(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam
CLASS : X
SUBJECT : ASSAMESE (MIL)
Medium : Assamese
CHAPTER— 6
উদ্যোগী হওঁ আহাঁ
প্ৰশ্নাৱলী
ভাব-বিষয়ক
১। (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?
উত্তৰ: প্ৰকাশ গোস্বামী।
OR
উত্তৰ: দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম প্ৰকাশ গোস্বামী।
(খ) শ্রেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
উত্তৰ: এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে।
OR
উত্তৰ: শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল— এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে।
(গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি?
উত্তৰ: এলাহ।
OR
উত্তৰ: এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ।
(ঘ) এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন?
উত্তৰ: ধৈর্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি।
OR
উত্তৰ: এজন সফল উদ্যোগী হ'বলৈ ধৈর্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন।
(ঙ) ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
উত্তৰ: ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল- 'Eat cricket, sleep cricket, dream cricket, drink cricket'।
(চ) নাৰায়ণ মূৰ্ত্তী কোন?
উত্তৰ: নাৰায়ণ মূৰ্ত্তী হৈছে ইন্ফচিচ (Infosys) কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী।
(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?
উত্তৰ: উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে উদ্যোগ আৰম্ভ কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্ম সংস্থান দিবলৈ সক্ষম হয়।
OR
উত্তৰ: বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্ম সংস্থান দিবলৈ সক্ষম হয়।
(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?
উত্তৰ: জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব।
OR
উত্তৰ: প্রথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব আৰু সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।
(ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?
উত্তৰ: মই বিফল হোৱা নাই। মাত্র বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে।
OR
উত্তৰ: টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল— “মই বিফল হোৱা নাই। মাত্র বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”।
২। চমুকৈ বুজাই লিখা:
(ক) 'উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।'-শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা।
উত্তৰ: শিক্ষকগৰাকীয়ে এইদৰে কোৱাৰ মূল কাৰণ হ'ল যে এজন উদ্যোগী ব্যক্তি আৰু এজন কৰ্মহীন নিবনুৱাৰ মাজত থকা একমাত্ৰ পাৰ্থক্যটোৱেই হৈছে এলাহ। যিজন ব্যক্তি পৰিশ্ৰমী আৰু উদ্যোগী, তেওঁ সিংহৰ দৰে সাহসেৰে নিজৰ জীৱন গঢ়ি তুলিব পাৰে আৰু কৰ্ম সংস্থান সৃষ্টি কৰিব পাৰে। আনহাতে, যিজন ব্যক্তি এলেহুৱা, তেওঁ কাপুৰুষৰ দৰে নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। কৰ্মহীনতা আৰু এলাহৰ মাজৰ এই ব্যৱধান বুজাবলৈকে তেওঁ কথাষাৰ কৈছে।
(খ) সফল উদ্যোগী হ'বলৈ কিয় কঠিন?
