Ads banner

JE Banner Ads
Image 2

Solved Question Paper : Class 10 Science Half Yearly Exam 2024 SEBA Board (Nagaon)

Class : X
Paper : Science
District : Nagaon
Medium : Assamese
Exam : Half Yearly (2024)
Secondary Education Board of Assam


👉DOWNLOAD QUESTION.pdf

(ক-শাখা)

1. উত্তৰ : (c)
2. উত্তৰ : (c)
3. উত্তৰ : (d)
4. উত্তৰ : (c)
5. উত্তৰ : (d)
6. উত্তৰ : (c)
7. উত্তৰ : (b)
8. উত্তৰ : (c)
9. উত্তৰ : (b)
10. উত্তৰ : (b)
11. উত্তৰ : (a)
12. উত্তৰ : (b)
13. উত্তৰ : (b)
14. উত্তৰ : (a)
15. উত্তৰ : (c)
16. উত্তৰ : (b)
17. উত্তৰ : (c)
18. উত্তৰ : (b)
19. উত্তৰ : (a)
20. উত্তৰ : (c)
21. উত্তৰ : (c)
22. উত্তৰ : (a)
23. উত্তৰ : (c)
24. উত্তৰ : (a)
25. উত্তৰ : (b)
26. উত্তৰ : (c)
27. উত্তৰ : (a)
28. উত্তৰ : (c)
29. উত্তৰ : (a)
30. উত্তৰ : (c)
31. উত্তৰ : (b)
32. উত্তৰ : (d)
33. উত্তৰ : (a)
34. উত্তৰ : (c)
35. উত্তৰ : (c)
36. উত্তৰ : (b)
37. উত্তৰ : (c)
38. উত্তৰ : (b)
39. উত্তৰ : (c)
40. উত্তৰ : (a)
41. উত্তৰ : (b)
42. উত্তৰ : (d)
43. উত্তৰ : (b)
44. উত্তৰ : (b)
45. উত্তৰ : (a)

(খ-শাখা)

1. এটা ৰঙা-মূগা বৰণীয়া ধাতু 'X' ক বায়ুত উত্তপ্ত কৰিলে এটা ক'লা যৌগ 'Y' পোৱা যায়। 'Y' ক H₂ গেছৰ উপস্থিতিত উত্তপ্ত কৰিলে পুনৰ 'X' পোৱা যায়।
i) ('X' আৰু 'Y' চিনাক্ত কৰা)
ii) ('X' ক পুনৰ ঘূৰাই পোৱা ৰাসায়নিক বিক্রিয়াটো লিখি সমতুল কৰা)

উত্তৰ :
i)
X → Cu
Y → CuO
ii)
ৰাসায়নিক বিক্রিয়াটো :
CuO + H₂ → Cu + H₂O

2. Na₂So₄ (aq) + BaCl₂ (aq) → BaSO₄ (s) + 2NaCl(aq)

i) উপৰোক্ত বিক্ৰিয়াটোৰ প্ৰকাৰ কি?
ii) এই বিক্রিয়াটোক কিয় অধঃক্ষেপন বিক্রিয়া বুলিও জনা যায়। তোমাৰ উত্তৰ সাপেক্ষে যুক্তি দিয়া।

উত্তৰ :
i) দ্বিঅপসৰণ বিক্ৰিয়া।
ii) কাৰণ— So₄²⁻ আৰু Ba²⁺ ৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাৱ্য BaSO₄ ৰ বগা অধঃক্ষেপ উৎপন্ন হয়।

3. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়াম ফিটা লোৱা হ'ল। পৰীক্ষানল A ত হাইড্ৰ'ক্লৰিক এছিড (HCI) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ'ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমানেই লোৱা হৈছে। কোনটো পৰীক্ষানলীত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয় ?
উত্তৰ :
∵ HCL এটা তীব্ৰ এছিড আৰু CH₃COOH এটা মৃদু এছিড, সেয়ে পৰীক্ষানল Aত বেছি বেগেৰে বুৰবুৰনি ওলাব।

4. এজন স্কুলীয়া ছাত্ৰই এটা শুকান আৰু পৰিষ্কাৰ পৰীক্ষানলীত 1g. NaCl লৈ তাত গাঢ় H₂SO₄ যোগ কৰিলে—
i) নির্গমন নলীয়েদি কোনো গেছ নিৰ্গত হৈছেনে?
ii) যদি হৈছে, গেছটো কি?
iii) নির্গমন নলীয়েদি নিৰ্গত হোৱা গেছটোক শুকান আৰু সিক্ত লিটমাছ কাগজেৰে সি পৰীক্ষা কৰিলে কোনটো ক্ষেত্ৰত লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন ঘটিছে আৰু কিয়?

