(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam
CLASS : X
SUBJECT : ASSAMESE (MIL)
Medium : Assamese
CHAPTER— 5
দৃশ্যান্তৰ
প্ৰশ্নাৱলী
ভাব-বিষয়ক:
১। চমু উত্তৰ দিয়া:
(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰ: পঁচিশ।
OR
উত্তৰ: কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।
(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ: কুকুৰীকণা হোৱা বাবে।
OR
উত্তৰ: পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰীকণা হোৱা বাবে মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল?
উত্তৰ: নঙলামুখত।
OR
উত্তৰ: মানুহজনে নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰিছিল।
(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
উত্তৰ: আগলি বাঁহে।
OR
উত্তৰ: মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমিত নমস্কাৰৰ ভংগীত আছিল।
(ঙ) কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল?
উত্তৰ: কবিয়ে মানুহজনক গধূলি সময়ত লগ পাইছিল।
২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স'তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ: পঁচিশ বছৰৰ পাছত সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ মানুহজনে চশমাৰ তলেৰে সন্দেহেৰে চাই কবিক সুধিছিল যে অচিনাকি মানুহজন হিচাপে তেওঁ তালৈ কিয় আহিছে আৰু তেওঁক কি লাগে। তেওঁ কবিক প্ৰশ্ন কৰিছিল যে তেওঁ এই 'কুবেৰৰ মহলাত' ভাৰাঘৰ বিচাৰি আহিছে নেকি। মানুহজনে লগতে আক্ষেপেৰে কৈছিল যে তাত ভাৰাঘৰ পালেও তেওঁ শান্তিত থাকিব নোৱাৰিব, কাৰণ তাত মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই আৰু যখৰ পোৱালিস্বৰূপ মানুহবোৰে কোনে কাক চায় বুলি কৈ তেওঁ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল।
৩। 'দৃশ্যান্তৰ' কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ: 'দৃশ্যান্তৰ' কবিতাটোৰ জৰিয়তে কবিয়ে সামাজিক জীৱনৰ দ্ৰুত পৰিৱৰ্তন, নগৰীয়া জীৱনৰ শূন্যতা আৰু যান্ত্ৰিকতাৰ বাস্তৱ ছবি দাঙি ধৰিছে। পঁচিশ বছৰৰ আগতে যিখন ঠাইত গছ-গছনিৰে ভৰা পঁজাঘৰ আৰু মানুহৰ মাজত শান্তি আছিল, আজি সেই একেখন ঠাইতেই কংক্ৰীটৰ হাবি গঢ়ি উঠিছে। চহৰীয়া অট্টালিকাৰ মাজত আধুনিক মানুহে ধন-সম্পত্তি পালেও পাৰস্পৰিক সম্পৰ্ক, সহানুভূতি আৰু শান্তি হেৰুৱাই পেলাইছে। মানুহ এতিয়া নিঃসংগ আৰু স্বাৰ্থপৰ। গ্ৰাম্য জীৱনৰ সৰলতাৰ পৰিৱৰ্তে আধুনিক নগৰীয়া জীৱনৰ এই ৰুক্ষতা আৰু মানৱীয় প্ৰমূল্যৰ অৱক্ষয়ক তুলি ধৰাই হৈছে কবিতাটোৰ মূলভাৱ।
৪। "বৰ শান্তিত আছোঁ
এই পঁজাটিত।"
কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মোকলাই লিখা।
উত্তৰ: কথাষাৰ কুকুৰীকণা মানুহজনে কবিক কৈছিল। পঁচিশ বছৰৰ আগতে গধূলি সময়ত যেতিয়া কবিয়ে কুকুৰীকণা মানুহজনক হাতত ধৰি তেওঁৰ পঁজাঘৰটোলৈ আগুৱাই দিছিল, তেতিয়া মানুহজনে শান্তিত থকাৰ কথা এইদৰে কৈছিল।
ইয়াৰ অন্তৰ্নিহিত ভাৱ এয়ে যে, মানুহৰ প্ৰকৃত শান্তি ধন-সম্পত্তি বা বিশাল অট্টালিকাত নাথাকে। মানুহজনৰ ঘৰটো এটা সাধাৰণ পঁজাঘৰ আছিল যদিও তাৰ প্ৰাকৃতিক পৰিৱেশ আৰু সৰল জীৱন-ধাৰণৰ মাজত তেওঁ পৰম শান্তি অনুভৱ কৰিছিল। পঁজাঘৰটোৰ দৰিদ্ৰতাই তেওঁৰ মানসিক শান্তিত কোনো ব্যাঘাত জন্মোৱা নাছিল।
