?
উত্তৰ: যোৰহাটত। 

OR

উত্তৰ: হীৰেন ভট্টাচাৰ্যৰ যোৰহাটত জন্ম হৈছিল।

(খ) হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকত/আলোচনীৰ নাম লিখা।
উত্তৰ: 'চিত্ৰবন' আৰু 'অশোক'। 

OR

উত্তৰ: হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকত/আলোচনী হ'ল— ‘চিত্ৰবন’ আৰু ‘অশোক’।

(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ: ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে।  

OR

উত্তৰ: দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে।

​প্ৰশ্ন ২। 'মোৰ দেশ' কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ: 'মোৰ দেশ' কবিতাটো এটা নিভাঁজ স্বদেশপ্ৰেমমূলক কবিতা। কবিতাটোৰ জৰিয়তে কবিৰ নিজৰ দেশখনৰ প্ৰতি থকা গভীৰ মৰম, শ্ৰদ্ধা আৰু দায়বদ্ধতা প্ৰকাশ পাইছে।
​কবিয়ে পৃথিৱীৰ বহু দেশ ভ্ৰমণ কৰিছে, বহু বন্ধুৰ সৈতে বিভিন্ন স্থানত সময় কটাইছে, কিন্তু সকলো ভ্ৰমণৰ শেষ আশ্ৰয়স্থল হৈছে তেওঁৰ নিজৰ দেশ। নিজ দেশৰ বুকুৰ উমে কবিক দিছে জীয়াই থকাৰ প্ৰেৰণা, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ। দেশৰ প্ৰতিটো পুৱা, সন্ধিয়া আৰু ঋতু কবিলৈ আশীৰ্বাদ আৰু আনন্দৰ সম্ভাৰ কঢ়িয়াই আনে। কবিয়ে দেশৰ খেতিয়ক (হালোৱা), বনুৱা আৰু শ্ৰমিকসকলৰ মাজত নিজকে বিলীন কৰি দি দেশৰ উন্নতিৰ বাবে কাম কৰিব বিচাৰে। দেশত দেখা দিয়া নানা অনৈক্য আৰু বিৰোধৰ মাজত কবিয়ে ঐক্য আৰু সংহতিৰ প্ৰহৰী হৈ থিয় দিব খোজে। দেশৰ বাবে জীয়াই থকা আৰু প্ৰয়োজনে মৰণ পণ কৰিবলৈও কবি কুণ্ঠাবোধ নকৰে। দেশৰ শান্তি বজাই ৰাখিবলৈ তেওঁ সদায় সাজু। কবিয়ে নিজৰ সকলো সপোন আৰু আদৰ্শক দেশৰ বাবে উৎসৰ্গা কৰিছে।

​প্ৰশ্ন ৩। ব্যাখ্যা কৰা:
​(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
​উত্তৰ:
​প্ৰসংগ: উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত ‘মোৰ দেশ’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
​সংগতি: দেশৰ বৈচিত্ৰ্যৰ মাজত একতা ৰক্ষা কৰা আৰু সকলো বিভেদ আঁতৰাই শান্তি-সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত কবিৰ যি সংকল্প, তাকেই ইয়াত প্ৰকাশ কৰা হৈছে।
​ব্যাখ্যা: কবি এগৰাকী সচেতন নাগৰিক আৰু দেশপ্ৰেমিক। তেওঁ অনুভৱ কৰিছে যে দেশত বিভিন্ন জাতি-উপজাতি, ভাষা-ভাষী বা ধৰ্মৰ লোক থকাৰ বাবে কেতিয়াবা অনৈক্য বা বিৰোধৰ সৃষ্টি হ’ব পাৰে। কিন্তু কবিয়ে এই অনৈক্য আৰু বিৰোধৰ মাজত একতা আৰু সংহতিৰ সেতু গঢ়িব বিচাৰে। তেওঁ সমাজৰ শ্ৰমিক, বনুৱা আৰু হালোৱাসকলৰ মাজত থাকি দেশৰ একতা ৰক্ষাৰ প্ৰহৰীস্বৰূপ হৈ থিয় দিব খোজে। কবিয়ে বিশ্বাস কৰে যে পাৰস্পৰিক বিশ্বাস আৰু মৰমেৰে সকলো বিৰোধ আঁতৰাই দেশখনক সংহতিৰ জৰীৰে বান্ধি ৰাখিব পৰা যায়।

​(খ) মোৰ জীৱনৰ আঁহে আঁহে,
মোৰ यौৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
​উত্তৰ:
​প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত ‘মোৰ দেশ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
​সংগতি: দেশক কেন্দ্ৰ কৰি কবিৰ মনত গঢ়ি উঠা সোণালী ভৱিষ্যতৰ সপোন আৰু তাৰ ব্যাকুলতা বুজাবলৈ কবিয়ে এই কথা কৈছে।
​ব্যাখ্যা: কবিয়ে নিজৰ দেশখনক প্ৰাণভৰি ভাল পায়। তেওঁৰ প্ৰতিটো চিন্তা আৰু প্ৰতিটো কামেই দেশৰ বুকুত এক সোণালী শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন ৰচনা কৰে। এই সপোন কবিৰ সমগ্ৰ সত্তা অৰ্থাৎ জীৱনৰ প্ৰতিটো আঁহ আৰু যৌৱনৰ প্ৰতিটো কোঁহত কলৰৱ কৰি অনুৰণিত হৈ থাকে। দেশৰ প্ৰগতি আৰু কল্যাণৰ সপোনে কবিৰ মন-প্ৰাণ সম্পূৰ্ণৰূপে আৱৰি ৰাখিছে, তাকেই কবিয়ে অত্যন্ত সুন্দৰ প্ৰকাশভংগীৰে ইয়াত ব্যক্ত কৰিছে।

​প্ৰশ্ন ৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।
উত্তৰ: 'মোৰ দেশ' কবিতাটোত কবি হীৰেন ভট্টাচাৰ্যৰ এক নিভাজ আৰু গভীৰ দেশপ্ৰেমৰ স্বৰূপ প্ৰকাশ পাইছে। কবিৰ বাবে নিজৰ দেশখন কেৱল এটা ভৌগোলিক ভূখণ্ড নহয়, বৰং তেওঁৰ ‘প্ৰাণৰো প্ৰাণ’ আৰু ‘গানৰো গান’। কবিয়ে দেশৰ বুকুত এক শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন দেখে আৰু সেই সপোনে তেওঁৰ জীৱন আৰু যৌৱনক উদ্বেলিত কৰি ৰাখে।
​কবিয়ে পৃথিৱীৰ বহু দেশ ভ্ৰমণ কৰিছে, কিন্তু সকলো যাত্ৰাৰ শেষত নিজৰ দেশৰ বুকুৰ উমেহে তেওঁক প্ৰকৃত সুখ, ভালপোৱা আৰু জীয়াই থকাৰ নতুন অৰ্থ প্ৰদান কৰিছে। দেশৰ প্ৰকৃতি, পুৱা-সন্ধিয়া আৰু প্ৰতিটো ঋতু তেওঁৰ বাবে আশীৰ্বাদস্বৰূপ। দেশৰ সাধাৰণ শ্ৰমজীৱী মানুহ যেনে— ৰণুৱা, বনুৱা আৰু হালোৱাসকলৰ মাজত কবিয়ে নিজৰ অস্তিত্ব বিচাৰি পায়। দেশৰ ঐক্য আৰু সংহতি ৰক্ষাৰ বাবে তেওঁ জীৱনে-মৰণে, শয়নে-সপোনে প্ৰস্তুত। দেশত শান্তি বজাই ৰাখিবলৈ তেওঁ নিজৰ সৰ্বস্ব— এমুঠি ধান আৰু পৰাণৰ গান আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰে। দেশৰ প্ৰতি থকা এনে চৰম উছৰ্গা আৰু দায়বদ্ধতাই কবিতাটোত দেশপ্ৰেমৰ এক অনন্য স্বৰূপ দাঙি ধৰিছে।

​প্ৰশ্ন ৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰ: প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।

​প্ৰশ্ন ৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?
উত্তৰ: শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটি গান দিছে।

​ভাষা-বিষয়ক

​প্ৰশ্ন ৭। সমাৰ্থক শব্দ লিখা:
​দেশ: মাতৃভূমি, স্বদেশ।
​কাম: কাৰ্য, কৰ্ম।
​কলৰোল: কলৰৱ, কোলাহল।
​সাগৰ: সমুদ্ৰ, সিন্ধু।
​সপোন: স্বপ্ন, কল্পনা।
​বন্ধু: সখা, মিত্ৰ।
​শেষ: সমাপ্তি, অন্ত।
​সম্ভাৰ: সামগ্ৰী, যোগাৰ।
​শইচ: শস্য, ধান।
​বুকু: হৃদয়, বক্ষ।
​তৰংগ: ঢৌ, লহৰ।
​কল্লোল: ডাঙৰ ঢৌ, আনন্দধ্বনি।

​প্ৰশ্ন ৮। বিপৰীত অৰ্থক শব্দ লিখা:
​সপোন: দিঠক।
​দেশ: বিদেশ।
​জীৱন: মৰণ।
​পাহাৰ: ভৈয়াম / সমভূমি।
​ঐক্য: অনৈক্য।
​সংহতি: বিভেদ / বিৰোধ।
​শয়ন: জাগৰণ।
​বিশ্বাস: অবিশ্বাস্য / অবিশ্ব্বাস।
​শত্ৰু: মিত্ৰ।

কবি পৰিচয় (হীৰেন ভট্টাচাৰ্য)

​অসমীয়া কাব্য জগতত 'সুগন্ধি পখিলাৰ কবি' আৰু 'প্ৰেম আৰু ৰ'দালিৰ কবি' হিচাপে জনাজাত হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯৩২ চনত যোৰহাটত। তেওঁ আধুনিক অসমীয়া কবিতাৰ এগৰাকী অতি জনপ্ৰিয় আৰু শক্তিশালী কবি আছিল। চুটি অথচ সাৰুৱা প্ৰকাশভংগী তেওঁৰ কবিতাৰ অন্যতম প্ৰধান বৈশিষ্ট্য।
​উল্লেখযোগ্য কবিতাপুথি: 'ৰৌদ্ৰ কামনা', 'তোমাৰ বাঁহী', 'সুগন্ধি পখিলা', 'বিভিন্ন দিনৰ কবিতা', 'মোৰ প্ৰিয় বৰ্ণমালা' আদি।
​বঁটা আৰু সন্মান: তেওঁ 'শইচৰ পথাৰ মানুহ' কবিতাপুথিৰ বাবে ভাৰত চৰকাৰৰ সন্মানীয় সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ অসম উপত্যকা সাহিত্য বঁটা আদি বহুতো সন্মানেৰে বিভূষিত হৈছিল।
​মৃত্যু: ২০১২ চনত এইগৰাকী মহান কবিৰ বৈকুণ্ঠপ্ৰয়াণ ঘটে।

পাঠৰ মূলভাব (পাঠবোধৰ সাৰাংশ)

​'মোৰ দেশ' কবিতাটো গদ্য ছন্দত ৰচিত এক গভীৰ দেশপ্ৰেমমূলক ৰচনা। ইয়াত কবিয়ে নিজৰ জন্মভূমিৰ প্ৰতি থকা অপত্য স্নেহ আৰু কৰ্তব্যবোধ প্ৰকাশ কৰিছে। কবিয়ে পৃথিৱীৰ বহু দেশ ফুৰিছে যদিও নিজ দেশৰ মাটি, বতাহ আৰু মানুহৰ মাজত যি আত্মিক সুখ পাইছে, সেয়া অতুলনীয়। দেশৰ শ্ৰমজীৱী হালোৱা-বনুৱাৰ শ্ৰমতে দেশৰ সোণালী ভৱিষ্যত গঢ়ি উঠে বুলি কবিয়ে বিশ্বাস কৰে। সমাজৰ অনৈক্য আৰু সংঘাত আঁতৰাই একতা আৰু শান্তি প্ৰতিষ্ঠা কৰাই কবিৰ জীৱনৰ মূল লক্ষ্য।

পৰীক্ষাত সঘনাই অহা প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১। হীৰেন ভট্টাচাৰ্য অসমীয়া সাহিত্যত কি কবি হিচাপে জনাজাত?
উত্তৰ: হীৰেন ভট্টাচাৰ্য অসমীয়া সাহিত্যত ‘সুগন্ধি পখিলাৰ কবি’ হিচাপে জনাজাত।

​প্ৰশ্ন ২। কবিয়ে কাৰ মাজত নিজকে ৰাখিব বিচাৰিছে?
উত্তৰ: কবিয়ে দেশৰ ৰণুৱা, বনুৱা আৰু হালোৱাসকলৰ মাজত নিজকে ৰাখিব বিচাৰিছে।

​প্ৰশ্ন ৩। ‘মোৰ দেশ’ কবিতাটোত কবিয়ে কাৰ আহ্বান শুনা বুলি কৈছে?
উত্তৰ: কবিয়ে জীৱনে-মৰণে, শয়নে-সপোনে নিজৰ দেশৰ আহ্বান শুনা বুলি কৈছে।

​অতি গুৰুত্বপূৰ্ণ সংক্ষিপ্ত প্ৰশ্নোত্তৰ
​প্ৰশ্ন ১। ‘প্ৰাচুৰ্য’ শব্দৰ অৰ্থ কি?
উত্তৰ: ‘প্ৰাচুৰ্য’ শব্দৰ অৰ্থ হ’ল— উভৈনদী হৈ থকা অৱস্থা বা আধিক্য।

​প্ৰশ্ন ২। কবিয়ে কাৰ অন্তৰ বিশ্বাসেৰে জিনাৰ কথা কৈছে?
উত্তৰ: কবিয়ে দেশৰ শত্ৰু-মিত্ৰ সকলোৰে অন্তৰ বিশ্বাসেৰে জিনাৰ কথা কৈছে।

​প্ৰশ্ন ৩। কবিৰ যাত্ৰাৰ শেষ ক’ত হৈছে?
উত্তৰ: কবিৰ সকলো দেশ-বিদেশ ভ্ৰমণৰ যাত্ৰাৰ শেষ নিজৰ দেশত হৈছে।

​বহল প্ৰশ্নোত্তৰ 

​প্ৰশ্ন ১। "মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন।" — তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ: উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে দেশৰ প্ৰতি থকা তেওঁৰ সৰ্বাত্মক উৎসৰ্গা আৰু ইতিবাচক দৃষ্টিভংগী প্ৰকাশ কৰিছে।
​কবিৰ মতে, এজন প্ৰকৃত দেশপ্ৰেমিকৰ প্ৰতিটো কাৰ্য আৰু চিন্তাই দেশৰ প্ৰগতিৰ দিশত ধাৱিত হ’ব লাগে। কবিয়ে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কাম নকৰে। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশৰ বুকুলৈ সমৃদ্ধি আনিব খোজে। ‘শইচ-সোণোৱালী ভৱিষ্যত’ বুলি কবিয়ে দেশৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ কথা বুজাইছে, য’ত দেশৰ খেতিয়ক-বনুৱাৰ শ্ৰম সাৰ্থক হ’ব আৰু দেশখন শস্য-শ্যামলা তথা ঐশ্বৰ্যশালী হৈ পৰিব। এই সোণালী ভৱিষ্যতৰ সপোনেই কবিৰ সমগ্ৰ জীৱন আৰু যৌৱনক পৰিচালিত কৰে।

​প্ৰশ্ন ২। ‘মোৰ দেশ’ কবিতাটিত শান্তি আৰু সম্প্ৰীতিৰ বাবে কবিৰ ব্যাকুলতা কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰা।
উত্তৰ: ‘মোৰ দেশ’ কবিতাটোত কবিয়ে কেৱল দেশপ্ৰেমকে প্ৰকাশ কৰা নাই, বৰং দেশৰ আভ্যন্তৰীণ শান্তি আৰু সম্প্ৰীতিৰ ওপৰতো বিশেষ গুৰুত্ব দিছে। কবিয়ে অনুভৱ কৰিছে যে এখন দেশ শক্তিশালী হ’বলৈ হ’লে দেশৰ ভিতৰত একতা থকাটো জৰুৰী।
​সেইবাবেই কবিয়ে কৈছে যে সমাজত দেখা দিয়া নানা অনৈক্যৰ মাজত তেওঁ একতাৰ প্ৰতীক হৈ আৰু সকলো বিৰোধ-সংঘাতৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থিয় দি থাকিব। তেওঁ শত্ৰু-মিত্ৰ সকলোকে চিনি পাইছে আৰু সিহঁতৰ অন্তৰ মৰম আৰু বিশ্বাসেৰে জয় কৰিব বিচাৰিছে। শেষত, কবিয়ে শান্তিৰ প্ৰতীকস্বৰূপ ‘শান্তিৰ চৰাইজনী’ক নিজৰ ভঁৰালৰ এমুঠি ধান আৰু প্ৰাণৰ গান দি আপ্যায়ন কৰিছে। ইয়াৰ দ্বাৰা বুজা যায় যে কবিয়ে দেশত যিকোনো মূল্যৰ বিনিময়ত শান্তি আৰু ভাতৃভাৱ বৰ্তাই ৰাখিবলৈ অত্যন্ত ব্যাকুল।



Post a Comment

0 Comments