উত্তৰ: কাৰণ— ইয়াৰ বাবে অপৰিসীম ধৈর্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন হয়। এই গুণ সকলোৰে নাথাকে।
OR
উত্তৰ: সকলোতকৈ সহজ কাম হ'ল এজন সাধাৰণ উদ্যোগী হোৱা, কাৰণ ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। কিন্তু এজন 'সফল' উদ্যোগী হোৱাটো কঠিন, কাৰণ ইয়াৰ বাবে অপৰিসীম ধৈর্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন হয়। প্ৰথম অৱস্থাত অহা বিফলতা আৰু ঘাত-প্ৰতিঘাত নেওচি অহৰহ যুঁজি যোৱাৰ গুণ সকলোৰে নাথাকে বাবেই সফল উদ্যোগী হোৱাটো টান।
(গ) এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।
উত্তৰ: চাইকেল চলাবলৈ শিকোঁতে মানুহ প্ৰথমতে বাগৰি পৰে, হাত-ভৰিৰ ছাল-বাকলি এৰায় আৰু আঘাত পায়। যিসকলে এই আঘাতৰ ভয়ত এৰি দিয়ে, তেওঁলোকে কেতিয়াও চাইকেল চলাব নোৱাৰে, কিন্তু যিসকলে নেৰানেপেৰাকৈ লাগি থাকে, তেওঁলোকে এদিন সফল হয়। এজন উদ্যোগীৰ যাত্ৰাও ঠিক তেনেকুৱাই। ইয়াত প্ৰথম অৱস্থাত বহুতো বাধা আৰু বিফলতা আহিব পাৰে। বহুতেই প্ৰথম বা দ্বিতীয় বিফলতাতে এৰি দিয়ে, কিন্তু যিজনে এৰি নিদি নিৰৱচ্ছিন্নভাৱে চেষ্টা কৰি থাকে, তেৱেঁই এদিন সফল উদ্যোগী হৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰে। সেয়েহে ইয়াক একক প্ৰচেষ্টাৰ কাম বুলি কোৱা হৈছে।
(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।
উত্তৰ: যিসকল ব্যক্তিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্ম সংস্থান দিবলৈ সক্ষম হয়, তেওঁলোককেই উদ্যোগী কোৱা হয়। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যোগী। উদাহৰণস্বৰূপে, এজন শিল্পী, ৰেষ্টোঁৰাৰ মালিক, গেলামালৰ দোকানী বা বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱেই উদ্যোগী হ'ব পাৰে।
৩। ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।
উত্তৰ: ইনফচিচ (Infosys) কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্ত্তী।
কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা নাৰায়ণ মূৰ্ত্তীয়ে সৰুৰে পৰাই উদ্যোগী হোৱাৰ হাবিয়াস পুহি ৰাখিছিল। অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছত তেওঁ চাকৰি এৰি 'Softronics' নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে যদিও ডেৰ বছৰৰ পাছতে সেয়া দেউলীয়া হৈ বন্ধ হৈ যায়। পুনৰ চাকৰিত সোমাই শেষত চাকৰি বাদ দি পত্নীয়ে দিয়া দহ হাজাৰ টকা সাঁচতীয়া ধনেৰে কেইজনমান বন্ধুৰ লগ লাগি তেওঁ 'Infosys' কোম্পানী আৰম্ভ কৰে। প্ৰথম অৱস্থাত বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ'লেও নব্বৈৰ দশকত ভাৰতীয় অৰ্থনীতি মুকলি হোৱাত তেওঁলোকৰ হাতলৈ অফুৰন্ত সুযোগ আহে। ধৈৰ্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাৰ ফলতেই তেওঁ আজি বিশ্বৰ এজন অন্যতম সফল আৰু নামজ্বলা উদ্যোগী হৈ পৰিল।
৪। "ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ'ব লাগিব?”-এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।
