(SCERT)
State Council of Educational Research and Training.
CLASS : VII
SUBJECT : OUR SCIENCE
Medium : Assamese
Chapter— 2
বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ
অনুশীলনীৰ প্ৰশ্নাৱলী
প্ৰশ্ন 1: শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ পাৰ হ'বলৈ দিব?
(ক) দিয়াচলাই কাঠী
(খ) প্লাষ্টিকৰ ফণি
(গ) মোহৰা ৰবৰ
(ঘ) লোৰ গজাল
উত্তৰ: (ঘ) লোৰ গজাল
(ii) বৈদ্যুতিক বর্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি?
(ক) পৰিবাহী
(খ) ছুইচ
(গ) প্রৱাহ
(ঘ) মেৰু
উত্তৰ: (খ) ছুইচ
(iii) তলৰ কোনটো অন্তৰক?
(ক) তাম
(খ) পাৰা
(গ) কাচ
(ঘ) সোণ
উত্তৰ: (গ) কাচ
(iv) বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়?
(ক) সীহ
(গ) তাম
(খ) সোণ
(ঘ) টাংস্টেন
উত্তৰ: (ঘ) টাংস্টেন
(v) বৈদ্যুতিক বৰ্তনীৰ ছুইচটো 'অফ' অৱস্থাত থাকিলে বর্তনীটোৰ নাম কি?
(ক) বন্ধ বর্তনী
(গ) মুক্ত বর্তনী
(খ) শ্বর্ট চার্কিট
(ঘ) এইবোৰৰ এটাও নহয়
উত্তৰ: (গ) মুক্ত বর্তনী
(vi) বৈদ্যুতিক বৰ্তনীৰ ছুইচটো 'অন' অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি?
(ক) শ্বর্ট চার্কিট
(খ) বন্ধ বর্তনী
(গ) মুক্ত বর্তনী
(ঘ) এইবোৰৰ এটাও নহয়
উত্তৰ: (খ) বন্ধ বর্তনী
প্ৰশ্ন 2: খালী ঠাই পূৰ কৰা।
(i) দুই বা ততোধিক কোষৰ সংমিশ্রণক ________ বুলি কোৱা হয়।
উত্তৰ: বেটাৰি
(ii) আমাৰ শৰীৰটো বিদ্যুতৰ ________।
উত্তৰ: পৰিবাহী
(iii) বৈদ্যুতিক কোষ এটাত ________ টা টার্মিনেল থাকে।
উত্তৰ: দুটা
(iv) বিদ্যুৎ কেৱল ________ বর্তনী এটাতহে প্ৰৱাহিত হ'ব।
উত্তৰ: বন্ধ
(v) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক ________ বোলা হয়।
উত্তৰ: বিদ্যুতৰ পৰিবাহী পদার্থ
(vi) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক ________ বোলা হয়।
উত্তৰ: বিদ্যুতৰ অপৰিবাহী বা অন্তৰক
(vii) বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ________ কোৱা হয়।
উত্তৰ: ফিলামেন্ট
(viii) বৈদ্যুতিক ________ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।
উত্তৰ: বৰ্তনী
(ix) ______ হৈছে পদাৰ্থ充 এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।
উত্তৰ: পৰিবাহিতা টেষ্টাৰ (বা টেষ্টাৰ)
প্ৰশ্ন 3: তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা।
(i) বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপীটো হৈছে ধনাত্মক মেৰু।
উত্তৰ: সঁচা
(ii) এটা বর্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয়।
উত্তৰ: সঁচা
(iii) বেটাৰিৰ এটা গোটক কোষ বুলি কোৱা হয়।
উত্তৰ: মিছা
(iv) অন্তৰকে বিদ্যুৎ প্ৰৱাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে।
উত্তৰ: মিছা
(v) এটা বৈদ্যুতিক বাল্বত এটা টার্মিনেল থাকে।
উত্তৰ: মিছা
(vi) যি বর্তনীত বৈদ্যুতিক প্ৰৱাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয়, সেই বর্তনীটোক মুক্ত বর্তনী বুলি কোৱা হয়।
উত্তৰ: সঁচা
(vii) প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী।
উত্তৰ: মিছা
প্ৰশ্ন 4: তলত দিয়া কথাবোৰ মিলোৱা।
উত্তৰ:
(i) বৈদ্যুতিক কোষ — (খ) এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।
(ii) এটা বৈদ্যুতিক ছুইচ — (ক) ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে।
(iii) বন্ধ বর্তনী — (ঘ) বর্তনী য'ত বৈদ্যুতিক প্ৰৱাহৰ পথ সম্পূর্ণ বা বন্ধ।
(iv) ফিলামেন্ট — (গ) পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাঁৰ।
প্ৰশ্ন 5: চিত্র 2.21 (a & b) ত:
(i) যদি S₁ 'অন' হৈ থাকে, S₂ 'অফ' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?