উত্তৰ :
i) হয়।
ii) গেছটো : HCL
iii) সিক্ত লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন ঘটিব।
কাৰণ— HCL এছিড আৰু এছিডে কেৱল পানীৰ উপস্থিতিত H₃O⁺/H⁺ আয়ন উৎপন্ন কৰে।

শুকান HCl গেছে কোনো আয়ন উৎপন্ন নকৰে। আয়নৰ অনুপস্থিতিৰ বাবে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটে।

5. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি?
উত্তৰ :
ক) কেৱল কেলছিয়াম পর্যন্তহে প্রযোজ্য।
খ) প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল।
গ) ধর্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তর্ভুক্ত কৰিছে।

6. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7
i) মৌলটোৰ নাম আৰু পৰমাণৱিক সংখ্যা কি ?
ii) মৌলটো ধাতু নে অধাতু?
iii) মৌলটো কেনেধৰণৰ আয়ন উৎপন্ন কৰে?

উত্তৰ :
i) মৌলটোৰ নাম → ক্লৰিণ।
পৰমাণৱিক সংখ্যা → 17
ii) মৌলটো অধাতু।
iii) Cl⁻ আয়ন উৎপন্ন কৰে।

7. সালোক সংশ্লেষণত প্রয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?
উত্তৰ :
(i) পানী : উদ্ভিেদ মাটিৰ পৰা মূলেৰে শোষণ কৰে।
(ii) কার্বন ডাই-অক্সাইড : বায়ুমণ্ডলৰ পৰা পায়।
(iii) সূৰ্যৰশ্মি : সূৰ্যৰ পৰা পায়।

8. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন ৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?
উত্তৰ :
কাম :
গ্ৰাহক অংগসমূহে স্নায়ুকোষৰ সহায়ত পৰিবেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ গ্ৰহণ কৰি মস্তিস্কলৈ প্ৰেৰণ কৰে।

কাম নকৰিলে :
আমি পৰিবেশৰ উত্তেজনাসমূহ অনুভৱ কৰিব নোৱাৰিম।

সমস্যা :
আমি স্বাদ অনুভৱ কৰিব নোৱাৰিম। ই শৰীৰৰ কাৰণে অপকাৰি হ’ব পাৰে।

9. আৰ্জিত চৰিত্ৰ বুলিলে কি বুজা ? জীৱনৰ জীৱনকালত আৰ্জিত চৰিত্ৰ বিলাক তাৰ সতি-সন্ততিলৈ কিয় বংশানুক্রমে প্রবাহিত নহয় ?
উত্তৰ :
আৰ্জিত চৰিত্ৰ : জীৱন-কালৰ অভিজ্ঞতাৰ দ্বাৰা কোনো জীৱই লাভ কৰা লক্ষণসমূহক আর্জিত লক্ষণ বা চৰিত্ৰ বোলে।

বংশানুক্রমে প্রবাহিত নহয় কাৰণ— আৰ্জিত চৰিত্ৰবিলাকে জীৱবিলাকৰ জনন কোষত থকা জিনবিলাকৰ কোনো সাল-সলনি ঘটাব নোৱাৰে।

10. ৰাহুলে 40 cm ফকাচদৈৰ্ঘ্যৰ অভিসাৰী দাপোন এখন ব্যৱহাৰ কৰি এটা থিয় প্ৰতিবিম্ব গঠন কৰিব বিচাৰিলে ।
a) দাপোনৰ সম্মুখত কোনটো পৰিসৰত লক্ষ্যবস্তুটো ৰাখিব লাগিব উল্লেখ কৰা ।
b) এই ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিবিম্বৰ এটা ৰশ্মি চিত্র অংকন কৰা ।

উত্তৰ :
a) দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ P আৰু F ৰ মাজত হ'ব।
b) চিত্ৰ :

Note :
অৱতল দাপোনক অভিসাৰী আৰু উত্তল দাপোনক অপসাৰী দাপোণ। বুলি কোৱা হয়।

11. ত্রিভুজাকাৰ গ্লাছ প্রিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ ৰশ্মি চিত্র অংকন কৰা ।
উত্তৰ :
চিত্ৰ :