উত্তৰ: কথাষাৰ প্ৰীতমে সুধিছিল।
প্ৰীতমৰ প্ৰশ্নৰ উত্তৰত শিক্ষকে কৈছিল যে উদ্যোগী হ'বৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰিব ব্যক্তিজনে কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছে তাৰ ওপৰত। এখন ধাবা, গেলামালৰ দোকান বা শাক-পাচলিৰ দোকান খুলিবলৈ বিশেষ শিক্ষাগত অৰ্হতা নালাগে, ইয়াত বুদ্ধি আৰু সাধাৰণ জ্ঞানৰহে প্ৰয়োজন। কিন্তু বিউটি পাৰ্লাৰ বা গেৰেজ খুলিবলৈ সেই কামৰ কৌশল (skill) থকাটো প্ৰয়োজন। আনহাতে, বৰ্তমানৰ প্ৰযুক্তি আৰু জ্ঞান-ভিত্তিক অৰ্থনীতিত তথ্য-প্ৰযুক্তি বা স্বাস্থ্য খণ্ডত উদ্যোগ আৰম্ভ কৰিবলৈ হ'লে ইয়াৰ লগত জড়িত ডিগ্ৰী (যেনে- কম্পিউটাৰ ইঞ্জিনিয়াৰিং, MBA, MBBS আদি) থকাটো অতিকে গুৰুত্বপূৰ্ণ।
৫। "এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”-কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰ: এজন মানুহে যিকোনো এটা সৰু ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি নিজকে এজন উদ্যোগী হিচাপে পৰিচয় দিব পাৰে। ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী বা বিশাল মূলধনৰ প্ৰয়োজন নহ'বও পাৰে। সেইবাবে সাধাৰণ উদ্যোগী হোৱাটো সহজ। কিন্তু সেই ব্যৱসায়টোক আগুৱাই নি এজন 'সফল' উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰাটো যথেষ্ট কঠিন। কাৰণ সফল হ'বলৈ হ'লে মানুহৰ অপৰিসীম ধৈর্য্য, একাগ্রতা, আত্মবিশ্বাস, নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু হাৰ নমনা মনোবৃত্তি থাকিব লাগিব। প্ৰথম অৱস্থাত জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈ সকলো কাম নিজে কৰিবলৈ সাজু থাকিব লাগিব আৰু বিফলতাৰ সন্মুখীন হ'লেও পুনৰ থিয় দিয়াৰ সাহস থাকিব লাগিব। এইবোৰ গুণ সকলোৰে নাথাকে বাবেই সফল হোৱাটো সহজ নহয়।
৬। "ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”- ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অর্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা।
উত্তৰ: ধীৰুভাই আম্বানীৰ হাতত বিশাল মূলধন বা উচ্চ শিক্ষাগত অৰ্হতা নাছিল। তেওঁ কেৱল মেট্ৰিকলৈকে শিক্ষা সমাপ্ত কৰি প্ৰথমে এটা পেট্ৰ'ল ডিপোত তেল ভৰোৱা কাম কৰিছিল। কিন্তু নিজৰ কৰ্মপটুতাৰে তেওঁ সেই ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্যোগী হোৱাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। নিজৰ মূলধন নথকাৰ বাবে তেওঁ ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বিক্ৰী কৰি মুনাফা আৰ্জন কৰিলে আৰু তাৰ লাভাংশ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মুম্বাইৰ এটা সৰু ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা মাত্ৰ এখন টেবুল, তিনিখন চকী আৰু এটা টেলিফোনেৰে তেওঁ আৰম্ভ কৰা 'ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন' পৰৱৰ্তী সময়ত গৈ বিশাল 'ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ'ত পৰিণত হয়গৈ। মূলধনৰ অভাৱে তেওঁৰ আত্মবিশ্বাস আৰু ডাঙৰকৈ ভবাৰ শক্তিক কেতিয়াও বাধা দিব পৰা নাছিল।
৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?
উত্তৰ: বৰ্তমানৰ জন বিস্ফোৰণৰ যুগত সকলোৰে বাবে চৰকাৰী চাকৰি অসম্ভৱ, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে প্ৰস্তুত কৰাটো প্ৰয়োজন। ইয়াৰ বাবে শিক্ষানুষ্ঠানসমূহত (মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত) গঠন কৰা উদ্যোগী কোষ (entrepreneur cell)-সমূহে আয়োজন কৰা নিয়মিত কৰ্মশালা আৰু প্ৰশিক্ষণ আদিত ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব লাগে। লগতে চৰকাৰে আগবঢ়োৱা Startup India, মুদ্ৰা ঋণ আঁচনি আদিৰ বিষয়ে তেওঁলোকক সজাগ কৰি আত্মবিশ্বাস, সৃষ্টিশীল মন আৰু দক্ষতা বিকাশৰ যোগেদি তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰিব পৰা যায়।
৮। চমুটোকা লিখা:
উত্তৰ:
টমাচ আলভা এডিচন: এডিচন এজন বিখ্যাত বৈজ্ঞানিক আছিল। তেওঁ ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈয়ো হাৰ মনা নাছিল আৰু কৈছিল যে তেওঁ বিফল হোৱা নাই, মাত্ৰ বুজিছে যে ১০০০০ ধৰণে ই কাম নকৰে। তেওঁৰ এই ধৈৰ্য্য সফল উদ্যোগীৰ এক আদৰ্শ।
ৰাডাৰফৰ্ড: আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ সন্মুখত আলেকজেণ্ডাৰ গ্ৰাহাম বেলে নিজৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰিছিল। ৰাডাৰফৰ্ডে যন্ত্ৰটো চাই ইয়াক আচৰিত আৱিষ্কাৰ বুলি ক'লেও, ইয়াক কোনে ব্যৱহাৰ কৰিব সেই বিষয়ে সন্দেহ প্ৰকাশ কৰিছিল।
আলেকজেণ্ডাৰ গ্রাহামবেল: ১৮৭৬ খ্ৰীষ্টাব্দত এওঁ এটা যন্ত্ৰ আৱিষ্কাৰ কৰি বহুতো লোকৰ ওচৰ চাপিছিল যদিও সকলোৱে নিৰাশ কৰিছিল। পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আগত তেওঁৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰিছিল যিটো আছিল টেলিফোনৰ আৰম্ভণি।
চেষ্টাৰ কাৰ্লচন: ১৯৪০ চনত এওঁ নিজৰ আৱিষ্কাৰ ২০টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিছিল। সাত বছৰৰ পিছত ১৯৮৭ চনত হেলয়ড নামৰ কোম্পানীটোৱে তেওঁৰ স্বত্ব কিনে যিটো পিছলৈ জেৰক্স ক'ৰপৰেচন হিচাপে জনাজাত হয়।
বিল গেটচ: মাইক্ৰচফ্টৰ প্ৰতিষ্ঠাতা আৰু বিশ্ববিখ্যাত উদ্যোগী। তেওঁৰ মতে বস্তু এটা বিক্ৰী কৰাটো উদ্যোগীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কৈছিল, "দুখীয়া হৈ জন্ম হোৱাটো নিজৰ ভুল নহয়, কিন্তু দুখীয়া হৈ মৰাটো নিজৰ ভুল।"।
উইলিয়াম চেক্সপীয়েৰ: ইংৰাজী সাহিত্যৰ মহান নাট্যকাৰ। তেওঁ কৈছিল, "আমাৰ ভাগ্য (destiny) গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে”।
জুবিন গাৰ্গ: অসমৰ এজন বিখ্যাত আৰু প্ৰতিষ্ঠিত শিল্পী। তেওঁ নিজৰ কৰ্মশক্তি আৰু প্ৰতিভাৰে নিজকে প্ৰতিষ্ঠা কৰা এজন সফল উদ্যোগীৰ উদাহৰণ।
অংগৰাগ পাপন মহন্ত: পাপনো অসমৰ এজন সুপৰিচিত শিল্পী যিয়ে নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰি সফল উদ্যোগীৰ নিদৰ্শন দাঙি ধৰিছে।