উত্তৰ: চিত্র 2.21 (a) বৰ্তনীৰ ক্ষেত্ৰত এটাও বাল্ব নজ্বলে। চিত্র 2.21 (b) বৰ্তনীৰ ক্ষেত্ৰত কেৱল L₁ বাল্বটো জ্বলিব।
(ii) যদি S₁ 'অফ' হৈ থাকে, S₂ 'অন' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?
উত্তৰ: চিত্র 2.21 (a) বৰ্তনীৰ ক্ষেত্ৰত এটাও বাল্ব নজ্বলে। চিত্র 2.21 (b) বৰ্তনীৰ ক্ষেত্ৰত এটাও বাল্ব নজ্বলে।
(iii) যদি S₁ আৰু S₂ দুয়োটা 'অন' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?
উত্তৰ: চিত্র 2.21 (a) আৰু চিত্র 2.21 (b) দুয়োটা বৰ্তনীৰ ক্ষেত্ৰতে L₁ আৰু L₂ দুয়োটা বাল্ব জ্বলিব।
(iv) যদি S₁ আৰু S₂ দুয়োটা 'অফ' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?
উত্তৰ: দুয়োটা বৰ্তনীৰ ক্ষেত্ৰতে এটাও বাল্ব নজ্বলে।
প্ৰশ্ন 6: ডইথনে চিত্র 2.22 ত দেখুওৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। ছুইচটো 'অন' ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে। এই ত্রুটিপূর্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে?
উত্তৰ: এই ক্ৰুটিপূৰ্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণসমূহ হ'ব পাৰে—
(i) বেটাৰিৰ কোষ দুটাৰ সংযোগ ওলোটা হ'ব পাৰে, অৰ্থাৎ এটা কোষৰ ধনাত্মক মেৰু আনটোৰ ঋণাত্মক মেৰুৰ সৈতে সঠিকভাৱে সংযোগ কৰা হোৱা নাই।
(ii) বৈদ্যুতিক চাকিটো 'ফিউজ' হ'ব পাৰে, অৰ্থাৎ তাৰ ফিলামেন্টডাল ছিগি থাকিব পাৰে।
(iii) বৰ্তনীৰ তাঁৰৰ সংযোগ ঢিলা বা ক'ৰবাত ছিগি থাকিব পাৰে।
প্ৰশ্ন 7: চিত্র 2.23 ৰ কোনকেইটাৰ ক্ষেত্ৰত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব?