12. অসমত বৃহত নদীবান্ধৰ অসুবিধাসমূহ কি কি?
উত্তৰ :
(i) সামাজিক সমস্যা :
কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰিত কৰা হয় আৰু যথোপযুক্ত ক্ষতিপূৰ্ণ নাইবা পুনঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে ।
(ii) অর্থনৈতিক সমস্যা :
যথেষ্ট অৰ্থৰ আৱশ্যক হয়। উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণৰ অৰ্থনৈতিকভাৱে ক্ষতি হয়।
(iii) পৰিবেশ সমস্যা :
যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে ইয়াৰ প্ৰচুৰ জৈৱবৈচিত্ৰ্যৰ জীৱনলৈ ভাবুকি নামি আহে ।

13. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
উত্তৰ :
i) নিউক্লীয় শক্তি
ii) জীৱাশ্ম ইন্ধন

পছন্দৰ কাৰণ :
এই শক্তিৰ উৎসসমূহ নিৰৱচ্ছিন্ন ব্যৱহাৰৰ ফলত এদিন ইহঁত পৃথিৱীৰ খোলাৰ পৰা শেষ হৈ যাব।

14. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা।
উত্তৰ : শক্তিৰ বৰ্দ্ধিত চাহিদাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ হ'ল—
(i) পৰিৱেশৰ সমতা বিনষ্ট হৈছে।
(ii) পৰিৱেশক অত্যধিক প্ৰদূষিত কৰিছো।

শক্তিৰ ব্যৱহাৰ কমাবলৈ গ্ৰহণ কৰিবলগীয়া কেইটামান পদক্ষেপ হ'ল—
(i) জনসংখ্যা নিয়ন্ত্রণ।
(ii) শক্তিৰ অপব্যৱহাৰ ৰোধ কৰা।
(iii) প্রতিজন ব্যক্তিয়ে শিক্ষিত, সচেতন আৰু সজাগ হোৱাটো দৰকাৰী যাতে আমাৰ প্ৰয়োজনতহে আমি শক্তিৰ ব্যৱহাৰ কৰা।

15. মানুহৰ হৃদপিণ্ডৰ এটি পৰিস্কাৰ চিহ্নিত দৈর্ঘ্যচ্ছেদৰ ছবি আঁকা আৰু কাড় চিনৰ দ্বাৰা ইয়াৰ মাজেৰে প্ৰবাহিত হোৱা ৰক্ত প্রবাহৰ দিশ দেখুওৱা। অলিন্দ আৰু নিলয়ৰ মাজৰ কপাটবোৰৰ গুৰুত্ব ব্যক্ত কৰা।
উত্তৰ :
হৃদপিণ্ডৰ ছবি :

অলিন্দ : ই হৃদপিণ্ডৰ ওপৰৰ দুটা কোঠালী, য'ত তেজ প্ৰৱাহিত হয়।
ক) বাঁও অলিন্দ : অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ বাঁও কোঠালীত যায়। ইয়াক বাঁও অলিন্দ বোলে।
খ) সোঁ অলিন্দ : অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ কোঠালীত যায়। ইয়াক সোঁ অলিন্দ বোলে।

নিলয় : ই হৃদপিণ্ডৰ তলৰ দুটা কোঠালী, য'ৰ পৰা তেজ দেহৰ বিভিন্ন অংশলৈ প্ৰৱাহিত হয়।
ক) বাওঁ নিলয় : বাঁও অলিন্দৰ পৰা অহা তেজ বাওঁ নিলয়ে দেহৰ বিভিন্ন অংশলৈ প্ৰৱাহিত কৰে।
খ) সোঁ নিলয় : সোঁ অলিন্দৰ পৰা অহা তেজ সোঁ নিলয়ে হাওঁফাওঁলৈ প্ৰৱাহিত কৰে।

16. মানব মস্তিস্কৰ বিভিন্ন অংশসমূহ কি কি? মানব মস্তিস্কৰ আটাইতকৈ সৰু অংশটো কি? মগজুৰ কোন অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
উত্তৰ :
মানব মস্তিস্কৰ বিভিন্ন অংশসমূহ—
ক) প্রমস্তিস্ক (fore brain),
খ) মধ্য মস্তিস্ক (mid brain) আৰু
গ) পশ্চাৎ মস্তিস্ক (hind brain)।