ভাষা-বিষয়ক:
৯। সমার্থক শব্দ লিখাঃ
উত্তৰ:
প্ৰভাত - ৰাতিপুৱা (বা পুৱা)
কঠিন - টান (বা দুৰূহ)
এলেহুৱা - ধোদ (বা এলেহুচামেৰা)
ডাঙৰ - বিশাল (বা বৰ)
চেষ্টা - প্ৰচেষ্টা (বা যত্ন)
লগৰীয়া - বন্ধু (বা সতীৰ্থ)
লক্ষ্য - উদ্দেশ্য (বা গন্তব্য)
নিৰৱচ্ছিন্ন - অনবৰত (বা ধাৰাবাহিক)
হাবিয়াস - হেঁপাহ (বা ইচ্ছা)
সপোন - সপোন (বা সপোন-দিঠকৰ সপোন)
১০। বিপৰীতার্থক শব্দ লিখা:
উত্তৰ:
নতুন - পুৰণি
ক্ষুদ্ৰ - বিশাল (বা ডাঙৰ)
সফল - বিফল
কৰ্মহীন - কৰ্মঠ
এলেহুৱা - উদ্যোগী (বা কৰ্মী)
সহজ - কঠিন (বা টান)
সপোন - দিঠক
সুবিধা - অসুবিধা
আৰম্ভ - শেষ (বা সমাপ্ত)
জন্ম - মৃত্যু
সমান - অসমান
১১। বাক্য সাজা:
ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।
উত্তৰ:
ল'ৰা-ছোৱালী: আজিকালি ল'ৰা-ছোৱালী উভয়েই সমানে আগবাঢ়ি গৈছে।
হাত-ভৰি: চাইকেলৰ পৰা পৰি ল'ৰাটোৰ হাত-ভৰিৰ ছাল এৰাই গ'ল।
খুৱাই-বুৱাই: বিয়ালৈ অহা সকলো আলহীক খুৱাই-বুৱাই বিদায় দিয়া হ'ল।
জীৱন-জীৱিকা: মানুহে নিজৰ জীৱন-জীৱিকা নিৰ্বাহৰ বাবে দিন-ৰাতি পৰিশ্ৰম কৰে।
পা-পইচা: ব্যৱসায় এটা আৰম্ভ কৰিবলৈ হাতত অলপ পা-পইচা থকাটো প্ৰয়োজন।
১২। ভাব সম্প্ৰাসাৰণ কৰা:
(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।
উত্তৰ: যিজন ব্যক্তি পৰিশ্ৰমী, কৰ্মঠ আৰু একাগ্ৰতাৰে নিজৰ লক্ষ্যত আগবাঢ়ি যায়, তেওঁ সিংহৰ দৰে বীৰ আৰু সাহসী হয়। তেওঁ বাধা-বিঘিনিলৈ ভয় নকৰি নিজৰ কৰ্মশক্তিৰে সমাজত প্ৰতিষ্ঠা লাভ কৰে। আনহাতে যিজন ব্যক্তি এলেহুৱা, তেওঁ জীৱনত কোনো গঠনমূলক কাম কৰিব নোৱাৰে আৰু কাপুৰুষৰ দৰে পৰাজয় স্বীকাৰ কৰে। কৰ্মই মানুহক মহান কৰে আৰু এলাহ মানুহৰ পতনৰ কাৰণ।
(খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
উত্তৰ: যিডাল মূলা ভৱিষ্যতে ডাঙৰ হয়, তাৰ লক্ষণ গজালি মেলাৰ দুপাত অৱস্থাতে বুজিব পাৰি। ঠিক তেনেকৈ যিজন ব্যক্তি ভৱিষ্যতে এজন মহান বা সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব, তেওঁৰ প্ৰতিভা, ঐকান্তিকতা আৰু কৰ্মস্পৃহা শৈশৱ কালতে ফুটি উঠে। সৰুকালৰ আচাৰ-ব্যৱহাৰ আৰু গুণাৱলীয়েই ভৱিষ্যতৰ জীৱনৰ ইংগিত দিয়ে।
(গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
উত্তৰ: শিয়াল সাধাৰণতে ধূৰ্ত আৰু চিকাৰত পাকৈত। কিন্তু সি যদি একো কাম নকৰি কেৱল শুই থাকে, তেন্তে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে বা নিজৰ আহাৰ গোটাব নোৱাৰে। একেদৰে, মানুহৰ যিমানেই মেধা বা প্ৰতিভা নাথাকক কিয়, তেওঁ যদি এলাহ কৰি বহি থাকে তেন্তে কেতিয়াও জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰে। সফলতা লাভ কৰিবলৈ কৰ্মৰত হোৱাটো নিতান্তই আৱশ্যক।
১৩। লিংগ পৰিৱৰ্তন কৰা:
শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।
উত্তৰ:
শিক্ষক - শিক্ষয়িত্ৰী
ছাৰ - বাইদেউ (বা মেদাম)
ছাত্ৰ - ছাত্ৰী
পুৰুষ - নাৰী (বা মহিলা)
বন্ধু - বান্ধৱী
0 Comments