৫। 'হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?'- কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উত্তৰ: সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ মানুহজনে কবিক এনেদৰে সুধিছিল।
পঁচিশ বছৰৰ পাছত কবিয়ে যেতিয়া পুনৰ একেখন ঠাইলৈ গৈছিল, তেতিয়া তাত পঁজাঘৰৰ সলনি কেবাটাও অট্টালিকা গঢ়ি উঠিছিল। সন্ধ্যা ভগাৰ পাছতো তাত মানুহে পিয়াপি দি ফুৰিছিল। আধুনিক চহৰীয়া সমাজত কোনেও কাকো নিচিনে আৰু সকলোৰে মনত ইজনে-সিজনৰ প্ৰতি সন্দেহ আৰু আস্থাহীনতা থাকে। সেয়েহে সন্দেহৰ বশৱৰ্তী হৈয়ে বৃদ্ধ মানুহজনে চশমাৰ তলেৰে চাই কবিক এনেদৰে প্ৰশ্ন কৰিছিল।
৬। 'দৃশ্যান্তৰ' কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰ: 'দৃশ্যান্তৰ' কবিতাটোত কবিয়ে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ দুখন সুকীয়া ছবিৰ মাজেৰে সামাজিক পৰিৱৰ্তনৰ ৰূপটি আঁকিছে। পঁচিশ বছৰৰ আগতে সমাজত কেঁচা আলি-কেঁকুৰি, পঁজাঘৰ, কাকিনী তামোল আৰু আগলি বাঁহৰ প্ৰাকৃতিক পৰিৱেশ আছিল। মানুহৰ মনত শান্তি আৰু পৰস্পৰৰ মাজত সহমৰ্মিতা আছিল। কিন্তু কালক্ৰমত সেই একেই ঠাই 'কংক্ৰীটৰ হাবি'লৈ পৰিৱৰ্তিত হ'ল। পঁজাঘৰৰ ঠাই ল'লে কুবেৰৰ মহলাস্বৰূপ সাতমহলীয়া অট্টালিকাই। ধন-সম্পত্তিৰ প্ৰাচুৰ্য বাঢ়িল যদিও মানুহৰ মাজৰ পৰা শান্তি আৰু সহানুভূতি হেৰাই গ'ল। মানুহবোৰ স্বাৰ্থপৰ, যখৰ পোৱালিৰ দৰে হৈ পৰিল য'ত কাৰো প্ৰতি কাৰো ভ্ৰূক্ষেপ নাই, আনকি মৰিলে দাহ কৰিবলৈকো মানুহৰ অভাৱ। এনেদৰেই কবিয়ে আধুনিক মানুহৰ নিঃসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰিছে।
৭। 'দৃশ্যান্তৰ' কবিতাটোৰ কবিগৰাকীৰ চমু পৰিচয় দিয়া।
উত্তৰ: 'দৃশ্যান্তৰ' কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত হৈছিল। তেওঁৰ ল'ৰালি কালছোৱা তিনিচুকীয়াত পাৰ হয়। ১৯৬৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। প্ৰথমে অধ্যাপনাৰে কৰ্মজীৱন আৰম্ভ কৰি পিছলৈ তেওঁ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে আৰু আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে। 'The Sentinel' কাকত আৰু 'গৰীয়সী' আলোচনীৰো তেওঁ সম্পাদক আছিল। তেওঁৰ উল্লেখযোগ্য কবিতাপুথিসমূহ হ'ল— 'ৰাতিৰ শোভাযাত্ৰা', 'আন এজন' আদি আৰু গল্পপুথি হ'ল— 'গল্প আৰু কল্প', 'বন্দীয়াৰ' আদি। তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা আৰু ২০১০ চনত 'অসম উপত্যকা সাহিত্য বঁটা' লাভ কৰে।
৮। ব্যাখ্যা কৰাঃ
(ক) 'মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।'
উত্তৰ:
প্ৰসংগ: উক্ত কথাফাঁকি কবি হৰেকৃষ্ণ ডেকা ৰচিত 'দৃশ্যান্তৰ' কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতি: আধুনিক নগৰীয়া সমাজত মানুহৰ মাজত নিহিত থকা নিঃসংগতা আৰু মানৱীয় প্ৰমূল্যৰ অৱক্ষয়ৰ কথা বুজাবলৈ গৈ বৃদ্ধ মানুহজনে এই কথাখিনি কৈছে।
ব্যাখ্যা: আধুনিক চহৰীয়া জীৱনত মানুহ বিশাল অট্টালিকাত থাকে আৰু ধন-সম্পত্তিত চহকী হয়, কিন্তু তেওঁলোকৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু আৱেগিক বান্ধোন নাথাকে। সকলোৱে নিজৰ স্বাৰ্থত ইমানেই ব্যস্ত হৈ পৰে যে আনৰ সুখ-দুখৰ প্ৰতি কাৰো ভ্ৰূক্ষেপ নাথাকে। মানুহৰ এই যান্ত্ৰিক জীৱনত কাৰোবাৰ মৃত্যু হ'লেও মৃতদেহ সৎকাৰ (দাহ) কৰিবলৈ এজনো সহায়কাৰী ওচৰ-চুবুৰীয়া বিচাৰি পোৱা নাযায়। চহৰীয়া জীৱনৰ এই কঠোৰ আৰু নিৰ্দয় বাস্তৱকেই ইয়াত প্ৰকাশ কৰা হৈছে।
(খ) 'যখৰ পোৱালিহঁতে কাক কোনে চায়।'
উত্তৰ:
প্ৰসংগ: উক্ত কথাফাঁকি কবি হৰেকৃষ্ণ ডেকা ৰচিত 'দৃশ্যান্তৰ' কবিতাটোৰ পৰা লোৱা হৈছে।
সংগতি: নগৰীয়া সমাজত বাস কৰা স্বাৰ্থপৰ আৰু ধনলোভী মানুহৰ চৰিত্ৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ বৃদ্ধ মানুহজনে এইদৰে কৈছে।
ব্যাখ্যা: 'যখ' বা যক্ষ হৈছে ধনৰ দেৱতা কুবেৰৰ অনুচৰ বা কৃপণ লোক। সাতমহলীয়া অট্টালিকাত বাস কৰা চহৰীয়া মানুহবোৰকো বৃদ্ধজনে যখৰ পোৱালিৰ লগত তুলনা কৰিছে। কাৰণ এই মানুহবোৰ কেৱল ধন-সম্পত্তি গোটোৱাতহে ব্যস্ত, তেওঁলোকৰ মাজত কোনো মৰম-চেনেহ বা মানৱীয় দৰদ নাই। যিদৰে যখৰ পোৱালিয়ে আনলৈ নাচাই কেৱল ধন ৰখি থাকে, ঠিক তেনেকৈ এই স্বাৰ্থপৰ মানুহবোৰেও কাৰো কোনো খা-খবৰ নলয় বা বিপদত সহায় নকৰে।
(গ) 'এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।'
উত্তৰ:
প্ৰসংগ: উদ্ধৃত কথাফাঁকি কবি হৰেকৃষ্ণ ডেকা ৰচিত 'দৃশ্যান্তৰ' কবিতাটোৰ পৰা লোৱা হৈছে।
সংগতি: আধুনিক অট্টালিকাসমূহে সৃষ্টি কৰা কৃত্ৰিম আৱেষ্টনী আৰু পৰিৱৰ্তিত জীৱনধাৰাৰ মাজত পুৰণি পৰিচিত মানুহজনক হেৰুৱাই পেলোৱাৰ প্ৰসংগত কবিয়ে কথাফাঁকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা: পঁচিশ বছৰৰ আগতে থকা প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈ এতিয়া তাত ইটা-চিমেণ্টৰ অগণন অট্টালিকা গঢ়ি উঠিছে। ইয়াকেই কবিয়ে 'কংক্্ৰীটৰ হাবি' বুলি অভিহিত কৰিছে। এই যান্ত্ৰিক আৰু আৱেগহীন পৰিৱেশত সোমাই যোৱাৰ পাছত বৃদ্ধ মানুহজনক কবিয়ে আৰু বিচাৰি নাপালে। অৰ্থাৎ আধুনিক নগৰীয়া সভ্যতাই পুৰণি সৰল গ্ৰাম্য জীৱন আৰু মানৱীয় সম্পৰ্কবোৰক সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলালে।
ভাষা-বিষয়ক:
১। বিপৰীত শব্দ লিখা:
কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।
উত্তৰ:
কেঁচা - পকা
গধূলি - ৰাতিপুৱা (বা পুৱা)
পোহৰ - আন্ধাৰ
শান্তি - অশান্তি
ৰূপ - কুৰূপ (বা অৰূপ)
২। এটাকৈ সমার্থক শব্দ লিখা:
জোন, ঘৰ, চৰা, দাহ, উভতি।
উত্তৰ:
জোন - চন্দ্ৰ (বা জোনবাই)
ঘৰ - গৃহ (বা আৱাস, ভৱন)
চৰা - অধিক (বা বঢ়া)
দাহ - পোৰা (বা দহন)
উভতি - ঘূৰি (বা প্ৰত্যাৱৰ্তন কৰি)
৩। নঞার্থক শব্দ গঠন কৰা:
শান্তি, চিনাকি, সহায়।
উত্তৰ:
শান্তি - অশান্তি
চিনাকি - অচিনাকি
সহায় - অসহায়
৪। 'নমস্কাৰ' শব্দটো সন্ধি ভাঙিলে এনে হ'ব- নমঃ + কাৰ। - এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
উত্তৰ: 'নমস্কাৰ'ৰ দৰে (বিসৰ্গ সন্ধিৰ নিয়ম অনুসৰি) আন চাৰিটা শব্দৰ সন্ধি তলত দিয়া হ'ল—
তিৰস্কাৰ = তিৰঃ + কাৰ
পুৰস্কাৰ = পুৰঃ + কাৰ
ভাস্কৰ = ভাঃ + কৰ
শ্ৰেয়স্কৰ = শ্ৰেয়ঃ + কৰ
0 Comments