উত্তৰ: চিত্ৰ 2.23 ৰ (b) আৰু (c) ৰ ক্ষেত্ৰত ছুইচটো বন্ধ (অৰ্থাৎ 'Off') কৰিলে চাকিটো জ্বলি নুঠিব।
কাৰণ:
(b) চিত্ৰত: এল ই ডি চাকিটো ওলোটাকৈ সংযোগ কৰা হৈছে (এল ই ডিৰ ধনাত্মক মেৰু বেটাৰিৰ ঋণাত্মক মেৰুৰ সৈতে লগোৱা আছে)। এল ই ডিয়ে কেৱল এটা দিশতহে বিদ্যুৎ প্ৰৱাহ হ’বলৈ দিয়ে বাবে ছুইচ 'On' কৰিলেও এই বৰ্তনীৰ চাকি নজ্বলে।
(c) চিত্ৰত: বিদ্যুৎ পৰিবাহী তাঁৰডাল চাকিটোলৈ যোৱাৰ পূৰ্বেই এঠাইত ছিগি বা মুক্ত হৈ আছে। পথটো অসম্পূৰ্ণ হোৱাৰ বাবে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’ব নোৱাৰে আৰু চাকিটো নজ্বলে।
(আনহাতে (a) আৰু (d) চিত্ৰত কোষ আৰু চাকিৰ সংযোগ সম্পূৰ্ণ শুদ্ধকৈ থকা বাবে ছুইচ অন কৰিলে চাকি জ্বলি উঠিব।)
প্ৰশ্ন 8: '+' আৰু '-', চিহ্নৰে সূচিত নকৰা বেটাৰি এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া।
উত্তৰ: এটা এল ই ডি চাকি আৰু পৰিবাহী তাঁৰ ব্যৱহাৰ কৰি আমি মেৰু চিনাক্ত কৰিব পাৰোঁ। এল ই ডিৰ দীঘল তাঁৰডাল (ধনাত্মক মেৰু) বেটাৰিৰ এটা মূৰৰ লগত আৰু চুটি তাঁৰডাল (ঋণাত্মক মেৰু) আনটো মূৰৰ লগত সংযোগ কৰিব লাগে। যদি এল ই ডিটো জ্বলি উঠে, তেন্তে দীঘল তাঁৰডাল সংযোগ হোৱা বেটাৰিৰ মূৰটো হ'ব ধনাত্মক (+) মেৰু আৰু চুটি তাঁৰডাল সংযোগ হোৱা মূৰটো হ'ব ঋণাত্মক (-) মেৰু। কাৰণ এল ই ডিয়ে কেৱল এটা দিশতহে বিদ্যুৎ প্ৰৱাহ হ'বলৈ দিয়ে।
প্ৰশ্ন 9: এটা এল ই ডি জ্বলিবলৈ শ্রেণীৱদ্ধভাৱে থকা দুটা কোষৰ প্ৰয়োজন। চিত্রলেখাই চিত্র 2.24 ত দেখুওৱাৰ দৰে বৰ্তনীটো সাঁজি উলিয়াইছিল। বাল্বটো জ্বলিবনে? যদি নজ্বলে, সঠিক সংযোগৰ বাবে তাঁৰবোৰ আঁকা।
উত্তৰ: বাল্বটো নজ্বলে। কাৰণ চিত্ৰত কোষ দুটাৰ সংযোগ সঠিকভাৱে হোৱা নাই (এটা কোষৰ ঋণাত্মক মেৰুৰ সৈতে আনটো কোষৰ ঋণাত্মক মেৰু লগোৱা দেখা গৈছে)। সঠিক সংযোগৰ বাবে এটা কোষৰ ধনাত্মক মেৰুটো পিছৰ কোষটোৰ ঋণাত্মক মেৰুটোৰ লগত সংযোগ কৰিব লাগিব।
প্ৰশ্ন 10: প্রদত্ত বৰ্তনীবোৰত কি ভুল আছে বিচাৰি উলিওৱা। প্রতিটো বর্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সৰল লেবেলযুক্ত নক্সা আঁকা।
উত্তৰ: চিত্ৰ 2.25-ত প্ৰদত্ত বৰ্তনীবোৰ নিৰীক্ষণ কৰিলে দেখা যায় যে তাত মুখ্যভাৱে দুটা মূল ক্ৰটি বা ভুল আছে:
(i) কোষ বা বেটাৰিৰ ভুল সংযোগ: প্ৰথম বৰ্তনীটোত দুটা বিদ্যুৎ কোষৰ সংযোগ ভুলকৈ কৰা হৈছে। তাত এটা কোষৰ ঋণাত্মক (-) মেৰুৰ সৈতে আনটো কোষৰ ঋণাত্মক (-) মেৰু সংযোগ হৈ আছে, যাৰ বাবে বৰ্তনীটোৱে কাম কৰা নাই।
(ii) মুক্ত পথ বা ছিগি থকা তাঁৰ: দ্বিতীয় বৰ্তনীটোত ছুইচ 'অন' থকাৰ পিছতো বিদ্যুৎ পৰিবাহী তাঁৰডাল এঠাইত ছিগি বা মুক্ত হৈ আছে। ইয়াৰ ফলত বিদ্যুৎ প্ৰৱাহ সম্পূৰ্ণ হোৱা নাই।
সংশোধন পদ্ধতি (সৰল লেবেলযুক্ত নক্সাৰ বিৱৰণ):
প্ৰতিটো বৰ্তনী শুদ্ধকৈ সংশোধন কৰিবলৈ তলত দিয়া ধৰণে নক্সা অংকন কৰিব লাগিব:
প্ৰথম বৰ্তনীৰ সংশোধন (বেটাৰিৰ মেৰু সঠিক কৰা): নক্সাত এটা কোষৰ ধনাত্মক (+) মেৰুটো সদায় পৰৱৰ্তী কোষটোৰ ঋণাত্মক (-) মেৰুৰ সৈতে শৃংখলাবদ্ধভাৱে (Series) সংযোগ কৰি দেখুৱাব লাগিব।
দ্বিতীয় বৰ্তনীৰ সংশোধন (অবিৰত পথ কৰা): ছিগি থকা তাঁৰডাল সংযোগ কৰি সমগ্ৰ বৰ্তনীটোক এটা সম্পূৰ্ণ আৰু অবিৰত পথ (বন্ধ বৰ্তনী) হিচাপে আঁকিব লাগিব, যাতে ফিলামেণ্টৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হৈ চাকিটো জ্বলি উঠে।
OR
উত্তৰ :
বৰ্তনীবোৰৰ ভুল:
(i) এটা বৰ্তনীত কোষ দুটাৰ সংযোগ ওলোটা হৈ আছে, অৰ্থাৎ এটাৰ ঋণাত্মক (-) মেৰু আনটোৰ ঋণাত্মক (-) মেৰুৰ সৈতে লাগি আছে।
(ii) আনটো বৰ্তনীত বিদ্যুৎ প্ৰৱাহিত হ'ব পৰা পথটো বা তাঁৰডাল ছিগি (মুক্ত হৈ) আছে।
সংশোধন পদ্ধতি:
(i) এটা কোষৰ ধনাত্মক (+) মেৰুটো পিছৰ কোষটোৰ ঋণাত্মক (-) মেৰুৰ লগত সংযোগ কৰিব লাগিব।
(ii) ছিগি থকা তাঁৰডাল জোৰা দি বৰ্তনীটো সম্পূৰ্ণ (বন্ধ বৰ্তনী) কৰিব লাগিব যাতে বিদ্যুৎ প্ৰৱাহ চলিব পাৰে।
প্ৰশ্ন 11: তোমাৰ ঘৰত ছুইচ মেৰামতি কৰোঁতে ইলেক্ট্রিচিয়ানে কিয় ৰবৰৰ হাতমোজা পিন্ধে?
উত্তৰ: আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী। আনহাতে ৰবৰ হৈছে এবিধ বৈদ্যুতিক অন্তৰক বা অপৰিবাহী পদাৰ্থ, যাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ'ব নোৱাৰে। ছুইচ মেৰামতি কৰোঁতে যাতে শৰীৰত বিদ্যুৎ প্ৰৱাহিত হৈ কোনো গুৰুতৰ আঘাত বা শ্বক নালাগে, তাৰ বাবে সুৰক্ষা হিচাপে ইলেক্ট্ৰিচিয়ানে ৰবৰৰ হাতমোজা পিন্ধে।
প্ৰশ্ন 12: বিদ্যুৎ উপযোগী হৈা সত্বেও ই বিপজ্জনকো হ'ব পাৰে, কেনেকৈ? এই বিষয়ে এটা দলত আলোচনা কৰা।
উত্তৰ: বিদ্যুৎ আমাৰ দৈনন্দিন জীৱনৰ কাম-কাজ সহজ কৰাত অতি উপযোগী হলেও ই সমানেই বিপজ্জনক হ'ব পাৰে কাৰণ—
(i) আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী।
(ii) যথাযথভাৱে চোৱা-চিতা নকৰিলে বা সাৱধানতা অৱলম্বন নকৰিলে বিদ্যুতে মানুহৰ শৰীৰত গুৰুতৰ আঘাত আৰু কেতিয়াবা আনকি মৃত্যুও ঘটাব পাৰে।
(iii) তিতা হাতেৰে ছুইচ বা প্লাগ চুলে, সেমেকা ঠাইত বৈদ্যুতিক আহিলা ব্যৱহাৰ কৰিলে অথবা আৱৰণ নষ্ট হোৱা তাঁৰ ব্যৱহাৰ কৰিলে বিদ্যুৎ প্ৰৱাহ ঘটি মাৰাত্মক দুৰ্ঘটনা হ'ব পাৰে।
অতিৰিক্ত প্ৰশ্নাৱলী
প্ৰশ্ন 1: ফিলামেন্ট কাক বোলে?
উত্তৰ: তাপজ্যোতি চাকিৰ কাচৰ বাল্বৰ ভিতৰত থকা যিডাল মিহি তাঁৰৰপৰা পোহৰ নিৰ্গত হয়, সেইডালকে চাকিটোৰ ফিলামেন্ট বোলে।
প্ৰশ্ন 2: বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থ কাক বোলে?
উত্তৰ: যিবোৰ পদার্থই সিহঁতৰ মাজেৰে সহজে বিদ্যুৎ প্ৰৱাহিত হ'বলৈ দিয়ে সেইবোৰ পদাৰ্থক বিদ্যুতৰ পৰিবাহী পদার্থ বোলে। আনহাতে যিবোৰ পদাৰ্থই সিহঁতৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ'বলৈ নিদিয়ে সেইবোৰক বিদ্যুতৰ অপৰিবাহী বা অন্তৰক পদার্থ বোলে।
প্ৰশ্ন 3: এল ই ডি (LED) ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ: এল ই ডি ৰ সম্পূৰ্ণ নামটো হ'ল আলোক-নির্গমনকাৰী ডায়'ড চাকি।
প্ৰশ্ন 4: বন্ধ বৰ্তনী আৰু মুক্ত বৰ্তনীৰ পাৰ্থক্য কি?
উত্তৰ: বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হৈ থকা অৱস্থাক বন্ধ বৰ্তনী বোলে। আনহাতে, বিদ্যুৎ প্ৰৱাহিত হ'ব পৰা পথটো ছিগি থাকিলে বা বিদ্যুৎ প্ৰৱাহ হ'ব নোৱাৰিলে তাক মুক্ত বৰ্তনী বোলে।
গুৰুত্বপূৰ্ণ প্ৰশ্নাৱলী
প্ৰশ্ন 1: এল ই ডি চাকিৰ উপযোগিতাসমূহ লিখা।
উত্তৰ: এল ই ডি চাকিৰ উপযোগিতাসমূহ হ'ল—
(i) এল ই ডিৰ আয়ুস বেছি, ই প্ৰায় এক লাখ ঘণ্টা বা বহু বছৰলৈ ভাল হৈ থাকে।
(ii) এল ই ডিয়ে তাপ উৎপন্ন নকৰে, সেয়েহে ব্যৱহৃত সকলোখিনি বিদ্যুৎ পোহৰ শক্তিলৈ ৰূপান্তৰিত হয়।
(iii) সমপৰিমাণৰ পোহৰ উৎপন্ন কৰিবলৈ এটা সাধাৰণ বাল্বতকৈ এল ই ডিয়ে অতি কম বিদ্যুৎ ব্যৱহাৰ কৰে, যাৰ বাবে বিদ্যুৎ বিল ৰাহি হয়।
(iv) এটা সাধাৰণ তাপজ্যোতি চাকিতকৈ এল ই ডি চাকিৰ পোহৰ অধিক উজ্জ্বল।
(v) ই পৰিৱেশৰ উপযোগী আৰু ইয়াক সহজে ভাঙিব নোৱাৰি।
প্ৰশ্ন 2: বিজুলী চাকিৰ উদ্ভাৱন কাৰ কৃতিত্ব দিয়া হয়? তেওঁ আন কি কি যন্ত্ৰ উদ্ভাৱন কৰিছিল?
উত্তৰ: বৈদ্যুতিক বাল্ব বা বিজুলী চাকিৰ উদ্ভাৱনৰ কৃতিত্ব সাধাৰণতে টমাছ আলভা এডিছনক দিয়া হয়। তেওঁ বিজুলী চাকিৰ উপৰিও গ্ৰামোফোন, গতিশীল ছবিৰ কেমেৰা আৰু কাৰ্বন ফিলামেন্টকে ধৰি আঢ়ৈ হেজাৰতকৈয়ো অধিক যন্ত্ৰ উদ্ভাৱন কৰিছিল।
0 Comments