আটাইতকৈ সৰু অংশটো— হাইপ'থেলামাছ।

চেৰিবেলাম অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।

17. 2 cm উচ্চতাৰ বস্তু এটা 10 cm ফ'কাচদৈর্ঘ্যৰ উত্তল লেনছ এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল। লেন্‌ছৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 cm হ'লে প্রতিবিম্বৰ অবস্থান, প্রকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।
উত্তৰ : দিয়া আছে,
h=2cm
f=10cm
u=-15cm
v=?
m=?
h'=?
∵ (1/v)-(1/u)=1/f
1/v=1/f+1/u
1/v=1/10+(1/-15)
1/v=1/10-1/15
1/v=(3-2)/30
1/v=1/30
v=30cm

∵ m=h'/h=v/u
m=v/u
m=30/-15
m=-2cm

∵ m ৰ মান (-)
∴ প্ৰকৃতি সৎ।

∵ m=h'/h=v/u
m=h'/h
h'/h=m
h'=m×h
h'=-2×2
h'=-4cm

অথবা

30 cm ভাঁজব্যসার্দ্ধৰ উত্তল দাপোন এখনৰ সম্মুখত 20 cm দূৰত্বত 5 cm দৈর্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অবস্থান প্রকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।
উত্তৰ : দিয়া আছে,
R=30cm
u=-20cm
h=5cm
v=?
m=?
h'=?
∵ R=2f
2f=R
f=R/2
f=30/2
f=15cm

∵ (1/v) + (1/u) = 1/f
1/v=1/f-1/u
1/v=1/15-(1/-20)
1/v=1/15+1/20
1/v=(4+3)/60
1/v=7/60
v=60/7
v=8.57cm

∵ m = h'/h = -v/u
m=-v/u
m=(-60/7)/-20
m=60/7×1/20
m=3/7

∵ m ৰ মান (+)
∴ প্ৰকৃতি অসৎ।

m = h'/h = -v/u
m=h'/h
h'=m×h
h'=3/7×5
h'=15/7
h'=2.14cm

18. প্রজাতিকৰণ বুলিলে কি বুজা? নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহনা যোগায়?
উত্তৰ :
প্রজাতিকৰণ : দীৰ্ঘ সময় ধৰি প্ৰকাৰণৰ সঞ্চয়ৰ ফলত কোনো এটা জীৱৰ প্ৰজাতিৰ পৰা আন এটা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিকৰণ (speciation) বোলে।

উপাদান :
i) ভৌগোলিক পৃথকীকৰণ।
ii) প্ৰাকৃতিক নিৰ্বাচন।
iii) জিনীয় পথচ্যুত।

19. বায়ুমণ্ডলৰ মাজেৰে পোহৰ পাৰ হৈ যাওঁতে বেঁকা হোৱা এটা পৰিঘটনা হৈছে বায়ুমণ্ডলীয় প্ৰতিসৰণ। যিমানে আমি পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈ গতি কৰো তেতিয়া বায়ুৰ ঘনত্ব ক্রমান্বয়ে হ্রাস পায়। কিছুমান স্থানীয় অৱস্থা যেনে উষ্ণতা আদিয়েও পৃথিৱীৰ বায়ুমণ্ডলৰ ঘনত্বৰ ওপৰত প্ৰভাৱ পেলায়। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবেই তৰাক তাৰ প্ৰকৃত অৱস্থানৰ পৰা কিছু ওপৰত দেখা, অগ্রিম সূৰ্য্যোদয়, পলম সূৰ্য্যাস্ত হোৱা, সূর্যোদয় আৰু সূৰ্য্যাস্তৰ সময়ত সূৰ্য্যৰ চাকটো আপাতভাৱে চেপেটা দেখা, তৰাৰ তিৰবিৰণি আদি পৰিঘটনাসমূহ পৰিলক্ষিত হয়।

ওপৰৰ ঘটনাটো অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা ?
i) কোনটো পৰিঘটনাৰ বাবে তৰাক তাৰ প্ৰকৃত অৱস্থানৰ পৰা ওপৰত দেখা যায়?

উত্তৰ : বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে।

ii) বায়ুমণ্ডলৰ অনুপস্থিতিত আকাশৰ ৰং কেনেকুৱা হ'ব?
উত্তৰ : কলা।

iii) বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে এটা দিনৰ আপাত দৈর্ঘ্য
a) বাঢ়ে
b) কমে
c) একে থাকে
d) ওপৰৰ আটাইকেইটা

উত্তৰ : a) বাঢ়ে


Updated on 19th November 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments